৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অস্তাৰ

লেখকঃ নীলোৎপল বৰুৱা • প্ৰকাশিতঃ ১৬ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ২৩০ বাৰ পঢ়া হৈছে
অস্তাৰ
ডাঙৰকৈ চাওক (Zoom)

 নীলোৎপল বৰুৱা



প্ৰতি সন্ধ্যা, প্ৰায় প্ৰতিসন্ধ্যা...

কিমান বছৰ ধৰি তম্বুটোৰ সেই অংশটোত বহি আহিছে মলিন পাম৷

ৰং যোৱা গাঢ় সেউজীয়া ৰঙৰ তম্বুটোত৷

হয় হয়৷

ডানল’প কোম্পানিৰ আছিল তিৰপালখন৷

এতিয়া ডাঙৰকৈ ৰঙা চিঞাহীৰে ডানল’প লিখা ঠাইখিনিত ক’লা দাগ৷

হিন্দীত লিখা মূৰ্ধণ্য ‘ড’ত আ কাৰে ডা আৰু ‘প’ আখৰটোহে ধৰিব পৰি৷

মাজ ৰাস্তাত মটৰে চেপি চেপেটা কৰি যোৱা শহাপহু এটাৰ দৰে এটা দাগে ‘ন’ আৰু ‘ল’ক ঢাকি থৈছে৷

 

(শহাপহুটোৰ গৰাকীৰ সৰুজনী জীয়েক যি সদায় ডাব নাৰিকল এটাৰ দৰেই উচ্ছলতাৰে ভৰি আছিল৷

যাৰ সোঁহাতৰ মণিবন্ধত এটা ক’লা মাহ আছিল ৷

যাৰ সমস্ত গোপন কথা শহাপহুটোৱে জানিছিল, আনকি -মোৰ বিয়াত যি সোণৰ গহণা উঠিব তাৰে কমৰবন্ধনী ডাল তোৰ, আয়াক নক’বি..

নতুবা

... বিদি মৰিব... ডিঙিত শিল এটা বাঢ়ি আহিছে৷ সেইফালে পিহি নিদিয়া ভাত আৰু মৰিচা ঠাৰিৰ জোল পাৰ নহয়৷ বিদি মৰিলে বাৰীৰ জলফাইজোপাও মৰি যাব৷

জুজুয়ে বিদিৰ কাৰণেহে ৰুইছিল সেইজোপা৷

বিদি গুচি গ’লে জলফাইবোৰো গুচি যাব স্বৰ্গলৈ৷

 

...ইত্যাদি ইত্যাদি৷

 

প্ৰচণ্ড কান্দোন আৰু আব্দাৰত বিতুষ্ট পিতাকে মুখত কাপোৰ মাৰি বিড়ি টানোতে ক’লা পৰি যোৱা ওঁঠ ঢাকি দুডাল  লাঠিৰে চেপেটা হৈ যোৱা শহাপহুটো উঠাই নিছিল পুতিবলৈ৷

চেপি থৈ যোৱা গাড়ীখনৰ প্ৰতি কোনো ৰোষ নথকা শহাপহু৷

দাগটো ঠিক তেনেকুৱাই৷

দগধা দাগ৷

কোনো দিনেই বাঢ়ি বাঢ়ি আন্ধাৰৰ দৰে তিৰপালখন ঢাকি পেলাব পৰা নাই৷)

 

অস্থায়ী মঞ্চ এটাৰ পাছফালৰ তম্বুটোৰ তিৰপালৰ বেৰৰ ঠিক দাগটোৰ কাষতে বহি আছে মলিন পাম৷

সদায় সি তাতে বহে৷ ৰাতিপুৱালৈকে৷

আগত মলিন পাম, সাং- ঠুঙিপাৰা পিতা- (পিতা পিতা??) পাছফালে এটা শহাপহুৰ দাগ৷

অনন্ত কাল৷

 

যেতিয়াই ৰাখাল অস্তাৰে অলপ নাকীসুৰীয়া মাতটোক এটা ল’ দি তলপেটৰ পৰা ৰেঘা এডাল টনা দি নটৰাজ বন্দনা আৰম্ভ কৰে, ঠিক তেতিয়াই তেতিয়াই মলিন ৰাভা বহি পৰে৷

 

(শাল গছৰ মাজে-মাজে দীঘে-দীঘে গৈ থকা ৰেখা এডালত খেচেককৈ কাটি দিয়া দাগ এটাৰ দৰে পকী আলিটোত কালভাৰ্ট এটা পৰিছিল৷

বনাবলৈ অহা বিহাৰী মুটিয়াবোৰ থাকিবলৈ বনোৱা ঘৰবোৰত ছাল দিবলৈ অনা তিৰপাল কেইখনমান ৰাখাল অস্তাৰে একেমুঠে কিনি থৈছিল৷

গোলমোলাই লোৱাৰ বাবে ঠিকাদাৰে বৰ কম দামতে দি থৈ গৈছিল৷ তাৰোপৰি শহাপহু চেপেটা লগাৰ দৰে দাগ থকা তিৰপালবোৰ ঠিকাদাৰে ঘুৰাই নি কি কৰিব৷

