দুই
অলপদিনৰ পাছত গৰম বন্ধ আৰম্ভ হ’ল৷ ভিনুহঁত পুৰণা ঘৰলৈ বুলি ওলাল৷ ইয়াৰ আগতে এবাৰ বিমান যাত্ৰা কৰাৰ কথা ভিনুৰ মনত আছে; কলিকতাৰ পৰা গুৱাহাটীলৈ৷ তেতিয়া সি ক্লাছ ৱানত৷ কথাবোৰ বিশেষ মনত নাই৷ দেউতাকে নিজৰ ভাগৰ টফিটোও তাক দি দিয়াটো তাৰ মনত আছে৷ এতিয়া সি ‘ডাঙৰ ল’ৰা’৷ ক্লাছ এইটত পঢ়ে৷ ক্ৰিকেট খেলিবলৈও শিকিছে৷ জেনেৰেল নলিজ্জত ভাল৷ স্কুটাৰখন ষ্টাৰ্ট কৰি ডেইৰি দোকানখনলৈকে নিব পৰা হৈছে৷ বাপেকে গেইটৰ বাহিৰলৈ নিবলৈ নিদিয়ে৷ লগতে সি আন কথা কিছুমানো শিকিছে৷ এতিয়া অকণমানি পানী বটলটো লওঁতে তাৰ গগণ গৃহিণীৰ মেনিকিউৰদ্ আঙুলিকেইটালৈও চকু গৈছে৷ বায়েকৰ সমান ধুনীয়া নহয় অৱশ্যে৷ তাহাঁতৰ লগৰ পিনাকপাণি এইবোৰ কথাত আৰু আগবঢ়া৷ ৰুমাই এবাৰ তাক কৈছিল ‘তোৰ নাম পিনাকপাণি নথৈ কৃষ্ণ বা চক্ৰপাণি থ’ব লাগিছিল’৷ বপুৰাই বুজিয়েই নাপালে৷ এতিয়া বিমানত ঘোষণা কৰোঁতে তাহাঁতে গম পালে যে আজি কেপ্টেইন মহিলা-কিবা সুজাতা নে সুদেষ্ণা৷ নামটো শুনাৰ পাছত মাকে বাপেকক কিবা এটা ক’লে হ’বপায়৷ খাৰঘৰীয়াৰ গলগলীয়া মাতটো কিছু ডাঙৰকৈয়ে ওলাল- “সব মাইকীমানুহ তোমাৰ নিচিনা বুলি ভাবিছা নেকি?” মাকে গাড়ী অলপ-চলপ চলায়৷ মানে মুনিৰকাত বিউটি পাৰ্লাৰত চুলি কটাবলৈ যাওঁতে নিয়ে৷ কিন্তু বাকী সৰোজিনী নগৰ মাৰ্কেটলৈও নিবলৈ ভয় কৰে৷ এতিয়া ভিনু পিছৰ শাৰীত বহিছে৷ আগৰ দুয়োটা ছিটৰ ফাঁকেৰে দেখিলে মাকে বাপেকৰ পেটত কিলাকুটিৰে খোঁচ এটা মাৰিছে৷ নমাৰ পাছত সিহঁত নিজৰ পুৰণা ঘৰলৈকে গ’ল৷ সেইটো আগতেই ঠিক কৰা আছিল৷ এয়াৰপৰ্টৰ পৰা সেইখন ঘৰ আগতে পায়৷ মানুদাই, মানে বৰদেউতাকৰ পুতেক মানৱেন্দ্ৰই গাড়ী লৈ আহিল৷ মানুদা দেখোন একদম চফল ডেকা৷ সিহঁতে কেইবাবছৰৰ মূৰত লগ পাইছে৷ এই আধাঘণ্টাৰ যাত্ৰাতহে কুকু-ভিনুৰ আচল মুডটো আহিল৷ মেইন ৰাস্তাৰপৰা সিহঁতৰ ঘৰলৈ সোমোৱা বাটটো পকা হ’ল৷ ইয়াতো দুঠাইমানত কেবামহলীয়া হাউছিং ছ’চাইটি উঠিছে৷ যেনি-তেনি মাছৰ দোকান৷ মাকে দিল্লীত প্ৰায়ে কয়, “ইয়াতো যদি ঘৰলৈকে মাছৰ বেপাৰী আহিলহেঁতেন৷” মাজে মাজে সিহঁতে অৰ্ডাৰ কৰি আনে৷ পিচে সেই নিৰ্দ্ধাৰিত দুই এবিধেই৷ মাছৰ বজাৰখনলৈ বৰকৈ যোৱা নহয়৷ কুকু-ভিনুৱে আৰু মন কৰিলে যেনি-তেনি ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ এখনৰ ছাইন ব’ৰ্ড দেখুৱাই বায়েকে ভায়েকক সুধিলে – “ইয়াত পঢ়িবি নেকি?” ভিনুৱে তেতিয়াহে মন কৰিলে ‘মিডিয়াম’ৰ এমৰ পিছত আই দিয়া আছে৷
