৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিটকইন

লেখকঃ বিনয় মোহন শইকীয়া • প্ৰকাশিতঃ ৩০ ডিচেম্বৰ, ২০২২
১১ মিনিট পঠন • ৪৩৫০ বাৰ পঢ়া হৈছে
বিটকইন
ডাঙৰকৈ চাওক (Zoom)

 বিনয় মোহন শইকীয়া



 (যোৱা সংখ্যাৰ পিছৰ পৰা)

(৪)

বিটকইন নেটৱৰ্কৰ কৰ্মপদ্ধতি

 

বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়, আৰু এই পৰিসৰত সেয়া সম্ভৱো নহয়। বেছি গভীৰলৈ নোযোৱাকৈ প্ৰক্ৰিয়াটোত আচলতে কি কি কাম কৰা হয়, সেই বিষয়ে এটা থূলমূল আভাস দিবলৈহে যত্ন কৰা হ’ব। অৱশ্যে এই কথাও উল্লেখ কৰি থোৱা উচিত হ’ব যে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ দৰে বিটকইন ব্যৱহাৰ কৰিবলৈকো ইয়াৰ অন্তৰ্নিহিত কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই। কিন্তু ইয়াৰ কামখিনি কেনেদৰে সম্পাদন হয় সেই বিষয়ে জানি থ’লে ব্যৱহাৰকাৰীৰ নিশ্চয় লাভেই হ’ব।

বিটকইন হৈছে ইণ্টাৰনেটৰ জৰিয়তে সংযোজিত, সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ থকা কেতবোৰ কম্পিউটাৰৰ এটা বিশেষ নেটৱৰ্ক। বিটকইন নেটৱৰ্কৰ এই কম্পিউটাৰখিনিয়ে অবিৰতভাৱে নতুন লেনদেন সম্প্ৰচাৰ কৰাৰ লগতে ইটোৱে সিটোলৈ লেনদেন সম্পৰ্কীয় বাৰ্তা প্ৰেৰণ কৰি থাকে। নেটৱৰ্কত সংযোজিত হৈ থকা এই কম্পিউটাৰবোৰৰ প্ৰত্যেককে একোটা ‘ন’ড’ বুলি কোৱা হয়। নেটৱৰ্কৰ বিকেন্দ্ৰীকৃত বৈশিষ্ট্য বৰ্তাই ৰাখিবৰ বাবে ইয়াক এনেদৰে সজাই ৰখা হয় যে কিছুমান ন’ড নেটৱৰ্কত কেতিয়াবা উপস্থিত নাথাকিলেও ইয়াৰ কামকাজত কোনো বাধা নপৰে। মূলকথা, ইয়াত কোনো কেন্দ্ৰীয় ন’ড নাথাকে।      যেতিয়া কোনো এটা কম্পিউটাৰত বিটকইন ছফ্টৱেৰটো ডাউনল’ড কৰি তাৰদ্বাৰা কাম কৰিব পৰা কৰা হয় তেতিয়াই সি বিটকইন নেটৱৰ্কৰ এটা ন’ড হৈ পৰে। এই কম্পিউটাৰটো ইণ্টাৰনেটৰ জৰিয়তে বিটকইনৰ অন্যান্য ন’ডৰ সৈতে সংযোজিত হয় আৰু এনে এটা বিশেষ নেটৱৰ্কৰ (mesh network) সৃষ্টি কৰে যাৰ কোনো কেন্দ্ৰীয় ন’ড নাথাকে। উল্লেখযোগ্য যে নেটৱৰ্কৰ প্ৰতিটো ন’ডেই স্বতন্ত্ৰ আৰু সমানে গুৰুত্বপূৰ্ণ হিচাবে কাম কৰিবলৈ সমৰ্থ হয়।

