৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মায়াৰ মায়ং

লেখকঃ নৱ ৰাজন • প্ৰকাশিতঃ ২৮ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১৩৩৪ বাৰ পঢ়া হৈছে

(তৃতীয় ভাগ)

    

চাওঁতে চাওঁতে পূজাৰ বন্ধ শেষ হ’বৰে হ’ল। লগৰ কেইজনে মৰিগাঁৱতে থাকি পূজা চোৱাৰ কথা কৈছিল। মইহে পূজাৰ বন্ধতে কেইদিনমান থাকি যাওঁ বুলি ,ঘৰ পালোঁহি। আমাৰ ইয়াত দুৰ্গা পূজা নহয় বুলিয়ে ক’ব পাৰি। আজি কেইবছৰমানৰ পৰা বঙালী সম্প্ৰদায়ৰ কিছুলোকে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লৈছে যদিও সেয়া সিমান আড়ম্বৰপূৰ্ণ নহয়। আমাৰ ইয়াত লক্ষ্মীপূজাহে তিনিদিনীয়াকৈ অতি আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হয়।

ৰূপেও  গুৱাহাটীৰ পূজা বাদ দি গাঁৱলৈ আহিছে। উদ্দেশ্য-ঘৰত কেইদিনমান কটাই যোৱা। লাচিত, লক্ষ্মণতো গাঁৱতে আছেই।এইকেইদিন গোটেই চাৰিটাই ভাল আড্ডা মাৰিছো।

কংকনা কোন ?

কংকনাৰ লগত আমাৰ ঘৰৰ ইমান আত্মীয়ত্ব কেনেকৈ গঢ়ি উঠিছে ?

মোক এই বিষয়ে একোকে গম নিদিয়াৰ কাৰণ কি ?

– নানা প্ৰশ্নই মনত দোলা দিয়েই থাকে। পিছে, সোধোনো কি বুলি ?

সেয়ে , মাক সুধিম সুধিম বুলিও  কোনো  সুবিধাই কৰিব পৰা নাই।   

ইফালে দেউতাৰ ব্যস্ততা আগতকৈ বাঢ়িল। দেউতাক লগ পাবলৈ এতিয়া বহু মানুহ আহে। এই কেইদিনতে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰৰ উপৰি কলকাতাৰ পৰাও মানুহ আহিছে । শিক্ষিত এই লোকসকলৰো তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি বিশ্বাস দেখি মই তবধ মানিছোঁ। 

কাৰোবাৰ যদি শাৰীৰিক সমস্যা, কাৰোবাৰ মানসিক সমস্যা। কাৰোবাৰ আকৌ প্ৰেমজনিত সমস্যা। কোনোবাজন আহিছে পতি-পত্নীৰ মাজৰ মতানৈক্য আঁতৰাবলৈ।

কলকাতাৰ মানুহজন দ্বিতীয়বাৰৰ বাবে আহিছে।

দেউতাই দিয়া বিধান অনুসৰি সমস্যাৰ সমাধান হোৱাত তেখেতে সৌজন্যমূলকভাৱে সপৰিয়ালে দেউতাক সাক্ষাৎ কৰিবলৈ আহিছে। তেখেতৰ সমস্যা-পাৰিবাৰিক অশান্তি। বিবাহ-বিচ্ছেদৰ পৰ্যায় পোৱা পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁ মায়ঙৰ বেজ বিচাৰি আহি দেউতাৰ ওচৰ পাইছিলহি ,আজিৰ পৰা ছয়মাহ আগত। পেচাত তেখেত কলকাতাৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ  সহযোগী অধ্যাপক।

: সোণপোনা, কংকনা নামৰ ছোৱালী এজনী আমাৰ ঘৰলিগি মাজে মাজে আহি থাকেই নহয়। —সন্ধ্যা গোসাঁইঘৰত চাকি জ্বলাই আহি চোতালত মোৰ ওচৰতে বহি মায়ে ক’লে।

: কংকনা ? কোন কংকনা —মই একো নজনা ভাবত মাক সুধিলোঁ।

: ডিব্ৰুগড়ৰ। বৰ সজ ছোৱালী।বেছ পঢ়া শুনা কৰা।বাপেক বোলে কোনোবা ডাঙৰ হাকিম। বাপেকে গুৱাহাটীৰ মন্ত্ৰী-এম এল এবোৰ যি থাকেই ,তাতে চাকৰি কৰে হেনো ।