মানুৰ
গাড়ী আহি বৰতল তিনিআলি পালেহি৷ সেইখিনিতে বৰদেউতাকৰ মানে মানুৰ দেউতাকৰ ‘সব বস্তু
পোৱা দোকান’৷ হয়, গগণ খাৰঘৰীয়াৰ অন্নদা ভাণ্ডাৰত সকলো বস্তু পায়৷ মানে কেৰাচিনৰ
পৰা কীৰ্তনলৈ, কঁকালৰ বিষৰ মলমৰ পৰা ব্লাউজলৈ সকলো বস্তু পায়৷ বাকী চাউল,
দাইলবোৰতো আছেই৷ টাউনৰ হ’ল-ছেলাৰৰ পৰা ড্ৰাই ফ্ৰুট্চ আনিছে৷ সেইখিনি নমালে৷
সিহঁতবোৰো নামিল৷ মন কৰিলে দোকান আগতকৈ বহল হ’ল৷ বাচন-বৰ্তনৰ পোহাৰ, ইটো-সিটো
গিফট্ আইটেম এইবোৰ আগতকৈ চৌখিন হ’ল৷ কেৰাচিন আজিকালি নাৰাখে হ’বলা৷ আগৰ অভ্যাস মনত
পেলাই ভিনুৱে গৈ ভাল চকলেট এটা উঠাই ল’লে৷ “বাপেৰৰ প্ৰমোচন হ’ল নহয়? এতিয়া দামটো
দি যাবি৷ ‘বৰ্ত্তা’কে কপট ধমকেৰে ক’লে৷ দুপৰীয়াৰ সময়ত দোকানত বেছি ভিৰ নাছিল৷
বৰ্ত্তা আৰু ‘বৰ্স্তিয়া’ বৰ্ত্তা দুয়ো গাদীত বহি মেল মাৰি আছিল৷ বৰ্স্তিয়া মানে
বৰচেতিয়া৷ চুবুৰীৰে৷ দুয়োৰে বয়সো একে, চেহেৰাও একে; থুলন্তৰ আৰু আধা তপা৷
কিন্তু ভিনুহঁতৰ বৰদেউতাক গহীন আৰু বৰচেতিয়া ভলভলীয়া৷ এতিয়া কুকুক দেখিয়েই ক’লে,
“ই, সৰুৰ (তপনৰ ঘৰত মতা নাম) জীয়েক এইজনী দেখোন বিয়া দিব পৰা হ’ল৷
কুকুৱে
এইবোৰ ‘ৰাস্তিক হিউমাৰ’ত পাত্তা নিদিয়াকৈ থাকিল৷ তাই ওখই পাঁচফুট ছয় ইঞ্চি পাৰ
হৈছে৷ হাইহিল পিন্ধিছেই৷ চুলিখিনিও ফুলা৷ ময়ুৰীয়েই জোখৰ মানুহ এজনী৷ জীয়েক
মাকতকৈ স্পষ্টতঃ ওখ৷ তাহাঁতৰ ক্লাছত হেনো দীক্ষাৰ পাছতে তাই ওখ৷ বৰজনাকহঁতৰ সমুখত
ময়ুৰীয়ে ওৰণিখন টানি অলপ সংযত হৈ ৰ’ল৷ মানুৱে এবাৰ সুধিলে, “খুৰী, ঠাণ্ডা কিবা
খাবনে ?“ খুৰীয়েকে না কৰিলে কিন্তু সিহঁত দুটাই দুবটল শীতল পানীয় ল’লে৷ ফ্লাইটত
খোৱাৰ দুঘণ্টামানৰ পাছত পেটলৈ চকলেটতো আৰু এই ৰসকণকে সুমুৱাইছে৷ তপন বাহিৰৰ একাষলৈ
আহি চুৰট এটা জ্বলালে৷ তেতিয়াহে সি মন কৰিলে মূল দোকানৰ কাষতে চালি এখন দি কুকুৰা
মাংসৰ দোকান৷ ককায়েকে সেই কামত বিনন্দীক ৰাখিছে৷ বিনন্দীৰ আগতে কাম আছিল টংকৰ ঘৰত
জুৱা খেলা আৰু প্ৰতিবছৰে মেট্ৰিক ফেইল কৰা৷
“চলেনে?”
