৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চৰ্চা

লেখকঃ ড° নীৰাজনা মহন্ত বেজবৰা • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২১
৩৯ মিনিট পঠন • ৭৩১ বাৰ পঢ়া হৈছে

নীৰাজনা মহন্ত বেজবৰা

        এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চৰ্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। অসমত বা অসমীয়াত তুলনামূলক সাহিত্যৰ চৰ্চাৰ প্ৰসঙ্গটো বিশ্বাত্মক তথা ভাৰতীয় প্ৰেক্ষাপটত তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চাৰ এক অংশবিশেষ। গতিকে ইয়াৰ গতি-প্ৰগতিত অন্তৰ্নিহিত হৈ থকা বিভিন্ন দিশসমূহৰ অনুসন্ধান তথা ব্যাখ্যা-বিবেচনাৰ ক্ষেত্ৰত পৃষ্ঠভূমিৰ ৰূপত তুলনামূলক সাহিত্যৰ মূল গতি-প্ৰকৃতি আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলনামূলক ভাৰতীয় সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চায়ো সামান্যভাবে স্থান লাভ কৰাৰ অৱকাশ আছে। 

তুলনামূলক অধ্যয়ন আৰু তুলনামূলক সাহিত্য

       মানুহৰ চিন্তা-চৰ্চাৰ লগত তুলনা নামৰ বৌদ্ধিক প্ৰক্ৰিয়াটো সৰ্বদাই জড়িত হৈ থাকে। এইদৰে চাবলৈ গ’লে মানুহে সাহিত্যৰ লগত জড়িতভাৱে যেতিয়াই চিন্তা-চৰ্চা আৰম্ভ কৰিছিল, তেতিয়াৰপৰাই তাত এক প্ৰকাৰ তুলনাত্মক প্ৰক্ৰিয়াই মানুহৰ জ্ঞাতে বা অজ্ঞাতে ক্ৰিয়াশীল হৈ আহিছে। এইদৰে অসচেতনভাৱে তুলনাত্মক প্ৰক্ৰিয়াৰ প্ৰয়োগৰ অতিৰিক্ত সম্পূৰ্ণ সচেতনভাৱেও যেতিয়া সাহিত্যৰ অধ্যয়নত ইয়াৰ প্ৰয়োগ কৰিবলৈ লোৱা হ’ল, এনে অধ্যয়নে প্ৰক্ৰিয়াৰ নাম অনুসৰিয়েই ‘সাহিত্যৰ তুলনামূলক অধ্যয়ন’ নাম পালে। সাহিত্য অধ্যয়নৰ বাবে সাধাৰণভাৱে স্বীকৃত তত্ত্বসমূহেই এনে অধ্যয়নৰো মূল আধাৰ। কিন্তু এই তত্ত্বসমূহক আধাৰ কৰি ইয়াত তুলনা অৰ্থাৎ একাধিক সাহিত্যৰ মাজত সাদৃশ্য-বৈসাদৃশ্যৰ সন্ধানে প্ৰধান গুৰুত্ব পায়। এনে অধ্যয়নৰ পৰিণাম বা সিদ্ধান্তসমূহ প্ৰায় ক্ষেত্ৰতে গুণগত (Qualitative) প্ৰকৃতিতকৈ অধিক পৰিমাণগত (Quantitative) প্ৰকৃতিৰ হয়। তুলনামূলক অধ্যয়নত অধ্যয়নৰ বাবে গ্ৰহণ কৰা সাহিত্য বা সাহিত্যিকসকল স্থান, কাল আৰু ভাষাৰ সীমাৰ ভিতৰতো হ’ব পাৰে বা সীমা অতিক্ৰম কৰিও হ’ব পাৰে। 

          তুলনামূলক সাহিত্য আচলতে এখন বিদ্যায়তনিক ক্ষেত্ৰ। কোনো কোনোৱে ‘সাহিত্য অধ্যয়নৰ দৃষ্টিভঙ্গীবিশেষ’, কোনোৱে ‘সাহিত্য অধ্যয়নৰ পদ্ধতিবিশেষ’ আদি ধৰণেৰে ইয়াৰ পৰিচয় আগ বঢ়ায়। এনে পৰিচয় তুলনামূলক সাহিত্যৰ আংশিক বৈশিষ্ট্যসূচকহে। প্ৰকৃততে সাহিত্যৰ অধ্যয়ন সম্পৰ্কীয় দৃষ্টিভঙ্গী, অধ্যয়নৰ ক্ষেত্ৰ বা পৰিসৰ আৰু সেই দৃষ্টভঙ্গীৰে তেনে ধৰণৰ পৰিসৰৰ অন্তৰ্গত বিষয় অধ্যয়ন কৰি ফলপ্ৰসূ সিদ্ধান্ত লাভ কৰাৰ বাবে উপযুক্ত পদ্ধতি– এই কেউটা সমল আৰু সঁজুলিৰে তুলনামূলক সাহিত্য এখন স্বতন্ত্ৰ বিদ্যায়তনিক ক্ষেত্ৰ (academic discipline)।   সাহিত্যৰ সীমাৰ ভিতৰত হ’লে ইয়াৰ মনোযোগ প্ৰধানকৈ পৃথক সংস্কৃতিৰ, পৃথক জাতিৰ, পৃথক বিধাৰ সাহিত্যৰ পৰস্পৰ সম্পৰ্কজড়িত অধ্যয়নত নিবিষ্ট। এইদৰে চাবলৈ গ’লে ইয়াৰ প্ৰকৃতি আন্তৰ্সাস্কৃতিক, আন্তৰ্ভাষিক, আন্তৰ্জাতিক তথা আন্তৰ্বিধাগত। অধ্যয়নৰ পৰিসৰৰ ক্ষেত্ৰত সাহিত্যৰ সীমা অতিক্ৰম কৰি তুলনামূলক সাহিত্যই সাহিত্য আৰু সঙ্গীত, চিত্ৰ, চলচ্চিত্ৰ আদি মানুহৰ অন্য সাংস্কৃতিক কৰ্মৰ মাজৰ সম্পৰ্কৰ অনুসন্ধানৰ প্ৰতি আগ্ৰহ দেখুৱায়। আন্ত:বিদ্যাৱৰ্তী (interdisciplina|y) প্ৰকৃতিৰ বাবে ই অৰ্থনীতি, ৰাজনীতি, দৰ্শন, সমাজতত্ত্ব আদি সমাজ বিজ্ঞানকে ধৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন শাখাৰ লগতো সাহিত্যৰ সম্পৰ্ক বিশ্লেষণৰ মাধ্যমেৰে জীৱন আৰু জগতৰ লগত জড়িত অনেক ধৰণৰ ধাৰণাগত, কৌশলগত তথা বস্তুগত দিশৰ উদ্‌ঘাটনৰ ফালে অগ্ৰসৰ হয়। এনে অধ্যয়ন, বিশ্লেষণ আৰু তাৰ পৰা লাভ কৰা পৰিণাম বা সিদ্ধান্ত সাধাৰণতে উপৰুৱা সাদৃশ্য-বৈসাদৃশ্যৰ লগত জড়িত সংখ্যা বা পৰিমাণগত হোৱাৰ পৰিৱৰ্তে অধিক ৰূপত গুণগত লক্ষণসমন্বিত হয়। 

