প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায়
শ্ৰেণীকোঠাৰ পৰিধি ভেদি
The Very
Pregnant Ratnottama Ma’am
মোৰ প্ৰিয় শীতকালিটো আহি দিল্লীৰ দুৱাৰত টোকৰ দিছিলহি৷ শেষৰাতি
সিম্সিমীয়া জাৰ লাগে৷ এদিন ৰাতিপুৱাতে হঠাতে আহিল এজাক বৰষুণ৷ আহিল আৰু উভতি নগ’ল,
ৰাতিলৈকে কিন্ কিন্কৈ বৰষি থাকিল৷ বৰষুণজাকে যেন বোকোচাত শীত কঢ়িয়াইহে আনিলে৷ পাতল
শ্ব’ল এখন গাত মেৰিয়াই মই ধোঁৱাৰ ৰং ধৰা আকাশখন চাই আছিলোঁ৷ মোৰ ভৰুণ গাটো চুই যোৱা
চেঁচা বতাহজাক মোৰ ভাল লাগিছিল৷ ঘৰৰ ভিতৰত সজাই থোৱা মোৰ মৰমৰ গাম্লাকেইটামান মই বৰষুৰ
পানী পোৱাকৈ উলিয়াই দিব বিচাৰিছিলোঁ৷ সৰু সৰুকেইটা এটা এটাকৈ উলিয়াই দিলোঁ৷ কিন্তু
অলপ ডাঙৰকেইটা তেনেকৈয়ে থাকিল৷ মই গধুৰ বস্তু উঠোৱা অনুচিত, নুঠাওঁ৷ মই গমি-পিতি খোজ
দিয়া গহীন ধৰণৰ মানুহ এজনী মুঠেও নহওঁ, কিন্তু সেই সময়ছোৱাত মই আছিলোঁ আটাইতকৈ সাৱধানী৷
তেতিয়া মোৰ গৰ্ভাৱস্থাৰ তৃতীয় ষাণ্মসিকৰ শেষছোৱা৷ সেই যে চিলভিয়া প্লাথৰ কবিতটো, ‘এৰিয়েল’
নামৰ সংকলনটোত থকা I am a Riddle in Nine Lines কবিতাটো, তাত কোৱাৰ দৰেই মই
যেন তৰমুজ এটাহে হৈ পৰিছিলোঁ৷ ওঁহো, ঠিক মই গোটেইজনী নহয়, কিন্তু মোৰ স্ফীত উদৰ যেন
তৰমুজ এটাহে হৈ পৰিছিল৷ এটাৰ পাছৰ এটাকৈ গৰ্ভাৱস্থাৰ স্তৰবোৰ পাৰ কৰি মই তেতিয়া প্ৰায়
শেষ স্তৰত৷ আৰম্ভ হৈছিল কিছুমান সৰু-সুৰা নতুন উপসৰ্গ, প্ৰায়ে ভৰিৰ কলাফুলত ক্ৰেম্প্
হয়, মাংসপেশী এনেকৈ টানি ধৰে যে চকুপানী ওলাবৰ উপক্ৰম হয়৷ সৰু ছোৱালী এজনীৰ দৰে মোৰ
মালৈ মনত পৰে, ঘৰলৈ মনত পৰে৷ মোৰ মানুহজনে যিমানেই আদৰ-যত্ন কৰিলেও মনৰ মাজতে ঠেন্-ঠেনাই
ভাবোঁ, ঘৰৰ মানুহবোৰ ওচৰত থকা হ’লে কিমান যে ভাল হ’লহেঁতেন৷ কিন্তু এই ভাবটো মই মুখ
ফুটাই কাকো কোৱা নাছিলোঁ আৰু এই ভাবটোক মই মোৰ মনত বেছিপৰ ৰ’বলৈও নিদিছিলোঁ৷ মই ভাল
লগা কিবা এটা বিচাৰি লওঁ আৰু কৰোঁ৷ তেনেকুৱা সময়তে এবাৰ বিক্ৰম তেওঁৰ কিবা কামত মুম্বাইলৈ
যাবলগা হ’ল৷ খোৱামেজত বা ফোনত তেওঁ বাৰম্বাৰ একেটা কথাকে উলিয়াই থাকিবলৈ ল’লে, তেওঁ
