মূল : মহাকবি কালিদাস
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
|| সপ্তদশ অধ্যায় ||
ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে,
তেনেকৈয়ে কুমুদ্বতীয়ে জন্ম দিলে
কাকুৎস্থ বংশধৰ অতিথি নামে ।
অতিথিং নাম কাকুৎস্থাৎপুত্ৰং প্ৰাপ কুমুদ্বতী |
পশ্চিমাদ্যামিনীয়ামাৎপ্ৰসাদমিব চেতনা|| ১৭-১||
সূৰ্যই নিজ গতিপথ যেনেকৈ পোহৰ কৰে উত্তৰে-দক্ষিণে,
পিতাৰ সমানেই উজ্জ্বল পুত্ৰই পিতৃ-মাতৃ দুয়োকুল উজলালে ।
স পিতুঃ পিতৃমান্বংশং মাতুশ্চানুপমদ্যুতিঃ |
অপুনাৎসেবিতেবোভৌ মাৰ্গাবুত্তৰদক্ষিণৌ|| ১৭-২||
অৰ্থশাস্ত্ৰবিদ মহান পিতা কুশই প্ৰথমে,
অতিথিক প্ৰশিক্ষিত কৰিলে কুলবিদ্যাৰে,
ৰাজকন্যাসৱেৰে পাণিগ্ৰহণ কৰালে তাৰ পাছতে।
তমাদৌ কুলবিদ্যানামৰ্থমৰ্থবিদাং বৰঃ |
পশ্চাৎপাৰ্থিবকন্যানাং পাণিমগ্ৰাহয়ৎপিতা|| ১৭-৩||
বীৰ কুশ কুলীন বীৰ সংযমী
পুত্ৰ অতিথিও তেওঁৰ সমানেই গুণী ।
সুখী হ’ল কুশ পাই এনে পুত্ৰক,
এক হৈও অনুভৱত তেওঁ যেন অনেক ।
জাত্যস্তেনাভিজাতেন শূৰঃ শৌৰ্যবতা কুশঃ |
অমন্যৈতকমাত্মানমনেকং বশিনা বশী|| ১৭-৪||
কুশ ইন্দ্ৰৰ সাহাৰ্যাৰ্থে গ’ল কুলৰ পৰম্পৰা ৰাখি,
যুদ্ধত বধিলে দুৰ্জয় নামৰ দৈত্যক,
নিজেও তাৰ হাততে বৰণ কৰিলে বীৰগতি ।
স কুলোচিতমিন্দ্ৰস্য সাহায়কমুপেয়িবান্ |
জঘান সমৰে দৈত্যং দুৰ্জয়ং তেন চাবধি|| ১৭-৫||
জোনাক কুমুদানন্দ চন্দ্ৰত বিলীন হোৱাৰ দৰে,
নাগৰাজৰ ভগ্নী কুমুদ্বতীয়ে কুশৰ অনুগমন কৰিলে ।
তং স্বসা নাগৰাজস্য কুমুদস্য কুমুদ্বতী |
অন্বগাৎকুমুদানন্দং শশাঙ্কমিব কৌমুদী|| ১৭-৬||
দুয়োজনৰ এজনে ইন্দ্ৰৰ সিংহাসনৰ আধা কৰিলে অধিকাৰ,
আনজনে শচীৰ সখী হৈ অংশীদাৰিণী হ’ল পাৰিজাত ফুলৰ ।
তয়োৰ্দিবস্পতেৰাসীদেকঃ সিংহাসনাৰ্ধভাক্ |
দ্বিতীয়াপি সখী শচ্যাঃ পাৰিজাতাংশভাগিনী|| ১৭-৭||
যুদ্ধলৈ যোৱাৰ আগতে কুশৰ শেষ আদেশ কৰি স্মৰণ,
জ্যেষ্ঠজন আৰু মন্ত্ৰীসৱে অতিথিক কৰিলে শাসনত অধিষ্ঠিত ।
তদাত্মসংভবং ৰাজ্যে মন্ত্ৰিবৃদ্ধাঃ সমাদধুঃ |
স্মৰন্তঃ পশ্চিমামাজ্ঞাং ভৰ্তুঃ সঙ্গ্ৰাময়ায়িনঃ|| ১৭-৮||
জ্যেষ্ঠজন আৰু মন্ত্ৰীসৱে অতিথিৰ অভিষেকৰ বাবে,
শিল্পীৰদ্বাৰায় নতুনকৈ চতুঃস্তম্ভৰ চূড়াযুক্ত মণ্ডপ সজালে ।
তে তস্য কল্পয়ামাসুৰভিষেকায় শিল্পিভিঃ |
বিমানং নবমুদ্বেদি চতুঃস্তম্ভপ্ৰতিষ্ঠিতম্|| ১৭-৯||
সেই মণ্ডপত বহুৱাই অভিজাত আসনত,
সোণৰ কলচীত অনা পৱিত্ৰ তীৰ্থজলেৰে,
মন্ত্ৰীসকলে অতিথিৰ অভিষেক কৰিলে ।
তত্ৰৈনং হেমকুম্ভেষু সংভৃতৈস্তীৰ্থবাৰিভিঃ |
উপতস্থুঃ প্ৰকৃতয়ো ভদ্ৰপীঠোপবেশিতম্|| ১৭-১০||
অভিষেক-কালত স্নিগ্ধ-গম্ভীৰ নাদৰ তাল-তূৰ্যধ্বনিয়ে,
তেওঁৰ চিৰন্তন আৰু অবিৰত কল্যাণ ঘোষণা কৰিলে ।
নদদ্ভিঃ স্নিগ্ধগংভীৰং তূৰ্যৈৰাহতপুষ্কৰৈঃ |
অন্বমীয়ত কল্যাণং তস্যাবিচ্ছিন্নসংততি|| ১৭-১১||
যৱাংকুৰ বটছাল দূবৰি আৰু ফুলেৰে,
বয়স্ক জ্ঞাতিসকলে বিধিমতে আৰতি কৰিলে ।
দূৰ্বায়বাঙ্কুৰপ্লক্ষৎবগভিন্নপুটোত্তৰান্ |
জ্ঞাতিবৃদ্ধৈঃ প্ৰয়ুক্তান্স ভেজে নীৰাজনাবিধীন্|| ১৭-১২||
পুৰোহিত আৰু উত্তম ব্ৰাহ্মণসবে
বিজয়দায়ক অথৰ্ববেদৰ মন্ত্ৰ উচ্চাৰণেৰে,
জিষ্ণু অতিথিৰ অভিষেক আৰম্ভ কৰিলে ।
পুৰোহিতপুৰোগাস্তং জিষ্ণুং জৈত্ৰৈৰথৰ্বভিঃ |
উপচক্ৰমিৰে পূৰ্বমভিষেক্তুং দ্বিজাতয়ঃ|| ১৭-১৩||
তেওঁৰ শিৰত পৱিত্ৰ অভিষেকজলৰ ধাৰাৰ সৌন্দৰ্য যেন,
ত্ৰিপুৰদ্বিষ শিৱৰ শিৰত সশব্দে পতিত গংগাৰ ধাৰা ।
তস্যৌঘমহতী মূৰ্ধ্নি নিপতন্তী ব্যৰোচত |
সশব্দমভিষেকশ্ৰীৰ্গঙ্গেব ত্ৰিপুৰদ্বিষঃ|| ১৭-১৪||
সেই সময়ত স্তাৱক-চাৰণসকলে কৰিলে স্তুতি-বন্দন,
চাতক পখীয়ে যেন বৰ্ষণমুখী মেঘক কৰিলে অভিনন্দন ।
স্তূয়মানঃ ক্ষণে তস্মিন্নলক্ষ্যত স বন্দিভিঃ |
প্ৰবৃদ্ধ ইব পৰ্জন্যঃ সাৰঙ্গৈৰভিনন্দিতঃ|| ১৭-১৫||
বৰ্ষণসিক্ত হ’লে যিদৰে বিদ্যুতৰ জুইৰ স্ফুলিংগ পায় বৃদ্ধি ,
মন্ত্ৰপূত জলেৰে অভিষিক্তহৈ অতিথিৰো বাঢ়িল দেহকান্তি।
তস্য সন্মন্ত্ৰপূতাভিঃ স্নানমদ্ভিঃ প্ৰতীচ্ছতঃ |
ববৃধে বৈদ্যুতশ্চাগ্নেৰ্বৃষ্টিসেকাদিব দ্যুতিঃ|| ১৭-১৬||
অভিষেকৰ অন্তত জ্ঞানত স্নান কৰা ব্ৰাহ্মণসৱক,
অতিথি ৰজাই দিলে বিপুল ধনৰত্ন,
যিটো সম্বল কৰি ব্ৰাহ্মণসৱে কৰিব পাৰে
নিজে পৰ্যাপ্ত দক্ষিণা দিও যজ্ঞাদি সম্পন্ন ।
স তাবদভিষেকান্তে স্নাতকেভ্যো দদৌ বসু |
যাবতৈষাং সমাপ্যেৰন্যজ্ঞাঃ পৰ্যাপ্তদক্ষিণাঃ|| ১৭-১৭||
সন্তুষ্ট হৈ তেওঁলোকে আশীৰ্ৱাদ দিলে অতিথিক,
সজকৰ্ম ইমান আছিল তেওঁৰ পূৰ্বজন্মত অৰ্জিত,
এই আশীৰ্ৱাদ সেয়ে দূৰৰ পৰাই কৰিলে নিবৃত্ত ।
তে প্ৰীতমনসস্তস্মৈ যামাশিষমুদৈৰয়ন্ |
সা তস্য কৰ্মনিৰ্বৃত্তৈৰ্দূৰং পশ্চাৎকৃতা ফলৈঃ|| ১৭-১৮||
আদেশ দিলে তেওঁ-
বন্দীসকলৰ মুক্তি দিবলৈ,
মৃত্যুদণ্ডৰ আদেশ ৰদ কৰিবলৈ,
