৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ক্ষমতা

লেখকঃ অনুবাদ : পৰিমালা কোঁৱৰ • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৩
২ মিনিট পঠন • ২৬৪৭ বাৰ পঢ়া হৈছে

মূল: অটল বিহাৰী বাজপেয়

অনুবাদ: পৰিমালা কোঁৱৰ 

 

অবোধ শিশু,

বৃদ্ধা মহিলা,

ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি

যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে

তেওঁৰ বাবে মোৰ এটি প্ৰশ্ন আছে...

মৃতজনৰ সতে তেওঁৰ কোনো সম্পৰ্ক নাছিল নে?

একেই ধৰ্ম নাছিল নে,

পৃথিৱীৰ লগতো একো সম্বন্ধ নাছিল নে?

পৃথিৱী আমাৰ আই আৰু আমি তেওঁৰ পুত্ৰ

অথৰ্ৱবেদৰ এই মন্ত্ৰ মাথোঁ জপ কৰিবৰ বাবে নেকি

জীয়াই থাকিবৰ বাবে নহয় নেকি?

জুইত জ্বলা শিশু,

লালসাৰ চিকাৰ হোৱা নাৰী,

পুৰি ছাই হোৱা ঘৰ

ই সভ্যতাৰ  প্ৰমাণ পত্ৰ নহয়,

দেশপ্ৰেমৰ পদকো নহয়,

তাত যদি তেওঁৰ পশুত্ব প্ৰকাশ পায়

যদি প্ৰকাশ হয় পতিতৱস্থাৰ

এনেকুৱা কাপুৰুষ সন্তান থকাতকৈ

আই নিঃসন্তান হোৱাই ভাল ।

নিস্পাপ তেজৰ উজ্জ্বল ৰাজ সিংহাসন

শ্মশানৰ ধূলি পৰি থাকে,

ক্ষমতাৰ বাবে অনিয়ন্ত্ৰিত ক্ষুধা 

এটা ৰক্ত পিপাসুতকৈও অধম।

পাঁচ হাজাৰ বছৰৰ সংস্কৃতি...

গৰ্ব কৰিম নে কান্দিম ?

আমাৰ  স্বাধীনতা যাতে স্বাৰ্থপৰতাৰ  দৌৰত পুনৰ  নেহেৰায় ।

 

ঠিকনা :

পৰিমালা কোঁৱৰ

ৰূপনগৰ,  দূৰদৰ্ৰশন কেন্দ্ৰৰ সমীপত

ডাক – চি. আৰ. বিল্ডিং 

ডিব্ৰুগড় –৩

ই-মেইল  - konwarporimala@gmail.com

 

অ
লেখকৰ পৰিচয়

অনুবাদ : পৰিমালা কোঁৱৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)