৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পাৰ হৈ

লেখকঃ মূল :Octavio Paz Lozano • প্ৰকাশিতঃ ২৫ জুন, ২০২৩
২ মিনিট পঠন • ১৭৩৭ বাৰ পঢ়া হৈছে

মূল  : অক্‌টাভিঅ পেজ লোজানো 

(Octavio Paz Lozano-ৰ কবিতা Across) 

অনুবাদ : ড° ৰঞ্জিত দত্ত

 

তোমাৰ চকুৰ চেলাউৰিয়ে

কৈ যোৱা কথা খিনিকে লিখি

ডায়েৰীখনৰ দিনটোৰ পৃষ্ঠাটোকে লুটিয়ালোঁ

আৰু  তোমাক সুমুৱাই দিলোঁ

আঁজলি নিশাৰ সেই

চৰম সত্যৰ মাজত।

মইতো বিচাৰিছোঁ

প্ৰমাণ অন্ধকাৰৰ,

বিচাৰিছোঁ পান কৰিব

ক’লা ৰঙৰ ফটিকাখিনি,

মোৰ দৃষ্টিৰে

কৰিব বিচাৰোঁ তাক

চূৰ্ণ-বিচূৰ্ণ।

তোমাৰ বক্ষৰ প্ৰান্তত এতিয়া

নিশাৰ এটি টোপাল আৰু

গোলাপী প্ৰেমৰ কুহেলিকা।

 

চকুযুৰি মুদি মই

তোমাৰ চকুৰ ভিতৰত

মেলি দিলোঁ সিঁহতক,

তেজ-ৰঙা বিছনাখনত

সদায়েই যেন সাৰে থাকক

তোমাৰ তিতি থকা ওঁঠযুগল।

সিৰা উপসিৰাৰ সেই বাগিচাখনত

ফোৱাৰাবোৰ জিলিকিছে,

তেজৰ এটি মুখা পিন্ধি

একো নভবাকৈয়ে

পোনছাটেই পাৰ হৈ গ'লোঁ

তোমাৰ অনুভৱৰ দলিচাখন।

বিস্মৃতিয়ে বাট দেখুৱাই

লৈ গ'ল মোক

জীৱনৰ অন্য এটি পাৰলৈ।

 ***

ফোন : ৯৪৩৫৫৯৩৫৪২

ম
লেখকৰ পৰিচয়

মূল :Octavio Paz Lozano

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)