আজিৰ পৰা ছমাহমান আগতে বাপেকৰ স’তি তাই তোৰ বাপেৰক লগ ধইবা আহছিল। বাপেৰে দিয়া বিধান অনুসৰি ভালেখিনি ভাল হোৱাত দুমাহ পাছত মোলৈ এযোৰ কাপোৰ, বাপেৰলৈ এযোৰ কাপোৰ লৈ আমা ঘৰ ওলাছিলহি। লগত এসোপা মিঠাই।তেতিআ পআ মাজে মাজে আহিয়ে থাকেই। তইহে এই তন্ত্ৰ-মন্ত্ৰ বিশ্বাস নকঅ।দেখিছ–ইমান পঢ়া শুনা কইও এইবোৰ মানে ।  

কংকনাই যে মা-দেউতাক ভালদৰেই মুহিলে, মাৰ কথাখিনিৰ পৰা বুজিবলৈ বাকী নাথাকিল।

:পঅহিলৈ তাই আকো আহিবৌ । লক্ষ্মীপূজা চাবালিগি মাতিছোং । তাতে পূজাত তোকো লগ পাবৌ—মায়ে পৰম আনন্দৰে ক’লে।

: তাই  দেউতাৰ ওচৰলিগি কাৰ চিকিৎসা কৰাবালে আহিছিল ?

:তাইৰ নিজয়ে। কিবা বোলে মানসিক বেমাৰ। বাপেকে গুৱাহাটীৰ বাহিয়েও  বিদেশতো  দেখাই ভাগয়ি পৰি শেষত মায়ং  পালাহি,বেজ বিচাৰি।

: দেউতাৰ ওচৰ কেনেকৈ পালাহি ?

: বাপেৰৰ বিষয়ে এই কিবা ফেচবুক না কি, তাতে  পালাহেনো ।

হেৰি নহয় সোণপোনা, যোৱা মাহত টি ভি মানুহ আহি বাপেৰৰ ফটো তুলিছিলহি নহয়। আৰু তন্ত্ৰ-মন্ত্ৰৰ কথাও  কিবা কিবি সুধি হেইগিলাও ফটো তুলি নিছিলহি। হেইগিলা হেনো কেইদিনমান আগত  টিভিত দিছিল। কালি বাবুলহঁতৰ  ছানাপাই আহি মোক আৰু বাপেৰক  ম’বাইলতে দেখুৱাছিলহি। তাকে  দেখি বাপেৰৰ যিহে ফুৰ্তি।

—মায়ে গৰ্বৰে কথাখিনি ক’লে।

: এইবো কথা মই একোৱে গম নাপাং যি। কংকনা না কোন, হেইজনীৰ কথাও মই একোকে গম নাপাং...। –অলপ অভিমান কৰি কথাখিনি ক’লোঁ।

: গালি দিবি বুলিয়ে বাপেৰে তোক ক’বা হাক দিছি। হেকাৰনেহে তোক নোকোৱাকে আছোং।

: হ’লিও এজনী ছোৱালী আমাৰ ঘৰত আহি থাকেই।মই একোকে নাজনোং।

: দে দে। খং কইবা নালগে। পঅহিলি আহবই নহয়।দুদিনমান থাকাকে। তিতিয়াচোন লগ পাবিয়ে।

ছেঃ... কথা পাতি থাকোংতে ভাত বনাবা  দেয়িয়ে হ’ল। যাং দে ...ভাত বনাংগে

— ওঁঠৰ কোণত হাঁহি এটি ফুলাই মা পাকঘৰলৈ গ’ল।

ঢাৰিখন চোতালতে পাৰি তাতে বাগৰ দিলোঁ।ঢাৰিত মূৰ থৈ তৰাৰ দেশৰ সাধু নুশুনা আজি কিমান দিনযে হ’ল!