‘মন-জোচনা যাত্ৰা পাৰ্টি’ৰ মালিক ৰাখাল অস্তাৰৰ সেয়া প্ৰথম সম্পত্তি আছিল পাৰ্টিৰ নামত কিনা৷

কালভাৰ্টৰ ওচৰৰ পৰা ৰাখাল অস্তাৰৰ ঘৰলৈকে প্ৰায় পাঁচমাইল বাট মলিন পামে পিঠিত উঠাই লৈ গৈছিল তিৰপালসোপা৷ দূৰৈৰ পৰা প্ৰকাণ্ড উট এটাৰ‌ দৰে দেখা গৈছিল মলিনক৷ প্ৰকাণ্ড মূৰ থকা উট৷

ঠিক দুদিনমানৰ আগতে ৰাখাল অস্তাৰে এখন সাম্ভাব্য নাটকৰ কাহিনী শুনাইছিল৷ মন ভাল এজন ডকাইতৰ চৰ্দাৰ আৰু তেওঁৰ দলত থকা সাতজন মানুহৰ এটা থুলমূল কাহিনী৷ চৰ্দাৰৰ মূৰটো অলপ ডাঙৰ বাবে তাৰ নাম ৰখা হ’ব ‘বৰশিৰা’৷ দুদিনমান অস্তাৰে তাক বৰশিৰা বুলি মাতিছিল৷)

 

(নাটকৰ চৰিত্ৰ উট হ’ব পাৰেনে? অথৱা কথা কোৱা হোলোং বান্দৰ!! হয়৷ আছে বোলে তেনেকুৱা নাট৷ হ’লেও নালাগে৷ )

 

তাৰ একো কাম নাই এইখিনি সময়ত৷

মলিন পামৰ‌ আচলতে কোনো‌ কামেই‌ নাই৷

সি শহাপহুৰ দাগ এটাৰ দৰে অসীম তিৰপাল এখনত লাগি আছে৷

অনাদি কালৰ পৰা৷

একেদৰে৷

আয়াকে অত্যন্ত অশ্লীল মাত মাতি মাতি প্ৰসৱ বেদনা সহ্য কৰি তাক জন্ম দিওঁতে দাগটো সৰু আছিল৷

এতিয়া বহলিছে৷

অৰ্থহীন এটা ডাঙৰ শহাপহুৰ দাগ৷

অশ্লীল গালি-গালাজবোৰ চিঞৰি চিঞৰি শক্তি নোগোটোৱা‌ হলে আয়াকে হয়তো তাক জন্ম‌ই দিব নোৱাৰিলেহেঁতেন৷

ইমান ডাঙৰ মূৰ৷

ইমান ডাঙৰ মূৰ৷

কোনোবাই মাখাম ৰখা কলহৰ কলপাতৰ খাকায়বোৰ ধুম-ধাম খুলিছিল৷

কোনোবাই ৰামিনা ৰাখাকায় কৰিছিল কাষৰ কোঠাটোত৷ ডাইনী নুপূজিলে কোনেও তাক উলিয়াই আনিব নোৱাৰিলেহেঁতেন মাকৰ পেটৰ‌ পৰা৷ জৰায়ু ফালি-চিৰি ওলাই অহালৈ মাক শীতল হৈ পৰিছিল শিল এটাৰ দৰে৷

এনেকুৱাও নহয় যে ঝিলিৰ ৰি-ৰিয়নিৰ বাদে সেই ৰাতি নিঃশব্দ আছিল৷

বাকীবোৰেও গালি-শপনি সমানেই দি আছিল৷ বিদিৰ বাহিৰে৷

বৈতালি বৈতালি...

পেটৰ পাপ বাহিৰ কৰ...

মৰি নগ’লি কিয়৷

মৰি যোৱা হ’লেই গাঁওখনৰ শান্তি হ’ল হয়৷

ঠুঙীপাৰাত কস্মিনকালেও এনে পাপ হোৱা নাই৷ জেঠী এটাই ঘন সভাত হয়ভৰ দিয়া দেউৰী এজনৰ দৰেই টিক-টিকাইছিল৷ প্ৰতি কথাতে সত্য আৰোপণৰ বাবে ৰৈ থকা জেঠীবোৰ তাৰ জন্মৰ প্ৰথমজন ঋণাত্মক সহযাত্ৰী৷

গাওঁখনৰ শান্তি হৈছিল৷

ঠুঙীপাৰাৰ শান্তি৷

 

