৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশম্

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৬ ডিচেম্বৰ, ২০২২
১৫ মিনিট পঠন • ৪১৬৩ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশম্
ডাঙৰকৈ চাওক (Zoom)

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত



 

(পঞ্চম অধ্যায়)  

 

বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল শূন্য ৰাজকোষ

সেই সময়তে শিক্ষা কৰিলে সমাপ্ত  বৰতন্তু মুনিৰ শিষ্য কৌৎস

গুৰুদক্ষিণা দিবলৈ গুৰুক ৰঘুৰ ওচৰলৈ আহিল বিচাৰি সাহায্য ।

 

তমধ্বৰে বিশ্বজিতি ক্ষিতীশং নিঃশেষবিশ্ৰাণিতকোশজাতম্ |

উৎপাতবিদ্যো গুৰুদক্ষিণাৰ্থী কৌৎসঃ প্ৰপেদে বৰতন্তুশিষ্যঃ || ৫-১||

 

নিৰ্মল চৰিত্ৰৰ যশোবন্ত ৰঘুৰ নাছিল সোণৰ পাত্ৰ

অতিথিৰ অভ্যৰ্থনা কৰিলে মাটিৰ পাত্ৰত লৈ অৰ্ঘ্য।

 

স মৃণ্ময়ে বীতহিৰণ্ময়ৎবাৎপাত্ৰে নিধায়াৰ্ঘ্যমনৰ্ঘশীলঃ |

শ্ৰুতপ্ৰকাশং যশসা প্ৰকাশঃ প্ৰত্যুজ্জগামাতিথিমাতিথেয়ঃ || ৫-২||

 

সন্মান যাৰ সম্পদ সেই নীতিজ্ঞ ৰজাই বহিবলৈ দি কুশাসন

যথাবিধি অৰ্চনা কৰি কৰযোৰে কৌৎসক বুলিলে বচন ।

 

তমৰ্চয়িৎবা বিধিবদ্বিধিজ্ঞস্তপোধনং মানধনাগ্ৰয়ায়ী |

বিশাংপতিৰ্বিষ্টৰভাজমাৰাৎকৃতাঞ্জলিঃ কৃত্যবিদিত্যুবাচ || ৫-৩||

 

হে কুশাগ্ৰবুদ্ধ! মন্ত্ৰজ্ঞানী ঋষিৰ অগ্ৰণী আপোনাৰ গুৰু

সূৰ্যৰ পৰা জগত জাগ্ৰত হোৱাৰ দৰে

আপুনিও তেওঁৰ পৰা লাভ কৰিছে অগাঢ় জ্ঞান

আছেনে আপোনাৰ গুৰু কুশলে ।

 

অপ্যগ্ৰণীৰ্মন্ত্ৰকৃতামৃষীণাং কুশাগ্ৰবুদ্ধে কুশলী গুৰুস্তে |

যতস্ত্বয়া জ্ঞানমশেষমাপ্তং লোকেন চৈতন্যমিবোষ্ণৰশ্মেঃ || ৫-৪||

 

কায়মনেবাক্যে কৰিছে তেওঁ যি ইন্দ্ৰৰ আশংকাৰ কাৰণ তপস্যা

সেই ত্ৰিগুণ তপত হোৱা নাইতো কোনো বিঘিনি বা  সমস্যা ।

 

কায়েন বাচা মনসাওই শশ্বদ্যৎসংভৃতং বাসবধৈৰ্যলোপি |

আপাদ্যতে ন ব্যয়মন্তৰায়ৈঃ কচ্চিন্মহৰ্ষেস্ত্ৰিবিধং তপস্তৎ || ৫-৫||

 

আপোনাৰ আশ্ৰমৰ তৰুবন পালনত যেন আপোন সন্তান

যাৰ যত্ন নানা প্ৰকাৰৰ  আৰু চৌপাশে দিয়ে জলাধাৰ বন্ধন

প্ৰবল বতাহ বা অন্য উপদ্ৰৱত হোৱা নাইতো কোনো ক্ষতি

কুশলে আছেনে সেই শ্ৰান্তি-নাশক বৃক্ষ-গুল্মগণ ?

