বেদান্ত নাথ
নদীৰ সিপাৰে এটা
বৃহৎ টাপু৷ কাজিৰঙাৰ সংলগ্ন অঞ্চল হোৱাৰ বাবেই বনৰীয়া গাহৰি, হাতী, শহাপহু, সুগৰী পহু,
আৰু মাজে মাজে বাঘে তহল দি যায়৷ কেতিয়াবা তাৰে দুই-এটা পহু নৈ পাৰ হৈ গাঁৱৰ ফালেও সোমাই
আহে৷
টাপুটোত দুই-এটা
ম’হৰ খুঁটি৷ ৰিঙ মাৰিলে শুনা দূৰত্বত দুই এখন পাম৷ তদুপৰি মানুহবোৰে টাপুটোত মাটি ভাঙি
মাটিমাহ, মচুৰমাহ, সৰিয়হ আৰু কুঁহিয়াৰৰ খেতি কৰে৷ মাঘ মাহত ধানদোৱাৰ দিনত, মাজৰাতি
জোন উঠা সময়ত, মাজে মাজে টাপুটোত বাঘ ওলায়৷ মানুহবোৰে তেতিয়া জগমগ এটম ব’ম ফুটায় বাঘ
খেদিবলৈ৷ পামৰ গৰু-ম’হবোৰ ৰাতিও মুকলিতেই চৰি ফুৰে৷ বৰষুণত খুব বেছি খেৰৰ চালি এখন৷
তাতকৈ বেছি দৰকাৰ নপৰে৷ ৰাতি চোঙৰ পৰা চিকাৰলৈ ওলাই অহা বাঘ খেদিবলৈ গাঁৱৰ গেলা-মালৰ
দোকানত জগমগ এটম ব’মৰ চাহিদা বাঢ়ে৷
নদীখন গাঁওকেইখনৰ
জীৱনশক্তি৷ বাৰিষা দ-মাটিত পলস পৰাৰ পৰা খৰি-কাঠ, নাৰ-পাভ, ৰাঘ-বৰালীলৈকে নদীখনেই সৰ্বস্ব৷
আনকি পকা বালিত ৰাস পতালৈকে৷ নদীখন বাদ দি আমাৰ শৈশৱ-কৈশোৰ ৰিঙা-ৰিঙা৷ উৰুঙা৷
অৱশ্যে নদীখনক কেন্দ্ৰ
কৰি মনত বাহ লোৱা সকলো স্মৃতিয়েই সুখৰ নহয়৷ হাইস্কুলত পঢ়া দিনৰে কথা৷ ভৰ বাৰিষাত মাথাউৰি
ভাঙি দলদোপ-হেন্দোলদোপ কৰি সোমাই অহা পানীৰ প্ৰৱল সোঁত, দৰাই দৰাই পলসুৱা মাটিবোৰ বুকুত
সোমোৱাই লোৱা, প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ থিয়ৈ থিয়ৈ পানীত অদৃশ্য হৈ যোৱা, গেৰ ধৰি ধান
হোৱা পথাৰবোৰ হেৰুৱাই মানুহবোৰৰ হাহাকাৰ, ৰাতি ৰাতি গাঁৱৰ কাষতে লাগি থকা শেষৰটো মাথাউৰিত
জাক পাতি পহৰা দি থকা— মুঠেও সুখৰ স্মৃতি নাছিল৷
নদীয়ে নিয়ে যেনেকৈ,
দিয়েও তেনেকৈ৷ চন পৰা বালিচৰো হৈ উঠে সাৰুৱা বিস্তীৰ্ণ কৃষিভূমি৷ এতিয়া শৈশৱৰ নদীখন
নাই৷ নাই বুলি কওঁতেই নদী এখন নোহোৱা হৈ যাব পাৰে৷ দূৰৈত
দিয়া প্ৰকাণ্ড বান্ধটোৱে নদীখন দূৰলৈ ঠেলি পঠিয়ালে৷ নদীখন
আতৰি যোৱাত টাপুটোৰ বুকুত নতুনকৈ সৃষ্টি হোৱা হাজাৰ হাজাৰ বিঘা আদ্ৰভূমিত বিয়াগোম
নেতাজনৰ বৃহৎ কৃষি পামখন গঢ়ি উঠিল৷
কৃষি বিপ্লৱৰ খবৰটো
