স্পন্দন সমীৰ
(তৃতীয় অধ্যায়)
নীৰেন বৰুৱা
ছাৰৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি আহোঁতে সিদিনা ৰাতি প্ৰায় এঘাৰমান বাজিছিল। কুঁৱলিয়ে
ঢকা ডিব্ৰুগড় নালিয়াপুলৰ ৰাজপথটো সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ আছিল। তেতিয়া বোধহয়
বিজুলী কৰ্তন কৰিছিল।আমাৰ মেচটোৰ চাৰিওফালেও সেই একেইখনেই ছবি। ব্ৰক্ষ্মপুত্ৰ নদীৰ
পাৰৰ অঞ্চলত নিশা হ'লে কুঁৱলীৰ মাত্ৰা এনেয়েও বাঢ়ে। মোৰ বাবে এয়া
এখন চিনাকি ছবি।
খুপি-খুপি
আগবাঢ়ি সুহুৰি বজাই বজাই মই আমাৰ মেচটোৰ গেটখন খুলিলোঁ।বাৰাণ্ডাখনত কোনোবা এজন বহি
থকা যেন লাগিছিল। কোননো ভালকৈ মনিব
নোৱাৰিলেও অৰূপ বুলি অনুমান কৰি লৈছিলোঁ যদিও "কোন" বুলি প্ৰয়োজনতকৈ
ডাঙৰকৈ চিঞৰিলোঁ।
-মই অ', অৰূপ
অৰূপৰ মাতটো
শুনি ভাল লাগিল। গে'টখনৰ হুকটো লগাই মই বাৰাণ্ডাত প্ৰৱেশ কৰাত অৰূপে
সুধিলে-
- ইমান ৰাতিলৈকে
ক'ত আছিলা স্পন্দন?
- ক'ম
বাৰু দিয়াঁ। আগেয়ে কাপোৰ-কানিবোৰ সলাই লওঁ। অলপ ৰ'বা বুলি কৈ মই
পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই গ'লোঁ। মেচটোৰ কাঠি এটা মাৰি অৰূপে
চিগাৰেটটো জ্বলোৱাত আন্ধাৰতে তাৰ চিন্তাক্লিষ্ট মুখখন জিলিকি উঠিছিল ক্ষন্তেকৰ
বাবে।
হাত-মুখ ধুই
কাপোৰ-কানিবোৰ সলাই পুনৰ বাৰাণ্ডালৈ ওলাই আহিলোঁ। অৰূপে তেতিয়াও বাৰাণ্ডাৰ সেই
দীঘল বেঞ্চখনতে বহি চিগাৰেট হুপি আছিল।
অৰূপক উদ্দেশ্যি
মই ক'লোঁ-
-আজি কলেজৰ পৰা
বুজিছা বাহিৰে বাহিৰে নীৰেন বৰুৱা ছাৰৰ ঘৰলৈ গৈছিলোঁ...
অৰূপে মোৰ মুখৰ
কথাখিনি কাঢ়ি আচৰিত হোৱাৰ দৰে সুধিলে-
- ইমান দেৰিলৈকে
তুমি কি তেওঁৰ ঘৰতে আছিলা নেকি?
- হয়, ছাৰৰ
লগতে আছিলোঁ-
সি পুনৰ ক'লে-
- মই
তোমাৰ মতি-গতি কিন্তু বৰ ভাল দেখা নাই দেই স্পন্দন। সেই ৰাষ্ট্ৰবিৰোধী মানুহজনৰ
ওচৰত তোমাৰনো ইমান কি কাম থাকে যে নিজৰ পঢ়া-শুনা সকলো এৰি তেওঁৰ লগত গল্প কৰি থাকি
ভাল পোৱাঁ ?
অৰূপৰ প্ৰশ্নটোৰ
কোনো উত্তৰ মই নিদিলোঁ।
ছাৰৰ প্ৰতি থকা তাৰ
ক্ষোভখিনি উজাৰি সি পুনৰ এটা চিগাৰেটত অগ্নি সংযোগ কৰিলে।
মই কি ক'ম ভাবি
থাকোঁতেই চিগাৰেটটোত দীঘলীয়া হোপা এটা মাৰি অৰূপে পুনৰ ক'লে-
-কিয় জানো মই এই
মানুহজনক অকণো সহ্য কৰিব নোৱাৰোঁ ক'ব নোৱাৰোঁ। তুমিও পাৰিলে অলপ আঁতৰত
থকাটোৱেই মঙ্গল নেকি?