তপনে সুধিলে৷
“চলে,
চলে৷ দেওবাৰে আমি মটনো ৰাখোঁ৷ সৌ আগত পাইভেট ইনভাৰ্চিটি হোৱাপা চেল বাহিছে৷”
বিনন্দীয়ে উৎসাহেৰে ক’লে৷ তাৰ ইংৰাজীৰ উচ্চাৰণ শুনি কুকুৰ মুখৰপৰা শীতল পানীয়
ওলাবই খুজিছিল৷
“ঘৰত
পিছে আজি মাছহে পাবি যেন পাইছোঁ৷” মানুৱে ভায়েকক শুনালে৷
নিজৰ
দোকানলৈ মাল নিবলৈ অহা দোকানী এজন আহিল৷ সৰু দোকানৰ মালিকবোৰে এই অন্নদা আৰু
চাৰিআলিৰ সোমানী ষ্ট’ৰৰপৰা মাল নিয়ে৷ ছেলছমেন জাণ্টি ব্যস্ত হ’ল৷ সস্তীয়া
প্ৰসাধনৰ বস্তু কেইপদমান ‘দচ পিচ দচ পিচ’কৈ তোলা দেখি এইফালে মাকে জীয়েকে চকু
টিপিয়াই হাঁহিলে৷
পুৰণা
ঘৰ পাই ভিনু আপ্লুত হ’ল৷ চাৰিবছৰৰ পাছত আহিছে৷ গেইটখনত ৰং নতুনকৈ দিছে বোধহয়৷ তাৰপাছত
বহল চোতাল৷ কাষতে আমজোপা৷ তাৰ পাছত টিনপাতৰ ঘৰটো৷ খটখটীৰ দুকাষে থকা টাবকেইটাত
ফুলবোৰ ফুলিছে৷ সিহঁতৰ আৰ কে পুৰমৰ কোৱাৰ্টাৰতকৈ কিমান প্ৰশস্ত এই ঘৰ-বাৰী৷ তাৰদৰে
বেলকনি ঘেৰি বেডৰুম কৰিবলগীয়া অৱস্থা নহয়৷ পাৰ তাতো আছে, ইয়াতো আছে৷ তাত যেনিবা
নাখায়৷ ইয়াত মাজে-মধ্যে চলে৷ আজি আকৌ মাছহে এতিয়া আছে বোলে৷ বহাকোঠাত বহি
দেখিলে পহু শিংযোৰ নাই৷ ময়ুৰী আৰু কুকু পোনচাটেই ভিতৰৰ কোঠালৈ কাপোৰ সলাবলৈ গ’ল৷
বৰমাক ওলাই আহি তাক গবা মাৰি ধৰিলে৷ শকত মানুহজনীৰ চাদৰে-তাদৰে মাছ, মিঠাতেল, মচলা
ইত্যাদিৰ সন্মিলিত এক পাকঘৰ পাকঘৰ গোন্ধ ৷ ময়ুৰীহঁত ওলাই আহিল৷ সাধাৰণ মেখেলা-চাদৰযোৰেৰে
মানুহজনীৰ চেহেৰা হঠাৎ বদলি গ’ল৷ মানে গীতা আণ্টিৰ পুতেক পংকুলৰ বাৰ্থ ডে’লৈ যোৱা
পোচাকতকৈ সম্পূৰ্ণ বেলেগ৷ ঘৰলৈ বুলি অনা বস্তুকেইটা জায়েকৰ হাতত দিলে৷ কুকুৱে আকৌ
একদম গা ধুই আহিছে৷ চুটি স্কাৰ্ট এটা আৰু শ্লিভলেছ টপ এটা পিন্ধিছে৷ বৰমাকে মাকক
শুনালে, “এইক এতিয়া এইবোৰ বৰকৈ পিন্ধিবলৈ নিদিবা৷ ভৰি-চৰিবোৰ ইমানকৈ ওলাই আছে৷”
মাকে কি উত্তৰ দিলে শুনা নগ’ল৷ ভিনুৱে দেখিলে পহু শিং দেখোন পিছফালৰ বাৰাণ্ডাত
