৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২২
১২ মিনিট পঠন • ২৪০৬ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

 

নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে)

চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে

অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে ।

তদঙ্কনিস্যন্দনজলেন লোচনে প্ৰমৃজ্য পুণ্যেন পুৰস্কৃতঃ সতাম্ |

অতীন্দ্ৰিয়েষ্বপ্যুপপন্নদৰ্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১||

 

ৰাজনন্দনে দেখিলে পূবলৈ চাই

পৰ্বতৰ পাখি ছেদ কৰি দেৱৰাজ ইন্দ্ৰই

ৰথৰ ৰচীত বান্ধি যজ্ঞৰ ঘোঁৰা নিছে পলুৱাই ।

কৰিবলৈ প্ৰতিৰোধ ঘোঁৰাৰ চঞ্চল গতি

বাৰে বাৰে সাৰথিয়ে অশ্বক গৈছে কোবাই ।

 

স পূৰ্বতঃ পৰ্বতপক্ষশাতনং দদৰ্শ দেবং নৰদেবসংভবঃ |

পুনঃ পুনঃ সূতনিষিদ্ধচাপলং হৰন্তমশ্বং ৰথৰশ্মিসংযুতম্ || ৩-৪২||

 

 

দেখিলে ৰঘুৱে তেওঁৰ চকু পলক নেপেলোৱা

আৰু দেখিলে ৰথৰ ঘোঁৰা সেউজীয়া

বাৰুকৈ চিনিলে দেৱৰাজ ইন্দ্ৰ সেয়া ।

নিবৃত কৰাৰ অৰ্থে বুলিলে বচন ধীৰ-গম্ভীৰ গগনস্পৰ্শা ।

 

শতৈস্তমক্ষ্ণামনিমেষবৃত্তিভিৰ্হৰিং বিদিৎবা হৰিভিশ্চ বাজিভিঃ |

অবোচদেনং গগনস্পৃশা ৰঘুঃ স্বৰেণ ধীৰেণ নিবৰ্তয়ন্নিব || ৩-৪৩||

 

মনীষিসকলে সদায় আপোনাক যজ্ঞৰ প্ৰথম স্থানত ৰাখে

মোৰ পিতাই অজস্ৰ ব্ৰতানুস্থান সম্পন্ন কৰিছে ।

আশ্চৰ্য যে আপুনি কিয় প্ৰবৃত্ত হৈছে পিতাৰ যজ্ঞনাশে ?

 

 

মখাংশভাজাং প্ৰথমো মনীষিভিস্ত্বমেব দেবেন্দ্ৰ সদা নিগদ্যসে |

অজস্ৰদীক্ষাপ্ৰয়তস্য মদ্গুৰোঃ ক্ৰিয়াবিঘাতায় কথং প্ৰবৰ্তসে || ৩-৪৪||

 

 

হে ত্ৰিলোকৰ নাথ! আপুনি সকলো দেখে দিব্য়দৃষ্টিৰে

কৰ্ম আপোনাৰ বিনাশ কৰা যি যজ্ঞনাশ কৰে ।

আপুনি যদিহে হয় ক্ৰিয়াকৰ্মৰ অন্তৰায়

ধৰ্ম-কৰ্ম লোপ পাব সমুদায় ।

 

ত্ৰিলোকনাথেন সদা মখদ্বিষস্ত্বয়া নিয়ম্যা ননু দিব্যচক্ষুষা |

স চেৎস্বয়ং কৰ্মসু ধৰ্মচাৰিণাং তৎবমন্তৰায়ো ভবসি চ্যুতো বিধিঃ || ৩-৪৫||

 

হে মঘৱন্ ! অশ্বমেধৰ প্ৰধান অংগ এই ঘোঁৰাটি দিয়ক ঘূৰাই

অসৎ পথ নকৰে অবলম্বন বেদৰ পথ প্ৰদৰ্শক দেৱতাই ।

 

তদঙ্কমগ্ৰ্যং মঘবন্মহাক্ৰতোৰমুং তুৰংগং প্ৰতিমোক্তুমৰ্হসি |

পথঃ শ্ৰুতেৰ্দৰ্শয়িতাৰ ঈশ্বৰা মলীমসামদদতে ন পদ্ধতিম্ || ৩-৪৬||

 

শুনি ৰঘুৰ এই প্ৰগলভ বচন

ঘূৰাই লৈ ৰথৰ দিশ

সবিস্ময়ে দিলে প্ৰত্যুত্তৰ ।

 