যাত্ৰা হ’ব লগা নিৰ্দিষ্ট ঠাইলৈ ল’ৰী আহি পোৱাৰ পাছতে মলিন পামৰ কাম আৰম্ভ হৈ যায়৷ সি সাধাৰণতে ল’খনৰ হুডত বহি আহে৷ ভিতৰত ৰিপুঞ্জয়ৰ সৈতে মুইনা, চিলামুনি আৰু দুজনী নতুন ছোৱালী বহে৷ ৰাখাল অস্তাৰৰ ছিট খিৰিকীৰ কাষত৷ খিৰিকীৰ কাষতে ৰাখাল অস্তাৰে সযতনে ৰাখে তেল সানি সানি ক’লা চিক্‌চিকিয়া কৰি পেলোৱা বেতডাল৷‌ অস্তাৰ য’লৈকে নাযাওক, বেতডাল লগতে যাব৷

 

আস্...চিক্‌চিকিয়া বেতডাল৷ ওস্তাদে কাকো একোবো মৰা কোনেও দেখা নাই৷ কিন্তু চিধা, পোন ভয় এটা চিক্‌চিকিয়া হৈ অস্তাৰৰ কাষে-পাজৰে ৰৈ থাকে৷

শহাপহুৰ দাগ এটা লৰচৰ কৰিব নোৱাৰা ভয়৷

: মোৰে খাবি, মোৰ তাতেই থাকিবি৷ এক্টিং কৰিবি৷ বনাই পেলাম তোক৷

কিমান বছৰ৷ কিমান বছৰ…

তেতিয়া মলিন ৰাভাৰ মূৰটো এতিয়াতকৈ দুই আঙুল‌ সৰু আছিল৷

কিমান সাম্ভাব্য কাহিনী শুনালে তাক ৰাখাল অস্তাৰে৷

মূৰ ডাঙৰ নায়কৰ কাহিনী৷

 

মূৰ ডাঙৰ ডকাইতৰ চৰ্দাৰ

মূৰ ডাঙৰ অজলা প্ৰেমিক

মূৰ ডাঙৰ উগ্ৰপন্থী লীডাৰ

মূৰ ডাঙৰ ধনী ঘৰৰ ল’ৰা

 

পুৰুষ অভিনেতা, চোকৰাবিলাক ট্ৰাকৰ পাছফালেই বহে৷

ল’ৰী আহি পোৱাৰ লগে লগে গাওঁবোৰত ব্যস্ততা আৰম্ভ হৈ যায়৷ ৰিক্সাত বান্ধি লৈ মাইক ফুকা সকল, কমিটিৰ বিষয়ববীয়াসকল, গাঁৱৰ অন্যান্যসকল৷‌ মুঠতে টিলিকতে গোটেইখন হুলস্থুল৷

ৰাখাল অস্তাৰক সকলোৱে আদৰণি জনায়৷ দীঘল চুলিখিনি জোকাৰি ৰাখাল অস্তাৰে ৰজাৰ‌ দৰেই সেই ৰাজকীয় আতিথ্য গ্ৰহণ কৰে৷

 

মুইনা ৰাভা একেবাৰে শেহত গাড়ীৰ‌ পৰা নামে৷

বহু প্ৰত্যাশিত বসন্ত এটা দক্ষিণপাৰালৈ অহাৰ দৰে৷ সুগন্ধী, ভাজ লগা, থিৰথিৰোৱা এক ঋতু৷

জিৰণি ল’বলৈ তাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ঘৰটোলৈ এজাক স্তাৱকৰ মাজত এগৰাকী ৰাণীৰ দৰে খোজ লয়৷

কাৰোৰে ফালে নাচায়৷

গজাল মাৰি থোৱাৰ দৰে মিচিকিয়া হাঁহি এটা ওঁঠত লগাই থয়৷

গাৰ‌ পৰা ভাঁহি আহে এটা অদ্ভূত সুগন্ধ৷ মন্ত্ৰমুগ্ধ মানুহ এদল‌ তাইৰ পাছে-পাছে খোজ লয়৷

 

সকলো নামি যোৱাৰ পাছত মলিন পাম ল’ৰী খালী কৰাত লাগে৷ ফৰকাচিং মাৰিবৰ বাবে অনা লাইট, বিভিন্ন ৰঙৰ কাঁচ, ৰয়েল নাটকৰ পোছাক, অভিনেতা-অভিনেত্ৰীৰ সামগ্ৰী, মেক আপৰ টোপোলা, বাদ্য-যন্ত্ৰ সকলোবোৰ মলিন পামে এটা এটাকৈ নমায়৷

কমিটিয়ে সজাই ৰখা ষ্টেজৰ পাছফালে বস্তুবোৰ জমা কৰে৷

দিনটো সামগ্ৰীসমূহ ভাগে-ভাগে জুকিয়াই শেষ কৰাৰ লগে-লগেই মলিন পামৰ কাম নাইকিয়া হৈ আহে৷

 

সি লাহে লাহে শহাপহুৰ দাগ এটালৈ পৰিণত‌ হয়৷‌

সি বহি লৈছে শহাপহু দাগৰ কাষত৷

 

সেয়া সেয়া৷

বাহিৰৰ মাটিৰ‌ পৰা ডেৰফুট ওখ গমাৰি কাঠৰ তক্তাৰ মঞ্চত মুইনা ৰাভাৰ এতিয়া ডেকেৰী কাল আৰম্ভ হৈছে৷ চঞ্চলা চপলা৷ উদ্ভিন্ন যৌৱনা মুইনা ৰাভা গাভৰু হৈছে৷