ওলমি আছে৷ মানুৰ বন্ধু প্ৰকাশদা এনভায়ৰ্ণমেণ্টেলিষ্ট৷ এদিন কথাই কথাই ক’লে- “এইবোৰ
আজিকালি এনেকৈ ডিচপ্লে’ কৰিব নালাগে৷ এইবোৰ কল’নিয়াল হেং অ’ৱা৷” এতিয়া ককাকৰ
দিনৰ বস্তু পেলাইনো দিয়ে কেনেকৈ? ভিনুৱে কথাবোৰ আধা-আধি বুজিলে৷ তাহাঁতৰ চেক্টৰৰ
সুষমা আণ্টিলৈ মনত পৰিল৷ মানুহগৰাকীয়ে প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি জাবৰ পেলোৱা
ঘৰটোৰ ওচৰত ষ্ট্ৰে’ ডগ্চবোৰক খুৱায়৷ মানুহগৰাকীৰ বহুত নিয়ম৷ ভেজিটেৰিয়ানতো
হয়েই, মংগলবাৰে ফাষ্টিং কৰে৷ বৃহস্পতিবাৰে ৰাতিপুৱাই ওচৰৰ কিবা মাতা মন্দিৰ নে কি
তালৈ ফুল-তুলসী লৈ পূজা দিবলৈ যায়৷ উত্তৰ প্ৰদেশৰ বুঢ়া গৰুৰ আপডাল কৰা গো-শালা
এখনলৈ প্ৰতিমাহে কিবা এটা টকা পঠিয়ায়৷ একমাত্ৰ পুতেক আকৌ ড্ৰাগ এডিক্ট৷ অলপদিন
আগতে ডিএডিকশ্বন চেণ্টাৰ এটাত দীঘলীয়াকৈ থাকি আহিছে৷ ময়ুৰীহঁতৰ লগত ইৱনিং ৱাকত
লগ পাওঁতেই মিঠা হাঁহি এটাৰে সম্ভাষণ জনোৱাৰ বাহিৰে সুষমাৰ লগত বিশেষ বিনিময় নাই৷
এইখন
ঘৰৰ ককাক-আইতাক ইতিমধ্যেই ঢুকাইছে৷ জুনু হোষ্টেললৈ গ’ল৷ কাম কৰা ল’ৰা কাৰ্ত্তিক
আজিকালি মানুৰ ফাৰ্ম হাউচতে থাকে৷ বাপেক, পুতেক দিনটো নিজৰ কামত থাকে৷ বিশাল
চৌহদটোত বৰমাক প্ৰায় অকলশৰীয়া৷ চৌপাশৰ নীৰৱতাৰ মাজত ছাগলীয়ে বেবোৱা বা পাৰটো
উৰি যোৱাৰ শব্দও বৰ ডাঙৰকৈ শুনি৷ এতিয়া এই এঘণ্টাত ভিনুৰ হিকটি, কুকুৰ ‘আইজ্জু’, ‘কিউট’(মেকুৰী
পোৱালি দুটাৰ বিষয়ে) আদি শব্দবোৰ আৰু দুই বোৱাৰীৰ খুচ-খাচ কথাৰে পৰিৱেশটো সৰৱ হৈ
পৰিল৷ ভিনুৰ এই হিকটিটো হেনো ওখ হোৱাৰ লক্ষণ৷ বাপেক ওখ ডাঙৰ মানুহ৷ বায়েকো ওখ৷
সিও বাঢ়িব চাগে৷ পাকঘৰৰ গোন্ধবোৰ বাঢ়ি আহিবলৈ ধৰিলে৷ ভিনুৱে বেৰৰ বাহিৰফালে থকা
ঘনচিৰিকাৰ বাঁহটোত চৰাইকেইটাৰ অহা-যোৱা চাই কিছুসময় কটালে৷ এপাকত সমুখৰ টেবুলৰ
পৰা অসমীয়া পষেকীয়া এখন তুলি ল’লে৷ ডাঙৰ হৰফৰ অসমীয়া সি অপ্ৰয়াসে পঢ়িব পাৰে৷