ন’ডবোৰক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়-

ক) কেৱল লেনদেন সম্প্ৰচাৰ (broadcast) কৰা ন’ড।

খ) লেনদেন সম্প্ৰচাৰ আৰু পুনঃসম্প্ৰচাৰ (relay) কৰা ন’ড।

গ) লেনদেন সম্প্ৰচাৰ, পুনঃসম্প্ৰচাৰ আৰু নতুন ব্লক সৃষ্টি কৰা ন’ড।

  কৰ্ম অনুসৰি এই ন’ড বা কম্পিউটাৰ কেইটাৰ কম্পিউটিং শক্তি ক্ৰমান্বয়ে বাঢ়ি যায়। প্ৰথমটো সাধাৰণ বিধৰ কম্পিউটাৰ হ’লেও দ্বিতীয় আৰু তৃতীয় কম্পিউটাৰ দুটা তাতকৈ বেছি শক্তিশালী হয়। তৃতীয় ন’ডটো আটাইতকৈ বেছি শক্তিৰ হয়।

 নেটৱৰ্কটোৱে কেনেকৈ কাম কৰে সেই কথা জানিবলৈ এটা সৰু উদাহৰণ লোৱা হওক। ধৰা হওক, এজন গ্ৰাহকে বিটকইনৰ বিনিময়ত এটা বস্তু কিনিব বিচাৰিছে।

১) ইয়াত গ্ৰাহকজনৰ কম্পিউটাৰ বা ম’বাইল ফোনটোকে আৰম্ভণিৰ ন’ড বুলি ধৰিব পাৰি, য’ৰপৰা এটা লেনদেন আৰম্ভ হৈছে আৰু বস্তুটো বিক্ৰী কৰা প্ৰতিষ্ঠানটোলৈ গ্ৰাহকজনে বিটকইন প্ৰেৰণ কৰিছে। আৰম্ভণিৰ এই ন’ডটোৱে এই লেনদেনটো সকলো ন’ডলৈ, বিশেষকৈ নেটৱৰ্কত থকা পুনঃসম্প্ৰচাৰ কৰা ন’ডলৈ পঠিয়াব।

২) এইবাৰ পুনঃসম্প্ৰচাৰ কৰা ন’ডটোৱে নেটৱৰ্কৰ অন্য তেনেবিধৰ ন’ডলৈ ইয়াক প্ৰেৰণ কৰিব। এই ন’ডবোৰে পৰীক্ষা কৰি যদি লেনদেনটো সকলো ফালৰপৰা সঠিক যেন পায় তেনেহ’লে ইয়াক তৃতীয় তথা শেষ পৰ্য্যায়লৈ প্ৰেৰণ কৰিব।

৩) তৃতীয় পৰ্যায়ত থকা ন’ডবোৰে এইবাৰ লেনদেনটোক প্ৰাথমিক ব্লক এটাক অন্তৰ্ভুক্ত কৰি ইয়াৰ শুদ্ধতা প্ৰমাণ কৰিবলৈ কাম আৰম্ভ কৰিব। লেনদেনটোৰ শুদ্ধতা প্ৰমাণ হোৱাৰ পাছত ইয়াক নেটৱৰ্কত প্ৰকাশ কৰিব।

       বিটকইন ব্যৱহাৰকাৰীক মূল হিচাবে লৈও বিটকইন নেটৱৰ্কৰ কৰ্মপদ্ধতি আলোচনা কৰিব পৰা হয়। প্ৰতিজন বিটকইন ব্যৱহাৰকাৰীৰ দুটা সাংকেতিক পৰিচয় বা চাবি থাকে; এটা ৰাজহুৱা চাবি (public-key) আৰু আনটো ব্যক্তিগত চাবি (private-key)। এই চাবিকেইটা কোনো ভৌতিক চাবি নহয়। এয়া হৈছে কিছুমান সংখ্যা আৰু আখৰৰ সমষ্টি, যিবোৰৰ সজ্জা প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে পৃথক। ইয়াৰে ৰাজহুৱা বা পাব্লিক চাবিটো, অৰ্থাৎ সংখ্যা আৰু আখৰৰ সজ্জাটো সকলোৱে দেখাকৈ থাকে, কিন্তু বক্তিগত বা প্ৰাইভেট চাবিটো ব্যক্তিগৰাকীৰ লগতহে থাকে, সেই চাবিটো ব্যক্তিগৰাকীয়ে নেদেখুৱালে আনে দেখাৰ সম্ভাৱনা বা আশংকা নাথাকে।

