৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৩
৪৯ মিনিট পঠন • ৩৯৩৪ বাৰ পঢ়া হৈছে
ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত 

 ||  ৭ম অধ্যায় ||

তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰে

যোগ্যজনক বৰণ কৰা ভগ্নীক লৈ 

বিদৰ্ভৰাজ ভোজ গ’ল ৰাজপ্ৰাসাদলৈ ।

অথোপয়ন্ত্ৰা সদৃশেণ যুক্তাং স্কন্দেন সাক্ষাদিব দেবসেনাম্ |

স্বসাৰমাদায় বিদৰ্ভনাথঃ পুৰপ্ৰবেশাভিমুখো বভূব || ৭-১||

ভোজৰ ভগ্নীলৈ ব্যৰ্থমনোৰথ হোৱা ৰজাসকলে 

নিজৰ ৰূপ-বেশক ধিক্কাৰ দি ঘূৰি গ’ল শিবিৰলৈ

পুৱাৰ নিস্তেজ জোন-তৰাৰ দৰে মোলান পৰা মুখ লৈ ।

সেনানিবেশান্পৃথিবীক্ষিতোঽপি জগ্মুৰ্বিভাতগ্ৰহমন্দভাসঃ |

ভোজ্যাং প্ৰতি ব্যৰ্থমনোৰথৎবাদ্ৰূপেষু বেশেষু চ সাভ্যসূয়া || ৭-২||

সয়ম্বৰত উপস্থিত আছিল স্বয়ং শচীদেৱী

সেয়ে ঈৰ্ষাত কাতৰ হ’লেও ককুৎস্থৰ প্ৰতি

সকলো ৰজাই নিজকে ৰাখিলে শান্ত কৰি

নজন্মালে বিৱাহত  ব্যাঘাত সমূলি ।

সাংনিধ্যয়োগাৎকিল তত্ৰ শচ্যাঃ স্বয়ংবৰক্ষোভকৃতামভাবঃ |

কাকুৎস্থমুদ্দিশ্য সমৎসৰোঽপি শশাম তেন ক্ষিতিপাললোকঃ || ৭-৩||

ন-কইনাক লৈ দৰাই যি পথে গমন কৰিলে 

সেই পথ সজ্জিত অভিনৱ দ্ৰব্যৰে  

জলমল তোৰণ ৰামধনুৰ দৰে

পতাকাৰ ছাঁই ৰ’দ আৱৰি ধৰে ।

তাবৎপ্ৰকীৰ্ণাভিনবোপচাৰমিন্দ্ৰায়ুধদ্যোতিততোৰণাঙ্কম্ |

বৰঃ সবধ্বা সহ ৰাজমাৰ্গং প্ৰাপ ধ্বজচ্ছায়নিবাৰিতোষ্ণম্ || ৭-৪||

নগৰৰ সুন্দৰীসকলে সেই যাত্ৰা দৰ্শন কৰিবলৈ 

সকলো কাম-কাজ পেলাই থৈ খৰধৰ কৰিলে এনেকৈ

প্ৰাসাদৰ সোণালী খিৰিকিৰ কাষত ৰ’বলৈ ।

ততস্তদালোকনতৎপৰাণাং সৌধেষু চামীকৰজালবৎসু |

বভূবুৰিত্থং পুৰসুন্দৰীণাং ত্যক্তান্যকাৰ্যাণি বিচেষ্টিতানি || ৭-৫||

গবাক্ষলৈ উঠি যাওঁতে কোনোৰ চুলি খোল খাই মালা খহিল  

বন্ধা আৰু নহ’ল খোলা চুলি, হাতেৰেই ধৰি ওপৰলৈ উঠিল।

আলোকমাৰ্গং সহসা ব্ৰজন্ত্যা কয়াচিদুদ্বেষ্টনবান্তমাল্যঃ |

বদ্ধুং ন সংভাবিত এব তাবৎকৰেণ ৰুদ্ধোঽপি চ কেশপাশঃ || ৭-৬||

কোনোৱে প্ৰসাধিকাৰ ওচৰত আগবঢ়াই দিছিল 

ভৰিৰ পতাটি আলতা সানিবলৈ

নুশুকাওঁতেই আলতা ভৰিৰ ছাপ বহুৱাই মজিয়াত 

দৌৰিলে খিৰিকিৰ কাষলৈ ।

প্ৰসাধিকালম্বিতমগ্ৰপাদমাক্ষিপ্য কাচিদ্দ্ৰবৰাগমেব |

উৎসৃষ্টলীলাগতিৰাগবাক্ষাদলক্তকাঙ্কাং পদবীং ততান || ৭-৭||

এগৰাকীয়ে সোঁচকুত কাজল সানি বাওঁচকুত সনাৰ আগতেই 

হাতত কাজলৰ বুলনি লৈয়ে দৌৰিলে বাতায়নলৈ ।

বিলোচনং দক্ষিণমঞ্জনেন সংভাব্য তদ্বঞ্চিতবামনেত্ৰা|

তথৈব বাতায়নসংনিকৰ্ষং যয়ৌ শলাকামপৰা বহন্তী || ৭-৮||

আন এগৰাকীৰ খোল খালে কঁকালৰ কাপোৰৰ জৰী

দৰা-কইনাক চাই থাকিল খিৰিকিৰে নবন্ধাকৈ হাতেৰেই ধৰি 

জিলিকি উঠিল নাভিদেশ অলংকাৰৰ পোহৰ পৰি ।

জালান্তৰপ্ৰেষিতদৃষ্টিৰন্যা প্ৰস্থানভিন্নাং ন ববন্ধ নীবীম্ |

নাভিপ্ৰবিষ্টাভৰণপ্ৰভেন হস্তেন তস্থাববলম্ব্য বাসঃ || ৭-৯||

আধাগঁথা হৈছিল এগৰাকীৰ কমৰ-বন্ধনী

খৰধৰ খোজত খহিল তাৰ মণি-মুকুতা এটি এটি কৰি

বুঢ়াআঙুলিৰ টিপাত ৰৈ গ’ল মাথোন মণিধাৰিৰ জৰী ।

অৰ্ধাঞ্চিতা সৎবৰমুত্থিতায়াঃ পদে পদে দুৰ্নিমিতে গলন্তী |

কস্যাশ্চিদাসীদ্ৰশনা তদানীমঙ্গুষ্ঠমূলাৰ্পিতসূত্ৰশেষা || ৭-১০||

মদিৰাৰে  সুগন্ধিত মুখেৰে সকলো বাতায়ন ভৰিছিল 

অতি কৌতূহলী মুখবোৰ যেন  সহস্ৰ শতদল

চঞ্চল ক’লা চকুবোৰ ক’লা ভোমোৰৰ দল ।

তাসাং মুখৈৰাসবগন্ধগৰ্ভৈৰ্ব্যাপ্তান্তৰাঃ সান্দ্ৰকুতূহলানাম্ |

বিলোলনেত্ৰভ্ৰমৰৈৰ্গবাক্ষাঃ সহস্ৰপত্ৰাভৰণা ইবাসন্ || ৭-১১||

সেই পুৰনাৰীসকলে ৰঘুৰ ৰূপ চাই চাই পাহৰি গ’ল সকলো কাম

সকলো ইন্দ্ৰিয়ৰ আস্বাদ যেন চকুতেই আহি সোমাল ।

তা ৰাঘবং দৃষ্টিভিৰাপিবন্ত্যো নাৰ্যো ন জগ্মুৰ্বিষয়ান্তৰাণি |

তথা হি শেষেন্দ্ৰিয়বৃত্তিৰাসাং সৰ্বাত্মনা চক্ষুৰিব প্ৰবিষ্টা || ৭-১২||

নগৰৰ নাৰীসৱে একেমুখে এই কথা ক’লে-

যদিও দূৰৰ বহু ৰজাই মনে মনে বিচাৰিলে

ভোজকন্যাই সয়ংম্বৰ কৰি কৰিছে ভাল কাম

নহ’লেনো কেনেকৈ হ’লহেঁতেন লক্ষ্মীৰে নাৰায়ণৰ মিলন ।

স্থানে বৃতা ভূপতিভিঃ পৰোক্ষৈঃ স্বয়ংবৰং সাধুমমংস্ত ভোজ্যা |

পদ্মেব নাৰায়ণমন্যথাসৌ লভেত কান্তং কথমাত্মতুল্যম্ || ৭-১৩||

বিধাতাই নকৰাহেঁতেন অনন্য সুন্দৰ পৰস্পৰৰ মিলন

এনে যত্নৰে দুয়োকে স্ৰজাৰ উদ্দেশ্য নহ’লহেঁতেন সাধন ।

পৰস্পৰেণ স্পৃহণীয়শোভং ন চেদিদং দ্বন্দ্বময়োজয়িষ্যৎ |

অস্মিন্দ্বয়ে ৰূপবিধানয়ত্নঃ পত্যুঃ প্ৰজানাং বিতথোঽভবিষ্যৎ || ৭-১৪||

দুয়ো হয়তো পুনৰ্জনম ৰতি-মদনৰ

সেয়ে কন্যাই বাছি ল’লে মাজত হাজাৰ ৰজাৰ

কাৰণ হৃদয়ে বুজে সম্পৰ্ক জন্মান্তৰৰ ।

ৰতিস্মৰৌ নূনমিমাবভূতাং ৰাজ্ঞাং সহস্ৰেষু তথা হি বালা |

গতেয়মাত্মপ্ৰতিৰূপমেব মনো হি জন্মান্তৰসংগতিজ্ঞম্ || ৭-১৫||

শুনি শুনি নগৰৰ নাৰীৰ এনে মধুৰ কথোপকথন 

ৰাজকুমাৰ পালেগৈ মংগলসজ্জাৰে উদ্ভাসিত প্ৰাসাদ প্ৰাংগণ ।

ইত্যুদ্গতাঃ পৌৰবধূমুখেভ্যঃ শৃণ্বন্কথাঃ শ্ৰোত্ৰসুখাঃ কুমাৰঃ |

উদ্ভাসিতং মঙ্গলসংবিধাভিঃ সংবন্ধিনঃ সদ্ম সমাসসাদ || ৭-১৬||

অজ নামিল হাতীৰ পৰা ধৰি কামৰূপেশ্বৰৰ হাত

সোমোৱাৰ দৰেই নগৰৰ নাৰীৰ মনত

প্ৰৱেশ কৰিলে প্ৰাসাদৰ চাৰিসীমাত

বিদৰ্ভৰাজে দেখুৱালে বাট ।

ততোঽবতীৰ্যাশু কৰেণুকায়াঃ স কামৰূপেশ্বৰদত্তহস্তঃ |

বৈদৰ্ভনিৰ্দিষ্টমথো বিবেশ নাৰীমনাংসীব চতুষ্কমন্তঃ || ৭-১৭||

বহুমূলীয়া সিংহাসনত তেওঁ কৰিলে আৰোহণ 

ৰত্নৰ পাত্ৰত দিয়া মধুপৰ্ক কৰিলে গ্ৰহণ।

ভোজৰাজে পঠোৱা বিৱাহৰ যোৰাৰ অৰ্ঘ্য  

লগতে আছিল অন্তপুৰৰ নাৰীৰ কটাক্ষ ।

মহাৰ্হসিংহাসনসংস্থিতোঽসৌ সৰত্নমৰ্ঘ্যং মধুপৰ্কমিশ্ৰম্ |

ভোজোপনীতং চ দুকূলয়ুগ্মং জগ্ৰাহ সাৰ্ধং বনিতাকটাক্ষৈঃ || ৭-১৮||

বিৱাহৰ সেই কাপোৰযোৰ পৰিধান কৰাৰ পাছত

বিনয়ী ৰক্ষীসকলে  তেওঁক পোৱালেগৈ কইনাৰ কাষত।

সাগৰৰ জোৱাৰে তীৰলৈ লৈ যোৱাৰ দৰে 

লহৰত জিলিকা জোনৰ পোহৰক ।

দুকূলবাসাঃ স বধূসমীপং নিন্যে বিনীতৈৰবৰোধৰক্ষৈঃ |

বেলাসকাশং স্ফুটফেনৰাশিৰ্নবৈৰুদন্বানিব চন্দ্ৰপাদৈঃ || ৭-১৯||

ৰজা ভোজৰ অগ্নিসম পুৰোহিতে প্ৰজ্জ্বলিত কৰিলে হোমাগ্নি

বিৱাহেৰে দৰা-কন্যাৰ মিলন ঘটালে অগ্নিক সাক্ষী কৰি ।

তত্ৰাৰ্চিতো ভোজপতেঃ পুৰোধা হুৎবাগ্নিমাজ্যাদিভিৰগ্নিকল্পঃ |

তমেব চাধায় বিবাহসাক্ষ্যে বধূবৰৌ সংগময়াংচকাৰ || ৭-২০||

ন-কইনাৰ হাতত ধৰি উজলি উঠিল ৰাজকুমাৰ 

যেন আমগছৰ কুঁহিপাতৰে মিলি গ’ল পল্লৱ অশোক লতাৰ ।