মুম্বাইত থকা দুটা ৰাতি মোৰ লগত কোন থাকিব৷ মই হাঁহি উৰুৱাই দিব বিচাৰিছিলোঁ, কাৰণ,
ৰাতি অকলে থকাটো মোৰ কাৰণে কোনো কথাই নহয়৷ এইটোনো আৰু এটা কথা হ’লনে? কিন্তু গম্ভীৰ
মুখ এখন ওলোমাই তেওঁ গহীনাই ক’লে, আগৰ কথা বেলেগ, এই সময়ৰ কথা বেলেগ৷ ময়ো কথাটো গমি
চালোঁ, হয়তো, ঘৰৰ ভিতৰত থকা সাধাৰণ ফুলৰ গাম্লাকেইটাকে বৰষুণৰ পানী পোৱাকৈ বাহিৰলৈ
উলিয়াই দিয়া দূৰৰ কথা, তেতিয়া একেবাৰে সৰু কাম একোটা কৰিবলৈয়ো মোৰ কিছুমান অসুবিধা
হয়৷ আনহে নালাগে স্ফীত উদৰৰ কাৰণে ভৰিত মোজাযোৰ পিন্ধাটো বা ভৰিৰ নখ কটাটোও এটা দুৰূহ
কাম হৈ পৰে৷ কেনেবাকৈ হাতৰ কিবা এটা যদি পৰি গৈ টেবুল বা বিচনাৰ তল পালেগৈ, তেতিয়াতো
আৰু হ’লেই৷ আনৰ সহায় অবিহনে পৰি যোৱা বস্তুপদ তুলিবলৈ অনেক যোগাৰ-যত্ন কৰাৰ পাছতো তুলি
আনিব নোৱাৰিবও পাৰোঁ৷ ঠিকেই, কোনোবা লগত থাকিলে আচলতে ভাল হয়৷ কিবা এটা যদি লগা হয়,
কিবা যদি অসুবিধা হয়? বেছি ভাবিবলগা নহ’ল, মোৰ লগত মোৰ দুগৰাকী প্ৰিয় ছাত্ৰী থাকিল৷
মণিপুৰী ছোৱালী অবিনাশদেৱী আৰু নগা ছোৱালী চেত্য’লে’ টুন্যি সেই সময়ত আছিল আমাৰ বিভাগৰ
তুলনামূলক ভাৰতীয় সাহিত্যৰ এম. ফিল.ৰ ছাত্ৰী৷ মোৰ লগত থাকিবলৈ সিহঁত ইমানেই স্ফূৰ্তি
পালে যে সিহঁতৰ স্ফূৰ্তি দেখিয়েই মোৰো মনটো ভাল লাগিল৷ তেতিয়ালৈ মোৰ নিশাচৰ স্বভাৱটোৰ
কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু ভালেখিনি সফলো হৈছোঁ৷ তথাপি সিহঁত দুজনী অহাৰ
দিনা ৰাতি আমি বেছ আড্ডা মাৰিলোঁ৷
বহুতো ছাত্ৰ-ছাত্ৰীৰ সৈতে মোৰ বেছ নিবিড় সম্পৰ্ক৷ তাৰে কিছুমানৰ
সৈতে বেছ ঘৰুৱা সম্পৰ্কও গঢ় লৈ উঠে৷ ইতিমধ্যে
মোৰ কেইবাজনীও ছাত্ৰী মিলি মোক লৈ এটা বৰ মজাৰ কাম কৰি থৈছিল৷ সিহঁতে এদিন ক’লে, মেম্,
আপোনাক আমি এদিন কিবা ৰান্ধি খুৱাম আৰু পূৰা দিন এটা আপোনাৰ সৈতে কটাম৷ মই ‘ফুডী’ নহয়
বুলি সিহঁতে জানিও মোক সুধিছিল, আপোনাৰ কি কি ‘প্ৰেগনেন্সী ক্ৰে’ভিং’ হৈছে আমাক লিষ্ট
এখন দিব৷ মোৰ হাঁহি উঠিছিল৷ সঁচাকৈয়ে মোৰ তেনে কোনো craving হোৱাই নাছিল৷ কওঁতে সিহঁতে
বিশ্বাস কৰা নাছিল যেন লাগিছিল৷ যিমানদূৰ মনত পৰে, বুদ্ধিটো দিছিল এস্থাৰ নামৰ
