৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

“এনালীয় ধাৰা” (Annales School) আৰু অসমৰ ইতিহাস চৰ্চাত ইয়াৰ প্ৰয়োগ

লেখকঃ ড০ ৰক্তিম ৰঞ্জন শইকীয়া • প্ৰকাশিতঃ ২৫ অক্টোবৰ, ২০২৬
১০ মিনিট পঠন • ২৭৬ বাৰ পঢ়া হৈছে
“এনালীয় ধাৰা” (Annales School) আৰু অসমৰ ইতিহাস চৰ্চাত ইয়াৰ প্ৰয়োগ
ডাঙৰকৈ চাওক (Zoom)

       ড০ ৰক্তিম ৰঞ্জন শইকীয়া 

 

এনালীয় মতবাদৰ আঁতিগুৰি:

 

মানুহে ইতিহাস লিখে, পুনৰ লিখে, বিশ্লেষণ কৰে, পুনৰ বিশ্লেষণ কৰে৷ ইতিহাসৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হ’ল পুনৰ লিখন৷ ইতিহাসৰ পুনৰলিখন, পুনৰ বিশ্লেষণ হৈ থাকিলেও “বুৰঞ্জী”ৰ সলনি নহয়৷ আমি ইতিহাস আৰু বুৰঞ্জী সমাৰ্থক হিচাপে ব্যৱহাৰ কৰি থাকিলেও প্ৰকৃততে দুইটা একে নহয়৷ বুৰঞ্জী মানে প্ৰাচীন ঘটনাৰ কালানুক্ৰমিক বৰ্ণনা আৰু ইতিহাস মানে প্ৰাচীন ঘটনাৰ ব্যাখ্যা আৰু প্ৰভাৱৰ আলোচনা৷ বুৰঞ্জীত তথ্য লিপিবদ্ধ হয়, ইতিহাসত তাৰ ব্যাখ্যা হয়৷[i] বুৰঞ্জীৰ দৰে ইতিহাস চৰ্চাও এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাচক যদি আমি ইতিহাস চৰ্চাৰ জনক বুলি ধৰো তেন্তে খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱৰ্তন নোহোৱাকৈ চলি থাকিল৷ প্ৰায় আঢ়ৈ হাজাৰ বছৰীয়া সময়চোৱাত ইতিহাস অধ্যয়ন বিষয়টোত সাংঘাতিক পদ্ধতিগত পৰিৱৰ্তন নহ’ল৷ পুৰণি নথিপত্ৰ আৰু পুৰাতাত্বিক সমল- এই দুই সঁজুলিৰ ওপৰত ভিত্তি কৰিয়েই ইতিহাসৰ লিখন, পুনৰ লিখন আৰু সংবৰ্ধন চলি থাকিল৷

 

কিন্তু ১৯২৯ খ্ৰীষ্টাব্দত ফ্ৰান্সত ইতিহাস অধ্যয়নৰ এক নতুন ধাৰাৰ অংকুৰণ হয়৷ সেই বছৰতে ফ্ৰান্সৰ ষ্ট্ৰাচবাৰ্গৰ পৰা প্ৰকাশ হয় “এনালেছ ডি’হিষ্ট’ৰ ইক’ন’মিক এট ছ’চিয়েলি”(Annales d’histoire economique et sociale) নামৰ আলোচনীখন৷ বৰ্তমানো এই আলোচনীখন “এনালেছ, হিষ্ট’ৰ, ছাইন্সেছ ছ’চিয়েলেছ” (Histoire, Sciences Sociales) নামেৰে চলি আছে৷ এই আলোচনীখনেই প্ৰথমবাৰৰ বাবে ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰে৷ এই দিশটো হ’ল আন্তঃবৈষয়িক দৃষ্টিৰে ইতিহাস অধ্যয়ন৷ প্ৰথমবাৰৰ বাবে ইতিহাস অধ্যয়নৰ সঁজুলি হিচাপে জলবায়ু, কৃষি উৎপাদন, বাণিজ্য, প্ৰযুক্তি, পৰিবহন ব্যৱস্থা আদিৰ ব্যৱহাৰ আৰম্ভ হ’ল৷ তেতিয়াৰ পৰাই ইতিহাস অধ্যয়নৰ কাৰণে আৰম্ভ হোৱা বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰে বৰ্তমানে ব্যাপক ৰূপ ধাৰণ কৰিছে৷ আজিৰ তাৰিখত সমগ্ৰ পৃথিৱী জুৰি ইতিহাস অধ্যয়নৰ কাৰণে ৰেডিঅ’ কাৰ্বন সময় নিৰূপণ পদ্ধতি (Radio Carbon dating), তাপ/পোহৰ উদ্দীপন সময় নিৰূপণ পদ্ধতি (TL/OSL dating), বিষ্ঠাশিলা অধ্যয়ন (Coprolite study), শিলাতত্ব  (Petrology), পুৰাধাতুতত্ত্ব (Palaeo Metallurgy), জলবায়ু বিজ্ঞান (Climatology), নদীবিজ্ঞান (River Science) আৰু পুৰাৰেণু তত্ত্বৰ (Palaeo Palynology) ব্যাপক ব্যৱহাৰ হয়৷ ইতিহাস চৰ্চাৰ এই ধাৰাটো “এনালচ্‌ স্কুল” (Annales School) নামেৰে জনপ্ৰিয় হয়৷ আমি এই ধাৰাটোৰ নামটোক অসমীয়াকৰণ কৰি “এনালীয় ধাৰণা” বুলিব পাৰো৷ এই “এনালীয় ধাৰণা” এনে এক পথ য’ত ইতিহাস আৰু বুৰঞ্জীৰ কথন একেলগে হয়৷

 

অসমত প্ৰাক-এনালীয় ধাৰণাৰ ভিত্তিত হোৱা গৱেষণাৰ আলেখলেখ:

 

বৰ্তমান সমগ্ৰ পৃথিৱীতে ইতিহাস চৰ্চাত এনালীয় প্ৰয়োগে গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা স্বত্বেও দুৰ্ভাগ্যবশতঃ অসমৰ ইতিহাস অধ্যয়নত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যৰ ব্যৱহাৰ এতিয়ালৈকে বিশেষ হোৱাই নাই বুলিব লাগিব৷ প্ৰযুক্তিবিদ্যাটো দূৰৰে কথা অসমৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত সামান্য বৈজ্ঞানিক ধ্যান-ধাৰণাৰ ব্যৱহাৰ হোৱাও নাযায়৷ অসমৰ বৰ্তমান সময়ৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰখনত বিজ্ঞানৰ ধ্যান-ধাৰণাৰ প্ৰয়োগৰ নামত কি চলি আছে তাৰ কেইটামান উদাহৰণ দিব খুজিছোঁ৷

      

মধ্যযুগৰ অসমত নিজাকৈ ৰাজ্য স্থাপন কৰা এটা অন্যতম জনগোষ্ঠী হ’ল চুতীয়াসকল৷ মধ্যযুগৰ চুতীয়া ৰাজ্যৰ সম্পূৰ্ণ ইতিহাস এখন ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে৷ উক্ত ইতিহাসখনৰ এটা গুৰুত্বপূৰ্ণ প্ৰৱন্ধত লেখকজনে চুতীয়াসকলে ঘোঁৰা পালন কৰাৰ তথ্য এটা যুক্তি সহকাৰে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে৷ মধ্যযুগৰ চুতীয়াসকলে ঘোঁৰাপালন কৰিবও পাৰে৷ সেইটো আচৰিত কথা নহয়৷ কাৰণ চুতীয়া ৰাজ্যৰ বাণিজ্যিক সম্পৰ্ক দীৰ্ঘ দূৰত্বলৈ বিস্তাৰ হৈছিল৷ গতিকে তেনে সূত্ৰত চুতীয়া ৰাজ্যলৈ ঘোঁৰাৰ আমদানি হ’ব পাৰে৷ কিন্তু আমি উল্লেখ কৰা লেখকজনে মধ্যযুগৰ চুতীয়া ৰাজ্যত ঘোঁৰাৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণ হিচাপে দাঙি ধৰিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনঘৰচীয়া ঘোঁৰাৰ জাক বোৰক৷[ii] উল্লেখযোগ্য যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনঘৰচীয়া ঘোঁৰাৰ জাকবোৰ দ্বিতীয় মহাসমৰৰ সময়ত মিত্ৰশক্তিৰ সৈন্যই ব্যৱহাৰ কৰা বোজা বোৱা ঘোঁৰাৰ বংশধৰ৷[iii] অথচ অসমৰ ইতিহাসবিদৰ কৃপাত সেই ঘোঁৰাবোৰ হৈ পৰিল চুতীয়া ৰাজ্যৰ ঘোঁৰা৷ অসমৰ মাজুলীৰ চাপৰিবোৰত সদ্যহতে নতুনকৈ বহুকেইটা বনঘৰচীয়া ঘোঁৰাৰ জাক সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে৷ বৰ্তমানৰ গতিত ইতিহাস চৰ্চা অব্যাহত থাকিলে সেই ঘোঁৰাকেইটাও হয়তো এদিন শৰাইঘাটৰ ঘোঁৰা হৈ যাব৷

 

অসমৰ ইতিহাস চৰ্চাৰ বাটকটীয়া স্বৰূপ ড০ সূৰ্যকুমাৰ ভূঞাই তেখেতৰ “এংলো আচামিজ ৰিলেচনছ্‌” গ্ৰন্থত উল্লেখ কৰিছে যে আহোম ৰাজ্যলৈ উত্তৰ ব্ৰহ্মদেশৰ বৰখামতি দেশৰ পৰা লডা হিচাপে ৰূপ আহিছিল৷[iv] একেটা কথাকে বেণুধৰ শৰ্মাই তেখেতৰ “দেৱানৰ এত্‌লা” নামৰ প্ৰৱন্ধটোত উল্লেখ কৰিছে৷[v] বৰ্তমান ম্যানমাৰৰ মোগাউং অঞ্চলৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ উত্তৰত, ইৰাৱতী নদীৰ উজনিত মালি নামৰ উপনদীখনৰ উপত্যকাত ২৭০ আৰু ২৮০ উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলটোক বৰখামতি দেশ বুলি উল্লেখ কৰা হয়৷[vi]৫ কিন্তু বৰখামতি দেশৰ ওচৰে-পাজৰেও কোনো ৰূপ উৎপাদন কৰিব পৰা শিলাস্তৰ পাবলৈ নাই৷ জন মেক্‌কোচ (John McCosh) নামৰ স্কটিচ চাৰ্জনজনৰ এটা ভুলৰ বাবেই আচলতে বৰখামতিৰ ৰূপৰ কাহিনীটোৰ সৃষ্টি হ’ল৷[vii] বৰখামতিৰ পৰা ৰূপ অহাৰ সাধুটো এতিয়াও চলি আছে৷ সাম্প্ৰতিক কালৰ এজন গৱেষক ড০ দীনেশ বৈশ্যই তেখেতৰ গৱেষণাগ্ৰন্থ Traditional Science and Material culture of Early Assam,[viii] আৰু প্ৰদীপ চলিহাৰ এখন গৱেষণা গ্ৰন্থ “পুৰণি অসমৰ কাৰিকৰী শিল্প”ত[ix] উল্লেখ কৰিছে যে নগা পাহাৰৰ পৰা ওলোৱা ধনশিৰি, দৈয়াং, দৈগ্ৰোং আদি নদী ৰূপ কমোৱাৰ বাবে বিখ্যাত আছিল৷ কিন্তু গুৰুত্বপূৰ্ণ কথা হ’ল নগাপাহাৰত ভূতাত্ত্বিক দৃষ্টিকোণৰ পৰা ৰূপৰ উৎস থাকিব নোৱাৰে৷ নগাপাহাৰৰ খনিজ সম্পদ তথা অৰ্থনৈতিক মণিক সম্পৰ্কীয় সকলো নথিপত্ৰ টোকা চালি-জাৰি চাই কোনো ঠাইতে ৰূপৰ অনুমাত্ৰ চিহ্ন থকাৰো অভিলেখ পোৱা নগ’ল৷

 