বোজাবাহী জন্তুক সকাহ দিবলৈ,
আৰু দামুৰী থকা গাই খীৰোৱা বন্ধ কৰিবলৈ ।
বন্ধচ্ছেদং স বদ্ধানাং বধাৰ্হাণামবধ্যতাম্ |
ধুৰ্যাণাং চ ধুৰো মোক্ষমদোহং চাদিশদ্গবাম্|| ১৭-১৯||
ক্ৰীড়াৰ বাবে সজাত বন্দী পখীকো কৰিলে মুক্ত,
মুকলি হৈ ভাটৌকে আদি কৰি সকলো পখী,
মনৰ আনন্দত গ’ল নিজ ইচ্ছাৰে উৰি ।
ক্ৰীডাপতত্ৰিণোপ্যস্য পঞ্জৰস্থাঃ শুকাদয়ঃ |
লব্ধমোক্ষাস্তদাদেশাদ্যথেষ্টগতয়োঽভবন্|| ১৭-২০||
তেওঁ ৰাজকীয় সাজসজ্জাৰ বাবে বহিল অন্যএক কক্ষত ,
হাতীৰ দাঁতৰ ধুনীয়া আচ্ছাদিত আসনত ।
ততঃ কক্ষ্যান্তৰন্যস্তং গজদন্তাসনং শুচি |
সোওত্তৰচ্ছদমধ্যাস্ত নেপথ্যগ্ৰহণায় সঃ|| ১৭-২১||
ধূপৰ ধোঁৱাৰে প্ৰসাধকে কেশ শুকুৱাই দিলে,
ভালকৈ হাত ধুই তেওঁক অনেক বসন-ভূষণেৰে সজালে ।
তং ধূপাশ্যানকেশান্তং তোয়নিৰ্ণিক্তপাণয়ঃ |
আকল্পসাধনৈস্তৈস্তৈৰুপসেদুঃ প্ৰসাধকাঃ|| ১৭-২২||
মুকুতাৰ বন্ধনেৰে ওখকৈ বান্ধিলে চুলি ,
তাতে গুজি দিলে প্ৰভামণ্ডিত পদ্মৰাগ মণি ।
তেঽস্য মুক্তাগুণোন্নদ্ধং মৌলিমন্তৰ্গতস্ৰজম্ |
প্ৰত্যূপুঃ পদ্মৰাগেণ প্ৰভামণ্ডলশোভিনা|| ১৭-২৩||
মৃগনাভিৰে সুৰভিত চন্দনেৰে অংগৰাগ কৰি,
সম্পূৰ্ণ কৰিলে গেৰুৱা মাটিৰে ৰেঘা আঁকি ।
চন্দনেনাঙ্গৰাগং চ মৃগনাভিসুগন্ধিনা |
সমাপয়্য ততশ্চক্ৰুঃ পত্ৰং বিন্যস্তৰোচনম্|| ১৭-২৪||
ৰাজলক্ষ্মীৰ বৰস্বৰূপ অতিথি সজ্জিত হ’ল
ফুলৰ মালা আৰু মুকুতাৰ আভৰণেৰে,
দৃষ্টিনন্দন হ’ল কুমাৰ হংসচিহ্নযুক্ত পাটৰ বস্ত্ৰ ধাৰণেৰে ।
আমুক্তাভৰণঃ স্ৰগ্বী হংসচিহ্নদুকূলবান্ |
আসীদতিশয়প্ৰেক্ষ্যঃ স ৰাজ্যশ্ৰীবধূবৰঃ|| ১৭-২৫||
বেশভূষা নিৰীক্ষণ কৰিবলৈ যেতিয়া থিয় হ’ল সোণৰ দৰ্পণৰ আগত,
মেৰু পৰ্বতত যেন উজলিল কল্পতৰু উদিত সূৰুযৰ হিৰণ্ময় আভাত।
নেপথ্যদৰ্শিনশ্ছায়া তস্যাদৰ্শে হিৰণ্ময়ে |
বিৰৰাজোদিতে সূৰ্যে মৰৌ কল্পতৰোৰিব|| ১৭-২৬||
পাৰ্শ্বৱৰ্তী ৰাজপুৰুষসবে ছত্ৰ-চামৰাদি ৰাজচিহ্ন ধাৰণ কৰিলে,
প্ৰবেশ কৰিলে অতিথিয়ে দেৱসভা যেন ৰাজসভাত জয়ধ্বনিৰ মাজেৰে।
স ৰাজককুদব্যগ্ৰপাণিভিঃ পাৰ্শ্ববৰ্তিভিঃ |
যয়াবুদীৰিতালোকঃ সুধৰ্মানবমাং সভাম্|| ১৭-২৭||
চন্দ্ৰতাপশোভিত পৈত্ৰক সিংহাসনত বহিল অতিথি,
যি সিংহাসনৰ পাদপীঠত আছে বহু ৰাজনৰ শিৰৰ মুকুটৰ ঘঁহনি ।
বিতানসহিতং তত্ৰ ভেজে পৈতৃকমাসনম্ |
চূডামণিভিৰুদ্ধৃষ্টং পাদপীঠং মহীক্ষিতাম্|| ১৭-২৮||
সেই সুশোভিত পৱিত্ৰ সভাত অতিথিৰ উপস্থিতি
যেন কেশৱৰ শ্ৰীবৎস শোভিত বক্ষত কৌস্তুভমণি ।
শুশুভে তেন চাক্ৰান্তং মঙ্গলায়তনং মহৎ |
শ্ৰীবৎসলক্ষণং বক্ষঃ কৌস্তুভেনেব কৈশবম্|| ১৭-২৯||
কুমাৰৰ পৰা এনেদৰেই ৰাজাধিৰাজ হ’ল অতিথি,
কাঁচিজোন যেন পূৰ্ণচন্দ্ৰ হৈ বিলালে জ্যোতি ।
বভৌ ভূয়ঃ কুমাৰৎবাদাধিৰাজ্যমবাপ্য সঃ |
ৰেখাভাবাদুপাৰূঢঃ সামগ্ৰ্যমিব চন্দ্ৰমাঃ|| ১৭-৩০||
সদায়েই আছিল প্ৰসন্ন মুখ স্মিত হাঁহি মাৰি কৈছিল কথা,
অনুগামীসকলৰ বাবে তেওঁ আছিল মূৰ্তিমান বিশ্বাস আৰু আস্থা ।
প্ৰসন্নমুখৰাগং তং স্মিতপূৰ্বাভিভাষিণম্ |
মূৰ্তিমন্তমমন্যন্ত বিশ্বাসমনুজীবিনঃ|| ১৭-৩১||
ঐশ্বৰ্যত আছিল তেওঁ অন্য এক ইন্দ্ৰ,
ৰাজধানীত উৰিছিল কল্পতৰু যেন মহিমামণ্ডিত ধ্বজ,
ঐৰাৱতসম হাতীত বিচৰণ কৰোতে লাগিছিল যেন সেয়াই স্বৰ্গ ।
স পুৰং পুৰহূতশ্ৰীঃ কল্পদ্ৰুমনিভধ্বজাম্ |
ক্ৰমমাণশ্চকাৰ দ্যাং নাগেনৈৰাবতৌজসা|| ১৭-৩২||
অতিথিৰ শিৰত ধাৰণ কৰা উজ্জ্বল পৱিত্ৰ ছত্ৰ,
যি দূৰ কৰিলে প্ৰজাৰ মনস্তাপ পূৰ্বৰ প্ৰিয় ৰজাসকলৰ বিয়োগজনিত।
তস্যৈকস্যোচ্ছ্ৰিতং ছত্ৰং মূৰ্ধ্নি তেনামলৎবিষা |
পূৰ্বৰাজবিয়োগৌষ্ম্যং কৃৎস্নস্য জগতো হৃতম্|| ১৭-৩৩||
বহ্নিয়ে প্ৰথমে ধোঁৱায়, তাৰ পাছত উঠে জ্বলি,
বেলি উদিত হয় প্ৰথমে, উজলে ৰশ্মিমালা পাছত,
সকলো তেজোময় দ্ৰব্যৰ নিয়ম ভাঙি অতিথি
আৰম্ভণিতে সকলো গুণেৰে হ’ল উদ্ভাষিত ।
ধূমাদগ্নেঃ শিখাঃ পশ্চাদুদয়াদংশবো ৰবেঃ |
সোঽতীত্য তেজসাং বৃত্তিং সমমেবোত্থিতো গুণৈঃ|| ১৭-৩৪||
প্ৰীতিভৰা চকুৰে তেওঁলৈ চায় নগৰৰ নাৰীসৱে,
যেন শাৰদী ৰাতিবোৰে নিৰ্মল নক্ষত্ৰ ধ্ৰুৱক দেখিছে।
তং প্ৰীতিবিশদৈৰ্নেত্ৰৈৰন্বয়ুঃ পৌৰয়োষিতঃ |
শৰৎপ্ৰসন্নৈৰ্জ্যোতিৰ্ভিৰ্বিভাবৰ্য ইব ধ্ৰুবম্|| ১৭-৩৫||
আৰাধিত দেৱতাগণে অযোধ্যাৰ মন্দিৰত
স্থিতি ল’লে আহি নিজ নিজ বিগ্ৰহত,
অনুগ্ৰহ কৰিলেহি যোগ্যভক্ত অতিথিক ।
অয়োধ্যাদেবতাশ্চৈনং প্ৰশস্তায়তনাৰ্চিতাঃ |
অনুদধ্যুৰনুধ্যেয়ং সাংনিধ্যৈঃ প্ৰতিমাগতৈঃ|| ১৭-৩৬||
অভিষেক বেদীৰ পানী নৌ-শুকাওঁতেই ভালকৈ,
তেওঁৰ দুঃসহ প্ৰতাপ বিয়পি গ’ল মহাসাগৰৰ তীৰলৈ।
যাবন্নাশ্যায়তে বেদিৰভিষেকজলাপ্লুতা |
তাবদেবাস্য বেলান্তং প্ৰতাপঃ প্ৰাপ দুঃসহঃ|| ১৭-৩৭||
গুৰু বশিষ্ঠৰ মন্ত্ৰ আৰু ধনুৰ্বিদ অতিথিৰ বাণ,
একত্ৰিত হয় যদি দুয়ো,
এনে কিবা আছেনে নোৱাৰিব কৰিব সম্পাদন !