হস্তেন হস্তং পৰিগৃহ্য বধ্বাঃ স ৰাজসূনুঃ সুতৰাং চকাসে |

অনন্তৰাশোকলতাপ্ৰবালং প্ৰাপ্যেব চূতঃ প্ৰতিপল্লবেন || ৭-২১||

সেই ক্ষণত দুয়োৰে হৃদয়ৰ অনুৰাগ হ’ল ভাগ 

পাণিস্পৰ্শত দৰাৰ মণিবন্ধ হ’ল ৰোমাঞ্চিত

কইনাৰ হাতৰ আঙুলি সিক্ত হ’ল ঘামত ।

আসীদ্বৰঃ কণ্টকিতপ্ৰকোষ্ঠঃ স্বিন্নাঙ্গুলিঃ সংববৃতে কুমাৰী |

তস্মিন্দ্বয়ে তৎক্ষণমাত্মবৃত্তিঃ সমং বিভক্তেব মনোভবেন || ৭-২২||

সংস্কাৰ পৰ্বত ইজনে সিজনক চাবলৈ আছিল অতি উৎসুক

এবাৰ চাই পুনৰাই দৃষ্টি আঁতৰাই সংস্কাৰ বশতঃ

দৃষ্টিৰ এই মিলন আৰু বিচ্ছেদ আছিল অতিকে মনোজ্ঞ ।

তয়োৰপাঙ্গপ্ৰতিসাৰিতানি ক্ৰিয়াসমাপত্তিনিবৰ্তিতানি |

হ্ৰীয়ন্ত্ৰণামানশিৰে মনোজ্ঞামন্যোন্যলোলানি বিলোচনানি || ৭-২৩||

জ্বলি থকা হোমৰ জুইৰ চাৰিওফালে ঘূৰোঁতে হাতে হাত ধৰি 

দুয়োকে লাগিছিল যেন মেৰু প্ৰদক্ষিণ কৰা দিন আৰু ৰাতি ।

প্ৰদক্ষিণপ্ৰক্ৰমণাৎকৃশানোৰুদৰ্চিষস্তন্মিথুনং চকাসে |

মেৰোৰুপান্তেষ্বিব বৰ্তমানমন্যোন্যসংসক্তমহস্ত্ৰিয়ামম্ || ৭-২৪||

নিতম্বিনী ইন্দুমতী লজ্জাৱতী যেন প্ৰেমত মাতাল চাতক পখী

বিধাতাৰ দৰে গুৰুৰ আদেশত সুনয়নীয়ে দিলে লাজাঞ্জলি । 

নিতম্বগুৰ্বী গুৰুণা প্ৰয়ুক্তা বধূৰ্বিধাতৃপ্ৰতিমেন তেন |

চকাৰ সা মত্তচকোৰনেত্ৰা লজ্জাবতী লাজবিসৰ্গমগ্নৌ || ৭-২৫||

লাজাঞ্জলিত উঠা ধোঁৱা-ফিৰিঙতিত আখৈ আৰু  গোন্ধ সমিধৰ

কইনাৰ গালত বিয়পি পৰা সুৱাসিত ধোঁৱাই ঠাই ল’লে কাণৰ পদুমৰ ।

হবিঃশমীপল্লবলাজগন্ধী পুণ্যঃ কৃশানোৰুদিয়ায় ধূমঃ |

কপোলসংসৰ্পিশিখঃ স তস্যা মুহূৰ্তকৰ্ণোৎপলতাং প্ৰপেদে || ৭-২৬||

হোমৰ ধোঁৱা লাগি কইনাৰ চকুৰ কাজল-ধুই বৈ আহিল চকুপানী

কাণৰ বীজাংকুৰৰ গহনা ক’লা পৰিল ৰঙা হ’ল গাল দুয়োখনি ।

তদঞ্জনক্লেদসমাকুলাক্ষং প্ৰম্লানবীজাঙ্কুৰকৰ্ণপূৰম্ |

বধূমুখং পাটলগন্ধলেখমাচাৰধূমগ্ৰহণাদ্বভূব || ৭-২৭||

স্বৰ্ণাসনত দৰা-কইনাক বহুৱাই পৱিত্ৰ পানীৰে তিতা চাউল ছটিয়ালে

পুৰোহিত সবান্ধৱে ৰজা ভোজ সাধবা-পুত্ৰৱতী ৰমনীয়ে ।

তৌ স্নাতকৈৰ্বন্ধুমতা চ ৰাজ্ঞা পুৰংধ্ৰিভিশ্চ ক্ৰমশঃ প্ৰয়ুক্তম্ |

কন্যাকুমাৰৌ কনকাসনস্থাবাৰ্দ্ৰাক্ষতাৰোপণমন্বভূতাম্ || ৭-২৮||

বংশৰ দীপ্ত-প্ৰদীপ ৰজা ভোজে পাতিলে বিৱাহ ভগ্নীৰ

আদেশ কৰিলে ৰাজ-অনুচৰক কৰিবলৈ

আমন্ত্ৰিত নৃপতিসৱক সাদৰ আপ্যায়ন পৃথককৈ ।

ইতি স্বসুৰ্ভোজকুলপ্ৰদীপঃ সংপাদ্য পাণিগ্ৰহণং স ৰাজা |

মহীপতীনাং পৃথগৰ্হণাৰ্থং সমাদিদেশাধিকৃতানধিশ্ৰীঃ || ৭-২৯||

হিংস্ৰ জলচৰক লুকুৱাই থোৱা নিৰ্মল সৰোবৰৰ দৰে

সকলো ৰজাই সকলো দুখ-ক্ষোভ লুকুৱাই সুখী যেন দেখুৱালে ।

ভোজৰাজৰ সমস্ত উপহাৰ দান কৰি কইনালৈ

সকলো উভতিল নিজা নিজা ৰাজধানীলৈ ।

লিঙ্গৈৰ্মুদঃ সংবৃতবিক্ৰিয়াস্তে হ্ৰদাঃ প্ৰসন্না ইব গূঢনক্ৰাঃ |

বৈদৰ্ভমামন্ত্ৰ্য যয়ুস্তদীয়াং প্ৰত্যৰ্প্য পূজামুপদাছলেন || ৭-৩০||

যদিও সকলো ৰজা উভতিল ৰাজধানীৰ পৰা 

পৰস্পৰক সংকেত দি পথত থাকিল খাপ পাতি

হিংস্ৰজন্তুৰ দৰে কাঢ়ি নিবলৈ ভোজৰ কন্যা ।

স ৰাজলোকঃ কৃতপূৰ্বসংবিদাৰম্ভসিদ্ধৌ সময়োপলভ্যম্ |

আদাস্যমানঃ প্ৰমদামিষং তদাবৃত্য পন্থানমজস্য তস্থৌ || ৭-৩১||

ইতিমধ্যে বিদৰ্ভৰাজে ভগ্নীৰ বিৱাহ কৰি সুসম্পন্ন

বিদায় দিলে ৰঘুপুত্ৰক যৌতুক দি মন পূৰাই যথাযোগ্য ।

তেওঁলোকৰ পিছে পিছে গ’ল স্বয়ং ৰজা ভোজ । 

ভৰ্তাপি তাবৎক্ৰথকৈশিকানামনুষ্ঠিতানন্তৰজাবিবাহঃ |

সত্ত্বানুৰূপাহৰণীকৃতশ্ৰীঃ প্ৰাস্থাপয়দ্ৰাঘবমন্বগাচ্চ || ৭-৩২||

ত্ৰিভুৱন প্ৰখ্যাত অজৰ সৈতে প্ৰথম তিনিটা শিবিৰত থাকি কুন্দিনৰাজে

সূৰ্যৰ উদয়ত পূৰ্ণচন্দ্ৰ আঁতৰি যোৱাৰ দৰে বিদায় ল’লে ।

তিস্ৰস্ত্ৰিলোকপ্ৰথিতেন সাৰ্ধমজেন মাৰ্গে বসতীৰুষিৎবা |

তস্মাদপাবৰ্তত কুণ্ডিনেশঃ পৰ্বাত্যয়ে সোম ইবোষ্ণৰশ্মেঃ || ৭-৩৩||

সকলো ৰজাৰ দ্বিগ্বিজয়ৰ সময়ত হৰিছিল সৰ্বস্ব

কোশলৰাজ ৰঘুৰ প্ৰতি আছিল আগৰে পৰাই ৰুষ্ট ।

সেয়ে স্বয়ম্বৰত অজৰ কন্যালাভ কাৰো নহ’ল সহ্য । 

প্ৰমন্যবঃ প্ৰাগপি কোসলেন্দ্ৰে প্ৰত্যেকমাত্তস্বতয়া বভূবুঃ |

অতো নৃপশ্চক্ষমিৰে সমেতাঃ স্ত্ৰীৰত্নলাভং ন তদাজত্মস্য || ৭-৩৪||

অহংকাৰী ৰজাৰ দলে কৰিলে 

ভোজকন্যাক লৈ যোৱা অজৰ পথ অৱৰুদ্ধ

যেনেকৈ বলিদত্ত পৃথিৱী গ্ৰহণৰ বাবে আগবঢ়োৱা

বামন-বিষ্ণুৰ পদ কৰিছিল প্ৰহ্লাদে অৱৰুদ্ধ ।

তমুদ্বহন্তং পথি ভোজকন্যাং ৰুৰোধ ৰাজন্যগণ স দৃপ্তঃ |

বলিপ্ৰদিষ্টাং শ্ৰিয়মাদদানং ত্ৰৈবিক্ৰমং পাদমিবেন্দ্ৰশত্ৰুঃ || ৭-৩৫||

ইন্দুমতীক ৰক্ষা কৰিবৰ বাবে আক্ৰমণ কৰিবলৈ

অজই আদেশ দিলে পিতৃৰ সচিৱক বহু সেনানী লৈ

ভাগীৰথীৰ বুকুত উত্তাল ঢৌৰ শোণনদ পৰাৰ দৰে  

জঁপিয়াই পৰিল সেই ৰাজবাহিনীৰ ওপৰত ।

তস্যাঃ স ৰক্ষাৰ্থমনল্পয়োধমাদিশ্য পিত্ৰ্যং সচিবং কুমাৰঃ |

প্ৰত্যগ্ৰহীৎপাৰ্থিববাহিনীং তাং ভাগীৰথীং শোণ ইবোত্তৰঙ্গঃ || ৭-৩৬||

পদাতিৰ সৈতে পদাতি 

ৰথীৰ সৈতে ৰথী 

অশ্বৰোহীৰ সৈতে অশ্বাৰোহী

গজাৰোহীৰ সৈতে গজাৰোহী  ।

আৰম্ভ হ’ল মহাযুদ্ধ প্ৰতিদ্বন্দীৰ

সমানে সমানে  ৰাজবাহিনীৰ ।

পত্তিঃ পদাতিং ৰথিনং ৰথেশস্তুৰংগসাদী তুৰগাধিৰূঢম্ |

যন্তা গজস্যাভ্যপতদ্গজস্থং তুল্যপ্ৰতিদ্বন্দ্বি বভূব যুদ্ধম্ || ৭-৩৭||

ঘোৰ তূৰ্যধ্বনিত ধনুৰ্ধাৰীসকলে নুশুনা হ’ল কোনেও কাৰো মাত

বাণতে আছিল লিখা বিখ্যাত বংশ পৰিচয় কোৱাৰ নাছিল অৱকাশ ।

নদৎসু তূৰ্যেষ্ববিভাব্যবাচো নোদীৰয়ন্তি স্ম কুলোপদেশান্ |

বাণাক্ষৰৈৰেব পৰস্পৰস্য নামোৰ্জিতং চাপভৃতঃ শশংসুঃ || ৭-৩৮|

প্ৰচণ্ড যুদ্ধত ঘোঁৰাৰ খুৰাই উৰুওৱা ধূলি ঘন কৰিলে ৰথৰ চকা ঘূৰি

বেলিৰ পোহৰ ঢাকিলে হাতীৰ কাণে পাখিৰ দৰে উৰুৱাই সেই ধূলি ।

উত্থাপিতঃ সংযতি ৰেণুৰশ্বৈঃ সান্দ্ৰীকৃতঃ স্যন্দনবংশচক্ৰৈঃ |

বিস্তাৰিতঃ কুঞ্জৰকৰ্ণতালৈৰ্নেত্ৰক্ৰমেণোপৰুৰোধ সূৰ্যম্ || ৭-৩৯||

মাছৰ আকৃতিৰ ধ্বজাবোৰ বতাহত উৰিল

বতাহত যেন কাপকাপ কৰা মাছৰ মুখে ধূলি কটালে

ধূলিময় বতাহত বাৰিষাৰ বোকাপানীৰ সঁচা মাছৰ দৰে ।

মৎস্যধ্বজা বায়ুবশাদ্বিদীৰ্ণৈৰ্মুখৈঃ প্ৰবৃদ্ধধ্বজিনীৰজাংসি |

বভুঃ পিবন্তঃ পৰমাৰ্থমৎস্যাঃ পৰ্যাবিলানীব নবোদকানি || ৭-৪০||

ডাঠ ধূলিৰ মাজত ৰথৰ চকাৰ শব্দই জনালে ৰথৰ উপস্থিতি

সঘন ঘণ্টাধ্বনিয়ে জনালে ক’ত আছে হাতী

শত্ৰু নে নিজপক্ষ বুজিব পাৰি শুনি নিজ প্ৰভুৰ জয়ধ্বনি ।

ৰথো ৰথাঙ্গধ্বনিনা বিজজ্ঞে বিলোলঘণ্টাক্বণিতেন নাগঃ |

স্বভৰ্তুনামগ্ৰহণাদ্বভূব সান্দ্ৰে ৰজস্যাত্মপৰাববোধঃ || ৭-৪১||