বেণুধৰ শৰ্মাই “অসমত ফিৰিঙ্গী” নামৰ এটা প্ৰৱন্ধত অতি আত্মবিশ্বাসেৰে লিখিলে যে ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত অসমীয়াই ৫০ মাইল দূৰলৈকে গুলী মাৰিব পৰা বৰটোপ সাজিছিল৷[x] ৫০ মাইলত প্ৰায় ৮০ কিলোমিটাৰ হয়৷ “আৰ্মি ৰিকগ্‌নিশ্বন” (Army Recognition)নামৰ অস্ত্ৰশস্ত্ৰ সম্পৰ্কীয় গৱেষণা আলোচনীখনৰ ২০২৪ চনৰ ১৩ জুলাই সংখ্যাটোত ওলোৱা এটা বাতৰি মতে বহু গৱেষণাৰ অন্তত ইজৰাইলে ROEM  নামৰ এটা বৰটোপ (howitzer) সাজি উলিয়াইছে, যিটোৱে ৮০ কিলোমিটাৰ পৰ্যন্ত গুলীয়াবলৈ সক্ষম৷[xi] এটা দীৰ্ঘদূৰত্বৰ বৰটোপ সাজি উলিওৱাটো অতি সূক্ষ গণনাযুক্ত কাৰিকৰী বিষয়৷ এনে এটা বৰটোপ ১৮ শতিকাৰ অসমত তৈয়াৰ কৰিব পৰাকৈ তেনে কাৰিকৰী জ্ঞানৰ বিকাশ হোৱাই নাছিল৷ অথচ বেণুধৰী বৰটোপৰ গৰ্জনৰ অনুৰণন এতিয়াও শুনা যায়৷

 অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা আৰু ইতিমধ্যেই অসংখ্য গৱেষণাগ্ৰন্থত উদ্ধৃত হোৱা, প্ৰদীপ চলিহাৰ ৰচিত বহুল পঠিত গ্ৰন্থ “পুৰণি অসমৰ কাৰিকৰী শিল্প”তে চিত্ৰসহ উল্লেখ কৰা হৈছে যে পুৰণি অসমত হেনো লো শোধন কৰোতে ইকৰাৰ জুইত লোৰ আকৰবোৰ গৰম কৰি গলাই দিয়া হৈছিল৷[xii]১১ উল্লেখযোগ্য যে যিকোনো লোৰ অক্সাইড আকৰৰ গলনাংক ১৫৩৮০ চেণ্টিগ্ৰেড বা ততোধিক৷ কোনো পৰিস্থিতিতে ইকৰাৰ জুইত ইমান উষ্ণতাপ্ৰাপ্তি সম্ভৱ নহয়৷ লোৰ আকৰ গলাই পানীৰ দৰে বোৱাই দিব পৰাটো এটা অবান্তৰ কথা৷

      

সাম্প্ৰতিক অসমত এনালীয় গৱেষণাৰ গতিবিধি

 

অসমৰ ইতিহাস অধ্যয়ন কৰা বিভিন্নজনৰ লেখাত বৈজ্ঞানিক তথ্যৰ এনে ভুল উপস্থাপনৰ অনেক উদাহৰণ পোৱা যায়৷ এনে তথ্যগত বিভ্ৰান্তিৰ পম খেদি থাকোঁতেই উপলব্ধি হৈছিল যে অসমতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক সঁজুলি হিচাপে ইতিহাস অধ্যয়নত ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে৷ অসমত ইতিহাস চৰ্চাত আন্তঃবৈষয়িক এই ধাৰাটোৰ চৰ্চা এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ ড০ অমলেন্দু গুহৰ কিছু ৰচনাত কেতিয়াবা ইয়াৰ কিছু আভাস পৰিলেও ই কেতিয়াও প্ৰভাৱী হৈ উঠিব পৰা নাই৷ দৰাচলতে ড০ প্ৰণৱজ্যোতি ডেকাৰ ২০০৪ চনত প্ৰকাশিত Nilachala Kamakhya, her History and Tantra গ্ৰন্থখনিৰ পূৰ্বে প্ৰকৃতাৰ্থত “এনালীয় ধাৰা”ত ৰচনা হোৱা কোনো ইতিহাস গ্ৰন্থ আমাৰ চকুত পৰা নাই৷ আমি ইতিমধ্যে অসমৰ ইতিহাস সম্পৰ্কীয় কেইবাটাও সৰু সৰু সমস্যাক লৈ কাম কৰিছিলো৷ এনালীয় ধাৰণাৰ ভিত্তিত কৰা গৱেষণাই কেনেকৈ অসমৰ ইতিহাস চৰ্চাৰ দিশ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা ৰাখে তাক এই সৰু সৰু গৱেষণা কেইটাৰ ফলাফলৰ পৰাই ধাৰণা কৰিব পাৰি৷

(ক) শদিয়াৰ ইটাৰ স্থাপত্যৰ সমস্যা:

উজনি অসমৰ শদিয়াত তিনিটা স্তৰৰ প্ৰত্নতাত্ত্বিক সমল পোৱা যায়৷ তাৰ পোৰা ইটাৰে নিৰ্মিত দ্বিতীয় স্তৰটোৰ কোনো বয়স নিৰ্ধাৰণ নোহোৱা হেতুকে সেই স্তৰটোৰ বয়স সম্পৰ্কে সাংঘাতিক মত বিৰোধ চলি আছিল৷ ইয়াৰ উপৰিও ইটাবোৰৰ মান কেনেকুৱা, ইটাবোৰ তৈয়াৰ কৰা জনগোষ্ঠীটোৰ সভ্যতাৰ স্তৰ কেনেকুৱা সেই বিষয়েও কোনো ধাৰণা আমাৰ নাছিল৷ আমি অসমত প্ৰথমবাৰৰ বাবে শদিয়াৰ পুৰাতাত্ত্বিক ইটাৰ বয়স “তাপ/পোহৰ উদ্দীপন সময় নিৰূপণ পদ্ধতি”ৰে (TL/OSL dating) নিৰূপণ কৰাৰ উপৰিও সভ্যতাৰ মান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিলোঁ (চিত্ৰ ১)৷

চিত্ৰ ১: শদিয়াৰ নতুন ইতিহাস সম্পৰ্কে ওলোৱা বাতৰিৰ শিৰোনাম

  পদুম পুখুৰী শদিয়া মহকুমাৰ চপাখোৱাৰ ওচৰতে থকা এটা ইটাৰে পাৰ বন্ধোৱা পুখুৰী (চিত্ৰ ২)৷ বৰ্তমান এই পুখুৰীত পানী নৰয়৷ পুখুৰীটোৰ মাজতে কঠিন বালি শিলৰে তৈয়াৰী খুবলিৰ দৰে শিলাখণ্ড এটা পৰি আছে৷ খটখটিৰ দৰে ইটাৰে পাৰ বন্ধোৱা এই পুখুৰীটো মধ্যযুগৰ অসমৰ কাৰিকৰী প্ৰগতিৰ এক অন্যতম উদাহৰণ বুলিব পাৰি৷ পদুম পুখুৰীৰ ইটাৰ সময় নিৰূপণ আৰু দহন উষ্ণতা নিৰ্ধাৰণ সম্পূৰ্ণ হৈছে৷ পদুম পুখুৰীৰ পাৰ বন্ধোৱা ইটাৰ সময় খ্ৰীষ্টীয় একাদশ শতিকা বুলি প্ৰমাণিত হৈছে আৰু এই ইটাৰ দহন উষ্ণতা ৮৫০ ডিগ্ৰী চেণ্টিগ্ৰেড বুলি নিৰ্ধাৰণ কৰা হৈছে৷

 চিত্ৰ ২: পদুম পুখুৰীৰ ইটাৰে বন্ধোৱা পাৰ


 ইয়াৰ লগতে চপাখোৱাৰ নগৰৰ ওচৰতে কিছু পশ্চিমে এটা মাটিৰ গড় আৰু গড়খাৱৈৰে পৰিৱেষ্টিত আৱেষ্টনী আছে৷ বৰ্তমান অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰা এই আৱেষ্টনীটোক স্থানীয় ৰাইজে প্ৰতিমাগড় বুলি অভিহিত কৰে৷ এই আৱেষ্টনীটোৰ মাজতে এটা ওখ টিলা সদৃশ স্থান আছে৷ ওপৰ অংশ সমান এই টিলাটোত কিছু পৰিমাণে ইটা সিঁচৰতি হৈ থকা দেখা যায়৷ এই ইটাবোৰৰ পৰা ধাৰণা হয় তাত কোনো এটা ইটাৰ গাঁঠনি আছিল৷ ইতিমধ্যে প্ৰতিমাগড়ৰ ইটাৰ নমুনাৰ সময় নিৰূপণ আৰু দহন উষ্ণতাও নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰতিমাগড়ত পোৱা ইটাৰ টুকুৰা বোৰ খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ বুলি জনা গৈছে৷ প্ৰতিমাগড়ৰ ইটাৰো দহন উষ্ণতা ৮৫০ ডিগ্ৰী চেণ্টিগ্ৰেড বুলি নিৰ্ধাৰণ কৰা হৈছে৷  

ইটালীৰ মিলানো বিশ্ববিদ্যালয়ৰ “মেটেৰিয়েল চাইন্স” বিভাগৰ সহযোগত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ গৱেষণাগাৰত শদিয়াৰ ইটাৰ স্থাপত্যৰ ক্ৰমে সময় নিৰূপণ আৰু দহন উষ্ণতা নিৰ্ধাৰণ সম্পূৰ্ণ কৰা হৈছিল৷ চুইজাৰলেণ্ডৰ পৰা প্ৰকাশিত Applied Sciences নামৰ বিজ্ঞান পত্ৰিকাত প্ৰকাশ পোৱা এখন আমন্ত্ৰিত গৱেষণাপত্ৰত এই গৱেষণাৰ ফলাফল বিষয়ে সবিস্তাৰে প্ৰকাশ হৈছে৷ ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা “ভাৰতীয় জাতীয় বিজ্ঞান অকাডেমী”ৰ আৰ্থিক সাহায্যত এই গৱেষণাসমূহ সম্পন্ন হৈছিল৷ সময় নিৰূপণৰ পাছত শদিয়াৰ দ্বিতীয় স্তৰৰ পুৰাতাত্বিক সমলবোৰৰ স্ৰষ্টা চুতীয়াসকল বুলি আমি সিদ্ধান্তত উপনীত হ’ব পাৰিলোঁ৷[xiii]

যিকোনো সভ্যতাৰ বিকাশৰ স্তৰৰ ধাৰণা কৰিবলৈ দহন উষ্ণতা এক গুৰুত্বপূৰ্ণ সমল৷ উচ্চ দহন উষ্ণতাই এখন প্ৰযুক্তিগতভাৱে উন্নত সমাজৰ ছবি দাঙি ধৰে৷ উচ্চ দহন উষ্ণতা পাবলৈ যি উন্নত চুল্লীৰ প্ৰয়োজন হয়, সেয়া এখন প্ৰযুক্তিগতভাৱে উন্নত সমাজৰ বাবেহে সম্ভৱ৷ অৰ্থাৎ দহন উষ্ণতাৰ পৰা এখন সমাজৰ বিকাশৰ স্তৰ নিৰ্ণয় কৰিব পাৰি৷ শদিয়াৰ ইটাৰ স্থাপত্যৰ পোৰণ উষ্ণতা ৮৫০ ডিগ্ৰী চেণ্টিগ্ৰেড এক মধ্যমানৰ উষ্ণতা৷ উল্লেখযোগ্য যে বৰ্তমান তুৰ্কীৰ পাৰগামন নগৰৰ এটা ৰোমান মন্দিৰৰ ইটা পৰীক্ষা কৰি সেই ইটাৰ দহন উষ্ণতা সৰ্ব্বোচ্চ ৯০০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ উঠা বুলি প্ৰমাণ পোৱা গৈছে৷[xiv] অৰ্থাৎ শদিয়াৰ ইটাৰ দহন উষ্ণতা ৰোমান ইটাৰ সৈতে সমপৰ্যায়ৰ গণ্য কৰিব পাৰি৷ ইয়াৰ জড়িয়তে মধ্যযুগৰ চুতীয়া ৰাজ্যত সভ্যতাৰ বিকাশৰ স্তৰ সম্পৰ্কেও আমি এটা ধাৰণা ল’ব পাৰো৷ 