 

আধাৰবন্ধপ্ৰমুখৈঃ প্ৰয়ত্নৈঃ সংবৰ্ধিতানাং সুতনিৰ্বিশেষম্ |

কচ্চিন্ন বায়্বাদিৰুপপ্লবো বঃ শ্ৰমচ্ছিদামাশ্ৰমপাদপানাম্ || ৫-৬||

 

কুশলে আছেনে নৱজাতক হৰিণাৰ পোৱালিবোৰ

তপস্বীসকলৰ শয্যাতেই জন্মৰ নাভি সৰে যাৰ

যজ্ঞৰ বাবে আনি থোৱা তৃণত মুখ দিলেও

মৰমতে বাধা নিদিয়ে কোনেও ।

 

ক্ৰিয়ানিমিত্তেশ্বপি বৎসলৎবাদভগ্নকামা মুনিভিঃ কুশেষু |

তদঙ্কশয়্যাচ্যুতনাভিনালা কচ্চিন্মৃগীণামনঘা প্ৰসূতিঃ || ৫-৭||

 

যি তীৰ্থৰ পানীত আপোনালোকে নিয়মিত স্নান কৰে

আৰু কৰে পিতৃ-পুৰুষৰ তৰ্পণ আদি

যাৰ বালিচঁহীয়া উপকুলৰ শস্যৰ ছভাগৰ এভাগ কৰদান কৰে

সেই  নৈখনি আছে নে কুশলে ?

 

নিৰ্বত্যতে যৈৰ্নিয়মাভিষেকো যেভ্যো নিবাপাঞ্জলয়ঃ পিৎৠণাম্ |

তান্যুঞ্ছষষ্ঠাঙ্কিতসৈকতানি শিবানি বস্তীৰ্থজলানি কচ্চিৎ || ৫-৮||

 

অতিথিৰ বাবে সঞ্চয় কৰে যি বনৰীয়া ধান

নিজৰো পেট প্ৰবৰ্তনৰ যি অৱলম্বন

গাঁৱৰ উদঙীয়া পশুৱে আহি কৰিছে নেকি উছন?

 

নীবাৰপাকাদি কডংগৰীয়ৈৰামৃশ্যতে জানপদৈৰ্ন কচ্চিৎ |

কালোপপন্নাতিথিকল্প্যভাগং বন্যং শৰীৰস্থিতিসাধনং বঃ || ৫-৯||

  

আপোনাৰ গুৰু মহৰ্ষিয়ে শিক্ষাদানৰ অন্তত

গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিবলৈ কৰিছেনে অনুমতি প্ৰদান

এয়াইতো সময় গৃহস্থী হৈ কৰিবলৈ সকলো উপকাৰ সাধন ।

 

অপি প্ৰসন্নেন মহৰ্ষিণাৎবং সম্যগ্বিনীয়ানুমতো গৃহায় |

কালো হ্যয়ং সংক্ৰমিতুং দ্বিতীয়ং সৰ্বোপকাৰক্ষমমাশ্ৰমং তে || ৫-১০||

 

আপুনি সাক্ষাৎ আহি উপস্থিত হোৱাটো সৌভাগ্য

পিছে আপোনাৰ আদেশ পালনতহে মন হ’ব তৃপ্ত 

কৃতাৰ্থ কৰিলে আহি  কি কাৰণত

স্ব-উদ্দেশ্যত বা গুৰুৰ আদেশত ?

 

তবাৰ্হতো নাভিগমেন তৃপ্তং মনো নিয়োগক্ৰিয়য়োৎসুকং মে |

অপ্যাজ্ঞয়া শাসিতুৰাত্মনা বা প্ৰাপ্তোঽসি সংভাবয়িতুং বনান্মাম্ || ৫-১১||

 

অৰ্ঘ্যৰ পাত্ৰ মাটিৰ দেখি বুজিলে বৰতন্তু মুনিৰ শিষ্যই

সৰ্বস্ব দান কৰি উদাৰ ৰঘু হ’ল নিঃস্ব ।

জানিলে নিজৰ উদ্দেশ্য সিদ্ধিৰ আশা ক্ষীণ

কৌৎসই ৰাজনক বুলিলে মধুৰ বচন ।

 

ইত্যৰ্ঘ্যপাত্ৰানুমিতব্যয়স্য ৰঘোৰুদাৰামপি গাং নিশম্য |

স্বাৰ্থোপপত্তিং প্ৰতি দুৰ্বলাশস্তমিত্যবোচদ্বৰতন্তুশিষ্যঃ || ৫-১২||

  

হে নাথ ! হে ৰাজন !

