শিখা গোস্বামী মহন্ত
বতাহৰ ঢৌ লাগি
জান-অজান মুগ্ধতাই
আঁজুৰি সজাইছে
আঁৰবেৰৰ ৰূপৰেখা
হাত সেমেকাই তোলা
মোৰ মাটিৰ কথা
কৈ থাকিব মই নেজানো
কি ভাবোঁ, কি বুজোঁ আৰু
কঢ়িয়াই সুখী হওঁ কি!
আৱেগত উথলি ফেঁকুৰিব নোৱাৰাৰ বেথাত
হুঁটা হোৱা মাত-কথাৰ অলেখ কাহিনী
তোমাৰ মুখত শুন নুশুনকৈ
প্ৰিয় কবিতা দুশাৰী...
কাঁচিজোনটো বাঢ়ি বাঢ়ি আহি থকাৰ দৰেই
এই পূৰ্ণতা...
মাটিৰ পৰিসৰ, দীৰ্ঘতা আৰু পৰিসীমাৰ
কথা মোক নুসুধিবা
মাটি বুলিলেই সেমেকাই যোৱা এখিনি উচ্ছ্বাস
ৰূপকথাৰ নহয়, চুই চাব পৰা জীপাল
নাঙলৰ সিৰলুৱে আঁকে সুবাসিত সপোন
দুৱাৰ-খিৰিকী খুলি দিলেই আহল-বহল
বিধে বিধে সেউজীয়া
দুপাখি মেলি উৰা চৰাইৰ সৰগ হেন
সাৰুৱা,পলসুৱা আৰু
উৰ্বৰতাৰ
কথাৰে মোৰ সীমাৱদ্ধ উপলব্ধি...
***
ম’বাইল - ৮৬৩৮৩১৪২০৮
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)