নেৰেটিভ হৈ বিয়পি গ’ল৷ স্থানীয় ল’ৰা-ছোৱালীবোৰে কম মজুৰিত কাম কৰি বিপ্লৱৰ গতি ত্বৰান্বিত
কৰিবলৈ উঠি-পৰি লাগিল৷ অৱশ্যে ভঙা-চিঙা, বাৰিষাত একাঠু বোকা হোৱা ৰাস্তাবোৰ নেতাজনে
ফিনফিনিয়া কৰি বনাই দিলে৷ ফ’ৰলেনটো আৰু নতুনকৈ হোৱা দলংখনে গাঁওখন চহৰখনৰো ওচৰ চপাই
আনিলে৷
ফ’ৰলেনে নগৰৰ ওচৰ
চপাই আনিলেও নদীকাষৰীয়া, আওঁহতীয়া, অনগ্ৰসৰ অঞ্চলটোলৈ উদ্যোগিক উন্নয়ন নাহিল৷ দুই-এটা
সৰু-সুৰা কিবা-কিবি একেবাৰে নহাও নহয়, আহিছিল৷ ৰাস-ভাওনা, লোকেল দাদাগিৰিত তিষ্ঠি থাকিব
নোৱাৰি বেলেগ ক’ৰবালৈ উঠি গ’ল৷
গতিকে আধাতে স্কুল সামৰা, ভৱিষ্যতক লৈ ছিৰিয়াছ নোহোৱা ডেকাকেইটাৰ বাবে টমটম, পুণে আৰু
কেৰেলাৰ ফেক্টৰিকেইটাই শেষ ভৰসা হৈ ৰ’ল৷ অৱশ্যে কিছুদিন বহিঃৰাজ্যত কাম কৰি চুপাৰভাইজাৰ
হৈ দুই-চাৰি পইচা ঘটি, কেতিয়াবা তাকো নঘটি, ঘৰলৈ ঘূৰি আহে৷ দুই-এজন কেতিয়াবা উভতি যায়৷
ৰৈ যোৱা কেইজনে পকা মিস্ত্ৰীৰ যোগালি হৈ সন্ধিয়া তিনিআলিৰ গুমটি দোকান গৰম কৰে৷ অৰুণাচলৰ
পৰা আমদানি কৰা ডুপ্লিকেটবিধৰ চাহিদা বৃদ্ধি কৰাত তেওঁলোকৰ বিশেষ অৱদান আছে৷ দিনৰ দিনটো
হাড়ভঙা শ্ৰম কৰি সন্ধিয়া গাৰ বিষ মাৰিবলৈ এইবিধ মহৌষধ৷ লাগিলে আধা বয়সতে লিভাৰ বেয়া
হৈ সিপুৰী পাওক, তাক লৈ টেনচন নাই৷ এনেও অথিৰ ধন-জন...৷ ৰাইজখন পিছে আগতকৈ লিবাৰেল
হ’ল৷
আগতে শগুনৰ ক্ৰছ
বুলি ব্ৰয়লাৰ ফাৰ্ম খুলিলে এঘৰীয়া কৰা ৰাইজে এতিয়া ব্ৰয়লাৰ ফাৰ্মৰ নিষেধাজ্ঞা উঠাই
লৈছে৷ দুই-এখনকৈ ব্ৰয়লাৰ ফাৰ্ম গঢ়ি উঠিছে গাঁৱত৷ তিনিআলিত এটা ব্ৰয়লাৰ কটা কাউণ্টাৰো
হৈছে৷ লোকেল বিধো মানুহে বিনাদ্বিধাই পুহিব পাৰিছে৷ ই গ্ৰাম্য অৰ্থনীতিলৈ সামান্য সকাহ
আনিছে৷ লগতে আচনিবোৰতো আছেই৷ পথাৰ উকা পৰি থাকিলেও থাকক৷ মজুৰিত কাম কৰা মানুহৰ অভাৱত
আমাৰো দুডৰা মাটি ৰৈ গৈছিল যোৱাটো বছৰ৷ মায়ে ক্ষোভেৰে জনাইছিল কথাটো৷ আধি কৰিবলৈও মানুহ
নাপায়৷ যি দুই-এজন আছে, তাৰো বোলে এশ এটা নিয়ম৷ খাজানাতকৈ বাজানা বেছি—মাৰ ভাষাত৷
কেতিয়াবা মাক সোধো—
টাপুটোত যে ইমানবোৰ অচিনাকী মানুহ, সিহঁতবোৰে কাম বিচাৰি গাঁৱৰ ফালে নাহে নেকি?
