১. কোম্পানীৰ
আমোল
অতি পুৰণি কালত,
মানুহৰ
সভ্যতাই ভালে কেইহাজাৰমান বছৰ অতিক্ৰম কৰালৈকে মানুহ আছিল সমাজপ্ৰিয়, পৰস্পৰৰ
সৈতে সম্পৰ্কিত হ’ব খোজা এটা জৈৱ প্ৰজাতি৷ অতি সাম্প্ৰতিক কালতো মানুহৰ কথা ক’বলৈ
যাওঁতে সততে কৈ পেলোৱা হয় : মানুহ সমাজপ্ৰিয়৷ এই উক্তিষাৰ
কিমানদূৰ স্বতঃস্ফুৰ্ত সি সন্দেহৰ বিষয়৷ এই প্ৰসংগটোৱে অৱলীলাক্ৰমে টানি আনিছে
কোম্পানী-সভ্যতা বা কোম্পানী আমোল প্ৰসংগটো৷ জগতৰ সৰ্বত্ৰ একে চৰিত্ৰৰ হ’লেও, ভাৰতবৰ্ষৰ
পৰিসীমাৰ মাজতে আমি সীমাৱদ্ধ হৈ থাকিম৷
প্ৰাচীন যুগক
বাদ দিছোঁ, মধ্যযুগৰ কথা
ধৰোঁ৷ বিভিন্ন সম্ৰাটে ভাৰতবৰ্ষৰ একোটা বৃহত্তৰ ভৌগোলিক অঞ্চল শাসন কৰিলে কেইবাশ
বছৰ৷ সেই সাম্ৰাজ্যৰ সমান্তৰালকৈ বহুতো ক্ষুদ্ৰ ৰাজ্যও চলি থাকিল :
কিছুমান স্বাধীন চেতা, সাহসী, আত্মসন্মানবোধসম্পন্ন লোকৰ কাৰণে,
কিছুমান
পদলেহনকাৰী সুবিধাবাদী আত্মস্বাৰ্থপৰায়C লোকৰ কাৰণে৷ বৰ্তমানৰ বৃহৎ ৰাষ্ট্ৰ
আৰু ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ যিখন চিত্ৰ সৰ্বত্ৰ (বিশ্বত)
দেখা যায়, মধ্যযুগৰ
ভাৰতবৰ্ষৰো ৰাজনৈতিক চিত্ৰখন তেনেকুৱাই৷ সেই সময়তো বহুদূৰ ৰাজনীতি আৰু অৰ্থনীতি
পৰিপূৰক আছিল যদিও ব্ৰিটিছসকলে এই দেশত আৰম্ভ কৰা অৰ্থনীতি-নিৰ্ভৰ ৰাজনীতি প্ৰাচীন
বা মধ্যযুগৰ ভাৰতবৰ্ষত নাছিল৷ সম্পদৰ কাৰণে মাজে মাজে শত্ৰুতা হৈছিল; কিন্তু
একে কাৰণত সাপ হৈ খোঁটা বেজ হৈ জৰা চৰিত্ৰ শাসকবৰ্গৰ নিয়মীয়া চৰিত্ৰ হৈ পৰা নাছিল৷
পিছে যিটো নাছিল,
সেইটো
আৰম্ভ কৰিলে ব্ৰিটিছ নামৰ বনিয়া জাতিটোৱে৷ এই জাতিটোক বনিয়া বোলাৰ একমাত্ৰ কাৰণটো
এইটোৱেই যে, আমি ভাৰতীয় মহাজাতিয়ে ব্ৰিটিছৰ বনিয়া
চৰিত্ৰটোহে দেখা পালোঁ আৰু শিকিলোঁ৷ চৰিত্ৰটো কেনে আছিল?