এইবাৰ সি বহাৰ
পৰা থিয় হৈ মোৰ ওচৰলৈ আহি পুনৰ ক'লে- তুমি জানো নাজানা যে কলেজৰ কোনো
এজন শিক্ষকেই তেওঁৰ লগত কেতিয়াও হলি-গলি ন'কৰে! সঁচা কথা ক'বলৈ গ'লে
জানা মোৰ কিন্তু তেওঁক এজন সঁচাকৈয়ে সন্ত্ৰাসবাদী
যেনহে লাগে। মন কৰিবাচোন তেওঁৰ কথাবোৰ শুনি থাকিলে কেনেকৈ গাৰ তেজ পিৰপিৰাই উঠি
গাৰ নোমবোৰ শিয়ৰি উঠে? কেনেকৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিপক্ষে মনটো সক্ৰিয় হৈ
উঠে!
অৰূপৰ কথাত মই
কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলোঁ। তাৰ কথাবোৰ
তেনেকুৱাই। প্ৰশ্নবোৰো নিজৰ, উত্তৰবোৰো নিজৰ।
অৰূপক অলপ
জ্বলাওঁ বুলিয়েই মই দীঘলীয়া হামি এটা মাৰি সুধিলোঁ-
-মানে ছাৰৰ
কথাবোৰ শুনি থাকিলে তোমাৰ দেহাটোতো হেজাৰ ৰণুৱা ঘোঁৰাই দৌৰাদৌৰি কৰা যেন লাগে নহয়
জানো?
- মোৰ প্ৰশ্নৰ
পোনপটীয়া উত্তৰ নিদি মাথোঁ অৰূপে কলে-
মই তোমাক ছিৰিয়াছলি
কৈছোঁ স্পন্দন। তেখেতৰ কথাবোৰ সত্য নে অসত্য সেয়া মই নাজানো আৰু জানিবৰ
প্ৰয়োজনবোধো নকৰোঁ। কিন্তু মানহজন মোৰ বাবে বিৰক্তিকৰ। যেন এক অবুজ সাঁথৰ। মই
তেওঁক সহ্য কৰিব নোৱাৰোঁ আৰু আন বহুজনৰ দৰে তেওঁৰ পৰা আঁতৰি থকাটোৱেই মঙ্গলজনক
বুলি ভাৱোঁ। অন্যহাতেদি মই যিহেতু তেওঁৰ বিভাগৰ ছাত্ৰ নহয় গতিকে তেওঁৰ পৰা যে মোৰ এক
নিৰাপদ দূৰত্ব আছে সেয়া মই ভালদৰেই জানোঁ।
মৌনতা অৱলম্বন
কৰি মই মাথোঁ অৰূপৰ কথাখিনি একান্তমনে শুনি আছোঁ।
এইবাৰ অৰূপে মোৰ
গাটো জোকাৰি দি সুধিলে-
মোৰ কথাবোৰ শুনি
আছা নে টোপনি গ'লা?
শুনি আছোঁ বন্ধু
বুলি কোৱাত সি পুনৰ ক'লে-
- তুমিও তেওঁৰ
সঙ্গ পৰিহাৰ কৰাঁ বুজিছা। তেওঁৰ সতে বেছিকৈ হলি-গলি কৰাৰ বাবে যদি কেতিয়াবা চৰকাৰৰ
ৰোষত পৰি তোমাৰো কিবা এটা বিপদ হলে ময়ো যে বিপদত পৰিম সেয়া কিন্তু খাটাং। সেয়েহে
তোমাক সঁকীয়াই থৈছোঁ।
এইবুলি অৰূপ
লাহেকৈ উঠি পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই গ'ল।
অৰূপ আচলতে
তেনেকুৱাই। সদায় নিজৰ প্ৰতি সচেতন।কেৱল নিজেই ঠিক থাকিলেই হ'ল বাকীবোৰ লাগে
শেষ হৈ যাওক। অৰূপ বাস্তৱবাদী নে স্বাৰ্থপৰ বুজিব পৰা নাছিলোঁ।
অৰূপৰ কোনো কথাই
মোক পতিয়ন যোৱাব নোৱাৰাৰ বাবেই হয়তো অতি ক'মদিনৰ ভিতৰতে এটি সৰু অজুহাত উলিয়াই
মোক অকলশৰীয়া কৰি মেচটো এৰি সি আন এটি
বেলেগ ঘৰলৈ গুচি গ'ল।
***
মেচটো এৰাৰ
দহদিনমানৰ আগৰে পৰাই অৰূপে মোক কৈ আছিল এই মেচটোত সি সন্মুখীন হোৱা অসুবিধাবিলাকৰ
কথা। নিজে ভাত-পানী ৰান্ধি কিতাপ পঢ়িবলৈ
লোৱাৰ সময়তে হেনো কিবা এটা ভাগৰত তাক টোপনিয়ে হেঁচা মাৰি ধৰে। অৱশ্যে বিগত আঠটা
মাহত তেনে কোনো সমস্যাৰ কথা মোক সি কোৱা নাছিল। বহু ৰাতিলৈকে পঢ়ি থকাটো তাৰ এটা
স্বভাৱ। সেয়া কিন্তু সি অব্যাহত নেৰাখি কোনো দিনেই থকা নাই। মাজে মাজে সি মোক
ওলোটা কথাহে কৈ আছিল।
-এই মেচটো হেনো
আন বহু মেচতকৈ ভাল। ইয়াত সকলোবোৰ সুবিধাই আছে। ৰন্ধা-বঢ়া কামবোৰ অৱশ্যে আমি
দুয়োটাই মিলিজুলিয়েই কৰিছিলোঁ। মেচৰ মালিকো অতি ভদ্ৰ আৰু অমায়িক। সৰু-সুৰা অসুবিধাবিলাকত
নিজৰ ল'ৰাক-ছোৱালীক কৰা দৰেই সহায়
সহযোগ কৰিছিল। অৰূপৰ মেচটো এৰি দিয়াৰ সিদ্ধান্তটোত মই অকণোৱেই আচৰিত হোৱা নাছিলোঁ।
সকলো বুদ্ধিয়ক ল'ৰাই বোধহয় সেইটোকে কৰিলেহেঁতেন!
নীৰেন ছাৰৰ লগত
থকা মোৰ সমন্ধটোৱেই যে তাৰ পঢ়া আৰু টোপনিৰ প্ৰধান সমস্যা সেইকথা বুজাত মোৰ অৱশ্যে
অলপো অসুবিধা হোৱা নাছিল।
অৰূপ মধ্যবিত্ত
পৰিয়ালৰ ল'ৰা। লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁৱত অৰূপৰ জন্ম। দেউতাকে গড়কাপ্তানি
বিভাগত কেৰাণীৰ চাকৰি কৰে। ককাই-ভাই দুজন। ককায়েক দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন
কৰি আছে।
জীৱনৰ প্ৰতি
অৰূপৰ আছে এক সুকীয়া দৃষ্টিভঙ্গী। ভগৱানে তাক দিবলগীয়া সকলোখিনিয়েই দিছে। লখিমপুৰ
হাইস্কুলৰ পৰা তৃতীয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত দেউতাকে তাক লক্ষীমপুৰ
কলেজতে কলা বিভাগত নাম লগাই দিছিল আৰু তাৰ পৰাই প্ৰি-ডিগ্ৰী পৰীক্ষাত দ্বিতীয়
বিভাগত উত্তীৰ্ণ হোৱাত দেউতাকে আনন্দত আত্মহাৰা হৈ তাক ডিব্ৰুগড়ৰ কানৈ
মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নাম লগাই দিছিল।
ডিব্ৰুগড়লৈ অহাৰ
দিনাই হেনো সি দেউতাকক কথা দিছিল যে দেউতাকৰ আশাত সি কেতিয়াও চেঁচা পানী নাঢালে। সিও
এদিন দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত এম.এ পঢ়িব। সিও চিনাকি হ'ব
বহু বিখ্যাত বিখ্যাত মানুহৰ সতে।কি জানি ভগৱানে কৰিলে তাৰ কপাল হয়তো ফুলিবও পাৰে।
এইবিলাক অৱশ্যে
কেতিয়াবা কেতিয়াবা কোনো অসতৰ্ক মূহুৰ্তত সি মোক কোৱা কথাহে। সেয়াই আছিল কলেজীয়া
জীৱনৰ অৰূপৰ সপোন ।