অসমীয়া চেনেলবোৰৰ চুপাৰ লাইনবোৰ একোবলৈ বুজে৷ মাকে সেইবোৰ বানান প্ৰায়ে হাঁহি
থাকে, এইটো ভুল সেইটো ভুল৷ ভিনুৰ বিশেষকৈ আউল লাগে যুক্তাক্ষৰ বিলাকত৷ যেনে,
বঞ্চিত আৰু বাঞ্ছিত সি চম্ভালিব নোৱাৰে৷ আগৰ পিছৰ আখৰ চাই অৰ্থ এটা কোনোমতে
উলিয়ায়৷
তাহাঁত
ভাত খাবলৈ বহিল৷ বৰদেউতাকলৈ ভাত জাণ্টি আহি লৈ যাব৷ তেওঁ দিনত ঘৰলৈ নাহে৷ “দাদা
ৰাতিও দোকানতে থাকে নেকি?” ময়ুৰীয়ে এপাকত সুধিলে৷
“নাই
নাথাকে৷ জাণ্টি থাকে৷ সি ঘৰলৈ গ’লেহে এওঁ থাকে৷” বৰমাকে ‘নাই নাথাকে’ টো অলপ জোৰ
দি কোৱা নিচিনা হ’ল৷ দুইজনীয়ে ল’ৰাছোৱালীহালে নেদেখাকৈ অকলে অকলে নীৰৱ হাঁহি
একোটা মাৰি খোৱাত ধৰিলে৷ আগৰ বাক্যটো অস্পষ্ট কৰিবলৈকে এইবাৰ ডাঙৰগৰাকীয়ে যোগ
দিলে,“ ই মানুহে আজিকালি প্ৰায়ে ফাৰ্ম হাউচত থাকে৷” মাছ দুবিধ, ৰৌ মাছটো বাৰু
চিনাকি৷ কিন্তু শিঙৰা মাছটো ভিনুৱে পুঠি মাছ বুলি ভাবিছিল৷ সি বিশেষকৈ ভাল পালে
কেঁচা আমৰ চাটনি ৷
“সেই
ফ্ৰাণ্টৰ আমজোপাৰ নেকি?” সি সুধিলে৷
“নহয়,
গোহালিঘৰৰ ওচৰৰ জোপাৰ৷ আগফালৰ জোপা বেছি কেঁচা হৈ আছে”৷
ভাত
খাই উঠাৰ পাছত ভিনুৰ কৰিবলৈ একো কাম নাইকিয়া হ’ল৷ ৰজনী মেমৰ ক্লাছ নাই, জগ্গুৰ
দোকানত ম’ম’ খাবলগীয়া নাই, সন্ধিয়ালৈ আইপিএল চাব বাৰু৷ সি পাছচোতাললৈকে গ’ল৷ শেষ
ব’হাগৰ এক নিজান দুপৰীয়া৷ ৰ’দ টান হৈ আহিছে যদিও চৌপাশে গছবোৰ থকা বাবে অসহ্য গৰম
নাই৷ কেনিও একো ব্যস্ততা নাই৷ এক স্বাচ্ছন্দ্য আৰু গতিহীনতা৷ সি অথনি দেখিলে
দোকানত ‘বৰ্স্তিয়া বৰ্ত্তা আৰু তাৰ বৰদেউতাকৰ আৰামী কথোপকথন৷ এতিয়া সৌৱা
তাঁতশালৰ ওচৰত মাকে বৰমাকে তামোল খাই মেল মাৰি আছে৷ এইবোৰ নিৰিবিলি মুহূৰ্ত সি
দিল্লীত তেনেকে দেখা নাপায়৷ সুষমা আণ্টিয়ে হেঁকেৰ- পেকেৰকৈ মন্দিৰত ফুল দিবলৈ
যোৱা, ৰজনী মেমে স্কুলৰ পৰা ঘূৰি ইটোৰ পিছত সিটো টিউশ্বন কৰি থকা, এই গৰমতো ৰঘুৱে
কাপোৰ ইস্ত্ৰি কৰি যোৱা, চিকন্দৰে ঘোঁৰা-গাড়ী সজোৱা..... সকলোতে এক ব্যস্ততা৷