চৰিত্ৰটো আছিল
বৰ্তমানে অসমত বিভিন্ন কাৰ্য-কাৰণসূত্ৰে বসবাস কৰা বিহাৰী বা মাৰোৱাৰীসকলৰ দৰে৷ এই
দেশত থাকি, ইয়াৰে বতাহ-পানীৰে পুষ্ট হৈ থাকি ইয়াতে নিজৰ
জন্মস্থানৰ উন্নতিৰ সপোন দেখি, ইয়াৰে লোকক ধাৰে নামাৰি গদীৰে মাৰি কোৰোনাৰে ধন-বিত চপাই নি
নিজৰ জন্মস্থানখন ধনী কৰাটোৱেই যিসকলৰ চৰিত্ৰ সেইসকলে আজিৰ তাৰিখতো বিহাৰ বা
ৰাজস্থানক দেছ (দেশ) আৰু অসমক বিদেছ (বিদেশ) বুলি ভাবে৷ ব্ৰিটিছসকল
অৱশ্যে স্পষ্ট আছিল৷ কাৰণ ভাৰতবৰ্ষ কাহানিও ব্ৰিটিছ সাম্ৰাজ্যৰ অভিন্ন অঙ্গ নাছিল৷
সেয়েহে তেওঁলোকে উপনিৱেশ হিচাপে খোলা খুলিকৈয়ে এই দেশখনক ব্যৱহাৰ কৰিছিল৷ আমাৰ
নিজৰ দেশৰ অনা-অসম ৰাজ্যৰ দেশী-ভাইসকলে যেনিবা অসমখনক উপনিৱেশ হিচাপে ব্যৱহাৰ
কৰিলেও খোলা খুলিকৈ উপনিৱেশ বুলি নকয়৷
সি যি নহওক,
ব্ৰিটিছৰ
চৰিত্ৰ আছিল যিমান পাৰি কম সময়ত, কম কষ্ট আৰু অৰ্থসম্পদ ব্যয়েৰে এই দেশৰ লাভজনক
ঐশ্বৰ্য-সম্ভাৰ নিজৰ দেশলৈ লৈ যোৱাটো৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে ভাগ-ভাগ কৰি
শাসন কৰা (devide and rule) ৰ
নীতিটো আৱিষ্কাৰ কৰিছিল অতি কাৰ্যকৰীৰূপে৷ পিছে এমুঠা ইকৰা ভাঙিব নোৱাৰা অথচ এডালি
এডালিকৈ সহজে ভাঙিব পৰা বুঢ়াৰ পুতেকহঁতৰ সেই সাধুটো ভাৰতবৰ্ষৰ সৰ্বত্ৰ প্ৰচলিত
হোৱা সত্ত্বেও আমি ভাৰতীয়ই ব্ৰিটিছৰ সেই নীতিৰ প্ৰতিবাদ কাহানিও কৰিব নোৱাৰিলোঁ৷
বৰং নীতিটো ভালকৈ শিকিহে ল’লোঁ৷
ব্ৰিটিছ-পূৰ্ব
কালৰ ভাৰতীয় সমাজত স্থান-ভেদে কিছু হীন-ডেঢ়ি থাকিলেও মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ
যি সুস্থ বাতাৱৰণ আছিল তাক আধুনিকতাৰ দোহাই দি আমিয়েই ভৰিৰে মোহাৰি পেলাবলৈ আৰম্ভ
কৰিলো৷ নিজৰ আত্মজৰ বিৰোধিতা কৰাৰ বিনিময়ত দুটা চকচকীয়া টকাৰ চিক্মিকনি দেখিয়েই
বিক্ৰী হৈ যোৱাৰ চৰিত্ৰটো অৱশ্যে ব্ৰিটিছৰ নিজৰ তেজত নাছিল যদিও আমাৰ তেজত সেইবিধ
জিন তেওঁলোকে বাৰুকৈয়ে ৰোপণ কৰি থৈ গ’ল৷
এনেকৈ অনেক
