অংকুৰজ্যোতি বুঢ়াগোহাঁই
কবিতা : জন্মদিন
কবি : গংগামোহন মিলি
গংগামোহন মিলিৰ ‘জন্মদিন’ কবিতাটি অসমীয়া
গ্ৰাম্য জীৱনৰ সহজ-সৰল পটভূমিত ৰচিত এজন সাধাৰণ মানুহৰ আত্ম-অন্বেষণ, জীৱনবোধ আৰু অস্তিত্বৰ
এক নিৰাভিমান দলিল৷ আধুনিক সমাজত ‘জন্মদিন’ শব্দটোৱে যি জাকজমকতা, আড়ম্বৰ আৰু আনুষ্ঠানিক
উদযাপনৰ ইংগিত বহন কৰে, কবিয়ে এই কবিতাত তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত থিয় হৈ জীৱনৰ
এক আদিম, প্ৰাকৃতিক আৰু শ্ৰমমুখী সত্যক উন্মোচন কৰিছে৷ সেয়েহে ‘জন্মদিন’ কেৱল জন্মৰ
স্মৃতিচাৰণমূলক কবিতা নহয়; ই এক নিৰাভিমান জীৱন-দৰ্শনৰ কাব্যিক প্ৰকাশ৷
কবিতাটোৰ আৰম্ভণিতেই প্ৰকাশ পাইছে গ্ৰাম্য
সমাজৰ পৰম্পৰাগত জীৱনধাৰা আৰু শ্ৰমমুখী বাস্তৱতাৰ এক সজীৱ ছবি৷ অনাখৰী আইৰ স্মৃতিপটত
সন্তানৰ জন্মৰ কোনো নিৰ্দিষ্ট ইংৰাজী তাৰিখ বা কেলেণ্ডাৰৰ হিচাপ নাছিল; আছিল কেৱল
‘বাৰ আৰু মাহ’ৰ এক সহজ-সৰল খতিয়ান৷ এই কথাই বুজাই দিয়ে যে সেই সময়ৰ গ্ৰাম্য মানুহৰ
জীৱন আধুনিক কেলেণ্ডাৰ, ঘড়ী বা আনুষ্ঠানিকতাৰ নিয়মতকৈ প্ৰকৃতি আৰু দৈনন্দিন জীৱনৰ
ছন্দৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত আছিল৷
পথাৰৰ কঠীয়াতলিত ভূঁই ৰুই থকাৰ সময়তে
যেতিয়া মাতৃৰ প্ৰসৱ-বেদনা আৰম্ভ হৈছিল, তেতিয়া কোনো আধুনিক চিকিৎসালয়, চিকিৎসক বা
চিকিৎসা-ব্যৱস্থাৰ আশ্ৰয় লোৱাৰ সুযোগ নাছিল৷ ‘শাহু আয়ে’ এখন কাপোৰেৰে আঁৰ-বেৰ কৰি,
এঙাৰেৰে বেৰত দাগ কাটি ৰখা সময়খিনিয়েই হৈ পৰিছিল এটি নতুন প্ৰাণৰ ধৰালৈ অহাৰ মুহূৰ্ত৷
এই দৃশ্যত একেলগে ধৰা পৰিছে মাতৃত্বৰ স্বাভাৱিকতা, গ্ৰাম্য জীৱনৰ কঠিন বাস্তৱতা আৰু
মানুহৰ প্ৰকৃতি-নিৰ্ভৰ অস্তিত্ব৷ জন্মৰ দৰে মহৎ ঘটনাও ইয়াত কোনো আড়ম্বৰ বা আনুষ্ঠানিকতাৰ
মাজেৰে নহয়, বৰং দৈনন্দিন শ্ৰমৰ মাজতেই নীৰৱে সংঘটিত হৈছে৷
এই প্ৰসংগত দেউতাকৰ অনুপস্থিতিও বিশেষ তাৎপৰ্যপূৰ্ণ৷
তেওঁ তেতিয়া আছিল ‘চাপৰিৰ ম’হ খুটিত’৷ এই সৰু অথচ চিত্ৰধৰ্মী বৰ্ণনাই কবিতাটোৰ বাস্তৱতাক
অধিক গভীৰ কৰি তোলে৷ পৰিয়ালৰ এজন সদস্যৰ জন্মৰ দৰে গুৰুত্বপূৰ্ণ মুহূৰ্ততো জীৱন-জীৱিকাৰ