সৰু থাকোতে ককাদেউতা ,আইতাই যে কিমান সাধু শুনাইছিল। ককাদেউতাই কোৱা মায়ময় ৰহস্যময় আমাৰ মায়ঙৰ কাহিনীবোৰে আজিও নিচুকাই থাকে। ককাদেউতাই কোৱামতে সেইবোৰ হেনো সঁচা ঘটনা আছিল।সেইবোৰৰ ভিতৰত ঘোৰা বাকৰ কাহিনীটোৱে মোক আজিও শিহৰিত কৰি তোলে।

 

ঢাৰিখনতে বাগৰি সেই কাহিনীটোকে পাগুলিবলৈ ধৰিলোঁ—

আমাৰ ঠাইখন তেতিয়া হাবি জংঘলেৰে ভৰপূৰ আছিল। আমাৰ গাঁৱৰ কাষতে পবিতৰা। পবিতৰাত কেইবাখনো বিল আছিল।বিলবোৰ মাছেৰে উভৈনদী।পুথি খলিহনাৰ পৰা ৰৌ বৰালি ভকুৱা আৰিলৈ। বিশেষকৈ জেঠ-আহাৰ মাহত যেতিয়া বিলবোৰত বানপানী সোমাই ,তেতিয়া বিলত মাছৰ উজান উঠে। পবিতৰা তেতিয়া অভয়াৰণ্য হিচাপে স্বীকৃত হোৱা নাছিল। ৰাইজে পবিতৰাৰ বিলত হেঁপাহ পলুৱাই মাছ মাৰিছিল। মাছৰ উজান উঠিলে ভাৰ কৰি আনিবলগীয়া হৈছিল।

তেনে এটি মাছৰ উজান উঠা ৰাতি গাঁৱৰে যদু আৰু মধু নামৰ দুই ককাই-ভাই নাওখন লৈ মাছ মাৰিবলৈ গ’ল।যদু,মধুতকৈ ডাঙৰ। হাদুক বিলেৰে নাও চলাই গৈ পবিতৰাৰ মাজৰ বিল এখনত নাওখন বান্ধি লৈ তাতে জাল মাৰিবলৈ ঠিক কৰিলে। তেনেতে এজাক প্ৰচণ্ড বৰষুণ আহিল। বৰষুণত, পিন্ধি যোৱা কাপোৰ সোপাই তিতিল।সিঁহতে বতৰ বেয়া দেখি ঘৰৰ পৰা আৰু কাপোৰ লগত লৈ গৈছিল। বৰষুণ এৰাৰ পাছত নতুন কাপোৰ পিন্ধি লৈ জালেৰে মাছ মৰাত লাগিল। মধু নাওৰ এটা টিঙত বহি নাওখন থিৰ কৰি ৰাখিলে। যদুৱে নাওৰ সিটো মূৰত থিয় হৈ জাল মাৰিবলৈ ধৰিলে। বৰষুণজাক পৰি যোৱাৰ বাবে জাউৰিয়ে জাউৰিয়ে মাছ উঠিবলৈ ধৰিলে। যদুৱে মাছবোৰ নাওতে থৈ গ’ল।

তেনেকৈ কিছুসময় মাছ মৰাৰ পাছত বিলৰ পাৰত থকা প্ৰকাণ্ড শিমলু এডালৰ পৰা ঘোৰাবাক এটা নামি আহিল ।ঘোৰাবাকৰ মাছলৈ বিৰাট খক।কিন্তু জাল আৰু সৰিয়হলৈ বৰ ভয় ।

আন্ধাৰ নিশা। আন্ধাৰত ভালদৰে নাওৰ ইটো মূৰৰ পৰা সিটো মূৰো নেদেখি। আন্ধাৰৰ সুযোগ লৈ বাকটো অতি সন্তৰ্পনে নাওখনলৈ উঠি আহিল। জাললৈ ভয় কৰে বাবে যদুৰ ওচৰলৈ নগৈ  ইটো মূৰে নাওৰ টিঙত বহি থকা মধুৰ ওচৰলৈ গৈ তাক মুচৰি মাৰি মনে মনে  পানীত পেলাই দিলে আৰু মধুৰ হুবহু ৰূপ লৈ নাওৰ টিঙত বহি  ইচ্ছামতে নাওত থকা মাছবোৰ ভক্ষণ কৰিবলৈ ল’লে।