বসিষ্ঠস্য গুৰোৰ্মন্ত্ৰাঃ সায়কাস্তস্য ধন্বিনঃ |
কিং তৎসাধ্যং যদুভয়ে সাধয়েয়ুৰ্ন সংগতাঃ|| ১৭-৩৮||
ধৰ্ম আৰু দণ্ডশাস্ত্ৰজ্ঞৰ দিহা লৈ,
নিজে বিচাৰ কৰিছিল ৰজাই নিৰলস,
ন্যায়প্ৰাৰ্থীৰ বাদ আৰু বিবাদ ।
স ধৰ্মস্থসখঃ শশ্বদৰ্থিপ্ৰত্যৰ্থিনাং স্বয়ম্ |
দদৰ্শ সংশয়চ্ছেদ্যান্ব্যবহাৰানতন্দ্ৰিতঃ|| ১৭-৩৯||
তেওঁৰ সিদ্ধান্ত ব্যক্ত কৰাত সুখী হ’লে প্ৰাৰ্থী,
ৰাজনৰ মুখ উঠে উজলি,
দিছিল অভীষ্ট পাৰিতোষিক সকলো সহায়কাৰীক ।
ততঃ পৰমভিব্যক্তসৌমনস্যনিবেদিতৈঃ |
যুয়োজ পাকাভিমুখৈৰ্ভৃত্যান্বিজ্ঞাপনাফলৈঃ|| ১৭-৪০||
তেওঁৰ পিতৃৰ দিনত প্ৰজাৰ সমৃদ্ধি বাঢ়িছিল,
বাৰিষাৰ প্ৰথম মাহত নৈ বঢ়াৰ দৰে।
তেওঁৰ দিনত সমৃদ্ধি তাতোকৈ বাঢ়িল,
বাৰিষাৰ দ্বিতীয় মাহত নৈত বান অহাৰ দৰে ।
প্ৰজাস্তদ্গুৰুণা নদ্যো নভসেব বিবৰ্ধিতাঃ |
তস্মিংস্তু ভূয়সীং বৃদ্ধিং নভস্যে তা ইবায়য়ুঃ|| ১৭-৪১||
যি বাক্য তেওঁ কৈছিল সেয়া ব্যৰ্থ কদাপি নহৈছিল,
যি দান তেওঁ কৰিছিল তাক ঘূৰাই কেতিয়াও নলৈছিল ।
পিছে শত্ৰুৰ লগত নিজৰ এই নীতি তেওঁ কৰিছিল ভংগ,
পৰাজিত ৰজাক তেওঁ কৰিছিল পুনৰ সিংহাসনত প্ৰতিষ্ঠিত ।
যদুবাচ ন তন্মিথ্যা যদ্দদৌ ন জহাৰ তৎ |
সোঽভূদ্ভগ্নব্ৰতঃ শত্ৰূনুদ্ধৃত্য প্ৰতিৰোপয়ন্|| ১৭-৪২||
যৌৱন, সৌন্দৰ্য আৰু সম্পদে সকলোকে কৰিব পাৰে মত্ত,
কিন্তু সকলো থাকিও অতিথিৰ মন নাছিল গৰ্বিত ।
বয়োৰূপবিভূতীনামেকৈকং মদকাৰণম্ |
তানি তস্মিন্সমস্তানি ন তস্যোৎসিচিষে মনঃ|| ১৭-৪৩||
এনেদৰেই প্ৰজাই মৰম সিঁচিলে তেওঁক দিনে প্ৰতিদিনে,
নবীন হ’লেও দৃঢ়মূল হ’ল দ লৈ শিপোৱা বৃক্ষৰ দৰে ।
ইত্থং জনিতৰাগাসু প্ৰকৃতিষ্বনুবাসৰম্ |
অক্ষোভ্যঃ স নবোঽপ্যাসীদ্দৃঢমূল ইব দ্ৰুমঃ|| ১৭-৪৪||
বাহ্যিক শতৰু সদায় অনিত্য যিহেতু দূৰত থাকে,
তেওঁ জিনিলে অভ্যন্তৰত থকা ছয় ৰিপুক প্ৰথমে ।
অনিত্যাঃ শত্ৰবো বাহ্যা বিপ্ৰকৃষ্টাশ্চ তে যতঃ |
অতঃ সোঽভ্যন্তৰান্নিত্যাঞ্ষট্পূৰ্বমজয়দ্ৰিপূন্|| ১৭-৪৫||
লক্ষ্মী স্বভাৱতে চঞ্চল যদিও প্ৰসন্নবদন অতিথিৰ লগত,
স্থিৰ হৈ ৰ’ল সোণৰ ৰেখাৰ দৰে কষটি-শিলাত ।
প্ৰসাদাভিমুখে তস্মিংশ্চপলাপি স্বভাবতঃ |
নিকষে হেমৰেখেব শ্ৰীৰাসীদনপায়িনী|| ১৭-৪৬||
কেৱল নীতিনিৰ্মাণ কাতৰতাৰ লক্ষণ,
কেৱল শৌৰ্যৰ প্ৰয়োগ পশু-প্ৰবৃত্তিৰহে সূচক।
সেয়ে তেওঁ ঘটাইছিল উভয়ৰে সামঞ্জস্য কৰিবলৈ সিদ্ধিলাভ।
কাতৰ্যং কেবলা নীতিঃ শৌৰ্যং শ্বাপদচেষ্টিতম্ |
অতঃ সিদ্ধিং সমেতাভ্যামুভাভ্যামন্বিয়েষ সঃ|| ১৭-৪৭||
যিদৰে সূৰ্যৰ ৰশ্মিত সকলো জিলিকে মেঘশূন্য আকাশত ,
গুপ্তচৰৰ নিযুক্তিৰে ৰাজ্যৰ কোনো কথাই নাছিল অজ্ঞাত ।
ন তস্য মণ্ডলে ৰাজ্ঞো ন্যস্তপ্ৰণিধিদীধিতেঃ |
অদৃষ্টমভবৎকিংচিদ্ব্যভ্ৰস্যেব বিবস্বতঃ|| ১৭-৪৮||
কৰিছিল ৰাতি আৰু দিনৰ নিৰ্দিষ্ট সময় বিভাজন,
তাত ৰজাৰ বাবে আছিল যি কৰ্তব্য নিৰ্ধাৰণ,
অতিথিয়ে কৰিছিল অবিকল্পৰূপে পালন ।
ৰাত্ৰিংদিববিভাগেষু যদাদিষ্টং মহীক্ষিতাম্ |
তৎসিষেবে নিয়োগেন স বিকল্পপৰাঙ্মুখঃ|| ১৭-৪৯||
মন্ত্ৰীমণ্ডলীৰ সৈতে কৰিছিল প্ৰতিদিনে আলোচনা,
গোপনে ৰাখিছিল সকলো মন্ত্ৰণা,
সেই গুপ্তদ্বাৰৰ কোনেও পোৱা নাছিল সূচনা ।
মন্ত্ৰঃ প্ৰতিদিনং তস্য বভূব সহ মন্ত্ৰিভিঃ |
স জাতু সেব্যমানোঽপি গুপ্তদ্বাৰো ন সূচ্যতে|| ১৭-৫০||
যদিও অতিথি সময় মতেই হৈছিল নিদ্ৰিত,
তেওঁ যেন আছিল চিৰজাগ্ৰত,
যিহেতু নিযুক্ত কৰিছিল গুপ্তচৰ
শত্ৰু-মিত্ৰ নিৰ্বিশেষে সকলোৰে অজ্ঞাত ।
পৰেষু স্বেষু চ ক্ষিপ্তৈৰবিজ্ঞাতপৰস্পৰৈঃ |
সোঽপসৰ্পৈৰ্জজাগাৰ যথাকালং স্বপন্নপি|| ১৭-৫১||
যদিও তেওঁ নিজেই আছিল সকলো শত্ৰুৰ বাবে দুৰ্গ,
দুৰ্গসমূহ কৰি ৰাখিছিল অতিকে দুৰ্লঙ্ঘ্য,
যিদৰে সিংহই শয়ন কৰে গিৰিৰ গুহাত,
কদাপি নহয় সহজে নিজে বধিব পৰা হস্তীৰ ভয়ত ।
দুৰ্গাণি দুৰ্গ্ৰহাণ্যাসংস্তস্য ৰোদ্ধুৰপি দ্বিষাম্ |
ন হি সিংহো গজাস্কন্দী ভয়াদ্গিৰিগুহাশয়ঃ|| ১৭-৫২||
শালিধান যেনেকৈ থোকতে ভিতৰি পকে,
তেওঁৰ কল্যাণকামী আঁচনিও আগবাঢ়ে অজ্ঞাতে-নিৰলে,
সফলকাম হ’লেহে সকলোৱে প্ৰত্যক্ষ কৰে ।
ভব্যমুখ্যাঃ সমাৰম্ভাঃ প্ৰত্যবেক্ষ্যানিৰত্যয়াঃ |
গৰ্ভশলিসধৰ্মাণস্তস্য গূঢং বিপেচিৰে|| ১৭-৫৩||
দুৰন্ত অগ্ৰগতিতো হোৱা নাছিল কেতিয়াও পথভ্ৰষ্ট,
জোৱাৰ উঠা সাগৰে যেনেকৈ নদীমুখলৈহে কৰে প্ৰস্থান ।
অপথেন প্ৰববৃতে ন জাতূপচিতোঽপি সঃ |
বৃদ্ধৌ নদীমুখেনৈব প্ৰস্থানং লবণাম্ভসঃ|| ১৭-৫৪||
যদিও আছিল শক্তি দমন কৰিবলৈ অসন্তুষ্টি প্ৰজাৰ ,
নিদিছিল হ’বলৈ সেই কাৰ্য যাৰ কৰিব লাগিব প্ৰতিকাৰ ।
কামং প্ৰকৃতিবৈৰাগ্যং সদ্যঃ শময়িতুং ক্ষমঃ |
যস্য কাৰ্যঃ প্ৰতীকাৰঃ স তন্নৈবোদপাদয়ৎ|| ১৭-৫৫||
যদিও আছিল শক্তিমান সঠিক লক্ষ্যত মাথোঁ কৰিছিল অভিযান ,
যিদৰে অনুকূল হ’লেও বতাহ, দাবানলে নকৰে পানীৰ অন্বেষণ ।
শক্যেষ্বেবাভবদ্যাত্ৰা তস্য শক্তিমতঃ সতঃ |
সমীৰণসহায়োঽপি নাম্ভঃপ্ৰাৰ্থী দবানলঃ|| ১৭-৫৬||
ধৰ্ম, অৰ্থ, কাম তিনি কাৰ্যৰ প্ৰতি সমানে ৰাখিছিল ধ্যান,