(খ) ম’ৰামৰাৰ ইটাৰ স্থাপত্যৰ সমস্যা: 

ডিব্ৰুগড় নগৰৰ দক্ষিণ পশ্চিম দিশে বুঢ়ীদিহিঙৰ পাৰে পাৰে জকাই সংৰক্ষিত বনাঞ্চলৰ পাৰ হৈ খামতিঘাটৰ ওচৰত বুঢ়ী দিহিঙৰ এটা এৰা সুঁতিৰ পাৰত আছে ম’ৰামৰা থান৷ হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ৰ মতে চুজিন্‌ফা (১৬৭৫-১৬৭৭ খ্ৰীষ্টাব্দ) স্বৰ্গদেৱে ইয়াত এটা দৌল বন্ধাই উৎসৰ্গা কৰিছিল-“ম’ৰামৰাত, চেঁছামুখত দৌল কৰালে, উছৰ্গাও কৰালে”৷[xv]  যোৱা ২০১৮ খ্ৰীষ্টাব্দত দিহিঙৰ পাৰৰ এই ম’ৰামৰা থানত খনন চলাওঁতে এটা ইটাৰ মন্দিৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হৈছিল (চিত্ৰ ৩)৷ ইটাৰ মন্দিৰটোৰ সৈতে ম’ৰামৰা থানত তিনিটা সময়ৰ মুঠ তিনিটা স্তৰৰ ধ্বংসাৱশেষ পোৱা যায়৷

 

 চিত্ৰ ৩: ম’ৰামৰাত আৱিষ্কৃত মন্দিৰৰ অৱশেষ

আটাইতকৈ নতুন বুলি ভবা ইটাৰ মন্দিৰ থকা স্তৰটোৰ বয়স আমি ‘তাপ উদ্বীপন” আৰু “পোহৰ উদ্বীপন” নামৰ অত্যাধুনিক পদ্ধতিটো ব্যৱহাৰ কৰি গণনা কৰাৰ পাছত খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ বুলি জানিব পাৰিছিলো৷ এই ইটাবোৰৰ দহন উষ্ণতা ৬৫০ ডিগ্ৰীতকৈ কম৷ ইয়াৰ পৰা প্ৰতীয়মান হয় যে চুতীয়াসকল কোনো কোনো ক্ষেত্ৰত সমকালীন অন্য জনগোষ্ঠীতকৈ প্ৰযুক্তিগতভাৱে আগবঢ়া আছিল৷  গুৰুত্বপূৰ্ণ কথা এয়ে যে ম’ৰামৰাৰ যি কেইটা ইটা আমি পৰীক্ষা কৰিছিলোঁ তাৰ এটা ইটাৰ বয়স একাদশ শতিকা, আৰু দহন উষ্ণতা ৮৫০ ডিগ্ৰী৷[xvi]

অৰ্থাৎ ম’ৰামৰাৰ মন্দিৰটো তৈয়াৰ কৰাৰ সময়তে ওচৰতে পোৱা কোনো ধ্বংসাৱশেষৰ পৰা সংগ্ৰহ কৰা কিছু পুৰণা অথচ উন্নতমানৰ ইটাৰ ব্যৱহাৰ কৰা হৈছিল৷ গতিকে আমি সিদ্ধান্তত উপনীত হ’ব পাৰো যে দিহিঙৰ পাৰত চুকাফাৰ আগমনৰ পূৰ্বেও উন্নত ইটা তৈয়াৰ কৰিব পৰা কোনো জনগোষ্ঠী বাস কৰিছিল৷ এই তথ্যৰ আলম লৈ অন্য কিছু পুৰাতাত্ত্বিক সমলৰ সহায় লৈ আমি দিহিঙৰ পাৰে পাৰে অন্য এখন প্ৰাক-আহোম স্তৰীভূত ৰাজ্যৰ অৱস্থিতিৰ এটা প্ৰকল্প উত্থাপন কৰিছোঁ, যিটো ইতিমধ্যে এখন গৱেষণা আলোচনী আৰু এখন সাধাৰণ আলোচনীত প্ৰকাশ হৈছে৷[xvii][xviii]

 

পৰৱৰ্তী পৰ্যায়ত প্ৰতিমাগড়ৰ মাটিৰ নমুনা, ম’ৰামৰাৰ আৰু পদুম পুখুৰীৰ ইটাৰে বন্ধোৱা পাৰৰ তলৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি ৰেণু বিশ্লেষণ, ফাইট’লিথ বিশ্লেষণ আৰু মণিক বিশ্লেষণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে একাদশ শতিকাৰ অসমৰ জলবায়ু, কৃষি পদ্ধতি আদিৰ বিষয়ে বিশদ তথ্য আহৰণ কৰিব পৰা যাব৷

 

(গ) ভোগদৈৰ প্ৰসঙ্গ: ভোগদৈ মানুহে খন্দা নে?

 

মণিৰাম দেৱানে দিয়া তথ্য মতে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত ১৭২৩ শকত (১৮০১ খ্ৰীষ্টাব্দ)পূৰ্ণানন্দ বুঢ়াগোঁহায়ে দিচৈৰ দিশ পৰিৱৰ্তন কৰি ভোগদৈ খন্দায়-“১৭২৩ শকত নবাহৰ কৰে, ভোগদৈ নদি খানে”-৷[xix] জনশ্ৰুতি মতে মৰিয়নিৰ ওচৰৰ দকলঙিয়াত দিচৈ নদীৰ গতিপথ পৰিৱৰ্তন কৰা হৈছিল৷ কিন্তু নাওবৈচা ফুকনে কিছু বেলেগ তথ্যহে দিছে৷ নাওবৈচা ফুকনৰ অসম বুৰঞ্জী মতে-“….আৰো যোড়হাটত ন বাহৰ কৰাল, অপৰ মোযামৰিয়াৰ দৌৰাত্যত বিবুদ্ধি গড় বান্ধি থাকোতে খোয়া দ্ৰব্য ঢুকালত খোয়া বস্তু পাবলৈ দিচৈ নদিত ভোগ দিয়াত, সেই ৰাতিয়েই দিচৈৰ পানি বাইৰ্ যি পোনে পানি ভাগি আহিল, সেই পোনেই বহলকৈ ভোগদৈ নদি নাম দি খনাই দিয়ালে..”৷[xx]

 

বুৰঞ্জীসমূহৰ ভোগদৈ সম্পৰ্কীয় স্ববিৰোধী তথ্যৰ বিপৰীতে বিজ্ঞানে আমাক এক সিদ্ধান্ত ল’বলৈ সুযোগ দিছে৷ ভোগদৈ সম্পৰ্কীয় আলোচনাৰ পূৰ্বে আমি দুটা বৈজ্ঞানিক পৰীক্ষা পদ্ধতিৰ বিষয়ে আলোচনা কৰিব বিচাৰো৷ ভূতাত্ত্বিক গৱেষণাৰ এক অতি জনপ্ৰিয় সঁজুলি হ’ল ‘পোহৰ উদ্দীপিত সময় নিৰূপণ পদ্ধতি’(Optically Stimulated luminescence dating বা OSL dating)৷ কাৰিকৰীভাৱে জটিল আৰু সূক্ষ্ম এই পদ্ধতিত পুৰণি গেদৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি৷ উল্লেখযোগ্য যে উপত্যকা একোটাত নদীবোৰে অহৰহ গেদ পেলাই থাকে৷ বহু সময়ত এই গেদবোৰ নদীয়ে কিমান বছৰৰ আগতে পেলাইছিল তাক ‘পোহৰ উদ্দীপিত সময় নিৰূপণ পদ্ধতি’ৰ যোগেদি সঠিকভাৱে নিৰ্ণয় কৰিব পাৰি৷

 

আমি কিছুবছৰৰ আগতে “পুৰণি দিহিঙ”ৰ লগত এটা সংপৃক্ত মৰা নদীতন্ত্ৰ এটা অধ্যয়ন কৰিবলগীয়া হৈছিল৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰ ব্ৰহ্মপুত্ৰ নদীখনেই অতীতৰ দিহিং আছিল৷ সেয়ে সকলো পুৰণি মানচিত্ৰত আজিৰ ব্ৰহ্মপুত্ৰক দিহিং বুলিহে উল্লেখ কৰা হয়৷ ১৮২৭ খ্ৰীষ্টাব্দত ফিলিপ ভান্দাৰমেলনে বেলজিয়ামৰ পৰা প্ৰকাশ কৰা মানচিত্ৰক[xxi] আমি উদাহৰণ হিচাপে দাঙি ধৰিব পাৰো (চিত্ৰ ৪) ৷

চিত্ৰ ৪: ১৮২৭ চনত ফিলিপ ভান্দাৰমেলন্‌ নামৰ ফ্লেমিচ মানচিত্ৰকাৰজনে অংকন কৰা মানচিত্ৰত বৰ্তমানৰ ব্ৰহ্মপুত্ৰক পুৰণি নাম দিহিঙেৰে চিহ্নিত কৰা হৈছে৷

 

পুৰণি দিহিঙৰ উপত্যকাত বৰ্তমান যোৰহাট নগৰৰ পৰা ন-আলি বা গড় আলিয়েদি যিমানে দক্ষিণে নগাপাহাৰৰ ফালে গতি কৰা হয়, সিমানেই ৰাইজৰ মাজত প্ৰচলিত এটা কাহিনী শুনা যায়৷ দক্ষিণ যোৰহাটৰ এই বিস্তীৰ্ণ অঞ্চলটোৰ ন-আলি ঢেকিয়াজুলি দক্ষিণ সোণাৰী গাঁও, কৰঙাখাট, নামনি কহাঁৰ গাঁও, কৰঙা খৰীয়াচুক গাঁও, দুলীয়া গাঁও, চৰাইবাহী বাহেক গাঁও, কুকুৰাপহীয়া গাঁও, কুঁৱৰীপুখুৰী চেতিয়া গাঁও, আদিৰ ৰাইজে কয় যে ভোগদৈ নদীখন হেনো বহু শ বছৰৰ আগতে সেই ঠাইবোৰৰ মাজেৰে বৈ গৈছিল৷ আনহাতে কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা ছবি পৰীক্ষা কৰিলে এতিয়া উল্লেখ কৰা ঠাইবোৰত কিছুমান এৰানদীৰ চিন পোৱা যায়৷ জনশ্ৰুতি আৰু উপগ্ৰহীয় ছবিৰ পম খেদি ইতিমধ্যে উল্লেখ কৰা গাঁওবোৰত আমি খনন চলাই মাটিৰ গভীৰত বিস্তীৰ্ণ পৰিষ্কাৰ বালিৰ চত আৱিষ্কাৰ কৰিছিলোঁ (চিত্ৰ ৫)৷ এই বালিবোৰত “কাটন স্তৰ” (Cross Bedding) নামেৰে জনাজাত কেৱল নদীয়ে পেলোৱা বালিত পোৱা ভূতাত্ত্বিক গঠনবোৰ দেখা যায (চিত্ৰ ৬)৷ গতিকে এই বালিৰ চতবোৰ স্পষ্টভাৱে কোনো প্ৰাচীন নদীয়ে পেলোৱা বালিৰ চত হ’ব লাগিব৷ কোনো কোনো ঠাইত বালিৰ চতৰ মাজত শিপাৰে সৈতে উঘাল খাই উটি অহা অসংখ্য গছো পোৱা গৈছিল৷ এনেদৰে বালিৰ মাজত সোমাই থকা গছৰ পৰিমাণলৈ লক্ষ্য কৰিলে এনে লাগে যেন কিবা বৃহৎ প্ৰাকৃতিক দুৰ্যোগহে ঘটিছিল৷

চিত্ৰ ৫: পুৰণি মৰা নদীৰ বালিৰ সন্ধানত খনন কাৰ্য

চিত্ৰ ৬: পুৰণি মৰা নদীৰ বালিত পোৱা “কাটন স্তৰ”” (Cross Bedding)