আমাৰ সকলোৰে  কুশল-মংগল 

আপুনি ৰক্ষাকৰ্তা থাকোঁতে প্ৰজাৰ কিদৰে হ’ব অমংগল

আন্ধাৰ নহয় কাৰো চকুৰ দৃষ্টি সূৰুযে বিলালে পোহৰ ।

 

 সৰ্বত্ৰ নো বাৰ্তমবেহি ৰাজন্নাথে কুতস্ত্বয়্যশুভং প্ৰজানাম্ |

সূৰ্যে তপত্যাবৰণায় দৃষ্টেঃ কল্পেত লোকস্য কথং তমিস্ৰা || ৫-১৩||

 

হে মহাভাগ ! আপোনাৰ কুলৰে ধৰ্ম মাননীয়ৰ প্ৰতি ভক্তি

তথাপি অতিক্ৰম কৰিলে সকলো পূৰ্বপুৰুষক আপুনি ।

মোৰ দুখৰ বিষয় এটাই তথাপি

অসময়ত আহি হ’লোঁহি আপোনাৰ সাহায্য প্ৰাৰ্থী ।

 

ভক্তিঃ প্ৰতীক্ষ্যেষু কুলোচিতা তে পূৰ্বান্মহাভাগ তয়াতিশেষে |

ব্যতীতকালস্ত্বহমভ্যুপেতস্ত্বামৰ্থিভাবাদিতি মে বিষাদঃ || ৫-১৪||

 

হে নৰেন্দ্ৰ! সজপাত্ৰত সৰ্বস্ব দান কৰি কেৱল আপোনাৰ শৰীৰ আছে বাচি

অৰণ্যবাসীয়ে বনজ ধান দাই নিয়াৰ পাছত থিয় দি থকা নৰাৰ দৰে ৰিক্ত আপুনি ।

 

শৰীৰমাত্ৰেণ নৰেন্দ্ৰ তিষ্ঠন্নাভাসি তীৰ্থপ্ৰতিপাদিতৰ্দ্ধিঃ |

আৰণ্যকোপাত্তফলপ্ৰসূতিঃ স্তম্বেন নীবাৰ ইবাবশিষ্টঃ || ৫-১৫||

 

একচ্ছত্ৰী সম্ৰাট হৈও

আপুনি যজ্ঞ-দানেৰে হৈছে নিঃস্ব

সেয়া অতি সমুচিত কথা ।

দেৱতাই পৰ্যায়ক্ৰমে কৰা পানৰ ফলত

ক্ষয় হোৱাৰ দৰে কৃষ্ণপক্ষৰ চন্দ্ৰকলা

বৃদ্ধিতকৈও গৌৰৱৰ কথা ।

 

স্থানে ভবানেকনৰাধিপঃ সন্নকিংচনৎবং মখজং ব্যনক্তি |

পৰ্যায়পীতস্য সুৰৈৰ্হিমাংশোঃ কলাক্ষয়ঃ শ্লাঘ্যতৰো হি বৃদ্ধেঃ || ৫-১৬||

 

আপোনাৰ সৰ্বসুমংগল হওক হে ৰাজন

মই আন ঠাইলৈ যাওঁ সাহায্য বিচাৰি,

তাৰ বাহিৰে মোৰ কোনো নাই কোনো উপায়

শৰতৰ জলহীন মেঘক চাতকেও নিবিচাৰে পানী ।

 

তদন্যতস্তাবদনন্যকাৰ্যো গুৰ্বৰ্থমাহৰ্তুমহং যতিষ্যে |

স্বস্ত্যস্তু তে নিৰ্গলিতাম্বুগৰ্ভং শৰদ্ঘনং নাৰ্দতি চাতকোঽপি || ৫-১৭||

 

এইবুলি মহৰ্ষিৰ শিষ্য যাবলৈ হ’ল উদ্যত

গমনত বাধা দি ৰঘুৱে কৌৎসক কৰিলে প্ৰশ্ন

হে বিদ্বান! অনুগ্ৰহ কৰি জনাওক মোক

কি দ্ৰব্য কিমান বিচাৰে গুৰুৱে গুৰুদক্ষিণাত ?