নগা ছাত্ৰীগৰাকীয়ে, ঠিক আছে মে’ম, আপোনাৰ বাৰু একো বিশেষ ক্ৰেইভিং নাই, কিন্তু কিবা
নাখায় নেকি ক’ব৷ আমি সেইমতে প্লেন কৰিম৷ আচলতে মোৰ তেনে কোনো কথা নাছিল৷ মই মাথোঁ সাৱধানে
সুষম ঘৰুৱা খাদ্য খাইছিলোঁ৷ যিকোনো ধৰণৰ হানিকাৰক খাদ্য এৰাই চলিছিলোঁ৷ এদিন বেছ পৰিকল্পনা
কৰি সিহঁত মোৰ ঘৰলৈ দিনটোৰ কাৰণে আহিছিল৷ এস্থাৰ, অবিনাশদেৱী, পাখ’মেই ৰাচিলা, চেত্য’লে’হঁত৷
নিজে আনি ৰান্ধি-বাঢ়ি মোক খুৱাইছিল, ঘৰত আৰু মোৰ ছাদবাৰীখনত মোৰ সৈতে এসোপামান ফটো
উঠিছিল আৰু মোৰ মনত থাকি যোৱাকৈ এটা ধুনীয়া দিন উপহাৰ দিছিল৷ অ’, উপহাৰ বোলোঁতে মনলৈ
আহিছে, সিহঁতে মোক কিবা উপহাৰ দিবও বিচাৰিছিল, সিহঁতে বোলে ঘৰবোৰত দেখিছে, গৰ্ভাৱতী
নাৰীগৰাকীক উপহাৰ দিয়ে৷ কিন্তু এইক্ষেত্ৰত মই নিজে বান্ধি লোৱা মোৰ নিয়ম সিহঁতক উলংঘা
কৰিবলৈ দিয়া নাছিলোঁ৷ মোৰ নিয়মনো কি সেয়াও বাৰু কওঁ৷ শিক্ষক হিচাপে মই মোৰ ছাত্ৰ-ছাত্ৰীৰ
পৰা একো দামী উপহাৰ নলওঁ আৰু পইচা খৰছ হোৱা একো নাখাওঁ৷ দুহেজাৰ এঘাৰ চনৰ পৰা মই গৱেষণাৰ
তত্ত্বাৱধায়ক হিচাপেও মোৰ এই নিয়মটো মানি আহিছোঁ৷ মোৰ নিয়মৰ সপক্ষে মোৰ যুক্তিও আছে
অকাট্য৷ অতি বিশেষ উপলক্ষ্যতহে এই নিয়ম সলনি হয়, যেনে, গৱেষণা সম্পূৰ্ণ কৰা, চাকৰি
পোৱা, বিয়া-বাৰু হোৱা বা তেনে ধৰণৰ কিবা৷ কিন্তু ল’ৰা-ছোৱালীহঁতে তাৰ মাজতে মই না ক’ব
নোৱাৰা কাণ্ড কিছুমান কৰি থাকে৷ মই বান্ধ খাই যাওঁ আৰু মোৰ হৃদয় শিক্ষক হোৱাৰ আনন্দেৰে
ভৰি পৰে৷ সেইদিনাও সিহঁত আহি ওলাইছিল সিহঁতৰ নিজৰ নিজৰ ঘৰৰ সিহঁতলৈ পঠিউৱা খোৱা-বস্তুৰ
টোপোলা কিছুমান, চকোলেট আৰু মোৰ প্ৰিয় ফুলৰ তোৰা লৈ৷ না কৰিব নোৱাৰা মৰমবোৰ মই আকোঁৱালি
লৈছিলোঁ৷ সেই দিনটো মই বৰ আলফুলে সোঁৱৰোঁ৷
মোৰ সেই দিনকেইটাত মনত ৰৈ যোৱা এটা উপহাৰ মোক দিছিল মোৰ আন
এগৰাকী প্ৰিয় ছাত্ৰী পল্লৱী নেগীয়ে৷ নাইনিতালৰ এই কেঁকোৰাচুলীয়া ছোৱালীজনীয়ে তেতিয়া
মোৰ ওচৰত এম্ ফিল্ কৰি আছিল আৰ নিয়মীয়াকৈ তাই মোৰ ওচৰলৈ আহি তাইৰ কাম দেখুৱাইছিল৷
তাইৰ নিয়মানুৱৰ্তিতা দেখি মই সন্তুষ্ট হৈছিলোঁ, কিন্তু তাইৰ পৰিকল্পনা আছিল অন্য৷ তাইৰ