দিগন্তব্যাপি ধূলি-ধূসৰিত অন্ধকাৰ যুদ্ধক্ষেত্ৰত একোকে নমনি

অস্ত্ৰাঘাতত ছিটিকা হস্তী-অশ্ব-যোদ্ধাৰ তেজ যেন পুৱাৰ ৰঙা বেলি।

আবৃণ্বতো লোচনমাৰ্গমাজৌ ৰজোন্ধকাৰস্য বিজৃম্ভিতস্য |

শস্ত্ৰক্ষতাশ্বদ্বীপবীৰজন্মা বালাৰুণোঽভূদ্ৰুধিৰপ্ৰবাহঃ || ৭-৪২||

ধূলি উৰিছিল বতাহত তেজত তিতা মাটিৰ পৰা উৰা

এনে লাগিছিল যেন এঙাৰ হোৱা জুইৰ পৰা উৰা ধোঁৱা ।

স চ্ছিন্নমূলঃ ক্ষতজেন ৰেণুস্তস্যোপৰিষ্টাৎপবনাপধূতঃ |

অঙ্গাৰশেষস্য হুতাশনস্য পূৰ্বোত্থিতো ধূম ইবাবভাসে || ৭-৪৩||

প্ৰহাৰত মূৰ্ছা যোৱাজনে সাৰ পাই উঠি 

তিৰস্কাৰ কৰিলে সাৰথিক ৰথ পিছুৱাই লোৱা দেখি ।

সক্ৰোধে কৰিলে প্ৰতি-আঘাত শত্ৰুৰ পতাকা চিনাক্ত কৰি ।

প্ৰহাৰমূৰ্চ্ছাপগমে ৰথস্থা যন্ত্ৠনুপালভ্য নিবৰ্তিতাশ্বান্ |

যৈঃ সাদিতা লক্ষিতপূৰ্বকেতূংস্তানেব সামৰ্ষতয়া নিজঘ্নুঃ || ৭-৪৪||

নিক্ষেপ কৰা বাণ আধাপথতে শত্ৰুৱে কৰিলেও দ্বিখণ্ডিত 

নিপুণ হাতৰে মৰা বাণৰ আগৰ খণ্ডই ভেদ কৰিছিল লক্ষ্য।

অপ্যৰ্ধমাৰ্গে পৰবাণলূনা ধনুৰ্ভৃতাং হস্তবতাং পৃষৎকাঃ |

সংপ্ৰাপুৰেবাত্মজবানুবৃত্ত্যা পূৰ্বাৰ্ধভাগৈঃ ফলিভিঃ শৰব্যম্ || ৭-৪৫||

হস্তীযুদ্ধত ধাৰাল চক্ৰই ছেদ কৰিলে  মুণ্ড গজাৰোহীৰ

শেনে নখেৰে চুলিত ধৰি থপিয়াই নিলে উৰি যোৱা কটা মূৰ

বহু সময়ৰ পাছতহে মাটিত আহি পৰিল ।

আধোৰণানাং গজসংনিপাতে শিৰাংসি চক্ৰৈৰ্নিশিতৈঃ ক্ষুৰাগ্ৰৈঃ |

হতান্যপি শ্যেননখাগ্ৰকোটিব্যাসক্তকেশানি চিৰেণ পেতুঃ || ৭-৪৬||

যদি অশ্বাৰোহী এজনে আঘাত কৰে প্ৰতিপক্ষক

ঘোঁৰাৰ পিঠিতে ওলমি ৰয় কৰিব নোৱাৰি প্ৰতিহত

জ্ঞান অহালৈ অপেক্ষা কৰে নকৰি পুনৰ আঘাত ।

পূৰ্বং প্ৰহৰ্তা ন জঘান ভূয়ঃ প্ৰতিপ্ৰহাৰাক্ষমমশ্বসাদী |

তুৰংগমস্কন্ধনিষণ্ণদেহং প্ৰত্যাশ্বসন্তং ৰিপুমাচকাঙ্ক্ষ || ৭-৪৭||

শৰীৰৰ মায়া এৰি বৰ্ম পৰিহিত সৈন্যই খোলা তৰোৱাল ঘূৰালে 

হাতীৰ বৃহৎ দাঁতত তৰোৱাল ঘঁহনি খাই জুইৰ ফিৰিঙতি ওলালে ।

ভীতিগ্ৰস্ত হাতীয়ে শুঁৰৰ পানীৰে সেই জুই নুমুৱালে । 

তনুত্যজাং বৰ্মভৃতাং বিকোশৈবৃহৎসু দন্তেষ্বসিভিঃ পতদ্ভিঃ |

উদ্যন্তমগ্নিং শময়াংবভূবুৰ্গজা বিবিগ্নাঃ কৰশীকৰেণ || ৭-৪৮||

সেই যুদ্ধক্ষেত্ৰ যেন পানভূমি মৃত্যুৰ দেৱতাৰ 

খাব খোজা ফল যেন শৰে কটা মূৰ

মূৰৰ পৰা সৰি পৰা শিৰস্ত্ৰাণ পানপাত্ৰ

মদিৰাৰ ঢল যেন বৈ যোৱা ৰক্তস্ৰোত ।

শিলীমুখোৎকৃত্তশিৰঃফলাঢ্যা চ্যুতৈঃ শিৰস্ত্ৰৈশ্চষকোত্তৰেব |

ৰণক্ষিতিঃ শোণিতমদ্যকুল্যা ৰৰাজ মৃত্যোৰিব পানভূমিঃ || ৭-৪৯||

মাংসৰ লোভত পিয়াপি দিয়া শিয়ালীয়ে আঁজুৰি নিছিল

মাংসহাৰী পক্ষীয়ে খাই থকা যুঁজত নিহতৰ মৃতদেহৰ ছিন্ন হাত 

পিছে খাব নোৱাৰি এৰি পলালে কেয়ুৰৰ জোঙে তালুত বিন্ধাত ।

উপান্তয়োৰ্নিষ্কুষিতং বিহংগৈৰাক্ষিপ্য তেভ্যঃ পিশিতপ্ৰিয়াপি |

কেয়ূৰকোটিক্ষততালুদেশা শিবা ভুজচ্ছেদমপাচকাৰ || ৭-৫০||

শত্ৰুৰ খৰ্গই কৰা শিৰচ্ছেদত সদ্য বীৰগতিপ্ৰাপ্ত হ’ল এজন 

বাওঁকাষে দেৱনাৰী লৈ স্বৰ্গৰ বিমানত কৰি আৰোহণ

তলৰ সমৰক্ষেত্ৰত নিজৰেই নাচি থকা কৱন্ধৰূপ কৰিলে দৰ্শন ।

কশ্চিদ্বিষৎখড্গহৃতোত্তমাঙ্গঃ সদ্যো বিমানপ্ৰভুতামুপেত্য |

বামাঙ্গসংসক্তসুৰাঙ্গনঃ স্বং নৃত্যৎকবন্ধং সমৰে দদৰ্শ || ৭-৫১||

দুজনৰ সাৰথি নিহত হ’লে এজন সাৰথি হ’ল এজন ৰথী 

দুয়োটা ঘোঁৰা যুঁজত মৰিলে গদাযুদ্ধ কৰিলে বহুক্ষণ ধৰি 

গদা যদি হৈ যায় গুৰি তাৰ পাছতো থাকিল বাহুযুদ্ধ কৰি ।

অন্যোন্যসূতোন্মথনাদভূতাং তাবেব সূতৌ ৰথিনৌ চ কৌচিৎ |

ব্যশ্বৌ গদাব্যায়তসংপ্ৰহাৰৌ ভগ্নায়ুধৌ বাহুবিমৰ্দনিষ্ঠৌ || ৭-৫২||

ক’ৰবাত দুইবীৰে পৰস্পৰক আঘাত কৰি কৰি একেলগে লৈছে মৰণ সাবটি

দেৱত্ব পোৱাৰ পাছতো অন্ত নহ’ল বিৱাদ একেজনী অপ্সৰাকে দুয়ো বিচাৰি ।

পৰস্পৰেণ ক্ষতয়োঃ প্ৰহৰ্ত্ৰোৰুৎক্ৰান্তবায়্বোঃ সমকালমেব |

অমৰ্ত্যভাবেঽপি কয়োশ্চিদাসীদেকাপ্সৰঃপ্ৰাৰ্থিতয়োৰ্বিবাদঃ || ৭-৫৩||

সাগৰৰ ঢৌ আগুৱাই বা পিছুৱাই যোৱাৰ দৰে

অনুকূল আৰু প্ৰতিকূল বতাহৰ সতে ,

দুয়ো পক্ষৰে সৈন্যবাহিনীৰ এবাৰ জয় এবাৰ পৰাজয় ।

ব্যূহাবুভৌ তাবিতৰেতৰস্মাদ্ভঙ্গং জয়ং চাপতুৰব্যবস্থম্ |

পশ্চাৎপুৰোমাৰুতয়োঃ প্ৰবৃদ্ধৌ পৰ্যায়বৃত্যেব মহাৰ্ণবোৰ্মী || ৭-৫৪||

যদিও শত্ৰুৰ হাতত পৰাজিত হ’ল নিজৰ সেনাদল

মহাশক্তিধৰ অজ শত্ৰুৰ সমুখত নিজে থিয় হৈ ৰ’ল।

বতাহে ধোঁৱা উৰুৱাই নিলেও জুয়ে দহি যায় শুকান বন ।

পৰেণ ভগ্নেঽপি বলে মহৌজা যয়াবজঃ প্ৰত্যৰিসৈন্যমেব |

ধূমো নিবৰ্ত্যেত সমীৰণেন যতস্তু কক্ষস্তত এব বহ্নিঃ || ৭-৫৫||

বৰাহৰূপী বিষ্ণুৱে কল্পৰ শেষৰ প্ৰলয়কালত 

যিদৰে কৰিছিল ৰুদ্ধ উত্তাল মহাসাগৰক

নিঃসংগ তেজস্বী বীৰ অজ আৰোহণ কৰি ৰথত 

বৰ্ম পিন্ধি ধনু-শৰ লৈ অকলেই ৰুধিলে ৰাজন্যবৰ্গক ।

ৰথী নিষঙ্গী কবচী ধনুষ্মান্দৃপ্তঃ স ৰাজন্যকমেকবীৰঃ |

নিবাৰয়ামাস মহাবৰাহঃ কল্পক্ষয়োদ্বৃত্তমিবাৰ্ণবাম্ভঃ || ৭-৫৬||

সোঁহাত তূণত থৈ বাওঁহাতে গুণ আকৰ্ণ টানি লক্ষ্যত থিৰ

এনে লাগিল যেন গুণৰ পৰাই ওলাই আছে বাণ শত্ৰু নিধনৰ ।

স দক্ষিণং তূণমুখেন বামং ব্যাপাৰয়ন্হস্তমলক্ষ্যতাজৌ |

আকৰ্ণকৃষ্টা সকৃদস্য যোদ্ধুৰ্মৌৰ্বীব বাণান্সুষুবে ৰিপুঘ্নান্ || ৭-৫৭||

বৰ্শাৰে কটা মূৰেৰে ঢাক খালে ধৰণী

তেতিয়াও হুংকাৰি আছে মাটিত পৰি

ছিন্নমুণ্ডৰ ওঁঠবোৰ ক্ৰোধত ৰঙা 

আৰু ভ্ৰূযুগল ভ্ৰূকুটিত বেঁকা ।

স ৰোষদষ্টাধিকলোহিতোষ্ঠৈৰ্ব্যক্তোৰ্ধ্বৰেখা ভৃকুটীৰ্বহদ্ভিঃ |

তস্তাৰ গাং ভল্লনিকৃত্তকণ্ঠৈৰ্হূংকাৰগৰ্ভৈৰ্দ্বিষতাং শিৰোভিঃ || ৭-৫৮||

তেতিয়া সকলো ৰজা হৈ একত্ৰিত হৈ

 চতুৰংগ সেনা হস্তীবাহিনী সমুখত লৈ 

কৱচভেদী আৰু সকলো অস্ত্ৰসহ আন 

সৰ্বশক্তিৰে কৰিলে অজক আক্ৰমণ । 

সৰ্বৈৰ্বলাঙ্গৈৰ্দ্বিৰদপ্ৰধানৈঃ সৰ্বায়ুধৈঃ কঙ্কটভেদিভিশ্চ |

সৰ্বপ্ৰয়ত্নেন চ ভূমিপালাস্তস্মিন্প্ৰজহ্ৰুৰ্যুধি সৰ্ব এব || ৭-৫৯||

শত্ৰুৰ অস্ত্ৰবৰ্ষণে ঢাকি ধৰিলে অজৰ ৰথ 

দেখা গ’ল মাথোন ৰথৰ ওপৰৰ ধ্বজ ।

যেন কুঁৱলীয়ে ঢকা শীতৰ পুৱাত 

ওলাইছে সামান্য পোহৰ বেলিৰ ।

সোঽস্ত্ৰব্ৰজৈশ্ছন্নৰথঃ পৰেষাং ধ্বজাগ্ৰমাত্ৰেণ বভূব লক্ষ্যঃ |

নীহাৰমগ্নো দিনপূৰ্বভাগঃ কিংচিৎপ্ৰকাশেন বিবস্বতেব || ৭-৬০||

এই সংকটকালত মনৰ বিবূধি কাটি কামদেৱ যেন ৰঘুপুত্ৰ অজ 

কৰিলে স্মৰণ প্ৰিয়ম্বদ গন্ধৰ্বপ্ৰাপ্ত ‘প্ৰস্বাপন’ সন্মোহন নিদ্ৰা-অস্ত্ৰ 

সচেতন মনে নিক্ষেপ কৰিলে শত্ৰু ৰজাৰ ওপৰত সেই অস্ত্ৰ । 

(পূৰ্বে ৫ম অধ্যায়ত ৫৩-৫৭ত বৰ্ণিত)