এই মৰা নদীৰ বালি পেলোৱাৰ সময় আৰু উটি অহা গছবোৰৰ বয়স আমি ক্ৰমে ‘পোহৰ উদ্দীপন সময় নিৰূপণ প্ৰণালী’ (OSL dating) আৰু ৰেডিঅ’ কাৰ্বন ডেটিং প্ৰণালী ব্যৱহাৰ কৰি নিৰ্ণয় কৰা হৈছিল৷ আমাৰ অধ্যয়নকালত এটা কথা লক্ষ্য কৰিছিলোঁ৷ সেইটো হ’ল সকলো মৰানদী ভোগদৈৰ উজনি অংশ অৰ্থাৎ দিচৈৰ পৰা ফাটি অহা যেন লাগে৷ ‘পোহৰ উদ্দীপন সময় নিৰূপণ’ পদ্ধতিৰে এই মৰা নদীবোৰৰ তিনিখনৰ বয়স নিৰ্ণয় কৰোঁতে দেখা গ’ল যে এই নদী কেইখন তিনিটা বেলেগ বেলেগ সময়ত বৈ আছিল৷

 চিত্ৰ ৭: বিভিন্ন সময়ত দিচৈৰ গতিপথ

মানচিত্ৰত দেখুওৱাৰ দৰে ‘পোহৰ উদ্দীপন সময় নিৰূপণ’ পদ্ধতিৰে কৰা বয়স নিৰূপণৰ পাছত আটাইতকৈ দক্ষিণত অৱস্থিত সকলোতকৈ পুৰণি নদীখন ১০০০ বছৰৰ আগলৈকে বৈ আছিল বুলি জনা গ’ল৷ তাৰ ঠিক কেই কিলোমিটাৰমান উত্তৰত অৱস্থিত নদীখন ৬০০ বছৰ আগতে বৈ আছিল৷ সকলোতকৈ উত্তৰত অৱস্থিত নদীখন ৮০০ বছৰ আগলৈকে বৈ আছিল (চিত্ৰ ৭)৷ আনহাতে ৬০০ বছৰৰ আগতে বৈ থকা নদীখনৰ বালি পোৱা গছ এডালৰ ৰেডিঅ কাৰ্বন ডেটিং কৰাত তাৰ বয়সো ৬০০ বছৰৰ ওচৰে-পাজৰে পোৱা গ’ল৷ মৰানদীসমূহৰ বসয়ৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰো যে আজিৰ পৰা ১০০০ বছৰৰ আগলৈকে যোৰহাটৰ দক্ষিণে পূবৰ পৰা পশ্চিমলৈ এখন ডাঙৰ নদী বৈ গৈছিল আৰু এই নদীখনে বিভিন্ন সময়ত দক্ষিণৰ পৰা উত্তৰলৈ গতিপথ সলনি কৰিছিল৷ অৰ্থাৎ দক্ষিণ যোৰহাটত যোৰহাট সম্পৰ্কীয় কিংবদন্তীসমূহত সত্যতা আছিল৷ অৰ্থাৎ এই মৰানদীসমূহ ভোগদৈৰে বিভিন্ন সময়ৰ গতি পথ৷ যোৰহাটৰ দক্ষিণ অঞ্চলৰ মৰানদীসমূহৰ অস্থিৰ ভূপ্ৰকৃতিয়ে উজনি অসমৰ অস্থিৰ ভূপ্ৰকৃতিৰো কথাৰ ইংগিত দিয়ে৷[xxii],[xxiii] গতিকে ভূতাত্ত্বিক তথ্যৰ ওপৰত ভিত্তি কৰি আমি নিশ্চিতভাৱে সিদ্ধান্ত দিব পাৰো যে নাওবৈচা ফুকনে কোৱাৰ দৰেই মোৱামৰীয়া বিদ্ৰোহ চলি থকা কালতে প্ৰাকৃতিকভাৱেই দিচৈৰ গতিপথৰ পৰিৱৰ্তন ঘটি বৰ্তমানৰ ভোগদৈৰ অৱস্থানলৈ আহিছিল৷

মোৱামৰীয়া বিদ্ৰোহ সমাপ্তিৰ পাছত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে ন-বাহৰ কৰাৰ সময়ত সেই কালৰ আহোম ৰাজ্য আৰ্থিকভাৱে নিশকতীয়া আছিল৷ ৰাজ্যখনে মোৱামৰীয়া বিদ্ৰোহৰ পৰা মূৰ দাঙি উঠিবই পৰা নাছিল৷ গতিকে ৰাজ্যৰ এই দুৰৱস্থাৰ কালত মৰিয়নিৰ ওচৰৰ দকলঙীয়াৰ পৰা দেৰগাঁৱৰ ওচৰৰ গেলাবিললৈকে এই দীৰ্ঘ দূৰত্ব প্ৰাকৃতিক নতি অক্ষুন্ন ৰাখি খন্দাই নিব পৰাকৈ সেইকালৰ ৰজাঘৰ কাৰিকৰী আৰু আৰ্থিকভাৱে সক্ষম হ’ব বুলি ভবাৰ কোনো থল নাই৷

 (ঘ) উজনি অসমৰ শালিখেতি আৰু ড০ অমলেন্দু গুহৰ গৱেষণা

বিখ্যাত সমাজ বিজ্ঞানী ড০ অমলেন্দু গুহৰ এখন উল্লেখযোগ্য গৱেষণাপত্ৰ হ’ল “Ahom Migration: It’s Impact on Rice Economy of Medieval Assam”৷ এই গৱেষণাপত্ৰখন ১৮৬৭ খ্ৰীষ্টাব্দত Artha Vijnana: Journal of The Gokhale Institute of Politics and Economics নামৰ গৱেষণা আলোচনীখনত প্ৰকাশ হৈছিল৷[xxiv] ড০ অমলেন্দু গুহই আহোমসকল আহিহে উজনি অসমত শালিধানৰ খেতিৰ প্ৰচলন কৰিছিল বুলি উক্ত গৱেষণা পত্ৰখনত মন্তব্য কৰিছিল৷ ঐতিহাসিক কালচোৱাত কোনো এক অঞ্চলত স্তৰীভূত ৰাজ্যৰ গঠনত পানীধানৰ খেতিৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই বিষয়ে সমাজবিজ্ঞানৰ ছাত্ৰ মাত্ৰেই জানে৷ গতিকে ড০ গুহৰ মন্তব্যই উজনি অসমৰ ইতিহাস চৰ্চা দিশটোকে পৰিৱৰ্তন কৰি দিছিল৷

  

আমি ইতিমধ্যে উল্লেখ কৰিছো যে “পুৰণি দিহিঙ” পাৰত বৰ্তমান যোৰহাট নগৰৰ দক্ষিণ দিশত মাটিৰ তলত আমি মৰা নদীৰ এটা পুৰণি তন্ত্ৰ আৱিষ্কাৰ কৰিছিলোঁ৷ উক্ত মৰানদীৰ তন্ত্ৰটোৰ এখন নদীৰ বালিৰ বয়সৰ আমি ‘পোহৰ উদ্দীপিত সময় নিৰূপণ পদ্ধতি’ৰে নিৰ্ণয় কৰাৰ সময়ত জনিব পাৰিছিলোঁ আজিৰ পৰা এহাজাৰ বছৰৰ আগতে সেই নদীয়ে বালিখিনি পেলাই গৈছিল৷ অৰ্থাৎ চুকাফাৰ অসম আগমনৰ ২০০ বছৰ আগতে সেই নদীখন জীৱন্তৰূপত প্ৰবাহিত হৈছিল৷ ১০০০ বছৰৰ আগতে বৈ থকা নদীৰ বালিখিনি পৰীক্ষা কৰোতে কিছুমান ‘ফাইট’লিথ’ৰ অৱস্থিতি লক্ষ্য কৰিলোঁ৷[xxv] ফাইট’লিথবোৰ হ’ল যিকোনো গছে পানীৰ লগত দ্ৰবীভূত অৱস্থাত শোষণ কৰি লৈ যোৱা কোৱাৰ্টজ মণিক বা চিলিকন ডাই অক্সাইড৷ চিলিকন ডাই অক্সাইডবোৰ গা-গছৰ কলাবোৰৰ মাজত সেই কলাৰ গঠনক প্ৰতিফলিত কৰা ধৰণেৰে অধঃক্ষেপিত হয়৷ গা-গছৰ মাজত জমা হোৱা এনে বিশেষ গঠনযুক্ত চিলিকন ডাই অক্সাইডবোৰক ফাইট’লিথ বোলা হয়৷ ফাইট’লিথৰ গঠন পৰীক্ষা কৰি সেইবোৰ কোনজোপা গছৰ মাজত জমা হৈছিল তাক নিৰূপণ কৰিব পাৰি৷ গছজোপা মৰি যোৱাৰ পাছত এই ফাইট’লিথবোৰ সেই ঠাইৰ বালি বা মাটিৰ মাজত অবিকৃত অৱস্থাত থাকি যায়৷ ১০০০ বছৰ পুৰণি বালিখিনিত থকা ফাইট’লিথবোৰনো কি উদ্ভিদৰ সেয়া পৰীক্ষা কৰিবলৈ পুণে মহানগৰীত অৱস্থিত এটা গৱেষণাগাৰলৈ পঠিয়াই দিয়া হ’ল৷ গৱেষণাগাৰৰ পৰা পোৱা তথ্য যুগান্তকাৰী আছিল৷

আমি উল্লেখ কৰা বালিখিনিত থকা ফাইট’লিথবোৰৰ ভিতৰত “বুলিফৰ্ম” নামেৰে জনাজাত “থোপোকা ঘূৰণীয়া বিচনীৰ আকৃতিৰ ফাইট’লিথ (Bulky fan-shaped bulliform phytoliths) কিছুমান (চিত্ৰ ৮) আৰু “মিহি কাষযুক্ত ঘূৰণীয়া বিচনীৰ আকৃতি ফাইট’লিথ” ("Fan-shaped bulliform phytoliths with rounded edges) কিছুমান (চিত্ৰ ৯) দেখা গ’ল৷ এই বিশেষ আকৃতিৰ ফাইট’লিথসমূহ স্পষ্টভাৱে ধানৰ (genus Oryza) মাজত পোৱা যায়৷   

চিত্ৰ ৮: থোপোকা বুলিফৰ্ম ফাইট’লিথ    চিত্ৰ ৯: থোপোকাবুলিফৰ্ম ফাইট’লিথ

      

এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্ৰহ্মপুত্ৰ উপত্যকাত বনৰীয়া ধানো পোৱা গৈছিল৷[xxvi] আমি বিচাৰি পোৱা ধানৰ ফাইট’লিথবোৰৰ কোনো সমাজতাত্বিক গুৰুত্ব তেতিয়াহে থাকিব, যেতিয়া উক্ত ফাইট’লিথবোৰ মানুহে ঘৰচীয়াকৰণ (domesticated)কৰি জিনীয় মানচিত্ৰ সলাই পেলোৱা ধানৰ বুলি প্ৰমাণিত হ’ব৷ ঘৰচীয়াকৰণ কৰা এছীয় ধানৰ (Oryza sativa) পৰা বনৰীয়া ধানক পৃথক কৰিবলৈ প্ৰত্ন- উদ্ভিদবিজ্ঞানীসকলে ধানৰ পাতৰ বুলিফৰ্ম কোষৰ নিৰ্দিষ্ট গাঁথনিগত পৰিৱৰ্তন কিছুমান লক্ষ্য কৰে৷ কোনো উদ্ভিদ প্ৰজাতিৰ ঘৰচীয়াকৰণ মানে হ’ল নিৰ্বাচন প্ৰক্ৰিয়াৰ যোগেদি কিছুমান বিশেষ গুণক প্ৰধান্য প্ৰদান কৰা৷ মানুহে কৰা এনে নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত ইতিমধ্যে উল্লেখ কৰা পাতৰ বুলিফৰ্ম কোষবোৰৰ উল্লেখযোগ্য জ্যামিতিক পৰিৱৰ্তন ঘটে৷ আমি পৰীক্ষা কৰা ফাইট’লিথবোৰতো ধানৰ ঘৰচীয়াকৰণৰ ফলত সৃষ্টি হোৱা “থোপোকা” (bulky) বুলিফৰ্ম ফাইট’লিথৰ (চিত্ৰ ৮, চিত্ৰ ৯) আৰু ঘূৰণীয়া কাষযুক্ত (rounded edges) বুলিফৰ্ম ফাইট’লিথৰ (চিত্ৰ ১০) সঘন উপস্থিতিয়ে এই ধানবোৰ ঘৰচীয়াকৰণ কৰা ধান বুলি নিশ্চিত কৰিছে৷[xxvii],[xxviii]