সেই পৰিকল্পনাৰ কথা মোক কোৱা নাছিলল৷ অৱশেষত ঠিক পাঁচ ছেপ্টেম্বৰ তাৰিখটো মিলাকৈ তাই
সম্পূৰ্ণ কৰা গৱেষণা কণিকাখন মোৰ হাতত তুলি দিছিল৷ তাইৰ মতে, মোৰ জীৱনৰ বিশেষ শিক্ষক
দিৱসটোত তাই বিশেষ উপহাৰ এটা দিব বিচাৰিছিল আৰু তাইৰ গৱেষণা কণিকাখনেই আছিল সেই বিশেষ
উপহাৰটো৷ পকাবন্ধা ডিযাৰটেশ্বনখনৰ মেৰুণৰঙী মলাটটো মই আলফুলে চুই চাইছিলোঁ আৰু স্বাভাৱিকতে
মোৰ ওঁঠেৰে শিক্ষক হোৱাৰ আনন্দ এধানি বিৰিঙিছিল৷
সেই সময়ত মোৰ আন এজন পি. এইছ. ডিৰ ছাত্ৰ ৰাজস্থানৰ সায়ৰ সিং
চোপ্ৰা, এম ফিলৰ ছাত্ৰ মণিপুৰৰ ৱেপান আৰু মোৰ স্নাতকোত্তৰৰ কেইবাটিও ছাত্ৰ-ছাত্ৰীৰ
সৰু-বৰ সহায়বোৰো মোৰ মনত পৰে৷ (দিল্লীতে থকা হাৰিয়ানাৰ আৰুছি মালিকৰ কথা আগৰ এটা অধ্যায়ত
লিখিছিলোঁ৷)
বিশ্ববিদ্যালয়ৰ বিভাগত থকা মোৰ কোঠাটোলৈ অথবা মোৰ ঘৰলৈ মোৰ
ছাত্ৰ-ছাত্ৰীবোৰৰ আহ্-যাহ্ চলিয়েই থাকে৷ মোৰ গৰ্ভাৱস্থাৰ সেই সময়ছোৱাত মোৰ এগৰাকী
সম্পূৰ্ণভাৱে দৃষ্টি প্ৰতিবন্ধী গৱেষক ছাত্ৰী আছিল৷ মেধাৱী, কিন্তু দৃষ্টিহীন ছাত্ৰী
এগৰাকীৰ পি. এইছ. ডি. গৱেষণাৰ তত্ত্বাৱধায়ক হোৱাটো এক প্ৰকাৰে প্ৰত্যাহ্বান৷ কিন্তু
তাইৰ মেধা আৰু অধ্যাৱসায়ে সেই প্ৰত্যাহ্বান সহজ কৰি তুলিছিল৷ পাছলৈ তাই সময়মতে গৱেষণা
সম্পূৰ্ণ কৰাই নহয়, দিল্লী বিশ্ববিদ্যালয়ৰ কলেজত স্থায়ী অধ্যাপকৰ পদো পাইছিল৷ য়ামিনী
মালহোট্ৰা নামৰ এই প্ৰিয় ছাত্ৰীগৰাকীৰ কথা কেতিয়াবা বহলাই লিখিবৰ মন আছে৷ এতিয়ালৈকে
মোৰ যিমানবোৰ গৱেষক ছাত্ৰ-ছাত্ৰীয়ে মোৰ ওচৰত গৱেষণা সম্পূৰ্ণ কৰিছে, তাৰ ভিতৰত য়ামিনীৰ
কষ্ট আৰু সাহসক মই আটাইতকৈ শ্ৰদ্ধা কৰোঁ৷ তাইক দিক্-দৰ্শন কৰাটো মোৰ কাৰণেও বিশেষ
অভিজ্ঞতা আছিল৷ তাইক সদায়ে তাইৰ দেউতাকে হাতত ধৰি মোৰ বিভাগলৈ আৰু মোৰ ঘৰলৈ লৈ আনিছিল৷
সেই সময়ত যিহেতু তাইৰ গৱেষণাৰ কাম চমু চাপি আহিছিল আৰু গৱেষণা পত্ৰ জমা দিয়াৰ প্ৰস্তুতি
চলাই আছিল, তাই মোৰ সৈতে সঘন যোগাযোগত আছিল৷ আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ
কোৱাৰ্টাবোৰৰ ক’তো লিফ্ট নাই৷ লিফ্ট নথকা তৃতীয় মহলাত থকা মোৰ কোৱাৰ্টাৰলৈ তাই দেউতাকৰ