মা জাঙুৰ খাই উঠে—
: সিহঁতে এতিয়া গাঁৱৰ
মানুহৰ ঘৰত কাম কৰিবনে? গাঁৱৰ মানুহবোৰে কোন কাহানিবাই চাপৰিৰ মাটিসোপা আধামূল্যত বেচিলে
সিহঁতৰ হাততে৷
তাৰ ওপৰত বিধে-বিধে
আঁচনিসোপাতো আছেই৷ মাজে মাজে উচ্ছেদৰ নামত এফালৰ পৰা উঠাই আনফালে বহুৱাই দিয়ে৷ সিহঁতৰ
ঘৰ ভাঙিবলৈ হওক বা সাজিবলৈ হওক কিমান পৰনো লাগে!
মাৰ কথা একেবাৰে
দলিয়াই পেলাব নোৱাৰি৷
তাহানি স্কুলৰ পৰা
আহিয়েই আমি নদীখনৰ পাৰলৈ দৌৰ মাৰিছিলোঁ৷ নদীখনৰ পাৰত সদায় এখন ক্ৰিকেট মেচ হৈছিল৷ মেচৰ
শেষত খৰস্ৰোতা নদীখনৰ চিপচিপীয়া পানী পাৰ হৈ টাপুটোলৈ দৌৰিছিলো৷ চৰিবলৈ এৰি দিয়া গৰু-গাই
সন্ধিয়াৰ আগেয়ে ঘৰলৈ ঘূৰাই আনিব লাগিব৷ নহ’লে সন্ধিয়া হ’লেই ঘিটমিটীয়া আন্ধাৰত কহুঁৱা
আৰু জুটুলা হাবিৰ মাজত বাট হেৰাব৷ খৰালিত আঠু তল নযোৱা একেখন নদীয়েই বাৰিষাত চকুৰ আগতে
ভোলাদাক উটুৱাই লৈ গৈছিল৷
দুপৰীয়া নদীৰ পাৰত গোঁসানী শৰাই আছিল৷
: গোঁসানীয়ে বলি
লৈছে..... গোঁসানীয়ে বলি লৈছে....
আজি শৰাই নেখাই গোঁসানীয়ে ....
