৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কোম্পানীকথা

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২৬
১ মিনিট পঠন • ২৯৮ বাৰ পঢ়া হৈছে

১. কোম্পানীৰ আমোল

অতি পুৰণি কালত, মানুহৰ সভ্যতাই ভালে কেইহাজাৰমান বছৰ অতিক্ৰম কৰালৈকে মানুহ আছিল সমাজপ্ৰিয়, পৰস্পৰৰ সৈতে সম্পৰ্কিত হ’ব খোজা এটা জৈৱ প্ৰজাতি৷ অতি সাম্প্ৰতিক কালতো মানুহৰ কথা ক’বলৈ যাওঁতে সততে কৈ পেলোৱা হয় : মানুহ সমাজপ্ৰিয়৷ এই উক্তিষাৰ কিমানদূৰ স্বতঃস্ফুৰ্ত সি সন্দেহৰ বিষয়৷ এই প্ৰসংগটোৱে অৱলীলাক্ৰমে টানি আনিছে কোম্পানী-সভ্যতা বা কোম্পানী আমোল প্ৰসংগটো৷ জগতৰ সৰ্বত্ৰ একে চৰিত্ৰৰ হ’লেও, ভাৰতবৰ্ষৰ পৰিসীমাৰ মাজতে আমি সীমাৱদ্ধ হৈ থাকিম৷

প্ৰাচীন যুগক বাদ দিছোঁ,  মধ্যযুগৰ কথা ধৰোঁ৷ বিভিন্ন সম্ৰাটে ভাৰতবৰ্ষৰ একোটা বৃহত্তৰ ভৌগোলিক অঞ্চল শাসন কৰিলে কেইবাশ বছৰ৷ সেই সাম্ৰাজ্যৰ সমান্তৰালকৈ বহুতো ক্ষুদ্ৰ ৰাজ্যও চলি থাকিল : কিছুমান স্বাধীন চেতা, সাহসী, আত্মসন্মানবোধসম্পন্ন লোকৰ কাৰণে, কিছুমান পদলেহনকাৰী সুবিধাবাদী আত্মস্বাৰ্থপৰায়C লোকৰ কাৰণে৷ বৰ্তমানৰ বৃহৎ ৰাষ্ট্ৰ আৰু ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ যিখন চিত্ৰ সৰ্বত্ৰ (বিশ্বত) দেখা যায়,  মধ্যযুগৰ ভাৰতবৰ্ষৰো ৰাজনৈতিক চিত্ৰখন তেনেকুৱাই৷ সেই সময়তো বহুদূৰ ৰাজনীতি আৰু অৰ্থনীতি পৰিপূৰক আছিল যদিও ব্ৰিটিছসকলে এই দেশত আৰম্ভ কৰা অৰ্থনীতি-নিৰ্ভৰ ৰাজনীতি প্ৰাচীন বা মধ্যযুগৰ ভাৰতবৰ্ষত নাছিল৷ সম্পদৰ কাৰণে মাজে মাজে শত্ৰুতা হৈছিল; কিন্তু একে কাৰণত সাপ হৈ খোঁটা বেজ হৈ জৰা চৰিত্ৰ শাসকবৰ্গৰ নিয়মীয়া চৰিত্ৰ হৈ পৰা নাছিল৷

পিছে যিটো নাছিল, সেইটো আৰম্ভ কৰিলে ব্ৰিটিছ নামৰ বনিয়া জাতিটোৱে৷ এই জাতিটোক বনিয়া বোলাৰ একমাত্ৰ কাৰণটো এইটোৱেই যে, আমি ভাৰতীয় মহাজাতিয়ে ব্ৰিটিছৰ বনিয়া চৰিত্ৰটোহে দেখা পালোঁ আৰু শিকিলোঁ৷ চৰিত্ৰটো কেনে আছিল?

চৰিত্ৰটো আছিল বৰ্তমানে অসমত বিভিন্ন কাৰ্য-কাৰণসূত্ৰে বসবাস কৰা বিহাৰী বা মাৰোৱাৰীসকলৰ দৰে৷ এই দেশত থাকি, ইয়াৰে বতাহ-পানীৰে পুষ্ট হৈ থাকি ইয়াতে নিজৰ জন্মস্থানৰ উন্নতিৰ সপোন দেখি, ইয়াৰে লোকক ধাৰে  নামাৰি গদীৰে মাৰি কোৰোনাৰে ধন-বিত চপাই নি নিজৰ জন্মস্থানখন ধনী কৰাটোৱেই যিসকলৰ চৰিত্ৰ সেইসকলে আজিৰ তাৰিখতো বিহাৰ বা ৰাজস্থানক দেছ (দেশ) আৰু অসমক বিদেছ (বিদেশ) বুলি ভাবে৷ ব্ৰিটিছসকল অৱশ্যে স্পষ্ট আছিল৷ কাৰণ ভাৰতবৰ্ষ কাহানিও ব্ৰিটিছ সাম্ৰাজ্যৰ অভিন্ন অঙ্গ নাছিল৷ সেয়েহে তেওঁলোকে উপনিৱেশ হিচাপে খোলা খুলিকৈয়ে এই দেশখনক ব্যৱহাৰ কৰিছিল৷ আমাৰ নিজৰ দেশৰ অনা-অসম ৰাজ্যৰ দেশী-ভাইসকলে যেনিবা অসমখনক উপনিৱেশ হিচাপে ব্যৱহাৰ কৰিলেও খোলা খুলিকৈ উপনিৱেশ বুলি নকয়৷

সি যি নহওক, ব্ৰিটিছৰ চৰিত্ৰ আছিল যিমান পাৰি কম সময়ত,  কম কষ্ট আৰু অৰ্থসম্পদ ব্যয়েৰে এই দেশৰ লাভজনক ঐশ্বৰ্য-সম্ভাৰ নিজৰ দেশলৈ লৈ যোৱাটো৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে ভাগ-ভাগ কৰি শাসন কৰা (devide and rule) ৰ নীতিটো আৱিষ্কাৰ কৰিছিল অতি কাৰ্যকৰীৰূপে৷ পিছে এমুঠা ইকৰা ভাঙিব নোৱাৰা অথচ এডালি এডালিকৈ সহজে ভাঙিব পৰা বুঢ়াৰ পুতেকহঁতৰ সেই সাধুটো ভাৰতবৰ্ষৰ সৰ্বত্ৰ প্ৰচলিত হোৱা সত্ত্বেও আমি ভাৰতীয়ই ব্ৰিটিছৰ সেই নীতিৰ প্ৰতিবাদ কাহানিও কৰিব নোৱাৰিলোঁ৷ বৰং নীতিটো ভালকৈ শিকিহে ল’লোঁ৷

ব্ৰিটিছ-পূৰ্ব কালৰ ভাৰতীয় সমাজত স্থান-ভেদে কিছু হীন-ডেঢ়ি থাকিলেও মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ যি সুস্থ বাতাৱৰণ আছিল তাক আধুনিকতাৰ দোহাই দি আমিয়েই ভৰিৰে মোহাৰি পেলাবলৈ আৰম্ভ কৰিলো৷ নিজৰ আত্মজৰ বিৰোধিতা কৰাৰ বিনিময়ত দুটা চকচকীয়া টকাৰ চিক্‌‌মিকনি দেখিয়েই বিক্ৰী হৈ যোৱাৰ চৰিত্ৰটো অৱশ্যে ব্ৰিটিছৰ নিজৰ তেজত নাছিল যদিও আমাৰ তেজত সেইবিধ জিন তেওঁলোকে বাৰুকৈয়ে ৰোপণ কৰি থৈ গ’ল৷

এনেকৈ অনেক কিবাকিবি নিজকে ধবংস কৰিবপৰা চৰিত্ৰ আমাক ব্ৰিটিছে দিলে৷ এতেকে ব্ৰিটিছ বৰ বেয়া মানুহ৷