কিবাকিবি নিজকে ধবংস কৰিবপৰা চৰিত্ৰ আমাক ব্ৰিটিছে দিলে৷ এতেকে ব্ৰিটিছ বৰ বেয়া
মানুহ৷
কিন্তু সেই ব্ৰিটিছেই
আমাক শিকালে মাটিৰ তলৰপৰা কেনেকৈ তেল বা কয়লা উলিয়াব লাগে, সেই তেল বা
কয়লাৰে কেনেকৈ ইঞ্জিন চলাব লাগে, হাবি কাটি কেনেকৈ বাট-পথ সজাব লাগে,
বন্য
জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণৰ বাবে কেনেকৈ হাবি-বন সংৰক্ষণ কৰিব লাগে, সামাজিক
শৃংখলা আৰু অপৰাধবোধৰ নিয়ন্ত্ৰণৰ বাবে কেনেকৈ আৰক্ষী-বাহিনী বোলা মানুহৰ দল এটা
গঠন কৰিব লাগে, মানুহ বোলা জীৱবিধৰ পোৱালিবোৰক কেনেকৈ সময়ৰ
সমানুপাতিকভাৱে শিক্ষিত কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে; বৃহত্তৰ ভৌগোলিক
অঞ্চল একোটা য’ত বিভিন্ন ভাষা-ভাষী, বিভিন্ন লোকাচাৰ পালক মানুহৰ বসতি,
য’ত
পৰ্বত-জলাহৰপৰা মৰুভূমিলৈকে থকাৰ ফলত বিভিন্ন প্ৰাকৃতিক সমস্যা চিৰবিদ্যমান- তেনে
একোটা অঞ্চলক কিদৰ একোটা শাসনযন্ত্ৰৰ অধীনত শাসন চলাব পৰা যায় ইত্যাদি৷
এতেকে, ব্ৰিটিছ
বোলা মানুহজনে বণিয়া-চৰিত্ৰ আৰু ভাই-ভাইৰ মাজত খোৱা-কামোৰা কৰাৰ বাটকে দেখুৱাই
যোৱা নাই; ভাল কথাত বহুখিনি চকুত আঙুলি দি বুজাই গৈছে৷
পিছে স্বাধীনতাৰ
সত্তৰ বছৰৰ পাছত আমি কি পাইছোঁ, কি দেখিছোঁ, আমাৰ জাতীয় বা
ৰাষ্ট্ৰীয় চৰিত্ৰ কিম্বা সামাজিক চৰিত্ৰৰ কিমানদূৰ উৎকৰ্ষ সাধন হৈছে সি চিন্তনীয়৷
একে সময়তে তুলনা কৰি চাব পাৰি জাপান নামৰ দেশখন আৰু আমাৰ দেশখনক৷ আমাৰ
স্বাধীনতালাভৰ দুবছৰৰ পূৰ্বে জাপানখনক মহতিয়াই পেলোৱা হৈছিল৷ পৰৱৰ্তী সুদীৰ্ঘকালৰ
কাৰণে জাপানী মানুহক দি যোৱা হৈছিল দুৰাৰোগ্য ৰোগৰ কাৰণ কিছুমান৷ তাৰ পূৰ্বকালৰ
জাপানীসকলো ভাৰতীয়ৰ সমান আগবঢ়া নাছিল- একো দিশতে৷
কিন্তু ফিনিক্স
পখীৰ দৰে জাপানী জাতি শ্মশানৰ জ্বলন্ত চিতাৰ পৰা মূৰ দাঙি উঠিল৷ তাৰ বিপৰীতে আমি
আৰম্ভ কৰিলোঁ এক প্ৰকাৰ নতুন কোম্পানীৰ আমোল৷ মানৱীয় দৃষ্টিত এই নতুন যুগটো
দৰাচলতে কেনে ৰূপৰ?
