৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাহিৰতে বহি চাৰিওফালে চাই আছিলোঁ

লেখকঃ মূল: ৱাল্ট হুইট্‌মেন • প্ৰকাশিতঃ ১ অক্টোবৰ, ২০২২
২ মিনিট পঠন • ১১৭৯ বাৰ পঢ়া হৈছে

 মূল: ৱাল্ট হুইট্‌মেন (১৮১৯-১৮৯২)

অনুবাদ : প্ৰশান্ত  মিশ্ৰ

 

(কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু  সাংবাদিক। মানৱতাবাদী হিচাপে জনাজাত হুইটমেন এমেৰিকাৰ অন্যতম প্ৰভাৱশালী লেখক; মুক্তক ছন্দৰ পিতৃ। ‘Leaves of Grass’ (১৮৫৫) তেওঁৰ জনপ্ৰিয় আৰু বিৰ্তকিত কাব্যগ্ৰন্থ। এজ্‌ৰা পাউণ্ডৰ মতে, “তেওঁ  এমেৰিকাৰ  কবি। …তেৱেঁই এমেৰিকা”। এমেৰিকাক বুজিবলৈ ‘হুইটমেন’ ৰ অধ্যয়ন অতীৱ প্ৰয়োজনীয়। তেওঁক এমেৰিকাৰ ‘জাতীয় কবি’ও আখ্যা দিয়া হৈছে। )

 

মই বহি আছিলোঁ আৰু পৃথিৱীৰ আটাইবোৰ

বেদনালৈ সাৱধানী দৃষ্টিৰে চাইছিলোঁ,

আৰু সকলো নিপীড়ণ আৰু গ্লানিলৈ;

মই ডেকা মানুহৰ অস্থিৰ কেঁকনি শুনিছিলোঁ,

নিজতেই  যন্ত্ৰণাপিষ্ট হৈ, নিজ কৰ্মৰ অনুশোচনাত;

দেখিছিলোঁ নিম্ন জীৱনত, নিজ সন্তানৰ দ্বাৰাই

লাঞ্চিত মাতৃ, মৰণকাতৰ, অৱহেলিত, অস্থি-চৰ্মসাৰ

মৰিয়া হোৱা;

মই দেখিছিলোঁ, স্বামীৰ হাতত লাঞ্চিত পত্নী

গাভৰু প্ৰলোভিত কৰা বিশ্বাসঘাটক;

দেখিছিলোঁ বাঢ়ি অহা ঈৰ্ষাৰ তিক্ততা             

আৰু লুক্কায়িত  প্ৰতিদানহীন প্ৰেম– এই পৃথিৱীতেই;

মই দেখিছোঁ যুঁজৰ আখৰা, মাৰি-মৰক, অত্যাচাৰ

ছহিদ আৰু বন্দী;

সাগৰত হোৱা দুৰ্ভিক্ষও মই দেখিছোঁ,

দেখিছোঁ এটা জীৱন ৰক্ষা কৰিবলৈ দহোটা জীৱন

উছৰ্গা কৰি দিয়া নাবিক;

মই দেখিছিলোঁ উপেক্ষিত আৰু অধঃপতিত

শ্ৰমিক,

নিগ্ৰ’ আৰু অনেক দৰিদ্ৰজন

কোনো অহংকাৰী মানুহৰ হাতত;

এই সকলোবোৰ নীচতা আৰু যন্ত্ৰণাৰ শেষ নাই

মই বহি চাই আছোঁ,

দেখিছোঁ, শুনিছোঁ  আৰু নীৰৱে আছোঁ ।

+++

ম
লেখকৰ পৰিচয়

মূল: ৱাল্ট হুইট্‌মেন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)