চিত্ৰ ১০: ঘূৰণীয়া কাষযুক্ত বুলিফৰ্ম ফাইট’লিথ

ইয়াৰ উপৰিও ধানৰ ফাইট’লিথবোৰ শালিধানৰ হ’লেহে ই অধিক উৎপাদন দিবলৈ সক্ষম৷ স্তৰীভূত ৰাজ্য গঠনত শালিধানৰ খেতিৰহে গুৰুত্ব আছে৷ আহুধানৰ খেতি কৰা সমাজ এখনত স্তৰীভূত ৰাজ্য গঠন হ’ব নোৱাৰে৷ প্ৰাপ্ত ফাইট’লিথবোৰ শালিধানৰ বুলি নিশ্চিত কৰিবলৈ আমাক কিছু পৰিৱেশগত প্ৰমাণৰ প্ৰয়োজন হয়৷ আমি পৰীক্ষা কৰা ফাইট’লিথৰ লগত “ডায়েটম” নামৰ শেলাইবিধৰ স্পষ্ট উপস্থিতি অনুবীক্ষণ যন্ত্ৰত ধৰা পৰিছে (চিত্ৰ ১১ আৰু চিত্ৰ ১২)৷ “ডায়েটম”ৰ উপস্থিতিয়ে ধানখেতি কৰা অঞ্চলটোত “সিক্ত-শুষ্ক-সিক্ত পৰ্যাবৃত্ত চক্ৰ” এটাৰ উপস্থিতি সূচায়৷[xxix][xxx] অৰ্থাৎ এই ফাইট’লিথ শালিধানৰে ফাইট’লিথ৷

         

চিত্ৰ ১১: ফাইট’লিথৰ সৈতে ডায়েটম               চিত্ৰ ১২: ফাইট’লিথৰ সৈতে ডায়েটম

       

ধানৰ ফাইট’লিথৰ সৈতে জলজ ডায়েটম একেটা গেদীয় স্তৰত উপস্থিতিয়ে এক বিশেষ পৰিৱেশ সূচিত কৰে৷ ফাইট’লিথৰ-ডায়েটম যমজ উপস্থিতি পানীয়ে দীঘলীয়া সময়ৰ বাবে তিয়াই ৰখা ভূমি আৰু শুকান উচ্চভূমিত কৰা খেতিৰ মাজৰ পাৰ্থক্য চিহ্নিত কৰাৰ প্ৰাথমিক সূচক ইতিমধ্যে চিহ্নিত হৈছে৷ ফাইট’লিথ আৰু ডায়েটমৰ পৰিৱেশজনিত সংযুতিয়ে অঞ্চল বিশেষত ধানৰ এটা বৃদ্ধি-চক্ৰৰ সময়ত স্থায়ী, উচ্চ আৰ্দ্ৰতাযুক্ত জলাশয় বা বানপানী হোৱা নদীৰ পৰিৱেশৰ অস্তিত্ব প্ৰমাণ কৰে৷[xxxi] ১০০০ বছৰীয়া পুৰণি বালিত আমি আৱিষ্কাৰ কৰা ধানৰ ফাইট’লিথে দিহিঙৰ পাৰত ১০০০ আগতে শালিধানৰ খেতি হোৱাটো নিশ্চিত কৰে৷ অৰ্থাৎ উজনি অসমত চুকাফা অহাৰ পূৰ্বেও শালিধানৰ খেতিৰ প্ৰচলন আছিল৷ উজনিত শালিখেতিৰ প্ৰচলনে আমি এখন প্ৰাক-আহোম স্তৰীভূত ৰাজ্যৰ অৱস্থিতিৰ ধাৰণা কৰিবলৈও সমল দিয়ে৷ উজনি অসমৰ প্ৰাক-আাহোম স্তৰীভূত ৰাজ্যৰ উপস্থিতিৰ প্ৰকল্পটো আমি ইতিমধ্যেই প্ৰমাণ কৰিছো[xxxii] যদিও আজিৰ বিষয়বস্তুৰ অন্তৰ্গত নোহোৱা বাবে সেই বিষয়ৰ দীঘলীয়া আলোচনা ইয়াত কৰা হোৱা নাই৷ প্ৰত্নতাত্বিক প্ৰমাণৰ ভিত্তিত চমুকৈ আমি ইয়াকে ক’ব বিচাৰো যে চুকাফাৰ আগমনৰ পূৰ্বে সমগ্ৰ উজনি অসম জুৰি এখন স্তৰীভূত ৰাজ্য আছিল৷ খ্ৰীষ্টীয় দ্বাদশ শতিকাত এক প্ৰাকৃতিক দুৰ্যোগত উক্ত ৰাজ্যখন ধ্বংসপ্ৰাপ্ত হৈছিল৷

(ঙ) বৃহৎ বিপৰ্যয় তত্ত্ব (Hypothesis of Great Devastation) আৰু উজনি অসম:

      এইখিনিতে এনালীয় মতবাদৰ ভিত্তিত আমি আৰম্ভ কৰা এক প্ৰকল্প আৰু তাৰ ভিত্তিৰ বিষয়ে আলোচনা আগবঢ়াবলৈ যত্ন কৰা হৈছে৷ উজনি অসমত গ্ৰেণাইট পোৱা নাযায়৷ অসমত গ্ৰেণাইটজাতীয় পাথৰৰ অৱস্থিতি নুমলীগড়তে শেষ হৈছে৷ তৎস্বত্বেও উজনি অসমত বিক্ষিপ্তভাৱে সিঁচৰতি হৈ থকা গ্ৰেণাইটৰ মন্দিৰৰ ভগ্নাৱশেষ আৰু ভাস্কৰ্য পোৱা যায়৷ আমি উজনি অসমৰ দেৰগাঁও, শিৱসাগৰ, খোৱাং, ম’ৰামৰা আদি ঠাইত গ্ৰেণাইটৰ মন্দিৰ আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ সহ প্ৰত্নতাত্ত্বিক সমলৰ অৱস্থিতি লক্ষ্য কৰো৷[xxxiii] গ্ৰেণাইট নথকা এক উপত্যকালৈ দূৰ-দূৰণিৰ পৰা গ্ৰেণাইট কঢ়িয়াই আনি মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষমতা থকা ৰাজ্য এখনৰ আৰ্থিক ক্ষমতা আৰু জনবলৰ বিষয়ে সহজেই ধাৰণা ল’ব পাৰো৷ এনে এক প্ৰেক্ষাপটত ফ্ৰান্সিচ বুকানন হেমিল্টনৰ এটা মন্তব্যই আমাক বৌদ্ধিক ভাৱে চকিত কৰে৷

ফ্ৰান্সিচ বুকানন হেমিল্টন আছিল এজন স্কটিচ চিকিৎসক তথা বহুবিদ্যাবিশাৰদ৷ ইংলণ্ড আৰু এছিয়াৰ মাজত চলাচল কৰা বিভিন্ন জাহাজৰ চিকিৎসক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল৷ ১৭৯৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি বেংগল প্ৰেছিডেন্সিৰ কলিকতাত চিকিৎসা সেৱাত যোগদান কৰে৷ চিকিৎসা সেৱাৰ লগতে তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানিৰ হৈ বহুকেইটা মিছনত প্ৰকৃতিবিদ আৰু জৰীপ বিশেষজ্ঞ হিচাপে সেৱা আগৱঢ়াই খ্যাতি অৰ্জন কৰিছিল৷ ১৮০৭ চনৰ পৰা ১৮০৯ চনলৈ দুবছৰকাল ফ্ৰান্সিচ বুকানন হেমিল্টনে ইষ্ট ইণ্ডিয়া কোম্পানিৰ অধীনত থকা গোৱালপাৰা আৰু ৰংপুৰত থাকি অসমৰ ৰাজ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল৷ তেওঁৰ জৰীপটো ১৮১৪ চনত সম্পূৰ্ণ হোৱাৰ পাছত তেওঁ অসম ৰাজ্যৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰিছিল৷ উল্লেখযোগ্য যে সেই কালত অসম বুলিলে কেৱল আহোম ৰাজ্যক বুজোৱা হৈছিল আৰু আহোম ৰাজ্যৰ সীমা পশ্চিমে মানাহ নদীতে সমাপ্ত হৈছিল৷ ফ্ৰান্সিচ বুকানন হেমিল্টনে নিজে জনোৱা মতে অসম ৰাজ্য (আহোম ৰাজ্য) সম্পৰ্কীয় তথ্যসমূহ তেওঁক প্ৰদান কৰিছিল শেষজন আহোম ৰজা পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথ সিংহই৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ফ্ৰান্সিচ বুকানন হেমিল্টনে ব্ৰজনাথৰ সহযোগত এখন ১০ ভাষাৰ শব্দকোষো তৈয়াৰ কৰি উলিয়াইছিল৷ এই ফ্ৰান্সিচ বুকানন হেমিল্টনৰ টোকাটোত আহোম ৰাজ্যৰ বিষয়ে উল্লিখিত এটা বাক্যই প্ৰায় ২০০ বছৰ ধৰি অনুসন্ধিৎসুসকলক বিভ্ৰান্ত কৰি আহিছে৷ হেমিল্টনে আহোম ৰাজ্যৰ বিষয়ে লিখা বাক্যটো হ’ল “The potters donot know the use of wheel and merely knead their clay into form”৷[xxxiv]  ইয়াৰ অৰ্থ হ’ল আহোম ৰাজ্যৰ কুমাৰ সকলে চাক ব্যৱহাৰ কৰিব নাজানিছিল আৰু কেৱল মাটিবোৰ খচি আকৃতি দিব পাৰিছিল৷ ঠিক একেটা কথাই প্ৰতিফলিত হৈছে ১৮৩৮ চনত প্ৰকাশিত মণ্টগোমাৰী মাৰ্টিনৰ পূব ভাৰত সম্পৰ্কীয় গ্ৰন্থ খনত৷[xxxv] দেখা গৈছে মণ্টগোমাৰী মাৰ্টিনে বুকানন হেমিল্টনৰ বাক্যটোকে হুবহু তুলি আনি বহুৱাই দিছে৷ বুকানন হেমিল্টন আছিল শুদ্ধ আৰু সঠিক তথ্য সংগ্ৰহৰ বাবে বিখ্যাত৷ গতিকে তেওঁৰ মন্তব্যই এটা গুৰুত্ব বহন কৰে৷

ফ্ৰান্সিচ বুকানন হেমিল্টনে গোৱালপাৰাত বহি আহোম ৰাজ্য সম্পৰ্কীয় টোকাটো প্ৰস্তুত কৰাৰ সমসাময়িকভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মধ্য-পশ্চিম অসমৰ  দৰঙী কোচৰাজ্যত সূৰ্যখড়ি দৈৱজ্ঞই ৰচনা কৰা ‘কৰ্ম্মফল’ নামৰ সাঁচীপতীয়া পুথিত  আছে--

“মহাবেগে ফুৰে জেন কুমাৰৰ চাক ৷

       চয় দিন মানে তাক কৰিলন্ত পাক ।।৬২/১৷৷” [xxxvi]

 দুইটি তথ্যৰ পৰা আমি সিদ্ধান্তত আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰো যে যি সময়ত উজনি অসমৰ আহোম ৰাজ্যত হাতেৰে গঢ় দি প্ৰস্তুত কৰা মাটিৰে নিৰ্মিত অতি প্ৰাথমিক স্তৰৰ বাচন বৰ্তনৰ ব্যৱহাৰ চলি আছিল, সেই সময়তে মধ্য-পশ্চিম অসমত কুমাৰৰ চাকৰ প্ৰচলন অব্যাহত আছিল৷ উল্লেখযোগ্য যে সভ্যতাৰ বিকাশৰ প্ৰাথমিক স্তৰতে মানুহে চাক ব্যৱহাৰ কৰি পাত্ৰ তৈয়াৰ কৰিবলৈ শিকে৷ তেনেস্থলত দূৰ-দূৰণিৰ পৰা গ্ৰেণাইট কাটি মন্দিৰ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ উজনি অসমৰ অধিবাসীসকলে চাক ব্যৱহাৰ কৰি পাত্ৰ নিৰ্মাণ কৰাৰ বিদ্যা নজনাটো এক আচৰিত কথা৷

খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত দিহিঙৰ পাৰৰ জনগাঁথনিৰ বিষয়ে আমি আহোম বুৰঞ্জীসমূহৰ পৰা কিছু ইংগিত পাওঁ৷ চুকাফাৰ নেতৃত্বত শ্বানসকলৰ এটা দল আহি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ ঘটনাটো এই ভূখণ্ডৰ ইতিহাসতে এক উল্লেখযোগ্য ঘটনা বুলিব পাৰি৷ ১২২৮ খ্ৰীষ্টাব্দত মংগমাওৰ শ্বান ৰাজকুমাৰ চুকাফাই এদল সহযোগীৰে সৈতে বুঢ়ীদিহিং নদীৰ সোঁত ধৰি ভটিয়াই আহি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলহি৷ শ্বানসকলৰ বুৰঞ্জী লিখাৰ এক পৰম্পৰা আছিল৷ এনে বুৰঞ্জীসমূহৰ পৰাই আমি খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ অসমত কি ৰাজনৈতিক পৰিস্থিতি বিৰাজ কৰিছিল ধাৰণা কৰিব পাৰো৷ চুকাফাৰ আগমনৰ সময়ত বুঢ়ীদিহিং উপত্যকাত দুটা জনগোষ্ঠীৰ লোকে বাস কৰিছিল৷ সেয়া আছিল মৰাণ আৰু বৰাহীসকল৷ অসম বুৰঞ্জীৰ পৰা ধাৰণা কৰিব পাৰোঁ যে তেতিয়ালৈ মৰাণ আৰু বৰাহীসকল ৰাজ্যগঠনৰ পৰ্যায়লৈ যোৱাই নাছিল৷ সেই সময়ত বৰাহী আৰু মৰাণসকল প্ৰাথমিক জনজাতীয় পৰ্যায়তে১ আছিল৷ আনকি দিহিং উপত্যকাৰ আগলি অংশত বাস কৰা প্ৰাচীন জনজাতীয় মূলৰ মৰাণসকলৰ মাজত কুৰি শতিকাৰ আদি ভাগলৈকে ঝুম খেতিৰ পৰম্পৰা আছিল৷ মৰাণ ভাষাত ঝুম খেতিক ‘হেৰামণি হেদাং’ বুলিছিল৷ মৰাণ বিহুত সঘনাই ‘হেৰামণি হেদাঙৰ উল্লেখ পোৱা যায়৷[xxxvii] গ্ৰেণাইট পাথৰ কাটি মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম লোকসকল নোহোৱা হৈ যোৱা অথবা জনজাতীয় পৰ্যায়লৈ উভতি যোৱাৰ দৰে ৰহস্যজনক ঘটনাৰ কোনো উত্তৰ আমাৰ হাতত নাই৷

       ডিব্ৰুগড় নগৰৰ দক্ষিণ পশ্চিম দিশে বুঢ়ীদিহিঙৰ পাৰে পাৰে জকাই সংৰক্ষিত বনাঞ্চলৰ পাৰ হৈ খামতিঘাটৰ ওচৰত বুঢ়ী দিহিঙৰ এটা এৰা সুঁতিৰ পাৰত থকা ম’ৰামৰা থানত হোৱা খননত আৱিষ্কাৰ হোৱা ইটাৰ মন্দিৰৰ বিষয়ে আমি উল্লেখ কৰিছোঁ৷ এই ঠাইতে এটা পুৰণি গ্ৰেণাইট আৰু টান বালিশিলেৰে তৈয়াৰী শৈল মন্দিৰৰ ধ্বংসাৱশেষো আছে৷ ড০ মনোৰঞ্জন দত্তই এই ভাস্কৰ্যসমূহক দশম একাদশ শতিকাত পেলাইছে৷[xxxviii] এই মন্দিৰৰ ভাস্কৰ্যসমূহৰ গাত কেইবাটাও আখৰ লিখি থোৱা আছে৷৷ তাৰে এটা শব্দক ভাস্কৰ বৰদলৈয়ে ‘নোপোৰা’ বুলি পাঠোদ্ধাৰ কৰিছে (চিত্ৰ ১৩)৷ নুপুৰ বা ভৰিত পিন্ধা খাৰুক ‘প্ৰাকৃত’ ভাষাত ‘নোপোৰা’ বুলি উল্লেখ কৰা  হয়৷[xxxix]

 

চিত্ৰ ১৩: ম’ৰামৰাৰ শিলালিপি

যদি এই শিলালিপিখন খ্ৰীষ্টীয় দশম-একাদশ শতিকাৰ হয়, তেন্তে তাৰ পিছত উজনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ইয়াৰ পাছৰখন শিলালিপি খোদাই কৰা হয় ১৫৩২ খ্ৰীষ্টাব্দত৷ গুৱাহাটী সংগ্ৰহালয়ৰ ফলকত উল্লেখ থকা মতে শদিয়াৰ সৰ্পস্তম্ভত খোদাই কৰা এই শিলালিপিখন ১৫৩২ খ্ৰীষ্টাব্দত খোদাই কৰা হৈছিল৷ মাজতে প্ৰায় ৫০০ বছৰত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে উজনি অসমত কোনো শিলালিপি খোদাই কৰা হোৱা নাছিল৷ অনুভৱ হয় এই ৫০০ বছৰত এই বিশাল অঞ্চলটোত লিখিব পঢ়িব জনা বা পৃষ্ঠপোষকতা কৰা কোনো লোক নাছিল৷ কিন্তু দশম-একাদশ শতিকাত গ্ৰেণাইটত আখৰ লিখিব পৰা আৰু পঢ়িব পৰা মানুহবোৰ হঠাতে কিয় অদৃশ্য হ’ল সেই বিষয়ে আমি একো নাজানো৷  

       ইয়াৰ উপৰিও খ্ৰীষ্টীয় দশম-একাদশ শতিকালৈকে প্ৰাচীন অসমৰ ধ্ৰুপদী শৈলীৰ যিমানবোৰ শৈল মন্দিৰ আছিল তাৰ কোনোটোৱেই আজি থিয় হৈ নাই৷ সকলোবোৰ এটাও নোৰোৱাকৈ একে সময়তে ভাগি পৰিল৷ এই গোটেইকেইটা পৰিঘটনাই খ্ৰীষ্টীয় দশম-একাদশ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে উজনি অসমক কেন্দ্ৰ কৰি এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈ ইংগিত কৰে৷ এই সৰ্বগ্ৰাসী প্ৰাকৃতিক দুৰ্যোগে এই বিশেষ অঞ্চলটোত ভয়ংকৰ ধ্বংসলীলা চলাই ইয়াত বিৰাজ কৰা ধ্ৰুপদী সভ্যতাক নিঃশেষ কৰিলে৷ এই সৰ্বগ্ৰাসী ধ্বংসলীলাৰ প্ৰকল্পটোকে আমি “বৃহৎ বিপৰ্যয় তত্ত্ব” নামকৰণ কৰিছোঁ৷

       এই “বৃহৎ বিপৰ্যয়”ৰ ফলতে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে বাস কৰা কুশলী লোকসকল স্থানান্তৰ হ’ল৷  দূৰণিৰ আওহতীয়া অঞ্চলবোৰত ৰৈ যোৱা জনজাতীয় স্তৰৰ লোকসকলে আৰ্থিক আৰু সাংস্কৃতিকভাৱে পিছপৰা হোৱা হেতুকে চাক ব্যৱহাৰ কৰি পাত্ৰ নিৰ্মাণ কৰা, আখৰ লিখা, গ্ৰেণাইটৰ কটা আদিৰ দৰে কামবোৰ কৰিবলৈ সক্ষম নহ’ল৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে উজনি অসমৰ প্ৰাচীন ৰাজ্যখন উছন হোৱাৰ সামাজিক-ৰাজনৈতিক ফলাফল সুদুৰপ্ৰসাৰী হ’ল৷ আমি সাধাৰণতে দেখা পাওঁ যে চিকাৰী সংগ্ৰাহক স্তৰৰ পৰা কৃষিৰ জৰিয়তে মানুহে সুস্থিৰ সমাজ এখন গঢ়ি তোলাৰ পাছত সামাজিক ক্ৰমবিকাশৰ পথত গতি কৰি এক পৰিণত পৰ্যায়ত ৰাজ্যসমূহৰ গঠন আৰম্ভ হয়৷ ৰাজ্য গঠনৰ পাছত ৰাজ্যৰ ৰাজনৈতিক ক্ষমতা বিভিন্ন বংশৰ ৰজাসকলে সামৰিক শক্তিৰ বলেৰে দখল কৰি লোৱাটো এক সাধাৰণ ঘটনা আছিল৷ দেখা যায় বংশানুক্ৰমিক ক্ষমতাৰ পৰিৱৰ্তন হ’লেও ৰাজ্যখনৰ আমোলাতন্ত্ৰ, কৰগাঁথনি প্ৰায়েই পূৰ্বৰ দৰেই থাকি যায়৷ ক্ষমতাৰ পিৰামিডৰ শীৰ্ষত পৰিৱৰ্তন হ’লে ভূমিভাগ প্ৰায়ে অক্ষত থকা দেখা যায়৷ প্ৰাচীন কামৰূপো ইয়াৰ ব্যতিক্ৰম নাছিল৷ প্ৰাচীন কামৰূপৰ ভৌম ৰাজবংশক ওফৰাই প্ৰথমে বৰ্মনসকল, তাৰ পাছত শালস্তম্ভসকল আৰু তাৰপাছত পালসকলে ৰাজনৈতিক ক্ষমতা দখল কৰিলেও কোনোটো ৰাজবংশয়েই নিজকে প্ৰাচীন কামৰূপৰ ঐতিহ্যৰ উত্তৰাধিকাৰৰ পৰা নিজকে বঞ্চিত কৰিব খোজা নাছিল৷ সেয়ে প্ৰতিটো ৰাজবংশই নিজক নৰক বংশীয় বুলি দাবী কৰি প্ৰাচীন ঐতিহ্যৰ অংশ হোৱাৰ লগতে পুৰণি শাসনব্যৱস্থাটোকে বৰ্তাই ৰাখিছিল৷ আনকি তিব্বতীয় বৌদ্ধ শালস্তম্ভসকলেও শৈৱ মত গ্ৰহণ কৰি প্ৰাচীন প্ৰাগজ্যোতিষীয় ঐতিহ্যৰ অংশ হৈছিল৷[xl] তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰাচীন প্ৰাগজ্যোতিষীয় ঐতিহ্য মহাভাৰতীয় পৰম্পৰাৰ এক অংশ আছিল৷