যদুৰ কিবা এটা সন্দেহ হ’ল। সি দেখিলে যিমান মাছ পাইছে, সিমান মাছ নাই। সি মধুক জালখন মাৰিবলৈ দি নাওৰ  সিটো মূৰলৈ আহিল।কিন্তু মধু কোনোপধ্যে জালখন মাৰিবলৈ সন্মত নহ’ল।তেতিয়া

যদুৰ আৰু বুজিবলৈ বাকী নাথাকিল।সি ভূত বশীভূত মন্ত্ৰৰে ঘোৰাবাকটো বশ কৰিলে আৰু বাকৰ জোলোঙাটো লৈ ল’লে। মধুৰূপী বাকটোৱে বহুখিনি মাছ খালেও ,মাছেৰে কেইবাটাও বস্তা ভৰ্তি হ’ল। আৰু পলম নকৰি মাছৰে সৈতে নাওখন আনি হাদুক বিলৰ পাৰত বান্ধিলেহি। মাছৰ বস্তা কেইটা মধুৰূপী বাকৰ কান্ধত দি ঘৰলৈ আহিল।বাকৰ জোলোঙাটো সি আনি সৰিয়হৰ ডুলিত লুকুৱাই থ’লেহি।  যদুৱে কথাটো গোপনে ৰাখিলে। ঘৰৰ কাকোকে  নক’লে।

যদুৱে পথাৰৰ কামৰ পৰা সকলো কামতে বাকটোক নিয়োজিত কৰিলে। কেইদিনমানৰ পাছত বাকটোক বিয়াও পাতি দিলে। তাৰ সংসাৰো বাঢ়িল। ককাই কোৱা মতে মধুৰূপী বাকটোৰ পুতেক-জীয়েকবোৰ বৰ ওখ আছিল। জোলোঙাটো সৰিয়হৰ ডুলিত লুকুৱাই থোৱাৰ বাবে বাকটোৱে  বিচাৰিলেও পলাই যাব নোৱৰা হ’ল। এনেকৈ প্ৰায় চৈধ্য-পোন্ধৰ সুখেৰে পাৰ হৈছিল।

 কিন্তু এবাৰ টান নৰিয়াত পৰি বাকৰ পুতেক এটাৰ মৃত্যু হ’ল।পুতেকৰ মৃত্যুত মধুক কোনো দুখ প্ৰকাশ কৰা দেখা নগ’ল।বৰঞ্চ যদুৰ লগত কাজিয়া কৰিবলৈহে ধৰিলে। তাতে পুতেকৰ সৎকাৰ কৰিবলৈ শ্মশানলৈও নগ’ল। যদুহঁতে শ্মশানলৈ লৈ গৈ বাকৰ পুতেকৰ সৎকাৰ কৰিলে।শ্মশানলৈ যোৱাৰ পাছত যদুৰ তাবিজটোৱে কাম নকৰা হ’ল। যি মন্ত্ৰেৰে বাকটোক বশীভূত কৰি ৰাখিছিল ,সেই মন্ত্ৰই কাম নকৰা হৈ আহিল। যদুৰ লগত কাজিয়া কৰিবলৈ সুবিধা বিচাৰি থকা হ’ল। জোলোঙাটো উদ্ধাৰ কৰিবলৈও বাকটোৱে চেলু বিচাৰি থাকিবলৈ ধৰিলে।

সিদিনা  ব’হাগ বিহুৰ পঞ্চম দিন। ঐতিহাসিক মায়ং সাৰ্বজনীন গোসাঁই উলিওৱা মেলাৰ দ্বিতীয় দিন। মায়ঙৰ পঞ্চ গোসাঁইক ৰজাঘৰৰ বাকৰিৰ পৰা বুঢ়ামায়ঙৰ মিকিৰ সকলে নৃত্য গীত গাই ৰজাসহিতে ৰাজ পাৰিষদক হাতীমূৰীয়া গাঁৱৰ বৰ আঁহতৰ তললৈ শোভাযাত্ৰা কৰি লৈ আনিছিল। বৰ আঁহতৰ তলত বহা মেলালৈ গাঁৱৰ সকলো আহিছিল। যদুৰ মাকৰ বাহিৰে ঘৰৰ সকলো মেলাথলীলৈ আহিছিল।