 

এতাবদুক্ত্বা প্ৰতিয়াতুকামং শিষ্যং মহৰ্ষেৰ্নৃপতিৰ্নিষিধ্য |

কিং বস্তু বিদ্বন্গুৰবে প্ৰদেয়ং তৎবয়া কিয়দ্বেতি তমন্বয়ুঙ্ক্ত || ৫-১৮|

তাৰ পাছত ৰজাক জনালে  বিচক্ষণ কৌৎস-ব্ৰহ্মচাৰী

শুনা যথাবিধি যজ্ঞকাৰী গৰ্বশূন্য ৰক্ষক ৰঘু বৰ্ণাশ্ৰমী ।

 

ততো যথাবদ্বিহিতাধ্বৰায় তস্মৈ স্ময়াবেশবিবৰ্জিতায় |

বৰ্ণাশ্ৰমাণাং গুৰবে স বৰ্ণী বিচক্ষণঃ প্ৰস্তুতমাচচক্ষে || ৫-১৯||

 

মই সুধিলোঁ মহৰ্ষি গুৰুক বিদ্যাৰ সমাপ্তিত,

কি দিম গুৰু-দক্ষিণা ।

গুৰুৱে জনালে তেওঁ অতিকে সুখী

লাভ কৰি মোৰ সুদীৰ্ঘ আৰু প্ৰগাঢ় গুৰুভক্তি ।

 

সমাপ্তবিদ্যেন ময়া মহৰ্ষিৰ্বিজ্ঞাপিতোঽভূদ্গুৰুদক্ষিণায়ৈ |

স মে চিৰায়াস্খলিতোপচাৰাং তাং ভক্তিমেবাগণয়ৎপুৰস্তাৎ || ৫-২০||

 

তথাপি মই গুৰুক সুধিলোঁ কি দি হ’ম গুৰুঋণমুক্ত

মোৰ দীনতা জানিও গুৰুৱে খুজিলে চৌধকোটি স্বৰ্ণমুদ্ৰা

হৈ মোৰ বাৰম্বাৰ প্ৰশ্নত বিৰক্ত ।

 

নিৰ্বন্ধসংজাতৰুষাৰ্থকাৰ্শ্যমচিন্তয়িৎবা গুৰুণাহমুক্তঃ |

বিত্তস্য বিদ্যাপৰিসংখ্যয়া মে কোটীশ্চতস্ৰো দশ চাহৰেতি || ৫-২১||

 

আপোনাৰ পূজাৰ পাত্ৰ দেখিয়ে বুজিছোঁ

প্ৰভু আপুনি এতিয়া নামত মাত্ৰ ৰজা ।

মনৰ উৎসাহ মোৰ মনতে মাৰ গ’ল

কিদৰে বিচাৰোঁ ইমান গুৰুদক্ষিণা ।

 

সোঽহং সপৰ্যাবিধিভাজনেন মৎবা ভবন্তং প্ৰভুশব্দশেষম্ |

অভ্যুৎসহে সংপ্ৰতি নোপৰোদ্ধুমল্পেতৰৎবাচ্ছ্ৰৰুতনিষ্ক্ৰয়স্য || ৫-২২||

 

এনেদৰেই সকলো জনালে বেদজ্ঞ শিৰোমণি ব্ৰাহ্মণে

শুনি পুনৰ কৌৎসক ক’লে চন্দ্ৰকান্তি জিতেন্দ্ৰিয় ৰাজনে ।

 

ইত্থং দ্বিজেন দ্বিজৰাজকান্তিৰাবেদিতো বেদবিদাং বৰেণ |

এনোনিবৃত্তেন্দ্ৰিয়বৃত্তিৰেনং জগাদ ভূয়ো জগদেকনাথঃ || ৫-২৩||

 

বেদজ্ঞ কোনো ব্ৰাহ্মণ আহি ৰঘুৰ সহায় বিচাৰি ঘূৰি যাব

প্ৰথম বাৰলৈ হ’ব এনে অপযশ যে অন্য দাতাৰ ওচৰ চাপিব।

 