পাল ৰাজ্যৰ অৱশেষৰ ওপৰত গঢ়লৈ উঠা কমতাপুৰ ৰাজ্যইও সাংস্কৃতিকভাৱে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ ঐতিহ্যৰ অংশ হিচাপে নিজকে প্ৰক্ষেপ কৰিছিল৷ কমতাপুৰৰ শেষৰটো ৰাজবংশ মঙ্গোলীয়া-ভোট মূলৰ খেন বা খেং সকলো ইয়াৰ ব্যতিক্ৰম নাছিল৷ বংগীয় আফগানসকলৰ হাতত খেন বংশৰ পতনৰ পাছত কমতাপুৰৰ ধ্বংসাৱশেষৰ ওপৰত গঢ়লৈ উঠা মঙ্গোলীয় জনজাতীয় মূলৰ কোচসকলেও নতুন ঐতিহ্যৰ সৃষ্টি কৰাতকৈ শক্তিশালী প্ৰাচীন ঐতিহ্যৰ বোৱতী সোঁততে নাও মেলি দিয়াটোকে উচিত বুলি ভাবিছিল৷ প্ৰকৃততে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক ঐতিহ্য ইমান শক্তিশালী আছিল যে নতুন বংশৰ ৰজাসকলেও সহজে প্ৰজাৰ আনুগত্য লাভ কৰিবৰ বাবে সেই প্ৰাচীন পৰম্পৰাৰ অংশ হিচাপে নিজকে প্ৰক্ষেপ কৰি গৌৰৱবোধ কৰিছিল৷ ব্ৰহ্মপুত্ৰ উত্তৰে চুতীয়া আৰু কপিলী উপত্যকাৰ কছাৰী ৰাজ্যও ইয়াৰ অংশ আছিল৷ কপিলী কছাৰী ৰাজ্যৰ লগত চামিল হোৱাৰ পাছত দৈয়াং ধনশিৰী উপত্যকাৰ কছাৰী ৰাজ্যখনেও প্ৰাচীন প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক ঐতিহ্যৰ অংশ হোৱাৰ প্ৰমাণ আছে৷ ডিমাপুৰৰ কছাৰী ৰজা চণ্ডী উপাসক বীৰবিজয়ৰ (১৫০২-১৫২০ খ্ৰীষ্টাব্দ) ৰূপৰ মু্দ্ৰাই দৈয়াং-ধনশিৰী উপত্যকাত মহাভাৰতীয় সংস্কৃতিৰ সবল উপস্থিতিৰ প্ৰমাণ দিয়ে৷[xli] কিন্তু এই সকলোবোৰৰ মাজত মূৰ্তিমন্ত ব্যতিক্ৰম আছিল আহোম ৰাজ্য৷ আহোমসকলৰ সাংস্কৃতিক আনুগত্য দীৰ্ঘকালৰ বাবে পূবৰ ফালহে আছিল৷ জয়ধ্বজ সিংহৰ দিনত বৈষ্ণৱ ধৰ্ম লোৱাৰ পাছত আহোমসকলে পশ্চিমৰ ফালে কিছু সদয় দৃষ্টি দিলেও সামগ্ৰিকভাৱে আহোম ৰাষ্ট্ৰৰ মহাভাৰতীয় সংস্কৃতিৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল৷ ইয়াৰ কাৰণ হ’ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে উজনি অসমৰ সাংস্কৃতিক শূন্যতা৷ আমি উল্লেখ কৰি অহা উজনিৰ স্তৰীভূত ৰাজ্যখন ধ্বংস হোৱাৰ পাছত ইয়াৰ কোনো শক্তিশালী সাংস্কৃতিক চলমান পৰম্পৰা বৰ্তি নাছিল৷ আনহাতে আহোমসকল আছিল এক উন্নত সাংস্কৃতিক পৰম্পৰাৰ বাহক৷ স্থানীয় কোনো উন্নত চলমান সাংস্কৃতিক পৰম্পৰা নথকাৰ কাৰণে আহোমসকলে এই অঞ্চলত প্ৰথম ২০০ বছৰ প্ৰায় অকলশৰীয়াভাৱেই কটাই দিছিল৷ বহুত পলমকৈহে আহোমসকলে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ পৰম্পৰাৰ লগত চিনাকি হ’বলৈ সুবিধা পাইছিল৷ যাৰ ফলত উজনি অসমৰ সাংস্কৃতিক মানসিকতা অবিৰত প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ পৰম্পৰা বহন কৰা নামনি অসমৰ মানসিকতাতকৈ পৃথক হৈ পৰিল৷

       আমি প্ৰস্তাৱ কৰা “মহাবিপৰ্যয়”ৰ সামাজিক-সাংস্কৃতিক প্ৰভাৱ আমি অনুভৱ কৰিলেও ভূতাতত্ত্বিকভাৱে ইয়াক প্ৰমাণ কৰিব নোৱাৰিলে ইতিমধ্যে কৰা আলোচনা বোৰ অৰ্থহীন হৈ পৰিব৷ এই দিশত বৰ্তমান আমি কাম কৰি আছোঁ আৰু “মহাবিপৰ্যয়”ৰ সপক্ষে কিছু প্ৰমাণো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ৷ ২০২৪ খ্ৰীষ্টাব্দত এখন বিশিষ্ট ভূতাত্ত্বিক গৱেষণা আলোচনীত দিহিং উপত্যকাৰ পুৰাভূকম্পনৰ এটা প্ৰাৰম্ভিক গৱেষণাৰ ফলাফল প্ৰকাশ হৈছিল৷ উক্ত ফলাফলত দিহিং নদীৰ গঢ়াত সংৰক্ষিত হৈ থকা ভূকম্পনজনিত ‘জুলীয়া কৰণ”ৰ (Liquefaction) ফলত উৎপত্তি হোৱা কিছুমান “বালিৰ নলী’ (Sand Dyke) চিনাক্ত কৰি “পোহৰ উদ্দীপন সময় নিৰূপণ’ কৰা হৈছিল (চিত্ৰ ১৪ )৷

চিত্ৰ ১৪: দিহিঙৰ পাৰৰ ভূকম্পনৰ ফলত সৃষ্টিহোৱা ‘জুলীয়া কৰণ”জনিত “বালিৰ নলী”  

উক্ত গৱেষণাৰ ফলাফলত খ্ৰীষ্টীয় একাদশ আৰু দ্বাদশ শতিকাত তিনিটা ১০-১১ প্ৰাবল্যৰ ভূমিকম্পনৰ তথ্য দাঙি ধৰা হৈছে৷[xlii]

প্ৰায় এহাজাৰ বছৰৰ আগৰ অতি উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ ফলতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ধ্ৰুপদী ৰাজ্যৰ লোকসকল স্থানান্তৰ হৈছিল বুলি আমি ধাৰণা কৰিব পাৰো৷ এই ভূমিকম্পৰ কিছু প্ৰমাণ আৰু বৰ্তমানৰ যোৰহাটৰ দক্ষিণ দিশেও প্ৰত্যক্ষ কৰিছো৷ আমি ইতিমধ্যে যোৰহাটৰ দক্ষিণে এটা মৰানদীৰ তন্ত্ৰ আৱিষ্কাৰৰ কথা উল্লেখ কৰিছো৷ উক্ত তন্ত্ৰটোৰ যিখন নদীৰ বয়স ১০০০ বছৰ আছিল সেই নদীৰ প্ৰাচীন বালিত অসংখ্য গছৰ টুকুৰা আছিল (চিত্ৰ ১৫)৷ বৃহৎ পৰিমাণৰ এনে বালিত আবদ্ধ গছৰ টুকুৰাই এক অভাৱনীয় প্ৰাবল্যৰ ভূকম্পনৰে ইঙ্গিত দিয়ে৷

 

 চিত্ৰ ১৫: পুৰণি মৰা নদীৰ বালিত পোৱা বৃহৎ গছ

এই দুটা ভূতাত্ত্বিক প্ৰমাণৰ ভিত্তিত আৰু নতুন তথ্য নহালৈকে আমি সিদ্ধান্ত কৰিব পাৰো যে এহাজাৰ বছৰৰ আগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে উজনি অসমত এক প্ৰলয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছিল৷ ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে উজনি অসমৰ স্তৰীভূত ৰাজ্যখন নোহোৱা হোৱাৰ লগতে তাৰ উন্নত কৃষিপদ্ধতি জনা উন্নত সাংস্কৃতিক পৃষ্ঠভূমিৰ লোকসকলৰো স্থানান্তৰ ঘটিছিল৷ প্ৰতিকূল পৰিৱেশৰ লগত যুঁজি যুঁজি থাকি গৈছিল ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰা জনজাতীয় লোকসকল৷

 উপসংহাৰ:

ইতিমধ্যে বিজ্ঞানৰ জ্ঞান অথবা প্ৰযুক্তি বিদ্যাক সঁজুলি হিচাপে লৈ কেনেকৈ অসমত ইতিহাস অধ্যয়নৰ এটা নতুন ধাৰা আৰম্ভ কৰা হৈছে, এই লেখাটিত তাৰ এটা ধাৰণা দাঙি ধৰা হ’ল৷ এই দিশত এটা দলে কাম কৰি আছে৷ আশা কৰা যায় সোনকালেই ইতিহাস অধ্যয়নৰ এই ধাৰাটো প্ৰভাৱী হৈ উঠিব৷

 পাদটীকা:



[i] Georgiadi, 2021, Classicising histories, chronicles, and the advantages and disadvantages that are associated with these terms as used by modern scholars to describe Byzantine historical narratives’, Rosetta, 26, pp. 44–49. 

[ii] বৰুৱা (সম্পা), 2007,  চুতীয়া জাতিৰ বুৰঞ্জী, পৃ. ৪০০

[iii] Changmai et al, 2011, Spatial Distribution and Suitable Habitats of Feral Horses in Dibru Saikhowa National  Park  cum  Biosphere  Reserve:  A  Study using  Geospatial Technologies,  Journal of Bioresources, Vol. 8, No.1., pp. 44-51 

[iv] Bhuyan, 1949, Anglo Assamese Relations: 1771-1826, p 30. 

[v] নগেন শইকীয়া (সম্পা), ২০১৪, বেণুধৰ শৰ্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ. ১০৪৭ 

[vi] Terwiel, 2016, The Dispersion of the Khamti Shans, A lecture on the occasion of the Shan New Year

[vii] শইকীয়া, ২০২৩ (তৃতীয় প্ৰকাশ), প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস, পৃ. ৯৯ 

[viii] Baishya, 2009, Traditional Science and Material Culture of Early Assam, p. 318 

[ix] চলিহা, ১৯৯৮, পুৰণি অসমৰ কাৰিকৰী শিল্প, পৃ. ৫৪ 

[x] শইকীয়া (সম্পা), ২০১৪,  বেণুধৰ শৰ্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ. ১৫৪৮-১৫৫৮

[xi] New Israeli Army ROEM 155mm Wheeled Howitzer Boasts 80 km Firing Range, Army Recognition, 13 Jul, 2024 

[xii] চলিহা, ১৯৯৮, পুৰণি অসমৰ কাৰিকৰী শিল্প, গুৱাহাটী পৃ. ১৪ 

[xiii] Saikia at al, 2024, Chronological and Archaeometric Evaluation of Bricks from Archaeological Sites of Upper Assam, Northeast India: Estimation of the Firing Temperature and Civilization History, Applied Sciences, Vol. 14, 2024, 6271

[xiv] Ozkaya and Boke, 2009,  Properties of Roman Bricks and Morters used in Sepapis Temple in the City of Pergamon, Materials Characterization, Vol. 60, 2009, pp. 995-1000.

 [xv] বৰবৰুৱা,১৯৯৭, আহোমৰ দিন, পৃ. ২০৪

[xvi] Saikia et al, 2024, Chronological and Archaeometric Evaluation of Bricks from Archaeological Sites of Upper Assam, Northeast India: Estimation of the Firing Temperature and Civilization History, Applied Sciences, Vol. 14, 2024, 6271 

[xvii] Saikia, 2023, A study of the Possibility of Discovering an Extinct state in Upper, ঐতিহ্য- The Heritage, Vol. XIV, 

[xviii] শইকীয়া,২০২৫, বুঢ়ীদিহিঙৰ পাৰৰ হেৰোৱা ৰাজ্যৰ সন্ধানত, গৰীয়সী, দ্বাত্ৰিংশ বছৰ, তৃতীয় সংখ্যা, জানুৱাৰী, পৃ. ১৪-২১ 

[xix] শইকীয়া (সম্পা),২০০২, মণিৰাম দেৱানৰ বুৰঞ্জি বিবেক ৰত্ন (২য় খণ্ড), পৃ. ২০৬ 

[xx] তামুলি (সম্পা),২০০৭, নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃ. ১১২, ১৬২ 

[xxi] Philippe Vandermaelen, Assam et Boutan. Asie 84, Bruxelles, 1827

[xxii] Saikia and Amin, 2016, A Study of River Channel Modifications of Jorhat District of Assam, Indian Journal of History of Science, Vol 51 No 3. pp. 556-559

 [xxiii] Saikia et al, 2016, Dating of Paleochannel Sediment of Jorhat District of Assam, North Eastern India, International Research Journal of Engineering and Technology, Vol-3(11), 2016, pp. 156-164,.

 [xxiv] Guha, 1967 Ahom Migration: It’s Impact on Rice Economy of Medieval Assam, Artha Vijnana: Journal of The Gokhale Institute of Politics and Economics, Vol 9. No 2, pp. 135-157৷

[xxv] Saikia and Amin: A Study of River Channel Modifications of Jorhat District of Assam, Indian Journal of History of Science, Vol 51 No 3, pp. 556-559

 [xxvi] Patra, & Abraham, 2012, Exploration and collection of rice germplasm. CRRI Newsletter, 33(4), October–December.