মঞ্চত কুৰুৱা বলিছে৷ এপাহ দুপাহকৈ ক্ৰিচেনথিমাম ফুলিছে৷ বজাৰত ডিঙিত ওলোমাই মিঠাপাণ বেচা মানুহবোৰৰ দৰে মুইন ৰাভাই এটা দুৰন্ত যৌৱনৰ বতৰা দৰ্শকলৈ বিলাইছে৷

নিৰ্বাক৷ অবাক৷ হতবাক এজাক দৰ্শক৷

 

বিৰবিৰাই বিৰবিৰাই মলিন পামে এটা এটাকৈ ডায়লগবোৰ শহাপহু দাগক শুনাই যায়৷ 

কেতিয়াবা মলিন পামে ভাবে শহাপহুৰ দাগ আৰু তাৰ মাজত এটা বান্ধোন গঢ়ি উঠিছে৷‌ অব্যৰ্থ বন্ধন৷

 

কেতিয়াও নবঢ়া শহাপহুৰ দাগ

কেতিয়াও নবঢ়া মলিন পাম

 

কেতিয়াও একো নোকোৱা শহাপহুৰ দাগ

কেতিয়াও একো নোকোৱা মলিন পাম

 

বাঁজী আৰু বৰষুণ নোহোৱা আকাশৰ শহাপহুৰ দাগ

বাঁজী আৰু বৰষুণ নোহোৱা আকাশৰ মলিন পাম

 

ঠিক মঞ্চত নটৰাজৰ বন্দনা আৰম্ভ হোৱাৰ‌ লগে‌ লগেই লেলাই জোৰকৈ এটা শংখধ্বনি কৰে৷ পিতলৰ বেৰি লগোৱা শংখ এটা৷

বিৰাট আকৃতিৰ৷ ভিতৰত পাক খাই থকা গৰ্জনবোৰ ওলাই আহে৷ বহুৰাতি কুন্দলী পকাই সোমাই থকা৷

শেহবাৰৰ বাবে কোনোবাই মাইকত নিৰ্দিষ্ট কৰ্মকৰ্তা একোজনক অস্থায়ী কাৰ্যালয়ত বিচাৰে৷

 

...হেল্ল’ হেল্ল’... নাং জচিবা তংচা আমানেকে মামান মামান চিঙি কাৰ্যালয় না ৰুবানা লাগিয়া...

 

ধোঁৱা বলি থকা সিজাই ভজা বুট, নাৰিকল দীঘল দীঘলকৈ কাটি বেচা বাঁহৰ চাঙৰ দোকানবোৰৰ সন্মুখত ভীৰ লাগে লাহে লাহে৷ পিয়াঁজ কাটি একেখন‌ কটাৰীৰে আকৌ কটা তামোল চোবাই পিকাই পেলোৱা মানুহবোৰ হন্ত-দন্তকৈ খেৰৰ আসনলৈ ঘূৰি আহে৷

মুইনা ৰাভা ওলাব৷ এটা লহমাৰ বাবেও এৰিব নোৱাৰি মঞ্চত মুইনা ৰাভাৰ উপস্থিতি৷ মোহিনীৰ দৰে এটা আৱেশ৷

 

ডেকেৰী কালত মুইনা ৰাভাই বুকুখন আগলৈ উলিয়াই অভিনয় কৰিব৷ তাইৰ সুগোল নিতম্বক কেনেদৰে উপস্থাপন কৰিব, তাৰ নিৰ্দেশ অৱশ্যে ৰাখাল অস্তাৰে দিয়া নাই৷

সেইটো নাৰীৰ নিজস্বতা৷ স্বকীয়তা৷ উত্তৰাধিকাৰ৷ প্ৰাকৃতিক স্বৰ্ত৷ ৰাখাল অস্তাৰে সাধাৰণতে হাতত বেতডাল লৈ প্ৰকৃতি আৰু পৃথিৱীৰ সমস্ত বস্তু আৰু ধাৰণাকে নিজৰ অধীনত ৰাখে৷ সেই জগত তেওঁৰ নাটকৰ বহীখনৰ অধীনস্থ৷ তাত হোৱা প্ৰতিটো কঁপনি নতুবা প্ৰলয়ৰ হিচাপ তেৱেঁই ৰাখে৷ সেই কথাটো তেওঁ সুযোগ পালেই পাৰ্টিৰ সকলোকে শুনায়৷

এইখন মোৰ ব্ৰহ্মাণ্ড৷ তহঁত ইয়াৰ একোজন পৰিব্ৰাজক৷ যি দিছোঁ খা৷ যি পাইছ পিন্ধ৷ যি দিছোঁ ল৷ মোৰ সৈতে এক অনন্ত পৰিভ্ৰমণত নিয়োজিত হ৷

 