ইতি প্ৰগল্ভং ৰঘুণা সমীৰিতং বচো নিশম্যাধিপতিৰ্দিবৌকসাম্ |

নিবৰ্তয়ামাস ৰথং সবিস্ময়ঃ প্ৰচক্ৰমে চ প্ৰতিবক্তুমুত্তৰম্ || ৩-৪৭||

 

হে ৰাজকুমাৰ! কৈছা যদিও সঠিক কথা,

যশেই যাৰ সম্পদ

কাম তেওঁৰ শতৰুৰ পৰা যশ ৰক্ষা কৰা ।

জগতে জানে তোমাৰ পিতাৰ যশৰ কথা

মোৰ যশকো লঙ্ঘিব খোজে  যজ্ঞ সম্পাদনৰ দ্বাৰা ।

 

যদাত্থ ৰাজন্যকুমাৰ তত্তথা যশস্তু ৰক্ষ্যং পৰতো যশোধনৈঃ |

জগৎপ্ৰকাশং তদশেষমিজ্যয়া ভবদ্গুৰুৰ্লঙ্ঘয়িতুং মমোদ্যতঃ || ৩-৪৮|

|

 

পুৰোষোত্তম বুলিলেই কেৱল বিষ্ণু

ত্ৰয়ম্বক বুলিলেই কেৱল মহেশ্বৰ

শতক্ৰতু বুলিলে কেৱল মোকেই বুজে মুনিসৱে

মই থাকোতে নোৱাৰে পাব এই নাম দ্বিতীয় জনে।

 

হৰিৰ্যথৈকঃ পুৰুষোত্তমঃ স্মৃতো মহেশ্বৰস্ত্ৰ্যম্বক এব নাপৰঃ |

তথা বিদুৰ্মাং মুনয়ঃ শতক্ৰতুং দ্বিতীয়গামী ন হি শব্দ এষ নঃ || ৩-৪৯||

 

সেয়ে কপিল মুনিক অনুকৰণ কৰি হৰণ কৰিছোঁ অশ্ব

তুমি নকৰিবা প্ৰচেষ্টা দিবলৈ বাধা।

সগৰৰ পুত্ৰসকলৰ বাটে তুমি নাযাবা ।

 

অতোঽযমশ্বঃ কপিলানুকাৰিণা পিতুস্ত্বদীয়স্য ময়াপহাৰিতঃ |

অলং প্ৰয়ত্নেন তবাত্ৰ মা নিধাঃ পদং পদব্যাং সগৰস্য সংততেঃ || ৩-৫০||

 

তেতিয়া অশ্বৰক্ষক নিৰ্ভীক ৰঘুৱে হাঁহিমাৰি ক’লে ইন্দ্ৰক

এয়ে যদি আপোনাৰ কথা তেন্তে কৰক অস্ত্ৰ ধাৰণ ।

ৰঘুৰ লগত যুদ্ধ জয় নকৰাকৈ নোৱাৰে কৰিব অশ্ব হৰণ ।

 

ততঃ প্ৰহাস্যাপভয়ঃ পুৰন্দৰং পুনৰ্বভাষে তুৰগস্য ৰক্ষিতা |

গৃহাণ শস্ত্ৰং যদি সৰ্গ এষ তে ন খল্বনিৰ্জিত্য ৰঘুং কৃতী ভবান্ || ৩-৫১||

 

এই বুলি ইন্দ্ৰৰ সমুখ হৈ ৰঘুৱে জুৰিলে ধনু শৰ হৈ ঊৰ্ধ্বমুখ

অতি ৰমণীয় ‘আলীড়’ মুদ্ৰাত শৰীৰ প্ৰকাশে যেন শিৱ ।

 

স এবমুক্ত্বা মঘবন্তমুন্মুখঃ কৰিষ্যমাণঃ সশৰং শৰাসনম্ |

অতিষ্ঠদালীঢবিশেষশোভিনা বপুঃপ্ৰকৰ্ষেণ বিডম্বিতেশ্বৰঃ || ৩-৫২||

 

ৰঘুৰ স্তম্ভৰ দৰে শক্তিশালী বাণৰ প্ৰহাৰত বিদ্ধ হ’ল ইন্দ্ৰৰ বুকু

প্ৰচণ্ড ক্ৰোধত দেৱৰাজে জুৰিলে আমোঘ বাণৰ ইন্দ্ৰধনু

উজলি উঠিল চেৰাই নৱ মেঘমালাৰ ৰঙকো ।

 

ৰঘোৰবষ্টম্ভময়েন পত্ৰিণা হৃদি ক্ষতো গোত্ৰভিদপ্যমৰ্ষণঃ |

নবাম্বুদানীকমুহূৰ্তলাঞ্ছনে ধনুষ্যমোঘং সমধত্ত সায়কম্ || ৩-৫৩||

 

ভীষণ অসুৰৰ ৰক্তপান কৰা বাণে বিন্ধিলে ৰঘুৰ বক্ষ

যেন সকৌতুকে পান কৰিলে মানৱ শৰীৰ ৰক্ত ।

 

দিলীপসূনোঃ স বৃহদ্ভুজান্তৰং প্ৰবিশ্য ভীমাসুৰশোণিতোচিতঃ |

পপাবনাস্বাদিতপূৰ্বমাশুগঃ কুতূহলেনেব মনুষ্যশোণিতম্ || ৩-৫৪||

 

ঐৰাৱত চালনাত যি হাতৰ আঙুলিবোৰ অংকুশৰ দৰে কৰ্কশ

যি হাতত শচীৰ দেহৰ মংগল চিহ্ন বন্ধা থাকে

কাৰ্তিকৰ দৰে বিক্ৰমশালী ক্ৰোধিত ৰঘুৱে

নিজ নামাংকিত শৰেৰে সেই হাত বিদ্ধ কৰিলে ।

 

হৰেঃ কুমাৰোঽপি কুমাৰবিক্ৰমঃ সুৰদ্বিপাস্ফালনকৰ্কশাঙ্গুলৌ |

ভুজে শচীপত্ৰবিশেষকাঙ্কিতে স্বনামচিহ্নং নিচখান সায়কম্ || ৩-৫৫||

 

ইয়াৰ পিছতে অন্য এক ময়ূৰপাখিলগা বাণেৰে

ছেদ কৰিলে ইন্দ্ৰৰ ৰথৰ বজ্ৰাকৃতি পতাকা ৰঘুৱে ।

ক্ৰোধিত হ’ল অতিকৈ ইন্দ্ৰ দেৱৰাজ

এনে অনুভৱ হ’ল যেন কাটিলে দেৱলক্ষ্মীৰ কেশ ।

 

জহাৰ চান্যেন ময়ূৰপত্ৰিণা শৰেণ শক্ৰস্য মহাশনিধ্বজম্ |

চুকোপ তস্মৈ স ভৃশং সুৰশ্ৰিয়ঃ প্ৰসহ্য কেশব্যপৰোপণাদিব || ৩-৫৬||

 

বৰ্ষণ কৰি ঊৰ্ধ্বমুখী আৰু অধোমুখী বাণ

পাখিলগা সাপৰ দৰে ভয়ংকৰ,

তুমুল যুদ্ধ হ’ল দুয়োৰে মাজত

উভয়েই আছিল বিজয় অভিলাষী ।

চাই থাকিলে তধা লাগি

পৃথিৱীত সৈন্যদল আৰু আকাশত সিদ্ধঋষি ।

 

তয়োৰুপান্তস্থিতসিদ্ধসৈনিকং গৰুত্মদাশীবিষভীমদৰ্শনৈঃ |

বভূব যুদ্ধং তুমুলং জয়ৈষিণোৰধোমুখৈৰূৰ্ধ্বমুখৈশ্চ পত্ৰিভিঃ || ৩-৫৭||

 

মেঘে যিদৰে নোৱাৰে নিজৰে দেহৰ বজ্ৰাগ্নি প্ৰচণ্ড বৰষুণেৰেও নুমাব

ইন্দ্ৰয়ো নোৱাৰিলে অতি তেজোদীপ্ত ৰঘুক অস্ত্ৰবৰিষণেৰে ৰোধিব ।

 

অতিপ্ৰবন্ধপ্ৰহিতাস্ত্ৰবৃষ্টিভিস্তমাশ্ৰয়ং দুষ্প্ৰসহস্য তেজসঃ |

শশাক নিৰ্বাপয়িতুং ন বাসবঃ স্বতশ্চ্যুতং বহ্নিমিবাদ্ভিৰম্বুদঃ || ৩-৫৮||

 

ইয়াৰ পিছতে ৰঘুৱে চন্দ্ৰাকৃতি বাণেৰে

ইন্দ্ৰৰ হৰিচন্দন অংকিত হাতৰ মুঠিতে

সেই ধনু-গুণ কৰিলে খণ্ডিত

সমুদ্ৰমন্থনৰ দৰে গুৰু-গম্ভীৰ যাৰ শব্দ ।

 

ততঃ প্ৰকোষ্ঠে হৰিচন্দনাঙ্কিতে প্ৰমথ্যমানাৰ্ণবধীৰনাদিনীম্ |

ৰঘুঃ শশাঙ্কাৰ্ধমুখেন পত্ৰিণা শৰাসনজ্যামলুনাদ্বিডৌজসঃ || ৩-৫৯||

 

ইন্দ্ৰৰ উঠিল প্ৰচণ্ড খং

ধনুৰ্বাণ এৰি হাতত তুলি ল’লে

প্ৰচণ্ড বজ্ৰ প্ৰবল শত্ৰুৰ প্ৰাণ নাশিবলে ।

পৰ্বতৰো বুকু যি ভেদ কৰে অনায়াসে ।

 

স চাপমুৎসৃজ্য বিবৃদ্ধমৎসৰঃ প্ৰণাশনায় প্ৰবলস্য বিদ্বিষঃ |

মহীধ্ৰপক্ষব্যপৰোপণোচিতং  স্স্ফুৰৎপ্ৰভামণ্ডলমস্ত্ৰমাদদে || ৩-৬০||

 

ৰঘুৰ বক্ষত প্ৰচণ্ড বজ্ৰই আঘাত হানিলে

সহিব নোৱাৰি ৰঘু মাটিত বাগৰি পৰিলে

লগতে সৈনিকসকলৰ অশ্ৰুকণাও ধৰাত পৰিলে ।

কিন্তু নিমিষতে পুনৰ উঠিল ৰঘু বেদনা পাহৰি

বিয়পি পৰিল চৌপাশে সৈনিকৰ হৰিষধ্বনি ।

 

ৰঘুৰ্ভৃশং বক্ষসি তেন তাডিতঃ পপাত ভূমৌ সহ সৈনিকাশ্ৰুভিঃ |

নিমেষমাত্ৰাদবধূয় চ ব্যথাং সহোত্থিতঃ সৈনিকহৰ্ষনিস্বনৈঃ || ৩-৬১||

 

ৰঘুৰ নিষ্ঠুৰ অস্ত্ৰৰ প্ৰহাৰ বহুপৰ চলি থাকিল

কুমাৰৰ অপূৰ্ব বল আৰু সাহস দেখি ইন্দ্ৰ সন্তুষ্ট হ’ল ।

 

গুণীয়ে সদায় নিজ গুণে সৰ্বত্ৰে উচ্চপদ পায় ।

 

তথাপি শস্ত্ৰব্যবহাৰনিষ্ঠুৰে বিপক্ষভাবে চিৰমস্য তস্থুষঃ |

তুতোষ বীৰ্যাতিশয়েন বৃত্ৰহা পদং হি সৰ্বত্ৰ গুণৈৰ্নিধীয়তে || ৩-৬২||

 

ইন্দ্ৰই ক’লে-

সৰ্ব্বোচ পৰ্বতেও নোৱাৰে মোৰ অস্ত্ৰ ৰোধিব

তোমাৰ বাহিৰে কোনেও পৰা নাই সহিব ।

তোমাৰ প্ৰতি হৈছোঁ অতিকে প্ৰসন্ন

অশ্বৰ বাহিৰে তোমাক কি লাগে কোনা বৎস ।

 

অসঙ্গমদ্ৰিষ্বপি সাৰবত্তয়া ন মে ৎবদন্যেন বিসোঢমায়ুধম্ |

অবেহি মাং প্ৰীতমৃতে তুৰঙ্গমাৎকিমিচ্ছসীতি স্ফুটমাহ বাসবঃ || ৩-৬৩||

 

তুণৰ পৰা উলিওৱা কাঁড় সামৰি থ’লে

ৰঘুৰ আঙুলি জিলিকাই তুলিলে

কাঁড়ৰ পাখিৰ সোণালী কিৰণে ।

প্ৰিয়ভাষী ৰাজপুত্ৰই সুৰেন্দ্ৰক ক’লে-

 

ততো নিষঙ্গাদসমগ্ৰমুধৃতং সুবৰ্ণপুঙ্খদ্যুতিৰঞ্জিতাঙ্গুলিম্ |

নৰেন্দ্ৰসূনুঃ প্ৰতিসংহৰন্নিষুং প্ৰিয়ংবদঃ প্ৰত্যবদৎসুৰেশ্বৰম্ || ৩-৬৪||

 

হে প্ৰভু ! যদি আপুনি কেতিয়াও এৰিব নোৱাৰে এই অশ্ব

অজস্ৰ যজ্ঞ কৰা মোৰ পিতাই পাওক সম্পূৰ্ণ ফল

বিধিমতে শেষ হ’লে এই যজ্ঞ ।

 

অমোচ্যমশ্বং যদি মন্যসে প্ৰভো ততঃ সমাপ্তে বিধিনৈব কৰ্মণি |

অজস্ৰদীক্ষাপ্ৰয়তঃ স মদ্গুৰুঃ ক্ৰতোৰশেষেণ ফলেন যুজ্যতাম্ || ৩-৬৫||

 

এতিয়া আনৰ বাবে অগম্য যজ্ঞমণ্ডপত থকা পিতা ৰজা দিলীপ

কঠিন সাধনাত তেওঁ এতিয়া ত্ৰিলোচনৰ অংশ স্বৰূপ ।

গতিকে পঠাবলৈ এই বাৰ্তাৰ বৃত্তান্ত আপুনি ব্য়ৱস্থা কৰক ।

 

যথা স বৃত্তান্তমিমং সদোগতস্ত্ৰিলোচনৈকাংশতয়া দুৰাসদঃ |

তবৈব সংদেশহৰাদ্বিশাংপতিঃ শৃণোতি লোকেশ তথা বিধীয়তাম্ || ৩-৬৬||

সেয়ে হওক বুলি মনোৰথ পূৰণৰ প্ৰতিশ্ৰুতি দি

মাতলি-সাৰথি ইন্দ্ৰ অহা পথে গ’ল ঘূৰি ।

সুদক্ষিণাতনয়ো ঘূৰিল যজ্ঞশালালৈ বুলি

ঘোঁৰা ঘূৰাই নোপোৱাত মনত কিছু অসন্তুষ্টি ।

 

তথেতি কামং প্ৰতিশুশ্ৰুবান্ৰঘোৰ্যথাগতং মাতলিসাৰথিৰ্যয়ৌ |

নৃপস্য নাতিপ্ৰমনাঃ সদোগৃহং সুদক্ষিণাসূনুৰপি ন্যবৰ্তত || ৩-৬৭||

 

ইন্দ্ৰৰ বাৰ্তাবাহকৰ মুখে সকলো জানিলে পূৰ্বেই

অভিনন্দন ৰঘুক জনাই

আনন্দত কম্পিত হাতে বজ্ৰই ক্ষত কৰা শৰীৰ চালে চুই ।

 

তমভ্যনন্দৎপ্ৰথমং প্ৰবোধিতঃ প্ৰজেশ্বৰঃ শাসনহাৰিণা হৰেঃ |

পৰামৃশন্হৰ্ষজডেন পাণিনা তদীয়মঙ্গং কুলিশব্ৰণাঙ্কিতম্ || ৩-৬৮||

 

ৰাজশাসন যাৰ চিৰসন্মানীয় আয়ুৰ শেষত কৰিব স্বৰ্গাৰোহন ।

সেই আশাতেই জখলাৰ দৰে নিৰান্নবৈ যজ্ঞ কৰিলে সমাপন ।

 

ইতি ক্ষিতীশো নবতিং নবাধিকাং মহাক্ৰতূনাং মহনীয়শাসনঃ |

সমাৰুৰুক্ষুৰ্দিবমায়ুষঃ ক্ষয়ে ততান সোপানপৰম্পৰামিব || ৩-৬৯||

 

বিষয়বিমুখ হ’ল মহাৰাজ ইয়াৰ পিছত

বিধিমতে পুত্ৰ ৰঘুক ৰাজচিহ্ন শ্বেতছত্ৰ কৰিলে দান ।

বৃক্ষৰ ছায়াত থাকিবলৈ ৰাণীৰ লগত গ’ল তপোবন ।

ইক্ষ্বাকু বংশৰ সকলোৰে বাৰ্ধক্যত  এয়ে কুলব্ৰত ।

 

অথ স বিষয়ব্যাবৃত্তাত্মা যথাবিধি সূনবে

নৃপতিককুদং দত্ত্বা যূনে সিতাতপবাৰণম্ |

মুনিবনতৰুচ্ছায়াং দেব্যা তয়া সহ শিশ্ৰিয়ে

গলিতবয়সামিক্ষ্বাকূণামিদং হি কুলব্ৰতম্ || ৩-৭০||

 

(কালিদাসৰ ৰঘুবংশ মহাকাব্যৰ তৃতীয় অধ্যায় সমাপ্ত ।)

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)