৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

লেখকঃ যুগল লোচন দাস • প্ৰকাশিতঃ ৩০ জুন, ২০২৪
৬ মিনিট পঠন • ৪৩৭১ বাৰ পঢ়া হৈছে
কেৰেবিয়ান সাগৰত নীলাভ ছুনামি
ডাঙৰকৈ চাওক (Zoom)

 যুগললোচন দাস

সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ সেউজীয়া কেনভাছত নীলা জাৰ্ছীৰ আধিপত্য৷ মেন ইন ব্লু টীম ইণ্ডিয়া৷ বাৰ্বাডোজৰ শনিবাৰৰ ফৰকাল বতৰ৷ হয়তো এখন শিহৰণকাৰী ক্ৰিকেট মেচ উপভোগ কৰিবলৈ ডাৱৰ ফালি বেলিটিয়েও ভুমুকি মাৰিছিল৷

টি- ২০ বিশ্বকাপ ক্ৰিকেটৰ খিতাপ যুদ্ধ৷ বিশ্বৰ সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ বাৰ্বাডোজত৷ ১৪০ কোটি ভাৰতীয়ৰ প্ৰাৰ্থনা- অন্তিম যুঁজত নিজৰ দলটোৰ ব্যৰ্থতাৰ শিকলিডাল চূৰ্ণ হ’ব লাগে৷ 

এক মায়াময় পৰিৱেশ৷ ঘনে ঘনে সলনি হোৱা চিত্ৰনাট্যৰ শ্বাসৰুদ্ধকৰ নাটকীয়তা৷ উথান-পতনত অস্থিৰ বুকুৰ স্পন্দন৷ চৰম বিন্দুত উৎকণ্ঠাৰ শ্বাস-প্ৰশ্বাস৷ বিস্ফাৰিত পলকবিহীন নেত্ৰযুগল৷ 

বগা বলটোৱেও জনা নাছিল কোন পক্ষৰ হাতৰ মুঠিত সোমাব- ভাৰত নে দক্ষিণ আফ্ৰিকাৰ...? দুয়োটা দলেই দুৰ্দান্ত৷ এফালে ৰোহিত, কোহলি, সূৰ্যকুমাৰ, পন্ত আৰু আনফালে কুইণ্টন, মাৰ্কৰাম, মিলাৰ, ক্লাছেনৰ জোৰদাৰ প্ৰহাৰ সহ্য কৰাটো যে কঠিন হ’ব, যুঁজৰ আগতেই বুজিছিল৷ বতাহতেই বেছি সময় ওপঙি ফুৰি গেলেৰীৰ দৰ্শকৰ কোলাত পৰাৰ বাবেও নিজকে প্ৰস্তুত কৰি ৰাখিছিল৷ ২০- ২০ অভাৰ৷ বিষাক্ত বলবোৰ বিষহীন কৰাৰ আকাংক্ষাত এইকেইজন বেটাৰ হৈ আছিল উন্মাদপ্ৰায়৷ তথাপি প্ৰত্যেকৰে প্ৰহাৰ সহ্য কৰি যুঁজখন উপভোগ্য কৰি তোলাৰেই লক্ষ্য বলটোৰ৷ কেৰিবিয়ান ভূমিৰ উইকেট সদায় ফাষ্ট বলিঙৰ সহায়ক৷ ভয়াৱহ হ’লেও কোন কেতিয়া ৰণত পৰি যায়, ভগৱানেও ক’ব নোৱাৰে৷ 