কিন্তু সি বিনন্দীক দেখিলে কোনোবা এজনে মুৰ্গী নিবলৈ আহোঁতে নিৰ্বিকাৰভাৱে চাদা
মলি আছে৷ ‘এইটো লওক, সেইটো সৰু হ’ব’ ইত্যাদি কৈ একোবত চাদা কোৱাৰিত সুমাই হাতখন
চাপৰ এটা মাৰি অৱশেষত কুকুৰাৰ ডিঙিত ৰেপ দিছে৷ এই আৰাম আৰু নিৰুদ্বিগ্ন
প্ৰাত্যহিকতা ভিনুৰ কিবা ভাল নালাগে৷ সেইবোৰ ভাবি থাকোঁতে সি সমুখৰ জেওৰাখনত
দেখিলে সাপ এটা৷ জিভাখন লিৰলিৰাই আছে৷ ভাত নিবলৈ অহা জাণ্টিয়ে খালী
কাৰ্টনকেইটামান পিছফালৰ বাৰাণ্ডাত থ’বলৈ আহিছিল৷
“এইটো
ফেটী সাপ নেকি?” ভিনুৱে সুধিলে৷
“হেই
নহয়, কাড়শলা৷” পৰম বিজ্ঞৰ দৰে উত্তৰ দি জাণ্টিয়ে জেওৰাখনত জোকাৰ এটা মাৰিলে৷
কাড়শলা সৰসৰাই আঁতৰিল৷
ভাতখোৱা
মানুৰো দেৰি হয়৷ সি তেতিয়াই ওলাই গৈ এতিয়া পাইছেহি৷ তাক ময়ুৰীয়ে ভাত বাঢ়ি
দিলে৷
“খুৰী,
কাইলৈ নহ’লে ফাৰ্ম-হাউচলৈকে ওলোৱাঁ৷ তোমালোকে দেখাই নাই নহয়৷”
প্ৰস্তাৱটো
সিহঁতে ভাল পালে৷
“কিন্তু
কাইলৈ নহয়, পৰহিলৈ৷ কাইলৈ আমাৰ বিয়া এখন খাবলৈ আছে৷” ময়ুৰীয়ে ক’লে৷
তপনৰ
সহকৰ্মী এজনৰ ছোৱালীৰ অসমীয়া ল’ৰা এজনৰ লগত বিয়া হৈছে৷ হালেই গুৰগাঁৱত কাম কৰে৷
দিল্লীত বিয়া হৈ গ’ল৷ তপনে খাইছিল৷ ইয়াত ল’ৰাৰ ঘৰত কাইলৈ ৰিচেপশ্বন৷ ছোৱালীৰ
বাপেকে ‘কাৰগাৰীয়া’ক (খাৰঘৰীয়া) সেইখনলৈ যাবলৈ ক’লে৷ তেওঁলোক অহাৰ কথা নাই৷
দৰাইও ‘খুৰা আহিব বুলি জোৰকৈ ধৰিলে ৷
কৰিবলৈ
একো কাম নাপাই ভিনুৱে লেপটপটোকে উলিয়াই ল’লে৷ সিহঁতহালে নিজৰ নিজৰ লেপটপ লৈ আনিছে৷
বৰষুণ এজাকো আহি গ’ল৷ কমকৈ শিলো পৰিছিল৷ এনেকৈ দিনটো সম্পূৰ্ণ হ’ল৷ ইয়াত
দিল্লীতকৈ এঘণ্টামান সোনকালে সন্ধিয়া হয়৷ এইখিনি সময়ত ভিনুৱে ম’ম’ খাই
থাকিলহেঁতেন৷
বৰদেউতাক
আজি অলপ সোনকালে উভতিল ৷ বাকী সময়কণ জাণ্টিয়ে অকলে চম্ভালিব পাৰিব৷ পিছফালৰ
চোতালত ককায়েক-ভায়েকে ফটিকা আৰম্ভ কৰিলে৷ গগণৰ মনটো অলপদিনৰপৰা ভাল৷ বিনন্দীয়ে
কোৱা ‘ইনভাচটি’খন হোৱাৰ পৰা দোকানৰ বিক্ৰী বাঢ়িছে৷ আজিকালি অলপ চখৰ বস্তু ৰাখে৷