   ৰাজহুৱা চাবিৰ সংকেতলিপিয়ে কেনেদৰে কাম কৰে তাৰ এটা উদাহৰণ লোৱা যাওক। ধৰা হওক, জুৰিয়ে নিজৰালৈ এখন সাংকেতিক পত্ৰ প্ৰেৰণ কৰিব বিচাৰিছে। সেই কাম কৰিবৰ বাবে জুৰিয়ে প্ৰথমে নিজৰাৰ ৰাজহুৱা চাবিটো বিচাৰিব লাগিব আৰু নিজৰাৰ চাবিটোৰ লগত নিজৰ সাংকেতিক লিপিৰ চিঠিখন সংলগ্ন কৰি নিজৰালৈ পঠিয়াব লাগিব। নিজৰাই যেতিয়া সেই পত্ৰখন পাব তেওঁ নিজৰ ব্যক্তিগত চাবিৰে তাৰ পাঠোদ্ধাৰ কৰিব পাৰিব। এই প্ৰক্ৰিয়াটোত জুৰিয়ে নিজৰালৈ প্ৰেৰণ কৰা চিঠিখন আনেও দেখা পাব, কাৰণ এইটো এটা ৰাজহুৱা চাবি বা পৰিচয়। কিন্তু তাৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিব; তাৰ পাঠোদ্ধাৰ কৰিবলৈ হ’লে সেই ৰাজহুৱা চাবিৰ সৈতে জড়িত একমাত্ৰ ব্যক্তিগত চাবিটোৰ প্ৰয়োজন হ’ব, যাৰ সহায়তহে পত্ৰখনৰ পাঠোদ্ধাৰ সম্ভৱ হ’ব।

   এতিয়া আমি চাব লাগিব এই ‘ৰাজহুৱা-চাবি সংকেতলিপি’ অথবা ‘পাব্লিক-কী ক্ৰিপ্টগ্ৰাফি’ বিটকইনত কেনেকৈ প্ৰয়োগ কৰা হয়। প্ৰথমে আমি এই কথা জানি থ’ব লাগিব যে আৰম্ভণিৰপৰা বৰ্তমানলৈ বিটকইনত যিমান লেনদেন হৈছে সেই সকলো ‘এখন ৰাজহুৱা নথি’ত সন্নিৱিষ্ট কৰা হৈ আছে, আৰু সেই নথিতে ভৱিষ্যতে হ’বলগীয়া লেনদেনবোৰো সন্নিৱিষ্ট হৈ থাকিব। এই ৰাজহুৱা নথিকে কোৱা হয় ব্লকচেইন (blockchain)। এই ব্লকচেইনত কিছুমান খুব সুৰক্ষিত অৱস্থাত থকা আধাৰ থাকে। এই আধাৰবোৰ আমি বুজিবৰ বাবে অ-ভংগুৰ গ্লাছেৰে প্ৰস্তুত কৰা চন্দুক বুলি ধৰি ল’ব পাৰোঁ। প্ৰতিটো চন্দুক সকলোৱে দেখা পাব আৰু তাত থকা বিটকইনৰ পৰিমাণটোও দেখিব, কিন্তু খুলিব নোৱাৰিব; মাথোঁ সেই চন্দুকৰ গৰাকীয়েহে তাক খুলিব পাৰিব।