অৰ্থসাধনে যাতে নকৰে ক্ষতি কাম আৰু ধৰ্মৰ
অথবা ধৰ্মসাধনে অৰ্থ আৰু কামৰ,
বা কামসাধনে ধৰ্মৰ বা অৰ্থৰ ।
ন ধৰ্মমৰ্থকামাভ্যাং ববাধে ন চ তেন তৌ |
নাৰ্থং কামেন কামং ব সোঽৰ্থেন সদৃশস্ত্ৰিষু|| ১৭-৫৭||
হীনজনৰ পৰা পোৱা নাযায় কোনো উপকাৰ,
শক্তি বাঢ়ি যোৱাজনে কৰে বিৰুদ্ধাচাৰ,
সেয়ে তেওঁ মধ্যমত কৰিছিল মিত্ৰতা স্থাপন ।
হীনান্যনৃপকৰ্ত্ৠণি প্ৰবৃদ্ধানি বিকুৰ্বতে |
তেন মধ্যমশক্তীনি মিত্ৰাণি স্থাপিতান্যতঃ|| ১৭-৫৮||
আপোন শক্তি আৰু পৰৰ শক্তিৰ কৰি তুলনা,
সকলো দিশতে যদি অধিক বলবান বুলি নিজক কৰে বিৱেচনা,
আক্ৰমণ কৰে প্ৰতিপক্ষক, যুদ্ধযাত্ৰা নকৰে অন্যথা ।
পৰাত্মনোঃ পৰিচ্ছিদ্য শক্ত্যাদীনাং বলাবলম্ |
যয়াবেভিৰ্বলিষ্ঠশ্চেৎপৰস্মাদাস্ত সোঽন্যথা|| ১৭-৫৯||
পূৰ্ণ কৰিছিল কোষাগাৰ কৰি অৰ্থ সংগ্ৰহ ,
কিয়নো দিব পাৰি অৰ্থৰে আশ্ৰয় দুৰ্গতক,
চাতক পখীয়ে সৰ্বদা অভিনন্দন জনায় জলপূৰ্ণ মেঘক ।
কোশেনাশ্ৰয়ণীয়ৎবমিতি তস্যাৰ্থসংগ্ৰহঃ |
অম্বুগৰ্ভো হি জীমূতশ্চাতকৈৰভিনন্দ্যতে|| ১৭-৬০||
নিজৰ কৰ্ম কৰিয়েই শতৰুৰ কৰিছিল কৰ্মনাশ,
ছিদ্ৰ চাই শত্ৰুক আঘাত কৰিয়েই কৰিছিল নিজ ছিদ্ৰ আবৃত ।
পৰকৰ্মাপহঃ সোঽভূদুদ্যুতঃ স্বেষু কৰ্মসু |
আবৃণোদাত্মনো ৰন্ধ্ৰং ৰন্ধ্ৰেষু প্ৰহৰন্ৰিপূন্|| ১৭-৬১||
পিতাই সংবৰ্ধিত কৰা যুদ্ধকুশল সুশিক্ষিত সেনাবাহিনীক
সেৱা কৰিছিল তেওঁ নিজ দেহৰ পৰা পৃথক নাভাবি।
পিত্ৰা সংবৰ্ধিতো নিত্যং কৃতাস্ত্ৰঃ সাংপৰায়িকঃ |
তস্য দণ্ডবতো দণ্ডঃ স্বদেহান্ন ব্যশিষ্যত|| ১৭-৬২||
সৰ্পৰ শিৰৰ মণিৰ দৰে ৰজাৰ ত্ৰিশক্তি
তেওঁৰ পৰা হৰিব নোৱাৰিছিল শত্ৰুৱে,
পিছে অয়স্কান্ত মণিৰ চুম্বকে লো কৰাৰ দৰে আকৰ্ষণ,
শত্ৰুৰ ত্ৰিশক্তি তেওঁ কৰিছিল আহৰণ ।
সৰ্পস্যেব শিৰোৰত্নং নাস্য শক্তিত্ৰয়ং পৰঃ |
স চকৰ্ষ পৰস্মাত্তদয়স্কান্ত ইবায়সম্|| ১৭-৬৩||
ৰাজ্যত বণিক, নাৰী আৰু অন্যান্যসৱে নিশ্চিন্ত মনে,
বিচৰণ কৰিছিল নদীত বাৰীৰ পুখুৰীৰ দৰে,
অৰণ্যত উপবনৰ দৰে আৰু
পৰ্বতে-পাহাৰে নিজ ঘৰৰ দৰে ।
বাপীষ্বিব স্ৰবন্তীষু বনেষূপবনেষ্বিব |
সাৰ্থাঃ স্বৈৰং স্বকীয়েষু চেৰুৰ্বেশ্মস্বিবাদ্ৰিষু|| ১৭-৬৪||
তপস্যা ৰক্ষা কৰিছিল ৰাক্ষসৰ পৰা,
সম্পদ ৰক্ষা কৰিছিল দস্যুৰ পৰা,
সেয়ে তেওঁ ৰাজহৰ লগতে আছিল ভাগীদাৰ,
বৰ্ণধৰ্ম আৰু আশ্ৰমধৰ্মৰো এক ষষ্ঠাংশৰ ।
(এক ষষ্ঠাংশ কৰ পৰম্পৰাগতভাৱে ৰজাই সংগ্ৰহ কৰিছিল)
তপো ৰক্ষন্স বিঘ্নেভ্যস্তস্কৰেভ্যশ্চ সংপদঃ |
যথাস্বমাশ্ৰমৈশ্চক্ৰে বৰ্ণৈৰপি ষডংশভাক্|| ১৭-৬৫||
ভূমিয়ে ৰক্ষকৰ বেতন স্বৰূপে কৰিছিল দান অতিথিক,
খনিৰ পৰা ৰত্ন, খেতিৰ পৰা শস্য আৰু অৰণ্যৰ পৰা হস্তী ।
খনিভিঃ সুষুবে ৰত্নং ক্ষেত্ৰৈঃ সস্যং বনৈৰ্গজান্ |
দিদেশ বেতনং তস্মৈ ৰক্ষাসদৃশমেব ভূঃ|| ১৭-৬৬||
ষড়মুখৰ বিক্ৰমী কাৰ্তিকৰ দৰে বলশালী অতিথি,
ষড়গুণ-ষড়শক্তিৰ প্ৰয়োগত নিপুণ, কাৰ্যত সুসাধনী ।
(ৰজাৰ ষড়শক্তি- মন্ত্ৰী, জমাধন, সন্ধি, প্ৰজা, সেনা আৰু দুৰ্গ)
স গুণানাং বলানাং চ ষণ্ণাং ষণ্মুখবিক্ৰমঃ |
বভূব বিনিয়োগজ্ঞঃ সাধনীয়েষু বস্তুষু|| ১৭-৬৭||
এইদৰে ক্ৰমে চাৰি শাসনৰ নীতিৰ সুপ্ৰয়োগ কৰি,
লাভ কৰিলে অবাধে সকলো ফল ৰাজনীতিৰ ।
(চাৰি শাসন নীতি- সাম-দাম-ভেদ-দণ্ড )
ইতি ক্ৰমাৎপ্ৰয়ুঞ্জানো ৰাজনীতিং চতুৰ্বিধাম্ |
আ তীৰ্থাদপ্ৰতীঘাতং স তস্যাঃ ফলমানশে|| ১৭-৬৮||
কূটযুদ্ধ জানিলেও তেওঁ ধৰ্মমাৰ্গেৰে কৰিছিল যুদ্ধ,
সেয়ে বীৰৰ অনুৰাগী বিজয়লক্ষ্মী
অভিসাৰিকাৰ দৰে হৈছিল তেওঁৰ অনুগামিনী ।
কূটয়ুদ্ধবিধিজ্ঞেঽপি তস্মিন্সন্মাৰ্গয়োধিনি |
ভেজেঽভিসাৰিকাবৃত্তিং জয়শ্ৰীৰ্বীৰগামিনী|| ১৭-৬৯||
ভাগি পৰিল সকলো শত্ৰু তেওঁৰ অখণ্ড প্ৰতাপত
সেয়ে যুদ্ধ-বিগ্ৰহ হ’ল তেওঁৰ বাবে দুৰ্লভ,
হস্তীৰ দল দূৰতে পলায় যিদৰে গজৰাজৰ মদগন্ধত ।
প্ৰায়ঃ প্ৰতাপভগ্নৎবাদৰীণাং তস্য দুৰ্লভঃ |
ৰণো গন্ধদ্বিপস্যেব গন্ধভিন্নান্যদন্তিনঃ|| ১৭-৭০||
কলা কলাকৈ বঢ়াৰ পাছত চন্দ্ৰও ক্ষয় যায়,
সমুদ্ৰও ওফন্দি উঠি পুনৰ হ্ৰাস পায়,
অতিথি বৰ্ধিত হ’ল কেৱল,
সেই বৃদ্ধি কেতিয়াও নগ’ল ক্ষয় ।
প্ৰবৃদ্ধৌ হ্ৰীয়তে চন্দ্ৰঃ সমুদ্ৰোঽপি তথাবিধঃ |
স তু তৎসমবৃদ্ধিশ্চ ন চাভূত্তাবিব ক্ষয়ী|| ১৭-৭১||
জলৰ বাবে সাগৰৰ কাষ চাপি যিদৰে,
মেঘ হ’ব পাৰে জলদাতা পৃথিৱীৰ,
দৰিদ্ৰ বিদ্বানজন যদি আহি হয় দানপ্ৰাৰ্থী,
মহান ৰজাৰ অপাৰ দানত নিজেও হয় দান কৰিবলৈ সমৰ্থ ।
সন্তস্তস্যাভিগমনাদত্যৰ্থং মহতঃ কৃশাঃ |
উদধেৰিব জীমূতাঃ প্ৰাপুৰ্দাতৃৎবমৰ্থিনঃ|| ১৭-৭২||
প্ৰশংসা কৰিব লগা কথাত প্ৰশংসিত হ’লেও তেওঁ হৈছিল লজ্জিত,
স্তাৱকসকলৰ গুণ-গানৰ আছিল তেওঁ বিৰোধী,
তথাপি নিৰন্তৰ হৈছিল তেওঁৰ যশোৰাশি বৃদ্ধি ।
স্তূয়মানঃ স জিহ্ৰায় স্তুত্যমেব সমাচৰন্ |
তথাপি ববৃধে তস্য তৎকাৰিদ্বেষিণো যশঃ|| ১৭-৭৩||
দৰ্শনতেই পাপ নাশ কৰে তেওঁ যেন উদিত সূৰ্য,
অজ্ঞানতাৰ আন্ধাৰৰ পৰা প্ৰজাক কৰিছিল মুক্ত।
দুৰিতং দৰ্শনেন ঘ্নংস্তত্ত্বাৰ্থেন নুদংস্তমঃ |