ইচ্ছা কৰা হলেই ৰাখাল অস্তাৰে নাটকখন লিখিব পাৰিলেহেঁতেন৷

অস্তাৰে কি নোৱাৰে৷ কি নোৱাৰে৷

যিখনত এজন নায়ক থাকিব৷ যাৰ প্ৰভুত শক্তি৷ পেশীবহুল শৰীৰৰ ভিতৰত এসাগৰ মৰম৷ ৰাজেন পামৰ গীতৰ তালে তালে দুলি দুলি সেই মৰম সাপৰ দৰে পকাই মুইনা ৰাভাক মেৰিয়াই ধৰিব৷

মাত্ৰ নায়কজনৰ মূৰটো ডাঙৰ৷ জোখতকৈ অলপ বেছি ডাঙৰ৷ পাৰিলেহেঁতেন৷

এই উনৈশটা বছৰে তেনেকুৱা এখনৰ অপেক্ষাত ৰৈ ৰৈ মলিন পাম এটা শহাপহুৰ দাগলৈ পৰিণত হৈছে৷

 

অথৰ্ব শহাপহু৷ জড় শহাপহু৷ ক’লা আৰু এন্ধাৰ বৰণৰ জুই ধাৰণ কৰা শহাপহু৷

( জুই ক’লা হ’ব পাৰে??? নীলা, কমলা, সেন্দুৰীয়া, সোনালী!! ক’লা ক’লা???)

 

 

পাৰ্টিত ৰিপুঞ্জয় ৰুংদুঙৰ‌ বাদে অন্য কোনেও বৰ বেছি প‌ইচা নাপায়৷ ৰিপুঞ্জয়ে প্ৰায়ে মূখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰিও তাৰ এখন ল’ৰী আছে৷ য’ত মনজোচনা ইফালৰ পৰা সিফাললৈ যায়৷ আচলতে ল’ৰীৰ ভাড়াই অংকটো ডাঙৰ কৰে৷

 

নাটকত প্ৰৌঢ়কাল অহাৰ আগে আগে মুইনা ৰাভা মলিন পাম বহি থকা তম্বুটোলৈ আহিল৷ তাৰ সন্মুখতে নিঃসংকোচে গামোচা এখনেৰে গা ধাকি ব্লাউজ খুলিলে৷ বুকুত টানকৈ কাপোৰ এখন মেৰিয়াই বান্ধি উন্নত বক্ষ চেপেটা কৰিলে৷ তাৰ ওপৰত এখন উঁৱলি যোৱা‌ কম্বুং মেৰিয়ালে৷

(তাহানিৰ পৰাই, মুইনা ৰাভাই মলিন পাম ওৰফে শহাপহু দাগৰ সন্মুখতে কাপোৰ সলাইছে৷ নিঃসংকোচে৷ মকৰাৰ দৰে অপৰাধবোধ নোহোৱাকৈ)

 

মলিন ৰাভা আৰু এটা শহাপহুৰ দাগৰ সন্মুখতে তাই তিলিকতে বুঢ়ী হ’ল৷

হাউলি পৰিল৷ বেতৰ লাখুটি এডাল লৈ তাই ততাতয়াকৈ মঞ্চলৈ ধাৱমান হ’ল৷

যোৱাৰ আগতে এবাৰ মলিনক ফচকৈ সুধি গ’ল-

 

: তামাম হৈছে ন মলিন?

মানুহৰ মাতবোল নাই৷

দৰণি, চৰাপাৰা, ৰখাপাৰা কোনো ষ্টেজতে আজিৰ নিচিনা উঠা নাই৷

 

মলিন পামে ধৰিব নোৱাৰিলে, তাকে কৈছে নে শহাপহু দাগক কৈছে৷

 

কিবা এটা সনিৰ্বন্ধনত শহাপহুৰ দাগটোৰ মূৰটো ডাঙৰ হৈ পৰে৷ ৰঙটো পকা জৰাটেঙা এটাৰ দৰে হয়৷ চেপেটা লাগি থকা হাত এখনত ওলমি থাকি কালীপূজাৰ দেউৰীয়ে দিয়া ডোল৷

ডিঙিলৈ ওফন্দি আহে উষ্ম বতাহ৷

 

মলিন পামে কিবা উত্তৰ দিয়ালৈ মুইনা ৰাভা নৰয়৷ শহাপহুৰ দাগটোকে মলিন পামে কৈ যায়৷

 

-      দৰণিত পেট্ৰমাক্সটো বেয়া হৈছিল৷

অলপ সময় চিঁচিয়াই পেট্ৰ’মাক্সটো দুপকৈ নুমাই যায়৷

মানুহবোৰে চিঞৰ ধৰে- লাইটমেন লাইটমেন৷

ষ্টেজৰ‌ পাছফালে য’ত গানপাৰ্টি বহে তাৰ পৰা বীৰদৰ্পে উঠি যায় লাটুমণি ৰাভা৷ ৰজাৰ দৰেই গমন তাৰ৷ দৰ্শকে যিমান চিঞৰে সিমান ধীৰ‌ হয় লাটুমণি ৰাভাৰ খোজ৷ চিনেমাৰ নায়কৰ দৰে সি হেচেক লাইটটো ধৰে৷ ইটো সিটো পৰীক্ষা কৰে৷  মঞ্চখন সেই সময়ত লাটুমণি ৰাভাৰ অধীনলৈ গুচি যায়৷