          সাহিত্যৰ অধ্যয়নৰ সময়ত অধ্যয়নকাৰীসকলে অসচেতনভাৱে প্ৰয়োগ কৰা তুলনাত্মক পদ্ধতি তথা সচেতনভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো তুলনামূলক সাহিত্যৰ প্ৰকৃতিগত অনুসৰণৰ অবিহনে তাক তুলনামূলক সাহিত্য বুলিব নোৱাৰি। তেনে কৰিবলৈ গ’লে সাহিত্যৰ অধ্যয়ন মাত্ৰকেই কম-বেছি পৰিমাণে তুলনামূলক সাহিত্যৰ ভিতৰুৱা কৰি পেলাব লাগিব। ষোড়শ শতিকাত ইউৰোপত বীজ ৰোপিত হৈ, ঊনবিংশ শতিকাৰ শেষলৈ তুলনামূলক সাহিত্য নামেৰে এক বিদ্যায়তনিক অনুশাসন হিচাপে প্ৰতিষ্ঠা লাভ কৰি বিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধলৈ আনুষ্ঠানিক-অনানুষ্ঠানিক দুয়ো ধৰণেৰে সম্পাদিত সাহিত্যৰ অধ্যয়নত বিশ্ব জুৰি প্ৰসিদ্ধি আৰু প্ৰচলন লাভ কৰা বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগত জড়িত অসমীয়া ভাষাত হোৱা চিন্তা-চৰ্চাকহে এই লেখাৰ বিবেচনীয় বিষয় বুলি ধৰা হ’ব।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পৰ্কীয় চৰ্চাৰ খতিয়ান

     অসমীয়া ভাষাত যজ্ঞেশ্বৰ শৰ্মাই ‘তুলনামূলক সাহিত্য’ শীৰ্ষকেৰে ‘অসম সাহিত্য সভা পত্ৰিকা’ (চতুস্ত্ৰিংশ বছৰ, ১৯৭৭ চন, প্ৰথম সংখ্যা)-ত প্ৰকাশিত এটা প্ৰবন্ধত এই বিষয়টো সম্পৰ্কীয় চৰ্চাৰ পাতনি তৰে। [এই লেখাত জীৱমণি নাথৰ সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকাৰ নিৰ্বাচিত প্ৰবন্ধ : বিষয় সাহিত্য’ নামৰ গ্ৰন্থত (২০১৭ চন) তাৰ পুনৰ প্ৰকাশিত ৰূপক আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে] আৰম্ভণি ঘটোৱাৰ অৰ্থত এই লেখাটোক ‘পাতনি’ বুলি কোৱা হৈছে যদিও আচলতে তুলনামূলক সাহিত্য সম্পৰ্কে তেতিয়ালৈকে চৰ্চালৈ অহা প্ৰায় সমস্ত প্ৰসঙ্গ লেখাটোত ভুৰুকাত হাতী ভৰোৱাৰ দৰে ভৰাই থোৱা আছে। অন্য প্ৰকাৰে ক’বলৈ গ’লে এই নিৰ্দিষ্ট বিদ্যায়তনিক ক্ষেত্ৰখনৰ মূল মূল লক্ষণসমূহ সন্নিবিষ্ট হোৱাৰ দৃষ্টিৰে তুলনামূক সাহিত্যৰ অধ্যয়নকাৰী তথা বিষয়টোৰ প্ৰতি জিজ্ঞাসুসকলৰ কাৰণে ইয়াক আজিও এটা দিগ্‌দৰ্শক লেখা বুলি গ্ৰহণ কৰাৰ থল আছে। সহজ ভাষাশৈলী তথা সৰল প্ৰকাশভঙ্গীৰ লেখাটোৱে পাঠকৰ আগত তুলনামূলক সাহিত্য সম্পৰ্কে স্পষ্ট কৰা মূল দিশসমূহ এনে ধৰণৰ :

(১) সাহিত্যৰ বিশ্বজনীনতা যে তুলনামূলক সাহিত্যৰ মূল ভেঁটি এই কথাটো লেখাটোত এনেদৰে স্পষ্ট কৰা হৈছে– ‘সাহিত্য বিশ্বজনীন সম্পদ। ভাষাত বা প্ৰকাশভঙ্গীত দেখাত বেলগ হ’ব পাৰে, কিন্তু ভিতৰৰ প্ৰাণবস্তু সকলোতে একেটাই’ (পৃ: ৯১)।

(২) তুলনামূলক সাহিত্যৰ (ইউৰোপত) উৎপত্তিৰ পৃষ্ঠভূমিস্বৰূপে লেখাটোত উল্লেখ কৰা নিম্নোদ্ধৃত  কাৰণ দুটাই পৃষ্ঠভূমিৰ লগতে পাঠকৰ বাবে তুলনামূলক সাহিত্যৰ মূল ভাৱশক্তি (spirit) উপলব্ধি কৰাত সহায়ক হৈছে– ‘নিজ দেশক অতিক্ৰম কৰি যোৱা উদাৰ সাৰ্বজনীন ভাৱ; আৰু দ্বিতীয়টো হ’ল বৈজ্ঞানিক মনোবৃত্তিৰ বিকাশ’ (পৃ: ৯২)।

(৩) তুলনামূলক সাহিত্যৰ মূল উদ্দেশ্য আৰু প্ৰয়োজন সম্পৰ্কে লেখাটোত সহজবোধগম্য ৰূপত দাঙি ধৰা হৈছে– ‘বিভিন্ন দেশ-কালৰ নাট মিলাই চালেহে নাটকৰ সামগ্ৰিক ৰূপ এটা ধৰিব পাৰি আৰু প্ৰত্যেক নাট্যকাৰ আৰু যুগটোৰ আনৰ লগত বিভিন্নতা আৰু ঐক্য হৃদয়ঙ্গম কৰিব পাৰি। যি অকল অসমকেহে চিনি পায়, তেওঁ অসম-অসমীয়াৰ কথা একোকে নেজানে বুলিব লাগে’ (পৃ: ৯৫)।

(৪) প্ৰভাৱমূলক অধ্যয়ন, সাহিত্যৰ বিভিন্ন ধাৰাৰ অধয়ন, বিভিন্ন বিধাৰ অধ্যয়ন, সমান্তৰাল অধ্যয়নৰ উল্লেখেৰে তুলনামূলক সাহিত্য অধ্যয়নৰ পৰিসৰ আৰু পদ্ধতি সম্পৰ্কে লেখাটোত তলত দিয়া ধৰণেৰে প্ৰকাশ পাইছে- ‘কোন দেশৰ পৰা কোন দেশলৈ সাহিত্যৰ সংক্ৰমণ বা পৰিব্ৰজন হৈছে, কোন সাহিত্যই ক’ত কিমান প্ৰভাৱ পেলাইছে এইবোৰৰ অধ্যয়নো তুলনামূলক সাহিত্যৰ আলোচনাৰ বিষয় হৈ পৰিছে (পৃ: ৯৩)… সাহিত্যৰ বিভিন্ন ধাৰাৰ আধ্যয়নো বৰ্তমান কালত তুলনামূলক সাহিত্যৰ একোটা বিশেষ বিষয় হৈ পৰিছে (পৃ: ৯৩)…  সাহিত্যিক ৰূপৰ (form) বিকাশ আৰু পৰিবৰ্তন তুলনামূলক সাহিত্যৰ বিষয় (পৃ: ৯৪) … মানুহৰ দৃষ্টিভঙ্গীৰ এটা ঐক্য আছে, কেতিয়াবা কাৰো প্ৰভাৱ নোপোৱাকৈয়ে কবিয়ে বা ৰচকে স্বাধীনভাৱে একোটা কথা কয় বা লেখে আৰু দূৰ দেশৰ বা অতীতকালৰ কথাৰ লগত মিলি যায়’ (পৃ: ৯৫)। 