প্ৰিয়ংবদাৎপ্ৰাপ্তমসৌ কুমাৰঃ প্ৰায়ুঙ্ক্ত ৰাজস্বধিৰাজসূনুঃ |

গান্ধৰ্বমস্ত্ৰং কুসুমাস্ত্ৰকান্তঃ প্ৰস্বাপনং স্বপ্ননিবৃত্তলৌল্যঃ || ৭-৬১||

সেই অস্ত্ৰৰ প্ৰভাৱত সৰি পৰিল হাতৰ ধনু

খহি পৰিল শিৰস্ত্ৰাণ হালি পৰিল ধ্বজাৰ খুঁটাত হেলান দি

সম্ৰাটসকলৰ সকলো সেনা পৰিল নিদ্ৰাৰ কোলাত ঢলি ।

ততো ধনুষ্কৰ্ষণমূঢহস্তমেকাংসপৰ্যস্তশিৰস্ত্ৰজালম্ |

তস্থৌ ধ্বজস্তম্ভনিষণ্ণদেহং নিদ্ৰাবিধেয়ং নৰদেবসৈন্যম্ || ৭-৬২||

তাৰ পাছত, 

যি ওঁঠেৰে পান কৰিছিল প্ৰিয়া ইন্দুমতীৰ অধৰামৃত 

সেই ওঁঠেৰে অজই কৰিলে শংখধ্বনি যেন 

অদ্বিতীয় বীৰে যশপান কৰিলে নিজৰ অৰ্জিত ।

ততঃ প্ৰিয়োপাত্তৰসেঽধৰোষ্ঠে নিবেশ্য দধ্মৌ জলজং কুমাৰঃ |

তেন স্বহস্তাৰ্জিতমেকবীৰঃ পিবন্যশো মূৰ্তমিবাবভাসে || ৭-৬৩||

যেতিয়া শুনিলে অজৰ সৈন্যই চিনাকি শংখধ্বনি

দেখিলে উভতি আহি শুই থকা শত্ৰুৰ মাজত আছে অজ থিয় দি

যেন এডৰা ফুলি থকা পদুমৰ মাজত চন্দ্ৰৰ প্ৰতিবিম্ব আছে জ্বলি । 

শঙ্খস্বনাভিজ্ঞতয়া নিবৃত্তাস্তং সন্নশত্ৰুং দদৃশুঃ স্বয়োধাঃ |

নিমীলিতানামিব পঙ্কজানাং মধ্যে স্ফুৰন্ত.ম্ প্ৰতিমাশশাঙ্কম্ || ৭-৬৪||

তেওঁলোকে ৰক্তস্নাত কাঁড়েৰে লিখিলে ৰজাসকলৰ পতাকাত

‘ৰঘুৰ পুত্ৰই যদিও কৰিলে যশোহৰণ কৃপা কৰি নকৰিলে প্ৰাণনাশ’ ।

সশোণিতৈস্তেন শিলীমুখাগ্ৰৈৰ্নিক্ষেপিতাঃ কেতুষু পাৰ্থিবানাম্ |

যশো হৃতং সংপ্ৰতি ৰাঘবেণ ন জীবিতং বঃ কৃপয়েতি বৰ্ণাঃ || ৭-৬৫||

থিয় হৈ  অজই ধনুৰ আগত ভৰ দি, 

অবিন্যস্ত চুলি শিৰস্ত্ৰাণ খুলি

কপালত বিন্দু বিন্দু ঘাম আছে জিলিকি

ক’লে যুঁজৰ ভয়ত ভীতা প্ৰিয়াৰ কাষ চাপি -

স চাপকোটীনিহিতৈকবাহুঃ শিৰস্ত্ৰনিষ্কৰ্ষণভিন্নমৌলিঃ |

ললাটবদ্ধশ্ৰমবাৰিবিন্দুৰ্ভীতাং প্ৰিয়ামেত্য বচো বভাষে || ৭-৬৬||

হে বিদৰ্ভৰ ৰাজকুমাৰী, এবাৰ শত্ৰুলৈ চোৱাঁ তুমি

এটি শিশুৱেও নিব পাৰে এতিয়া তেওঁলোকৰ অস্ত্ৰ কাঢ়ি 

এই বীৰত্ব লৈয়েই আহিছিল তোমাক মোৰ পৰা নিবলৈ জিনি ।

ইতঃ পৰানৰ্ভকহাৰ্যশস্ত্ৰান্বৈদৰ্ভি পশ্যানুমতা ময়াসি |

এবংবিধেনাহবচেষ্টিতেন তৎবং প্ৰাৰ্থ্যসে হস্তগতা মমৈভিঃ || ৭-৬৭|

শুনি দূৰ হ’ল ইন্দুমতীৰ শত্ৰুভয়ৰ বিষাদ

বাষ্পমুক্ত নিৰ্মল দাপোণ হৈ জিলিকি উঠিল মুখ।

তস্যাঃ প্ৰতিদ্বন্দ্বিভবাদ্বিষাদাৎসদ্যো বিমুক্তং মুখমাবভাসে |

নিঃশ্বাসবাষ্পাপগমাৎপ্ৰপন্নঃ প্ৰসাদমাত্মীয়মিবাত্মদৰ্শঃ || ৭-৬৮||

অতি সুখী হৈও লাজতে যদিও প্ৰশংসা নকৰিলে প্ৰিয়তমক

পৰোক্ষভাৱে সখীসকলৰ হতুৱাই কৰিলে অজক অভিনন্দিত ।

প্ৰথম বৰষুণজাকত সিক্ত ভুমিয়ে যেনেকৈ জনায়

ময়ূৰৰ কণ্ঠৰৱেৰে মেঘক মনৰ উলাহ । 

হৃষ্টাপি সা হ্ৰীবিজিতা ন সাক্ষাদ্বাগ্ভিঃ সখীনাং প্ৰিয়মভ্যনন্দৎ |

স্থলী নবাম্ভঃপৃষতাভিবৃষ্টা ময়ূৰকেকাভিৰিবাভ্ৰবৃন্দম্ || ৭-৬৯||

পৰাজিত ৰজাৰ মূৰত বাওঁভৰি থৈ

গৃহাভিমুখী হ’ল নিৰ্দোষ ৰঘুপুত্ৰ

নিষ্কলংক ইন্দুমতীক লৈ।

মূৰ্তিময়ী বিজয়লক্ষ্মী যেন ৰাজকন্যা

ৰথৰ চকা আৰু ঘোঁৰাৰ খুৰাৰ ধূলিৰে

ৰুক্ষ-ধূসৰিত তেওঁৰ কেশ-অলকা ।

ইতি শিৰসি স বামং পাদমাধায় ৰাজ্ঞা-

মুদবহদনবদ্যাং তামবদ্যাদপেতঃ |

ৰথতুৰগৰজোভিস্তস্য ৰূক্ষালকাগ্ৰা

সমৰবিজয়লক্ষ্মীঃ সৈব মূৰ্তা বভূব || ৭-৭০||

আগতেই বাৰ্তা পালে ৰজা ৰঘুৱে

সপত্নীক বিজয়ী পুত্ৰক জনালে অভিনন্দন সগৌৰৱে।

অজৰ হাতত সংসাৰৰ দায়িত্ব অৰ্পণ কৰি

যাব খুজিলে শান্তিৰ বাট বিচাৰি ।

থাকিলে যোগ্য সন্তান-সন্ততি

গৃহস্থীত বাস নকৰে কোনো সূৰ্যবংশী ।

প্ৰথমপৰিগতাৰ্থস্তং ৰঘুঃ সংনিবৃত্তং

বিজয়িনমভিনন্দ্য শ্লাঘ্যজায়াসমেতম্ |

তদুপহিতকুটুম্বঃ শান্তিমাৰ্গোৎসুকোঽভূ-

ন্ন হি সতি কুলধুৰ্যে সূৰ্যবংশ্যা গৃহায় || ৭-৭১||

কবি কালিদাস বিৰচিত ৰঘুবংশৰ সপ্তম অধ্যায় সমাপ্ত।

ইতি শ্ৰীৰঘুবংশে মহাকাব্যে কবিশ্ৰীকালিদাস-

কৃতাবজস্বয়ংবৰাভিগমনো নাম সপ্তমঃ সৰ্গঃ ||

।|  অধ্যায় ৮ ||

থাকোঁতেই অজৰ হাতত বিয়াৰ মংগলসূত্ৰ বন্ধা

ৰঘুৱে হাতত তুলি দিলে দ্বিতীয় ইন্দুমতীস্বৰূপ বসুন্ধৰা ।

অথ তস্য বিবাহকৌতুকং ললিতং বিভ্ৰত এব পাৰ্থিবঃ |

বসুধামপি হস্তগামিনীমকৰাদিন্দুমতীমিবাপৰাম্ || ৮-১||

যিটো বহু দুষ্কৰ্মৰে ৰজাৰ কুমাৰসকলে কৰে আত্মসাৎ

ভোগতৃষ্ণা নথকা অজই গ্ৰহণ কৰিলে পিতাৰ আজ্ঞাত ।

দুৰিতৈৰপি কৰ্তুমাত্মসাৎপ্ৰয়তন্তে নৃপসূনবো হি যৎ |

তদুপস্থিতমগ্ৰহীদজঃ পিতুৰাজ্ঞেতি ন ভোগতৃষ্ণয়া || ৮-২||

বশিষ্টমুনিয়ে ছটিয়ালে পূণ্যজল অজ-মেদিনীৰ অভিষেকত

নিৰ্মল পানীৰ বাষ্পৰ উচ্ছ্বাসেৰে এৰি পৃথিৱীৰ ক’লে- মই কৃতাৰ্থ ।

অনুভূয় বসিষ্ঠসংভৃতৈঃ সলিলৈস্তেন সহাভিষেচনম্ |

বিশদোচ্ছ্বসিতেন মেদিনী কথয়ামাস কৃতাৰ্থতামিব || ৮-৩||

অথৰ্ৱৱেদবিদ বশিষ্টই কৰিলে সংস্কাৰ কৰ্ম

অজ হৈ উঠিল শত্ৰুৰ বাবে দুৰ্ধৰ্ষ ।

কিয়নো বতাহত জুই হোৱাৰ দৰে প্ৰজ্জ্বলিত 

মিলিত হ’ল ব্ৰাহ্মতেজৰ সৈতে ক্ষত্ৰিয় ।

স বভূব দুৰাসদঃ পৰৈৰ্গুৰুণাঽথৰ্ববিদা কৃতক্ৰিয়ঃ |

পবনাগ্নিসমাগমো হ্যয়ং সহিতং ব্ৰহ্ম যদস্ত্ৰতেজসা || ৮-৪||

নতুন নৃপতিক দেখি ভাব হ’ল যেন ৰঘুলৈ নৱযৌৱন ঘূৰি আহিল

অজ কেৱল সম্পদৰে নহয় ৰঘুৰ গুণৰাশিৰো উত্তৰাধিকাৰী আছিল । 

ৰঘুমেব নিবৃত্তয়ৌবনং তমমন্যন্ত নবেশ্বৰং প্ৰজাঃ |

স হি তস্য ন কেবলাং শ্ৰিয়ং প্ৰতিপেদে সকলান্গুণানপি || ৮-৫||

দুজনৰ শুভগুণ যদি এজনৰ মাজত থাকে তেওঁ হয় দুগুণে শোভন

সমৃদ্ধ পিতাৰ পদত অধিষ্ঠিত অজৰ বিনয়েৰে শোভিত নৱ-যৌৱন ।

অধিকং শুশুভে শুভংযুনা দ্বিতয়েন দ্বয়মেব সংগতম্ |

পদমৃদ্ধমজেন পৈতৃকং বিনয়েনাস্য নবং চ যৌবনম্ || ৮-৬||

মহাবাহু অজই সাদৰ ধৈৰ্যৰে ল’লে মেদিনীৰ শাসনভাৰ যেন নকইনা 

যেনেকৈ সকলো উদ্বেগ সহজে লৈ জয় কৰিব পাৰিছিল হঠকাৰিতা ।

সদয়ং বুভুজে মহাভুজঃ সহসোদ্বেগমিয়ং ব্ৰজেদিতি |

অচিৰোপনতাং স মেদিনীং নবপাণিগ্ৰহণাং বধূমিব || ৮-৭||

প্ৰতিজন প্ৰজাই ভাবিছিল প্ৰিয়তম বুলি নিজকে ৰাজনৰ

যিদৰে শত শত নদী গৈ সাগৰত পৰিলেও ঘূৰাই নপঠায়।

অহমেব মতো মহীপতেৰিতি সৰ্বঃ প্ৰকৃতিষ্বচিন্তয়ৎ |

উদধেৰিব নিম্নগাশতেষ্বভবন্নাস্য বিমাননা ক্বচিৎ || ৮-৮||

অতি তীক্ষ্ণও নাছিল অতি মৃদুও নাছিল তেওঁৰ স্বভাৱ

মধ্যমপন্থাত থাকি বশ কৰিও উৎখাত নকৰিছিল অন্য ৰজাক

বতাহে যিদৰে হালিবলৈ বাধ্য কৰি উভালি নেপেলায় গছক ।

ন খৰো ন চ ভূয়সা মৃদুঃ পবমানঃ পৃথিবীৰুহানিব |

স পুৰস্কৃতমধ্যমক্ৰমো নময়ামাস নৃপাননুদ্ধৰন্ || ৮-৯||