লাহে লাহে সি পেট্ৰ’মাক্সৰ পাম্প মাৰে৷

ফিচ্ ফিচ্ কৈ জুই ওলায়৷

এটা সময়ত উজ্জ্বল পোহৰ ওলাই পেট্ৰোমাক্সটো নিজস্ব গতিলৈ আহে৷ তাৰ পাছতো মঞ্চখন কিছু সময় লাটুমণি ৰাভাই লৈ থয়৷ অনন্ত হট্টগোলৰ‌ নিচুকনি গীতৰ‌ সুৰ এটাৰ‌ দৰেই তাৰ বিচৰণ৷

মাজতে আনকেইটা পেট্ৰ’মাক্স এবাৰ পৰীক্ষা কৰে৷ লাহে লাহে গুইসাঁপ এডালৰ দৰে সি মঞ্চৰ পৰা প্ৰস্থান কৰে৷

সন্মুখত সমানকৈ পাৰি থোৱা ধানখেৰত বহি থকা শ শ দৰ্শকে লাটুমণিক অভিনেতা এজনৰ দৰেই সন্মোহিত নয়নৰে চাই থাকে৷

 

ঠিক তেনেকুৱাতে ৷

ঠিক তেনেকুৱা সময়তে মলিন পামৰ সমস্ত ঘৃণা উপচি পৰে মুইনা ৰাভাৰ ওপৰত৷

পেট্ৰমাক্সে আনি দিয়া আন্ধাৰত ষ্টেজৰ একাষে ৰৈ থাকে মুইনা ৰাভা৷

বুঢ়ী মুইনা৷

কাষতে লাগি থাকে আলফাৰ অভিনয় কৰা ৰিপুঞ্জয় ৰুংদুং৷ অকণমানহে ফাঁক থাকে সিহঁতৰ মাজত৷

চৰাপাৰাত আকৌ নাটকখন পৰি যোৱাৰো কাৰণ আছিল৷ গানপাৰ্টিৰ খ্ৰাম বজোৱা লেলাৰ সেইদিনা গা বেয়া৷ সি ভালে থাকিলে চাইড ড্ৰাম, খ্ৰাম, ট্ৰিপল সকলো বজাই৷ চাইড ড্ৰামত বাঢ়নীৰ দৰে মুঠাকৈ বান্ধি থোৱা নাৰিকল পাতৰ ঠাৰিৰে সি বৰষুণ দিয়াই৷‌ গাজনি মৰাই৷ কেতিয়াবা কাষতে থকা টিং পাত আৰু খ্ৰাম একেলগে কোবাই গুলীৰ শব্দ উলিয়াই৷

লেলা পৰি গৈছিল৷ মিউজিক পৰি গ’ল৷

 

জুই জুই জুই

সুৱাগৰে সুৱাসত

উশাহৰে নিলগত

যৌৱনৰে জুই

কোনে আহি নুমুৱাব

সি যে আছে শুই

সি যে আছে শুই…

 

‘কোনে আহি নুমুৱাব’ খিনিত লেলাই চাইড ড্ৰামত কায়দা বজায়৷‌ এই ভাৰস্তত তাৰ দৰে আঙুলি আৰু মাৰিৰে একে সময়ত গমক তুলিব পৰা কোনো নাই৷‌ কোনো নাই৷ 

লেলাৰ গা বেয়া৷ মুইনা ৰাভাৰ গা নুৰিল৷ নহলে এন্ধাৰত ঘূৰাই থকা ধূপকাঠি এডালৰ দৰে ফিৰিঙতি তাই৷ গোটেই মঞ্চ লৈ পেলায়৷

দৰণিত নাটক নুঠিল ৷

 

সেয়া সেয়া ...

এই খিনিতে চিলামুনি ওলাব৷ তাইৰ বাওঁচকুটো অকণমান কেৰাঁ৷ শূণ্যলৈ উদাস দৃষ্টিৰে চাই থকা সময়তো তাইক অতি কৌতুহলী যেন দেখা যায়৷

 

মুইনা ৰাভাৰ মাক হোৱা চিলামুনি ৰাভাই মাতটো অলপ কফ লগাৰ দৰে কৰি তাইক গালি দিব-

জিব্ৰানি কাথাৰাছা দংবে, বাব্ৰানি কাথাৰাছা দংবে

আঙা মাজাৰি দুগুতে ছিটাকা..

