৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাগৰৰ গোলাপ

লেখকঃ মূল : জোৱান ৰেমন জিমিনেজ • প্ৰকাশিতঃ ২৬ আগষ্ট, ২০২৩
১ মিনিট পঠন • ১৪০০ বাৰ পঢ়া হৈছে

মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন)

১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেনিশ্ব কবি

অনুবাদ : ড° ৰঞ্জিত দত্ত

বগা জোনটোৱে

সাগৰৰ পৰা লৈ গ'ল সাগৰ

আৰু  আকৌ  

ওভতাই  দি গ'ল সাগৰক।

ধুনীয়া,

শান্ত-সৌম্য আৰু পৱিত্ৰতাৰে

সকলোকে জয় কৰি

জোনটোৱে বাধ্য কৰিছে

সত্যক বিভ্ৰান্ত কৰিবলৈ যে

একমাত্ৰ সত্যই সৰ্বেসৰ্বা,

যুগমীয়া আৰু নিঃসঙ্গ

যদিও ই  তেনে নহয়।

হয়।

ঐশ্বৰিক সৰলতাৰে

তুমি ভেদ কৰিছা 

তোমাৰ চিনাকি পৰিচয়,

প্ৰতিষ্ঠিত কৰিছা 

এক নতুন আত্মাক 

যি মাথোঁ বাস্তৱ।

অপ্ৰত্যাশিত গোলাপ!

তুমি আঁতৰাই লৈ গ'লা

গোলাপক গোলাপৰ পৰা,

আৰু ওভতাই দি যাব পাৰাঁ

গোলাপক গোলাপলৈ।

ম
লেখকৰ পৰিচয়

মূল : জোৱান ৰেমন জিমিনেজ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)