ভূৱন বৰতাই চিঞৰিছিল
নাৱৰ টিঙৰ পৰা৷ সচাকৈয়ে বোলে সেইদিনা হৰেণহঁতৰ শৰাইৰ চাকি-গছ জ্বলা নাছিল৷ সন্ধিয়া
শূন্য দৃষ্টিৰে নদীখনৰ বুকুলৈ চাই ৰোৱা ভোলাদাৰ ককায়েকৰ ঘোলা চকু দুটা আজিও মনৰ মাজত
গোজ মাৰি বহি আছে৷
শ-শ বিঘা মাটিত কুঁহিয়াৰৰ
খেতি হৈছিল টাপুটোত৷ ভিতৰলৈ দূৰৈতহে এঘৰ-দুঘৰ অচিনাকী মানুহ আছিল৷ মানুহৰ আহ-যাহত সিহঁতো
চিনাকী হৈ উঠিছিল৷ ক্ৰমাৎ টাপুটোত এঘৰ-দুঘৰকৈ অচিনাকী মানুহবোৰ বাঢ়ি গৈ থাকিল৷ মানুহে
কোৱা-কুই কৰিছিল— ভোটৰ খেল৷ চব ভোটৰ খেল৷
ভোট আহিলেই টাপুটোত
বৰ ভোজ হয়৷ মাৰুতি ভেনবোৰ কেঁচা ৰাস্তাৰ ধূলি উৰুৱাই হনহনাই অহা-যোৱা কৰে৷ হৰেণ বৰা
জাতীয়তাবাদী দলটোৰ পৰা পঞ্চায়তৰ সভাপতি হোৱাৰ সময়ৰে কথা৷ ৰাতিপুৱা হ’লেই জাতীয়তাবাদী
টুপি পিন্ধা, ডিঙিত বজাৰৰ সস্তীয়া গামোচা লোৱা টাপুটোৰ সজাতি দল এটা শাৰী-শাৰী চোতালৰ
নীলকমলৰ চকীত ঠেং জোকাৰি বহি থাকিছিল৷ আজাদ বিড়িৰ গোন্ধত মলমলাই থাকিছিল বৰাৰ চৌহদ৷
চাৰিবাৰকৈ সভাপতি হোৱা বৰাৰ বৰ টান খোপনি আছিল টাপুটোত৷
টাপুটোত গজগজীয়া
হ’বলৈ হ’লে টুপিটো সলাব লাগিব৷ জীৱনে জলা-কলা খুওৱা মানুহবোৰে কথাটো জানিছিল৷
গাঁৱৰ বছৰে বছৰে
হোৱা ভাওনাত নামঘৰৰ বাহিৰফালে গোটা তামোলগছ পথালিয়ে পথালিয়ে বান্ধি গেলাৰী সদৃশ কৰি
দিয়া আসনত অচিনাকি মানুহবোৰৰ ভিৰ দেখি গাঁওখন দৰক লৈছিল৷ অজান এক আশংকাত যজ্ঞেশ্বৰে
ডবাটোত দুটা কোব জোৰকৈ মাৰিছিল৷ বয়োজ্যেষ্ঠ মানুহবোৰে অসম আন্দোলনৰ জুইয়ে পোৰা দিনবোৰ
পাহৰা নাই৷ টাপুটোৰ পৰা পশ্চিমলৈ কিছুদূৰ আগবাঢ়িয়েই বলীনদাহঁত শ্বহীদ হৈছিল, য’ৰ পৰা
ব্ৰহ্মপুত্ৰৰ চাপৰিটো আৰম্ভ হৈছে৷ দেউতাৰ মুখত প্ৰায়েই শুনিছিলোঁ অভিশপ্ত ৰাতিটোৰ কথা৷
প্ৰথমতে চামৰাৰ জেকেট, তাৰ পিছত কঁকালৰ খুকুৰীখন, মিলিটাৰী বুটযোৰ, পিঠিৰ চিয়াঁৰি-কাঁড়ৰ
বোজাটো ৰাস্তাৰ কাষলৈ দলিয়াই দি দৌৰিছিল; কেৱল দৌৰিছিল৷ “বন্দুক ফঁচি গৈছে... বন্দুক