(বাপেৰৰ কথা, মাৰৰ কথা যদি নুশুন, মাজবাটতে পৰি মৰিবি৷)

কথাখিনি কৈ থাকোঁতে চিলামুনি ৰাভা অলপ হাউলি দুলি থাকিব৷

কাষৰ কালী মন্দিৰৰ কাষৰ সৰু টিঙৰ চালিখনৰ তলতে কমিটিয়ে মনজোচনালৈ ভাত সিজাইছে৷ পাখি গুচাই পোৰা মুৰ্গীৰ গোন্ধটো দূৰ-দূৰলৈকে ভাঁহিছে৷

এদিনীয়াকৈ অনা পালাৰ প্ৰতি ৰাইজৰ বৰ হেঁপাহ৷ আথে-বেথে অতিথি শুশ্ৰূষা কৰে৷

 

এতিয়া৷

এতিয়া এটা আলফাৰ সৈতে প্ৰেম হ’ব তাইৰ৷

ৰাজেন পামৰ গান এটা আৱহত চলিব৷ মিলিটেৰীৰ পুৰণা কেম’ফ্লেজ পিন্ধা আলফাই তাইলৈ প্ৰেম মিহলি দৃষ্টি এটাৰে চাই থাকিব৷ বিপ্লৱ আৰু ৰাষ্ট্ৰৰ মাজেৰে গতি কৰিব আনুভূতিক তীব্ৰতাই৷

 

মিলিটেৰীৰ কেম’ফ্লেজটো আনিবলৈ ৰাখাল অস্তাৰে মলিন পামকো লৈ গৈছিল৷

বাছলৈ ৰৈ থাকোঁতেও কৈছিল-

 

আকৌ নতুন নাটক এখন ভাবি আছে তেওঁ৷

(ডাঙৰ‌ মূৰৰ চৰিত্ৰ থকা নাটক, স্বাভাৱিকতেই৷)

 

ফুৰফুৰীয়া হৈছিল মলিন পাম৷

গাড়ীত বজা হিন্দীগীত এটাৰ তাল ধৰি ৰাখাল অস্তাৰে আঁঠুত টুকুৰিয়াই গৈছিল৷ বাছখনৰ পৰা খিৰিকীৰে মূৰটো উলিয়াই মলিন ৰাভাই চাই গৈছিল ঢাক বজাই মূৰ্ত্তি উটুৱাবলৈ যোৱা মানুহৰ মিছিল এটা৷ কোনোবাই চাউল দলিয়াই দিছিল৷ চকুত‌ পৰি মলিন ৰাভাৰ বহু সময়লৈকে পানী ওলাই আছিল৷ পানী ওলোৱা চকুৰে প্ৰথমবাৰৰ বাবে মলিন ৰাভাই ফুচকা খালে৷ দোকানীয়ে- হৈ গ’ল বুলি ক‌ওঁতে আহত হ’ল৷

 

ৰাখাল অস্তাৰে লেখা প্ৰতিখন নাটক এফালৰ পৰা মুখস্থ আছে মলিন পামৰ৷ কোনখিনিত কোনে কোনটো ডায়লগ মাতিব মলিন পামে কৈ যাব পাৰে৷ একো ভাৱিবলৈ মন নগ’লে মলিন পামে এফালৰ পৰা নাটকবোৰ মাতি যায়৷

মাত্ৰ সেইখন নাটক মাতিব নোৱাৰে, যিখনৰ মূখ্য চৰিত্ৰত এটা মূৰ ডাঙৰ অভিনেতা থাকে৷

মনজোচনাৰ আৰম্ভণিতে ৰাখাল অস্তাৰে দুই তিনিবাৰেই তাক শুনাইছিল- দুদিনমান লাগিব৷ কাহিনী কেবাটাও আহি আছে মনলৈ৷

ডাঙৰ মূৰৰ চৰিত্ৰ‌ বিচাৰি পোৱা‌ টান৷ ৰয়েল নাটক হোৱা হয়‌ কথা নাছিল৷ কাল্পনিক দেৱতা, বা ভাল‌ মনৰ অসুৰ আদিত ফিট কৰি দিব পৰা‌ গ’ল হয়৷ কিন্তু ম‌ই আকৌ বান্ঠ’ অস্তাৰৰ দৰে ৰয়েল নাটক নকৰো নহয়৷

হৈ যাব৷

কাহিনী হৈ যাব৷

 

দৰ্শকৰ ভীৰ বেছি হ’লে ৰাখাল অস্তাৰে নাটকখন টানি টানি দীঘল‌ কৰি নিয়ে৷

ৰাতিপুৱাৰ বেলিটো কুৱঁলী ফালি নোলোৱালৈকে পালা চলাব‌ই লাগিব৷

মানুহবোৰ ক’লৈ যাব ৰাতিখন৷

 

কোনো ৰাতি ৰাখাল অস্তাৰে মুইনা ৰাভাক দীঘলীয়া সময়ৰ বাবে গাভৰু কৰি ৰাখে৷ যদিহে দৰ্শকত ডেকা ল’ৰা অথবা অলপ মধ্যবয়সৰ পৰিমাণ বেছি হয়৷

বুঢ়া-বুঢ়ীৰ সংখ্যা বেছি হ’লে ৰাখাল অস্তাৰে মুইনা ৰাভাক সোনকালেই বুঢ়ী কৰি পেলায়৷

 

ৰবৰ গছ কাটিছে ক’ৰবাত৷ ফুৰফুৰীয়া গোন্ধ এটাত শহাপহুৰ দাগটো ওপঙিছে৷

সেয়া সেয়া...