২. নব্য
কোম্পানী আমোল
ব্ৰিটিছে সাজি
থৈ যোৱা ৰাস্তাকেইটাতে (সকলো ক্ষেত্ৰৰ - শিক্ষা, ব্যৱসায়-বাণিজ্য,
আভ্যন্তৰীণ
শাসন, নিৰ্মাণ আদি) কাষে কাষে আৰু দুচপৰামান মাটি চপাই দি ওপৰত আলকতৰা আৰু
শিলগুটি কেইটামান দি কৰা নৱীকৰণ বা প্ৰশস্তকৰণতে আমাৰ যাত্ৰা সীমাৱদ্ধ হৈ থাকিল৷
আক্ষৰিক অৰ্থত ৰাস্তা-ঘাটৰ কথা ভাবিলেই দেখা যায়, স্বাধীনতাৰ প্ৰায় পঞ্চাশ বছৰৰ পাছতহে ভাৰতীয়
মানুহে নিজা উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ (যিমান বিসঙ্গতিপূৰ্ণ বা
অপৰিকল্পিতই নহওক কিয়) কল্পনা কৰিব পাৰিলে৷ সমান্তৰাল সময়ত কিন্তু জাপানত বিশ্বৰ
দ্ৰুততম ৰে’লগাড়ী চলি আছিল; সেইখন
জাপানত, য’ত দিনটোত গড়ে তিনিটাকৈ
ভূমিকম্প হয়৷
আকৌ আগৰ ঘূৰণীয়া
মেজমেলত বহি হাউছ অৱ লৰ্ডছক সন্তুষ্ট কৰিবগৈ লগা অৱস্থাটো পৰ্যবসিত হ’ল যিকোনো
দাবী পূৰাবলৈ ভাৰতৰ যিকোনো ৰাজ্যৰ লোক দিল্লীলৈ দৌৰিব লগা হোৱালৈ৷ ই স্বাভাৱিক৷
কাৰণ প্ৰতিখন ৰাজ্যতে ৰাজ্যিক ৰাজধানীহে পাতিব পাৰি, ৰাষ্ট্ৰৰ ৰাজধানী পাতিব পৰা নাযায়৷
পিছে নব্য
কোম্পানী আমোল হ’লগৈ এনেকুৱা : দিনটো হাজিৰা কৰি উঠি বিয়লি হাজিৰা
টকাকেইটাৰ কাৰণে আন্দোলন কৰিবগৈ লগা হ’ল৷ নতুন নতুন ধনীৰে ভৰি পৰিল আমাৰ দেশ আৰু
দুখীয়াৰ ফুটা কলহৰ ফুটাটো ক্ৰমে ডাঙৰ হৈ হৈ গৈয়ে থাকিল৷
কিয় হ’ল এনেকুৱা?
ব্ৰিটিছ নামৰ জাতিটোৰ
আত্মসন্মানবোধলৈ আমি কাহানিও মনকে নকৰিলোঁ৷ বেজবৰুৱাই লিখিবৰ লেখিয়া, ইংলেণ্ডৰ ম’হৰ গুৱালকো আমি ছাতি নমাই প্ৰণাম
জনালোঁ৷ কিন্তু আমাৰ ডাঙৰীয়াসকলে সেই ব্ৰিটিছৰ চিপাহী-চন্তৰীৰ পৰাও নিজে চেলাম এটা
ল’বলৈ যত্ন নকৰিলোঁ৷
আমি ব্ৰিটিছৰ
পৰা ইংৰাজী শিকিলোঁ৷ এনেকৈ শিকিলো যে এই ভাষাটো নহ’লে আমি তেনেই পংগু হৈ পৰিম৷
আমাৰ ভাষা-সাহিত্যৰ আলোচনাৰ বেলিকা কথাই কথাই ইংৰাজী আৰু ইংৰাজীৰ মাধ্যমেদি আন
বিদেশী ভাষা-সাহিত্যৰ উদ্ধৃতি দি নিজৰ জ্ঞান জাহিৰ কৰিবলৈ যত্ন কৰি নিজকে জাকত
