৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ইতিহাসত কিছু ভাৰতীয় চিন্তাধাৰা

লেখকঃ ড০ প্ৰিয় দেৱ গোস্বামী • প্ৰকাশিতঃ ২৮ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১২৬২ বাৰ পঢ়া হৈছে

ডঃ প্ৰিয় দেৱ গোস্বামী

  

     বৰ্তমানৰ পৃথিৱীখন গঢ় দিয়াত যিকেইটা সভ্যতাৰ অৱদান উল্লেখযোগ্য সেইকেইটাৰ ভিতৰত ভাৰতীয় সভ্যতা আছিল অন্যতম। বিশ্বৰ ইতিহাস ইয়াৰ প্ৰমাণ। অনেক কথাত ইতিহাসবিদসকলে ভিন্ন মত প্ৰকাশ কৰা দেখা যায়। জাতি ৰ্বণ-ৰ্ধমক শ্ৰেষ্ঠ বুলি বিৱেচনা কৰিও ইতিহাসক কেতিয়াবা নিজৰ মতে উপস্থাপন কৰাৰ প্ৰয়াস চলোৱা হয়। যি কি নহওক বৰ্তমান কিন্তু বিশ্বৰ মানৱ জাতিৰ প্ৰতি ভাৰতীয়সকলৰ অৱদানৰ এই সত্যটো পৃথিৱীৰ সকলো দেশৰ পণ্ডিত-ইতিহাসবিদসকলে আঁকোৱালি লৈছে বা মানি লৈছে। বিশেষকৈ গণিত, জ্যোতিৰ্বিদ্যা আৰু মানৱ জীৱন পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় উচ্চ আদৰ সম্পন্ন নৈতিকতাবোধৰ জ্ঞানসমূহ। সত্য কথাবোৰ এটা সময়ত হলেও জিলিকি উঠেই। এটা সময়ৰ ভাৰতবৰ্ষ আৰু ব্ৰিটেইনক তুলনা কৰি ব্ৰিটেইনৰ ইতিহাসবিদ এলেস্ক ভন টুনজেলমানে(1) মন্তব্য কৰিছিল এনেদৰে- “আৰম্ভণিতে দুখন দেশ আছিল। এখন বিশাল, দুৰ্দান্ত,  জ্ঞানেৰে উদ্ভাসিত, সুসংগঠিত আৰু সাংস্কৃতিকভাৱে একাত্ম সাম্ৰাজ্য যি পৃথিৱীৰ এক বৃহৎ খণ্ডক প্ৰভাৱান্বিত কৰি আহিছে। আনহাতে আনখন অনুন্নত অৰ্ধ-জমিদাৰী, ৰ্ধমীয়ভাৱে বহুধাবিভক্ত, অশিক্ষিত ৰুগীয়া জনগণক এমুঠি অন্ন যোগাৰ দিব নোৱৰা এখন দেশ। ইয়াৰে প্ৰথমখন হ’ল ভাৰতবৰ্ষ আৰু আনখন হ’ল ইংলেণ্ড”। এনেহেন মহান ভাৰতৰ এটা সময়ত সোণালী যুগ আছিল, বিশেষকৈ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ চৰ্চাৰ ক্ষেত্ৰত। এইবোৰ অৱদানেই আছিল পৃথিবীৰ সভ্যতাৰ চকৰি ঘূৰোৱাৰ অন্যতম চালিকা শক্তি । ভাৰতীয় জ্ঞান সৰ্ম্পকত আন এক মহান উক্তি এনে ধৰণৰ-‘যেনেদৰে ম’ৰা চৰাইৰ মূৰৰ পাখী, সৰ্পৰ মূৰৰ মুকুতা ঠিক তেনেকৈ গণিত সকলো বিষয়ৰ শীৰ্ষত’ (বেদাঙ্গ জ্যোতিষ, আনুমানিক খ্ৰীষ্টপূৰ্ব ৫০০ চন)। তেতিয়াৰ যুগতেই আমাৰ দেশত গণিত সম্পৰ্কে কৰা এই মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ দেশত সেই সময়ত হোৱা গণিত অধ্যয়নৰ ই এক সুন্দৰ প্ৰমাণ। বৈদিক যুগৰ পৰাই আমাৰ দেশত অনেক বিষয়ৰ চৰ্চা হৈছিল। এই ক্ষেত্ৰত চাণ্ডোগ্য উপনিষধত এটা কাহিনী বৰ্ণনা কৰা আছে। মুনি নাৰদে ঋষি সনৎ কুমাৰৰ ওচৰত ব্ৰহ্মজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে আহিছিল। তেতিয়া ঋষিয়ে নাৰদক সুধিলে যে তেওঁ ইতিমধ্যে কলা আৰু বিজ্ঞানৰ কি কি জ্ঞান আয়ত্ত কৰি আহিছে। উত্তৰত নাৰদে কৈছিল যে তেওঁ অনেক বিদ্যাৰ লগতে গণিত (rasi vidya), জ্যোতিৰ্বিদ্যা,(naksatra vidya) অধ্যয়ন কৰি আহিছে। পৌৰাণিক কালত ভাৰতৰ জ্ঞান পূব আৰু পশ্চিম দুয়োফালৰ দেশসমূহলৈ বিয়পি পৰিছিল। তাৰ ভিতৰত ভাৰতৰ পৰা পূবৰ দেশসমূহত বিশেষকৈ জাভা, সুমাত্ৰা, বালি, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, কেম্বোদিয়া, কোৰিয়া, জাপান- চীন আদি সকলো দেশলৈ ভাৰতৰ জ্ঞান বিয়পি পৰিছিল। আনহাতে পশ্চিমৰ ফাললৈ যদি চাওঁ এটা সময়ত ৰোমান সাম্ৰাজ্যৰ লগত ভাৰতৰ বেহা-বেপাৰ আছিল। ৰোমান দেশৰ পৰা ভাৰতলৈ ধন-সোণৰ সোঁত বৈছিল। ইয়াৰ প্ৰমাণ হিচাপে এজন ৰোমান সেনাধ্যক্ষই লিখি যোৱা এক টোকাৰ দ্বাৰা এই কথাৰ পতিয়ন যাব পাৰি।ভাৰতত উদ্ধাৰ হোৱা ৰোমান মুদ্ৰায়ো এনে বাণিজ্য হোৱাৰ কথাটো প্ৰমাণ কৰে। নিজৰ দেশক বাদ দি সকলোতকৈ বেছি পৌৰাণিক ৰোমান মূদ্ৰা ভাৰততে উদ্ধাৰ হৈছে। যাৰ বাবে ভাৰতক তেওঁলোকে সোণৰ ভঁৰাল বুলি আখ্যা দিছিল। পশ্চিমৰ ফাললৈ আৰৱৰ ব্যৱসায়ীসকলৰ দ্বাৰা ভাৰতৰ পৰা জ্ঞানৰ সৰবৰাহ হৈছিল। 

৭৭৩ চনত সিন্ধ প্ৰদেশৰ ৰজাৰ এটা প্ৰতিনিধি দল নতুনকৈ নিৰ্মিত বাগদাদ চহৰত উপস্থিত হৈছিলগৈ। সেই সময়ত বাগদাদ চহৰ প্ৰতিষ্ঠাৰ মাত্ৰ ন বছৰহে হৈছিল। তাত সেই সময়ত পাৰ্ছীয়ান, টুৰ্কী, আফ্ৰিকান, ইহুদী আদি অনেক ঠাইৰ মানুহৰ বসতিৰে নগৰখনে নৱৰূপ পাইছিল। এই প্ৰতিনিধি দলটোৱে লগত নিয়া অনেক উপহাৰৰ ভিতৰত এটা বিশেষ উপহাৰ আছিল এখন হস্তলিখিত কিতাপ। দলটোত বিশেষভাৱে কেইজনমান ব্ৰাহ্মণ জ্যোতিৰ্বিদ আছিল- যাতে তেওঁলোকে এই কিতাপখন ব্যাখ্যা কৰিব পাৰে। ইয়াৰ ভিতৰত কণিক নামৰ ব্যক্তিগৰাকী ইছলাম জ্যোতিৰ্বিদ্যাৰ বিশেষ ব্যক্তি হিচাপে পৰিচিত হৈছিল। এই কিতাপখনক আৰৱসকলে মহান সিন্ধহিন্দ বুলি কৈছিল। ইয়াত অন্তৰ্ভুক্ত হৈছিল বিজ্ঞান, জ্যোতিৰ্বিদ্যা, জ্যোতিষ শ্ৰাস্ত্ৰ, গণিত আদি বিষয়সমূহ। কিন্তু সেই সময়ত ভাৰতত এইবিলাক লিখা হৈছিল সংস্কৃত ভাষাত শ্লোক আকাৰে। কণিক আৰু তেওঁৰ দলৰ দায়িত্ব আছিল এই কথাবোৰ ব্যাখ্যা কৰাৰ। এই কিতাপখন সংকলন কৰিছিল ভাৰতৰ এজন অন্যতম গণিতজ্ঞ ব্ৰহ্মগুপ্তই(৫৯৮-৬৭০)। পাছলৈ তেওঁ উজয়িনীৰ জ্যোতিৰ্বিদ্যা নিৰীক্ষণ কেন্দ্ৰৰ দায়িত্বতো আছিল। পাছৰ পৰ্যায়ত মহমদ আল ফাজাৰিয়ে চিনহিন্দখন আৰবী ভাষালৈ অনুৱাদ কৰিছিল আৰু সমগ্ৰ আৰৱতে ভাৰতৰ জ্ঞান চৰ্চা হৈছিল। ভাৰতীয় জ্ঞানৰ আধাৰত বৰ্তমানৰ আফগানিস্থানত উল্লেখযোগ্য জ্ঞানচৰ্চা কেন্দ্ৰ ন-ৱাহাৰ গঢ় লৈ উঠিছিল- যি মধ্য এছিয়াৰ নালন্দা হিচাপে প্ৰখ্যাত হৈ পৰিছিল। বৌদ্ধ ধৰ্মৰ কেন্দ্ৰ ন-ৱাহাৰ অনুবাদৰ এক কেন্দ্ৰ হিচাপেও পৰিগণিত হৈছিল, য’ৰ পৰা ভাৰতীয় জ্ঞান চীন আৰু আৰবলৈ বিয়পি পৰিছিল। 

এঘাৰ শতিকাত আৰবিক সিন্দহিন্দ হিব্ৰু আৰু লেটিন ভাষালৈ অনুদিত হয় আৰু ভাৰতৰ জ্ঞানৰ ধাৰণা ইউৰোপলৈ বিয়পি পৰে। মহামতি ৰজা অশোকৰ দিনৰ ব্ৰাহ্মী লিপিৰ পৰা জনা যায় যে সেই সময়ত গণনাৰ বাবে একৰ পৰা ন লৈকে নটা অংক ব্যৱহাৰ কৰা হৈছিল। কিছুদিনৰ পাছত শূন্যৰ ধাৰণাও ভাৰততে বিকাশ হৈছিল। এই ক্ষেত্ৰত বিশেষভাৱে ক’ব পাৰি যে গণনাৰ বাবে ব্যৱহৃত ২,৫,৭ সংখ্যা কেইটাৰ চিহ্ন তেতিয়াৰ পৰা আজিলৈকে বিশেষ পৰিৱৰ্তন হোৱা নাই। বিভিন্ন প্ৰকাৰে গণনাৰ এই পদ্ধতিসমূহ আৰবৰ সদাগৰসকলৰ দ্বাৰা ইউৰোপলৈ সম্প্ৰসাৰিত হয়।মধ্য যুগত গুপ্ত বংশৰ শাসন কাল আছিল ভাৰতৰ সোণালী যুগ। এই সময়ত কলা-সংস্কৃতি, দৰ্শন, গণিত, জ্যোতিৰ্বিদ্যা, শুশ্ৰূতৰ স্বাস্থ্য বিজ্ঞান, কালিদাসৰ অমৰ সৃষ্টি এই সময়ৰ অৱদান। ভাৰতৰ ৰাজসভাবোৰত দৰ্শন বিষয়ত বিতৰ্ক হৈছিল আৰু বিজেতাজনৰ তত্ত্বক সন্মান জনাই নতুন ধাৰণাক আদৰি লোৱাৰ প্ৰথা আছিল। এই সময়তেই উৎসৱ-পাৰ্বণৰ সঠিক দিন-বাৰ নিৰ্ণয়, কৃষি কাৰ্য, ঋতু পৰিৱৰ্তন আদিৰ গণনাৰ বাবে গ্ৰহ-নক্ষত্ৰৰ অৱস্থান অধ্যয়ন কৰি পঞ্জিকা প্ৰস্তুত কৰাৰ পদ্ধতি আমাৰ ইয়াত উদ্ভাৱন হৈছিল। উজ্জয়িনীক কেন্দ্ৰ কৰি অক্ষাংশ-দ্ৰাঘিমাংশৰ গণনা কৰা হৈছিল। পাছৰ পৰ্যায়ত ইউৰোপীয় বিজ্ঞান বিষয়ৰ পুথিত উজ্জয়িনীৰ বিষয়ে উল্লেখ কৰা পোৱা গৈছে। কাৰণ এনে গণনা সমুদ্ৰৰ যাত্ৰাপথ নিৰ্ণয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। 

ষোল শতিকাত ইউৰোপীয়সকলে বৰ্তমানৰ কেৰলম প্ৰদেশৰ কেইজনমান বাহ্মণ পণ্ডিতৰ পৰা পঞ্জিকা প্ৰস্তুত কৰা পদ্ধতি আয়ত্ত কৰি নিজ দেশলৈ টোকা প্ৰেৰণ কৰিছিল। এই ক্ষেত্ৰত খ্ৰীষ্টিয়ান ৰ্ধম প্ৰচাৰক তথা গণিত শিক্ষাৰে প্ৰশিক্ষিত মেটিঅ ৰিচিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ ১৫৮০ চনত কোচিনত উপস্থিত হৈছিলহি। Christopher Clavius আছিল ৰিচিৰ গণিতৰ শিক্ষাগুৰু। দিন-বাৰৰ ক্ষেত্ৰত উদাহৰণ স্বৰুপে কব পাৰি যে খ্ৰীষ্টমাছ এক নিৰ্দিষ্ট দিনত পৰে অথচ ভাৰতীয় উৎসৱসমূহ যেনে ফাকুৱা, দীপাৱলী বা দোমাহীবিলাক প্ৰত্যেক বছৰে বেলেগ বেলেগ দিনত পৰে। তেওঁলোকে নক্ষত্ৰসাপেক্ষে পৃথিৱীৰ ঘূৰ্ণন (sidereal) আৰু বেলিৰ একে স্থান পাবলৈ লগা (tropical) বছৰৰ পাৰ্থক্য বুজি পোৱা নাছিল। তেওঁলোকে এই কথাখিনিৰ বিষয়ে টোকা লিখি নিজ দেশ পৰ্টুগাললৈ প্ৰেৰণ কৰিছিল। Matteo Ricci-ৰ শিক্ষাগুৰু Christopher Clavius-য়ে ১৫৮২ চনত গ্ৰেগৰিয়াণ কেলেণ্ডাৰ সংশোধন কৰিছিল। গতিকে ক’ব পাৰি যে Matteo Ricci’s-ৰ ভাৰতীয় কেলেণ্ডাৰ তৈয়াৰ কৰা পদ্ধতিৰ প্ৰতি হোৱা আগ্ৰহ আকস্মিক নাছিল, বৰং পদ্ধতিগতভাৱে ইউৰোপীয়ানসকলে এনে তথ্যৰ সন্ধান কৰি আছিল। Ricci-য়ে আনকি মোগল সৈন্য-বাহিনীৰ বিষয়েও টোকা লিখি নিজ দেশলৈ পঠাইছিল। আৰু পাছত এঘাৰ দিনৰ হেৰফেৰ গুচাই ইউৰোপৰ দিনপঞ্জী পৰিৱৰ্তন কৰা হয়। কোশান আৰু গুপ্ত যুগৰ গণিতজ্ঞসকল দশমিক পদ্ধতিত সিদ্ধহস্ত আছিল আৰু স্থানভিত্তিক পাটীগণিতৰ সূচনা কৰিছিল। তেওঁলোকে একক, দহক, শতক আৰু হাজাৰৰ স্থানৰ বাবে পৃথক স্তম্ভৰ ধাৰণা বিকাশ কৰি গণনা কাৰ্যত এক অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছিল। এনেবোৰ গণনা আগতে বৰ কষ্টসাধ্য কাম আছিল। ইয়াৰ পাছত শূন্যৰ আৱিস্কাৰ হৈছিল, যাৰ ফলত যিমান ডাঙৰ হ’লেও সংখ্যাবোৰ লিখিব পৰা হল। পতঞ্জলিৰ যোগসূত্ৰত (প্ৰায় ১৫০ চন) দশমিক স্থানভিত্তিক মানৰ বিষয়ে উল্লেখ আছে। ইয়াৰ পাছত এই পদ্ধতি সমগ্ৰ ভাৰত উপ-মহাদেশলৈ বিস্তাৰিত হৈছিল লগতে দক্ষিণ-পূব এছিয়াৰ হিন্দু মন্দিৰসমূহলৈ সম্প্ৰসাৰিত হৈছিল আৰু এনে মন্দিৰৰ দেৱালত শূন্যক বিন্দু চিহ্নৰে খোদিত কৰা হৈছিল। শূন্যৰ ধাৰণা পাৰ্ছীয়ান আৰু বেবিলনিয়ানসকলে ভাৰতৰ পৰাই লাভ কৰিছিল। পাছলৈ ভাৰততেই শূন্যক এটা সৰু বৃত্তৰ সহায়ত চিহ্নিত কৰাটো আৰম্ভণি হয় যিটো বৰ্তমান শূন্য বুজাূলৈ সকলোতে ব্যৱহাৰ কৰা হয়। 

শূন্যৰ ধাৰণা বৌদ্ধ ধৰ্মৰ এক দাৰ্শনিক ভাবধাৰাৰ পৰা আহৰণ কৰা হৈছে বুলি ইতিহাসবিদসকলে মত প্ৰকাশ কৰিছে। আৰবসকলে ইয়াক যিফিৰ (zifr) বুলিছিল আৰু ইংৰাজীত ইয়েই হ’লগৈ চিফাৰ (cipher)। ঠিক তেনেদৰে আৰ্যভট্টই(৪৭৬-৫৫০ চন)গণিতৰ বিভিন্ন বিষয় চৰ্চা কৰি খ্যাতি ৰাখি গৈছে। বৰ্তমান বিহাৰৰ পাটনা, সেই সময়ৰ পাটলিপুত্ৰত তেওঁ বাস কৰিছিল যদিও নৰ্মদা নদীৰ উপত্যকাত তেওঁ বাল্যকাল অতিবাহিত কৰিছিল। সংস্কৃত ভাষাত ৩২ শ্লোকত তেওঁ গণিতৰ অনেক সূত্ৰ লিখি থৈ গৈছে। তেওঁই প্ৰথমে সংখ্যাৰ সলনি বৰ্ণ ব্যৱহাৰ কৰি বীজগণিতৰ ভেঁটি প্ৰতিষ্ঠা কৰি গৈছে। বিভূতিভূষণ দত্ত আৰু অৱদেশ নাৰায়ণ সিং দ্বাৰা প্ৰণীত History of Hindu Mathematics  নামৰ কিতাপ খনত এই কথাসমূহ বিতংকৈ বৰ্ণনা কৰা আছে। আৰ্যভট্টই পাইৰ মান দশমিকৰ পাছত তিনিটা স্থানলৈকে শুদ্ধকৈ গণনা কৰিব পাৰিছিল। লগতে সূৰ্যবৰ্ষৰ দৈৰ্ঘ্য দশমিকৰ পাছত সাতটা স্থানলৈকে শুদ্ধভাৱে মান নিৰ্ণয় কৰিছিল। কপাৰনিকাছ আৰু গেলিলিঅতকৈ এহাজাৰ বছৰৰ আগতেই তেওঁ পৃথিৱীয়ে যে নিজৰ অক্ষত প্ৰত্যেক দিনে এপাক ঘূৰে আৰু নক্ষত্ৰবিলাকৰ আপাত গমন যে পৃথিৱীৰ ভ্ৰমণৰ কাৰণে হয় এই বিষয়ে লিখি থৈ গৈছে। আৰ্যভট্টতকৈ প্ৰায় এশ বছৰৰ পাছৰ ব্ৰহ্মগুপ্তই ভাৰতীয় গণিতৰ সেই সময়লৈকে জ্ঞাত সকলো কথা সামৰি তেওঁ ব্ৰহ্মগুপ্ত সিদ্ধান্তখন লিখি উলিয়াইছিল। আৰু এই চিন্দহিন্দৰেই প্ৰণেতা আছিল ব্ৰহ্মগুপ্ত । তেৱেঁই শূন্যক লৈ যোগ-বিযোগ, পূৰণ-হৰণৰ বীজগণিত লিখি গৈছে। শূন্য কেতিয়া পোৱা যায় ইয়াৰ উত্তৰ হিচাপে তেওঁ কৈছিল যে যেতিয়া এটা সংখ্যাৰ পৰা একেই সংখ্যা বিয়োগ কৰা হয়। ১৮৮২ চনত পেছোৱাৰৰ বৈশালী গাৱঁত উদ্ধাৰ হোৱা লিপিত শূন্যৰ ব্যৱহাৰকে ধৰি গণিত সম্পৰ্কীয় অনেক তথ্য পোৱা গৈছে। এই লিপি বৰ্তমান অক্সৰ্ফ’ডত সংৰক্ষিত হৈ আছে।

  ১০৮৫ চনৰ ২৫ মে তাৰিখে অলফনচঅই(Alphonso) নিজকে বৰ্তমানৰ স্পেইনৰ টলেডৰ (Toledo বৰ্তমানৰ মাদ্ৰিদৰ ওচৰত) দুই ৰ্ধমৰ ৰজা হিচাপে ঘোষণা কৰে। ইছলাম ধৰ্মী প্ৰজাৰ খ্ৰীষ্টিয়ান ৰজা। ইয়াতেই কাজি চৈয়দ আল আনদলাচে Fruits of the Science of Numbers ৰ্শীষক এখন কিতাপ লিখে।ইয়াত ব্যৱসায়িক লেনদেনৰ গণিতৰ বিষয়ে আলোচনা কৰা হৈছে। চৈয়দে ভাৰতৰ গণিত আৰু জ্যোতিৰ্বিদ্যা বিষয়ৰ অৱদানৰ বিষয়ে জ্ঞাত আছিল। তেনেদৰে Khwarizmi য়ে সংস্কৃত পুথিৰ পৰা ভাৰতীয়সকলৰ দ্বাৰা নিৰ্ণয় কৰা ১১৬ টা নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে প্ৰস্তুত কৰা তালিকাৰ সংশোধিত ৰুপ প্ৰকাশ কৰিছিল। Khwarizmi য়ে Addition and subtraction according to the Hindu calculation শীৰ্ষক আন এখন কিতাপ লিখিছিল, যিখনক পাছত ইউৰোপত  kitab al-Jabr হিচাপে জনা গৈছিল।পাছত Kitab al-Jabr-ৰ পৰাই Algebra শব্দৰ উৎপত্তি হয়।গতিকে দেখা গল যে এঘাৰ শতিকা মানত ইউৰোপিয়ানসকলে ইন্দু-আৰবিক সংখ্যা পদ্ধতিৰ বিষয়ে জ্ঞাত হৈছিল যদিও বহুলভাৱে প্ৰচলন হোৱা নাছিল। ইয়াক পৰিৱৰ্তন কৰা ব্যক্তিগৰাকী আছিল পিছাৰ লিঅ’নাৰ্ড, যি জনক ফিবনাকি হিচাপে বৰ্তমান পৃথিৱীয়ে জানে। ব্যৱসায়ৰ লগত জড়িত ফিবনাকিৰ পিতৃক সুচল গণনা পদ্ধতিৰ প্ৰয়োজন হৈছিল বাবে হয়তো পুত্ৰক ইন্দু-আৰবিক সংখ্যা পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ দিছিল। ফিবনাকিয়ে ইজিপ্ত, চিৰিয়া, গ্ৰীচ আৰু