 সেই সুযোগতে বাকটোৱে যদুৰ মাকৰ পৰা  সৰিয়হৰ ডুলিত লুকুৱাই থোৱা জোলোঙাটো বুদ্ধি কৰি উলিয়াই ল’লে। জোলোঙাটো পোৱাৰ লগে লগে বাকটো তাৰপৰা অন্তৰ্ধান হ’ল। যদুৰ মাকে মধু মধু বুলি মাতেহে মাতেহে। কোনো সঁহাৰি নাপালে।

 মেলাৰ পৰা যদুহঁত ঘূৰি অহাৰ পাছত ঘটনাটো বিৱৰি কোৱাতহে সকলোৱে গম পালে যে মধু কাহানিবাই পৃথিৱীৰ পৰা হেৰাই গৈছিল। কান্দোনৰ ৰোলে গাঁওখন তোলপাৰ লগালে।ৰাইজে মধুৰ ঘৈণীয়েকক বিধৱা সাজ পৰিধান কৰোৱালে।পলমকৈ হ’লেও কাজ সকাম কৰিলে।

মধুৰূপী বাকৰ পুতেক এটাক ককাদেউতাই দেখা পাইছিল বুলি কাহিনীটো কওতে ককাই মোক কৈছিল।  সেই বাকৰ বংশধৰ এতিয়াও আমাৰ গাঁৱত আছে।

***

 

লক্ষ্মীপূজা বুলি মাৰ গাত তত নাই।তাতে আজি কংকনা আহিব। পূজা বুলি ভন্টিও  আহিছে।

মায়ে পুৱাই পচলাৰ যোগাৰ কৰিছে। কংকনাই হেনো পচলা খাই ভাল পায় ।তাতে পচলা মোৰো প্ৰিয়।দেউতাই কালিয়ে বাঁহৰ গাজ এটাও কাটি আনি থৈছে। যোৱাবাৰ গাজটেঙা দি ৰন্ধা কুকুৰাৰ মাংস খাই বোলে কংকনাই শলাগী আছিল । এইবাৰো সেয়ে তাৰেই আয়োজন।  দেউতাক পুখুৰীৰ পৰা মাছ কেইটামানো ধৰি আনিবলৈ পুৱাৰ পৰা খাটনি ধৰি আছে।ইফালে ভন্টি পাকঘৰত  বৰাপিঠা বনোৱাত ব্যস্ত ।ভন্টি পূজা বুলি ঘৰলৈ অহা এসপ্তাহে হ’ল।

মুঠতে ঘৰত লক্ষ্মীপূজাৰ মহা আয়োজন।গাঁৱৰ সকলোৰে ঘৰে ঘৰে পূজাৰ আয়োজন । বিহুৰ দৰেই ঢেঁকীশালত ঢেঁকীৰ গুমগুমনি।কোনোবাই যদি খুন্দিছে সান্দহগুৰি,কোনোবাই আকৌ কৰাইগুৰি। আখলৰ পৰা ভাহি আহিছে  হৰেক ৰকমৰ পিঠা লাৰুৰ মলমলীয়া গোন্ধ।এইদৰে গোটেই অঞ্চলজুৰি এক উৎসৱমুখৰ পৰিবেশ।

কংকনা আহিব বুলি মাৰ দেউতাৰ মনত স্ফুৰ্তি।ভন্টিৰ লগতো তাই চিনাকি। পিছে,মোৰহে মনটো উগুল-থুগুল। মোৰহে  নিজকে আলহী আলহী যেন লাগিছে। কলেজ পঢ়োতেই মৌচুমী,সবিতা আৰু কুসুমৰ লগত যি বন্ধুত্ব গঢ়ি উঠিছিল, সেয়াই প্ৰথম আৰু শেষ ।তাৰ আগলৈ কোনো ছোৱালীৰ লগতে ভালদৰে কথা পাতি পোৱা নাছিলোঁ। সিহঁত তিনিজনী বিয়া হৈ যোৱাৰ পাছত এতিয়া ছোৱালী বান্ধৱী নাই বুলিবই পাৰি।

 ইমান ধনী ঘৰৰ ছোৱালী। মোৰ লগত বা কেনে ব্যৱহাৰ কৰে ? মই বাৰু সহজ হ’ব পাৰিমনে ?

ইমান কম দিনতে মাক আপোন কৰি লোৱালৈ চাই,তাই চাগৈ সহজ-সৰলেই হ’ব।তথাপি ইমান সোনকালে তাইৰ স’তে সহজ হ’ব পাৰিম জানো ?