 [xxvii] Huan et al., 2015, Bulliform phytolith research in wild and domesticated rice paddy soil in South China’, PLOS ONE, 10(10), article e0141255

 [xxviii] Wang et al., 2019, ‘Bulliform phytolith size of rice and its correlation with hydrothermal environment: A preliminary morphological study on species in southern China’, Frontiers in Plant Science, 10, article 1037

 [xxix] Shoda et al., 2021, ‘Dry or wet? Evaluating the initial rice cultivation environment on the Korean Peninsula’, Agronomy, 11(5), article 929

 [xxx] Qiu et al. 2014, Pollen and phytolith evidence for rice cultivation and vegetation change during the Mid-Late Holocene at the Jiangli site, Suzhou, East China’, PLOS ONE, 9(1), article e86816

 [xxxi] Qiu et al. 2014, Pollen and phytolith evidence for rice cultivation and vegetation change during the Mid-Late Holocene at the Jiangli site, Suzhou, East China’, PLOS ONE, 9(1), article e86816

[xxxii] শইকীয়া, ২০২৩, উজনি অসমত এখন বিলুপ্ত ৰাজ্য আৱিষ্কাৰ সম্ভাৱনা: এক অধ্যয়ন, ঐতিহ্য The Heritage, Volume-XIV, Issue-2, pp. 175-183

[xxxiii] Hazarika at al, Revisiting Early Medieval Upper Brahmaputra Valley of Assam: A Study through Archaeology and Palaeogeomorphology, Ancient Asia (Accepted)

 [xxxiv] Bhuyan (Ed), 1940, An Account of Assam with Some notices concerning the neighbouring territories by Francis Hamilton, p. 18 

[xxxv] Martin, 1838, The History, Antiquities Topography and Statictics of Eastern India, Vol III, p. 681 

[xxxvi] বিট্ৰিচ লাইব্ৰেৰীত সংৰক্ষিত পাণ্ডুলিপি নং ১২২৩৫ (B)

[xxxvii] বৰুৱা,২০১৭, (দ্বিতীয় প্ৰকাশ), মৰাণ বুৰঞ্জী সাৰ, পৃ. ৬২ 

[xxxviii] দত্ত, ২০১২, অসমৰ ভাস্কৰ্য্যৰ ইতিহাস, পৃ. ১৫১-১৫৪

[xxxix] বৰদলৈ,২০২০  অসমীয়া লিপিৰ ক্ৰমবিকাশ, পৃষ্ঠা ৩২১ 

[xl] Deka, 2004, Nilachal Kamakhya Her History and Tantra, p.6 

[xli] Rhodes and Bose, 2006, A History of the Dimacha-Kacharis as seen through Coingae, p. 14 

[xlii] Bhadran, et. al, 2024, ‘Soft sediment deformation structures from the Brahmaputra Basin: A window to the Eastern Himalayan paleoseismicity and tectonics’, Journal of Asian Earth Sciences, vol. 259, article 105894, pp. 1–13.

টোকা আৰু তথ্যসূত্ৰ:

অসমীয়া গ্ৰন্থ আৰু উৎসসমূহ

1.    বৰুৱা, স্বৰ্ণলতা (সম্পা.) (2007) চুতীয়া জাতিৰ বুৰঞ্জী. অসম: চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, সদৌ অসম চুতীয়া জাতি সন্মিলন।

2.    বৰদলৈ, ভাস্কৰ (2020) অসমীয়া লিপিৰ ক্ৰমবিকাশ. যোৰহাট: অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন।

3.    বৰবৰুৱা, হিতেশ্বৰ (1997) আহোমৰ দিন. গুৱাহাটী: অসম প্ৰকাশন পৰিষদ।

4.    বৈভৱ বৰুৱা, বিপুল (2017) মৰাণ বুৰঞ্জী সাৰ. ২য় প্ৰকাশ. তিনিচুকীয়া, অসম: জাতীয় প্ৰকাশন সংঘ।

5.    চলিহা, প্ৰদীপ (১৯৯৮) পুৰণি অসমৰ কাৰিকৰী শিল্প. গুৱাহাটী: অসম বিজ্ঞান সমিতি।

6.    দত্ত, মনোৰঞ্জন (2012) অসমৰ ভাস্কৰ্য্যৰ ইতিহাস. গুৱাহাটী-৩৫: স্বপ্না পাব্লিচাৰ্চ।

7.    শইকীয়া, নগেন (সম্পা.) (২০১৪) বেণুধৰ শৰ্মা ৰচনাৱলী, দ্বিতীয় খণ্ড. গুৱাহাটী-২১: অসম প্ৰকাশন পৰিষদ।

8.    শইকীয়া, নগেন (সম্পা.) (2002) মণিৰাম দেৱানৰ বুৰঞ্জি বিবেক ৰত্ন, ২য় খণ্ড. ডিব্ৰুগড়: অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।

9.    শইকীয়া, ৰক্তিম ৰঞ্জন (2023) প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. ৩য় প্ৰকাশ. পানবজাৰ, গুৱাহাটী-১: অসম পাৱলিচিং কোম্পানী।

10. শইকীয়া, ৰক্তিম ৰঞ্জন (2023) ‘উজনি অসমত এখন বিলুপ্ত ৰাজ্য আৱিষ্কাৰ সম্ভাৱনা: এক অধ্যয়ন’, ঐতিহ্য (The Heritage), XIV(2), pp. 175–183.

11. শইকীয়া, ৰক্তিম ৰঞ্জন (2025) ‘বুঢ়ীদিহিঙৰ পাৰৰ হেৰোৱা ৰাজ্যৰ সন্ধানত’, গৰীয়সী, দ্বাত্ৰিংশ বছৰ, তৃতীয় সংখ্যা, জানুৱাৰী, pp. 14–21.

12. তামুলি, লক্ষীনাথ (সম্পা.) (2007) নাওবৈচা ফুকনৰ অসম বুৰঞ্জী. গুৱাহাটী: অসম প্ৰকাশন পৰিষদ।

13. বিট্ৰিচ লাইব্ৰেৰী, পাণ্ডুলিপি নং ১২২৩৫ (B). সংৰক্ষিত পাণ্ডুলিপি, British Library.

ইংৰাজী গ্ৰন্থ আৰু উৎসসমূহ

  1. Baishya, Dinesh (2009) Traditional Science and Material Culture of Early Assam. Guwahati: EBH Publishers (India).
  2. Bhadran, Arun, Duarah, B. P., Girishbai, Drishya, Raza, Mohammad Atif, Mero, Avi, Lahon, Sandeep, Achu, A. L. and Gopinath, Girish (2024) ‘Soft sediment deformation structures from the Brahmaputra Basin: A window to the Eastern Himalayan paleoseismicity and tectonics’, Journal of Asian Earth Sciences, 259, article 105894, pp. 1–13. doi:10.1016/j.jseaes.2023.105894.
  3. Bhuyan, Suryya Kumar (1949) Anglo-Assamese Relations, 1771–1826. Guwahati: Department of Historical and Antiquarian Studies, Government of Assam.
  4. Bhuyan, Suryya Kumar (ed.) (1940) An Account of Assam with Some Notices Concerning the Neighbouring Territories by Francis Hamilton. Guwahati: Department of Historical and Antiquarian Studies, Government of Assam.
  5. Changmai, Shamikhu, Choudhury, Parthankar and Sarma, K. K. (2011) ‘Spatial distribution and suitable habitats of feral horses in Dibru Saikhowa National Park cum Biosphere Reserve: A study using geospatial technologies’, Journal of Bioresources, 8(1), pp. 44–51.
  6. Deka, Pranav Jyoti (2004) Nilachal Kamakhya: Her History and Tantra. Guwahati: Pranav Jyoti Deka.
  7. Georgiadi, Foivi-Eirini (2021) ‘Classicising histories, chronicles, and the advantages and disadvantages that are associated with these terms as used by modern scholars to describe Byzantine historical narratives’, Rosetta, 26, pp. 44–49.
  8. Guha, Amalendu (1967) ‘Ahom migration: Its impact on rice economy of Medieval Assam’, Artha Vijnana, 9(2), pp. 135–157.
  9. Hazarika, Rashmirekha, Hazarika, Susmita, Goswami, Kishor and Saikia, Raktim Ranjan (2026) ‘Revisiting Early Medieval Upper Brahmaputra Valley of Assam: A Study through Archaeology and Palaeogeomorphology’, Ancient Asia. Accepted manuscript.
  10. Huan, Xiujia, Lu, Houyuan, Wang, Can, Tang, Xiangan, Zuo, Xinxin, Ge, Yong and He, Keyang (2015) ‘Bulliform phytolith research in wild and domesticated rice paddy soil in South China’, PLOS ONE, 10(10), article e0141255. doi:10.1371/journal.pone.0141255.
  11. Martin, Robert Montgomery (1838) The History, Antiquities, Topography, and Statistics of Eastern India, Vol. III: Puraniya, Ronggopoor, and Assam. London: W. H. Allen and Co.
  12. Özkaya, Özlem Aslan and Böke, Hasan (2009) ‘Properties of Roman bricks and mortars used in Serapis Temple in the city of Pergamon’, Materials Characterization, 60(9), pp. 995–1000. doi:10.1016/j.matchar.2009.04.003.
  13. Patra, B. C. and Abraham, Z. (2012) ‘Exploration and collection of rice germplasm’, CRRI Newsletter, 33(4), October–December 2012.
  14. Qiu, Zhenwei, Jiang, Hongen, Ding, Jinlong, Hu, Yaowu and Shang, Xue (2014) ‘Pollen and phytolith evidence for rice cultivation and vegetation change during the Mid-Late Holocene at the Jiangli site, Suzhou, East China’, PLOS ONE, 9(1), article e86816. doi:10.1371/journal.pone.0086816.
  15. Rhodes, Nicholas G. and Bose, Shankar K. (2006) A History of the Dimasa-Kacharis: As Seen Through Coinage. Dhubri: Library of Numismatic Studies.
  16. Saikia, Raktim Ranjan (2023) ‘A study of the possibility of discovering an extinct state in Upper Assam’, The Heritage, XIV(2), pp. 175–183.
  17. Saikia, Raktim Ranjan and Amin, Nurul (2016) ‘A study of river channel modifications of Jorhat District of Assam’, Indian Journal of History of Science, 51(3), pp. 556–559.
  18. Saikia, Raktim Ranjan, Amin, Nurul and Nagar, Yogesh Chand (2016) ‘Dating of paleochannel sediment of Jorhat District of Assam, North Eastern India’, International Research Journal of Engineering and Technology, 3(11), pp. 156–164.
  19. Saikia, Raktim Ranjan, Taye, Chaitra Dhar, Amin, Nurul, Konwar, Sorat, Panzeri, Laura and Galli, Anna (2024) ‘Chronological and archaeometric evaluation of bricks from archaeological sites of Upper Assam, Northeast India: Estimation of the firing temperature and civilization history’, Applied Sciences, 14(14), article 6271. doi:10.3390/app14146271.
  20. Shoda, Shinya, Nasu, Hiroo, Yamazaki, Kohei, Murakami, Natsuki, Na, Geon-Ju, Ahn, Sung-Mo and Yoneda, Minoru (2021) ‘Dry or wet? Evaluating the initial rice cultivation environment on the Korean Peninsula’, Agronomy, 11(5), article 929. doi:10.3390/agronomy11050929.
  21. Terwiel, Barend Jan (2016) ‘The dispersion of the Khamti Shans’, lecture presented on the occasion of the Shan New Year Festival, SOAS, Khalili Lecture Theatre, London, 27 November 2016, p. 1.
  22. Vandermaelen, Philippe Marie Guillaume (1827) Assam et Boutan. Asie 84. Brussels.
  23. Wang, Can, Lu, Houyuan, Zhang, Jianping, Mao, Limi and Ge, Yong (2019) ‘Bulliform phytolith size of rice and its correlation with hydrothermal environment: A preliminary morphological study on species in southern China’, Frontiers in Plant Science, 10, article 1037. doi:10.3389/fpls.2019.01037.
  24. Army Recognition (2024) ‘New Israeli Army ROEM 155mm wheeled howitzer boasts 80 km firing range’, Army Recognition, 13 July 2024.

 

 লেখকৰ ঠিকনা:

মূৰব্বী অধ্যাপক, ভূতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

ড
লেখকৰ পৰিচয়

ড০ ৰক্তিম ৰঞ্জন শইকীয়া

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)