        তুলনামূলক সাহিত্য সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ ক্ষেত্ৰত ড: প্ৰফুল্ল কটকীৰ ১৯৮৯ চনত প্ৰকাশিত ‘তুলনামূলক সাহিত্য’ নামৰ ৭১ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰথম। ড: কটকীৰ এই পুথিখনিত সামগ্ৰিকভাৱে তুলনামূলক সাহিত্যৰ লগতে ‘তুলনামূলক ভাৰতীয় সাহিত্য’ (পৃ: ৪৫-৫০) আৰু তাৰ মূল ভেঁটি ভাৰতীয় সাহিত্যৰ সমৰূপতা (পৃ: ৩২) সম্পৰ্কতো বিচাৰ কৰা হৈছে। তুলনামূলক সাহিত্যৰ স্বৰূপ স্পষ্ট কৰিবলৈ যাওঁতে ইয়াৰ ধাৰণাৰ লগত সততে সংপৃক্ত হৈ থকা ‘সাধাৰণ সাহিত্য’, ‘বিশ্বসাহিত্য’ আৰু ‘শাশ্বত সাহিত্য’ সম্পৰ্কীয় কিছু বিচাৰ-বিমৰ্শও গ্ৰন্থখনিত সন্নিবিষ্ট হৈছে (পৃ: ৩৬-৪২)। ইতিহাসমূলক অধ্যয়ন (পৃ: ৩২), বিধাগত (সাহিত্যিক ৰূপৰ) অধ্যয়ন (পৃ: ৩৫), প্ৰভাৱমূলক অধ্যয়ন (পৃ: ৪২) আদি তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰায়কেইটা দিশৰ পৰিচয়েৰে বিষয়টোৰ মূল মূল প্ৰকৃতি পাঠকৰ দৃষ্টিগোচৰ কৰা হৈছে।  তুলনামূলক সাহিত্যৰ অধ্যয়নত সাহিত্যৰ লগত সাহিত্যভিন্ন অন্য কলা তথা বিজ্ঞান আৰু সমাজবিজ্ঞানৰ বিভিন্ন শাখা সম্পৰ্কজড়িত কৰাৰ প্ৰসঙ্গ (পৃ: ১৩-১৪)-ও উত্থাপিত হৈছে। 

   এই নতুন বিদ্যায়তনিক বিষয়টোৰ পৰিসৰ সম্পৰ্কে ড: কটকীয়ে পুথিখনিৰ কেইবা ঠাইতো আলোচনা কৰিছে। এই ক্ষেত্ৰত অতি প্ৰাসঙ্গিকভাৱেই পাঠক সঁহাৰি (Reader Response), পৰিবেশ-প্ৰসঙ্গ (Contextuality) আৰু আন্তঃপাঠগততা (Inter-textuality)-ৰ বিষয়ে (পৃ: ৫৯-৬৬) চৰ্চা কৰা হৈছে। সাহিত্যৰ যি কোনো ধৰণৰ অধ্যয়নৰ বাবে অধ্যয়নকাৰী এজনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যোগ্যতাৰ অতিৰিক্ত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা যোগ্যতাৰ সম্পৰ্কতো কিঞ্চিৎ বিচাৰ পুথিখনিত আগবঢ়োৱা হৈছে। তুলনামূলক সাহিত্যত অনুবাদৰ অপৰিহাৰ্যতাৰ প্ৰতি দৃষ্টি ৰাখি অনুবাদ সম্পৰ্কীয় (পৃ: ৫০-৫৯) আলোচনাও তাত সন্নিবিষ্ট কৰা হৈছে। 

        সামগ্ৰিক ৰূপত ক’বলৈ গ’লে ড: কটকীৰ কিতাপখনত তুলনামূলক সাহিত্যৰ ভিন ভিন সম্প্ৰদায় আৰু ইয়াৰ অধ্যয়নৰ পদ্ধতিৰ বাহিৰে কিতাপখনৰ ৰচনাৰ সময়লৈকে বিষয়টো সম্পৰ্কে চৰ্চালৈ অহা প্ৰায় গোটেইখিনি প্ৰসঙ্গই সংক্ষিপ্তভাৱে স্থান লাভ কৰিছে। অৱশ্যে উদ্দেশ্য আৰু পৰিসৰৰ ক্ষেত্ৰত বিষয়টোৰ গুণগত পৰিচয়তকৈ বহু সময়ত তুলনামূলক সাহিত্যৰ অন্তৰ্গতভাৱে স্থান লাভ কৰিব পৰা অধ্যয়নৰ উদাহৰণেহে অধিক স্থান দখল কৰা যেনো বোধ হয়। 

    ড: কটকীৰ ‘তুলনামূলক সাহিত্য’ৰ পিছত ড: নীৰাজনা মহন্ত বেজবৰাই ৰচনা কৰা ‘তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা’ নামৰ পুথিখনে ১৯৯৪ চনৰ মাৰ্চ মাহত প্ৰকাশ লাভ কৰে। নামটোৰ পৰাই স্পষ্ট হয় যে পুথিখনি সম্পূৰ্ণৰূপে তুলনামূলক সাহিত্য সম্পৰ্কীয় নহয়। পুথিখনিত সন্নিবিষ্ট সাতোটি লেখাৰ ভিতৰত সাহিত্যৰ গৱেষণা সম্পৰ্কীয় দুটা লেখাক বাদ দি বাকী পাঁচোটা লেখাত প্ৰত্যক্ষ (তুলনামূলক সাহিত্য, ভাৰতীয় সাহিত্যৰ তুলনামূলক গৱেষণা) অথবা পৰোক্ষ (ভাৰতীয় সাহিত্যৰ ঐক্যসূত্ৰ, অনুবাদ : এক পুনঃসৃজন প্ৰক্ৰিয়া, সাহিত্যৰ অনুবাদ)ভাৱে তুলনামূক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ সম্পৰ্কত বিচাৰ আগবঢ়োৱা হৈছে।

        তুলনামূলক সাহিত্যৰ বিষয়ে প্ৰকাশ পোৱা তৃতীয়খন অসমীয়া কিতাপ হ’ল ড: নীৰাজনা মহন্ত বেজবৰাৰে ৰচিত ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্ৰয়োগ’ (নৱেম্বৰ, ১৯৯৪)। তুলনামূলক সাহিত্যৰ পৃষ্ঠভূমিৰ প্ৰসঙ্গৰে আৰম্ভ কৰা এই কিতাপখন ‘তুলনামূলক সাহিত্যৰ প্ৰকৃতি আৰু পৰিচয়’, ‘তুলনামূলক সাহিত্য অধ্যয়নৰ কেইটিমান দিশ’ আৰু ‘তুলনামূলক ভাৰতীয় সাহিত্য’ – শীৰ্ষক তিনিটা অধ্যায়ত বিভক্ত। তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতি আৰু সম্প্ৰদায় সম্পৰ্কীয় প্ৰসঙ্গৰ সংযোজনৰ বাহিৰে এইখন কিতাপৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ত ড: কটকীৰ কিতাপত থকা দিশসমূহেই আলোচিত হৈছে। অৱশ্যে তৃতীয় অধ্যায়ত তুলনামূলক সাহিত্যৰ ভাৰতীয় চিনাকি বা ভাৰতীয় স্বৰূপ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ মূল মূল দিশ কেইটা ইয়াত অধিক বিস্তৃতভাৱে দাঙি ধৰা হৈছে। সামগ্ৰিক ৰূপত ক’বলৈ গ’লে বিষয়টোৰ সম্পৰ্কত সেই সময়লৈকে চৰ্চালৈ অহা প্ৰায় সকলো দিশ সামৰি যথাসম্ভৱ শৃংখলাবদ্ধভাৱে উপস্থাপনৰ যত্ন কৰা হৈছে যদিও প্ৰকাশভঙ্গীৰ জটিলতাৰ বাবে কিতাপখনৰ কিছুমান প্ৰসঙ্গ পাঠকৰ বাবে সহজবোধগম্য হৈ উঠিব পৰা নাই।