কিন্তু সেই ব্ৰিটিছেই আমাক শিকালে মাটিৰ তলৰপৰা কেনেকৈ তেল বা কয়লা উলিয়াব লাগে, সেই তেল বা কয়লাৰে কেনেকৈ ইঞ্জিন চলাব লাগে, হাবি কাটি কেনেকৈ বাট-পথ সজাব লাগে, বন্য জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণৰ বাবে কেনেকৈ হাবি-বন সংৰক্ষণ কৰিব লাগে, সামাজিক শৃংখলা আৰু অপৰাধবোধৰ নিয়ন্ত্ৰণৰ বাবে কেনেকৈ আৰক্ষী-বাহিনী বোলা মানুহৰ দল এটা গঠন কৰিব লাগে, মানুহ বোলা জীৱবিধৰ পোৱালিবোৰক কেনেকৈ সময়ৰ সমানুপাতিকভাৱে শিক্ষিত কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে; বৃহত্তৰ ভৌগোলিক অঞ্চল একোটা য’ত বিভিন্ন ভাষা-ভাষী, বিভিন্ন লোকাচাৰ পালক মানুহৰ বসতি, য’ত পৰ্বত-জলাহৰপৰা মৰুভূমিলৈকে থকাৰ ফলত বিভিন্ন প্ৰাকৃতিক সমস্যা চিৰবিদ্যমান- তেনে একোটা অঞ্চলক কিদৰ একোটা শাসনযন্ত্ৰৰ অধীনত শাসন চলাব পৰা যায় ইত্যাদি৷

এতেকে, ব্ৰিটিছ বোলা মানুহজনে বণিয়া-চৰিত্ৰ আৰু ভাই-ভাইৰ মাজত খোৱা-কামোৰা কৰাৰ বাটকে দেখুৱাই যোৱা নাই; ভাল কথাত বহুখিনি চকুত আঙুলি দি বুজাই গৈছে৷

পিছে স্বাধীনতাৰ সত্তৰ বছৰৰ পাছত আমি কি পাইছোঁ, কি দেখিছোঁ, আমাৰ জাতীয় বা ৰাষ্ট্ৰীয় চৰিত্ৰ কিম্বা সামাজিক চৰিত্ৰৰ কিমানদূৰ উৎকৰ্ষ সাধন হৈছে সি চিন্তনীয়৷ একে সময়তে তুলনা কৰি চাব পাৰি জাপান নামৰ দেশখন আৰু আমাৰ দেশখনক৷ আমাৰ স্বাধীনতালাভৰ দুবছৰৰ পূৰ্বে জাপানখনক মহতিয়াই পেলোৱা হৈছিল৷ পৰৱৰ্তী সুদীৰ্ঘকালৰ কাৰণে জাপানী মানুহক দি যোৱা হৈছিল দুৰাৰোগ্য ৰোগৰ কাৰণ কিছুমান৷ তাৰ পূৰ্বকালৰ জাপানীসকলো ভাৰতীয়ৰ সমান আগবঢ়া নাছিল- একো দিশতে৷

কিন্তু ফিনিক্স পখীৰ দৰে জাপানী জাতি শ্মশানৰ জ্বলন্ত চিতাৰ পৰা মূৰ দাঙি উঠিল৷ তাৰ বিপৰীতে আমি আৰম্ভ কৰিলোঁ এক প্ৰকাৰ নতুন কোম্পানীৰ আমোল৷ মানৱীয় দৃষ্টিত এই নতুন যুগটো দৰাচলতে কেনে ৰূপৰ?