ৰঘুৱে দেখিলে পুত্ৰই প্ৰতিষ্ঠা পালে প্ৰজাৰ মাজত

আপোন জ্ঞানেৰে নিস্পৃহ হ’ল 

নশ্বৰ বিষয়সুখেই নহয় স্বৰ্গসুখৰ প্ৰতিও যিহেতু পূৰ্ণতা মনত।

অথ বীক্ষ্য ৰঘুঃ প্ৰতিষ্ঠিতং প্ৰকৃতিষ্বাত্মজমাত্মবত্তয়া |

বিষয়েষু বিনাশধৰ্মসু ত্ৰিদিবস্থেষ্বপি নিঃস্পৃহোঽভবৎ || ৮-১০||

দিলীপবংশজসকলে বয়স হ’লে সঁপে সম্পদৰ ভাৰ গুণৱান পুত্ৰক

বাকলিবসন পিন্ধি সংযমী হৈ অৱলম্বন কৰে বনবাসী সন্ন্যাসীৰ পথ।

গুণবৎসুতৰোপিতশ্ৰিয়ঃ পৰিণামে হি দিলীপবংশজাঃ |

পদবীং তৰুবল্কবাসসাং প্ৰয়তাঃ সংযমিনাং প্ৰপেদিৰে || ৮-১১||

পিতা হ’ল বনবাসী দেখি পুত্ৰ অজই

মুকুটসুশোভিত শিৰ ৰঘুৰ ভৰিত থৈ

জনালে প্ৰাৰ্থনা তেওঁক এৰি নাযায় যেন বনলৈ ।

তমৰণ্যসমাশ্ৰয়োন্মুখং শিৰসা বেষ্টনশোভিনা সুতঃ |

পিতৰং প্ৰণিপত্য পাদয়োৰপৰিত্যাগময়াচতাত্মনঃ || ৮-১২||

অজৰ অশ্ৰুসিক্ত প্ৰাৰ্থনা স্বীকাৰ কৰিলে পুত্ৰৱৎসল ৰঘুৱে

পিছে সাপৰ মোটৰ দৰে এৰা ৰাজ্যভাৰ পুনু গ্ৰহণ নকৰিলে ।

ৰঘুৰশ্ৰুমুখস্য তস্য তৎকৃতবানীপ্সিতমাত্মজপ্ৰিয়ঃ |

ন তু সৰ্প ইব তৎবচং পুনঃ প্ৰতিপেদে ব্যপবৰ্জিতাং শ্ৰিয়ম্ || ৮-১৩||

জীৱনৰ শেষকাল আশ্ৰম পাতি নগৰপ্ৰান্তত অতিবাহিত কৰিলে 

তাতেই পালে পুত্ৰশাসিত ৰাজলক্ষ্মীৰ সেৱা পুত্ৰবধুৰ সেৱাৰ দৰে ।

স কিলাশ্ৰমমন্ত্যমাশ্ৰিতো নিবসন্নাবসথে পুৰাদ্বহিঃ |

সমুপাস্যত পুত্ৰভোগ্যয়া স্নুষয়েবাবিকৃতেন্দ্ৰিয়ঃ শ্ৰিয়া || ৮-১৪||

পূৰ্বৰ ৰজাই ল’লে অৱসৰ প্ৰশান্তিত নতুন ৰজা শাসনত জিলিকিল

দুয়োকে আকাশত একেলগে অস্তমিত চন্দ্ৰ আৰু উদিত সূৰ্য যেন লাগিল।

প্ৰশমস্থিতপূৰ্বপাৰ্থিবং কুলমভ্যদ্যতনূতনেশ্বৰম্ |

নভসা নিভৃতেন্দুনা তুলামুদিতাৰ্কেণ সমাৰুৰোহ তৎ || ৮-১৫||

পিতা-পুত্ৰক সন্ন্যাসী আৰু ৰজাৰ বেশত দেখিলে প্ৰজাই

পৃথিৱীত স্বয়ং যেন ধৰ্মৰ দুই অংশ মোক্ষ আৰু অভ্যুদয় ।

যতিপাৰ্থিবলিঙ্গধাৰিণৌ দদৃশাতে ৰঘুৰাঘবৌ জনৈঃ |

অপবৰ্গমহোদয়াৰ্থয়োৰ্ভুবমংশাবিব ধৰ্ময়োৰ্গতৌ || ৮-১৬||

অসিদ্ধিক সিদ্ধ কৰিবৰ বাবে অজই মন্ত্ৰণা কৰিলে 

নীতিশাস্ত্ৰজ্ঞ মন্ত্ৰীমণ্ডলীৰ লগত

অক্ষয় মুক্তিজ্ঞানৰ বাবে ৰঘু থাকিল

তত্ত্বদৰ্শী যোগীসকলৰ সংগত ।

অজিতাধিগমায় মন্ত্ৰিভিৰ্যুয়ুজে নীতিবিশাৰদৈৰজঃ |

অনুপায়িপদোপপ্ৰাপ্তয়ে ৰঘুৰাপ্তৈঃ সমিয়ায় যোগিভিঃ || ৮-১৭||

যুৱক ৰজাই পৃথিৱী ৰক্ষাৰ্থে গ্ৰহণ কৰিলে বিচাৰকৰ আসন

পৱিত্ৰ কুশৰ আসনত বহি প্ৰৱীণ ৰজাই কৰিলে ধ্যান ।

নৃপতিঃ প্ৰকৃতীৰবেক্ষিতুং ব্যবহাৰাসনমাদদে যুবা |

পৰিচেতুমুপাংশু ধাৰণাং কুশপূতং প্ৰবয়াস্তু বিষ্টৰম্ || ৮-১৮||

শক্তি আৰু সম্পদৰ প্ৰভুত্বৰে এজনে কৰিলে শত্ৰুৰজাক দমন

আনজনে যোগবলেৰে কৰিলে শৰীৰৰ পঞ্চবায়ুক নিয়ন্ত্ৰণ ।

অনয়ৎপ্ৰভুশক্তিসংপদা বশমেকো নৃপতীননন্তৰান্ |

অপৰঃ প্ৰণিধানয়োগ্যয়া মৰুতঃ পঞ্চ শৰীৰগোচৰান্ || ৮-১৯||

নতুন ৰজাই শত্ৰুৰ সকলো উদ্যোগ কৰিব খুজিলে ভষ্ম

ইজনে জ্ঞানৰ বহ্নিত পুৰিব খুজিলে নিজৰ সকলো কৰ্ম ।

অকৰোদচিৰেশ্বৰঃ ক্ষিতৌ দ্বিষদাৰম্ভফলানি ভস্মসাৎ |

ইতৰো দহনে স্বকৰ্মণাং ববৃতে জ্ঞানময়েন বহ্নিনা || ৮-২০||

পৰিণামৰ কথা ভাবিগুণি কৰি অজই সন্ধি আদি ছটি গুণ কৰিলে প্ৰয়োগ

ৰঘুৱে সোণ আৰু কাঠক সমবুদ্ধি কৰি প্ৰকৃতিৰ ত্ৰিগুণ কৰিলে জয় ।

পণবন্ধমুখান্গুণানজঃ ষডুপায়ুঙ্ক্ত সমীক্ষ্য তৎফলম্ |

ৰঘুৰপ্যজয়ৎগুণত্ৰয়ং প্ৰকৃতিস্থং সমলোষ্টকাঞ্চনঃ || ৮-২১||

কাৰ্যসিদ্ধি নোহোৱা পৰ্যন্ত নিষ্ঠাৰে লাগি থাকিলে কামত নবীন ৰাজন

প্ৰৱীণ পিতাই পৰমাত্মাৰ দৰ্শন নোপোৱালৈকে ত্যাগ নকৰিলে যোগাসন । 

ন নবঃ প্ৰভুৰা ফলোদয়াৎস্থিৰকৰ্মা বিৰৰাম কৰ্মণঃ |

ন চ যোগবিধেৰ্নবেতৰঃ স্থিৰধীৰা পৰমাত্মদৰ্শনাৎ || ৮-২২||

তেওঁলোক জাগ্ৰত হৈ ৰ’ল শত্ৰুদমন আৰু ইন্দ্ৰিয়ভোগ সংযমত

দুয়ো সফল হ’ল অভ্যুদয় আৰু মোক্ষলাভ দুই অভীষ্ট সিদ্ধিত।

ইতি শত্ৰুষু চেন্দ্ৰিয়েষু চ প্ৰতিষিদ্ধপ্ৰসৰেষু জাগ্ৰতৌ |

প্ৰসিতাবুদয়াপবৰ্গয়োৰুভয়ীং সিদ্ধিমুভাববাপতুঃ || ৮-২৩||

সমগ্ৰ ভূততে সমদৰ্শী ৰঘুৱে অজৰ শাসন

নিৰপেক্ষ হৈ চাই থাকিল কিছু বছৰ

তাৰ পাছত যোগসমাধিত বহি মিলি গ’ল

তমসাৰ অতীত অবিনাশী পৰমাত্মাত ।

অথ কাশ্চিদজব্যপেক্ষয়া গময়িৎবা সমদৰ্শনঃ সমাঃ |

তমসঃ পৰমাপদব্যয়ং পুৰুষং যোগসমাধিনা ৰঘুঃ || ৮-২৪||

পিতাৰ দেহ বিসৰ্জনৰ কথা শুনি কান্দিলে অজই মহাদুখেৰে 

বিধিমতে সন্ন্যাসীসৱৰ দৰে 

অগ্নিসংস্কাৰৰহিত অন্তেষ্টিক্ৰিয়া সমাপণ কৰিলে। 

শ্ৰুতদেহবিসৰ্জনঃ পিতুশ্চিৰমশ্ৰূণি বিমুচ্য ৰাঘবঃ |

বিদধে বিধিমস্য নৈষ্ঠিকং যতিভিঃ সাৰ্ধমনগ্নিৰগ্নিচিৎ || ৮-২৫||

পিতৃভক্ত বাবেই পিতৃবিয়োগৰ বিধান মানি কৰিলে পৰলৌকিক শ্ৰাদ্ধ

কিয়নো এনেদৰে দেহত্যাগ কৰাসকলে নকৰে আকাংক্ষা পিণ্ড ।

অকৰোৎস তদৌৰ্ধ্বদৈহিকং পিতৃভক্ত্যা পিতৃকাৰ্যকল্পবিৎ |

ন হি তেন পথা তনুত্যজস্তনয়াবৰ্জিতপিণ্ডকাঙ্ক্ষিণঃ || ৮-২৬||

যি পিতাই পালে পৰমগতি তেওঁৰ বাবে বৃথা হৈ শোকাতুৰ 

দূৰ কৰিলে মনোব্যথা শাস্ত্ৰজ্ঞৰ উপদেশ কৰি শ্ৰৱণ।

হাতে ধৰি ধনুৰ্বাণ প্ৰতিপক্ষক দমন কৰি কৰিলে জগত শাসন ।

স পৰাৰ্ধ্যগতেৰশোচ্যতাং পিতুৰুদ্দিশ্য সদৰ্থবেদিভিঃ |

শমিতাধিৰধিজ্যকাৰ্মুকঃ কৃতবানপ্ৰতিশাসনং জগৎ || ৮-২৭||

পৌৰুষোজ্জ্বল অজক অধিপতিৰূপে পাই পৃথিৱী হ’ল ৰত্ন-প্ৰসৱিনী

এটি সুন্দৰ বীৰপুত্ৰৰ জননী হ’ল মহাৰাণী ইন্দুমতী ।

ক্ষিতিৰিন্দুমতী চ ভামিনী পতিমাসাদ্য তমগ্ৰ্যপৌৰুষম্ |

প্ৰথমা বহুৰত্নসূৰভূদপৰা বীৰমজীজনৎসুতম্ || ৮-২৮||

দশোদিশ পোহৰাই তোলা হাজাৰ পোহৰ-ৰেখাৰ দৰে উজ্জ্বল

নাম-যশো বিয়পি যাব দশোদিশে জনক দশানন ঘাতকৰ 

বিজ্ঞ পণ্ডিতসবে জানি নাম থ’লে দশৰথ ।

দশৰশ্মিশতোপমদ্যুতিং যশসা দিক্ষু দশস্বপি শ্ৰুতম্ |

দশপূৰ্বৰথং যমাখ্যয়া দশকণ্ঠাৰিগুৰুং বিদুৰ্বুধাঃ || ৮-২৯||

এইদৰেই অজই বিদ্যাৰ্জন, যাগ-যজ্ঞ আৰু পুত্ৰজন্মৰে

ঋষিঋণ, দেৱঋণ আৰু পিতৃঋণ পৰিশোধ কৰিলে । 

ঋষিদেৱগণস্বধাভুজাং শ্ৰুতয়াগপ্ৰসবৈঃ স পাৰ্থিবঃ |

অনৃণৎবমুপেয়িবান্বভৌ পৰিধেৰ্মুক্ত ইবোষ্ণদীধিতিঃ || ৮-৩০||

অজৰ শক্তি আছিল বিপন্নসকলৰ ভয় দূৰৰ বাবে

বিদ্যা আছিল বিদ্বানলোকৰ সেৱা-সৎকাৰৰ বাবে

তেওঁৰ ধন আৰু গুণ কেৱল উৎসৰ্গিত লোকহিতাৰ্থে ।

বলমাৰ্তভয়োপশান্তয়ে বিদুষাং সৎকৃতয়ে বহু শ্ৰুতম্ |

বসু তস্য বিভোৰ্ন কেবলং গুণবত্তাপি পৰপ্ৰয়োজনা || ৮-৩১||

এদিন সেই প্ৰজাপালক ৰজা সুপুত্ৰৰ পিতা

সকলো দেখি সমৃদ্ধ বিহাৰ কৰি আছিল নগৰৰ উপবনত

যেন শচীৰ সৈতে ইন্দ্ৰৰ বিহাৰ সৰগৰ নন্দন কাননত ।

স কদাচিদবেক্ষিতপ্ৰজঃ সহ দেব্যা বিজহাৰ সুপ্ৰজাঃ |

নগৰোপবনে শচীসখো মৰুতাং পালয়িতেব নন্দনে || ৮-৩২||

সেই সময়তে দেৱৰ্ষি নাৰদ গৈছিল আকাশী পথেৰে

সূৰুযৰ দক্ষিণায়ণৰ দিশে দক্ষিণসাগৰৰ পাৰলৈ 

মহাদেৱক শুনাবলৈ বীণাৰ সুৰ গোকৰ্ণৰ মন্দিৰলৈ।

অথ ৰোধসি দক্ষিণাদধেঃ শ্ৰিতগোকৰ্ণনিকেতমীশ্বৰম্ |

উপবীণয়িতুং যয়ৌ ৰবেৰুদয়াবৃত্তিপথেন নাৰদঃ || ৮-৩৩||

বীণাৰ আগত বন্ধা আছিল এধাৰি দিব্যপুষ্পৰ মালা

সমীৰে উৰুৱাই নিলে যেন তাৰ সুৱাসত হৈ মতলীয়া ।

কুসুমৈৰ্গ্ৰথিতামপাৰ্থিবৈঃ স্ৰজমাতোদ্যশিৰোনিবেশিতাম্ |

অহৰৎকিল তস্য বেগবানধিবাসস্পৃহয়েব মাৰুতঃ || ৮-৩৪||

ফুলৰ সুৱাসত বীণখনক ঘেৰি থকা ভোমোৰাৰ দল 

যেন বতাহে কৰা সেই অপমানত বৈ অহা অশ্ৰুজল ।

ভ্ৰমৰৈঃ কুসুমানুসাৰিভিঃ পৰিকীৰ্ণা পৰিবাদিনী মুনেঃ |

দদৃশে পবনাপলেপজং সৃজতী বাষ্পমিবাঞ্জনাবিলম্ || ৮-৩৫||

মালাধাৰি আমোলমোল ফুলৰ মৌৰ গোন্ধত

বসন্তৰ তৰুলতাৰ শোভাতকৈও অধিক

উৰি গৈ পৰিলগৈ ৰজাৰ প্ৰিয়তমাৰ সুকোমল স্তনত ।

অভিভূয় বিভূতিমাৰ্তবীং মধুগন্ধাতিশয়েন বীৰুধাম্ |

নৃপতেৰমৰস্ৰগাপ সা দয়িতোৰুস্তনকোটিসুস্থিতীম্ || ৮-৩৬||

ভৰাবুকুৰ মাজতে সখীৰ দৰে সাবটি ধৰা মালাধাৰিলৈ চালে ক্ষণিকলৈ

তাৰ পাছতে সহিব নোৱাৰি ৰাহুগ্ৰস্ত চন্দ্ৰমাৰ দৰে ৰজাৰ প্ৰিয়াই চকু মুদিলে ।

ক্ষণমাত্ৰসখীং সুজাতয়োঃ স্তনয়োস্তামবলোক্য বিহ্বলা |

নিমিমীল নৰোত্তমপ্ৰিয়া হৃতচন্দ্ৰা তমসেব কৌমুদী || ৮-৩৭||

ইন্দুমতী মাটিত বাগৰি পৰোতে চেতনাহীন শৰীৰটোৰে

স্বামীও হ’ল ভূ-লুণ্ঠিত যেন চাকিৰ শিখা মাটিত পৰিলে

শলিতাৰ তেলো তাৰ সৈতে মাটিত পৰে ।

বপুষা কৰণোজ্ঝিতেন সা নিপতন্তী পতিমপ্যপাতয়ৎ |

ননু তৈলনিষেকবিন্দুনা সহ দীপাৰ্চিৰুপৈতি মেদিনীম্ || ৮-৩৮||

দুয়োকে পৰিৱেষ্টিত কৰি ৰখা 

অনুচৰৰ তুমুল আৰ্তনাদত

কাষৰ পদুমসৰোবৰৰ ত্ৰস্ত পখীয়ে 

কৰিলে ক্ৰন্দন যেন  সমবেদনাত । 

উভয়োৰপি পাৰ্শ্ববৰ্তিনাং তুমুলেনাৰ্তৰবেণ বেজিতাঃ |

বিহগাঃ কমলাকৰালয়াঃ সমদুঃখা ইব তত্ৰ চুক্ৰুশুঃ || ৮-৩৯||

পানী আৰু বা দি চেতনা আনিলে ৰজাৰ

ৰাণী কিন্তু তেনেদৰেই পৰি ৰ’ল 

আয়ূ থাকিলেহে ফলপ্ৰসূ হয় প্ৰতিকাৰ ।

নৃপতেৰ্ব্যজনাদিভিস্তমো নুনুদে সা তু তথৈব সংস্থিতা |

প্ৰতিকাৰবিধানমায়ুষঃ সতি শেষে হি ফলায় কল্পতে || ৮-৪০||

তাঁৰ ছিঙি যোৱা বীণাৰ দৰে নিষ্প্ৰাণ দেহাটি 

প্ৰিয়াবল্লভ ৰজাই কোলাত তুলি ল’লে দুহাতে সাবটি ।

প্ৰতিয়োজয়িতব্যবল্লকীসমবস্থামথ সত্ত্ববিপ্লবাৎ |

স নিনায় নিতান্তবৎসলঃ পৰিগৃহ্যোচিতমঙ্কমঙ্গনাম্ || ৮-৪১||

কোলাত লৈ প্ৰিয়তমাৰ দেহ নিস্তেজ বিৱৰ্ণ 

অজ যেন মৃগৰ কলংক অঁকা পুৱাৰ শেঁতা জোন ।

পতিৰঙ্কনিষণ্ণয়া তয়া কৰণাপায়বিভিন্নবৰ্ণয়া |

সমলক্ষ্যত বিভ্ৰদাবিলাং মৃগলেখামুষসীব চন্দ্ৰমাঃ || ৮-৪২||

লোহাও গলি যায় অতি দহনত কিনো ক’ম মানুহৰ শৰীৰৰ কথা

অজৰ বাষ্পাকুল বিলাপত  হেৰাল স্বাভাৱিক দৃঢ়তা ।

বিললাপ স বাষ্পগদ্গদং সহজামপ্যপহায় ধীৰতাম্ |

অভিতপ্তময়োঽপি মাৰ্দবং ভজতে কৈব কথা শৰীৰিষু || ৮-৪৩||

ফুল আহি গাত পৰিলেও যদি প্ৰাণবায়ু উৰি গ’ল 

প্ৰাণঘাতী প্ৰহাৰৰ বাবে বিধাতাৰ কি সাধন বাকী ৰ’ল ।

কুসুমান্যপি গাত্ৰসংগমাৎপ্ৰভবন্ত্যায়ুৰপোহিতুং যদি |

ন ভবিষ্যতি হন্ত সাধনং কিমিবান্যৎপ্ৰহৰিষ্যতো বিধেঃ || ৮-৪৪||

অথবা যমৰাজ হয়তো কোমল বস্তুক কোমল অস্ত্ৰৰেই সংহাৰ কৰে

আগতেও নিদৰ্শন আছে পদ্মিনীৰ বিনাশ কৰে যেন তুষাৰপাতে ।

অথবা মৃদু বস্তু হিংসিতুং মৃদুনৈবাৰভতে প্ৰজান্তকঃ |

হিমসেকবিপত্তিৰত্ৰ মে নলিনী পূৰ্বনিদৰ্শনং মতা || ৮-৪৫||

এই ফুলৰ মালাই যদি প্ৰাণঘাতী হয় 

মোৰ বুকু থওঁতে কিয় মোৰ প্ৰাণ নাযায়

ঈশ্বৰৰ ইচ্ছাতে বিষো অমৃত হয়

অমৃতো বিষত পৰিণত হয় ।

স্ৰগিয়ং যদি জীবিতাপহা হৃদয়ে কিং নিহিতা ন হন্তি মাম্ |

বিষমপ্যমৃতং ক্বচিদ্ভবেদমৃতং বা বিষমীশ্বৰেচ্ছয়া || ৮-৪৬||

অথবা ই আছিল মোৰেই ভাগ্যৰ বিপৰ্যয়

কপালত লিখা আছিল বিনামেঘে বজ্ৰপাত 

নপৰিল গছৰ গাত পৰিল মেৰিয়াই থকা লতাত।

অথবা মম ভাগ্যবিপ্লবাদশনিঃ কল্পিত এব বেধসা |

যদনেন তৰুৰ্ন পাতিতঃ ক্ষপিতা তদ্বিটপাশ্ৰিতা লতা || ৮-৪৭||

দোষ কৰিলেও মই নোলোৱা কোনোদিন তুমি মুখ ঘূৰাই

আজি বিনা দোষতে আছা, মুখৰ মাত এষাৰো  নাই ।

কৃতবত্যসি নাবধীৰণামপৰাদ্ধেঽপি যদা চিৰং ময়ি |

কথমেকপদে নিৰাগসং জনমাভাষ্যমিমং ন মন্যসে || ৮-৪৮||

হে স্মিত সুন্দৰ হাঁহিৰ গৰাকিনী, 

তুমি ভাবিছা নেকি মোক কপট প্ৰেমিক বুলি 

সেয়ে গুচি গ’লা তুমি একো নোকোৱাকৈ 

কোনো দিন উভটি নহা পৰলোকলৈ ।

ধ্ৰুবমস্মি শঠঃ শুচিস্মিতে বিদিতঃ কৈতববৎসলস্তব |

পৰলোকমসংনিবৃত্তয়ে যদনাপৃচ্ছ্য গতাসি মামিতঃ || ৮-৪৯||

প্ৰেয়সীক ধিয়াই যদি যাব খুজিছিলেই প্ৰাণ মোৰ 

তেন্তে ঘূৰি আহিল কিয় অবিহনে তেওঁৰ ।

কৰ্মফলৰ যাতনা ভূগিবলৈ মোৰ হতশ্ৰী জীৱনৰ।

দয়িতাং যদি তাবদন্বগাদ্বিনিবৃত্তং কিমিদং তয়া বিনা |

সহতাং হতজীবিতং মম প্ৰবলামাত্মকৃতেন বেদনাম্ || ৮-৫০||

তোমাৰ মুখত এতিয়াও শুকোৱা নাই ৰতিসুখৰ  ঘাম

অথচ তুমি এৰিলা সেই দেহ ধিক মানুহৰ এই জীৱন  ।

সুৰতশ্ৰমসংভৃতো মুখে ধ্ৰিয়তে স্বেদলবোদ্গমোঽপি তে |

অথ চাস্তমিতাৎবমাত্মনা ধিগিমাং দেহভৃতামসাৰতাম্ || ৮-৫১||

সঁচাই নামতেহে পৃথিৱীৰ পতি মই 

মোৰ সঁচা ভালপোৱা তোমাৰ বাবেই

ভাবনাতো গোপনে কৰা নাই তোমাৰ অপ্ৰিয় একো

তথাপি মোক কৰিলা ত্যাগ কিয়নো।

মনসাপি ন বিপ্ৰিয়ং ময়া কৃতপূৰ্বং তব কিং জহাসি মাম্ |

ননু শব্দপতিঃ ক্ষিতেৰহং তৎবয়ি মে ভাবনিবন্ধনা ৰতিঃ || ৮-৫২||

হে কৰভোৰু! তোমাৰ ভোমোৰাৰ দৰে ক’লা চুলিটাৰি ফুলৰ সুৱাসভৰা 

বতাহত উৰোঁতে এনে লাগিছে যেন তুমি মোৰ কাষলৈ উভতি আহিছা ।

কুসুমোৎখচিতান্বলীভৃতশ্চলয়ন্ভৃঙ্গৰুচস্তবালকান্ |

কৰভোৰু কৰোতি মাৰুতস্ত্বদুপাবৰ্তনশঙ্কি মে মনঃ || ৮-৫৩||

সেয়ে তুমি জাগি উঠাঁ আৰু মোৰ সকলো বিষাদ কৰাঁ দূৰ ।

যেনেকৈ ৰাতি উজলি তৃণজ্যোতি ঔষধি গছে 

নাশ কৰে হিমালয়ৰ গুহাৰ অন্ধকাৰ ।

তদপোহিতুমৰ্হসি প্ৰিয়ে প্ৰতিবোধেন বিষাদমাশু মে |

জ্বলিতেন গুহাগতং তমস্তুহিনাদ্ৰেৰিব নক্তমোষধিঃ || ৮-৫৪||