        ১৯৯৯ চনত প্ৰকাশিত এই একে লেখিকাই ৰচনা কৰা ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ পুথিখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চাৰ চতুৰ্থখন পুথি। তুলনামূলক সাহিত্য হ’ল অঙ্গী আৰু তুলনামূলক ভাৰতীয় সাহিত্য তাৰ অঙ্গ স্বৰূপ। ড: মহন্ত বেজবৰাৰ এই পুথিখনিত প্ৰথমতে মূল অঙ্গীৰ ৰূপত তুলনামূলক সাহিত্যৰ সাধাৰণ পৰিচয় আগ বঢ়োৱাৰ পাছত দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় আৰু প্ৰাসঙ্গিকতা সম্পৰ্কে অৱতাৰণা কৰা হৈছে। তৃতীয় অধ্যায়ত চৰ্চালৈ অনা ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস, অৰ্থাৎ তুলনামূলক পদ্ধতিৰে একক ৰূপত ভাৰতীয় সাহিত্যৰ ঐতিহাসিক পৰিচয় প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অসমীয়া ভাষাত এয়ে প্ৰথম। পুথিখনিৰ চতুৰ্থ অধ্যায়ত একক ৰূপত ভাৰতীয় সাহিত্যৰ ধাৰণা গ্ৰহণৰ দিশত সহায়ক হোৱাকৈ আধুনিক ভাৰতীয় সাহিত্যৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে কেইটামান গল্প আৰু এখনি উপন্যাসৰ পৰিচয়সূচক আলোচনা আগবঢ়োৱা হৈছে। তুলনামূলক ভাৰতীয় সাহিত্য আৰু লগতে তাৰ মূল উৎস তুলনামূলক সাহিত্যৰো সাধাৰণ ধাৰণা পাঠক সমাজত স্পষ্ট কৰাৰ ক্ষেত্ৰত এইখনি পুথিৰ প্ৰকাশভঙ্গী ড: কটকীয়ে ৰচনা কৰা তথা একে লেখিকাৰে আগৰ দুখন পুথিৰ তুলনাত সহজ আৰু সৰল। 

       ২০০২ চনত প্ৰকাশ পোৱা অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় পঞ্চমখন গ্ৰন্থ  ‘পটভূমিকাত তুলনামূলক সাহিত্য’ত বিষয়টো সম্পৰ্কত পূৰ্বতকৈ বিশ্লেষণধৰ্মী তথা কাৰ্য্যকৰী চিন্তা-চৰ্চা পৰিলক্ষিত হয়। তিনিটা খণ্ডত বিভক্ত গ্ৰন্থখনৰ প্ৰথমটো খণ্ডত ভাৰতীয় তথা অসমীয়া সাহিত্যৰ বিশেষ সন্দৰ্ভত তুলনামূলক সাহিত্যৰ প্ৰাসঙ্গিকতা আৰু দায়বদ্ধতা, তুলনামূলক সাহিত্যৰ প্ৰকৃত স্বৰূপ আৰু তাৰ ভাৱশক্তি বা মেজাজৰ শুদ্ধ আৰু সঙ্গত উপলব্ধিৰ অভাৱৰ বাবে বিদ্যায়তনিক জগতত সৃষ্টি হ’ব পৰা পৰিণাম, সাহিত্য শিক্ষাৰ প্ৰকৃত উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যৰ অপৰিহাৰ্য্যতা, তুলনামূলক সাহিত্যৰ হাতত হাত ধৰি আগবঢ়া এক বিশেষ বিদ্যায়তনিক বিষয় ‘সাহিত্যৰ সমাজশাস্ত্ৰ (সমাজতত্ত্ব), তুলনামূলক দৃষ্টিভঙ্গীৰে বিভিন্ন যুগৰ অসমীয়া অনুবাদ সাহিত্যৰ গতিবিধি নিৰীক্ষণ আদি প্ৰসঙ্গই ঠাই পাইছে। গ্ৰন্থৰ দ্বিতীয় খণ্ডত প্ৰস্তুত কৰা ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নে তুলনামূলক সাহিত্যত প্ৰয়োগ হোৱা বিভিন্ন অধ্যয়ন-পদ্ধতিৰ প্ৰয়োগিক গতি-বিধি পোহৰলৈ আনিছে আৰু তৃতীয় খণ্ডত ভাৰতীয় সাহিত্যৰ বিভিন্ন ধাৰা, সাহিত্যিক তথা সাহিত্যৰূপ সম্পৰ্কীয় আলোচনা সন্নিবিষ্ট হৈছে। এইখন গ্ৰন্থও ড: নীৰাজনা মহন্ত বেজবৰাই ৰচনা কৰা।   