   এই চন্দুকবোৰক কোৱা হয় ‘পাব্লিক-কী’ (বা ৰাজহুৱা পৰিচয়) আৰু সংকেতত থকা চন্দুকৰ গৰাকীৰ নাম আৰু তাত থকা বিটকইনৰ পৰিমাণ আটায়ে দেখিব। কিন্তু তাক খুলিব পাৰিব চন্দুকৰ গৰাকীয়েহে, নিজৰ ব্যক্তিগত চাবি (প্ৰাইভেট-কী) প্ৰয়োগ কৰি। আগৰ জুৰি আৰু নিজৰাৰ সাংকেতিক পত্ৰ-প্ৰেৰণৰ উদাহৰণটো বিটকইনত প্ৰয়োগ কৰিবলৈ হ’লে, পত্ৰৰ সলনি ইয়াত অন্য এটা তথ্য-সংকেত থাকে বুলি ধৰি ল’ব পাৰি। এই তথ্য-সংকেতত জুৰিৰ চন্দুকৰপৰা কিছু পৰিমাণৰ ধন নিজৰাৰ চন্দুকলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ থাকিব।

  জুৰি আৰু নিজৰাৰ এই লেনদেনটো এতিয়া অলপ বিতংকৈ আলোচনা কৰা হওক। ধৰা হওক, জুৰিয়ে নিজৰালৈ ১ বিটকইন পঠিয়াব বিচাৰে। জুৰিয়ে সমগ্ৰ বিটকইন নেটৱৰ্কলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিব যে তেওঁ নিজৰালৈ ১ বিটকইন প্ৰেৰণ কৰিব বিচাৰে। এই বাৰ্তাত নিজৰাৰ পাব্লিক-কী, প্ৰেৰণ কৰিবলগীয়া বিটকইনৰ পৰিমাণ আৰু জুৰিৰ এটা ডিজিটেল চহী (ডিজিটেল ছিগ্নেচাৰ) থাকিব। ডিজিটেল চহীটো লাগিব, কাৰণ ই প্ৰমাণ কৰিব যে জুৰিয়ে যিটো চন্দুকৰপৰা বিটকইন পঠিয়াব খুজিছে তাৰ প্ৰাইভেট-কী বা ব্যক্তিগত চাবিটোৰ গৰাকী তেওঁ নিজে। জুৰিয়ে এই বাৰ্তাটো নেটৱৰ্কলৈ পঠিওৱাৰ লগে লগে নেটৱৰ্কত থকা অন্য ব্যৱহাৰকাৰীয়ে এই কথা প্ৰমাণ কৰিবলৈ যত্ন কৰিব যে যে বাৰ্তাটো শুদ্ধ। যদি সকলো তথ্য মিলি থাকে, তেনেহ’লে এই লেনদেনটো এটা ব্লকত অন্তৰ্ভুক্ত কৰা হ’ব। উল্লেখযোগ্য যে ব্লকটোত জুৰি আৰু নিজৰাৰ লেনদেনটোৰ দৰে সেই সময়ৰ অন্য কেতবোৰ লেনদেনো সন্নিবিষ্ট হৈ থাকিব।  ইয়াৰ পাছত নেটৱৰ্কটোৰ সৈতে জড়িত হৈ থকা অন্য ব্যৱহাৰকাৰীয়ে চাব যাতে লেনদেনটোৰ পাছত জুৰিৰ চন্দুকত ১ বিটকইন কমিছে আৰু নিজৰাৰ চন্দুকত ১ বিটকইন বাঢ়িছে। যিহেতু ব্লকচেইনটো হৈছে বৰ্তমান সময়ৰ পৰা আৰম্ভণিলৈকে হোৱা সকলো অতীত লেনদেনৰ ৰাজহুৱা প্ৰকাশ, গতিকে প্ৰতিটো চন্দুকত থকা সঠিক পৰিমাণৰ বিটকইনৰ হিচাপ সকলোৰে বাবে মুকলি হৈ থাকিব।

