৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেমৰ যাতনা

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৬ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১২৬৬ বাৰ পঢ়া হৈছে

মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ য়েটছ, আয়াৰলেণ্ড

অনুবাদ : ড° ৰঞ্জিত দত্ত

 

ঘৰৰ পানীপোতাত

ঘৰচিৰিকা চৰাইবোৰে

পাখি মাৰি চিঁ-চিঁয়াই কৰা

সেই মনোমোহা কাজিয়াবিলাক,

অজস্ৰ তৰালিক বকুত সাবটি

নাচি-বাগি গৈ থকা

পূৰ্ণিমা নিশাৰ অপৰূপ জোনটো,

দৰদী নিশাৰ

গছৰ পাতৰ সেই

চিনাকি চিৰন্তন গীতবোৰেইতো

সযতনে লুকুৱাই ৰখিছে

পুৰাতন পৃথিৱীৰ

মায়াৱী কৰুণ ক্ৰন্দন।

এযোৰি সেন্দtৰ ৰঙীণ

শেঁতা ওঁঠেৰে

তুমি আহিছিলা কাষলৈ,

তুমি আহিছিলা

মৌন উদাসী বুকুৰে

সকলোকে জগাই

যাত্ৰাপথৰ সকলো যাতনা আৰু

সীমাহীন বোজা কঢ়িয়াই

সপোনৰ সুৰভি সানি।

আৰু আজি!

পানী-যুঁৱলিত ঘৰচিৰিকা চৰাইবোৰৰ

সেই একেখন যুদ্ধ,

অনুজ্জ্বল তৰাবোৰকে সাবটি ৰখা

দৈ-গাখীৰৰ দৰে শেঁতা

জোনবাইৰ ছবিখন আৰু

বতাহৰ চিঁ-চিঁয়নিত

প্ৰাণ পাই উঠা

গছৰ পাতৰ সুহুৰিবোৰে

জগাই তুলিছে বাৰে বাৰে

পুৰাতন পৃথিৱীৰ সেই

একেই কৰুণ ক্ৰন্দন।

অ
লেখকৰ পৰিচয়

অনুবাদ :ড° ৰঞ্জিত দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)