ইস্পেন আদি দেশত গণনা পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰাৰ পাছত অনুভৱ কৰিলে যে সেই সময়ত ইউৰুপত প্ৰচলিত ৰোমান পদ্ধতিত কৈ ইন্দু-আৰবিক পদ্ধতি সকলোতকৈ উত্তম। ফিবনাকি ১২০৫ চনত ইটালিলৈ ঘূৰি আহিল আৰু ৩২ বছৰ বয়সত তেওঁ  Liber Abaci নামৰ কিতাপ খন লিখি উলিয়ালে।কিতাপ খনৰ পাতনিত ফিৱনাকীয়ে এনেদৰে লিখিছিল-

Here I was introduced to a wonderful teaching that used the nine figures of the Indias. With the sign 0, which the Arabs call zephyr, any number whatsoever can be written…. So that those seeking knowledge can be instructed by such a perfect method that in future the Latin race may not be found lacking in mathematical knowledge.

ফিবনাকীয়ে Liber Abaci-ত শহাপহুৰ জনসংখ্যা বৃদ্ধিৰ এটা গাণিতিক প্ৰশ্ন উত্থাপন কৰিছিল যাক বৰ্তমান আমি ফিবনাকী শ্ৰেণী বুলি কওঁ। কিন্তু আৰ্যভট্টই ফিবনাকীতকৈ এহাজাৰ বছৰৰ আগতেই এই শ্ৰেণীটোৰ বিষয়ে কৈ গৈছে। ১২২৫ চনত ফিবনাকীৰ কৰ্মৰাজিৰ বিষয়ে জেৰুজালেম আৰু ছিচিলিৰ ৰজা দ্বিতীয় ফ্ৰেডৰিকে(১১৯৪-১২৫০) অৱগত হৈ সমগ্ৰ ইউৰোপত ইয়াৰ প্ৰচলনৰ বাট মুকলি কৰিলে। ৰজাই মুদ্ৰাত ভাৰতীয় সংখ্যাৰ চিহ্ন ব্যৱহাৰ কৰিছিল। এই সকলোবোৰ আলোচনা কৰাৰ পাছত দেখা গৈছে যে ভাৰতীয় জ্ঞানে-ধাৰণাই কেনেদৰে সমগ্ৰ পৃথিৱীখনক কেনেদৰে প্ৰভাৱিত কৰিছিল। ইতিহাসৰ লেখকসকলে কেতিয়াবা এক ৰ্নিদিষ্ট বাগধাৰাৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। বিজ্ঞান ইতিহাসৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়।বিজ্ঞানৰ ক্ষেত্ৰত প্ৰায়বোৰ উদ্ভাৱনৰ কৃতিত্ব পশ্চিমীয়া দেশ বোৰে লোৱা দেখা যায়।বাস্তৱত সেইটো সকলো ক্ষেত্ৰতে সঁচা নহয়। এইখিনিতে গণিতৰ ক্ষেত্ৰত এখন কিতাপৰ নাম ল’ব পাৰি।সেইখন হল The crest of the peacock : non-European roots of mathematics।ইয়াত অ-ইউৰোপীয় সভ্যতা সমূহৰ গণিতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বিষদ ভাবে আলোচনা কৰা হৈছে।একেবাৰে শেহতীয়াকৈ দক্ষিণ-পূব এছিয়ালৈ হোৱা সাংস্কৃতিক সৰবৰাহ হল ইছলাম ধৰ্মৰ গমণ, হয়তু সেই বাবে আৰবত কৈ বৰ্তমান ইন্দোনেছিয়াত ইছলামধৰ্মী লোকৰ সংখ্যা সৰহ।