প্ৰজাঃ স্বতন্ত্ৰয়াংচক্ৰে শশ্বৎসূৰ্য ইবোদিতঃ|| ১৭-৭৪||
জোনৰ পোহৰ নোসোমায় পদুমৰ পাহিত,
সূৰ্যৰ কিৰণত ভেঁটফুলৰ স্থান নাই,
কিন্তু অতিথিৰ গুণে বিপক্ষৰ মাজতো শিপায় ।
ইন্দোৰগতয়ঃ পদ্মে সূৰ্যস্য কুমুদেংঽশবঃ |
গুণাস্তস্য বিপক্ষেঽপি গুণিনো লেভিৰেঽন্তৰম্|| ১৭-৭৫||
এনেয়ে অন্যদেশ আক্ৰমণ হৈছে নিন্দাৰ কাৰণ,
অশ্বমেধ যজ্ঞ পাতি জয়-অভিলাষী অতিথিয়ে কৰিলে দ্বিগ্বিজয়
সেয়ে এই আক্ৰমণত হ’ল ধৰ্মৰ পালন ।
পৰাভিসংধানপৰং যদ্যপ্যস্য বিচেষ্টিতম্ |
জিগীষোৰশ্বমেধায় ধৰ্ম্যমেব বভূব তৎ|| ১৭-৭৬||
এনেদৰেই শাস্ত্ৰই নিৰ্দিষ্ট কৰা পথেৰে গৈ সমৃদ্ধি কৰিলে লাভ,
ইন্দ্ৰ যিদৰে দেৱগণৰ ৰজা, তেওঁ হ’ল মৰ্ত্যৰ ৰজাৰ ৰাজাধিৰাজ।
এবমুদ্যন্প্ৰভাবেণ শাস্ত্ৰনিৰ্দিষ্টবৰ্ত্মনা |
বৃষেব দেবো দেবানাং ৰাজ্ঞাং ৰাজা বভূব সঃ|| ১৭-৭৭||
সকলো প্ৰজাৰ বাবে অতিথি আছিল-
ৰাজশাসনত চাৰিলোক পালকৰ পঞ্চম,
পঞ্চভূতৰ যেন ষষ্ঠ আছিল তেওঁ,
সপ্ত গিৰিবৰৰ যেন আছিল তেওঁ অষ্টম।
(চাৰি লোকপাল- ইন্দ্ৰ, যম,বৰুণ, কুবেৰ
পঞ্চভূত- মাটি, পানী, পোহৰ, আকাশ, বায়ু
সপ্তগিৰি- মহেন্দ্ৰ, সহ্য, মালয়, ঋক্ষ, শক্তিমান,বিন্ধ্যাচল,পৰিপাত্ৰ )
পঞ্চমং লোকপালানাং তমূচুঃ সাম্যয়োগতঃ |
ভূতানাং মহতাং ষষ্ঠমষ্টমং কুলভূভৃতাম্|| ১৭-৭৮||
ইন্দ্ৰৰ আদেশ দেৱগণে কৰাৰ দৰে শিৰোধাৰ্য,
মানিছিল দূৰণিৰ ৰজাই তেওঁ পঠোৱা আজ্ঞাপত্ৰ
ৰাজচ্ছত্ৰ সকলোৱে কৰি অৱনত ।
দূৰাপবৰ্জিতচ্ছত্ৰৈস্তস্যাজ্ঞাং শাসনাৰ্পিতাম্ |
দধুঃ শিৰোভিৰ্ভূপালা দেবাঃ পৌৰংদৰীমিব|| ১৭-৭৯||
মহাযজ্ঞত যাজ্ঞিক ব্ৰাহ্মণক দক্ষিণা দিছিল প্ৰভূত পৰিমাণ,
তেওঁৰ সৈতে সমভাৱে সাধাৰণীকৰণ হ’ল কুবেৰৰ নাম ।
ঋৎবিজঃ স তথানৰ্চ দক্ষিণাভিৰ্মহাক্ৰতৌ |
যথা সাধাৰণীভূতং নামাস্য ধনদস্য চ|| ১৭-৮০||
ইন্দ্ৰই দিছিল তেওঁক বৰষুণ,
যমে কৰিছিল মহামাৰী নিয়ন্ত্ৰণ,
বৰুণে ৰাখিছিল নৌচালনাৰ জলপথ নিৰাপদ,
পূৰ্বজৰ মহিমা জনা কুবেৰে বৃদ্ধি কৰিছিল ৰাজকোষ ।
এনেদৰেই লোকপালসকলে কৰিলে শৰণাগতৰ দৰে আচৰণ ।
ইন্দ্ৰাদ্বৃষ্টিৰ্নিয়মিতগদোদ্ৰেকবৃত্তিৰ্যমোঽভূ-
দ্যাদোনাথঃ শিবজলপথঃ কৰ্মণে নৌচৰাণাম্ |
পূৰ্বাপেক্ষী তদনু বিদধে কোষবৃদ্ধিং কুবেৰ-
স্তস্মিন্দণ্ডোপনতচৰিতং ভেজিৰে লোকপালাঃ|| ১৭-৮১||
(সপ্তদশ অধ্যায় সমাপ্ত)
|| অষ্টাদশ আধ্যায় ||
নৈষধৰাজ অৰ্থপতিৰ কন্যাৰ গৰ্ভত,
শত্ৰুদমনকাৰী অতিথিৰ এটি পুত্ৰৰ জন্ম হ’ল
নিষধ গিৰিৰ দৰে দৃঢ় শক্তিশালী শিশুটিৰ নাম থ’লে নিষধ ।
স নৈষধস্যাৰ্থপতেঃ সুতায়ামুৎপাদয়ামাস নিষিদ্ধশত্ৰুঃ |
অনূনসাৰং নিষধান্নগেন্দ্ৰাৎপুত্ৰং যমাহুৰ্নিষধাখ্যমেব || ১৮-১||
পৰম পৰাক্ৰমী বীৰ নিষধ যৌৱনপ্ৰাপ্ত হ’ল,
ভৱিষ্যতে কৰিব প্ৰজাৰ মংগলসাধন,
তাকে কল্পনা কৰি পিতা সুখী হ’ল ।
বৰষুণত শস্য ফলে-ফুলে হ’লে জাতিষ্কাৰ
যিদৰে সুখী হয় জীৱজগত ।
তেনোনুবীৰ্যেণ পিতা প্ৰজায়ৈ কল্পিষ্যমাণেন ননন্দ যূনা |
সুবৃষ্টিয়োগাদিব জীবলোকঃ সস্যেন সংপত্তিফলোন্মুখেন || ১৮-২||
কুমুদ্বতী পিতাকে শব্দ নিৰ্বিশেষে সকলো সুখ উপভোগ কৰি দীৰ্ঘদিন,
পুত্ৰক কৰিলে অৰ্পণ ৰাজ্যৰ শাসনভাৰ ।
চন্দ্ৰৰ পোহৰৰ দৰে নিৰ্মল কৰ্মফলেৰে স্বৰ্গলোকত কৰিলে আৰোহণ ।
শব্দাদি নিৰ্বিশ্য সুখং চিৰায় তস্মিন্প্ৰতিষ্ঠাপিতৰাজশব্দঃ |
কৌমুদ্বতেয়ঃ কুমুদাবদাতৈৰ্দ্যামৰ্জিতাং কৰ্মভিৰাৰুৰোহ || ১৮-৩||
কুশৰ নাতি শতপত্ৰৰ দৰে নেত্ৰৰ, সাগৰৰ দৰে ধীৰ চিত্তৰ নিষদ,
অপ্ৰতিহত বীৰ, যাৰ বিশাল বাহুযুগল আছিল নগৰৰ দ্বাৰৰ অৰ্গল সদৃশ,
এই সসাগৰা ধৰণীৰ একছত্ৰ অধিপতি হ’ল ।
পৌত্ৰঃ কুশস্যাপি কুশেশয়াক্ষঃ সসাগৰাং সাগৰধীৰচেতাঃ |
একাতপত্ৰাং ভুবমেকবীৰঃ পুৰাৰ্গলাদীৰ্ঘভুজো বুভোজ || ১৮-৪||
তেওঁৰ পুত্ৰৰ নাম আছিল নল,
অগ্নিৰ দৰে তেজস্বী, পদ্মৰ দৰে বদন ।
পিতৃৰ পৰলোকৰ পাছত লাভ কৰিলে ৰাজলক্ষ্মী,
মৰ্দন কৰিলে শত্ৰু যেন হস্তীয়ে নল পেলালে মোহাৰি।
তস্যানলৌজাস্তনয়স্তদন্তে বংশশ্ৰিয়ং প্ৰাপ নলাভিধানঃ |
যো নড্বলানীব গজঃ পৰেষাং বলান্যমৃদ্গান্নলিনাভবক্ত্ৰঃ || ১৮-৫||
নলৰ এটি পুত্ৰ হ’ল নভ নামে,
যাৰ গুণ-গান কৰিছিল গন্ধৰ্বসকলে ।
আকাশৰ দৰে শ্যামল আছিল তেওঁৰ বৰণ,
মনোহৰণকাৰী বৰ্ষাৰ দৰে প্ৰিয় আছিল প্ৰজাৰ।
নভশ্চৰৈৰ্গীতয়শাঃ স লেভে নভস্তলশ্যামতনুং তনূজম্ |
খ্যাতং নভঃশব্দময়েন নাম্না কান্তং নভোমাসমিব প্ৰজানাম্ || ১৮-৬||
পৰমধাৰ্মিক নলে উত্তৰ কোশলৰ ৰাজ্যভাৰ সঁপি বীৰ পুত্ৰক,
আসন্ন বাৰ্ধক্যৰ কথা চিন্তি,
সংসাৰ নিবৃত্তি বিচাৰি বনৰ মৃগৰ ল’লে সংগ ।
তস্মৈ বিসৃজ্যোত্তৰকোসলানাং ধৰ্মোত্তৰস্তৎপ্ৰভবে প্ৰভুৎবম্ |
মৃগৈৰজৰ্যং জৰসোপদিষ্টমদেহবন্ধায় পুনৰ্ববন্ধ || ১৮-৭||
হস্তীৰ শ্ৰেষ্ঠ পুণ্ডৰীকৰ দৰে
নভৰ এক অজেয় পুত্ৰ উপজিল পুণ্ডৰীক নামে ।
পিতাৰ মৃত্যুৰ পাছত ৰাজলক্ষ্মীয়ে,
শ্বেতকমলধাৰিণী লক্ষ্মীয়ে পুন্দৰীকাক্ষক
বৰণ কৰাৰ দৰে তেওঁক বৰণ কৰিলে ।
তেন দ্বিপানামিব পুণ্ডৰীকো ৰাজ্ঞামজয়্যোঽজনি পুণ্ডৰীকঃ |