বিজয়ৰ স্পৃহাত আতুৰ উভয় স্কোৱাড৷ ৰোহিত বাহিনীৰ পৰাজয় ধাৰাৰ পৰা শাপমুক্ত হোৱাৰ চিন্তা৷ মাৰ্কৰাম বাহিনীৰ ‘ছকাৰ্ছ’ অপবাদৰ পৰা মুক্তিলাভৰ হাবিয়াস৷ আই চি চি টুৰ্ণামেণ্টৰ কোনো ফাইনেলত প্ৰথম উপনীত হোৱাৰ সুযোগ এনেয়ে এৰি নিদিয়ে দক্ষিণ আফ্ৰিকাই৷ আনহাতে সুদীৰ্ঘ ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপৰ ফাইনেলত উঠিছে টীম ইণ্ডিয়া৷ সুযোগ এৰি দিয়ে কেনেকৈ৷ তাতে সাত মাহৰ ব্যৱধানত দুখনকৈ বিশ্বকাপৰ ফাইনেলত ব্যৰ্থ হ’ব নেকি! এইবাৰ বিজয়ী হ’ব নোৱাৰিলে দেশবাসীয়ে ক্ষমা নকৰে৷ এক ৰোমাঞ্চকৰ ফাইনেলৰ নিটোল চিত্ৰনাট্য প্ৰস্তুত হ’ল ২০২৪-ৰ টি-২০ বিশ্বকাপত  দুটা অপ্ৰতিৰোধ্য দলৰ ৷ 

ছন্দপতনেৰে আৰম্ভ ভাৰতীয় ইনিংছ৷ ৰাৱাডা, জানছেন, নৰ্কিয়া, মহাৰাজৰ মিলিত আক্ৰমণত হিটমেন ৰোহিত (৯), ঋষভ (০), সূৰ্য (৩)ৰ আগতীয়া বিদায়ত সন্ত্ৰষ্ট হৈ পৰিল টীম ইণ্ডিয়া৷ আৰম্ভণিৰ পৰাই টুৰ্ণামেণ্টত মৌন হৈ আছিল কিং কোহলিৰ ৰাণক্ষুধাতুৰ বেটখন৷ কিন্তু সঠিক সময়ত দুৰ্দান্তৰূপ ধাৰণ৷ বিৰাটেও জানে নিজৰ দায়িত্ব৷ কেৰিয়াৰৰ অন্তিম সময়ত এফেৰি যুঁজাৰ হাবিয়াস৷ সতীৰ্থ অক্ষয় (৪৭) আৰু শিৱমৰ (২৭) যোগ্য সহযোগত কোহলিৰ বেটৰ পৰা অহা ৭৬ ৰানৰ দমনীয় ইনিংছটোৱেই আশা- সাহস হৈ পৰিল৷ বিপৰ্যয়ৰ পিছত মূৰ তুলি ভাৰতে ৭ উইকেটত ১৭৬ কৰি  ১৭৭ ৰানৰ প্ৰত্যাহ্বান দিলে প্ৰতিপক্ষক৷ 

দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰাৰ দায়িত্ব এইবাৰ বুমৰাহ, অৰ্শদীপ, কুলদীপ, হাৰ্দিক, অক্ষয়ৰ হাতত৷


আৰম্ভণিতেই সফলতা৷ হেনড্ৰিকছ ( ৪) আৰু মাৰ্কৰাম (৪) ৰণত পৰিল৷ পিছে হতাশ নহ’ল দক্ষিণ আফ্ৰিকা৷ যুঁজ দি উভতি গ’ল কুইণ্টনো (৩৯)৷ সেই সময়তো দক্ষিণ আফ্ৰিকাৰ হাতত আছে দুই প্ৰধান অস্ত্ৰ ক্লাছেন আৰু মিলাৰ৷ যি কোনো পৰিস্থিতিতে মেচৰ ৰং সলনি কৰিব পৰা ক্ষমতাৰ অধিকাৰী৷ বুমৰাহহঁতক ভালকৈ এসেকা দিম বুলিয়েই অৱতীৰ্ণ মৰণপণ হৈ পৰা যুঁজখনত৷ 