ৰাতি পাহি জপোৱা এপাহি পদ্মৰ মাজত ৰৈ যোৱা গুঞ্জনহীন মৌমাখি যেন

তোমাৰ আউল-বাউল চুলিয়ে ঢকা মুখনিয়ে মোক একো কোৱা নাই ।

ইদমুচ্ছ্বসিতালকং মুখং তব বিশ্ৰান্তকথং দুনোতি মাম্ |

নিশি সুপ্তমিবৈকপঙ্কজং বিৰতাভ্যন্তৰষট্পদস্বনম্ || ৮-৫৫||

চন্দ্ৰ আৰু ৰাতিৰ পুনৰ মিলন হ’ব দিন শেষ হ’লে

প্ৰেমিকা চাকৈ পুনৰ মিলিত হ’ব চকোৱাৰ সৈতে

সেই সেই বিচ্ছেদ সিহঁতে সহিব পাৰে ।

তুমিতো বিদায় ল’লা চিৰদিনলৈ

অন্তহীন বিৰহত নমৰিম নে মই দগ্ধ হৈ ।

শশিনং পুনৰেতি শৰ্বৰী দয়িতা দ্বন্দ্বচৰং পতত্ৰিণম্ |

ইতি তৌ বিৰহান্তৰক্ষমৌ কথমত্যন্তগতা ন মাং দহেঃ || ৮-৫৬||

কুমলীয়া পাতৰ বিছনাতো তোমাৰ ননীৰ শৰীৰত হৈছিল কষ্ট 

হে সুন্দৰ উৰুৰ গৰাকিনী, এতিয়ানো কেনেকৈ সহিবা চিতাকাঠ ।

নবপল্লবসংস্তৰেঽপি তে মৃদু দূয়েত যদঙ্গমৰ্পিতম্ |

তদিদং বিষহিষ্যতে কথং বদ বামোৰু চিতাধিৰোহণম্ || ৮-৫৭||

অকলশৰে যেতিয়া এবাগৰ দিছিলা 

কঁকালৰ এই কিংকিনী আছিল সংগী

আজি নীৰৱ  গতিহীনতাত তোমাৰ

যেন চিৰনিদ্ৰাত তোমাকেই কৰিছে অনুসৰণ ।

ইয়মপ্ৰতিবোধশায়িনীং ৰশনা চৎবাং প্ৰথমা ৰহঃসখী |

গতিবিভ্ৰমসাদনীৰবা ন শুচা নানু মৃতেব লক্ষ্যতে || ৮-৫৮||

তোমাৰ কণ্ঠস্বৰ থৈ গৈছা কোকিলৰ কাকলিত

মদালসা গতি থৈ গৈছা ৰাজহাঁহৰ খোজত

মোহিনী দৃষ্টি থৈ গৈছা হৰিণৰ চাৱনিত

তোমাৰ চঞ্চলতা বতাহত কম্পিত লতাই লতাই । 

কলমন্যভৃতাসু ভাসিতং কলহংসীষু মদালসং গতম্ |

পৃষতীষু বিলোলমীক্ষিতং পবনাধূতলতাসু বিভ্ৰমাঃ || ৮-৫৯||

সঁচাই তোমাৰ সকলো গুণ এৰি গ’লা মোৰ বাবে সৰগলৈ যাওঁতে

কিন্তু বিৰহত আতুৰ মোৰ হৃদয়ক বুজাব নোৱাৰোঁ কোনোপ্ৰকাৰে ।

ত্ৰিদিবোৎসুকয়াপ্যবেক্ষ্য মাং নিহিতাঃ সত্যমমী গুণাস্ত্বয়া |

বিৰহে তব মে গুৰুব্যথং হৃদয়ং ন ৎববলম্বিতুং ক্ষমাঃ || ৮-৬০||

তুমি কৰিছিলা পৰিকল্পনা পাতি দিবলৈ যোৰ 

উপবনৰ আমগছ আৰু প্ৰিয়ংগুলতাৰ

ভাল নহয় এয়া নপতাকৈয়ে সেই বিয়া বিদায় লোৱাৰ ।

মিথুনং পৰিকল্পিতং তৎবয়া সহকাৰঃ ফলিনী চ নন্বিমৌ |

অবিধায় বিবাহসৎক্ৰিয়ামনয়োৰ্গম্যত ইত্যসাংপ্ৰতম্ || ৮-৬১||

তুমি গৰ্ভাৱস্থাত পদাঘাত কৰি ফুলাই তুলিছিলা অশোকজুপি

যি ফুলেৰে ফুলাম কৰিছিলা তোমাৰ অলকা

সেই গছৰেই ফুলেৰেই কেনেকৈ সজাওঁ চিতাৰ মালা ।

কুসুমং কৃতদোহদস্ত্বয়া যদশোকোঽযমুদীৰয়িষ্যতি |

অলকাভৰণং কথং নু তত্তব নেষ্যামি নিবাপমাল্যতাম্ || ৮-৬২||

হে মোৰ আকাংক্ষিতা, 

পৰশ সুঁৱৰি তোমাৰ ৰুণজুন নূপুৰ পিন্ধা চৰণৰ 

অশোকজুপিয়ে বৰ্ষণ কৰিছে কুসুমাশ্ৰু হৈ শোকাতুৰ ।

স্মৰতেব সশব্দনূপুৰং চৰণানুগ্ৰহমন্যদুৰ্লভম্ |

অমুনা কুসুমাশ্ৰুবৰ্ষিণা তৎবমশোকেন সুগাত্ৰি শোচ্যসে || ৮-৬৩||

হে কিন্নৰকণ্ঠী ! শুই পৰিলা কিয়

তোমাৰ নিশ্বাসৰ দৰে সুৱাসৰ বকুলফুলৰে 

তুমি আৰু মই মিলি গঁথা 

তোমাৰ কঁকালৰ কিংকিণী এতিয়াও আধৰুৱা ।

তব নিঃশ্বসিতানুকাৰিভিৰ্বকুলৈৰৰ্ধচিতাং সমং ময়া |

অসমাপ্য বিলাসমেখলাং কিমিদং কিন্নৰকণ্ঠি সুপ্যতে || ৮-৬৪||

সখীসকল তোমাৰ সুখে-দুখে লগৰীয়া

প্ৰতিপদৰ জোনৰ দৰে তোমাৰ পুত্ৰ

আৰু মই একান্তই তোমাৰ অনুগত

তথাপি এনেকৈ এৰি যোৱাটো সঁচাই নিষ্ঠুৰ ।

সমদুঃখসুখঃ সখীজনঃ প্ৰতিপচ্চন্দ্ৰনিভোঽযমাত্মজঃ |

অহমেকৰসস্তথাপি তে ব্যবসায়ঃ প্ৰতিপত্তিনিষ্ঠুৰঃ || ৮-৬৫||

মোৰ ধৈৰ্যৰ ছিঙিছে বান্ধ, নাই প্ৰেম-সম্ভোগ, সংগীতো স্তব্ধ 

ঋতুৰ উৎসৱ নাই, আভূষণৰো নাই প্ৰয়োজন, মোৰ শয্যাও শূন্য ।

ধৃতিৰস্তমিতা ৰতিশ্চ্যুতা বিৰতং গেয়মৃতুৰ্নিৰুৎসবঃ |

গতমাভৰণপ্ৰয়োজনং পৰিশূন্যং শয়নীয়মদ্য মে || ৮-৬৬||

মোৰ গৃহিণী, পৰামৰ্শদাত্ৰী, নিঃসংগতাত সখী, ললিতকলাৰ প্ৰিয় ছাত্ৰী 

মোৰ কাষৰ পৰা তোমাক লৈ গ’ল বিধাতাই মোক অকলে এৰি।

গৃহিণী সচিবঃ সখী মিথঃ প্ৰিয়শিষ্যা ললিতে কলাবিধৌ |

কৰুণাবিমুখেন মৃত্যুনা হৰতা তৎবাং বদ কিং ন মে হৃতম্ || ৮-৬৭||

হে মদিৰাক্ষি ! তুমি পান কৰিছিলা মই খাই এৰা সুমিষ্ট মদিৰা

আজি পৰলোকত মোৰ অশ্ৰুজলৰ অঞ্জলি কিদৰে পান কৰিবা ।

মদিৰাক্ষি মদাননাৰ্পিতং মধু পীৎবা ৰসবৎকথং নু মে |

অনুপাস্যসি বাষ্পদূষিতং পৰলোকোপনতং জলাঞ্জলিম্ || ৮-৬৮||

ৰাজ ঐশ্বৰ্য থাকিলেও অজৰ সকলো সুখ হ’ল অন্ত

কোনো মনোলোভা বিষয়ে মোক নকৰে আকৰ্ষণ

তোমাক কেন্দ্ৰ কৰিয়েই আছিল মোৰ সুখ-বিনোদন ।

বিভবেঽপি সতি তৎবয়া বিনা সুখমেতাবদজস্য গণ্যতাম্ |

অহৃতস্য বিলোভনান্তৰৈৰ্মম সৰ্বে বিষয়াস্ত্বদাশ্ৰয়াঃ || ৮-৬৯||

কোশলাধিপতিয়ে কৰিলে কৰুণ বিলাপ প্ৰিয়তমাক হেৰুৱাই

শুনি তৰু-তৃণয়ো কৰিলে ক্ৰন্দন ডালৰ দ্ৰৱিত ৰস ভূমিত নিগৰাই  ।

বিলপন্নিতি কোসলাধিপঃ কৰুণাৰ্থগ্ৰথিতং প্ৰিয়াং প্ৰতি |

অকৰোৎপৃথিবীৰুহানপি স্ৰুতশাখাৰসবাষ্পদূষিতান্ || ৮-৭০||

আত্মীয়-স্বজনে কোনোমতে মুক্ত কৰিলে ৰজাৰ বাহুৰ পৰা সুন্দৰীক

অন্তিম সাজেৰে সজাই সমৰ্পিলে অগৰু-চন্দন কাঠৰ চিতাজুইত।

অথ তস্য কথংচিদঙ্কতঃ স্বজনস্তামপনীয় সুন্দৰীম্ |

বিসসৰ্জ তদন্ত্যমণ্ডনামনলায়াগুৰুচন্দনৈধসে || ৮-৭১||

ইচ্ছা নাথাকিলেও জীয়াই থকাৰ

দেহ উৎসৰ্গা নকৰিলে চিতাগ্নিত প্ৰিয়াৰ

বিদ্বান ৰজাক অপবাদে চোৱে বুলি সহমৰণৰ।

প্ৰমদামনু সংস্থিতঃ শুচা নৃপতিঃ সন্নিতি বাচ্যদৰ্শনাৎ |

ন চকাৰ শৰীৰমগ্নিসাৎসহ দেব্যা ন তু জীবিতাশয়া || ৮-৭২||

দহদিনৰ পাছত সকলো নিয়ম মানি নগৰৰ সেই উপবনতে

অজই গুণৱতী পত্নীৰ শ্ৰাদ্ধ অনুষ্ঠান সমাপণ কৰিলে।

অথ তেন দশাহতঃ পৰে গুণশেষামপদিশ্য ভামিনীম্ |

বিদুষা বিধয়ো মহৰ্দ্ধয়ঃ পুৰ এবোপবনে সমাপিতাঃ || ৮-৭৩||

ইন্দুমতী অবিহনে যেতিয়া নগৰীলৈ ঘূৰিল অজ

এনে লাগিল যেন তেওঁ শেহৰাতিৰ মোলান পৰা চন্দ্ৰ ।

সেই শোকৰ প্ৰৱাহ নগৰৰ নাৰীসকলৰ অশ্ৰুধাৰাত । 

স বিবেশ পুৰীং তয়া বিনা ক্ষণদাপায়শশাঙ্কদৰ্শনঃ |

পৰিবাহমিবাবলোকয়ন্স্বশুচঃ পৌৰবধূমুখাশ্ৰুষু || ৮-৭৪||

যজ্ঞৰ বাবে দীক্ষিত হৈ আশ্ৰমত থকা কুলগুৰু বশিষ্টই

যেতিয়া জানিলে শোকত বিকল ৰজা ৰঘুৰ বিষয়ে

এক শিষ্যৰ মুখেৰে এটি বাৰ্তা পঠিয়ালে । 

অথ তং সবনায় দীক্ষিতঃ প্ৰণিধানাদ্গুৰুৰাশ্ৰমস্থিতঃ |

অভিষঙ্গজডং বিজজ্ঞিবানিতি শিষ্যেণ কিলান্ববোধয়ৎ || ৮-৭৫||

যিহেতু মুনিৰ যজ্ঞ সমাপণ হোৱা নাই এতিয়াও

নিজে আহি প্ৰকৃতিস্থ কৰিব পৰা নাই আপোনাক 

আপোনাৰ শোক-সন্তাপৰ কথা জানিও ।

অসমাপ্তবিধিৰ্যতো মুনিস্তব বিদ্বানপি তাপকাৰণম্ |

