উৎপল বৰকটকী
ৰাতিৰ বুকুত কোনোবাই ক’লা সূতা এডালৰে
চিলাই থয় ৰাজপথৰ দুয়োকাষৰ নিৰ্জনতা৷
এজনী নাৰী ঘৰলৈ ওভতে—তাইৰ ছাঁটো বাটৰ আগত,
তাইৰ আশংকাবোৰ পিছত...
বাটৰ দাঁতিৰ গছবোৰত পাত লৰে; প্ৰতিটো সৰসৰণিতে
তাইৰ শৰীৰে পুৰণি কোনো অজ্ঞাত বিপদৰ আখৰ পঢ়ে৷
দূৰৈৰ পৰা এখন গাড়ীৰ পোহৰ আহে, ওচৰ চাপি আহে,
পাৰ হৈ যায়—কিন্তু তাইৰ বুকুৰ ভিতৰত তাৰ শব্দ বহু পৰলৈকে ৰৈ যায়৷
এই ভয়ৰ কোনো দৃশ্যমান মুখ নাই; তথাপি ই তাইৰ খোজৰ দৈৰ্ঘ্য কমায়,
উশাহৰ স্বৰ সলনি কৰে, হাতৰ মুঠিত চাবিপাতকো অস্ত্ৰৰ আকৃতি দিয়ে৷
কোনে তাইৰ শৰীৰত এই অদৃশ্য ভয় থৈ গ’ল?
পুৱাৰ বাতৰিকাকতত আকৌ এটা নাৰীদেহৰ চাৰিওফালে গঢ় লৈ উঠে
শব্দৰ বেৰ—ধৰ্ষণ, নিৰ্যাতন, হত্যা, তদন্ত !
আখৰবোৰ শুকাই যায়; কিন্তু পৃথিৱীৰ আটাইতকৈ প্ৰাচীন আন্ধাৰখিনিয়ে
নতুন এটা তাৰিখ পায়৷
ইফালে গৰ্ভগৃহত দেৱীৰ চকুত জ্বলি থাকে অগ্নিৰ স্থিৰতা,
তেওঁৰ হাতত অস্ত্ৰ, পাদদেশত অসুৰৰ পৰাজয়৷
মন্দিৰৰ বাহিৰত এগৰাকী নাৰীয়ে নিজৰ দুৰ্বলতা নহয়,
আনৰ সম্ভাৱ্য নিষ্ঠুৰতাৰ পৰিমাপ কৰি ঘৰলৈ উভতে৷
দেৱীৰ মৃণ্ময় শৰীৰ নিৰ্মাণ কৰা সমাজখনে কেতিয়াবা
নিজৰ ভিতৰৰ অসুৰটোৰ মুখখন চিনি পায়নে?
নিশাৰ গৰ্ভত বাটবোৰে ক্ৰমে নিজৰ নাম হেৰুৱায়৷
তাইৰ খোজৰ শব্দত কঁপি উঠে কোনো আদিম অৰণ্যৰ নিস্তব্ধতা৷
আকাশত দেৱীৰ চকু—অনিদ্ৰ, অগ্নিময়৷
আৰু তলত, এখন দেশৰ সমস্ত পৱিত্ৰতা পাৰ হৈ,
এগৰাকী নাৰীয়ে নিজৰ ছাঁটোকো অকলে এৰি দিবলৈ ভয় কৰে৷
নিশা ক্ৰমাৎ গভীৰ হয়৷
তাইৰ খোজৰ শব্দ কুঁৱলীৰ তলত হেৰাই যায়৷
তাই পিছলৈ ঘূৰি চায়—বাটৰ দাঁতিৰ গছজোপাত
কঁপি থাকে এডোখৰ আকাশ৷
***
ম’বাইল : ৮১৩৩০১০০৬৩
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)