এবাৰ "কলেজ
সপ্তাহ" উপলক্ষে অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰি
অৰূপে কৈছিল-"ছাত্ৰ জীৱনৰ কিছুমান সপোন থাকে, কিন্তু বাস্তৱ
যে বৰ গধুৰ।এই সপোনৰ কেতিয়া ক'ত সমাধি হয় সেয়া কোনেও নাজানে।আমাৰ
ছাত্ৰ জীৱনটো বহু ৰঙীণ সপোনেৰে ভৰা। স্কুলত থাকোঁতে আমি ভাবোঁ- কলেজলৈ যাম,
মুক্ত
মনেৰে ঘূৰিম। কলেজত আহি ভাবোঁ- ভাল চাকৰি এটা পাম, নিজৰ টকাৰে
মা-দেউতাক কিবা এটা কিনি দিম, বিদেশ ফুৰিবলৈ যাম, নিজৰ
এখন ঘৰ হ’ব।এখন গাড়ী হ'ব। কোনোবাই ডাক্তৰ হোৱাৰ সপোন দেখে, কোনোবাই
শিক্ষক, কোনোবাই গায়ক, কোনোবাই খেলুৱৈ ইত্যাদি ইত্যাদি। সেই
সপোন দেখিবলৈ কোনো টকা-পইছা নালাগে। সপোন
অতি সুলভ আৰু সহজ।কিন্তু যেতিয়া আমি লাহে লাহে ডাঙৰ হওঁ, তেতিয়া গম পাওঁ
বাস্তৱৰ ওজনটো। সেই বাস্তৱ মানে হৈছে পুৱা শুই উঠি পৰীক্ষাৰ চিন্তা। বাস্তৱ মানে
হৈছে বন্ধুৰ দেউতাকে নতুন বাইক কিনি দিছে, আৰু তুমি পুৰণি চাইকেলেৰে কলেজলৈ গৈ
আছা।তোমাৰ মানসিক যাতনা। বাস্তৱ মানে হৈছে ঘৰৰ আৰ্থিক অৱস্থা। দেউতাই কিমান কষ্ট
কৰি মাহৰ মূৰত ফিজৰ টকাকেইটা গোটাইছে, সেই কথা বুজিবলৈ আৰম্ভ কৰা। আমি ভাবোঁ,
পঢ়িলেই
চাকৰি পাম। কিন্তু বাস্তৱত চাকৰিৰ বাবে লাখ লাখ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতা কৰে।
এটা চাকৰিৰ বাবে দিনক ৰাতি কৰি পঢ়িব লাগে। ভাল ৰিজাল্ট কৰিও হতাশ হ’ব লগা
হয়।আটাইতকৈ গধুৰ কথাটো হ’ল- তুলনা। সমাজে, আত্মীয়ই,
কেতিয়াবা
ঘৰৰ মানুহেও সোধে- "অমুকৰ ল’ৰাটোৱে চাকৰি পালে, তই কেতিয়া পাবি?" তেতিয়া নিজৰ সপোনটো লাহে লাহে বোজা
যেন লাগিবলৈ ধৰে।
তেনেহ'লে আমি কি
সপোন দেখা বাদ দিব লাগিব?
নাই নহয়, একেবাৰেই
নহয়।
সপোন নাথাকিলে
মানুহ আগবাঢ়িবই নোৱাৰে। বাস্তৱ গধুৰ বাবেই সপোনবোৰৰ দৰকাৰ। সপোনটোৱে আমাক খোজ
কাঢ়িবলৈ শক্তি দিয়ে। মাথোঁ সপোনৰ লগত অলপ বাস্তৱ মিহলাব লাগে।
শেষত কওঁ,
ছাত্ৰ
জীৱন হ’ল সপোন আৰু বাস্তৱৰ মাজত এখন দলং। দলংখনত খোজ কাঢ়োঁতে ভয় লাগিব, ভাগৰ লাগিব। কিন্তু যিয়ে খোজ কাঢ়ি গৈ থাকিব,
সিয়েই
সিপাৰ পাবগৈ। কেৱল মাথোঁ কল্পনাত হয় বাস্তৱৰ পৰিসমাপ্তি।"
অৰূপৰ কথাখিনি
মোৰ দৰে সকলোৱে সিদিনা নীৰৱ হৈ শুনি আছিল।
সেই অৰূপেই এদিন
মোক কৈছিল- তোৰ প্ৰতি মোৰ মাজে মাজে বৰ ঈৰ্ষা হয় জান স্পন্দন। মোৰ মগজটো যদি তোৰ