হাতত ধৰি খুপি খুপি উঠি অহাটো মোৰ অলপ বেয়া লাগিছিল৷ অন্যহাতে তায়ো মোৰ তেনে অৱস্থাত
মোক আমনি দিয়া বুলি প্ৰায়ে আফ্ছোছ কৰিছিল৷ নাই, তাই মোক মুঠেও আমনি দিয়া নাছিল৷ মেধাৱী
ছোৱালীজনীক সহায় কৰি মোৰ ভালহে লাগিছিল৷ এদিন মোৰ মনলৈ এটা ভাব আহিল, মোৰ আন সকলো ছাত্ৰ-ছাত্ৰীয়ে
মোক সিহঁতৰ ‘চকুৰে’ দেখিছে, সিহঁতৰ চকুৰ সমুখতে মোৰ সগৰ্ভা শৰীৰৰ পৰিৱৰ্তনবোৰ দেখিছে৷
কিন্তু য়ামিনীয়েতো মোক কেতিয়াও ‘দেখা’ নাই! আৰু বিশেষকৈ তাইতো ‘দেখা’ নাই মোৰ বাঢ়ি
অহা উদৰ৷ তাইক মোৰ ‘দেখুৱাবৰ’ মন যায়, the very pregnant ratnottama ma’am!
এদিন মই এটা কাম কৰিলোঁ৷ সেইদিনা সন্ধা য়ামিনী মালহোট্ৰা
দেউতাকৰ হাতত ধৰি সৈতে মোৰ ঘৰলৈ আহিছিল৷ দেউতাক আমাৰ চ’ৰাকোঠাত বহিছিল আৰু এজাপ প্ৰিণ্ট
আউট তাই মোলৈ আগবঢ়াই দিছিল৷ য়ামিনী আৰু মই ডাইনিং টেবুলতে কিতাপ-পত্ৰ, লেপটপ্ আদি
লৈ বহিছিলোঁ৷ তাই আধুনিক সাধন কিছুমান ব্যৱহাৰ কৰি পঢ়া-শুনা কৰে৷ ব্ৰেইলীৰ সহায় লয়৷
সহায়কাৰীৰ সহায় লৈ টাইপ কৰোৱায় আৰু মই চাই দিব পৰাকৈ মোলৈ ই-মেইল কৰে, প্ৰিণ্ট আউটবোৰ
আনি মোক দেখুৱায়৷ আমাৰ পঢ়া-শুনা শেষ নহয় মানে তাইৰ শান্ত দেউতাকজন শান্তভাৱে চাহ একাপ
লৈ বা বাতৰি কাকত এখন লৈ বহি থাকে৷
মোৰ স্পষ্টকৈ মনত
আছে, সেইদিনা বতৰটো আছিল অলপ গোমা আৰু বৰষুণীয়া৷ আমি ইতিমধ্যে জাৰকালিৰ উমাল কাপোৰবোৰ
উলিয়াইছিলোঁ৷ মই য়ামিনীক বিভাগলৈ নামাতি ঘৰলৈকে মাতি পঠাইছিলোঁ৷ সেইদিনাও য়ামিনীয়ে
মোক ‘আমনি’ দিয়াৰ কাৰণে অকণমান দোষী-দোষী চৰী এটা কৈছিল৷ মই আনদিনাৰ দৰেই তাইক সহজ
কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু তাইক পঢ়ুৱাই থকাৰ মাজতে তাই হঠাতে সুধিলে, মেম, আপোনাৰ
ভাগৰ লাগিছে? মই নেদেখিলেও আপোনাৰ মাতটোতে গম পাইছোঁ৷ মই মিছা নামাতিলোঁ, —ওঁ, অকণমান৷
কিন্তু একো নহয়, এনেকুৱা সময়ত এনেকুৱা হয়েই৷ তুমি একদম একো চিন্তা কৰিব নালাগে৷ বাকীখিনি
কাম উলিওৱাঁ৷
ক্ষীণ-মীন ছোৱালীজনীয়ে হাতেৰে খেপিয়াই খেপিয়াই বেগৰ পৰা কিতাপ-কাগজৰ
জাপবোৰ উলিওৱা কামটো সদায়ে বিস্ময়েৰে চাই ৰওঁ৷ কামবোৰ তাই যেন তৃতীয় নয়ন এটাৰেহে কৰে৷