তাগিদাত পিতৃ শ্ৰমৰ মাজত ব্যস্ত৷ অৰ্থাৎ এই জন্ম কোনো ব্যক্তিগত উৎসৱমুখৰ পৰিৱেশত নহয়;
ই সংঘটিত হৈছে শ্ৰম, অভাৱ আৰু প্ৰকৃতিৰ মাজত৷ ইয়াৰ জৰিয়তে কবিয়ে অসমৰ গ্ৰাম্য তথা
শ্ৰমজীৱী সমাজৰ জীৱন-সংগ্ৰামৰ এক সজীৱ আৰু হৃদয়স্পৰ্শী ছবি অংকন কৰিছে৷
কবিতাটোৰ আটাইতকৈ গভীৰ আৰু দাৰ্শনিক তাৎপৰ্য
প্ৰকাশ পাইছে শেষৰ অংশত৷ কবিয়ে নিজৰ জন্মক নদীৰ পাৰৰ বালি-চাপৰিত কোনেও নজনাকৈ, নীৰৱে
গজি উঠা ‘জাওবন’ৰ সৈতে তুলনা কৰিছে৷ জাওবন যেনেকৈ কোনো বিশেষ যত্ন, পৰিচৰ্যা বা কৃত্ৰিম
প্ৰচেষ্টা নোহোৱাকৈ প্ৰকৃতিৰ বুকুত আপোনা-আপুনি গজি উঠে, ঠিক তেনেদৰেই কবিৰ জন্মও আছিল
‘অলক্ষিতে’৷ এই উপমাৰ মাজেৰে কবিয়ে নিজৰ জন্মৰ স্বাভাৱিকতা আৰু অনাড়ম্বৰতা প্ৰকাশ
কৰিছে৷ মানুহৰ জীৱনো যেন প্ৰকৃতিৰ বুকুত গজি উঠা এজোপা জাওবনৰ দৰেই— কোনো ঘোষণা, আড়ম্বৰ
বা পূৰ্ব-আয়োজন নোহোৱাকৈ জীৱন এদিন হঠাতে অস্তিত্বলৈ আহে৷
ইয়াৰ বিপৰীতে, পিছলৈ বিদ্যালয়ৰ ‘হেড ছাৰে
দিয়া জন্মদিনৰ’ চৰকাৰী তাৰিখটোৱে কবিৰ জন্মক এক প্ৰাতিষ্ঠানিক পৰিচয় প্ৰদান কৰে৷
জন্মৰ প্ৰকৃত মুহূৰ্তৰ কোনো লিখিত নথি নথকাৰ বিপৰীতে বিদ্যালয়ৰ নথিৰ পৰা লাভ কৰা তাৰিখটোৱেই
হৈ পৰে তেওঁৰ ‘জন্মদিন’৷ ইয়াত কবিয়ে আধুনিক প্ৰাতিষ্ঠানিক ব্যৱস্থা আৰু মানুহৰ স্বাভাৱিক
জীৱন-অভিজ্ঞতাৰ মাজৰ এক সূক্ষ্ম বৈপৰীত্য উন্মোচন কৰিছে৷ জন্ম প্ৰকৃতিৰ; কিন্তু তাৰিখটো
সমাজে নিৰ্ধাৰণ কৰে৷ এই দ্বৈততাই কবিতাটোৰ দাৰ্শনিক গভীৰতা বৃদ্ধি কৰিছে৷
‘জন্মদিন’ কবিতাটোৰ অন্তৰ্নিহিত তাৎপৰ্য
কেৱল জন্মৰ স্মৃতিৰ মাজতে সীমাবদ্ধ নহয়৷ ইয়াৰ মাজেৰে কবিয়ে আধুনিক জীৱনৰ কৃত্ৰিমতা
আৰু গ্ৰাম্য জীৱনৰ স্বাভাৱিকতাৰ মাজৰ এক সূক্ষ্ম পাৰ্থক্যও দেখুৱাইছে৷ আজিৰ সমাজত জন্মদিন
মানেই কেক, উপহাৰ, শুভেচ্ছা, অনুষ্ঠান আৰু সামাজিক প্ৰদৰ্শন৷ কিন্তু কবিৰ জন্মৰ সৈতে
এনে কোনো আড়ম্বৰ জড়িত নাছিল৷ তেওঁৰ জন্ম আছিল মাটিৰ সৈতে, শ্ৰমৰ সৈতে আৰু প্ৰকৃতিৰ
সৈতে একাত্ম৷ সেইবাবেই কবিতাটোত ‘জন্মদিন’ এক সামাজিক উৎসৱৰ নাম নহৈ জীৱনৰ উৎসৰ সৈতে
সংযুক্ত এক গভীৰ অনুভূতিত পৰিণত হৈছে৷
উপসংহাৰত কবিয়ে লিখিছে— “এই জীৱনত আৰু