         ২০০৩ চনত ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত তুলনামূলক সাহিত্য সম্পৰ্কে দুখন গ্ৰন্থ প্ৰকাশ পায়। প্ৰথমখন ড: কৰবী ডেকা হাজৰিকাই আৰু আনখন ড: দিলীপ বৰাই ৰচনা কৰিছে। ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ নামেৰে ‘ক’ ‘খ’ আৰু’গ’ তিনিটা অধ্যায়ত ভাগ কৰা প্ৰথমখন গ্ৰন্থৰ অধ্যায়-‘ক’ত তুলনামূলক সাহিত্য সম্পৰ্কীয় আলোচনা আগবঢ়োৱা হৈছে। ১০-টা শীৰ্ষকত বিভক্ত এই অধ্যায়টিত ‘পৰিভাষাৰ প্ৰয়োগ’ শীৰ্ষকেৰে তুলনামূলক সাহিত্যত প্ৰয়োগ হোৱা পৰিভাষা সম্পৰ্কীয় চিন্তা-চৰ্চা এই বিষয়ৰ পূৰ্বতে প্ৰকাশিত গ্ৰন্থসমূহত বাদ পৰি যোৱা আৰু নিঃসন্দেহে নতুন তথা আৱশ্যকীয় সংযোজন।  কিন্তু তুলনামূলক সাহিত্যৰ লগত জড়িত বাকী আলোচনাত অনেক ক্ষেত্ৰতে পুথিখনত কিছু অস্পষ্টতা আৰু ঠায়ে ঠায়ে বিষয়টোৰ মূল বৈশিষ্ট্যৰ পৰা ফালৰি কাটি যোৱা ধৰণৰ ব্যাখ্যা দৃষ্টিগোচৰ হয়। বহু ঠাইত সাধাৰণ তুলনামূলক অধ্যয়ন আৰু ‘তুলনামূলক সাহিত্য’ একাকাৰ কৰি পেলোৱাৰ কাৰণে তুলনামূলক সাহিত্যৰ নিজস্ব ব্যক্তিত্ব স্পষ্ট হৈ উঠাত বাধা আহি পৰিছে। ‘এই কথা ঠিক যে জিলিকি থকা নাম আৰু প্ৰতিভাৰ অবিহনে তুলনামূলক অধ্যয়ন সাৰ্থক হৈ নুঠে’ (পৃ: ৩) আৰু তেনেকৈয়ে তুলনামূলক সাহিত্যৰ বাবে ‘উচ্চ পৰ্যায়ৰ শ্ৰেষ্ঠ লেখকৰ ৰচনা’ (পৃ: ৩), ‘জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত কবিৰ কবিতা’ (পৃ: ৭) আদি ধৰণৰ ধাৰণা তুলনামূলক সাহিত্যত গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত গ্ৰন্থখনত (পৃ: ৩) ‘Charles Augustin Sainte Beuve’ নামৰ ফৰাচী সমালোচকজনে শ্ৰেষ্ঠ (তথাকথিত?) লেখক কিছুমানৰ তালিকা কৰি তেনে লেখকৰ মাজতহে তুলনা সম্ভৱ বুলি কোৱাৰ প্ৰসঙ্গ উল্লেখ কৰা হৈছে। কিন্তু স্মৰণযোগ্য যে তুলনামূলক সাহিত্য সম্পৰ্কে স্পষ্ট ধাৰণাৰ উদ্ভৱ ঘটা(১৮৮৬ চনত Hutcheson Macaulay Posnett নামৰ সাহিত্য আলোচকৰ ‘Comparative Literature’ নামৰ গ্ৰন্থখনৰ প্ৰকাশ)-ৰ ১৭ বছৰৰ পূৰ্বেই সেইজন লেখকৰ মৃত্যু ঘটিছিল। 

          তুলনামূলক সাহিত্যৰ দ্বাৰা লেখক বা ৰচনাৰ উৎকৃষ্টতা-নিকৃষ্টতা বিচাৰি উলিওৱাৰ নিচিনা এটা সুৰ গ্ৰন্থখনিত অনুৰণিত হোৱা যেন লাগে (একে বিধা বা সাহিত্যৰূপৰ চহকী অথবা হীন অৱস্থা সহজে জুখি উলিয়াব পৰা যায় পৃ: ৩)। তুলনামূলক সাহিত্য সম্পৰ্কে এইটো ধাৰণাও উচিত ধাৰণা নহয়। গ্ৰন্থখনত আন কিছুমান ধাৰণাইও বিদ্যায়তনিক জগতক বিভ্ৰান্তিত পেলায়। উদাহৰণ স্বৰূপে  ‘কেতিয়াবা সম্পূৰ্ণ যোগসূত্ৰ নথকা দুবিধ বিষয়ৰ মাজতো তুলনা কৰা হয়’ (পৃ: ৫) বুলি তুলনামূলক সাহিত্যৰ সাদৃশ্য সম্বন্ধমূলক পদ্ধতিৰ মূল প্ৰয়োগ ক্ষেত্ৰক (parallel) ‘কেতিয়াবা’ৰ পৰ্য্যায়লৈ লৈ যোৱা; ‘সাহিত্যৰ কেইটামান তত্ত্ব কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰদ্বাৰাহে বুজি পাব পাৰি, যেনে- অনুবাদতত্ত্ব’ (পৃ: ৭) বুলি ‘অনুবাদতত্ত্ব’ক ‘সাহিত্যৰ তত্ত্ব’ৰ অন্তৰ্ভুক্ত কৰা তথা ‘অনুবাদতত্ত্ব’ ‘কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰ দ্বাৰাহে বুজি পাব’ পৰা বুলি কোৱা  আদি ধৰণৰ উক্তি বা ধাৰণাই তুলনামূলক সাহিত্য তথা অনুবাদতত্ত্ব দুয়োটা বিষয় সম্বন্ধীয় চিন্তাত আউল লগায়।

       ড: দিলীপ বৰাৰ ‘তুলনাত্মক সাহিত্য’ নামৰ পুথিখন দুটা ভাগত বিভক্ত। প্ৰথম ভাগত তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশত আলোকপাত কৰি দ্বিতীয় ভাগত বাংলা আৰু হিন্দী সাহিত্যৰ কেইটিমান আলোচনা সন্নিবিষ্ট কৰা হৈছে। বিষয়টোৰ সংজ্ঞা, পদ্ধতি, ইয়াৰ অন্তৰ্গত সম্প্ৰদায়সমূহ, সাহিত্যৰ অধ্যয়নত ইয়াৰ কাৰ্য্যকৰী প্ৰয়োগ, ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত তুলনামূলক সাহিত্য, অনুবাদ আদি প্ৰসঙ্গসমূহ প্ৰায় পূৰ্বতে প্ৰকাশিত গ্ৰন্থ কেইখনৰ নিচিনাকৈয়ে আলোচিত হৈছে। কিন্তু গ্ৰন্থৰ আৰম্ভণিতে ‘তুলনাত্মক সাহিত্য : ঐতহাসিক প্ৰেক্ষাপট’ শীৰ্ষকেৰে তুলনামূলক সাহিত্যৰ উৎপত্তি, বিকাশ আৰু প্ৰতিষ্ঠাক সমাজ পৰিবৰ্তনৰ লগত জড়িতভাৱে চোৱাৰ প্ৰয়াস বিষয়টোৰ কাৰণ-কাৰ্য্যকে ধৰি মূল স্বৰূপটো স্পষ্ট কৰি তোলাৰ ক্ষেত্ৰত অধিক সহায়ক যেন হৈছে। সেইদৰে ‘তুলনাত্মক সাহিত্য : সংকট আৰু সম্ভাৱনা’ শীৰ্ষকত তুলনামূলক সাহিত্যত থকা কিছুমান অস্পষ্টতা আৰু অব্যাৱহাৰিকতা সত্ত্বেও তাৰ লক্ষ্য আৰু পদ্ধতিত নিহিত হৈ থকা গুৰুত্ব আৰু আৱশ্যকতা সম্পৰ্কে উপযুক্ত বিশ্লেষণ আগ বঢ়োৱা হৈছে।