এহ্  ...এতিয়া তাকে ইমান গুণাগথা  কৰি কি লাভ! সময়ত দেখা যাব।

পিছে, তাই বাৰু সঁচাকৈয়ে বহুত ধুনীয়া নেকি? মায়ে বাৰু সিদিনা দেউতাৰ আগত তাইৰ কথা কিয় তেনেকৈ ক’লে ?

: ৰাতিপুৱাৰ পৰা পেট পেলাই কিনো ৰোমডালতে সোমাই আছ।বাপেৰৰ লগত পুখুৰীটোলেকে নাযাহি কিয়া ! বাপেৰডালক সেই তেতিয়াৰ পৰা কৈ আছোং, তেলাইকে কৰা নাই।

 —ৰূমলৈ সোমাই নহাকৈয়ে বাৰান্দাৰ পৰাই মায়ে চিঞৰিলে।

পুখুৰীত বহুদিন নমা নাই। দেউতাৰ স’তে মাছকেটামানকে ধৰি অনা যাওক ।

দেউতাই বাৰান্দাত বহি পঞ্জিকাখন চাই আছে।ঔগুৰিৰ পৰা মানুহ এজন আহিছে।এসপ্তাহে হ’ল।তেখেতৰ গৰুটো ঘৰলৈ যোৱা নাই। দেউতা গণক হিচাপে ভাল নাম আছে। দেউতাই কালপুৰুষ পঞ্জিকাখন চাই  মানুহজনক বিধান দি আছে। মানুহজনক উত্তৰদিশত গৰুটোক মানুহ এঘৰে বান্ধি থোৱা বুলি জনালে। গোসাঁইঘৰৰ পানী অলপ আনি বটল এটাত ঢালি দি ,মন্ত্ৰ মাতি দূৱৰি আগ তিনিটাৰে পানীখিনি জাৰি দি গোহালিত চটিয়াবলৈ ক’লে। ক’লে-আজি গধূলিৰ আগে আগে গৰুটো নিজেই ঘৰ পাবগৈ।মানুহটোৱে কথাখিনি পৰম বিশ্বাসেৰে মানি লৈ , দেউতাক প্ৰণাম জনাই হাঁহিমুখে যাবলৈ ওলাল।

দেউতাই গম নোপোৱাকৈ মই কথাখিনি শুনি আছিলোঁ। তন্ত্ৰ-মন্ত্ৰৰ সাধনা কৰাটো যে মই  ভাল নাপাওঁ-সেয়া দেউতাই ভালদৰে বুজি পায়।সেয়ে মোৰ আগত মন্ত্ৰ সাধনা নকৰে। অৱশ্যে পঞ্জিকা চোৱাত মই আপত্তি নকৰো বুলি জানে।সেয়া, সৰুৰে পৰা দেখি অহা আমাৰ ঘৰৰ এক চিনাকি পৰিবেশ।

প্ৰমাণ নাপালে ইমান মানুহ অত বছৰে দেউতাৰ ওচৰলৈ পঞ্জিকা চোৱাবলৈ  আহে নে ?

বহাগমাহত দেউতাৰ ওচৰলৈ অহা মানুহৰ সংখ্যা বাঢ়ে। নতুন বৰ্ষত ঘৰৰ সকলোৰে গ্ৰহ-গতি চাই ,অনাগত দিনত হ’বলগীয়া বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন নিদান আগবঢ়ায়। গ্ৰহ-গতি অনুসৰি

ফুল-দূৱৰিৰে গা ধোৱাৰ বিধান দিয়ে । গা ধুই উঠি ভাগে ভাগে বেলেগ বেলেগ দ্ৰব্য খাবলৈ দিয়ে। আৰু এক নিৰ্দিষ্ট ৰঙৰ নতুন বস্ত্ৰ পৰিধান কৰিবলৈ দিহা দিয়ে। লগতে কাৰোবাক কাৰোবাক  বৈষ্ণৱ-ভকতক অন্ন-বস্ত্ৰ দান দিবলৈও দিহা দিয়ে।