তপনে অথনিয়েই মন কৰিছিল৷ ড্ৰাই ফ্ৰুট, বিধে বিধে আফটাৰ শ্বেভ, টি চাৰ্ট ... এইবোৰ
আগতে সিমানকে নাছিল৷ মুঠতে অন্নদা ভাণ্ডাৰে চাৰিআলিৰ সোমানী ষ্ট’ৰক চেৰ পেলাব পৰা
হৈছে৷ ককায়েকে এইটোও ক’লে যে বাকীবোৰ ঠিক আছে খালি এই মানুটোৱে বিয়া পতাৰ নাম
নলয়৷ বৰমাকে ‘এইদুজনক’ লগত খাবলৈ কি দিওঁ চিন্তা কৰি থাকোঁতে ময়ুৰীয়ে বলিয়ৰা
মাছকেইটা দেখুৱাই ক’লে, “এইকেইটাকে ভাজি দিওঁ, এওঁ ভাল পায়৷ আৰকে পুৰমত সাধাৰণতে
পোৱা নাযায়৷”
ৰাতি
বিচনালৈ আহি ভিনুৱে পাৰ হৈ যোৱা দিনটোলৈ ঘূৰি চালে৷ ৰাতিপুৱা ঘৰত খিচিৰি খাই সাজু
হোৱা৷ ময়ুৰীয়ে ফ্লাইটত খাবলৈ এ’গৰ’ল কেইটামান বান্ধি লৈছিল৷ এয়াৰপৰ্টত ৰৈ
থাকোঁতে সিহঁতহালে একপ্লেট ম’ম’ ভগাই খাইছিল৷ দামটো সৰহীয়া বাবে মাকে বাধা দিছিল৷
ভিনুৱে নামানিলে৷ আহি বৰ্ত্তাৰ দোকানত চকলেট আৰু ক’ল্ড ড্ৰিংক, ঘৰত আকৌ থেকেৰা
চৰ্বত, ভাতৰ লগত শিঙৰা, বলিয়ৰা, খাৰলি, ৰাতি গাহৰি, কুকুৰা৷ মানে ময়ুৰীয়ে গাহৰি
নাখায়৷ সি আৰু মন কৰিলে মানুদা মানুহটো ৱৰ্কহ’লিক হৈ পৰিছে৷ সেই শব্দটো তাক
কুকুৱে অলপদিন আগতে শিকাইছে৷ মানৱৰ মাক-দেউতাকৰ লগত বেছি কথা-বতৰা নচলে৷ এইবাৰ
বোলে স্কুটাৰ লৈ ওলাই গ’ল৷ পাছৰবাৰ গাড়ী লৈ গ’ল৷ অথনি ভাত খাই উঠাৰ পাছত
নাগালেণ্ড নে মণিপুৰৰ সেই মানুহজনী আহিছিল৷ কিবা চিদ্চ, প্লেণ্টচ্ ইত্যাদি কথা
পাতিছিল৷ তাৰ পাছত মানুৱে তাইক ফাৰ্ম -হাউচলৈকে লৈ গ’ল৷ ভিনুৱে ভাবে সি ডাঙৰ হৈ কি
কৰিব? সাগ্নিকে হেনো মেনেজমেণ্ট পঢ়িব৷ মহাপাত্ৰই চিৱিল চাৰ্ভিছৰ সপোন দেখি আছে৷
অংশুমান আকৌ ফ্ৰী লেঞ্চাৰ হ’ব৷ মানে ডেৱেলপমেণ্টৰ ফিল্ডত কাম কৰিব৷ ভিনুৱে এইবোৰ
তাৰ সমান বুজি নাপায়৷ মানুদাৰ ইয়াত ব্যস্ততা এনেকুৱা৷ দেখা যাওকচোন বাৰু৷
বকুলফুলৰ
মালা আঁৰি থোৱা ককাকৰ ফটোখনলৈ এবাৰ চাই সি লাইট নুমালে৷
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)