ৰত্না ভৰালী তালুকদাৰ
যোৱা ১৬ আক্টোবৰ, ২০২৬ নিশা প্ৰায় ১১.৩০ বজাত আমাৰ মৰমৰ ভাতৃ মাজুলীৰ বিশিষ্ট উদ্যোগী ইন্দুকল্প ভৰালীৰ (জিণ্টু) মৃত্যু হয়৷ এই মৃত্যু আকস্মিক নাছিল৷ ২০২৫ চনৰ ৯ জুন তাৰিখে ভাইটিৰ অতি বিৰল মগজুৰ Glioblastoma Grade 4 কৰ্কটৰোগৰ টিউমাৰৰ অপাৰেশ্বনৰ কেইদিনমানৰ পাছতেই আমি সেই অমোঘ পৰিণতিৰ বিষয়ে সাজু হ’ব লগা হৈছিল৷ এই ৰোগ ইমান বিৰল যে, পৰ্যাপ্ত গৱেষণা পৰ্যন্ত পাবলৈ কঠিন৷
***
১৭ অক্টোবৰৰ পুৱা আমি গুৱাহাটীৰপৰা মাজুলীলৈ ৰাওণা হ’লোঁ৷ সেই সময়তেই মাজুলীৰেই বিশিষ্ট সাহিত্যিক জুৰী বৰা বৰগোহাঞিয়ে মোলৈ ফোন কৰে৷ তেওঁকো তেওঁৰ ভাতৃ দীপু বৰাই পুৱাতেই খবৰটো জনাইছিল৷ এই বিষয়ে জুৰী বৰা বৰগোহাঞিয়ে সামাজিক মাধ্যমতো এটা লেখা লিখে৷ ঠিক সেই সময়ৰে পৰাই লেখক-সাহিত্যিক-নাট্যশিল্পী-সাংবাদিক-শিক্ষাগুৰু-নাৰী সংগঠনৰ সদস্য আৰু স্কুলীয়া বন্ধুবৰ্গকে ধৰি অসংখ্যজনে ফোন কৰি আৰু ফোনত বাৰ্তা প্ৰেৰণ কৰি সমবেদনা জ্ঞাপন কৰে৷ বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ অৰূপা পটংগীয়া কলিতা বাইদেউ আৰু কলেজৰ শিক্ষাগুৰু আইনু বাইদেউৰ (ড০ উপলা বৰুৱা)-ৰপৰা আৰম্ভ কৰি তৰুণ প্ৰজন্মৰ কবি-গল্পকাৰলৈকে অলেখেই শোক-বাৰ্তাৰে সমবেদনা জ্ঞাপন কৰে৷ পৰিয়ালৰ এক মৰ্মন্তুদ আঘাত আৰু আৱেগৰ ধামখুমিয়াত অত্যন্ত যান্ত্ৰিকভাৱেই হয়তোবা সকলোকে সঁহাৰি দি গৈছিলোঁ৷ ইন্দুকল্প ভৰালী যে জন্মসূত্ৰে মোৰ জৈৱিক ভাতৃ, সেই বিষয়ে বহুতে নাজানিছিল৷ খুব কম সংখ্যকে ভাইটিৰ মগজুৰ বিৰল কৰ্কটৰোগৰ বিষয়ে গম পাইছিল যদিও, সেইজনেই যে মাজুলীৰ উদ্যোগী ইন্দুকল্প, সেই কথা গম পোৱা নাছিল৷ জুৰী বৰা বৰগোহাঞিয়ে তেওঁৰ লেখাটোত আমাৰ সম্পৰ্কৰ বিষয়ে লিখা বাবেহে সকলোৱে এই সংযোগটো ধৰিব পাৰিলে৷
সন্ধিয়া ঘৰ পাই আৱেগবিহ্বল পৰিৱেশত একো কথাই মগজুত নোসোমাল৷ কিন্তু পাছদিনা পুৱাই এটা কথা ভাবিবলৈ বাধ্য হৈ পৰিলোঁ যে, এজন উদ্যোগীৰ মৃত্যুৱে ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ লোকক শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ কিদৰে প্ৰেৰিত কৰিছে! এই উত্তৰ বিচাৰি পাবলৈ সৰহ সময় লগা লাছিল৷ ভাইটি জিন্তুৱে মাজুলীৰ অতি প্ৰতিকূল পৰিৱেশত উদ্যোগ আৰু গ্ৰাম্য-অৰ্থনীতিক এক অতুল্য সৃষ্টিশীল পৰ্যায়লৈ লৈ গৈছিল, বিনিময়ত একো নিবিচৰাকৈয়ে৷ এয়াই আছিল ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ মানুহ আৱেগিক হৈ পৰাৰ মূল কাৰক৷
ব্যৱসায়ৰ ক্ষেত্ৰখনত অতি উদ্ভাৱনীৰ পৰিচয় দিব পাৰিছিল সি৷ কিন্তু বাৰীৰ চুকৰ এলাগী ভীমকলজোপাৰে ‘ভীম ভিটা’ৰ সফলতাৰ সাধু (success story) টোৰ মাজেৰে সি যিধৰণৰ উদ্ভাৱনীৰ পৰিচয় দিবলৈ সক্ষম হৈছিল, সি আছিল সকলোতকৈ অনন্য৷
***
১৯৭৩ চনৰ ১০ মাৰ্চত ভাইটিৰ জন্ম হয়৷ সময়তকৈ আগতেই৷ মায়ে কোৱামতে জন্মতে সি আছিল এটা সাতমহীয়া কেঁচুৱা, আঠিয়াকল এটাৰ সমান৷ উমাল কাপোৰত ভৰাই থৈ ডাঙৰ কৰিবলগীয়া হৈছিল৷ সৰুৰেপৰাই অতি স্বাধীন, নিজে সিন্ধান্ত লোৱা, সকলো কাম নিয়াৰিকৈ কৰাৰ এটা উদ্যোগী মন আছিল৷ সৰুতেই দেউতাক কৈ দিছিল, বেছি পঢ়া-শুনা নকৰে৷ ব্যৱসায় কৰিব৷ মনত পৰে, দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতে চাইকেলৰ হাফ পেডেল মাৰি কমলাবাৰী চাৰিআলিলৈ চুলি কটাবলৈ গৈছিল৷ মায়ে চুলি কটাৰ বাবদ তিনি টকা দিছিল৷ দুটকাৰে চুলি কাটি বাকী এটা টকাৰে মাছৰ বজাৰৰপৰা বিৰিণা ঠাৰি এডালত চিলাই চৈধ্যটা কাৱৈ মাছ কিনি ঘৰলৈ লৈ উভতিছিল৷ পিছে, মাছৰ বজাৰত সোমোৱা বুলি জানিলে ঘৰত কোব খাব বুলি গম পাই গাৱঁৰে এগৰাকী মহিলাৰ হাতত মাছখিনি ঘৰলৈ দি বহু পাছত লাহেকৈ ঘৰ সোমাইছিলহি৷ তেতিয়ালৈ অৱশ্যে মাৰ খং মাৰ গৈছিল৷
আমাৰ দেউতা মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল৷ মা নিজে পতা এম. ই. স্কুলৰ শিক্ষক৷ দেউতাৰ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ তিনিদিনীয়া অনুষ্ঠানত সি প্ৰথমবাৰৰ বাবে তিওৱা বুট-মগু-তামোল-পাণৰ দোকান দি ব্যৱসায়ৰ হাতেখড়ি শিকিছিল৷ সেয়াই আছিল ব্যৱসায়িক লাভ আৰু লোকচানৰ সতে তাৰ প্ৰথম পৰিচয়৷ সেই সময়ত সি অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ ব্যৱসায় কিদৰে কৰে, তাৰে অভিজ্ঞতা ল’বলৈকে সি এই কামটো কৰিছিল আৰু দেউতাৰপৰা অনুমতিও আদায় কৰি লৈছিল৷
পঢ়া-শুনাৰ লগে লগে এনে অলেখ trial and error-ৰ মাজেৰে তাৰ ব্যৱসায়িক জীৱনটোৱে কুৰুং-কাৰং কৰি আছিল৷ যোৰহাটলৈ গৈ শাক-পাচলিৰ wholesale ব্যৱসায়, গুৱাহাটীলৈ আহি দাদাৰ সৈতে চাওমিনৰ ব্যৱসায়কে ধৰি বিভিন্ন দিশত সি হাত পকাবলৈ ধৰে৷ এটা উদাহৰণ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ৷ এবাৰ মাজুলীত বিছটা ল’ৰাৰ সৈতে জোঁট বান্ধি চাপৰিত ২২ বিঘা মাটিত আলুখেতি কৰিছিল৷ চাপৰিৰ সাৰুৱা মাটিত আলুবোৰ প্ৰকাণ্ড প্ৰকাণ্ড হ’ল৷ একোটা আলুৰ ওজন বোলে আধাকেজি হৈছিলগৈ৷ তেতিয়া ‘সাৰ দিয়া আলু’ বুলি বেপাৰীয়ে সেই আলু কিনিবলৈ অমান্তি হ’ল৷ সেইফালে লোকচান ভৰিল৷ ডেইৰী ব্যৱসায় কৰিবলৈও মন মেলিছিল যদিও ‘গৰুৰ লগত থাকিলে নিজেও গৰু হৈ ল’ব লাগিব’, অৰ্থাৎ দিনটো গৰুৰ লগতে ব্যস্ত হৈ থাকিব লাগিব বুলি তাৰপৰা আঁতৰিল৷
বোধহয় যোৱা শতিকাৰ শেষৰ বৰ্ষতে (সঠিক সময় পাহৰিছোঁ) ‘প্ৰান্তিকত আঠিয়াকলৰ পৰা পাউদাৰ কৰি শিশু খাদ্য প্ৰস্তুত কৰিব পৰা যায় বুলি এটা প্ৰবন্ধ প্ৰকাশ পাইছিল৷ দুই এজনে পৰীক্ষা কৰিও চাইছিল৷ এই প্ৰবন্ধটো দেউতাই তাক দেখুৱালে৷ কথাটো তাৰ পছন্দ হ’ল৷ কিন্তু এখন আলোচনীত প্ৰকাশ হোৱা এটা বিদ্যায়তানিক প্ৰবন্ধপৰা তাৰ বাস্তৱিক অনুবাদ আছিল অতি কঠিন কাম৷ প্ৰথম অৱস্থাত ভাইটিয়ে কিছু আঠিয়াকল গুৰি কৰি, সেই গুৰি খাদ্য হিচাপে মাজুলী আৰু যোৰহাটৰ বিভিন্ন ঠাইৰ মানুহৰ ঘৰে ঘৰে গৈ সেই গুৰি শিশুক খুৱাবলৈ দি বহী এখনত সকলোৰে নাম-ঠিকনা লিখি ল’লে৷ নিৰ্দিষ্ট সময়ৰ মূৰত পুনৰ সেই লোকসকলৰ ঘৰলৈ গৈ feedback লিখি আনিলেগৈ৷ তেতিয়া প্ৰায় সকলোৱেই কৈছিল যে, সেই কলৰ গুৰি খুউৱাৰ পাছত শিশুসকলৰ পায়খানা অলপ কঠিন হৈছে৷ তেতিয়া দেউতাৰ সৈতে আলোচনা কৰি সি বহীখন লৈ যোৰহাটৰ অসম কৃষি বিশ্বিবদ্যালয়ৰ অধ্যাপকসকলৰ কাষ চাপিল৷ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে তাৰ সেই প্ৰচেষ্টাক অত্যন্ত গুৰুত্বসহকাৰে ল’লে৷ নিৰ্দিষ্ট সময় লৈ তেওঁলোকে এটা ফৰ্মূলা উলিয়াই, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণত কি কি পুষ্টি মিহলালে সি এক উপকাৰী শিশুখাদ্য হবগৈ তাৰ এক বিৱৰণী তাৰ হাতত তুলি দিলে৷
সেয়াই আৰম্ভণি৷ মহা উদ্যমেৰে সি কামত নামিল৷ ‘ভীম ভিটা’ নামটো তাৰেই উদ্ভাৱন আছিল৷ কিন্তু ব্যৱসায়ৰ বাট সিমান সহজ নাছিল৷ ‘ভৰালী প্ৰফেছাৰৰ পুতেক কলৰ বেপাৰী হ’লগৈ’ বুলি বহুতেই তাক ইতিকিঙো কৰিছিল৷ সমস্যা আন ধৰণেও আছিল৷ প্ৰধানত পূঁজিৰ সমস্যা৷ তদুপৰি চেৰেলেক-ফেৰেক্স আদি বহুজাতিক কোম্পানীৰ পণ্যৰে ভৰি থকা শিশুখাদ্যৰ বজাৰখনত সি কিদৰে সোমাব? উপযুক্ত নিৰ্দেশনা দিবলৈও সঠিক ব্যক্তি কাষত নাই৷ মনত পৰে, এবাৰ সি খাদী আৰু গ্ৰামোদ্যোগ কেন্দ্ৰৰপৰা এক লাখ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও সিনো কেনেকৈ ঋণ পৰিশোধ কৰিব, সেই চিন্তাতে দেউতাই নিজাববীয়াকৈ আগতীয়াকৈয়ে ঋণ পৰিশোধ কৰি দিয়ে৷ ফলত বেংকত তাৰ CIBIL বেয়া হৈ গ’ল আৰু পৰৱৰ্তী পৰ্যায়ৰ ঋণ পোৱাৰ ক্ষেত্ৰতো বহু অসুবিধা হ’ল৷ তাৰে মাজতে প্ৰথমটো মেচিন গুৱাহাটীৰ ফাঁচী বজাৰৰপৰা ক্ৰয় কৰি আমি আটায়ে নাইট চুপাৰত তুলি দিলোঁ৷ ঘৰত মেচিন নমাই মহা আড়ম্বৰেৰে ভাইটিৰ ‘ভীম ভিটা’ৰ প্ৰচেষ্টাত ঠেলা এটা মাৰি দিলোঁ৷ বহু পৰীক্ষা-নীৰিক্ষাৰ মাজেৰে ‘ভীম ভিটা’ই গতি ল’বলৈ ধৰিলে৷ কেতিয়াবা বৰষুণৰ বতৰত টেমাৰ ভিতৰত ‘ভীম-ভিটা’ সেমেকি যায়৷ আকৌ এটা গৱেষণা আৰম্ভ হয়৷
আটাইতকৈ ডাঙৰ সমস্যা আছিল বজাৰত প্ৰৱেশ কৰা৷ বিশেষকৈ ‘চেৰেলেক’ ব্ৰেণ্ডৰ সন্মুখত ‘ভীম ভিটা’ আছিল হাতীৰ আগত নিগনিৰ দৰে৷ শিশুখাদ্যৰ বজাৰ সম্পূৰ্ণৰূপে অনা অসমীয়া দখলত৷ ভাইটিয়ে তেতিয়াও ব্যৱসায়িক কথা-বতৰা ক’ব জনা হোৱাই নাই৷ কোনেও পাত্তা নিদিয়ে৷
প্ৰথমৰেপৰাই ‘গৱেষণা’ আৰু ‘বজাৰ’ দুয়োটা দিশতে সি মনোনিৱেশ কৰিবলগীয়া হ’ল৷
আৰু এটা কথা ক’ব লাগিব৷ মাজুলীৰ বাট-পথ তেতিয়া প্ৰায় অগম্য৷ এতিয়াও সুগম বুলিব নোৱাৰি৷ ভীম-ভিটাৰ বাবে কেঁচামাল ভীমকল মাজুলীত উভৈনদী৷ কিন্তু আন সকলোবোৰ সামগ্ৰী বাহিৰৰপৰা যায়৷ গুৱাহাটীৰপৰা কনটেইনাৰ, আন সামগ্ৰীৰ গাড়ী গৈ নিমাতীঘাটত ৰৈ যায়৷ তাৰপৰা মানুহ লগাই নাৱলৈ নমাব লাগে৷ সিপাৰে নাৱৰপৰা আকৌ গাড়ীত উঠাব লাগে৷ আকৌ যেতিয়া ‘ফাইনেল প্ৰডাক্ট’ হৈ বাহিৰলৈ ওলাই আহে, তেতিয়াও এটা পাৰে ঘাটত গাড়ীৰপৰা নাৱলৈ নমাব লাগে আৰু সিপাৰে নাৱৰপৰা গাড়ীলৈ উঠাব লাগে৷ এই সকলোবোৰ ব্যয় সামৰি লৈয়ে মূল্য নিৰূপণ৷ চাৰে চাৰিশ গ্ৰামৰ একোটা টেমাত পঞ্চল্লিছটা ভীমকল থাকে৷ এটা নিৰ্দিষ্ট জোখৰ আঠিয়াকলহে ল’ব পাৰি৷ কেঁচা বা অধিক পকা কল ব্যৱহাৰৰ অযোগ্য৷ সেই সময়ত বেছিভাগ মানুহৰে মতামত আছিল এয়ে যে, ‘লোকেল’ বস্তুত কিয় ইমান দাম?
অমানুষিক কষ্ট৷ কিন্তু মানুহে সহজে ‘ভীম ভিটা’ কিনিবলৈ ৰাজী হোৱা নাছিল৷
ভূতৰ ওপৰতে দানৱৰ দৰে ‘ভীম ভিটা’ৰ গাতে ভেঁজা দি একেই ধৰণৰ অন্য শিশুখাদ্যও বজাৰত ওলাবলৈ ধৰিলে৷ দেখাক দেখি তেনে খাদ্য উলিয়াই বজাৰ দখল কৰিবলৈ ধৰিলে৷ ‘ইন্দুকল্প ভৰালী মোৰেই বৰদেউতাৰ ল’ৰা৷ তেওঁ ভীম ভিটা উলিয়াইছে, মই এইটো উলিয়াইছোঁ’ বুলি কৈ বজাৰ দখল কৰা উদ্যোগীৰো সৃষ্টি হ’ল৷ মানুহেও হৰেক ৰকমৰ কথা কয়৷ কাৰো নিজা অভিজ্ঞতা নাই৷ শুভাকাংক্ষীৰ ভাবেৰে ক’লেও কথাবোৰৰ বাস্তৱিকতা নাথাকে৷ এনে অৱস্থাত ভাইটিয়ে মাথোন প্ৰচণ্ড ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাক নিৰ্ভৰ কৰিয়েই ‘ভীম ভিটা’ৰ সম্পৰীক্ষা চলাই গ’ল৷ এটা সময়ত যিসকলে তাৰ product বজাৰত সোমোৱাত বাধা প্ৰদান কৰিছিল, সেইসকলেই ‘ভীম ভিটা’ৰ CNF ল’বলৈ আগবাঢ়ি আহিল৷
সেই প্ৰত্যাহ্বানৰ সময়বোৰত অসম কৃষি বিশ্বিবদ্যালয়ৰ কেইগৰাকীমান অধ্যাপক, কৃষি বিভাগৰ কেইজনমান বিষয়াৰ উৎসাহ আৰু বিশেষকৈ মাজুলী আৰু যোৰহাটৰ সাংবাদিকসকলৰ সহযোগিতা কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব৷ প্ৰথম অৱস্থাত স্থানীয় সাংবাদিকসকলৰ বাতৰিবোৰেই লাহে লাহে ‘ভীম ভিটা’ৰ বিজ্ঞাপনৰ দৰে হৈ উঠিছিল৷ বিভিন্ন বাতৰি কাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সংবাদকৰ্মীসকলেও উৎসাহেৰে সেই বাতৰিবোৰ প্ৰকাশ কৰিছিল৷
আমাৰ দেউতা প্ৰয়াত মুহিধৰ ভৰালীৰ এগৰাকী বন্ধু নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে এজন সত্ৰাধিকাৰৰ সকলো প্ৰট’ক’ল ভাঙি চাইকেল চলাই আমাৰ ঘৰত উপস্থিত হৈ ভাইটিক সফল হ’বলৈ আশীৰ্বাদ দি আহিছিল৷ ই এক বিৰল দৃষ্টান্ত৷
তৰুণ গগৈৰ চৰকাৰৰ সময়ত, বোধহয় দ্বিতীয়টো কাৰ্যকালৰ পৰা গুৱাহাটীত নিয়মীয়াকৈ ‘উদ্যান শস্য প্ৰদৰ্শনী’ হৈছিল৷ কেইবাবাৰো আন্তৰ্জাতিকভাৱেই এনে প্ৰদৰ্শনী হৈছিল৷ বাংলাদেশ, ভূটান আৰু আন দেশৰপৰা অহা ব্যৱসায়িকসকলৰ স’তে হোৱা আলাপ-আলোচনাই তাৰ মনৰ দিগন্ত বহল কৰি তুলিছিল৷ তাৰ আত্মবিশ্বাস বাঢ়িছিল৷ জিলা উদ্যোগ কেন্দ্ৰবোৰৰ অধীনতো বিভিন্ন মেলা হৈছিল৷ বিভিন্ন মেলা, প্ৰদৰ্শনী আদিত ‘ভীম ভিটা’ই প্ৰথম, দ্বিতীয় স্থান দখল কৰিছিল৷ বাতৰি কাকতত এইবোৰ খবৰ হৈছিল৷
এইদৰে মানুহৰ মুখে মুখেই ‘ভীম ভিটা’ই প্ৰসাৰ লাভ কৰিলে৷ মুখৰ প্ৰচাৰেই বিজ্ঞাপন হৈ উঠিল৷ যিসকলে পূৰ্বতে অৱজ্ঞাসূচকভাৱে কথা কৈছিল, তেওঁলোকেই বজাৰৰ বাবে আগবাঢ়ি আহিল৷ আজিকালি দুটাকৈ ফ্লে’ভাৰত ‘ভীম ভিটা’ বজাৰত উপলব্ধ হৈছে৷
লাহে লাহে জিণ্টুৱে আন এজন ভাইটি বেদব্ৰত ভৰালীৰ লগ হৈ ‘লুইত মাজুলী’ মিঠাতেল আৰম্ভ কৰে৷ এইবাৰ তেলৰ মেচিন আনিবলৈ দুয়ো গুজৰাট পালেগৈ৷ গুজৰাটৰ বিভিন্ন মেচিন নিৰ্মাণ কৰা শাৰী শাৰী উদ্যোগবোৰ দেখি সিহঁতে যিদৰে বিচুৰ্তি খালে, সেইদৰেই গুজৰাটী ব্যৱসায়ীয়েও কোনো উদ্যোগ নথকা ‘মাজুলী’ৰ কথা শুনি আচৰিত হ’ল৷ নিজৰ ঘৰলৈ নি এসাঁজ পৰম্পৰাগত গুজৰাটী খাদ্যৰে দুয়োকে আপ্যায়ন কৰি যিটো ‘তেলৰ মেচিন’ সিহঁতৰ হাতত তুলি দিলে, সেইটো আকাৰত এটা চুটকেচৰ দৰে আছিল৷ ফ’ল্ডিং আকাৰৰ সেই মেশ্বিনটো ঘৰলৈ আনি কম্পিউটাৰত চি ডি ভৰাই চাই চাই সিহঁতে নিজেই install কৰি ল’লে৷ এই মিঠাতেলৰো প্ৰাৰম্ভিক প্ৰত্যাহ্বান আছিল৷ কিন্তু পূৰ্বৰ অভিজ্ঞতাৰে সমৃদ্ধ হোৱাৰ বাবে সিহঁতে সেইবোৰৰৰ মোকাবিলা কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হ’ব লগা নহ’ল৷
তাৰ পাছতে সি নিৰিবিলি হ’মষ্টে’ আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত এই হ’মষ্টে’ক ‘গেষ্ট হাউছলৈ’ উন্নীত কৰা হয়৷ ইতিমধ্যে এটা বাঁহৰ ফেক্টৰিও আৰম্ভ কৰে৷ ‘নিৰিবিলি গেষ্ট হাউচ’ৰ সকলো আচবাব এই ফেক্টৰিতে তৈয়াৰ কৰা৷
ভাইটিৰ ব্যৱসায়িক সফলতাৰ আঁৰৰ কাৰণ বিচাৰ কৰি চালে কৰ্মচাৰীসকলৰ সবলীকৰণৰ দিশটো অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে ওলাই আহে৷ তাৰ কৰ্মস্থলীত বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ দিশটোক সদায় অগ্ৰাধিকাৰ দিয়া হয়৷ ‘ভীম ভিটা’ উদ্যোগত কেইবাখনো গাৱঁৰ মহিলাসকলে কাম কৰে৷ এই মহিলাসকলক গাড়ীৰে অনা-নিয়া কৰা হয়৷ যিসময়ত উদ্যোগৰ আৰ্থিক স্বাৱলম্বিতা নাছিল, তেতিয়াও গাড়ীৰেই মহিলাসকলক অনা-নিয়া কৰা হৈছিল৷ হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো কৰ্মচাৰীসকলক সঠিক সময়ত দৰমহা-ব’নাচ দিয়া, তেওঁলোকৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰা- এইবোৰ ভাইটিৰ কিছুমান গুণ আমি লক্ষ্য কৰিছিলোঁ৷
দ্বিতীয় দিশ হিচাপে সকলোকে সামৰি লোৱাৰ (inclusiveness) মানসিকতাই দৃষ্টি আকৰ্ষণ কৰে৷ ভাইটিয়ে সকলোকে স্বাৱলম্বী হ’বলৈ উৎসাহ দিয়ে, প্ৰয়োজনবোধে সহায়ো কৰি দিয়ে৷ শাক-পাচলিৰ বেপাৰী, মাছৰ ব্যৱসায়ীৰপৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে সকলোৰে স’তে সমান ব্যৱহাৰ৷
তৃতীয়তে, বিলাসবহুল জীৱন পৰিত্যাগ কৰাৰ দৃঢ়তা৷ ভাইটিৰ এটাই সপোন আছিল যে, মাজুলীৰ দৰে পিছপৰা ঠাইতো যে উদ্যোগ গঢ়ি তুলিব পাৰি, যুৱক-যুৱতীক সস্তীয়া কামৰ সন্ধানত ওলাই যাবলৈ নিদিয়াকৈ সংস্থাপিত কৰিব পাৰি, তাকেই প্ৰমাণ কৰি দেখুওৱা৷ সি কোনো ধৰণৰ মেল-মিটিঙৰ সম্বৰ্ধনা, বঁটা-বাহনলৈ আশা নকৰি নিজৰ জীৱনৰ মাজেৰেই সেই দৃষ্টান্ত দাঙি ধৰিব বিচাৰিছিল৷ বহুতকে সি সহায় কৰিছিল, কিন্তু নীৰৱে৷ অনেকৰ বাবে ভাইটি এক নিদৰ্শন৷ ইয়াৰ পূৰ্বে মাজুলীত বান নিয়ন্ত্ৰণ বিভাগৰ ঠিকা, ৰাস্তা-ঘাট সজাৰ ঠিকা, বাচ বা নাও ক্ৰয় কৰা আদিৰ দৰে কিছু সীমিত দিশৰ জৰিয়তেহে মানুহে টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ সুযোগ আছিল৷ কিন্তু বাৰীৰ চুকৰ আঠিয়াকলৰ দৰে non-glamorous product এটাক সাৰথি কৰি লৈ, সম্পূৰ্ণ একক প্ৰচেষ্টাৰে উদ্যোগ গঢ়ি তুলিও যে মানুহে স্বাৱলম্বী হোৱাৰ লগতে দোপতদোপে উন্নতি কৰি যাব পাৰি তাৰ নিদৰ্শন ভাইটিয়ে ৰাখি থৈ গ’ল৷ কোনো ধৰণৰ মাদকদ্ৰব্য, ধূমপান অথবা তামোল এখন খোৱাৰপৰাও সি বিৰত আছিল৷ তাৰ জীৱন বিলাসবহুল নাছিল৷ সফল ব্যৱসায়ী হিচাপে চৰকাৰী মেল-মিটিঙলৈ আমন্ত্ৰণ পালে কেতিয়াবা ডাঙৰ ডাঙৰ বিষয়া, মন্ত্ৰী আহে৷ আমি ‘চ্যূট’ এযোৰ চিলাই পিন্ধি যাবলৈ কওঁ৷ নহ’লে সস্তীয়া এযোৰ কিনি ল’বলৈকে কওঁ৷ কিন্তু সি নতুনকৈ পাঁচশটকীয়া চাৰ্ট কিনি লৈ তাকে পিন্ধিয়েই মেল-মিটিঙত বহেগৈ৷ এযোৰ দামী বা কমদামী ‘চ্যুট’ তাৰ পিন্ধাই নহ’ল৷ শেষৰ ফালে আমাৰ স’তে কথা পাতিবলৈও যেন তাৰ সময় কমি আহিছিল৷ সম্পূৰ্ণৰূপে নিজৰ কামৰ মাজতে সি মজি গৈছিল৷
অলেখ বিশিষ্ট ব্যক্তিয়ে ভাইটিৰ ‘নিৰিবিলি গেষ্ট হাউছ’ত আতিথ্য গ্ৰহণ কৰিছে৷ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গো আছিল৷ ভাইটিৰ গেষ্ট হাউচৰ প্ৰতিটো কোঠাৰ একোটা নাম আছে৷ জুবিন গাৰ্গ থকা কোঠাটোৰ নাম ভাইটিয়ে তেওঁৰ নামেৰেই ৰাখিলে৷ জুবিন গাৰ্গৰ হতুৱায়েই সেইটো কোঠা উদ্বোধন কৰাই নামফলক আঁৰি দিয়াইছিল৷ অতি নিৰিবিলি পৰিৱেশত জুবিন গাৰ্গে কিছু সময় তাত আছিল, আহাৰ গ্ৰহণ কৰিছিল৷ ‘ৰৈ ৰৈ বিনালে’ৰ কাম শেষ কৰি নিৰলে তাত কেইটিমান দিন অতিবাহিত কৰাৰ কথাও ভাইটিক কৈ আহিছিল৷ বিদায় লোৱাৰ সময়ত ভাইটিয়ে তেওঁক টোকোৰা চৰাইৰ বাহ এটি উপহাৰ দিছিল৷ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ ভাইটিক দিয়া হোৱা নাছিল, কিয়নো যিকোনো উদ্বিগ্নতাৰপৰা ভাইটিক আঁতৰত ৰাখিবলৈ চিকিৎসকে উপদেশ দিছিল৷
অসম্ভৱ কৰ্মোদ্যম আছিল ভাইটিৰ৷ নিজৰ পৰিয়ালক লগত লৈ ব্যৱসায় কৰিছিল৷ এনেদৰেই ক’ব নোৱাৰাকৈয়ে পৰিয়ালটোও empowered হৈ গ’ল৷ কোনো ধৰণৰ চৰকাৰী স্বীকৃতি, বঁটা অথবা চৰকাৰী exposure tour আশা নকৰা ভাইটিয়ে নিজৰ খৰচত পৰিয়ালসহ বিদেশলৈ গৈ বিদেশৰ কিছু eco-tourism সম্পৰ্কীয় ধ্যান-ধাৰণা ব্যৱসায়ত খটুৱাই সম্পৰীক্ষা কৰাৰ উদ্দেশ্যেৰে পাছপ’ৰ্ট আৰু আন যাৱতীয় যা-যোগাৰ কৰি আছিল৷ কেতিয়াবা সৰু-সুৰা মূৰৰ বিষৰ বাদে আন বেমাৰ-আজাৰো তাৰ নাছিল৷ কিন্তু ২০২৫ চনৰ মে’ মাহৰ ২৮ তাৰিখে গা ধুই নামঘৰত প্ৰাৰ্থনা কৰিবলৈ লৈ সি প্ৰাৰ্থনাৰ শাৰীবোৰ পাহৰি গৈছিল৷ মনৰ খু-দুৱনি মাৰিবলৈ যোৰহাটলৈ আহি ডাক্তৰক দেখুৱাওঁতেই এক অমোঘ আশংকাই পৰিয়ালৰ সকলোকে বিতত কৰি তুলিছিল৷ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়া হৈছিল৷ কাৰো ওচৰত হাত নপতাকৈ অত্যন্ত ব্যয়বহুল চিকিৎসা গ্ৰহণ কৰিছিল৷ ভাই-বোৱাৰী কবিতাই সন্মুখত থাকি সমানে সমানে যি যুঁজ দিলে, সেয়া অবিস্মৰণীয় বুলি ক’ব লাগিব৷ মাজুলী মহাবিদ্যালয়ত পঢ়া মাজুলীৰে কুঁহিয়াৰবাৰী গাৱঁৰ কবিতাই দিল্লীত ডাক্তৰৰ সমানে সমানে কথা পাতি সকলো সিদ্ধান্ত সাহসেৰে লৈ গ’ল৷ সৰু ভাইটি বেদব্ৰতও অহৰহ কাষত আছিল৷
জীৱনত কাৰো প্ৰতি আক্ষেপ নৰখা ভাইটিয়ে হঠাতে আহি পৰা দুৰ্যোগক সহজে গ্ৰহণ কৰিব নোৱাৰিলে৷ নিজৰ সন্তান দুটিৰ পঢ়া-শুনা, ব্যৱসায়িক পৰিকল্পনাৰ অলেখ সপোনবোৰ আধৰুৱা হৈ ৰ’ল৷ তেজ কদমত চলি থকা এক স্বাধীন আৰু স্বাভিমানী জীৱনলৈ হঠাতে যতি নামি আহিল৷ অসম্ভৱ স্বাভিমানী বাবেই ভাইটিয়ে নিজৰ শাৰীৰীক অৱস্থা আনক দেখুৱাবলৈ ৰাজী হোৱা নাছিল৷ কিন্তু এটা কথা ক’ব লাগিব৷ ভাইটিয়ে ব্যৱসায়িক কথা-বতৰাবোৰ ইমান নিয়াৰিকৈ ৰাখিছিল যে, অসুখত ভুগি থকাৰ সময়ত বা বৰ্তমানেও তাক চলাই যাবলৈ বিশেষ অসুবিধা হোৱা নাই৷ এই সকলোবোৰৰ মাজেৰে দুই সন্তান পাহি আৰু পৃথুও যেন হঠাতেই পৰিপক্ক হৈ উঠিল৷
ভাইটিৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম জোকাৰি দিছে৷ যিসকলে স্বাৱলম্বিতাৰ ডাঙৰ ডাঙৰ ভাষণ দিয়ে, থলুৱা অৰ্থনীতিৰ কথা কয়- তেওঁলোকৰ চকুৰ সন্মুখতেই সকলোৰে অলক্ষিতে ভাইটিয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক বৈপ্লৱিক কাম থৈ গৈছে৷ কাৰো ওচৰত হাত নপতাকৈ৷ কোনো উদ্যোগিক প্ৰশিক্ষণ নোহোৱাকৈ৷ কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ৷ কোনো চৰকাৰী বঁটা অথবা exposure tour নোহোৱাকৈ৷ প্ৰবল অন্তৰ্দৃষ্টিৰে৷ অফুৰন্ত প্ৰাণশক্তিৰে৷ এক কথাত ভাইটি নিজেই নিজৰ উদাহৰণ৷
ভাইটিৰ
সমগ্ৰ জীৱনেই এক সুমধুৰ সোঁৱৰণি৷ প্ৰেৰণাৰ
এখন খোলা কিতাপ৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)