জিলিকা কৰিবলৈ যত্ন কৰিলোঁ; কিন্তু নিজৰ সেই জ্ঞান-বুদ্ধিৰে আমাৰ
সাহিত্য-সংস্কৃতিক ইংৰাজীৰ জৰিয়তে বিশ্বসভালৈ আগবঢ়াই দিয়াৰ সাহস নকৰিলোঁ৷ অথচ
কথাই কথাই ‘অসমীয়া ভাষা জগৎ সভালৈ যাব’ বোলা জ্যোতিপ্ৰসাদৰ সেই অমৰ বাণীষাৰ উদ্ধৃত
কৰি জ্যোতিপ্ৰসাদকো অপমান কৰিলোঁ৷ গান্ধী নামৰ মহাপুৰুষজনাৰ নীতি-আদৰ্শৰে চলিব
খুজি আমি তেওঁকো বিক্ৰী কৰিলোঁ অসৎ উপায়েৰে টকা ঘটি, দেশৰ ৰাজহ
বৃদ্ধিৰ নামত দেশৰ ডেকা শক্তিকে অলায়ক কৰি তুলিব পৰাকৈ পদূলিয়ে পদূলিয়ে সুৰাৰ
পোহাৰ পাতি, সেই
সুৰাৰ বিনিময়-মূল্য স্বৰূপ টকা-পইচাত সেইজন গান্ধীৰে ছবি ছপা কৰি!
আমি ধনী হ’লোঁ৷
আগৰ খেৰ-বাঁহৰ ঘৰৰ ঠাইত পকীঘৰ হ’ল, নাও আৰু গৰু-গাড়ী, কেঁকোৰা
দোলাৰ ঠাইত আন্তঃৰাষ্ট্ৰীয় মানৰ গাড়ীৰ মালিক হ’লোঁ৷ লাখ লাখ টকাৰ মালিক হৈ দৈনিক
হাজাৰ টকা ল’ৰা-ছোৱালীৰ পকেট-মানি হিচাপে দিব পৰা হ’লোঁ৷ কিন্তু আমি হেৰুৱাই
পেলালো আমাৰ শিপা৷ আমি আকাশীলতা হ’লোঁ৷
গপত গঙ্গাটোপ
হ’লোঁ আমি৷
হকে-বিহকে আমি
ভাষা-সাহিত্য-সংস্কৃতিৰ, সমাজৰ, পিছপৰা শ্ৰেণীৰ,
প্ৰাকৃতিক
দুৰ্যোগত বিপৰ্যস্ত আৰু সৰ্বস্বান্তসকলৰ সেৱাৰ অৰ্থে লাখ লাখ টকীয়া শিল্পীৰ
বিচিত্ৰানুষ্ঠান পাতিব পৰাও হ’লোঁ৷
প্ৰযুক্তিবিদ্যা
আৰু ধনবলৰ সহায়ত আমি ৰাতিটোৰ ভিতৰতে কবি-সাহিত্যিকো হ’ব পৰা হ’লোঁ৷ অলপ তেল মালিচ
পায়েই অযোগ্যজনক গুৰুত্বপূৰ্ণ আসন দি আমি নিজে নিজৰ আত্মসন্মানৰো মূৰ পুৰি খালোঁ,
নিজে
শোষিত হৈ আনৰ হাঁহিয়াতৰ পাত্ৰও হ’লোঁ৷ যি কাম কৰি আমি লাজত লুকাব লাগে, তেনে
কাম কৰি বুকু ফিন্দাই বাহাদুৰী প্ৰদৰ্শন কৰি আমি লাজ নোপোৱা হ’লোঁ৷
আমি নিলাজ
হ’লোঁ৷
নতুন নতুন
কোম্পানীবোৰত কিস্তি কিস্তিকৈ দিবলগীয়া ধন আদায় দি দৰমহা প্ৰাপ্তিৰ আধাঘণ্টাৰ
পাছতে নাঙঠ ফকিৰ হোৱাদি ঠায়ে ঠায়ে বিসৰ্জন দিওঁতে দিওঁতে আমাৰ লাজ-কাজবোৰ দেখোন
নোহোৱাই হ’ল৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)