        ড: প্ৰফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ নামৰ পুথিখন প্ৰকাশ পায় ২০০৫ চনত। দুটা খণ্ডত বিভক্ত পুথিখনিৰ প্ৰথম খণ্ডটি ‘তুলনামূলক সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ বুলি নামকৰণ কৰি তাকো আকৌ তিনিটা অধ্যায়ত ভাগ কৰা হৈছে। প্ৰথম অধ্যায়ত বিষয়টোৰ সম্পৰ্কে মূল মূল তাত্ত্বিক প্ৰসঙ্গ কেইটাৰ অৱতাৰণা কৰি পিছৰ দুটা অধ্যায়ত ভাৰতীয় সাহিত্যৰ পৰা মুঠ আঠোটা তুলনামূলক অধ্যয়ন আগবঢ়োৱা হৈছে। কিন্তু এই অধ্যয়নকেইটাত তুলনামূলক সাহিত্যৰ অধ্যয়ন-পদ্ধতিৰ প্ৰয়োগৰ পৰিৱৰ্তে সাধাৰণভাৱে সাদৃশ্য-বৈসাদৃশ্যৰ অনুসন্ধানহে কৰা হৈছে। দ্বিতীয় খণ্ডৰ নামকৰণ ‘ভাৰতীয় সাহিত্য সংকলন’ বুলি কৰা হৈছে। নামকৰণে ভাৰতীয় সাহিত্যৰ এক নিৰ্বাচিত সংগ্ৰহৰ অৰ্থ বহন কৰে যদিও অৱশ্যে ছটা অধ্যায়ত বিভক্ত এই খণ্ডটিত কাৰ্যক্ষেত্ৰত কিন্তু নিৰ্বাচিত ভাৰতীয় সাহিত্যৰ আলোচনাহে আগ বঢ়োৱা হৈছে। সি যি কি নহওক, পুথিখনিৰ ‘গ্ৰন্থকাৰৰ নিবেদন’ৰ পৰা ধৰি তুলনামূলক সাহিত্যৰ পৰিচয় তথা স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত কিছু অস্পষ্টতা আৰু বেমেজালি [তুলনামূলক সাহিত্যৰ বিষয়ে ‘দৰাচলতে ই সাহিত্যৰ এটা স্বতন্ত্ৰ বিভাগ’ (গ্ৰন্থকাৰৰ নিবেদন) বুলি লিখা আদি ধৰণৰ] দৃষ্টিগোচৰ হয়।

         ২০০৮ চনত প্ৰকাশ পোৱা ‘তুলনামূলক সাহিত্য : বিকাশ আৰু বিবৰ্তন’ নামৰ গ্ৰন্থখন ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱাই যুটীয়াভাৱে ৰচনা কৰিছে। গ্ৰন্থখন ক্ৰমে ‘তুলনামূলক সাহিত্য’, ‘তুলনামূলক ভাৰতীয় সাহিত্য’, ‘অনুবাদ’ আৰু ‘তুলনামূলক বিচাৰ পদ্ধতি : প্ৰয়োগ কৌশল’ শীৰ্ষক চাৰিটা খণ্ডত বিভক্ত। এইখন গ্ৰন্থত অতি উপযুক্তভাৱেই ‘তুলনামূলক সাহিত্য আৰু আন্তঃসাংস্কৃতিক সম্পৰ্ক’ (প্ৰথম খণ্ড), ‘বিশ্ব সংস্কৃতি আৰু বিশ্ব সাহিত্যৰ লগত ভাৰতীয় সংস্কৃতিৰ সম্পৰ্ক’ (দ্বিতীয় খণ্ড), ‘বিশ্বসাহিত্য আৰু ভাৰতীয় চিন্তা’ (দ্বিতীয় খণ্ড) আৰু ‘পাশ্চাত্যৰ প্ৰভাৱ আলোকিত তুলনামূলক ভাৰতীয় সাহিত্য’ (দ্বিতীয় খণ্ড) শীৰ্ষক আলোচনাকেইটা সন্নিৱিষ্ট কৰি অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তাক পূৰ্বতকৈ অধিক পৰিপুষ্টি দিবলৈ বিচৰা হৈছে। কিন্তু গ্ৰন্থখনৰ অধিকাংশই লেখকৰ ফালৰ পৰা ধাৰণাগত অস্পষ্টতা আৰু পাঠকৰ বাবে দুবোৰ্ধ্যতাৰে আক্ৰান্ত। ধাৰণাৰ অস্পষ্টতাৰ বাবেই সম্ভৱতঃ তুলনামূলক সাহিত্যৰ পাৰিভাষিক শব্দ কিছুমান [ঐতিহাসিকতামূলকতা-Historiographic, সংগ্ৰহণমূলক- Receptiveness, ইতিবাচক সঁহাৰিমূলক– Constructive responseable  (পৃ: ১৫); সামাজিক ভাষিকতা–Socio-linguistic, সাহিত্যিক সুদৃশ্যতা– Literary stylistic (পৃ: ৬৩)] পাঠকক বিষয়ৰ ধাৰণা স্পষ্ট কৰাৰ সলনি ধাৰণাত আউল লগোৱা ধৰণৰ হৈছে। গ্ৰন্থখনত বিষয়বস্তু, থিম (theme), মটিফ (motif) আদি সম্পৰ্কীয় ধাৰণাৰ ক্ষেত্ৰতো খেলিমেলি দেখা যায়। গ্ৰন্থখনৰ শেষ অধ্যায়ত সংযোজিত ‘তুলনামূলক বিচাৰ পদ্ধতিৰ প্ৰয়োগ কৌশল’-এ তুলনামূলক সাহিত্যৰ অধ্যয়ন পদ্ধতি প্ৰয়োগৰ কোনো সুস্থ আৰ্হি দেখুৱাব পৰা নাই। 

       ২০১৩ চনত ড: পল্লৱী ডেকা বুজৰবৰুৱাই ৰচনা কৰা ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ এখন গ্ৰন্থ প্ৰকাশ পায়। ‘সাহিত্যতত্ত্ব’ [অৰ্থাৎ সাহিত্যশাস্ত্ৰ অথবা কাব্যতত্ত্ব (poetics)] বিশেষ্য শব্দৰ আগত থকা ‘তুলনামূলক’ বিশেষণ শব্দটোৱে কিতাপখন ‘Comparative poetics’ সম্পৰ্কীয় হোৱাৰ কথাটোহে সূচায় যদিও কাৰ্যক্ষেত্ৰত কিতাপখনৰ ভিতৰত ‘তুলনামূলক সাহিত্য’ সম্পৰ্কীয় বিষয় সন্নিবিষ্ট হোৱাৰ কাৰণে অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চৰ্চাৰ অন্তৰ্গতভাৱে গ্ৰন্থখনক আলোচনালৈ অনা হৈছে। চাৰিটা অধ্যায়ত বিভক্ত গ্ৰন্থখনত প্ৰথমতে তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ চৰ্চা আগ বঢ়াই দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চা সন্নিৱিষ্ট কৰা হৈছে। প্ৰথম অধ্যায়ৰ অন্তৰ্গত ‘তুলনামূলক সাহিত্য ধাৰণাৰ উৎস আৰু ইতিহাস’ শীৰ্ষকত অসমীয়া গ্ৰন্থত আগতে আলোচনালৈ নহা কিছুমান নতুন প্ৰসঙ্গও সংযোজিত হৈছে। সৰল প্ৰকাশভঙ্গীৰে বৰ্ণিত এইখিনি কথা তুলনামূলক সাহিত্য সম্পৰ্কীয় ধাৰণা গ্ৰহণৰ ক্ষেত্ৰত পাঠকৰ বাবে যথেষ্ট সহায়ক হ’ব পৰা ধৰণৰ। কিন্তু এই শীৰ্ষকৰে শেষৰ ফালৰ পৰা ক্ৰমে পাছৰ অধ্যায়ৰ আলোচনালৈকে বুলি তুলনামূলক সাহিত্য আৰু সাধাৰণ তুলনামূলক অধ্যয়ন দুয়োটাকে একাকাৰ কৰি পেলোৱাৰ লগতে ক্ষেত্ৰবিশেষে তুলনামূলক সাহিত্যক যেন একেবাৰে কাহানিও ভাঙিব নোৱৰা নাৰিকলত পৰিণত কৰি পেলোৱা হৈছে– ‘বৰ্তমান কেতিয়াও অননুবাদ্য ভিন্ন ভাষা, সংস্কৃতি, ইতিহাস পৰিৱেশৰ স্বতন্ত্ৰতা উদ্ধাৰত তুলনামূলক সাহিত্যই গুৰুত্ব দিবলৈ ধৰিছে। তুলনামূলক অধ্যয়নে আনকি শিল্পকলাৰ বিভিন্ন প্ৰকাৰ (Genre)সমূহৰ মাজত সৃষ্টি হোৱা পৰস্পৰ বিচ্ছিন্নতাৰ জাগৰণৰ লগতে কোনো বিশেষ শিল্পীৰ ব্যক্তিগত প্ৰতিভা, অভিজ্ঞতা আৰু যোগ্যতা চিহ্নিত কৰা স্বতন্ত্ৰতা, অৰ্থাৎ ষ্টাইল আৰু প্ৰত্যেকৰে স্বতন্ত্ৰ বৈশিষ্ট্য সাব্যস্ত কৰিব পৰা সূক্ষ্ম পৃথকতাৰ বিন্দুবিলাককো উদ্‌ঘাটন কৰি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে’ (পৃ: ১৬)। 

