৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ফুটৱেৰ ডিজাইনিং (Footwear Designing)

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ১ জুন, ২০২২
৪ মিনিট পঠন • ১২৫৩ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই

 

ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি  উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখা বা যিকোনো শাখাত উত্তীৰ্ণ হোৱা পাছত ফুটৱেৰ ডিজাইনিঙৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰে৷  ফুটৱেৰ ডিজাইনিঙত চাৰ্টিফিকেট,  ডিপ্ল’মা, স্নাতকোত্তৰ আৰু পি. এইছ. ডি. পাঠ্যক্ৰম  অধ্যয়ন কৰিব পাৰে৷

 এজন সফল ফুটৱেৰ ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্ৰতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা আদি।

ফুটৱেৰ ডিজাইনিঙত শিক্ষা গ্ৰহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল –  চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, চেন্নাই ( https://www.cftichennai.in), চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, আগ্ৰা (https://www.cftiagra.org.in), চেন্ট্ৰেল লেডাৰ ৰিচাৰ্চ   ইনষ্টিটিউট  (http://www.clri.org), ফুটৱেৰ ডিজাইন এণ্ড  ডেভেলপমেণ্ট ইনষ্টিটিউট (http://www.fddiindia.com), গভৰ্ণমেণ্ট কলেজ  অৱ ইঞ্জিনিয়াৰিং    এণ্ড লেডাৰ টেকন’লজী (www.gcelt.gov.in), হৰকোৰ্ট  বটলাৰ    টেকনিকেল ইউনিভাৰছিটি , কানপুৰ (http://hbtu.ac.in), মুজাফ্ফৰপুৰ   ইনষ্টিটিউট অৱ   টেকন’লজী (http://www.mitmuzaffarpur.org), নেচনেল ইনষ্টিটিউট অৱ  ফেচন  টেকন’লজী (www.nift.ac.in) আদি।

 ফুটৱেৰ ডিজাইনিঙৰ বিভিন্ন  ডিপ্লমা  আৰু ডিগ্ৰী লাভ কৰা সকলে ফুটৱেৰ উৎপাদনকাৰী  কোম্পানীত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ৷ নিযুক্তি লাভ কৰিব পৰা  বিভিন্ন পদবোৰ হ’ল -   ফুটৱেৰ ডিজাইনাৰ (Footwear Designer), ফুটৱেৰ টেকন’ল’জিষ্ট (Footwear Technologist),মাৰ্কেটিং  এক্সিকিউটিভ  (Marketing Executive),  মাৰচেনণ্ডাইজাৰ  (Merchandiser), প্লেনিং এক্সিকিউটিভ ( Planning Executive), প্ৰডাক্ট ডেভেলপাৰ (Product Developer), প্ৰডাক্ট ডেভেলপমেণ্ট মেনেজাৰ (Product Development Manager), কোৱালিটি কন্ট্ৰলাৰ (Quality Controller) আদি। তাৰোপৰি ফুটৱেৰ ডিজাইনিং বিষয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷

ফুটৱেৰ ডিজাইনিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি   নিযুক্তি দিয়া কেইটামান  ফুটৱেৰ উৎপাদনকাৰী  কোম্পানী হ’ল– বাটা (http://bata.in),  লিবাৰ্টি (http://www.libertyshoes.com), খাদিমছ( http://www.khadims.com), লখানী (http://www.lakhanifootwear.com), মেট্ৰ(http://www.metroshoes.net), একচন (http://www.actionshoes.com), লী কুপাৰ (https://www.leecooper.com), এডিডাচ (https://www.adidas.co.in), নাইকী (https://www.nike.com), ৰিবক (https://www.reebok.com), উডলেণ্ড (https://www.woodlandworldwide.com), পুমা (https://in.puma.com) আদি।

 

 কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বিদ্ৰ: কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ’ন (৯৪৩৫১৮৮৬৩০)কৰিব পাৰে।

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)