বগা বলটোৰ পৰিত্ৰাণ হেৰাল৷ ঘনে ঘনে বুলেটৰ গতিৰে ধাৱমান৷ সীমাৰেখাত চুম্বন৷ আকাশী পথৰ যেন একোখন জেটবিমান৷ ভাৰতীয় বলাৰৰ গোলাবোৰ ভোটা কৰাত ব্যস্ত মিলাৰ-ক্লাছেন৷ নীলাভ ছুনামি মাৰ যাওঁ যাওঁ৷ ৩০ বলত ৩০ ৰান প্ৰয়োজন৷ খৰকৈ কমি আহিছে ব্যৱধান৷ এক শ্বাসৰুদ্ধকৰ নাটক৷ অন্তিম মুহূৰ্তলৈ যুঁজাৰ বাবে উন্মাদ দুয়ো বাহিনী৷ স্টাব্ছৰ (৩১) বিদায়ৰ পাছত ক্লাছেনক (৫২) ৰণত পেলালে হাৰ্দিকে৷ টাৰ্নিং পইণ্ট সেইটোৱেই৷ আকৌ নীলাভ ছুনামি উঠিল গেলাৰীত৷ দক্ষিণ আফ্ৰিকাৰ সপক্ষে যোৱা চিত্ৰনাট্যৰ পট সলনি হৈ গ’ল৷ 

অন্তিম ৬ বলত ১৬ ৰাণ লাগে৷ অসম্ভৱ বুলি একো কথা নাই৷ মিলাৰৰ উইকেট অক্ষত তেতিয়াও৷ বলটোৱে তেতিয়া মিলাৰ প্ৰহাৰত আশ্বস্ত হৈছিল যে জয় দক্ষিণ আফ্ৰিকাৰেই৷ হাৰ্দিকৰ প্ৰথমটো বল৷ মিলাৰৰ আকাশলংঘী শ্বট৷ আকাশৰ পৰাই বাৰ্বাডোজ চহৰৰ দৃশ্য উপভোগ কৰি সোঁ সোঁৱাই সীমাৰেখাৰ বাহিৰলৈ নামি আহিল...৷ কিন্তু ই কি...!  অবিশ্বাস্য....! সীমাৰেখাৰ কাষতে অৱস্থান লোৱা সূৰ্যৰ হাতৰ মুঠিত পৰি আকৌ আকাশলৈ উঠিল....৷ সীমাৰ বাহিৰলৈ গৈ ভাৰসাম্য ৰক্ষা কৰি সূৰ্য পুনৰ সীমাৰ ভিতৰলৈ জঁপিয়াই বলটো মুঠিবন্দী কৰিলে৷ ২১ ৰানত মিলাৰৰ বিদায়! বিশ্বাস কৰিবলৈকে কঠিন এই অবিশ্বাস্য কেট্ছ৷ পেভেলিয়নমুখী মিলাৰলৈ চাই বলটোৱে ভাবিছিল- মইতো বাউণ্ডেৰীৰ পাৰ হ’ম বুলিয়েই নিশ্চিত আছিলোঁ৷ কিন্তু সূৰ্যকুমাৰে যে চিলনীৰ দৰে উৰি থপিয়াই নিবহি, কল্পনাও নহৈছিল৷

নীলাভ ছুনামিত সমগ্ৰ বিশ্ব বুৰ গৈছে৷ জয় নিশ্চিত হৈছিল ভাৰতৰ৷ ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰাণত থমকি ৰ’ল দক্ষিণ আফ্ৰিকা৷ হাৰ্দিক (৩ উইকেট), বুমৰাহ( ২ উইকেট) আৰু অৰ্শদীপৰ (২ উইকেট) সন্মিলিত বলিং আক্ৰমণত ৭ ৰানত শ্বাসৰুদ্ধকৰ, চমকপ্ৰদ, শিহৰণকাৰী, নান্দনিক বিজয় ৰোহিত বাহিনীৰ৷ পৰাজয়ৰ শাপমুক্তৰ এক মধুৰ যৱনিকা৷

এয়াই ক্ৰিকেটৰ ৰোমাঞ্চ, শিহৰণ আৰু উৎকণ্ঠা৷ দুৰ্ভাগ্যৰ শৃংখলৰপৰা মুক্ত নহ’ল দক্ষিণ আফ্ৰিকা৷  ব্যৰ্থতাৰ ধাৰা ভংগ হ’ল টীম ইণ্ডিয়াৰ৷ ধন্য ভাৰত৷ দেশৰ বিজয়ত আমিও গৰ্বিত৷

য
লেখকৰ পৰিচয়

যুগল লোচন দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)