উদযাপন কৰা নহ’ল জন্মদিন৷” এই উক্তিটো বাহ্যিকভাৱে চালে জন্মদিন উদযাপন নকৰাৰ এক সৰল
আক্ষেপ যেন লাগে; কিন্তু গভীৰভাৱে বিচাৰ কৰিলে ইয়াৰ মাজত এক শক্তিশালী জীৱন-দৰ্শন
নিহিত হৈ আছে৷ কবিয়ে যেন ক’ব বিচাৰিছে যে জীৱনৰ মূল্য কেৱল তাৰিখ, উৎসৱ বা বাহ্যিক
উদযাপনে নিৰ্ধাৰণ নকৰে৷ জন্মৰ স্বাভাৱিকতা আৰু জীৱনৰ প্ৰকৃত অৰ্থ বাহ্যিক আড়ম্বৰৰ
বহু ঊৰ্ধ্বত৷ সেয়েহে এই ‘উদযাপন নকৰা’ৰ মাজতো এক বিশেষ প্ৰাপ্তি নিহিত আছে— প্ৰকৃতিৰ
সৈতে একাত্ম হৈ, কৃত্ৰিমতাৰ পৰা আঁতৰি, নিজৰ স্বাভাৱিক অস্তিত্বক স্বীকাৰ কৰি জীয়াই
থকাৰ প্ৰাপ্তি৷
কবিতাটোৰ ভাষা সৰল, স্বাভাৱিক আৰু কথ্যভংগীৰ
ওচৰ চপা৷ ঘৰুৱা শব্দ, আঞ্চলিক জীৱনৰ উপাদান আৰু চিত্ৰধৰ্মী বৰ্ণনাৰ ব্যৱহাৰে কবিতাটোক
অধিক জীৱন্ত আৰু হৃদয়গ্ৰাহী কৰি তুলিছে৷ কবিয়ে জটিল দাৰ্শনিক তত্ত্বক কঠিন শব্দৰ
আশ্ৰয় নলৈ দৈনন্দিন জীৱনৰ অতি সাধাৰণ অভিজ্ঞতাৰ মাজেৰে প্ৰকাশ কৰিছে৷ এই সৰলতাই কবিতাটোৰ
অন্যতম শক্তি৷ ভাষাৰ অনাড়ম্বৰতা আৰু ভাবৰ গভীৰতাৰ সমন্বয়েই ‘জন্মদিন’ কবিতাক এক স্বকীয়
মৰ্যাদা প্ৰদান কৰিছে৷
সামগ্ৰিকভাৱে চালে, গংগামোহন মিলিৰ ‘জন্মদিন’
কেৱল এজন ব্যক্তিৰ জন্মৰ স্মৃতিচিত্ৰ নহয়; ই অসমৰ গ্ৰাম্য আৰু শ্ৰমজীৱী সমাজৰ নিৰাভিমান
জীৱন-দৰ্শন, প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু আধুনিকতাৰ কৃত্ৰিমতাৰ প্ৰতি এক
নীৰৱ প্ৰশ্ন৷ নদীৰ পাৰৰ বালি-চাপৰিত অলক্ষিতে গজি উঠা জাওবনৰ দৰে কবিৰ জন্মও যেন জীৱনৰ
এক স্বাভাৱিক আৰু অনাড়ম্বৰ প্ৰকাশ৷ সৰল শব্দচয়ন, চিত্ৰধৰ্মী ভাষা, স্মৃতিমধুৰ কথনভংগী
আৰু গভীৰ জীৱনবোধৰ সমন্বয়ে ‘জন্মদিন’ কবিতাই ব্যক্তিগত অভিজ্ঞতাক অতিক্ৰম কৰি এক সাৰ্বজনীন
মানৱীয় অনুভূতিলৈ উত্তৰণ ঘটাইছে৷ এই কাৰণেই কবিতাটি পাঠকৰ মনত কেৱল এজন কবিৰ জন্মৰ
কাহিনী হিচাপে নহয়, বৰং মাটি, মানুহ, শ্ৰম আৰু প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে জড়িত এক
অনাড়ম্বৰ জীৱনৰ কাব্যিক দলিল হিচাপে স্থায়ী হৈ থাকিব বুলি আশা কৰিব পাৰি৷
***
লেখকৰ ঠিকনা:
তিতাবৰ, যোৰহাট
ম’বাইল :- ৭০০২৭৬৪৮৬৩
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)