শান্তে পিতৰ্যাহৃতপুণ্ডৰীকা যং পুণ্ডৰীকাক্ষমিব শ্ৰিতা শ্ৰীঃ || ১৮-৮||
প্ৰজাৰ মংগলসাধক আৰু ক্ষমাগুণেৰে দক্ষ
অব্যৰ্থ ধনুৰ্ধৰ পুন্দৰীকৰ পুত্ৰ ক্ষেমধন্বা ।
ক্ষেমধন্বাক পৃথিৱীৰ অধিপতি পাতি,
পুন্দৰীকে বনলৈ গৈ কৰিলে তপস্যা ।
স ক্ষেমধন্বানমমোঘধন্বা পুত্ৰং প্ৰজাক্ষেমবিধানদক্ষম্ |
ক্ষ্মাং লম্ভয়িৎবা ক্ষময়োপপন্নং বনে তপঃ ক্ষান্ততৰশ্চচাৰ || ১৮-৯||
ক্ষেমধন্বাৰ জন্মিল যুঁজত অগ্ৰগামী দেৱোপম এটি পুত্ৰ,
দেৱানিক নাম তেওঁৰ খ্যাতি তেওঁৰ দেৱালোকলৈ ব্যাপ্ত ।
অনীকিনীনাং সমৰেঽগ্ৰয়ায়ী তস্যাপি দেবপ্ৰতিমঃ সুতোঽভূৎ |
ব্যশ্ৰূয়তানীকপদাবসানং দেবাদি নাম ত্ৰিদিবেঽপি যস্য || ১৮-১০||
পিতৃভক্ত পুত্ৰৰ সেৱাত পিতা হ’ল প্ৰকৃততে পুত্ৰৱান,
পুত্ৰবৎসল পিতাৰ যত্নত পুত্ৰও হ’ল পিতৃমানেৰে কৃতাৰ্থ ।
পিতা সমাৰাধনতৎপৰেণ পুত্ৰেণ পুত্ৰী স যথৈব তেন |
পুত্ৰস্তথৈবাত্মজবৎসলেন স তেন পিত্ৰা পিতৃমান্বভূব || ১৮-১১||
সৰ্বগুণনিধি যজ্ঞকাৰী পিতা ক্ষেমধন্বাই দীৰ্ঘকাল চতুৰ্বৰ্ণ কৰিলে পালন,
তাৰ পাছত সমগুণী পুত্ৰক ৰাজ্যভাৰ দি কুলপ্ৰথামতে স্বৰ্গলৈ কৰিলে গমন ।
পূৰ্বস্তয়োৰাত্মসমে চিৰোঢামাত্মোভবে বৰ্ণচতুষ্টয়স্য |
ধুৰং নিধায়ৈকনিধিৰ্গুণানাং জগাম যজ্বা যজমানলোকম্ || ১৮-১২||
তেওঁৰ পুত্ৰও সংযমী আৰু বিনয়ী আছিল,
তেওঁৰ মধুৰ বচনে শত্ৰু-মিত্ৰ সকলোকে মুহিছিল ।
ভয়ত আতুৰ মৃগকো যেনেকৈ মধুৰ শব্দই বশীভূত কৰে ।
বশী সুতস্তস্য বশংবদৎবাৎস্বেষামিবাসীদ্বিষতামপীষ্টঃ |
সকৃদ্বিবিগ্নানপি হি প্ৰয়ুক্তং মাধুৰ্যমীষ্টে হৰিণান্গ্ৰহীতুম্ || ১৮-১৩||
নাম আছিল তেওঁৰ অহীনুগ, বাহুবলত নাছিল কম,
যৌৱনকালতো কৰিছিল ত্যাগ অনৰ্থকাৰী ব্যসন,
সমগ্ৰ পৃথিৱী কৰিলে তেওঁ শাসন ।
(দহপ্ৰকাৰ ব্যসন- মৃগয়া, দিবানিদ্ৰা, পৰনিন্দা, মদ, বেশ্যা, নৃত্য, গীত, ক্ৰীড়া, বৃথাভ্ৰমণ )
অহীনগুৰ্নাম স গাং সমগ্ৰামহীনবাহুদ্ৰবিণঃ শশাস |
যো হীনসংসৰ্গপৰাঙ্মুখৎবাদ্যুবাপ্যনৰ্থৈৰ্ব্যসনৈৰ্বিহীনঃ || ১৮-১৪||
চতুৰ শাসক আৰু মানুহৰ প্ৰকৃতি বিশেষজ্ঞ,
পিতাৰ পাছত পৃথিৱীত হৈ অৱতীৰ্ণ,
পূৰ্বপুৰুষ ৰামৰ দৰেই চাৰিদিশৰ অধিপতি হ’ল,
প্ৰয়োগ কৰি চাৰি উপায় সাম,দাম, ভেদ আৰু দণ্ড ।
গুৰোঃ স চানন্তৰমন্তৰজ্ঞঃ পুংসাং পুমানাদ্য ইবাবতীৰ্ণঃ |
উপক্ৰমৈৰস্খলিতৈশ্চতুৰ্ভিশ্চতুৰ্দিগীশশ্চতুৰো বভূব || ১৮-১৫||
শত্ৰুবিজয়ী তেওঁ হ’ল পৰলোকগামী,
যাৰ মহানতা আৰু উচ্চশিৰত পৰিয়াত্ৰ পৰ্বতো পৰাজিত,
তেওঁৰ সেই পুত্ৰ পৰিয়াত্ৰই গ্ৰহণ কৰিলে ৰাজশ্ৰী ।
তস্মিন্প্ৰয়াতে পৰলোকয়াত্ৰাং জেতৰ্যৰীণাং তনয়ং তদীয়ম্ |
উচ্চৈঃশিৰস্ত্বাজ্জিতপাৰিয়াত্ৰং লক্ষ্মীঃ সিষেবে কিল পাৰিয়াত্ৰম্ || ১৮-১৬||
তেওঁৰ তনয় শীল উদাৰ চৰিত্ৰৰ,
আছিল শিলৰ পাটৰ দৰে বহল বক্ষৰ।
অব্যৰ্থ বাণেৰে কৰা শত্ৰুজয়ৰ বাবে প্ৰশংসা কৰিলে,
শালীনতাৰ বাবে হৈছিল লজ্জাত সংকুচিত ।
তস্যাভবৎসূনুৰুদাৰশীলঃ শিলঃ শিলাপট্টবিশালবক্ষাঃ |
জিতাৰিপক্ষোঽপি শিলীমুখৈৰ্যঃ শালীনতামব্ৰজদীড্যমানঃ || ১৮-১৭||
সকলোৰে প্ৰশংসাপ্ৰাপ্ত পাৰিয়াত্ৰই আত্মসংযমী যুবক শীলক পাতি যুৱৰাজ,
উপভোগ কৰিলে সুখ-ভোগ ,অন্যথাই ৰজা কৰ্মত বন্দী নাই সুখৰ অৱকাশ ।
তমাত্মসংপন্নমনিন্দিতাত্মা কৃৎবা যুবানং যুবৰাজমেব |
সুখানি সোঽভুঙ্ক্ত সুখোপৰোধি বৃত্তং হি ৰাজ্ঞামুপৰুদ্ধবৃত্তম্ || ১৮-১৮||
ৰতি-বিলাসিনী নাৰীৰ সৌভাগ্যলভ্য সম্ভোগৰ পাত্ৰ পাৰিয়াত্ৰ,
তেতিয়াও নহ’ল ভোগ-বিলাসত পৰিতৃপ্ত ।
অকাৰণতে ৰতিৰ প্ৰতি ঈৰ্ষাপৰায়ণ জৰাই আনিলে বাৰ্ধক্য ।
তং ৰাগবন্ধিষ্ববিতৃপ্তমেব ভোগেষু সৌভাগ্যবিশেষভোগ্যম্ |
বিলাসিনীনামৰতিক্ষমাঽপি জৰা বৃথা মৎসৰিণী জহাৰ || ১৮-১৯||
অতি সুগভীৰ নাভিৰ উন্নাভ আছিল শীলৰ পুত্ৰ,
সকলো বিষয়তে তেওঁ আছিল পদ্মনাভ বিষ্ণুৰ সমকক্ষ।
ৰাজন্যমণ্ডলৰ নাভি যেন তেওঁৱেই প্ৰধান কেন্দ্ৰ ।
উন্নাভ ইত্যুদ্গতনামধেয়স্তস্যায়থাৰ্থোন্নতনাভিৰন্ধ্ৰঃ |
সুতোঽভবৎপঙ্কজনাভকল্পঃ কৃৎস্নস্য নাভিৰ্নৃপমণ্ডলস্য || ১৮-২০||
ইয়াৰ পাছত বজ্ৰধৰ ইন্দ্ৰসম শক্তিমান,বজ্ৰৰ দৰে কণ্ঠ যাৰ ,
উন্নাভৰ পুত্ৰ বজ্ৰনাভ হ’ল অধিপতি, বজ্ৰমণিৰ খনিৰে পূৰ্ণ বসুমতীৰ ।
ততঃ পৰং বজ্ৰধৰপ্ৰভাবস্তদাত্মজঃ সংযতি বজ্ৰঘোষঃ |
বভূব বজ্ৰাকৰভূষণায়াঃ পতিঃ পৃথিব্যাঃ কিল বজ্ৰণাভঃ || ১৮-২১||
নিজ পুণ্যফলেৰে যেতিয়া বজ্ৰনাভ হ’ল স্বৰ্গগামী,
খনিজ ৰত্নৰে ভৰা সসাগৰা পৃথিৱী
তেওঁৰ পুত্ৰ শংখণৰ সেৱাত হ’ল ব্ৰতী ।
তস্মিন্গতে দ্যাং সুকৃতোপলব্ধাং তৎসংভবং শঙ্খণমৰ্ণবান্তা |
উৎখাতশত্ৰুং বসুধোপতস্থে ৰত্নোপহাৰৈৰুদিতৈঃ খনিভ্যঃ || ১৮-২২||
শংখণৰ দেহাৱসানত হৰিৎ অশ্বৰ ৰথাৰোহী সূৰ্যসম,
অশ্বিনী কুমাৰৰ দৰে সৌন্দৰ্যসম্পন্ন পুত্ৰ উঠিল সিংহাসনত ।
সমুদ্ৰ তীৰত কৰিছিল বাবে সেনা আৰু অশ্ব প্ৰবিষ্ট,
পুৰাতত্বজ্ঞসকলে নাম থৈছিল তেওঁৰ ব্যুষিতাশ্ব ।
তস্যাবসানে হৰিদশ্বধামা পিত্ৰ্যং প্ৰপেদে পদমশ্বিৰূপঃ |
বেলাতটেষূষিতসৈনিকাশ্বং পুৰাবিদো যং ব্যুষিতাশ্বমাহুঃ || ১৮-২৩||