ফঁচি গৈছে৷ বন্দুকত ভেলেকী মাৰিছে৷” কোনোবাই আটাহ পাৰি উঠিছিল ভিৰৰ পৰা৷ নিজৰ মাজৰেই
কোনোবাই গাদ্দাৰী কৰিছে৷ দূৰৈত দীঘল দীঘল নালৰ দা লৈ, ডিঙিত গামোচা পিন্ধা মানুহবোৰ
খাপ পিটি আছিল৷
“জয় আই অসম... জয়
আই অসম” বুলি চিঞৰিছিল৷
: ইফালৰ মানুহবোৰ
মিছ-গাইড হৈ গৈছে৷ ৰক্ষা নাই৷ প্ৰাণ লৈ পলোৱাৰ বাহিৰে অন্য উপায় নাই৷ কেৱল দৌৰিছে আৰু
দৌৰিছে৷ বেগাই দৌৰিব নোৱাৰা এজনকৈ এজনকৈ চাৰিজন মানুহ নোহোৱা হৈ গৈছে৷
দেশৰ হকে প্ৰাণ দিবলৈ
যোৱা দেউতাই পিছলৈ ছাত্ৰনেতাবোৰক চকু পাৰি দেখিব নোৱাৰা হৈছিল৷
: চব বৈজাত৷ ক্ষমতা
পাই চব পাহৰিলে৷ ভাল ভাল ছোৱালীকেইজনী চাই বিয়া পাতিলে৷ বিয়াও এলা-পেচা বিয়া নহয়; ৰাজভোজহে
যেনিবা৷
এতিয়া আকৌ ডিঙিত
গামোচা লৈ অচিনাকি মানুহবোৰ বহি আছে৷
নদীয়ে ভঙা মানুহবোৰেও
বুজে—অতীতৰ ভুল বুজাবুজিবোৰ আঁতৰাব লাগিব৷ টাপুটোত অসমীয়া ভাষাৰ স্কুল দুখনমান হৈছে;
ইকৰাৰ বেৰ, বুটি-খেৰৰ চালি তৰি ....তিনিটা সুঁতি পাৰ হৈ অসমীয়া গাঁৱৰ দুজন মাষ্টৰো
গৈছে৷ ল’ৰা-ছোৱালীবোৰে ভাষাটো শিকিব লাগিব৷ ইয়াতেই থাকিব লাগিব৷ এই মানুহবোৰকেই ভাল
পাব লাগিব৷ বেলেগ দেশ নাই সিহঁতৰ !
টিকা-ফটা ৰ’দত এঙাৰবৰণ
লোৱা মানুহবোৰে কষ্টৰ ভাষা বুজে৷ জীয়াই থাকিবলৈ সংগ্ৰাম লাগে৷ নদীয়ে ভাঙে, ৰাজনীতিয়ে
ভাঙে; তথাপিও জীয়াই থাকিব লাগিব৷ ভোকে জীয়াই ৰাখে৷ ভোকেই জীৱনৰ প্ৰথম চৰ্ত ৷
নদীৰ বুকুৰ মাটিত
কোন বহিল, কোনে মাটিবোৰ কাৰ নামত নামজাৰি কৰাই ল’লে—এইবোৰ নিতান্তই অলাগতিয়াল কথা৷
আৰ্বানাইজেচনৰ যুগত খেতি এনেও কোনেনো কৰে? এডৰা-দুডৰাকৈ চনেই থাকে৷ মাথোঁ পাঁচ বছৰৰ
মূৰে মূৰে নেৰেটিভ এটাৰ প্ৰৰোচনাত মানুহবোৰ সচেষ্ট হয়৷ শ্লোগানবোৰ ওপঙি ফুৰে বতাহত৷
তিনিআলিৰ গুমটি দোকানৰ বেঞ্চকেইখন সাক্ষী হয় গুৰুগম্ভীৰ আলোচনাবোৰৰ৷ জীৱন্ত ঈশ্বৰত
পৰিণত হোৱা নেতাজনৰ বাহিৰে বাকীবোৰৰ প্ৰৱেশ নিষিদ্ধ হ’য় গাঁৱত৷ গণতন্ত্ৰৰ হত্যা হ’ল