মেট্ৰিক পাছ নকৰালৈ দেউতাই দিয়া বিধান অনুসৰি মায়ে আমাকো এই প্ৰতিকাৰ সমূহ কৰাইছিল।  নিৰ্দিষ্ট বাৰকেইটাত ,দেউতাই পঞ্জিকা চাই দিয়া বিধান অনুসৰি গা ধুইছিলোঁ আৰু বছৰটোৰ অপায়-অমংগল নাইকিয়া কৰিবৰ বাবে ভকতক অন্ন-বস্ত্ৰ দান দিয়াৰ লগতে ঘৰলৈ চুবুৰীয়া  গৰখীয়া ল’ৰা পাচোটা মাতি ,ৰাতি এসাঁজ খুৱাই সেৱা লোৱা হৈছিল।

 মেট্ৰিক পাছ কৰি নগাঁৱত  পঢ়িবলৈ যোৱা বছৰৰ কথা। ভাল ৰিজাল্ট কৰাৰ পাছত মা,দেউতাই বিজ্ঞানত পঢ়াবলৈ ঠিক কৰি বড়োতলি এবিঘা মাটি বন্ধকত দি নগাঁও কলেজত নামভৰ্তি কৰাই দিছিল।নগাঁৱতে মামাহঁতৰ ঘৰ। মামাহঁতত থকাৰ সুবিধা নোপোৱাহেঁতেন নগাঁৱৰ দৰে চহৰত ভাৰাৰূমত থৈ বিজ্ঞান শাখাত পঢ়োৱাৰ কথা দেউতাই ভাবিবই নোৱাৰিলেহয়।

গাড়ী-মটৰৰ ভিৰৰ বাবে হাইৱেৰে নগৈ কলঙৰ পাৰৰ ৰাস্তাটোৰে চাইকেল লৈ ভূঞাপট্টি হৈ পুলিছ ৰিজাৰ্ভৰ কাষেৰে গৈ কলেজ পাওগৈ।

তেনেদৰেই দিনবোৰ বাগৰিছিল।গাঁৱৰ পৰা গৈ চহৰৰ পৰিবেশত নিজকে খাপ-খুৱাবলৈ যথেষ্ট সময় লাগিছিল।

নতুন পঞ্জিকা চাই প্ৰতি বছৰে কৰাৰ দৰে সেইবাৰ প্ৰতিকাৰসমূহ কৰিব পৰা নাছিল।প্ৰতিকাৰৰ বাবে প্ৰয়োজনীয় ৰক্তজবা, অপৰাজিতা,কচন্দা ,

ধতুৱাফুলকে ধৰি দূৱৰি, বেলপাত, ঘিউ ,মৌ টোপোলা বান্ধি মায়ে নগাঁৱলৈ দি পঠিয়াইছিল।আৰু নিৰ্দিষ্ট বাৰকেইটাত সেইখিনিৰে কলেজ যোৱাৰ আগতে গা-ধুবলৈ দহাই দহাই কৈছিল। মই ঘোৰ আপত্তি কৰিছিলোঁ। বিজ্ঞানমনস্ক মনটো তেতিয়াই ক’ব নোৱৰাকৈ গা কৰি উঠিছিল।পাছত মই হাৰ মানিবলৈ বাধ্য হৈছিলোঁ। মামাহঁতৰ ঘৰত নিৰ্দিষ্ট দিনকেইটাত নিৰ্দিষ্ট নিয়মেৰে গা-ধোৱাৰ বিধানখিনি কৰিছিলোঁ।

এদিনৰ কথা। পুৱাৰ পৰাই সিদিনা কিনকিনকৈ বৰষুণ পৰি আছিল। কলেজ ছুটীৰ পাছত এহাতে ছাতিটো ধৰি  আনখন হাতেৰে চাইকেলখন চলাই ঘৰলৈ আহি আছিলোঁ।

ভূঞাপট্টি পাৰ হোৱাৰ পাছতে বৰষুণজাক ডাঠকৈ পৰিছিল।কিছুদূৰ পাৰ হোৱাৰ পাছত ক’ৰ পৰা জানো হঠাতে মানুহ এজন আহি চাইকেলৰ আগত ওলালহি। মানুহজনৰ গাত খুন্দা লাগি চাইকেলেৰে সৈতে মই ৰাস্তাৰ কাষত থকা শিৱমন্দিৰটোৰ ওচৰত  ছিটিকি পৰিলোগৈ।মই একোৱে কষ্ট নাপালোঁ।মানুহজন ৰাস্তাতে পৰি ৰ’ল।মানুহটোৱে ৰাস্তাৰ ইপাৰৰ পৰা ঘৰলৈ ইটা কঢ়িয়াই আছিল। মানুহটোৰ মুখত লাগি আছিল মদৰ গোন্ধ।