ব্যুষিতাশ্বই লাভ কৰিলে নিজ আত্মাসম এক পুত্ৰ,
আৰাধনা কৰি বিশ্বেশ্বৰৰ,
বিশ্বসহ নাম তেওঁৰ পৰম বন্ধু বিশ্বৰ,
ৰক্ষাকৰ্তা সমগ্ৰ বিশ্বৰ ।
আৰাধ্য বিশ্বেশ্বৰমীশ্বৰেণ তেন ক্ষিতেৰ্বিশ্বসহো বিজজ্ঞে |
পাতুং সহো বিশ্বসখঃ সমগ্ৰাং বিশ্বংভৰামাত্মজমূৰ্তিৰাত্মা || ১৮-২৪||
সেই নীতিজ্ঞ ৰজাৰ হ’ল হিৰণ্যাক্ষ-শত্ৰু বিষ্ণুৰ অংশস্বৰূপ এক পুত্ৰ,
নাম হিৰণ্যাভ, শত্ৰুৰ বাবে যি নীলগছত বতাহে লগোৱা জুইৰ দৰে অসহ্য ।
অংশে হিৰণ্যাক্ষৰিপোঃ স জাতে হিৰণ্যনাভে তনয়ে নয়জ্ঞঃ |
দ্বিষামসহ্যঃ সুতৰাং তৰূণাং হিৰণ্যৰেতা ইব সানিলোঽভূৎ || ১৮-২৫||
পিতৃঋণমুক্ত পিতাই পৰিণত বয়সত সন্ধান কৰিলে অমল সুখৰ,
আজানুলম্বিত পুত্ৰক ৰাজ্যভাৰ দি বনবাসী হৈ পৰিধান কৰিলে বল্কল ।
পিতা পিৎৠণামনৃণস্তমন্তে বয়স্যনন্তানি সুখানি লিপ্সুঃ |
ৰাজানমাজানুবিলম্বিবাহুং কৃৎবা কৃতী বল্কলবান্বভূব || ১৮-২৬||
সূৰ্যবংশৰ ভূষণ, উত্তৰ কোশলৰ অধিপতি সোমৰসপায়ী হিৰণ্যাভৰ,
জন্ম হ’ল দ্বিতীয় চন্দ্ৰৰ দৰে নয়নৰ সুখ সুন্দৰ কৌসল্য নামে পুত্ৰৰ ।
কৌসল্য ইত্ত্যুত্তৰকোসলানাং পত্যুঃ পতঙ্গান্বয়ভূষণস্য |
তস্যৌৰসঃ সোমসুতঃ সুতোঽভূন্নেত্ৰোৎসবঃ সোম ইব দ্বিতীয়ঃ || ১৮-২৭||
বেদজ্ঞ পবিত্ৰপ্ৰাণ কৌসল্যৰ নাম ব্ৰহ্মাৰ সভালৈকে হ’ল বিস্তৃত ,
অন্তত গ’ল ব্ৰহ্মলোকলৈ ব্ৰহ্মিষ্ঠ নামৰ পুত্ৰক ৰাজ্যভাৰ কৰি ন্যস্ত ।
যশোভিৰাব্ৰহ্মসভং প্ৰকাশঃ স ব্ৰহ্মভূয়ং গতিমাজগাম |
ব্ৰহ্মিষ্ঠমাধায় নিজেঽধিকাৰে ব্ৰহ্মিষ্ঠমেব স্বতনুপ্ৰসূতম্ || ১৮-২৮||
সুপুত্ৰৰ পিতা বংশৰ অলংকাৰস্বৰূপ ব্ৰহ্মিষ্ঠই
উত্তম ৰাজনীতিৰে শাসন কৰিলে পৃথিৱীক বহুদিন ধৰি,
সুখী জনসাধাৰণৰ চকু আছিল আনন্দাশ্ৰুৰে ভৰি ।
তস্মিন্কুলাপীডনিভে বিপীডং সম্যঙ্মহীং শাসতি শাসনাঙ্কাম্ |
প্ৰজাশ্চিৰং সুপ্ৰজসি প্ৰজেশে ননন্দুৰানন্দজলাবিলাক্ষ্যঃ || ১৮-২৯||
গুৰুজনৰ সেৱা কৰি কৃতাৰ্থ,
আকৃতিত সাইলাখ বিষ্ণু গৰুড়ধ্বজ,
সুদৰ্শন, পদ্মনেত্ৰ ‘পুত্ৰ’ নামৰ তনয়ে
তেওঁক সুপুত্ৰৱানৰ মাজত কৰিলে অগ্ৰগণ্য।
পাত্ৰীকৃতাত্মা গুৰুসেবনেন স্পষ্টাকৃতিঃ পত্ৰৰথেন্দ্ৰকেতোঃ |
তং পুত্ৰিণাং পুষ্কৰপত্ৰনেত্ৰঃ পুত্ৰঃ সমাৰোপয়দগ্ৰসংখ্যাম্ || ১৮-৩০||
বংশৰক্ষাৰ ভাৰ বংশধৰ পুত্ৰক কৰি অৰ্পণ,
ইন্দ্ৰৰ সখা হ’বলৈ কৰি বাসনা, বিষয়সুখত হৈ নিস্পৃহ,
ত্ৰিপুষ্কৰ তীৰ্থত পুণ্যস্নান কৰি লাভ কৰিলে অমৰত্ব ।
বংশস্থিতিং বংশকৰেণ তেন সংভাব্য ভাবী স সখা মঘোনঃ |
উপস্পৃশন্স্পৰ্শনিবৃত্তলৌল্যস্ত্ৰিপুষ্কৰেষু ত্ৰিদশৎবমাপ || ১৮-৩১||
পুত্ৰৰ পত্নীয়ে জন্ম দিলে এক সন্তান পুষ্যনক্ষত্ৰৰ পূৰ্ণিমাত,
শৰীৰৰ জ্যোতি পদ্মৰাগমণিতকৈও উজ্জ্বল নাম ৰাখিলে পুষ্য ।
জীৱলোক পৰিপূৰ্ণ হ’ল দ্বিতীয় পুষ্যনক্ষত্ৰৰ দৰে তেওঁৰ জন্মত ।
তস্য প্ৰভানিৰ্জিতপুষ্পৰাগং পৌষ্যাং তিথৌ পুষ্যমসূত পত্নী |
তস্মিন্নপুষ্যন্নুদিতে সমগ্ৰাং পুষ্টিং জনাঃ পুষ্য ইব দ্বিতীয়ে || ১৮-৩২||
মহান ৰজা পুত্ৰই নিবিচাৰিছিল পুনৰ্জন্ম,
পুত্ৰ পুষ্যক ৰাজ্যভাৰ দি ল’লে মণীষি জৈমিনীৰ শিষ্যত্ব ।
তাৰপাছত, যোগভ্যাগ কৰি যোগবলেৰে হ’ল নিৰ্বাণপ্ৰাপ্ত ।
মহীং মহেচ্ছঃ পৰিকীৰ্য সূনৌ মনীষিণে জৈমিনয়েঽৰ্পিতাত্মা |
তস্মাৎসয়োগাদধিগম্য যোগমজন্মনেঽকল্পত জন্মভীৰুঃ || ১৮-৩৩||
তাৰপাছত পুষ্যৰ ধ্ৰুব যেন পুত্ৰ ধ্ৰুবসন্ধিয়ে কৰিলে পৃথিৱীৰ দায়িত্ব গ্ৰহণ,
সৰ্বজনপ্ৰশংসিত, সত্যবাদী ধ্ৰুবসন্ধিৰে শত্ৰুৱে নতশিৰে কৰিছিল সন্ধি।
ততঃ পৰং তৎপ্ৰভবঃ প্ৰপেদে ধ্ৰুবোপমেয়ো ধ্ৰুবসংধিৰুৰ্বীম্ |
যস্মিন্নভূজ্জ্যায়সি সত্যসংধে সংধিৰ্ধ্ৰুবঃ সংনমতামৰীণাম্ || ১৮-৩৪||
প্ৰতিপদৰ জোনৰ দৰে প্ৰিয়দৰ্শন পুত্ৰ সুদৰ্শনৰ শৈশৱতে,
মৃগনয়ন সিংহপুৰুষ ধ্ৰুবসন্ধি মৃগয়ালৈ গৈ সিংহৰ মুখত প্ৰাণ দিলে ।
সুতে শিশাবেব সুদৰ্শনাখ্যে দৰ্শাত্যয়েন্দুপ্ৰিয়দৰ্শনে সঃ |
মৃগায়তাক্ষো মৃগয়াবিহাৰী সিংহাদবাপদ্বিপদং নৃসিংহঃ || ১৮-৩৫||
অমাত্যসকলে দেখিলে হঠাতে ৰাজন হ’ল স্বৰ্গগামী,
প্ৰজা হ’ল অনাথ আৰু দীন-দুখী ।
সকলোৱে একমত হৈ কুলৰ শিশু সুদৰ্শনক
বিধিমতে বহুৱালে ৰাজসিংহাসনত ।
স্বৰ্গামিনস্তস্য তমৈকমত্যাদমাত্যবৰ্গঃ কুলতন্তুমেকম্ |
অনাথদীনাঃ প্ৰকৃতীৰবেক্ষ্য সাকেতনাথং বিধিবচ্চকাৰ || ১৮-৩৬||
শিশুনৃপতিক লৈ ৰঘুবংশ হ’ল যেন এক অৰণ্য শিশুসিংহৰ সৈতে,
এক হ্ৰদ পদুমকলিৰ সৈতে, এখনি আকাশ কাঁচিজোনৰ সৈতে ।
নবেন্দুনা তন্নভসোপমেয়ং শাবৈকসিংহেন চ কাননেন |
ৰঘোঃ কুলং কুড্মলপুষ্কৰেণ তোয়েন চাপ্ৰৌঢনৰেন্দ্ৰমাসীৎ || ১৮-৩৭||
শিশুটিৰ শিৰত ৰাজমুকুট দেখি,
প্ৰজাই আশা কৰিলে পিতাৰ দৰেই হ’ব,
অনুকূল বতাহত হাতীপোৱালিৰ সমান
ক্ষুদ্ৰ মেঘখণ্ডয়ো কৰে গোটেই আকাশ আছন্ন ।
লোকেন ভাবী পিতুৰেব তুল্যঃ সংভাবিতো মৌলিপৰিগ্ৰহাৎসঃ |
দৃষ্টো হি বৃণ্বন্কলভপ্ৰমাণোঽপ্যাশাঃ পুৰোবাতমবাপ্য মেঘঃ || ১৮-৩৮||
তেওঁ যেতিয়া হাতীত উঠি ৰাজপথত কৰে গমন,
মাউতে তেওঁৰ দীৰ্ঘ ৰাজ-পৰিচ্ছদ কৰে প্ৰতিপালন ।
নগৰবাসীয়ে মৰ্যাদা দিলে পিতাৰ সমান,