বুলি বিৰোধীয়ে তাল-ফাল লগায়৷ আকৌ পাঁচ বছৰৰ বাবে মানুহবোৰ শুই নিঃপালি দিয়ে৷
গাঁওখন স্মৃতি৷ নব্বৈ
দশকৰ শেষত নগৰত থিতাপি লোৱা মোৰ স্মৃতিৰ কোঠাত নদীখন বাঢ়ে৷ ৰাতি ৰাতি বগা ঘোঁৰাত উঠি
মথুৰাৰ পাগ মৰা বুঢ়া ডাঙৰীয়াই টহল দি থাকে কাঠৰ দলঙৰ পৰা ইমূৰৰ বুঢ়া আহঁতৰ গুৰিলৈ৷
বুঢ়া আহঁতত বজ্ৰপাত
পৰাৰ দিনা ধৰ্মেশ্বৰ ককাই আজাদ বিড়িত দীঘলকৈ হোপা মাৰিছিল৷ বুঢ়া ভকত ধৰ্মেশ্বৰ ককা
সিফলীয়া হোৱাৰ পৰা আৰু কাৰো সপোনলৈ অহা নাই বুঢ়া ডাঙৰীয়া৷
নামঘৰৰ চোতালত স্থায়ীভাৱে
নিৰ্মাণ কৰা মঞ্চত ধকধকীয়া বগা পাঞ্জাবী আৰু দীঘলকৈ পোন্ধ মৰা ধুতিৰে হৰেণ বৰা ছাৰ
থিয় হৈছে৷ ছাৰে আমাক হায়াৰ ছেকেণ্ডাৰীত ইংৰাজী পঢ়ুৱাইছিল৷ ছাৰে ‘মেকবেথ’ পঢ়াওঁতে গোটেই
‘ডানচিনা হিল’খনেই উঠি আহিছিল শ্ৰেণীকোঠাটোলৈ৷ আজিও ছাৰৰ ভাষণৰ ফাঁকে ফাঁকে গাঁৱৰ গৌৰৱময়
ঐতিহ্য উঠি আহিছে৷ মঞ্চৰ সোঁফালে সুউচ্চ, ৰঙচঙীয়া নামঘৰটো৷ এশ বছৰ অতিক্ৰম কৰা সুদীৰ্ঘ
অতীত সামৰি ঠিয় হৈ থকা নামঘৰটো ভঙা বেছিদিন হোৱা নাই৷ নতুন ঘৰটো বনোৱাত আপত্তি কৰা
দুই-এজন ঐতিহ্যপ্ৰেমীৰ মুখত গাঁওদ্ৰোহী জাতীয় ভাব এটা এতিয়াও ওলমি আছে৷ দূৰণিৰ গাঁৱৰ
পৰা মাতি অনা সমজুৱা সমীহ-মিশ্ৰিত প্ৰশংসাত গদগদ হৈ উঠিছে৷ ফেইচ্বুক, ৰীলছ্ৰ ৰং-বিৰঙী
দিনত পুথিভঁৰালৰ অধিৱেশন—এইয়াও কম কথা নে! ওচৰৰ গাঁওবোৰত পুথি দূৰৈৰে কথা, অৱশিষ্ট
ঘৰটোৱো বাকী ৰোৱা নাই৷
আমি পঢ়ি থকা দিনবোৰত
পুথিভঁৰালটো আছিল বৌদ্ধিক অনুশীলনৰ ভেটি৷ ওখ আলমাৰী দুটা কিতাপেৰে ঠাহ খাই থাকিছিল৷
আবেলি হ’লেই ডাঙৰকেইজনে কেৰম ব’ৰ্ডখন উলিয়াই লৈছিল৷ এহাত ডবাত ৰুদ্ৰ বৰদেউতাই নতুন
নতুন চাল তৰিছিল৷ তবলা এযোৰ, ঢুলুক এটা, জেভেলিন দুদালমান, ফুটবল এটা ... হাৰম’নিয়ামখন
লৈ নৰেন খুৰাই পুষ্প বৰদেউতাই নতুনকৈ লিখা গান এটাৰ সুৰ কৰিছিল৷ দেওবাৰে আবেলি পুথিভঁৰাললৈ
যোৱাটো বাধ্যতামূলক কাম আছিল আমাৰ বাবে ....