  এই ব্লকচেইনৰ ব্লকবোৰৰ দুটামান প্ৰয়োজনীয় বৈশিষ্ট্য মনত ৰখা ভাল। প্ৰথম বৈশিষ্ট্যটো হৈছে, ব্লকবোৰ এটাৰ পিছত এটাকৈ এটা সজ্জাত লগ লগাই ৰখা হয়, সেইবাবেই এয়া হৈছে মূলতঃ এডাল চেইন, ব্লকৰ চেইন, গতিকে ব্লকচেইন। সকলো লেনদেন অবিৰত আৰু ক্ৰমান্বয়ে থকাটো বাধ্যতামূলক; কাৰণ তেতিয়াহে সকলো চন্দুক আৰু প্ৰতিটো চন্দুকত থকা বিটকইনৰ পৰিমাণ পৰীক্ষা কৰি থাকিব পৰা যাব। এই কাম কৰিবৰ বাবে প্ৰতিটো ব্লকতে লেনদেনৰ উপৰি আৰু এটা তথ্য থাকে। ই হৈছে, আগৰ সকলো লেনদেনৰ এটা অতি চমু বিৱৰণ বা দৃশ্যপট (স্নেপশ্বট), যাক কোৱা হয়, ‘হেছ’ (hash)। এই হেছৰদ্বাৰা এই কথা প্ৰতিপন্ন হয় যে ব্লকচেইনটো পূৰ্বৰ সকলো ব্লকৰ আধাৰত প্ৰতিষ্ঠিত। দ্বিতীয় বৈশিষ্ট্যটো হৈছে, ব্লক এটাত অতি জটিল গাণিতিক সমস্যা এটা থাকে, যাৰ সমাধান উলিওৱাটো বাধ্যতামূলক। এই কামটো কৰে নেটৱৰ্কত থকা এটা বিশেষ ব্যৱহাৰকাৰী গোটে, যাক ‘মাইনাৰ’ বুলি কোৱা হয়। যেতিয়ালৈকে ব্লকত থকা এই গাণিতিক সমস্যাটো সমাধান নহয়, তেতিয়ালৈকে পিছৰটো ব্লকৰ কাম আৰম্ভ কৰিব পৰা নাযায়। এই বৈশিষ্ট্যটোৱে এই কথা নিশ্চিত কৰে যে ব্লকবোৰ ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ সৃষ্টি কৰা হয়। এনেদৰেই ব্লকচেইনৰ জটিল নেটৱৰ্কটো বাঢ়ি গৈ থাকে অথবা প্ৰাণৱন্ত বস্তুৰ দৰে নেটৱৰ্কটো বৃদ্ধি হৈ গৈ থাকে।

 এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব। ওপৰৰ উদাহৰণটোত ধৰা হওক জুৰিয়ে নিজৰালৈ ১ বিটকইন পঠোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছে যদিও জুৰিৰ চন্দুকটোত প্ৰকৃততে ১ বিটকইনতকৈ কম পৰিমাণৰ বিটকইনহে আছে, তেতিয়া কি হ’ব? আগতেই উল্লেখ কৰা হৈছে যে জুৰিৰ পাব্লিক-কী বা চন্দুকটো সকলোৱে দেখাকৈ থাকে, গতিকে এই কথা নেটৱৰ্কৰ অন্য ব্যৱহাৰকাৰীসকলে গম পাই যাব যে জুৰিয়ে এটা অসৎ লেনদেনৰ প্ৰস্তাৱ দিছে। ফলত এই লেনদেনৰ প্ৰস্তাৱটো বাতিল কৰা হ’ব আৰু এই লেনদেনটো ব্লকলৈ পঠোৱা নহ’ব। বিটকইনৰ প্ৰগ্ৰেমৰ ক’ডতে এই সত্য প্ৰতিপাদন কৰাৰ ব্যৱস্থা নিহিত হৈ আছে, গতিকে অসৎ লেনদেনৰ প্ৰস্তাৱ তুৰন্তে নাকচ কৰাটো নিশ্চিত হৈ থাকে। এই ব্যৱস্থা নাথাকিলে অগণন অসৎ লেনদেনৰ প্ৰস্তাৱে গোটেই নেটৱৰ্কটোকে ভাৰাক্ৰান্ত কৰি অৱশেষত ইয়াক অকামিলা কৰি তোলাৰ সম্ভাৱনা থাকে।

(ক্ৰমশঃ)

 

 

 

 

ব
লেখকৰ পৰিচয়

বিনয় মোহন শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)