‘অন্যযুগ’ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী৷ যোৰহাটৰ ‘চিন্তাশিল্প প্ৰকাশনে’ প্ৰকাশ কৰা আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ পাইছিল ২০১৮ চনৰ জানুৱাৰী মাহত৷ প্ৰতিষ্ঠাপক সম্পাদক আছিল ড॰ বসন্তকুমাৰ গোস্বামী৷ ‘নবীন-প্ৰৱীণৰ চিন্তা-চেতনাৰে সমৃদ্ধ’ অন্যযুগ প্ৰথমে ছপাৰূপত প্ৰকাশ পাইছিল যদিও ২০২০ চনৰ ক’ভিডকালিন পৰিস্থিতিত সংকটৰ মুখামুখি হয় আৰু সেই বছৰৰে এপ্ৰিল মাহৰপৰা অনলাইন প্লেটফৰ্মত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰা হয়৷ ২০২০ চনৰে জুলাই সংখ্যাৰপৰা আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে ঔপন্যাসিক তথা সমালোচক ড॰ মৃদুল শৰ্মাই৷ অন্যযুগৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব বহন কৰি আহিছে ৰঞ্জুমণি মহন্তই৷ ঘাইকৈ সাহিত্য, বিজ্ঞান, ইতিহাস, পৰিৱেশ-পাৰিপাশ্বিৰ্কতা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ প্ৰকাশত গুৰুত্ব আৰোপ কৰা আলোচনীখনে শিশু আৰু কিশোৰৰ মনস্তাত্ত্বিক বিকাশৰ দিশটোতো সমানে গুৰুত্ব দিবলৈ যত্ন কৰি আহিছে৷ ‘বিজ্ঞান’, ‘অৰ্থনীতি’, ‘কবি নীলমণি ফুকন’ আদি পৃথক পৃথক বিষয়ক কেন্দ্ৰীয় ভাবনা হিচাপে লৈ ইতিমধ্যে অন্যযুগে কেইবাটাও বিশেষ সংখ্যা প্ৰকাশ কৰিছে৷
জে’মছ জয়ছৰ ‘যুলিছিছ’ আৰু টি এছ এ’লিয়টৰ ‘দ ৱে’ষ্টলেণ্ড’ৰ প্ৰকাশৰ শতবৰ্ষ পূৰণ হোৱা উপলক্ষ্যে অন্যযুগে বিশেষ সংখ্যা প্ৰকাশ কৰিছিল৷ আলোচনীখনে ইতিমধ্যে অসমীয়া সাহিত্যৰ জগতলৈ যথেষ্ট সংখ্যক প্ৰতিশ্ৰুতিসম্পন্ন নতুন লেখক-লেখিকাক আগ বঢ়াই দিবলৈ সক্ষম হৈছে৷ চিন্তাশিল্প প্ৰকাশনৰ হৈ অন্যযুগৰ ব্যৱস্থাপনাৰ দায়িত্ব পালন কৰি আহিছে অচিন্ত্য কুমাৰ মহন্তই৷