দৰে হ'লহেঁতেন তেন্তে মই বিপ্লৱৰ কথাবোৰ ভালদৰে পঢ়িলোহেঁতেন, বিপ্লৱ
শব্দটোৰ অৰ্থ বুজিবলৈ চেষ্টা যৎপৰোনাস্তি চেষ্টা কৰিলোঁহেঁতেন। বিপ্লৱ কৰিবলৈ মোৰো
মন নোযোৱা নহয়। কিন্ত বিপ্লৱৰ গইনা লৈ নিজকে বিপ্লৱী সাজি বিখ্যাত হ'বলৈ
মোৰো বৰ মন নাযায় স্পন্দন' কাৰণ এই পথৰে বাট বুলিবলৈ লওঁতে বহু
ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব লগীয়াত পৰে বুলি মোৰ ধাৰণা।এই ধৈৰ্য, ত্যাগ
আৰু বলিদান জানো সকলোৰে বাবে সম্ভৱ?মোৰ বাবেতো একেবাৰেই অসম্ভৱ।
মেচটো এৰি যোৱাৰ
আগদিনা ৰাতি কিতাপখন আগত মেলি লৈ সি মোক কৈছিল কথাখিনি।
সিদিনা মই অৰূপক
কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিলোঁ মাথোঁ একান্তমনে তাৰ কথাবোৰ শুনি গৈছিলোঁ।
সি পুনৰ কিতাপখন
জপাই বিছনাখনলৈ দলিয়াই থৈ চিগাৰেটত অগ্নি সংযোগ কৰি পুনৰ কৈছিল-
-বুজিছ স্পন্দন, বিপ্লৱ
আভিজাত্যৰ বেশভূষা হ'ব নোৱাৰে।ই পৰিবৰ্ত্তনৰ এক আমোঘ অস্ত্ৰ।সেই
অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ নিজৰ মনটো হ'ব লাগিব বজ্ৰৰ দৰে কঠিন,সাগৰৰ
দৰে গভীৰ, সূৰ্যৰ দৰে প্ৰশস্ত আৰু ফুলৰ দৰে কোমল। সেইবোৰ গুণৰ অধিকাৰী
নোহোৱাকৈয়ে বিপ্লৱ কৰিবলৈ গ'লে সেই বিপ্লৱৰ জানো কোনো স্থায়িত্ব
থাকিব? সেয়েহে হয়তো ইতিহাসৰ পৃষ্ঠাত বহু বিপ্লৱৰ পৰিণাম শূন্য বুলি বিবেচিত
হৈছে। বহু বিপ্লৱৰ উন্মাদনা আদবাটতে থমকি ৰৈছে। বিপ্লৱৰ নামত বহু প্ৰজন্মই
দিকবিদিক হেৰুৱাই জীৱনৰ মাদকতা হেৰুৱাইছে। সামাজিক ধ্যান-ধাৰণাবোৰে যেন এডাল
তেলঘঁহা বাঁহত এবাৰ ওপৰলৈ বগাই আকৌ পিচলি আহিছে তললৈ এনে হৈছে।
অৰূপে কথাখিনিৰে
মোক উপহাস কৰিবলৈকে কৈছিল নে সকিয়নি দিছিল বুজিব নোৱাৰিলেও সেই
কথাখনিয়ে অৱশ্যে বহুদিন মোৰ মনত ক্ৰিয়া কৰি আছিল।বহু প্ৰশ্নই মোক বাৰে বাৰে
আমনি কৰিছিল এটি উত্তৰৰ বাবে।মই ভাৱিছিলোঁ-
-মোৰতো লক্ষ্য
নহয় বিপ্লৱী হোৱাৰ! মোৰ ঘৰখনে মোক এজন বিপ্লৱী ৰূপত কেতিয়াও চাবলৈ নিবিচাৰে। মোৰ তেজত কোনো বিপ্লৱ নাই। মোৰ
প্ৰতি থকা মোৰ পৰিয়াল আৰু গাওঁখনৰ মানুহখিনিৰ আশাবোৰ দিনকদিনে জ্যামিত্যিক হাৰত
বৃদ্ধি পাইছে।মই পাহৰিব নোৱাৰোঁ মোৰ সত্তাক ।মোৰো কাম্য নহয় বিপ্লৱীৰ সেই যাযাবৰী জীৱন।
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)