২. নব্য কোম্পানী আমোল

ব্ৰিটিছে সাজি থৈ যোৱা ৰাস্তাকেইটাতে (সকলো ক্ষেত্ৰৰ - শিক্ষা, ব্যৱসায়-বাণিজ্য, আভ্যন্তৰীণ শাসন, নিৰ্মাণ আদি) কাষে কাষে আৰু দুচপৰামান মাটি চপাই দি ওপৰত আলকতৰা আৰু শিলগুটি কেইটামান দি কৰা নৱীকৰণ বা প্ৰশস্তকৰণতে আমাৰ যাত্ৰা সীমাৱদ্ধ হৈ থাকিল৷ আক্ষৰিক অৰ্থত ৰাস্তা-ঘাটৰ কথা ভাবিলেই দেখা যায়,  স্বাধীনতাৰ প্ৰায় পঞ্চাশ বছৰৰ পাছতহে ভাৰতীয় মানুহে নিজা উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ (যিমান বিসঙ্গতিপূৰ্ণ বা অপৰিকল্পিতই নহওক কিয়) কল্পনা কৰিব পাৰিলে৷ সমান্তৰাল সময়ত কিন্তু জাপানত বিশ্বৰ দ্ৰুততম ৰে’লগাড়ী চলি আছিল;  সেইখন জাপানত,  য’ত দিনটোত গড়ে তিনিটাকৈ ভূমিকম্প হয়৷

আকৌ আগৰ ঘূৰণীয়া মেজমেলত বহি হাউছ অৱ লৰ্ডছক সন্তুষ্ট কৰিবগৈ লগা অৱস্থাটো পৰ্যবসিত হ’ল যিকোনো দাবী পূৰাবলৈ ভাৰতৰ যিকোনো ৰাজ্যৰ লোক দিল্লীলৈ দৌৰিব লগা হোৱালৈ৷ ই স্বাভাৱিক৷ কাৰণ প্ৰতিখন ৰাজ্যতে ৰাজ্যিক ৰাজধানীহে পাতিব পাৰি,  ৰাষ্ট্ৰৰ ৰাজধানী পাতিব পৰা নাযায়৷

পিছে নব্য কোম্পানী আমোল হ’লগৈ এনেকুৱা : দিনটো হাজিৰা কৰি উঠি বিয়লি হাজিৰা টকাকেইটাৰ কাৰণে আন্দোলন কৰিবগৈ লগা হ’ল৷ নতুন নতুন ধনীৰে ভৰি পৰিল আমাৰ দেশ আৰু দুখীয়াৰ ফুটা কলহৰ ফুটাটো ক্ৰমে ডাঙৰ হৈ হৈ গৈয়ে থাকিল৷

কিয় হ’ল এনেকুৱা?

ব্ৰিটিছ নামৰ জাতিটোৰ আত্মসন্মানবোধলৈ আমি কাহানিও মনকে নকৰিলোঁ৷ বেজবৰুৱাই লিখিবৰ লেখিয়া,  ইংলেণ্ডৰ ম’হৰ গুৱালকো আমি ছাতি নমাই প্ৰণাম জনালোঁ৷ কিন্তু আমাৰ ডাঙৰীয়াসকলে সেই ব্ৰিটিছৰ চিপাহী-চন্তৰীৰ পৰাও নিজে চেলাম এটা ল’বলৈ যত্ন নকৰিলোঁ৷

আমি ব্ৰিটিছৰ পৰা ইংৰাজী শিকিলোঁ৷ এনেকৈ শিকিলো যে এই ভাষাটো নহ’লে আমি তেনেই পংগু হৈ পৰিম৷ আমাৰ ভাষা-সাহিত্যৰ আলোচনাৰ বেলিকা কথাই কথাই ইংৰাজী আৰু ইংৰাজীৰ মাধ্যমেদি আন বিদেশী ভাষা-সাহিত্যৰ উদ্ধৃতি দি নিজৰ জ্ঞান জাহিৰ কৰিবলৈ যত্ন কৰি নিজকে জাকত জিলিকা কৰিবলৈ যত্ন কৰিলোঁ; কিন্তু নিজৰ সেই জ্ঞান-বুদ্ধিৰে আমাৰ সাহিত্য-সংস্কৃতিক ইংৰাজীৰ জৰিয়তে বিশ্বসভালৈ আগবঢ়াই দিয়াৰ সাহস নকৰিলোঁ৷ অথচ কথাই কথাই ‘অসমীয়া ভাষা জগৎ সভালৈ যাব’ বোলা জ্যোতিপ্ৰসাদৰ সেই অমৰ বাণীষাৰ উদ্ধৃত কৰি জ্যোতিপ্ৰসাদকো অপমান কৰিলোঁ৷ গান্ধী নামৰ মহাপুৰুষজনাৰ নীতি-আদৰ্শৰে চলিব খুজি আমি তেওঁকো বিক্ৰী কৰিলোঁ অসৎ উপায়েৰে টকা ঘটি, দেশৰ ৰাজহ বৃদ্ধিৰ নামত দেশৰ ডেকা শক্তিকে অলায়ক কৰি তুলিব পৰাকৈ পদূলিয়ে পদূলিয়ে সুৰাৰ পোহাৰ পাতি,  সেই সুৰাৰ বিনিময়-মূল্য স্বৰূপ টকা-পইচাত সেইজন গান্ধীৰে ছবি ছপা কৰি!