   ইটালিৰ গণিতজ্ঞ লোকা পাচিঅলিক একাউণ্টিঙৰ পিতৃ হিচাপে আখ্যা দিয়া হয়, এওঁ ফিবনাকীৰ Liber Abaci-খন পঢ়িবলৈ পায় আৰু অনেক নতুন কথা সংযোগ কৰি ইয়াৰ ইয়াৰ এক ছপা আকাৰৰ সংস্কৰণ ভেনিচত ১৪৯৪ প্ৰকাশ কৰে। ইয়াৰ ঠিক চাৰি বছৰৰ পাছত ১৪৯৮ চনত ভাস্ক ডা গামাই ভাৰতৰ কেলিকটত উপস্থিত হয়।ইয়াৰ লগে লগে ভাৰতত ইউৰোপৰ উপনিৱেশৰ ইতিহাস আৰম্ভ হয়। ভাৰতত বিকশিত গণনা পদ্ধতিত সিদ্ধহস্ত হোৱা কিছু ব্যৱসায়িয়ে ১৬০০ চনত লণ্ডনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰিছিল আৰু পাছলৈ তেওঁলোকে ভাৰতৰ শাসনকাৰি হৈছিল গৈ।হাজাৰ বছৰ ধৰি ব্যৱসায়ী তথা ৰ্ধম প্ৰচাৰকসকলৰ দ্বাৰা ভাৰতীয় ধাৰণা বিকিৰিত ৰশ্মিৰ দৰে বিস্তাৰিত হৈছিল আৰু পৃথিৱীখনক পৰিবৰ্তন কৰিছিল।ইয়াৰ ফলত ৰাজনৈতিক সীমা অতিক্ৰম কৰি ভাৰতৰ চুবুৰিয়া দেশ সমূহলৈ ভাৰতৰ সংস্কৃতি বিয়পি পৰিছিল, যিখিনি অঞ্চল পৃথিবীৰ  অৰ্ধেক মানুহৰ বসতি স্থল।ভাৰতে মানুহৰ এই হৃদয় পৰিৱৰ্তন কাৰি সংস্কৃতিৰ ধল বোৱাব পাৰিছিল কেৱল উদ্ভাৱনৰ শক্তিৰ দ্বাৰা।ইয়াৰ লগত তৰোৱালৰ জোৰেৰে আলেকজেণ্ডাৰৰ গ্ৰীক সংস্কৃতিৰ প্ৰচাৰৰ আচলতে কোনো কাৰণতে তুলনা কৰা উচিত নহয়।এই ক্ষেত্ৰত ইউৰোপীয় পণ্ডিত সকলেই কৰা এক মন্তব্য অতি উল্লেখযোগ্য। তেওঁলোকে কৈছিল যে যেতিয়া পৰ্টুগীজ, স্পেইন আৰু বৃটিছ সকলে আটলান্টিকৰ পশ্চিম পাৰৰ দেশসমূহত উপস্থিত হৈছিলগৈ তেতিয়া আমেৰিকাৰ দিশত ইউৰুপিয়ান সকলতকৈ অনগ্ৰসৰ বিশেষ সভ্যতাৰ পোহৰ নথকা এখিনি আদিম জনজাতীয় লোকক লগ পাইছিলগৈ।আৰু আনহাতে পূৱ দিশলৈ আহি তেওঁলোকে ইউৰুপিয়ান সকলতকৈ হাজাৰ বছৰ পুৰণি গ্ৰীক, ৰোমানসকলতকৈও আগৰ এক উচ্চ সভ্যতাৰ অধিকাৰী সমাজত উপস্থিত হৈছিলহি। গতিকে প্ৰাচীন ভাৰত প্ৰকৃততেই মানৱ জাতিৰ বৌদ্ধিক পথ প্ৰদৰ্শক।

ড
লেখকৰ পৰিচয়

ড০ প্ৰিয় দেৱ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)