লগে লগে মানুহে জুম বান্ধিলে। আজিকালি এক্সেডেন্ট হ’লেই একো বিচাৰ নকৰাকৈ উত্তম-মধ্যম শোধায়।  অচিনাকি ল’ৰা পায়ো মোক কিন্তু  কোনো মানুহেই একো অপদস্থ নকৰিলে।

মানুহজনে কঁকালত বেছিকৈয়ে আঘাত পালে।মামাই মানুহজনৰ চিকিৎসাৰ সমূদায় খৰচ বহন কৰিলে।

তেতিয়া আজিৰ দৰে ম’বাইল ফোন নাছিল।গাঁৱৰ তিনিঘৰতহে লেণ্ডলাইন ফোনৰ কানেকচন আছিল। ঘটনাটোৰ পাছত মনটোও বেয়া লাগি আছিল। খবৰটো টেলিফোন যোগে নজনাই পাছদিনাই দুদিন থাকি আহিম বুলি ঘৰলৈ আহিছিলোঁ।

 

ঘটনাটো বিৱৰি কোৱাত মায়ে লগে লগে কৈছিল–

: দেখিলি ,বাপেৰৰ পঞ্জিকাৰ মহিমা!

 বাপেৰে তিতিয়াই কৈছিল-শিৱবাবাৰ লেঠা লাগি থাকা বুলি। বাপেৰে দিয়া বিধান অনুসৰি তই গা ধোৱা নিয়মখিনি সঠিকমতে কৰিলি বুলিহে...তাতে ময়ো ভালে ভালে কাছশিলাৰ শিৱথানত শৰাইখন আগবঢ়ালোঁং..। হেয়ে, ইমান ডাঙৰ এক্সিডেন্ট হোৱাৰ পাছতো তোৰ একো নহ’ল।

ইমান দূৰ আহিলি, ক’তো একো নহ’ল। সেই মন্দিৰটোৰ কাষতহেনো এক্সিডেন্টটো হ’বা লাগেই না ! সকলো বাবাৰে খেলা।সঠিকসময়ত বাবাই হাত পাতি ধৰিলা বুলিহে...নহ’লে...

–চকুপানী টুকি মায়ে মোৰ মূৰে-গায়ে হাত খেপিয়াইছিল।

সিদিনা প্ৰথমবাৰলৈ ঈশ্বৰৰ অস্তিত্বৰ কথা উপলব্ধি কৰিবলৈ বাধ্য হৈছিলোঁ।দেউতাৰ পঞ্জিকাখনলৈ বিশ্বাস জন্মিছিল।

ইমান জোৰৰে পৰাৰ পাছতো মোৰ বিশেষ একো হোৱা নাছিল, আঠু আৰু কিলাকুটি দুটাত অলপ ছাল ছিগাৰ বাহিৰে। সচাঁকৈয়ে বিস্ময়কৰ!

  

এসপ্তাহে ঘৰলৈ নোযোৱা গৰুটো আজি বাৰু ঘৰলৈ ঘূৰি যাবনে ?

 এয়া বিশ্বাস নে অন্ধ বিশ্বাস ?

 নিশ্চয় বিশ্বাস ।গভীৰ বিশ্বাস লৈয়েতো বিজ্ঞানৰ চৰম প্ৰগতিৰ পাছতো মানুহবোৰ দেউতাৰ ওচৰলৈ ঢাপলি মেলে ।

 তেনেতে পদূলিত গাড়ী এখন ৰখাৰ শব্দ শুনিলোঁ।

সেয়া যে কংকনা, মোৰ বুজিবলৈ বাকী নাথাকিল।

দেউতালৈ নৰৈ একোকোবে  জালখন লৈ পিছফালৰ পুখুৰী পালোঁগৈ।

ন
লেখকৰ পৰিচয়

নৱ ৰাজন

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)