        গ্ৰন্থখনৰ পাছৰ বিভিন্ন শীৰ্ষকৰ আলোচনাত অনেক ঠাইত অনেক প্ৰসঙ্গই পাঠকক তুলনামূলক সাহিত্যৰ ক্ষেত্ৰৰ পৰা আঁতৰাই কেনিবা লৈ যোৱাগৈ যেন বোধ হয়। যেনে, ‘বহল অৰ্থত ক’বলৈ গ’লে, তুলনামূলক সাহিত্য এটি সীমামুক্ত সাহিত্য অধ্যয়নৰ পদ্ধতি। উদাহৰণ স্বৰূপে –ভাৰতৰ সাক্ষৰতা আৰু ইয়াৰ সামাজিক স্থিতিৰ অধ্যয়ন’ (পৃ: ১৮)। এইষাৰ কথাৰ পৰা পাঠকে নিশ্চয় সাহিত্যৰ প্ৰসঙ্গ নোহোৱাকৈয়ে তুলনামূলক সাহিত্যৰ অধ্যয়ন হ’ব পাৰে বুলিয়ে বুজিব। ‘তুলনামূলক সাহিত্যৰ অধ্যয়নত ব্যৱহাৰ হোৱা কেইটিমান পদ্ধতি’ শীৰ্ষকৰ অন্তৰ্গতভাৱে ‘বিষয়সাৰ তত্ত্ব (Thematology) অধ্যয়ন পদ্ধতি’, ‘প্ৰকাৰতত্ত্ব (Genology)-ৰ অধ্যয়ন পদ্ধতি’ আদিবিলাক সন্নিবিষ্ট কৰা হৈছে (পৃ: ৬০-৮১)। কিন্তু এইবিলাক আচলতে, তুলনামূলক সাহিত্যৰ অধ্যয়ন-পৰিসৰৰ ভিতৰুৱা কিছুমান ক্ষেত্ৰ (subfield)-হে আৰু তুলনামূলক সাহিত্যত ব্যৱহৃত এক বা একাধিক পদ্ধতিৰে এইবিলাক ক্ষেত্ৰৰ অধ্যয়ন হ’ব পাৰে। এইবোৰ স্বয়ং পদ্ধতি নহয়। পদ্ধতি সম্পৰ্কীয় ধাৰণাৰ এনে খেলিমেলিৰ বাবেই গ্ৰন্থখনৰ তৃতীয় আৰু চতুৰ্থ অধ্যায়ত আগ বঢ়োৱা অধ্যয়নসমূহে তুলনামূলক সাহিত্যৰ অধ্যয়নৰ প্ৰতিনিধিত্ব কৰিব পৰা নাই।

        ড: প্ৰফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্ৰয়োগ’ নামৰ এখন পুথি ২০১৫ চনত প্ৰকাশ পায়। ‘তুলনামূলক সাহিত্য সংজ্ঞা আৰু স্বৰূপ’ নামৰ লেখাটোৰে আৰম্ভ কৰা পুথিখনিত পিছত আৰু ১৭টি লেখা সন্নিবিষ্ট কৰা হৈছে। এই পুথিত থকা তাত্ত্বিক প্ৰসঙ্গখিনি এই একেজন লেখকৰ পূৰ্বতে প্ৰকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ত থকা প্ৰসঙ্গৰে সৈতে প্ৰায় একে আৰু অন্তৰ্ভুক্ত বাকী লেখাখিনিক তুলনামূলক সাহিত্যৰ স্বৰূপ প্ৰকাশ কিম্বা অধ্যয়নৰ আৰ্হি প্ৰস্তুতকৰণ কোনো দিশতেই বিশেষ লক্ষণসমন্বিত বুলিব পৰা নাযায়।

      একোজন লেখকে এককভাৱে ৰচনা কৰাৰ উপৰি ধ্ৰুৱজ্যোতি নাথৰ সম্পাদনাত ২০১৭ চনত ‘তুলনামূলক সাহিত্য : পটভূমিকাত অসম’ নামেৰে এখন তুলনামূলক সাহিত্য সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ পায়। পাঁচোটা ‘পৰিচ্ছেদ’ত বিভক্ত গ্ৰন্থখনিৰ আৰম্ভণিতে তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ চমু পৰিচয়ৰ পাছত অসমৰ বিশেষ পৰিপ্ৰেক্ষিতত তুলনামূলক সাহিত্য সম্পৰ্কীয় চৰ্চাৰ ইতিহাস, ক্ষেত্ৰ আৰু পদ্ধতিসহ অধ্যয়নৰ গতি-প্ৰকৃতি, প্ৰয়োজন আৰু সম্ভাৱনা সম্পৰ্কে সম্পাদক ড: নাথে ‘সম্পাদকীয়’ত বিস্তৃত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰথম পৰিচ্ছেদত তিনিটা তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ লগত জড়িত, দুটা বিশ্বসাহিত্যৰ লগত আৰু আন দুটা অনুবাদৰ লগত জড়িত লেখা আছে। ইয়াৰে নগেন শইকীয়াই ৰচনা কৰা ‘তুলনামূলক সাহিত্য : এটি অনুসন্ধান’ নামৰ স্থানান্তৰত পূৰ্বতে প্ৰকাশিত লেখাটোত বিষয়টোৰ এক সামগ্ৰিক পৰিচয় আগবঢ়োৱা হৈছে। নীৰাজনা মহন্ত বেজবৰাই ‘তুলনামূলক সাহিত্যৰ পদ্ধতি বিজ্ঞান’ নামৰ লেখাটোত তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গী আৰু লক্ষ্যৰ আধাৰত তাৰ পদ্ধতি বিজ্ঞান সম্বন্ধীয় বিচাৰ-বিশ্লেষণৰ প্ৰয়াস কৰিছে। ‘তুলনামূলক সাহিত্যৰ স্কুল : ইতিহাস আৰু বৰ্তমান’ নামেৰে গ্ৰন্থখনত  সন্নিবিষ্ট হোৱা পল্লৱী ডেকা বুজৰবৰুৱাৰ লেখাটো  একে লেখিকাৰ ওপৰত আলোচিত ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ গ্ৰন্থত আগতে প্ৰকাশ পাইছে। মদন শৰ্মা আৰু কৃষ্ণকুমাৰ মিশ্ৰই ক্ৰমে ‘বিশ্বসাহিত্যৰ ধাৰণা আৰু সাহিত্যত বিশ্বজনীন ধাৰণা’ তথা ‘বিশ্বসাহিত্য : সংজ্ঞা, উপকৰণ, বৈশিষ্ট্য’; একেদৰেই প্ৰফুল্ল কুমাৰ নাথ আৰু সুৰেন তালুকদাৰে ক্ৰমে ‘অনুবাদ : সংজ্ঞা আৰু স্বৰূপ’ তথা ‘অনুবাদৰ সমস্যা’ শীৰ্ষকত তুলনামূলক সাহিত্যৰ লগত সম্বন্ধজড়িত বিশ্বসাহিত্য আৰু অনুবাদৰ কিছুমান দিশত আলোকপাত কৰিছে।

