৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সৰ্বে ভৱন্তু সুখীনঃ

লেখকঃ ড০ পল্লৱী গোস্বামী • প্ৰকাশিতঃ ২৩ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১২১৭ বাৰ পঢ়া হৈছে
সৰ্বে ভৱন্তু সুখীনঃ
ডাঙৰকৈ চাওক (Zoom)

 ড০ পল্লৱী গোস্বামী

 

একৈছ বছৰৰ পাছতো, ভিজা মাটি আৰু তগৰফুলৰ সেই চিনা-জনা গোন্ধটোৱে মোক পোনছাটেই ঘূৰাই লৈ যায় মোৰ ন বছৰ বয়সৰ সেই গ্ৰীষ্মৰ বন্ধৰ কালটোলৈ৷ অসম আৰ্হিৰ পৰিপাটিকৈ সজোৱা ককা-আইতাৰ ঘৰখনৰ আলহীকোঠাৰ মেজখনত বহি থকা অৱস্থালৈ৷ য’ত ভণ্টিপেহীয়ে জ্যোতিৰ্ময় ছাৰৰ বাবে চাহ লৈ আহিছিল৷ ভণ্টিপেহীৰ বয়স হয়তো তেতিয়া চৌবিশ বা পঁচিছ৷ গাৰ গঢ়টো তেনেই ক্ষীণ৷ যেন অপুষ্টিত ভোগা৷ ঘৰৰ সৰু আছিল৷ দেউতা, খুড়া আৰু ডাঙৰ পেহীহঁতে নিজ নিজ সংসাৰ চম্ভালি থকা সময়ত গাওঁৰ ঘৰত ভণ্টীপেহী আৰু আইতা অকলে থাকিছিল৷

মোৰ তলৰ ভনীজনী থকা বাবে, আমাৰ সৰু ভাইটিটো জন্ম হোৱা হেতুকে, মাৰ অকণ সুবিধা হওঁক বুলি দেউতাই মোক আইতাৰ ঘৰত কিছুকাল থৈছিল৷ তৃতীয়, চতুৰ্থমান মই তাতেই থাকি পঢ়িছিলোঁ৷ মোৰ দায়িত্ব ল’বলৈ পেহী যথেষ্ট সৰু আছিল৷ তথাপিও পেহীয়ে এক চঞ্চল উৎসাহেৰে মোৰ যত্ন লৈছিল, যি উৎসাহ জ্যোতিৰ্ময় ছাৰে বাঁহৰ জপনাখন ঠেলি ভিতৰলৈ সোমাই অহাৰ লগে লগেই যেন বাঢ়ি কৰ্পূৰৰ দৰে চৌপাশ আমোল-মোলাই তুলিছিল৷

জ্যোতিৰ্ময় ছাৰে লগত লৈ আনিছিল আবেলিৰ বেলিৰ ৰঙচুৱা পোহৰ আৰু কিছু উত্তাপ৷ মোৰ আচলতে ভগ্নাংশৰ যোগ-বিয়োগ শিকিবলগীয়া কথা আছিল, কিন্তু সেই গ্ৰীষ্মবন্ধৰ কালটোত মোৰ আচল শিক্ষা আছিল ভণ্টীপেহীৰ কিছু জীৱন অভিজ্ঞতাৰ সৈতে চিনাকী হোৱা৷ য’দিও বেছিভাগ কথাই মোৰ বোধগম্য নহৈছিল৷

জ্যোতিৰ্ময় ছাৰৰ সৈতে কথা পাতোঁতে ভণ্টীপেহীৰ মাতটো খুবেই কোমল হৈ পৰিছিল৷ সামান্য দুখন নিমকি অথবা বিস্কুট সজাই চাহকাপ দিওঁতে পেহীয়ে কেনেকৈ বিশ-ত্ৰিশ মিনিট সময় পাৰ কৰি দিছিল, কেৱল তেওঁলৈ চাহকাপ আগবঢ়াই দিয়াৰ অজুহাতত৷ আৰু তাৰ বিনিময়ত জ্যোতিৰ্ময়দাৰ মুখত ভাঁহি উঠা সেই উদাসীন অথচ অত্যন্ত শান্ত হাঁহিটো৷ যিটো হাঁহি মাৰি তেওঁ পুনৰ মোৰ বহীখনলৈ চকু দিছিল৷ তেওঁ কেতিয়াও ভণ্টীপেহীক সঁচা অৰ্থত যেন দেখাই নাছিল৷ কিন্তু ভণ্টীপেহীৰ মনোযোগ আছিল সেই সৰু পৰিসৰখিনিত৷ এক আশাবাদী, অবুজন জালত আবদ্ধ হৈ, যিটোৰ নাম দিবলৈ মই তেতিয়া খুবেই সৰু আছিলোঁ, কিন্তু স্মৃতিৰ কোঠালিত চিৰদিনলৈ সাঁচি ৰাখিবলৈ যথেষ্ট ডাঙৰ হৈছিলোঁ৷

জ্যোতিৰ্ময় ছাৰক এতিয়া বৰ ভালকৈ মনত নাই৷ ঘামত তিতা ছাৰৰ কপাহী চোলাটো আৰু মোৰ বহীখন শুধৰাওঁতে চিয়াহীৰে বোলোৱা নীলা আঙুলিবোৰ৷ বয়স আছিল আঠাইছ বা উনত্ৰিশ অথবা তাতকৈ কম বা বেছি, এম.এছ.চি. পাছ কৰি চাকৰিৰ অপেক্ষাত৷ মনত সদায় অপাৰ উদাসীনতা৷ সৰুতেই পিতৃ-মাতৃৰ মৃত্যু হোৱাত ছাৰে অতি কষ্টেৰে মামাকৰ ঘৰত নিজ শৈশৱ পাৰ কৰিছিল৷ তাতোকৈ অধিক কষ্টেৰে নিজ বিদ্যা-শিক্ষা অৰ্জন কৰিছিল৷ ভণ্টীপেহীয়ে দুৱাৰৰ পিছফালে আঁউজি থিয় হৈছিল, আৰু অত্যন্ত গভীৰ অথচ নিৰৱ তীব্ৰতাৰে তেওঁ পঢ়োৱাটো চাই ৰৈছিল, যি দৃশ্যৰ ওচৰত থিয় হোৱাটোও যেন বিপদজনক আছিল৷  

জ্যোতিৰ্ময়দা নিষ্ঠুৰ আছিল বুলি ক’ব নোৱাৰি; আচল সমস্যাটো আছিল তেওঁ সম্পূৰ্ণ, নিৰ্দোষভাৱে ভণ্টীপেহীৰ কাৰু-কাৰ্য্যৰ প্ৰতি অন্ধ আছিল৷ তেওঁ ভণ্টীপেহীৰ সৈতে অতি মাৰ্জিত, নিৰ্বিকাৰ সৌজন্যৰে কথা পাতিছিল৷ যিদৰে এজন ডেকাল’ৰাই নিজৰ ছাত্ৰ-ছাত্ৰীৰ বয়োজ্যেষ্ঠ আত্মীয়ক সন্মান দিয়ে৷ তেওঁ কেতিয়াও লক্ষ্য কৰা নাছিল যে তেওঁ চাহৰ কাপ-প্লেটযোৰ ওভতাই দিওঁতে ভণ্টীপেহীৰ উশাহ কেনেকৈ বন্ধ হৈ গৈছিল৷ বা তেওঁ গুচি যোৱাৰ পাছত ভণ্টীপেহীয়ে কেনেকৈ খিৰিকীৰে বাহিৰলৈ চাই থাকিছিল৷ য’ত বৰষুণে তিওৱা কেঁচা আলিবাটটোত তেওঁৰ চাইকেলৰ চকাৰ গভীৰ দাগ ৰৈ গৈছিল৷ ন বছৰ বয়সতেই মই বুজি উঠিছিলোঁ যে প্ৰেম এক যৌথ অভিজ্ঞতা হ’ব লাগে৷ লুডো খেল বা এযোৰ বাইন’কুলাৰৰ দৰে, য’ত দুয়ো ব্যক্তিয়ে সমানেই অংশ লয়৷ কিন্তু ভণ্টীপেহীৰ সকলো আৱেগ আছিল একাকী সৃষ্টি, যি সম্পূৰ্ণৰূপে গঢ় লৈ উঠিছিল প্ৰতিদান নোপোৱা সৰু সৰু অনুভৱৰ ওপৰত৷ চাহৰ কাপত দিয়া অতিৰিক্ত ইলাচিৰ গুটিটো, বা তেওঁৰ প্লেটৰ তলত নিমজকৈ পৰিপাটিকৈ ৰখা ৰুমালখন৷ মই এই কথাটো আন সকলো কথাৰ আগতেই লক্ষ্য কৰিছিলোঁ৷ শিশুৱে একে কাম বাৰে বাৰে হোৱাটো লক্ষ্য কৰে৷

জ্যোতিৰ্ময় ছাৰ অৱশেষত কিছু মুকলি হৈছিল৷ অৱশ্যেই কথা-বতৰা পেহীয়েই আৰম্ভ কৰিছিল৷ যদিও পেহী ছাৰতকৈ চাৰি-পাঁচ বছৰে সৰু আছিল৷ পেহীৰ কৌতুহলবোৰ পুৰাই জ্যোতিৰ্ময় ছাৰে পেহীক তেওঁ পঢ়ি অহা বিশ্ববিদ্যালয়খনৰ কথা কৈছিল৷ পেহীৰ নিজৰো কিছুমান সৰু সৰু কৌতূহল আছিল, যিবোৰৰ কথা তেওঁ ঘৰত কাকো সোধা নাছিল৷ জ্যোতিৰ্ময় ছাৰে বিশ্ববিদ্যালয়ৰ কথা কওঁতে পেহীয়ে মাজে মাজে এনে কিছুমান প্ৰশ্ন কৰিছিল, যিবোৰ মোৰ বাবে আচৰিত আছিল৷ বিশ্ববিদ্যালয়ত ছোৱালীবোৰেও ল’ৰাৰ সৈতে একেলগে পঢ়েনে, নিজৰ ইচ্ছামতে বিষয় বাছি ল’ব পাৰেনে, পঢ়া শেষ কৰি সকলোৱে চাকৰি কৰিবলৈ বাহিৰলৈ যায় নেকি, এনেধৰণৰ প্ৰশ্ন৷ ছাৰে উত্তৰ দিওঁতে পেহীৰ মুখখন উজলি উঠিছিল৷ তেতিয়া মই কথাবোৰৰ অৰ্থ বুজা নাছিলোঁ৷ এতিয়া ভাবোঁ, পেহীয়ে হয়তো কেৱল এখন বিশ্ববিদ্যালয়ৰ কথা শুনা নাছিল; তেওঁ এনে এখন পৃথিৱীৰ কথা কল্পনা কৰিছিল, য’ত মানুহে নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল’ব পাৰে৷

গণিতৰ ছাত্ৰ হিচাপে জ্যোতিৰ্ময় ছাৰে কথাবোৰ জোখ-মাপ কৰিহে যেন কৈছিল৷ লাহে লাহে সেই কথাবোৰত বহু আন কথায়ো স্থান পাইছিল, যাৰ বেছিভাগেই মই বুজা নাছিলোঁ৷ কিন্তু পেহী খুব সুখী হৈছিল, আৰু সেই সন্মোহন লাহে লাহে ছাৰৰ চকুলৈকো চাগে নামি আহিছিল৷ আইতাই কেতিয়াবা ভাত খাই যাবলৈ ছাৰক জোৰ কৰিছিল৷ প্ৰথমে আপত্তি কৰিলেও পিছলৈ ছাৰ সহজ হৈ পৰিছিল৷  

আৰু এসময়ত ছাৰে দূৰৈৰ এটি ভাল চাকৰি পোৱাত তাত যোগদান কৰিছিল৷ যদিও তেতিয়ালৈ ভণ্টীপেহীও কলেজৰ ডেওনা পাৰ হৈ ঘৰতে এনেই আছিল, মোক দেউতাই পুনৰাই ঘৰলৈ লৈ আহিল৷

তাৰ কিছুদিন পিছত ঘৰত হোৱা কিছু অশান্তি, মা-দেউতাৰ কথা আদিৰ পৰা গম পাইছিলোঁ, পেহী ক’ৰবালৈ গুচি গ’ল৷ ঘৰত পেহীৰ কথা পতাত বাৰণ কৰা হ’ল৷ আইতা আমাৰ লগত থাকিবলৈ আহিব নুখুজিলে বাবে অশান্তি অকণ হ’ল৷ আৰু ক্ৰমান্বয়ে আমাৰ গাওঁৰ ঘৰলৈ যোৱা কমি কমি এসময়ত আইতা ঢুকালত বন্ধ হৈ গ’ল৷ পঢ়াশুনাৰ বাবে প্ৰথমে মই ঘৰৰ বাহিৰ হ’লো, আৰু শেষত দেশৰ বাহিৰ৷ 

এতিয়াও মোৰ এই ত্ৰিশ বছৰ বয়সত, ভণ্টীপেহীৰ অবৰ্তমানত, সেই গ্ৰীষ্মকালটোত শৈশৱত তেওঁক যেনেকৈ দেখিছিলোঁ, তেনেকৈয়ে মনত পেলাওঁ৷ মই সদায় ভাবিছিলোঁ, পেহীয়ে সকলো কথা জানে, কাৰণ তেওঁ ডাঙৰ আৰু মই সৰু৷  

এদিন হঠাতে শুবৰ পৰত পেহীয়ে ছাৰৰ কিবা কথা এটা মনত পেলাই মোক কিবা এটা সুধিলে আৰু কিছু সময় তাকে কৈ মনে মনে হাঁহিলে, কিন্তু হাঁহিটো বেলেগ ধৰণৰ আছিল৷ কোমল৷ অলপ যেন লাজ পোৱা৷

পাছত মই পেহীক সুধিছিলোঁ, কিয় তেনেকৈ হাঁহিছা?

তেওঁ ক’লে, “একো নাই হোৱা৷” কথাটো কওঁতেও পেহীয়ে হাঁহি আছিল৷

প্ৰথমবাৰৰ বাবে মই বুজিছিলোঁ যে ডাঙৰ মানুহেও মিছা কথা ক’ব পাৰে৷

পেহীয়ে একেবাৰে সাধাৰণভাৱে মোক সুধিছিল, ছাৰক মই সুন্দৰ বুলি ভাবোঁ নেকি৷

মই কৈছিলোঁ, “নাই নাভাবোঁ৷”

পেহীয়ে কিছুসময় মোৰ ফালে চাই থাকিল৷

তাৰ পাছত হাঁহিলে৷

“যাঃ তোৰ বয়স মাত্ৰ ন বছৰ, তই কি বুজিবি” পেহীয়ে কৈছিল৷

সেই সময়ত মই ভাবিছিলোঁ, পেহীয়ে ধেমালি কৰিছে৷

এতিয়া মোৰ ভাব হয়, তেওঁ হতাশ হৈছিল৷

মাজে মাজে পেহীয়ে মোৰ কিতাপবোৰ হাতত লৈ লুটিয়াই চাইছিল৷ কেতিয়াবা কোনো এখন কিতাপৰ ছবি চাই মোক প্ৰশ্ন কৰিছিল, কেতিয়াবা কোনো এটা ইংৰাজী শব্দৰ অৰ্থ সুধিছিল৷ মই নজনাটোত তেওঁ হাঁহিছিল, কিন্তু নিজে নজনাটোত যেন অলপ সংকোচ অনুভৱ কৰিছিল৷ এবাৰ পেহীয়ে কৈছিল, সৰুতে পঢ়া-শুনাত পেহী বেয়া নাছিল, কিন্তু নিজৰ পঢ়াৰ কথাবোৰ কেতিয়া পিছ পৰি ৰ’ল, তেওঁ নিজেও গম নাপালে৷ কথাটো কৈ তেওঁ পুনৰ মোৰ কিতাপখনলৈ মন দিছিল৷ মই তেতিয়া কথাটোক বিশেষ গুৰুত্ব দিয়া নাছিলোঁ৷ এতিয়া ভাবোঁ, কিছুমান সপোন মানুহে পৰিত্যাগ নকৰে; কেৱল সেইবোৰৰ কথা কোৱা বন্ধ কৰি দিয়ে৷

প্ৰেম নিঃসংগতাৰ মাজত মানুহৰ ওচৰলৈ মানুহ আগবাঢ়ি যোৱাৰ এক উপায়৷ ঘৰৰ কনিষ্ঠ আৰু মাক-দেউতাকৰ বৃদ্ধবয়সৰ সন্তানৰূপে ভণ্টীপেহী অৱশ্যেই নিৰ্দিষ্ট কাৰণত নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল৷ বাহিৰৰ পৃথিৱীৰ সৈতে তেওঁৰ যোগাযোগ প্ৰায় সম্পূৰ্ণৰূপে তেতিয়া জ্যোতিৰ্ময় ছাৰৰ ওপৰত নিৰ্ভৰশীল আছিল৷ এতিয়া ভাবোঁ, ছাৰৰ ওপৰত তেওঁৰ নিৰ্ভৰশীলতাই দেখুৱাই দিছিল যে মানুহৰ নিজৰ অস্তিত্বৰ বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগ কৰাৰ কিমান গভীৰ প্ৰয়োজন থাকে৷ ছাৰৰ আগমনে তেওঁক নিশ্চয় এনে কিছুমান অভিজ্ঞতাৰ দুৱাৰ মুকলি কৰি দিছিল, যিবোৰ পেহীয়ে নিজে লাভ কৰিব পৰা নাছিল৷ ছাৰৰ জৰিয়তে পেহীয়ে আন এক জগতত প্ৰৱেশ কৰিব পাৰে, অন্য সম্ভাৱনাৰ কথা কল্পনা কৰিব পাৰে আৰু সাময়িকভাৱে নিজৰ জীৱনৰ সীমাবদ্ধতাৰ পৰা পলাই যাব পাৰে৷

সেইবাবেই হয়তো ঘৰৰ পৰা এদিন ভণ্টীপেহী ছাৰৰ বাবে শ্বিলং পালেগৈ, য’ত ছাৰ এখন মিছনেৰী স্কুলত শিক্ষকতা কৰি আছিল৷ সামাজিক স্থিতি, জাত-পাতৰ বিস্তৰ প্ৰভেদৰ পিছতো, ঘৰৰ মানুহৰ তীব্ৰ বাধাৰ সন্মুখীন হ’ব বুলি জানিও, পেহীয়ে এককভাৱে সেই সিদ্ধান্ত লৈছিল৷ আৰু আচৰিতভাৱে কোনেও এবাৰলৈকো পেহীক বিচাৰি যোৱাৰ কথা ভুলতো নেভাবিলে৷ পিতৃ-মাতৃহাৰা জ্যোতিৰ্ময় ছাৰ এসময়ত সেই ঠাইৰ মানুহৰ মানস পটৰ পৰা হেৰাই গ’ল৷

আৰু এদিন পৰিয়ালৰ সকলোৰে অগোচৰে পেহীও হেৰাই গ’ল৷ জ্যোতিৰ্ময় ছাৰ অকলেই ৰৈ গ’ল৷

প্ৰায় একৈছ বছৰৰ মূৰত কি এক অজান কৌতুহলত মই শ্বিলঙত ভৰি থলোঁ, মোৰ নিজৰেই সি বোধগম্য নহয়৷ তাৰ কাৰণ হঠাতে ছাৰৰ পৰা মোলৈ অহা এটা ইমেইল৷ সুন্দৰকৈ ঠিকনাসহ দিয়া ইমেইলটোৰে তেখেতে মোক মোৰ গৱেষণাৰ কৃত্তিত্বৰ বাবে অভিনন্দন জনাইছে আৰু লগতে শুভকামনা৷ তেতিয়ালৈ পেহীৰ মৃত্যুৰ প্ৰায় পোন্ধৰ বছৰ হৈ গৈছে৷

আমাৰ পৰিয়ালত কোনো সদস্যই সেই সময়বোৰৰ কোনো কথাই মনত পেলাব নিবিচাৰে, আৰু ময়ো কাকোৱেই সেইবোৰ কথা কৈ আমনি নকৰোঁ৷ আজিকালি পৰিয়ালবোৰত যি ধৰণৰ পুৰণি ক্ষোভ বা দুখবোৰ খান্দি উলিওৱা হয়, সেয়া মোৰ দৃষ্টিত এক ভুল যেন লাগে৷

মোৰ এনে লাগে কোনেও পেহীক সম্পূৰ্ণৰূপে বুজিব বা জানিব নোৱাৰে৷ আমাৰ পৰিয়ালৰ সকলোৰেই লগৰ সম্পৰ্কত পেহীৰ এক নিৰন্তৰ দূৰত্ব থাকে৷ এতিয়া ভাবোঁ, জ্যোতিৰ্ময় ছাৰক পেহীয়ে কিমান ভাল পাইছিল, সেইটো হয়তো তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন নাছিল৷ তেওঁ ছাৰৰ সৈতে কথা পাতি কেৱল এজন মানুহৰ সান্নিধ্য পোৱা নাছিল; ঘৰৰ চাৰিবেৰৰ বাহিৰত আন ধৰণৰ জীৱনো থাকিব পাৰে বুলি অনুভৱ কৰাৰ সুযোগ পাইছিল৷ ছাৰৰ কথাবোৰৰ মাজেৰে তেওঁ এনে ঠাইৰ কথা জানিছিল, য’ত তেওঁৰ কোনো চিনাকি নাছিল, এনে মানুহৰ কথা শুনিছিল, যিসকলৰ জীৱন তেওঁৰ দৰে নিৰ্দিষ্ট গণ্ডীৰে বান্ধ খোৱা নাছিল৷ হয়তো সেই পৃথিৱীখনৰ প্ৰতি তেওঁৰ কৌতূহল আৰু ছাৰৰ প্ৰতি তেওঁৰ আকৰ্ষণ এসময়ত ইমানেই মিলি গৈছিল যে দুয়োটাক পৃথক কৰি চোৱাটো তেওঁৰ বাবেও সম্ভৱ নাছিল

ছাৰে হয়তো মোক ইমান দিনৰ মূৰত মনত পেলাই দুজন নিঃসংগ মানুহৰ মাজৰ এখন সাঁকো হিচাপে উপস্থাপন কৰিছে৷ এনে এখন সাঁকো, যাৰ জৰিয়তে তেওঁ অন্যথা প্ৰকাশ কৰিব নোৱাৰা অভিজ্ঞতাবোৰ ভাগ-বতৰা কৰিব পাৰিব৷ কিন্তু সাঁকোৱে দুটা পাৰৰ মাজৰ দূৰত্ব সম্পূৰ্ণৰূপে মচি পেলাব নোৱাৰে৷ তেওঁক নিঃসংগতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব পৰাৰ কোনো উপায় মোৰ হাতত নাই৷

অৱশ্যে, বহু বছৰ ধৰি ছাৰৰ সৈতে যোগাযোগ কৰাৰ কোনো ইচ্ছা মোৰ মনলৈ অহা নাছিল বা তাৰ উপায়ো নাছিল, ঠিক যেনেকৈ তেনে কোনো চিন্তাও মোৰ মনলৈ অহা নাছিল৷ অৱশেষত তেৱেঁই মোলৈ ইমেইল লিখিছিল৷

অৱশেষত মই ছাৰলৈ এটা ই-মেইল পঠিয়ালোঁ আৰু লগ পোৱাৰ ব্যৱস্থা কৰিলোঁ৷ মই তেওঁক তেওঁৰ চহৰত, এখন কেফেটেৰিয়াৰ এক নিৰাপদ আৰু অপৰিচিত পৰিৱেশত লগ পোৱাৰ কথা ঠিক হ’ল৷

ছাৰ মোৰ সন্মুখত বহি আছিল৷

বয়সে তেওঁৰ মুখখন সলনি কৰিছিল, কিন্তু কেতিয়াবা মানুহৰ কিছুমান অভ্যাস বয়সৰ লগত সলনি নহয়৷ কথা কওঁতে অলপ মূৰ তললৈ নমোৱা, কথা শুনি থাকোঁতে আঙুলিৰে কাপটোৰ নালটো চুই থকা, এইবোৰ দেখি হঠাতে মোৰ মনত পৰিল, এই দৃশ্যসমূহ মোৰ চিনাকী৷

কথাবোৰ আৰম্ভ কৰিবলৈ দুয়োৰে অলপ সময় লাগিল৷

শেষত ছাৰেই সুধিলে, “তুমি জানিব বিচাৰিব পাৰা, কথাটো কেনেকৈ ঘটিছিল৷”

মই একো নক’লোঁ৷ তেখেতে কৈ গ’ল৷

“তোমাৰ পেহীয়ে যিদিনা মোৰ ওচৰলৈ আহিছিল,” তেওঁ ক’লে, “তেতিয়া মই ভাবিছিলোঁ তাই হতাশ হৈ ঘৰৰ পৰা ওলাই আহিছে৷ দুদিন, তিনিদিনৰ পিছত হয়তো ঘৰলৈ ঘূৰি যাব৷”

তেওঁ অলপ সময় মনে মনে থাকিল৷

“কিন্তু তাই ঘূৰি নগ’ল৷”

“আপুনি পেহীক বিচৰা নাছিল?” প্ৰশ্নটো ওলাই যোৱাৰ পিছত মোৰ নিজৰেই অস্বস্তি লাগিল৷

ছাৰে খিৰিকীৰ বাহিৰলৈ চালে৷

-“বিচাৰিছিলোঁ৷”

মই প্ৰথমবাৰৰ বাবে তেওঁৰ চকুলৈ চালোঁ৷

-“কিন্তু কেতিয়াবা মানুহে যিটো বিচাৰে, সেইটো বিচাৰিবলৈও সাহস নাথাকে৷”

কেফেটেৰিয়াখনৰ আন মেজৰ পৰা হাঁহিৰ শব্দ আহিল৷ আমাৰ মাজত কথাটো যেন আৰু অলপ স্পষ্ট হৈ উঠিল৷

ছাৰে কাপটো টেবুলত থ’লে৷

-“মই ভাবিছিলোঁ, তাই হয়তো মোৰ প্ৰতি আকৰ্ষিত হৈছে৷ সেইটো পাৰ হৈ যাব৷ আৰু যদি নাযায়...” তেওঁ অলপ থমকি ৰ’ল, “মই ভাবিছিলোঁ, এদিন তাই নিজেই মোক ক’ব৷”

ছাৰে পকেটৰ পৰা এটা সৰু, পুৰণি কাগজ উলিয়ালে৷ বহুদিন ভাঁজ কৰি ৰখাৰ ফলত কাগজখনৰ মাজেৰে পাতল ৰেখা পৰিছিল৷

“এইখন ভণ্টীয়ে লিখা৷”

মই কাগজখন ল’বলৈ হাত আগবঢ়াই আকৌ থমকি ৰ’লোঁ৷

-“পঢ়িব পাৰোঁ?”

-“মই নিজেও সম্পূৰ্ণ পঢ়া নাই৷”

কাগজখনত মাত্ৰ কেইটামান শাৰী আছিল৷ কোনো চিঠি নহয়৷ কোনো অভিযোগ নহয়৷ কোনো প্ৰতিশ্ৰুতিও নহয়৷

কেৱল লিখা আছিল—

“কেতিয়াবা মানুহৰ জীৱনত এখন দুৱাৰ খুলি যায়৷ দুৱাৰখনৰ সিপাৰে কি আছে নাজানো৷ তথাপি এবাৰ বাহিৰলৈ চাবলৈ মন যায়৷”

তাৰ তলত কোনো নাম নাছিল৷

মই কাগজখন বহুসময় চাই থাকিলোঁ৷

-“এইখন কেতিয়াৰ?” মই সুধিলোঁ৷

-“মই নাজানো৷”

-“পেহীয়ে আপোনাক দিছিল?”

ছাৰে মূৰ জোকাৰিলে৷

-“ভণ্টীৰ মৃত্যুৰ পিছত এদিন মোৰ কিতাপ এখনৰ মাজত পাইছিলোঁ৷”

আমি দুয়ো মনে মনে থাকিলোঁ৷

মই মনে মনে ভাবিলোঁ, কেতিয়াবা আবেলি পেহীয়ে মোক লৈ চোতালত বহিছিল৷ বৰষুণৰ পিছত মাটিত ওলোৱা সৰু সৰু ঘাঁহবোৰ চাই তেওঁ কিবা কিবি কৈছিল৷ কেতিয়াবা দূৰৰ বাটটোৰ ফালে চাই সুধিছিল, মানুহবোৰ ক’লৈ যায়, কিয় যায়, আৰু উভতি আহোঁতে সিহঁতৰ হাতত ইমানবোৰ বস্তু কেনেকৈ থাকে৷ মই নিজৰ দৰে উত্তৰ দিছিলোঁ, আৰু পেহীয়ে হাঁহিছিল৷ সেই সময়ত তেওঁৰ মুখত মই এনে এটা কৌতূহল দেখিছিলোঁ, যিটো জ্যোতিৰ্ময় ছাৰ অহাৰ সময়ৰ আনন্দতকৈও বেলেগ আছিল৷ এতিয়া ভাবোঁ, পেহীৰ ভিতৰত হয়তো এনে এখন পৃথিৱী আছিল, যিখনৰ বিষয়ে তেওঁ নিজেও সম্পূৰ্ণকৈ কাকো ক’ব পৰা নাছিল৷

-“আপুনি পেহীক ক্ষমা কৰিব পাৰিছেনে?” মই সুধিলোঁ৷

ছাৰে অলপ আচৰিত হৈ মোৰ ফালে চালে৷

-“ক্ষমা?”

-“আপোনাক এৰি যোৱাৰ বাবে৷”

তেওঁ বহুসময় একো নক’লে৷

তাৰ পিছত ক’লে,

-“মই তেওঁক কেতিয়াও খং কৰা নাছিলোঁ৷”

মই জানিছিলোঁ, এইটো হয়তো সম্পূৰ্ণ সত্য নহয়৷

কিন্তু মানুহৰ জীৱনত কিছুমান অসত্যও থাকে, যিবোৰ সত্যতকৈ বেছি কোমল৷

“তুমি পেহীয়েৰাক কেনেকৈ মনত পেলোৱা?” তেওঁ হঠাতে সুধিলে৷

মই অলপ ভাবিলোঁ৷

-নাই মোৰ একো ধৰণেই মনত নপৰে৷ মই তেওঁক কঢ়িয়াই লৈ ফুৰোঁ৷ অহৰহ৷

ছাৰে প্ৰথমে বুজি নাপালে৷ পিছত তেওঁ স্বভাৱ অনুসৰি তললৈ মু কৰিলে৷

তাৰ পিছত তেওঁ বৰ আগ্ৰহেৰে সুধিলে, “তোমাৰ মতে পেহীৰ মনত কি আছিল? কোনো অশান্তি মই দিয়া নাছিলোঁ৷”

 ছাৰলৈ নোচোৱাকৈ মই নিজকেই নিজে যেন ক’লো- “সম্ভৱতঃ ভণ্টীপেহীয়ে নিজেও জনা নাছিল তেওঁ কি বিচাৰিছিল৷ মনোযোগ? হয়তো পৰিয়ালৰ পৰা আতঁৰি আহি তেওঁ আচলতে কিমান বেয়া অনুভৱ কৰি আছিল তাৰ প্ৰতি হয়তো মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছিল? কাৰণ তেওঁ আশা কৰিছিল, প্ৰথমে খঙ কৰিলেও ককায়েকহঁতে ইমান সহজে তেওঁক পাহৰি নেযাব৷ কিন্তু বাস্তৱত সেয়া নহ’ল৷”

“আচল কথাটো হ’ল আমি সুখী হোৱাটো, মনত কোনো বোজা নাৰাখি৷” ছাৰে ক’লে৷

- যিয়েই নহওক কিয়, মানুহে সকলো পৰিস্থিতিতে সুখী হ’বলৈ চেষ্টা কৰা উচিত৷ এই কথাটো পেহীয়েৰাক মই বুজাব নোৱাৰিলোঁ৷ ভণ্টীপেহীয়েৰাক মই বুজাইছিলোঁ, চেষ্টা কৰাটোও এটা অভ্যাসৰ দৰে৷ প্ৰথমতে কঠিন৷ তাৰ পিছত অলপ সহজ৷ আৰু তাৰ পিছত, কেতিয়াবা, ইমানেই সহজ হৈ পৰে যে তুমি আৰু ভাবিবই নালাগে যে তুমি চেষ্টা কৰি আছা৷

ছাৰে আকৌ ক’লে-পৰিস্থিতিৰ লগত তাৰ বিশেষ কোনো সম্পৰ্ক নাছিল৷ যিবোৰ কথা বেয়া হৈ আছিল, সেইবোৰ বেয়াই হৈ থাকিব পাৰে৷ মানুহে তোমাক ভুল বুজিব পাৰে, কোনোবা আঁতৰি যাব পাৰে, কিছুমান দুৱাৰ বন্ধ হৈ থাকিব পাৰে৷ এইবোৰৰ কোনোটোৱেই তোমাৰ ইচ্ছামতে সলনি নহয়৷

তথাপি তুমি কিবা এটা সলনি কৰিব পাৰা৷

লাহেকৈ মই ক’লোঁ- হয়তো ভণ্টীপেহী হয়তো নিজেও নিশ্চিত নাছিল সেইটো কি৷ হয়তো কেৱল নিজৰ মনটোৰ প্ৰতি অলপ কোমল হোৱা৷ কিছুমান কথাক তেনেকৈয়ে থাকিবলৈ দিয়া৷

ছাৰে মোৰ চকুলৈ চাই ক’লে-সেইখিনিয়েইতো যথেষ্ট আছিল৷ সকলো কথা গ্ৰহণ কৰি লোৱাৰ পিছত দুখবোৰ নাইকিয়া নহয়৷ কেৱল সিহঁতে আগৰ দৰে তোমাৰ বুকুৰ ওপৰত ঘৰ নাসাজে৷

আৰু বিশেষ একো নকৈ মই গুচি আহিলোঁ৷ কিছু গ্লানি, কিছু দুখ আমাৰ দুয়োৰে বুকু শিপাই আছিল৷ সাঁকোৱে মানুহক আনজনৰ ওচৰলৈ লৈ যায়, কিন্তু আনজনৰ ভিতৰলৈ লৈ যাব নোৱাৰে৷

বাহিৰত তেতিয়া বৰষুণ আৰম্ভ হৈছিল৷

শ্বিলঙৰ বৰষুণৰ গোন্ধত চিৰদিনৰ বাবে এৰি আহিব খুজিছিলোঁ আলহী কোঠাৰ মেজ৷ মোৰ গণিতৰ বহী৷ আৰু দুৱাৰৰ পিছফালে থিয় হৈ থকা এগৰাকী ক্ষীণ ছোৱালী৷ কিন্তু নোৱাৰিলোঁ৷

ছাৰ আৰু মই, আমি দুয়ো পেহীৰ জীৱনৰ পৰা একো একোটা কথা লৈ আহিছোঁ৷ ছাৰে লৈ আহিছে পেহীৰ এটা অসম্পূৰ্ণ বাক্য৷ মই লৈ আহিছোঁ পেহীৰ হাঁহিটো৷

কিন্তু দুয়োৰে হাতত থকা কথাবোৰ মিলি পেহীৰ সম্পূৰ্ণ জীৱনটো নহয়৷

হোটেললৈ উভতি অহাৰ বাটত বৰষুণে ৰাস্তাবোৰ তিয়াই পেলালে৷ গাড়ীৰ খিৰিকীখন অলপ খুলি দিলোঁ৷

ভিজা মাটিৰ গোন্ধ আহিল৷

আৰু সেই মুহূৰ্ততে, ত্ৰিশ বছৰ বয়সৰ নহৈ, মই আকৌ ন বছৰীয়া হৈ পৰিলোঁ৷

মই পেহীক দেখিলোঁ, হাতত চাহৰ কাপ৷ চকুত সেই অদ্ভুত পোহৰ৷ যেন কোনোবাই এখন দুৱাৰ অলপ মেলি দিছে আৰু তেওঁ সিপাৰে কি আছে চাবলৈ চেষ্টা কৰিছে৷

মই এতিয়াও নাজানো, সেই দুৱাৰৰ সিপাৰে তেওঁ কি দেখিছিল৷

হয়তো এইবোৰৰ উত্তৰ কেতিয়াও নাপাম৷

কিন্তু এতিয়া সেইটো জানিব নোৱাৰাটোৱে মোক আগৰ দৰে ব্যথিত নকৰে৷

মোৰ বাবে গ্ৰীষ্মকাল জীৱনৰ ভিতৰত এনে এটা ঠাই হৈ ৰ’ল, য’ৰ পৰা মই কেতিয়াও সম্পূৰ্ণৰূপে ওলাই আহিব নোৱাৰোঁ৷

আৰু কেতিয়াবা, বহু বছৰৰ পাছত, ভিজা মাটিৰ গোন্ধ এটাই স্মৃতিৰ সেই দুৱাৰখন আকৌ খুলি দিয়ে৷

তেতিয়া মই ন বছৰীয়া হৈ পৰোঁ৷

মই হয়তো কেতিয়াও পেহীক বুজি নাপাম, কিন্তু এতিয়া মই জানো যে তেওঁক নুবুজাটোৱেই তেওঁৰ প্ৰতি মোৰ আটাইতকৈ সৎ স্মৃতি৷

 

গল্পকাৰৰ ঠিকনা:

সহযোগী অধ্যাপিকা

ৰসায়ন বিজ্ঞান বিভাগ

নগাওঁ বিশ্ববিদ্যালয়

নগাওঁ, অসম

ভ্ৰাম্যভাষ : ৯৪৩৫৩৬০৩৯৯

 

 

 

 

 

 

 

ড
লেখকৰ পৰিচয়

ড০ পল্লৱী গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬
অস্তাৰ
নীলোৎপল বৰুৱা • ১৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)