প্ৰভু মানি সেৱা কৰিলে মাথোন ছবছৰীয়া সুদৰ্শনক ।
তং ৰাজবীথ্যামধিহস্তি যাতমাধোৰণালম্বিতমগ্ৰ্যবেশম্ |
ষড্বৰ্ষদেশীয়মপি প্ৰভুৎবাৎপ্ৰৈক্ষন্ত পৌৰাঃ পিতৃগৌৰবেণ || ১৮-৩৯||
তেওঁ সৰু শৰীৰটিৰে বহোতে
ভৰা নাছিল যদিও পিতাৰ সিংহাসন ,
তেওঁৰ উজ্জ্বলতাৰে তেজোদীপ্ত
স্বৰ্ণাভ মণ্ডলাকাৰে ভৰাই তুলিছিল সিংহাসন ।
কামং ন সোঽকল্পত পৈতৃকস্য সিংহাসনস্য প্ৰতিপূৰণায় |
তেজোমহিম্না পুনৰাবৃতাত্মা তদ্ব্যাপ চামীকৰপিঞ্জৰেণ || ১৮-৪০||
সৰু দুভৰি ওলমি থাকে স্পৰ্শ কৰি সোণৰ পাদপীঠ আঙুলিৰে সামান্যতম,
আলতাসনা সেই চৰণত ভূপতিসৱে গৰ্বোন্নত শিৰ নত কৰি কৰে প্ৰণাম ।
তস্মাদধঃ কিংচিদিবাবতীৰ্ণাবসংস্পৃশন্তৌ তপনীয়পীঠম্ |
সালক্তকৌ ভূপতয়ঃ প্ৰসিদ্ধৈৰ্ববন্দিৰে মৌলিভিৰস্য পাদৌ || ১৮-৪১||
অকণমাণি ইন্দ্ৰনীল মণিৰ উজ্জ্বলতাৰ বাবেই বৃথা নহয় মহানীল নাম,
সেইদৰেই শিশু হ’লেও অথলে নগ’ল মহাৰাজ সম্বোধন ।
মণৌ মহানীল ইতি প্ৰভাবাদল্পপ্ৰমাণেঽপি যথা ন মিথ্যা |
শব্দো মহাৰাজ ইতি প্ৰতীতস্তথৈব তস্মিন্যুয়ুজেঽৰ্ভকেঽপি || ১৮-৪২||
দুইকাষৰ চামৰৰ বা লাগি চঞ্চল হৈ উৰি থাকে দুগালত পৰি থকা কেশবন্ধন ,
পিছে তেওঁৰ মুখৰ আদেশ সুদূৰ সাগৰৰ তীৰ পৰ্যন্ত ক’তো নহয় উলংঘন।
পৰ্যন্তসংচাৰিতচামৰস্য কপোললোলোভয়কাকপক্ষাৎ |
তস্যাননাদুচ্চৰিতো বিবাদশ্চচাল বেলাস্বপি নাৰ্ণবানাম্ || ১৮-৪৩||
সোণৰ খৰিকাৰে অঁকা তিলক তেওঁ ধাৰণ কৰি কপালত,
শতৰুৰ সুন্দৰী নাৰীসকলৰ কৰিছিল কপাল তিলক-শূন্য ।
নিৰ্বৃত্তজাম্বূনদপট্টশোভে ন্যস্তং ললাটে তিলকং দধানঃ |
তেনৈব শূন্যান্যৰিসুন্দৰীণাং মুখানি স স্মেৰমুখশ্চকাৰ || ১৮-৪৪||
ৰাজকীয় ভূষণ পিন্ধি হৈছিল কষ্ট শিৰীষফুলতকৈয়ো কোমল দেহত ,
পিছে বিশাল পৃথিৱীৰ গুৰুভাৰ বহন কৰিছিল স্বচ্ছন্দে মনৰ বলত ।
শিৰীষপুষ্পাধিকসৌকুমাৰ্যঃ খেদং ন যায়াদপি ভূষণেন |
নিতান্তগুৰ্বীমপি সোঽনুভাবাদ্ধুৰং ধৰিত্ৰ্যা বিভৰাংবভূব || ১৮-৪৫||
অক্ষৰ শিক্ষাৰ ভূমিকাতে শেষ নৌহওতেই লিপি শিক্ষা,
তেওঁ শিকিছিল দণ্ডবিধিৰ সকলো ফলাফল জ্ঞানবৃদ্ধসকলৰ পৰা।
ন্যস্তাক্ষৰামক্ষৰভূমিকায়াং কাৰ্ত্স্ন্যেন গৃহ্ণাতি লিপিং ন যাবদ্ |
সৰ্বাণি তাবচ্ছ্ৰুতবৃদ্ধয়োগাৎফলান্যুপায়ুঙ্ক্ত স দণ্ডনীতেঃ || ১৮-৪৬||
পূৰ্ণ বিকাশ নোহোৱা বক্ষস্থলত নাছিল পৰ্যাপ্ত স্থান অধিষ্ঠিত হ’বলৈ,
সেয়ে ৰাজলক্ষ্মীয়ে অপেক্ষা কৰিলে সুদৰ্শনৰ পূৰ্ণ যৌৱন প্ৰাপ্তিলৈ,
সলজ্জভাৱে আলিংগন কৰি ৰ’ল ৰাজছত্ৰৰ ছাঁ লোৱাৰ ছলতেই ।
উৰস্যপৰ্যাপ্তনিবেশভাগা প্ৰৌঢীভবিষ্যন্তমুদীক্ষমাণা |
সংজাতলজ্জেব তমালপত্ৰচ্ছায়াছলেনোপজুগূহ লক্ষ্মীঃ || ১৮-৪৭||
বসুন্ধৰাক ৰক্ষা কৰি আছিল সেই হাতেৰে যি স্পৰ্শ কৰি পোৱা নাই খৰ্গ,
যি দুবাহুত তেতিয়াও পৰা নাছিল ধনুৰ ঘুণৰ আঘাতৰ চিহ্ন,
সেই দুবাহু হ’বলৈ বাকী আছিল জুঁৱলিৰ দৰে শক্তিমন্ত ।
অনশ্নুবানেন যুগোপমানমবদ্ধমৌৰ্বীকিণলাঞ্ছনেন |
অস্পৃষ্টখড্গৎসৰুণাপি চাসীদ্ৰক্ষাবতী তস্য ভুজেন ভূমিঃ || ১৮-৪৮||
কালক্ৰমত বাঢ়ি আহিল সুদৰ্শনৰ শৰীৰৰ অবয়ব,
বংশগত লোকপ্ৰিয় গুণৰাজি সূক্ষ্মৰ পৰা তেওঁৰ মাজত হ’ল সমৃদ্ধ ।
ন কেবলং গচ্ছতি তস্য কালে যয়ুঃ শৰীৰাবয়বা বিবৃদ্ধিম্ |
বংশ্যা গুণাঃ খল্বপি লোককান্তাঃ প্ৰাৰম্ভসূক্ষ্মাঃ প্ৰথিমানমাপুঃ || ১৮-৪৯||
গুৰুৰ কষ্ট কৰি লাঘৱ পূৰ্বজন্মত আয়ত্ব কৰা বিদ্যাসমূহ কৰিলে স্মৰণ,
তিনিবৰ্গ আয়ত্ত কৰা পিতাৰ তিনি বিদ্যা ধাৰণ কৰি কৰিলে প্ৰজাপালন ।
স পূৰ্বজন্মান্তৰদৃষ্টপাৰাঃ স্মৰন্নিবাক্লেশকৰো গুৰূণাম্ |
তিস্ৰস্ত্ৰিবৰ্গাধিগমস্য মূলং জগ্ৰাহ বিদ্যাঃ প্ৰকৃতীশ্চ পিত্ৰ্যাঃ || ১৮-৫০||
অস্ত্ৰশিক্ষাৰ সময়ত শৰীৰৰ ঊৰ্ধ্বাংশ প্ৰসাৰিত কৰি বান্ধি কেশৰ চূড়া,
আঁঠু ভাঁজ কৰি ধনুৰ গুণ টানিলে আকৰ্ণ কৰি শৰাসন,
অতিকৈ জিলিকি উঠি আয়ত্ত কৰিলে বিভিন্ন অস্ত্ৰচালনা ।
ব্যূহ্যঃ স্থিতঃ কিংচিদিবোত্তৰাৰ্ধমুন্নদ্ধচূডোঽঞ্চিতসব্যজানুঃ |
আকৰ্ণমাকৃষ্টসবাণধন্বা ব্যৰোচতাস্ত্ৰে স বিনীয়মানঃ || ১৮-৫১||
তাৰপিছত মধুপান কৰাই সুন্দৰীসকলৰ চকুক,
মদনবৃক্ষৰ অনুৰাগ সঞ্চাৰী প্ৰবাল ফুলস্বৰূপ,
সবাতোকৈ শুৱনি বসনস্বৰূপ মনোহৰ যৌৱন
অকৃত্ৰিমভাৱে বিয়পি পৰিল তেওঁৰ সৰ্বাংগত ।
অথ মধু বনিতানাং নেত্ৰনিৰ্বেশনীয়-
মনসিজতৰুপুষ্পং ৰাগবন্ধপ্ৰবালম্ |
অকৃতকবিধি সৰ্বাঙ্গীণমাকল্পজাতং
বিলসিতপদমাদ্যং যৌবনং স প্ৰপেদে || ১৮-৫২||
প্ৰতিকৃতিত দেখাতকৈও প্ৰকৃততে অধিক ধুনীয়া কন্যা
অমাত্যসবে বিচাৰি আনিলে দূতৰ মাধ্যমত,
সুদৰ্শনৰ শুদ্ধ সন্তানৰ কামনাত ।
সুদৰ্শনে অনিন্দ্যসুন্দৰী কন্যাসবৰ পাণিগ্ৰহণ কৰিলে,
সুন্দৰীসকলে বসুধা আৰু ৰাজলক্ষ্মীক সপত্নীৰূপে পালে ।
প্ৰতিকৃতিৰচনাভ্যো দূতিসংদৰ্শিতাভ্যঃ
সমধিকতৰৰূপাঃ শুদ্ধসংতানকামৈঃ |
অধিবিবিদুৰমাত্যৈৰাহৃতাস্তস্য যূনঃ
প্ৰথমপৰিগৃহীতে শ্ৰীভুবৌ ৰাজকন্যাঃ || ১৮-৫৩||
(অষ্টাদশ অধ্যায় সমাপ্ত)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)