আমি ধনী হ’লোঁ৷ আগৰ খেৰ-বাঁহৰ ঘৰৰ ঠাইত পকীঘৰ হ’ল,  নাও আৰু গৰু-গাড়ী, কেঁকোৰা দোলাৰ ঠাইত আন্তঃৰাষ্ট্ৰীয় মানৰ গাড়ীৰ মালিক হ’লোঁ৷ লাখ লাখ টকাৰ মালিক হৈ দৈনিক হাজাৰ টকা ল’ৰা-ছোৱালীৰ পকেট-মানি হিচাপে দিব পৰা হ’লোঁ৷ কিন্তু আমি হেৰুৱাই পেলালো আমাৰ শিপা৷ আমি আকাশীলতা হ’লোঁ৷

গপত গঙ্গাটোপ হ’লোঁ আমি৷

হকে-বিহকে আমি ভাষা-সাহিত্য-সংস্কৃতিৰ, সমাজৰ, পিছপৰা শ্ৰেণীৰ, প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত আৰু সৰ্বস্বান্তসকলৰ সেৱাৰ অৰ্থে লাখ লাখ টকীয়া শিল্পীৰ বিচিত্ৰানুষ্ঠান পাতিব পৰাও হ’লোঁ৷

প্ৰযুক্তিবিদ্যা আৰু ধনবলৰ সহায়ত আমি ৰাতিটোৰ ভিতৰতে কবি-সাহিত্যিকো হ’ব পৰা হ’লোঁ৷ অলপ তেল মালিচ পায়েই অযোগ্যজনক গুৰুত্বপূৰ্ণ আসন দি আমি নিজে নিজৰ আত্মসন্মানৰো মূৰ পুৰি খালোঁ, নিজে শোষিত হৈ আনৰ হাঁহিয়াতৰ পাত্ৰও হ’লোঁ৷ যি কাম কৰি আমি লাজত লুকাব লাগে, তেনে কাম কৰি বুকু ফিন্দাই বাহাদুৰী প্ৰদৰ্শন কৰি আমি লাজ নোপোৱা হ’লোঁ৷

আমি নিলাজ হ’লোঁ৷

নতুন নতুন কোম্পানীবোৰত কিস্তি কিস্তিকৈ দিবলগীয়া ধন আদায় দি দৰমহা প্ৰাপ্তিৰ আধাঘণ্টাৰ পাছতে নাঙঠ ফকিৰ হোৱাদি ঠায়ে ঠায়ে বিসৰ্জন দিওঁতে দিওঁতে আমাৰ লাজ-কাজবোৰ দেখোন নোহোৱাই হ’ল৷

এয়ে কোম্পানী-মহিমা৷ 
অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পৃথিৱীৰ অসুখ : সম্ভৱত: কেঞ্চাৰ
অন্যযুগ সাহিত্য পৰিষদ • ৩০ ছেপ্টেম্বৰ, ২০২৬
বাটৰে শেষতে
পংকজ প্ৰতিম বৰদলৈ • ৩১ আগষ্ট, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)