আলফা আৰু মিলিটেৰিৰ যুদ্ধ চলিছে৷ লেলাই চাইড ড্ৰাম আৰু টিং কোবাই গুলীৰ শব্দ উলিয়াইছে৷

মুঠ দুখন যুদ্ধ আছে নাটকখনত৷ বেছি দীঘল কৰিব লগা হ’লে তিনিখন যুদ্ধ লগাই দিয়ে অস্তাৰে৷ অকণমান সময়ৰ বাবে অৰ্কেষ্ট্ৰা বন্ধ ৰাখি গানপাৰ্টিৰ কেইটাও আলফা হ’ব লগা হয়৷ নতুবা মিলিটেৰি৷ মিলিটেৰিৰ পোছাক কম আছে৷ সেয়ে পাছফালৰ পৰা ফৰকাছিং কৰি মঞ্চত মিলিটেৰিৰ ছাঁ দেখুৱায়৷ কেতিয়াবা কেতিয়াবা পাজাল পিন্ধা মিলিটেৰিৰ ছাঁ পৰে পৰ্দাত৷

 

 মন জ্যোৎস্না বানানটোক লৈ ৰাখাল অস্তাৰক বহুতে কৈছিল৷ প্ৰথমতে শুদ্ধকৈয়ে লিখিছিল৷ কিন্তু কেইবাবাৰো অকোঁৱাৰ‌ পাছতো ‘ৎ’টোৰ আকাৰটো ৰাখাল অস্তাৰৰ পচন নহ’ল৷ সমান্তৰাল ৰেখাকেইডাল, যিকেইডালে আখৰবোৰক সমান কৰি ৰাখে তাৰ পৰা ‘ৎ’ৰ নেজডাল বহু তললৈ ওলাই থাকে৷ ঠিক পপীয়া তৰা এটাৰ দৰে৷ দক্ষিণৰ আকাশত সৰা৷ সৰি পৰাৰ‌ পাছতো নেজডাল আকাশতে ৰৈ যায়৷

ঠেলা এখনত প্ৰকাণ্ড ব’ৰ্ডখনৰ কাঠৰ ফ্ৰেমটো উঠাই কেবাবাৰো মলিন পাম গৈছিল ছাইনবৰ্ড অঁকা মানুহজনৰ ঘৰলৈ৷ সৰি পৰা ‘ৎ’ লৈ৷

 

সেয়া‌ সেয়া...

মুইনা ৰাভাৰ মাকৰ ভাওত চিলামুনি ৰাভাই সাৱটি লৈছে আলফা জোঁৱাইক৷ ৰাখাল অস্তাৰে নিজে হাৰমণিয়ামত ৰেপনি দিছে৷‌ কৰুণ অথচ মধুৰ মুহূৰ্ত৷ মাকে মানি লৈছে জীয়েকৰ‌ প্ৰেম৷ দৰ্শকৰ মাজত এটা অদ্ভুত স্বস্ত্বি৷ প্ৰচণ্ড গৰমত পী পেলোৱা ঠেকেৰাৰ টেঙা মিঠা পানীৰ‌ দৰে ৷

 

লাইটমেন লাইটমেন...

কৰ্কশ চিঞৰ ভাঁহি আহিল৷

ভমককৈ জুই মাৰিছে পেট্ৰমাক্সটোৱে৷

সেয়া সেয়া৷

আধা আন্ধাৰ‌ আধা পোহৰত ষ্টেজৰ একাষে লগ লাগি আছে আলফা আৰু মুইনা ৰাভা৷

প্ৰথমবাৰৰ বাবে শহাপহুৰ দাগটোৱে মলিন পামক কিবা এটা ক’লে৷

যুদ্ধৰ চিনটোত দৰ্শকৰ পৰা তুমুল উত্তেজনা‌মূলক চিঞৰ আৰু হাতচাপৰি ভাঁহি আহিল৷ ধোঁৱা জুই আৰু লেলাই কৰা গুলীৰ কায়দা৷

ক্ষন্তেক পাছতে ৰাখাল অস্তাৰ দৌৰাদৌৰিকৈ পাছফালে উঠি গ’ল৷

সঁচাসঁচিকৈ জুই লাগিছে৷ তম্বুটোত৷

অন্যান্য সামগ্ৰীবোৰৰ লগতে তিৰপালখন জ্বলি গৈছিল৷ শহাপহুৰ দাগটোৰ সৈতে৷

ভস্ম হৈ গৈছে সমস্ত বস্তু-বেহানি৷

ৰাখাল অস্তাৰৰ বেতডাল নাছিল সামগ্ৰীসমূহৰ মাজত৷

 

 ***

 

ভ্ৰাম্যভাষ- ৯৮৫৪৫৬৬৪২৯

ন
লেখকৰ পৰিচয়

নীলোৎপল বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)