ন ভবন্তমুপস্থিতঃ স্বয়ং প্ৰকৃতৌ স্থাপয়িতুং পথশ্চ্যুতম্ || ৮-৭৬||

হে সদাচাৰী, মোকে দি পঠাইছে তেওঁৰ সংক্ষিপ্ত উপদেশ 

জগতবিদিত আপোনাৰ ধৈৰ্য, শুনক গুৰুৰ কথন

সেই উপদেশ আপুনি হৃদয়ত কৰক ধাৰণ ।

ময়ি তস্য সুবৃত্ত বৰ্ততে লঘুসংদেশপদা সৰস্বতী |

শ্ৰুণু বিশ্ৰুতসত্ত্বসাৰ তাং হৃদি চৈনামপধাতুমৰ্হসি || ৮-৭৭||

মুনিবৰে দেখা পায় সমাধিত বহি 

অনাদি পুৰুষৰ খোজ স্বৰূপ ভূত ভৱিষ্যৎ বৰ্তমান

আছে তেওঁৰ অপ্ৰতিৰোধ্য দৃষ্টি আৰু অসীম জ্ঞান ।

পুৰুষস্য পদেষ্বজন্মনঃ সমতীতং চ ভবচ্চ ভাবি চ |

স হি নিষ্প্ৰতিঘেন চক্ষুষা ত্ৰিতয়ং জ্ঞানময়েন পশ্যতি || ৮-৭৮||

তৃণবিন্দু নামৰ ঋষিয়ে এবাৰ কৰিছিল ভীষণ তপস্যা

তপভংগ কৰিবলৈ ইন্দ্ৰই পঠালে হৰিণী নামে অপ্সৰা ।

চৰতঃ কিল দুশ্চৰং তপস্তৃণবিন্দোঃ পৰিশঙ্কিতঃ পুৰা |

প্ৰজিঘায় সমাধিভেদিনীং হৰিৰস্মৈ হৰিণীং সুৰাঙ্গনাম্ || ৮-৭৯||

তপৰ শান্তি-প্ৰতিবন্ধক অপ্সৰাৰ লাস্যময় ভাব প্ৰদৰ্শনত

মুনিৰ হ’লত তপস্যা ভংগ অভিশাপ দিলে হৈ ক্ৰোধান্বিত 

ৰমনীয় বিলাসত চঞ্চল হৰিণীৰ হওক মানৱী জন্ম ।

স তপঃপ্ৰতিবন্ধমন্যুনা প্ৰমুখাবিষ্কৃতচাৰুবিভ্ৰমম্ |

অশপদ্ভব মানুষীতি তাং শমবেলাপ্ৰলয়োৰ্মিণা ভুবি || ৮-৮০||

হে প্ৰভু! মই পৰাধীন বাবে কৰিব লগা হ’ল অন্যায় আচৰণ

এইবুলি ক্ষমা খুজি হৰিণীয়ে কৰিলে মুনিক কৰিলে অনুনয়।

দয়া কৰি ক’লে মুনিয়ে যেতিয়ালৈকে নাপায় এই দেৱপুষ্পৰ দৰ্শন

তেতিয়ালৈকে কৰিব লাগিব মানৱী ৰূপ ধাৰণ ।

ভগবন্পৰবানয়ং জনঃ প্ৰতিকূলাচৰিতং ক্ষমস্ব মে |

ইতি চোপনতাং ক্ষিতিস্পৃশং কৃতবানা সুৰপুষ্পদৰ্শনাৎ || ৮-৮১||

তাৰ পাছতে তেওঁ জন্ম ল’লে বিদৰ্ভৰ হৈ ৰাজকুমাৰী 

অতদিনে তেৱেঁই থাকিল হৈ আপোনাৰ ৰাজমহিষী ।

স্বৰ্গৰ পৰা পৰা  ফুলৰ মালা উপকৰণ তেওঁৰ শাপমুক্তিৰ।

ক্ৰথকৈশিকবংশসংভবা তব ভূৎবা মহিষী চিৰায় সা |

উপলব্ধবতী দিবশ্চ্যুতং বিৱশা শাপনিবৃত্তিকাৰণম্ || ৮-৮২||

সেয়ে তেওঁৰ মৃত্যত ব্যথিত নহ’ব আপুনি

মানুহৰ মৰণ এনেয়ো অৱশ্যম্ভাৱী ।

পালন কৰক এই সমগ্ৰ পৃথিৱী 

ৰজাৰ প্ৰকৃত পত্নী বসুমতী ।

তদলং তদপায়চিন্তয়া বিপদুৎপত্তিমতামুপস্থিতা |

বসুধেয়মবেক্ষ্যতাং তৎবয়া বসুমত্যা হি নৃপাঃ কলত্ৰিণঃ || ৮-৮৩||

আপুনি উত্থানৰ সময়ত প্ৰদৰ্শন কৰিছিল নিৰহংকাৰ

পৰিচয় দিছিল আত্মবিশ্বাস আৰু প্ৰজ্ঞাৰ

দুখৰ মাজতো এতিয়া প্ৰকাশ কৰক বীৰ্য-বিক্ৰমৰ ।

উদয়ে মদবাচ্যমুজ্ঝতা শ্ৰুতমাবিষ্কৃতমাত্মবত্ত্বয়া |

মনসস্তদুপস্থিতে জ্বৰে পুনৰক্লীবতয়া প্ৰকাশ্যতাম্ || ৮-৮৪||

এনেকৈ কান্দিলেই জানো তেওঁক আপুনি পাব ঘূৰাই

সহমৰণ লৈও আপুনি নোৱাৰে পাব ফিৰাই ।

পৰলোকগামীৰ কৰ্মফল অনুসৰি ভিন্ন গতি হয় ।

ৰুদতা কুত এব সা পুনৰ্ভবতা নানুমৃতাপি লভ্যতে |

পৰলোকজুষাং স্বকৰ্মভিৰ্গতয়ো ভিন্নপথা হি দেহিনাম্ || ৮-৮৫||

শোক কাটিকৈ থৈ পিণ্ডজল দান কৰি পত্নীক কৰক তৰ্পণ

প্ৰিয়জনৰ চকুৰ পানী সদায় মৃতকৰ আত্মাৰ কষ্টৰ কাৰণ ।

অপশোকমনাঃ কুটুম্বিনীমনুগৃহ্ণীষ্ব নিবাপদত্তিভিঃ |

স্বজনাশ্ৰু কিলাতিসংততং দহতি প্ৰেতমিতি প্ৰচক্ষতে || ৮-৮৬||

শৰীৰৰ মৃত্যুৱেই প্ৰকৃতি জীৱন হৈছে মাথোঁ বিকৃতি

মুহূৰ্তৰ উশাহ চলি থকাতেই সেয়ে লাভৱান প্ৰাণী ।

মৰণং প্ৰকৃতিঃ শৰীৰিণাং বিকৃতিৰ্জীবিতমুচ্যতে বুধৈঃ |

ক্ষণমপ্যবতিষ্ঠতে শ্বসন্যদি জন্তুৰ্ননু লাভবানসৌ || ৮-৮৭||

যিসকল চেতনাৰে মূঢ় প্ৰিয়জনৰ মৃত্যু হয় বুকুৰ শেল

পিছে ধীৰ-স্থিৰ লোকৰ বাবে সেয়া যেন কুশলাৰ্থে কঢ়া হুল ।

অবগচ্ছতি মূঢচেতনঃ প্ৰিয়নাশং হৃদি শল্যমৰ্পিতম্ |

স্থিৰধীস্তু তদেব মন্যতে কুশলদ্বাৰতয়া সমুদ্ধৃতম্ || ৮-৮৮||

নিজৰ শৰীৰ আৰু আত্মাৰ মিলন-বিচ্ছেদৰ কথা শ্ৰুতিয়ে কয়

তেন্তে তত্ত্বদৰ্শী লোকে কিয় কৰিব শোক বিৰহত বাহ্যিক বিষয়ৰ ।

স্বশৰীৰশৰীৰিণাবপি শ্ৰুতসংযোগবিপৰ্যয়ৌ যদা |

বিৰহঃ কিমিবানুতাপয়েদ্বদ বাহ্যৈৰ্বিষয়ৈৰ্বিপশ্চিতম্ || ৮-৮৯||

আত্মসংযমীসকলৰ ভিতৰত আপুনি শ্ৰেষ্ঠ

সাধাৰণ লোকৰ দৰে শোকৰ বশ হ’লে নুশুৱায়

বৃক্ষ আৰু পৰ্বতৰ মাজৰ থাকিব পাৰ্থক্য কি

যদিহে বতাহত পৰে দুয়ো হাওলি ?

ন পৃথগ্জনবচ্ছুচো বশং বশিনামুত্তম গন্তুমৰ্হসি |

দ্ৰুমসানুমতাং কিমন্তৰং যদি বায়ৌ দ্বিতয়েঽপি তে চলাঃ || ৮-৯০||

ৰজাই বিদায় দিলে উদাৰ বশিষ্টৰ শিষ্যক উপদেশ কৰি সৰোগত 

কিন্তু ধাৰণ কৰিব নোৱাৰিলে সেই উপদেশ শোকাতুৰ হৃদয়ত 

হয়তো পুনু গুৰুলৈকে ঘূৰি গ’ল সেই উপদেশৰ তত্ত্ব ।  

স তথেতি বিনেতুৰুদাৰমতেঃ প্ৰতিগৄহ্য বচো বিসসৰ্জ মুনিম্ |

তদলব্ধপদং হৃদি শোকঘনে প্ৰতিয়াতমিবান্তিকমস্য গুৰোঃ || ৮-৯১||

সত্যবাদী প্ৰিয়ভাষী অজই চাই কণমানি পুত্ৰৰ মুখ 

চাই চাই প্ৰিয়াৰ প্ৰতিকৃতি অথবা সপোনত মিলন ক্ষণিক

কোনোমতে জীয়াই থাকিল আঠোটি বছৰ ।

তেনাষ্টৌ পৰিগমিতাঃ সমাঃ কথংচিদ্বালৎবাদবিতথসূনৃতেন সূনোঃ |

সাদৃশ্যপ্ৰতিকৃতিদৰ্শনৈঃ প্ৰিয়ায়াঃ স্বপ্নেষু ক্ষণিকসমাগমোৎসবৈশ্চ || ৮-৯২||

আঁহতৰ শিপাই যেনেকৈ প্ৰাসাদৰ দেৱাল ফালে

শোকে বিদীৰ্ণ কৰিলে অজৰ হৃদয় তেনেকৈয়ে 

চিকিৎসাৰ অসাধ্য মৃত্যুৰ কাৰণ সেই ৰোগৰ কষ্ট

মৃত প্ৰেয়সীক অনুগমনৰ ইচ্ছাত তাকেই জনালে স্বাগত । 

তস্য প্ৰসহ্য হৃদয়ং কিল শোকশঙ্কুঃ

প্লক্ষপ্ৰৰোহ ইব সৌধতলং বিভেদ |

প্ৰাণান্তহেতুমপি তং ভিষজামসাধ্যং

লাভং প্ৰিয়ানুগমনে তৎবৰয়া স মেনে || ৮-৯৩||

সুশিক্ষিত আৰু কবচধাৰী তেওঁৰ পুত্ৰ

যথাবিধি কৰিলে প্ৰজাপালনৰ বাবে নিযুক্ত।

মুক্তিৰ কামনাত ৰুগ্ন শৰীৰৰ পৰা দুখে-শোকে জৰ্জৰিত

পুত্ৰক সকলো সঁপিয়েই  কৰিলে আমৰণ অনশন ব্ৰত ।

সম্যগ্বিনীতমথ বৰ্মহৰং কুমাৰ-

মাদিশ্য ৰক্ষণবিধৌ বিধিবৎপ্ৰজানাম্ |

ৰোগোপসৃষ্টতনুদুৰ্বসতিং মুমুক্ষুঃ

প্ৰায়োপবেশনমতিৰ্নৃপতিৰ্বভূব || ৮-৯৪||

দেহত্যাগ কৰি জাহ্নৱী আৰু সৰযুৰ সংগম তীৰ্থত 

পূৰ্বৰ গণনামতেই অজই লাভ কৰিলে দেৱত্ব ।

ধাৰণ কৰি আগতকৈও কমনীয় শৰীৰ

নন্দনকাননত কৰিলে প্ৰিয়াক লৈ বিহাৰ ।

তীৰ্থে তোয়ব্যতিকৰভবে জহ্নুকন্যাসৰয়্বো-

ৰ্দেহত্যাগাদমৰগণনালেখ্যমাসাদ্য সদ্যঃ |

পূৰ্বাকাৰাধিকতৰৰুচা সংগতঃ কান্তয়াসৌ

লীলাগাৰেষ্বৰমত পুনৰ্নন্দনাভ্যন্তৰেষু || ৮-৯৫||

(টোকা : বাতায়ন-বেলকনি, প্ৰকৃতিৰ ত্ৰিগুণ-বায়ু, পানী, মাটি)

(মহাকবি কালিদাস বিৰচিত ৰঘুবংশ মহাকাব্যৰ অষ্টম অধ্যায় সমাপ্ত )

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)