আৰু এনে লাগে যেন তাইৰ ধুনীয়া আঙুলিবোৰতো কিজানি দৃষ্টি থাকে৷ তাইৰ বগা ধুনীয়া মুখখনত
দৃষ্টিহীন চকু দুটা ডাঙৰ ডাঙৰ৷ ডাঠ বৈ পৰা চেলাউৰি৷ দীঘল চুলিকোচা তাইৰ মাকে সাথন লগাই
দীঘল বেণী এডাল গুঠি দিয়ে৷ কামবোৰ ইমান ভালকৈ কৰে তাই, কথাবোৰ ইমান ধুনীয়াকৈ কয় তাই৷
কিন্তু তাইৰ চকুৰ পোহৰ নাই৷ চকুত পোহৰ নথকা পোহৰ-পোহৰ ছোৱালীজনীক তাইৰ very
pregnant Ratnottama Ma’amজনীক দেখুৱাবলৈ মোৰ বৰ মন গৈছিল৷ মোৰ বাকী সকলো ছাত্ৰ-ছাত্ৰীয়ে
মোৰ সগৰ্ভা ৰূপটো দেখিছে, কেৱল তাইহে… সেইদিনা মই এটা কাম কৰিলোঁ, হঠাতে মই তাইক সুধিলোঁ,
য়ামিনী, মোৰ কণমানিকণ চুই চাবা? তাইৰ গালে-মুখে
যেন মই তৰাফুল কিছুমানহে চটিয়াই দিলোঁ৷ চকুৰে দেখা নোপোৱা চকুও যে উজলি উঠিব পাৰে,
সেই মুহূৰ্তত মই দেখা পাইছিলোঁ৷ তাই আগবঢ়াই দিয়া লাহি হাতখন ধৰি মই আলফুলকৈ মোৰ ভৰুণ
উদৰত ৰাখিলোঁ৷ দেখকচোন, তায়ো ‘দেখক’, সিহঁতৰ সগৰ্ভা শিক্ষকগৰাকীক তায়ো ‘চাওক’৷
অলপ সংকোচ, অলপ আশ্চৰ্য আৰু অশেষ আনন্দত দৃষ্টিহীন ছোৱালীজনীয়ে
মোৰ কণমানিকণ সোমাই থকা মোৰ স্ফীত উদৰত তাইৰ লাহে লাহে হাত ফুৰালে৷ মই নিশব্দে হাঁহি
থাকিলোঁ৷ তাই কিজানি মোৰ হাঁহিটো ‘দেখিছিল’৷ মোৰ মাজত থকা মোৰ কণমানিকণেও কিজানি কথাটো
বুজি পাইছিল৷ কৈছোঁৱেই, তেতিয়ালৈ মই পূৰ্ণগৰ্ভা আসন্নপ্ৰসৱা৷ মোৰ কণমানিকণ মোৰ উদৰত
বেচ তজ্বজীয়া৷ যেতিয়াই তেতিয়াই লঠিয়াই নিজৰ অস্তিত্ব মোক সোঁৱৰাই থাকে৷ য়ামিনী মালহোট্ৰাই
মোৰ উদৰ হাত বুলাওঁতে মোৰ কণমানিকণেও সঁহাৰি দি লৰ-চৰ কৰি উঠিছিল৷ য়ামিনীয়ে যেন সুগন্ধি
পখিলাৰে ভৰা ফুলৰ তোৰা এটাহে চুই দিছিল৷ খিল্-খিল্ পখিলা এজাক উৰি গৈছিল৷ জাক জাক
ৰঙীন পখিলাবোৰে পূৰ্ণগৰ্ভা শিক্ষক এগৰাকী আৰু দৃষ্টিহীন ছাত্ৰী এজনীক চানি ধৰাৰ সেই
মুহূৰ্তটো মই এতিয়াও দেখোঁ৷ সেই মুহূৰ্তটো মই সাঁচি ৰাখিছোঁ৷ মই জানো, সেই মুহূৰ্ততো
য়ামিনীয়েও মোৰ দৰেই ‘দেখে’, তায়ো সেই মুহূৰ্তটো মোৰ দৰেই সাঁচি ৰাখিছে৷
(আগলৈ)
(অহা সংখ্যাত সমাপ্ত)
***
(লেখকৰ ফোন- 9868023484)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)