গুৰ্বৰ্থমৰ্থী শ্ৰুতপাৰদৃশ্বা ৰঘোঃ সকাশাদনবাপ্য কামম্ |

গতো বদান্যান্তৰমিত্যয়ং মে মা ভূৎপৰীবাদনবাবতাৰ || ৫-২৪||

 

সেয়ে হে বৰেণ্য! আপুনি জিৰাওক মোৰ যজ্ঞগৃহত চতুৰ্থ অগ্নিৰ দৰে

মই পূৰণ কৰিম আপোনাৰ প্ৰয়োজন মাথোঁ দুই-তিনিদিনতে ।

 

স তৎবং প্ৰশস্তে মহিতে মদীয়ে বসংশ্চতুৰ্থোঽগ্নিৰিবাগ্নিগাৰে |

দ্বিত্ৰাণ্যহান্যৰ্হসি সোঢুমৰ্হন্ যাবদ্যতে সাধয়িতুং তৎবদৰ্থম্ || ৫-২৫||

 

ৰঘুৰ বচন প্ৰতিজ্ঞাসদৃশ জানি কৌৎস থাকিল সন্তোষ মনে

দিগ্বিজয়ত  পৃথিৱী ধনশূন্য হ’ল  জানি ৰঘু গ’ল কুবেৰৰ কাষলে ।

 

তথেতি তস্যাবিতথং প্ৰতীতঃ প্ৰত্যগ্ৰহীৎসংগৰমগ্ৰজন্মা |

গামাত্তসাৰাং ৰঘুৰপ্যবেক্ষ্য নিষ্ক্ৰষ্টুমৰ্থং চকমে কুবেৰাৎ || ৫-২৬||

 

বশিষ্টৰ মন্ত্ৰপূত পানী ছটিওৱা ৰঘুৰ ৰথ

অপ্ৰতিহত আকাশ, সাগৰ আৰু পৰ্বতত

বতাহে উৰুৱাই নিয়া মেঘৰ দৰে  দ্ৰুত ।

 

বসিষ্ঠমন্ত্ৰোক্ষণজাৎপ্ৰভাবাদুদন্বদাকাশমহীধৰেষু |

মৰুৎসখস্যেব বলাহকস্য গতিৰ্বিজঘ্নে ন হি তদ্ৰথস্য || ৫-২৭||

 

কৈলাসনাথ কুবেৰক সামন্তমিত্ৰ বুলি ভাবি

জয় কৰাৰ কথা নাভাবিলে ৰঘুৱে বাহুবলেৰে

আন্ধাৰ হ’লত শয়ন কৰিলে অস্ত্ৰসজ্জিত ৰথতে প্ৰশান্ত মনে  ।

 

অথাধিশিশ্যে প্ৰয়তঃ প্ৰদোষে ৰথং ৰঘুঃ কল্পিতশস্ত্ৰগৰ্ভম্ |

সামন্তসংভাবনয়ৈব ধীৰঃ কৈলাসনাথং তৰসা জিগীষুঃ || ৫-২৮||


পুৱাই উঠি যুদ্ধ অভিমুখী হ’ব খোজোঁতেই

দিলেহি আচৰিত খবৰ ধনৰ ভঁৰালৰ ৰখীয়াই

আকাশৰ পৰা ধনৰ ভঁৰালত হৈছে সোণৰ বৃষ্টি ।

 

প্ৰাতঃ প্ৰয়াণাভিমুখায় তস্মৈ সবিস্ময়াঃ কোষগৃহে নিয়ুক্তাঃ |

হিৰণ্ময়ীং কোষগৃহস্য মধ্যে বৃষ্টিং শশংসুঃ পতিতাং নভস্তঃ || ৫-২৯||

 

যাৰ বিৰুদ্ধে কৰিছিল ধন বিচাৰি অভিযান

সেই কুবেৰে দান কৰিলে অজস্ৰ সোণ

বজ্ৰাঘাতত ছিটিকি পৰা সুমেৰু সমান ।

সেই উজ্জ্বল স্বৰ্ণৰাশি ৰঘুৱে কৌৎসক কৰিলে প্ৰদান ।

 

স ভূপতিৰ্ভাসুৰহেমৰাশিং লব্ধং কুবেৰাদভিয়াস্যমানাৎ |

দিদেশ কৌৎসায় সমস্তমেব পাদং সুমেৰোৰিব বজ্ৰভিন্নম্ || ৫-৩০||

 

দানৰ বাবে ইচ্ছুক ৰঘু সকলো সম্পদ কুবেৰপ্ৰদত্ত

গুৰুৱে বিচৰা দক্ষিণাতকৈ অধিক ল’বলৈ অনিচ্ছুক কৌৎস ।

অভিনন্দন জনালে সাকেতবাসীয়ে দেখি দুয়োৰে মহত্ত্ব ।

 

জনস্য সাকেতনিবাসিনস্তৌ দ্বাবপ্যভূতানভিনন্দ্যসত্ত্বৌ |

গুৰুপ্ৰদেয়াধিকনিঃস্পৃহোঽৰ্থী নৃপোঽৰ্থিকামাদধিকপ্ৰদশ্চ || ৫-৩১||

 

সকলো স্বৰ্ণ বোজাই শত উট আৰু ঘোঁৰাত

প্ৰণাম জনালে প্ৰজাৰঞ্জক ৰঘুৱে আনন্দিত কৌৎসক ।

হাত দাঙি বিদ্বান কৌৎসই কৰিলে আশীৰ্বাদ ।

 

অথোষ্ট্ৰবামীশতবাহিতাৰ্থং প্ৰজেশ্বৰং প্ৰীতমনা মহৰ্ষিঃ |

স্পৃশন্কৰেণানতপূৰ্বকায়ং সংপ্ৰস্থিতো বাচমুবাচ কৌৎসঃ || ৫-৩২||

 

আচৰিত নহয় যে যি ৰজাই নিষ্ঠাৰে চতুৰ্বিধ প্ৰজাপালন কৰে

তেওঁক পৃথিৱীয়ে কামধেনুৰ দৰে সকলো দিয়ে ।

কিন্তু আপোনাৰ প্ৰভাৱ ইমান চিন্তাৰে চুব নোৱাৰি

আকাশৰ পৰাও আনিলে সকলো প্ৰয়োজন দোহন কৰি ।

 

কিমত্ৰ চিত্ৰং যদি কামসূৰ্ভূৰ্বৃত্তে স্থিতস্যাধিপতেঃ প্ৰজানাম্ |

অচিন্তনীয়স্তু তব প্ৰভাবো মনীষিতং দ্যৌৰপি যেন দুগ্ধা || ৫-৩৩||

 

সকলো মংগল আপোনাৰ লগত আছে বাস কৰি

সেয়ে যিকোনো আশীৰ্ৱাদ মাথোন হ’ব পুনৰুক্তি।

তথাপি কৰিছোঁ আপোনাক আশীৰ্ৱাদ

নিজৰ গুণৰ অনুৰূপ এটি পুত্ৰ কৰক লাভ

আপোনাৰ পিতৃয়ে যিদৰে লাভ কৰিছিল বৰেণ্য আপোনাক ।

 

আশাস্যমন্যৎপুনৰুক্তভূতং শ্ৰেয়াংসি সৰ্বাণ্যধিজগ্মুষস্তে |

পুত্ৰং লভস্বাত্মগুণানুৰূপং ভবন্তমীড্যং ভবতঃ পিতেব || ৫-৩৪||

 

এইদৰে আশীৰ্ৱাদ কৰি ব্ৰাহ্মণ ৰাওনা হ’ল গুৰুৰ কাষলৈ

সূৰ্যৰ পৰা আলোক ওলোৱাৰ দৰে

পুত্ৰ এটি লাভ কৰিলে অলপ দিনৰ ভিতৰতে আশীৰ্বাদ ক্ৰমে ।

 

ইত্থং প্ৰয়ুজ্যাশিষমগ্ৰজন্মা ৰাজ্ঞে প্ৰতীয়ায় গুৰোঃ সকাশম্ |

ৰাজাপি লেভে সুতমাশু তস্মাদালোকমৰ্কাদিব জীবলোকঃ || ৫-৩৫||

 