          দ্বিতীয় পৰিচ্ছেদত শৈলেন ভৰালীৰ ‘ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়ন’ নামৰ লেখাটোত ভাৰতীয় ভাষাসমূহৰ সাহিত্যৰ মাজত তুলনামূলক অধ্যয়নৰ প্ৰয়োজন আৰু সম্ভাৱনাৰ লগতে লেখাটোৰ শেষৰ ফালে তুলনামূলক সাহিত্যৰ লক্ষ্য আৰু গুৰুত্ব সম্পৰ্কীয় দিশতো আলোকপাত কৰিছে। তনুজা বৰা আৰু ধ্ৰুৱজ্যোতি নাথে ‘অসমত তুলনামূলক সাহিত্য : ইতিহাস আৰু অনুশীলন’ নামেৰে লিখা এই পৰিচ্ছেদৰ দ্বিতীয়টো লেখাত অসমত বিশ্ববিদ্যালয়ী স্তৰত ডিগ্ৰী লাভৰ বাবে আৰু অনানুষ্ঠানিকভাৱেও অসমত এতিয়ালৈকে হোৱা তুলনামূলক সাহিত্যৰ তাত্ত্বিক তথা প্ৰায়োগিক উভয়ধৰ্মী চিন্তা-চৰ্চাৰ সামগ্ৰিক খতিয়ান দাঙি ধৰিছে। এই পৰিচ্ছেদৰ তৃতীয়টো লেখা হ’ল অতুল চন্দ্ৰ গোস্বামীৰ ‘অসমত অনুবাদৰ প্ৰাসঙ্গিকতা’। 

          গ্ৰন্থখনৰ বাকী তিনিওটা পৰিচ্ছেদত ক্ৰমে অসমীয়া সাহিত্যৰ ভাৰতৰ বাহিৰৰ সাহিত্যৰ লগত আঠোটি, ভাৰতৰ বিভিন্ন ভাষা আৰু প্ৰদেশৰ লগত আঠোটি আৰু অসমৰ ভিতৰতে ভিন্ন ভাষা-সংস্কৃতিৰ মাজত সম্পাদিত তিনিটি- এইদৰে ভিন ভিন লেখকে কৰা সৰ্বমুঠ ঊনৈছটি তুলনামূলক অধ্যয়ন আগ বঢ়োৱা হৈছে।

          ২০১৮ চনত ড: প্ৰাণজিৎ বৰাৰ ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ’ তথা ড: অনুৰাধা শৰ্মাৰ ‘তুলনাত্মক ভাৰতীয় সাহিত্য : প্ৰকল্প আৰু প্ৰয়োগ’ নামেৰে ক্ৰমে তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পৰ্কীয় তথা তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োগিক অধ্যয়নসমন্বিত দুখনি গ্ৰন্থ প্ৰকাশ পায়। প্ৰথমখন গ্ৰন্থত সন্নিবিষ্ট ১২-টি লেখাৰ ভিতৰত ‘উত্তৰ-ঔপনিৱেশিক প্ৰেক্ষাপটত তুলনামূলক সাহিত্য’ তথা ‘তুলনামূলক পোএটিক্‌চ্‌’ শীৰ্ষক লেখা দুটিৰ যোগেদি উপস্থাপিত প্ৰসঙ্গকেইটা তুলনামূলক সাহিত্য সম্পৰ্কীয় চৰ্চাত অতি প্ৰয়োজনীয় আৰু অসমীয়া ভাষাৰ এই সম্পৰ্কীয় চৰ্চাৰ ক্ষেত্ৰত নতুন সংযোজন। তুলনামূলক সাহিত্যশাস্ত্ৰৰ নিৰ্মাণ তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে আৱশ্যকীয় কৰ্ম হোৱাৰ লগতে ইয়াক তুলনামূলক সাহিত্যৰ এক লক্ষ্যৰ ৰূপতো বিবেচনা কৰা হয়। তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত থকা ইউৰোপ কেন্দ্ৰিকতা কিম্বা ঔপনিবেশিক ভাৱগ্ৰস্ততাৰ বিৰুদ্ধে তথা তাৰ বিপৰীতে প্ৰাচ্য, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাক সামৰি লৈ সকলোকে সম গুৰুত্ব প্ৰদানৰ প্ৰৱণতাটো উত্তৰ-ঔপনিবেশিক চিন্তাৰ লগত জড়িত। এই প্ৰৱণতা বা জাগৰণ আকৌ তুলনামূলক সাহিত্যশাস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰণোদিত কৰাৰ দিশত মুখ্য কাৰকৰ নিচিনা হৈ পৰিছে। ড: বৰাৰ উল্লিখিত লেখা দুটাত এই সম্পৰ্কীয় আলোচনাই ঠাই পাইছে। ‘নতুন তুলনামূলক সাহিত্য’ শীৰ্ষকৰ লেখাটোতো এই পাশচাত্য কেন্দ্ৰিক ‘পুৰণি মাৰ্কা তুলনামূলক সাহিত্য’ (পৃ: ৩৯)-ৰ ঠাইত বহুসাংস্কৃতিক প্ৰেক্ষাপটত ‘নতুন তুলনামূলক সাহিত্য’ৰ প্ৰসঙ্গ অনা হৈছে। গ্ৰন্থখনৰ বাকী ৯টি লেখাত চৰ্চিত প্ৰসঙ্গসমূহে পূৰ্বতে প্ৰকাশিত একাধিক গ্ৰন্থত ইতিমধ্যে স্থান লাভ কৰিছে।

       ড: অনুৰাধা শৰ্মাৰ গ্ৰন্থখনিতো মুঠ ১২-টি লেখা সন্নিবিষ্ট হৈছে। প্ৰথমটি লেখাত ভাৰতীয় সাহিত্যৰ ধাৰণা দিয়াৰ পাছত দ্বিতীয় লেখাত ভাৰতৰ বহুভাষিক আৰু বহু সাংস্কৃতিক পৰিচয় স্পষ্ট কৰাৰ ক্ষেত্ৰত আঞ্চলিক ভাষা-সাহিত্য-সংস্কৃতিৰ আন্তঃসম্পৰ্ক বিশ্লেষণেৰে তুলনামূলক ভাৰতীয় সাহিত্যই ল’ব পৰা ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে। পাছৰ ১০টি লেখাত ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নৰ প্ৰায়োগিক উদাহৰণ আগ বঢ়োৱা হৈছে। অধ্যয়ন কৰা লেখক কিম্বা ৰচনাৰ সাধাৰণ সাদৃশ্য-বৈসাদৃশ্যৰ ঠাইত নিজা নিজা সামাজিক-সাংস্কৃতিক-বৌদ্ধিক পৰিৱেশ-প্ৰসঙ্গৰে সