৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৭ আগষ্ট, ২০২২
৪ মিনিট পঠন • ৩১১ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ  বুঢ়াগোহাঁই

 

       বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – প্ৰকৃতিপ্ৰেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ নিৰীক্ষণ ক্ষমতা, দায়িত্ববোধ আদি । ‘বনাঞ্চল পৰিচালনা’ পাঠ্যক্ৰম অধ্যয়ন তথা প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰা এখন উল্লেখযোগ্য   শিক্ষানুষ্ঠান হ’ল –ইণ্ডিয়ান ইনষ্টিটিউট অব্ ফৰেষ্ট মেনেজমেণ্ট ,ভূপাল (http://iifm.ac.in )। ইয়াত  প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা ইন ফৰেষ্ট মেনেজমেণ্ট (Post Graduate Diploma in Forest Management) পাঠ্যক্ৰমত আসনৰ সংখ্যা ১৫০ খন।  এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল – প্ৰাৰ্থীজন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত কমেও ৫০% নম্বৰ বা সমতুল্য চিজিপিএৰ সৈতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। অনসূচিত জাতি , জনজাতি  আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে ৫% নম্বৰ ৰেহাই থাকে।                    

দূৰ শিক্ষা যোগেদিও ‘বনাঞ্চল পৰিচালনা’ পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল - ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়(www.ignou.ac.in) । এই শিক্ষানুষ্ঠান দুখনত ‘বনাঞ্চল পৰিচালনা’ৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্ৰক্ৰিয়া বিভিন্ন । সবিশেষতথ্য জানিবৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠান দুখনৰ ৱেবছাইটত চাব পাৰে। ‘বনাঞ্চল পৰিচালনা’ৰ বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰি চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ   বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে, যেনে - Forestry, Environment, Micro Finance, Banking, Eco-tourism, Corporate Social Responsibility আদি। ‘বনাঞ্চল’ৰ লগত জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ NGOবোৰেও নিযুক্তি দিয়ে। ফৰেষ্ট মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। 

 

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।

 

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)