ব্ৰাহ্মমুহূৰ্তত ৰাজমহিষীয়ে জন্ম দিলে কাৰ্তিকৰ দৰে সুন্দৰ পুত্ৰ

ব্ৰহ্মাৰ কৃপাধন্য মুহূৰ্তত জন্মা বাবে ৰঘুৱে নাম থলে অজ ।

 

ব্ৰাহ্মে মুহূৰ্তে কিল তস্য দেবী কুমাৰকল্পং সুষুবে কুমাৰম্ |

অতঃ পিতা ব্ৰহ্মণ এব নাম্না তমাত্মজন্মানমজং চকাৰ || ৫-৩৬||

 

প্ৰদীপ এগছিৰ পৰা জ্বলোৱা প্ৰদীপৰ দৰে সম্পূৰ্ণ একে

তেজোদ্বীপ্ত সুদীৰ্ঘ বীৰ্যবান ৰূপৱান পিতা ৰঘুৰ দৰে ।


ৰূপং তদোজস্বি তদেব বীৰ্যং তদেব নৈসৰ্গিকমুন্নতৎবম্ |

ন কাৰণাৎস্বাদ্বিভিদে কুমাৰঃ প্ৰবৰ্তিতো দীপ ইব প্ৰদীপাৎ || ৫-৩৭||

 

বিধিমতে গুৰুগৃহৰ শিক্ষা সাং কৰি যৌৱনত হ’ল অতি কান্তিময় ।

ৰাজলক্ষ্মী যদিও আছিল অনুৰাগিনী অজলৈ ,

ধীৰ-স্থিৰ কন্যাই যিদৰে বাট চাই পিতাৰ বিবাহৰ অনুমতিলৈ

অজই সিদৰে অপেক্ষা কৰে পিতাৰ আদেশলৈ ।

 

উৎপাতবিদ্যং বিধিবদ্গুৰুভ্যস্তং যৌবনোদ্ভেদবিশেষকান্তম্ |

শ্ৰীঃ সাভিলাষাপি গুৰোৰনুজ্ঞাং ধীৰেব কন্যা পিতুৰাচকাঙ্ক্ষ || ৫-৩৮||

 

স্বয়ম্বৰ পাতিলে ভগ্নী ইন্দুমতীৰ বিদৰ্ভৰাজ ভোজে

অজক বিচাৰি সেই স্বয়ম্বৰত ৰঘুলৈ দূত পঠালে ।

 

অথেশ্বৰেণ ক্ৰথকৈশিকানাং স্বয়ংবৰাৰ্থং স্বসুৰিন্দুমত্যাঃ |

আপ্তঃ কুমাৰানয়নোৎসুকেন ভোজেন দূতো ৰঘবে বিসৃষ্টঃ || ৫-৩৯||

 

তেওঁ ভোজৰ সৈতে বৈৱাহিক সম্বন্ধ গৌৰৱান্বিত ভাবিলে

অজক সসৈন্যে বিদৰ্ভৰাজৰ সমৃদ্ধ ৰাজধানীলৈ পঠালে।

 

তং শ্লাঘ্যসংবন্ধমসৌ বিচিন্ত্য দাৰক্ৰিয়ায়োগ্যদশশ্চ পুত্ৰম্ |

প্ৰস্থাপয়ামাস সসৈন্যমেনমৃদ্ধাং বিদৰ্ভাধিপৰাজধানীম্ || ৫-৪০||

 

ৰাজকীয় শিবিৰসমূহ ৰাজকোঁৱৰৰ যাত্ৰাপথৰ

সমতুল্য আছিল প্ৰমোদ উদ্যানৰ  ।

পতা আছিল নগৰৰ পৰা মগোৱা শয্যা সুন্দৰ

গাঁওবাসীয়ে আনিছিল অজলৈ নানান উপহাৰ ।

 

তস্যোপকাৰ্যাৰচিতোপচাৰা বন্যেতৰা জানপদোপদাভিঃ |

মাৰ্গে নিবাসা মনুজেন্দ্ৰসূনোৰ্বভূবুৰুদ্যানবিহাৰকল্পাঃ || ৫-৪১

(ক্ৰমশঃ)

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)