এতিয়া মাজে মাজে
নৱদাৰ কল আহে—গাঁওখন জাহান্নামলৈ গৈছে৷ সৰু সৰু ল’ৰাবোৰ সন্ধিয়া হ’লেই মদত ডুবে৷ ৰাতি
হ’লে তিনিআলি লৈ ওলাবলৈ ভয়৷ পুৰণি ঘৰটো জহি গ’ল৷ কিতাপবোৰ উঁয়ে খাই শেষ কৰিলে৷ উঁইবোৰো
জ্ঞানী হৈ গাঁওখন এৰি গুচি গ’ল৷ ওলাই যোৱা কোনোৱেই ঘূৰি অহা নাই৷ পুথিভঁৰালৰ নামত চৰকাৰী
আঁচনিৰ তলা মাৰি থোৱা ঘৰটোহে আছে; ভিতৰি শূন্য৷ দাদাৰ গাঁওখনেই প্ৰাণ৷ পুৰণি নামঘৰটো
ভাঙি নতুন নামঘৰটো দাদাৰ উদ্যোগতেই হৈছে৷ দাদা গাঁৱৰ ৰত্ন৷
:পুথিভঁৰালটো আৰম্ভ
কৰক৷ এশখন কিতাপ দিম৷ লাইটৰ ৰিচাৰ্জটোও কৰি থাকিম ইয়াৰ পৰাই৷ তিনিখন আলোচনী পঠিয়াই
দিম ডাকযোগে প্ৰতিমাহে৷
দাদা বৰকৈ উৎসাহিত
হোৱা নাই৷ মাজে মাজে টুকুৰিয়াও—
: দাদা, পুথিভঁৰালৰ
কামটো আগবঢ়াব লাগে৷ উঠি অহা ল’ৰা-ছোৱালীবোৰক এটা প্লেটফৰ্ম দিব লাগে; তাহানি আমাক দিয়াৰ
দৰে ডাঙৰবোৰে৷
সকলোতে আগ্ৰহী ৰাইজ;
নহয় পুথিভঁৰালটোত !!
ভাতৃ প্ৰতীমে প্ৰতিবেদন
পাঠ কৰিছে—বছৰৰ খতিয়ান, পুথিভঁৰালৰ জমা-খৰচ৷ উদ্যমী যুৱক সংঘ, পুথিভঁৰালৰ গৌৰৱ বখানি
আবেগিক হৈ উঠিছে৷ মঞ্চৰ ঈষৎ আগলৈ আহি আঁঠু লৈছে দৰ্শকৰ আগত৷ দণ্ডৱতে প্ৰণাম৷ তলত এজাউৰি
হাততালি৷ অদূৰত এটা মস্ত তলা৷ মোক জনোৱা হোৱা নাছিল অধিৱেশনৰ কথা৷ ডিব্ৰুগড়লৈ গৈ থাকোঁতে
বাটতে গাঁওখনত পাক এটা মাৰি যাওঁ বুলি সোমাইহে দেখা পাইছো৷
সন্ধিয়াৰ লগে লগে
খালি চকীবোৰ ক্ৰমাৎ ভৰি উঠিছে৷ ৰাতিলৈ কোনোবা তন্বী গাভৰুৰ গানৰ অনুস্থান আছে৷ গাঁওখন
সাজু হৈছে৷ মই লাহে লাহে গাড়ীখনৰ ফালে আগৱাঢ়িলো৷ সমুখত এতিয়াও দীঘল এচোৱা বাট
যাবলৈ বাকী ....
***
জালুকবাৰী,
ভ্ৰাম্যভাষ - ৭০৯৯০০৬৬৯২
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)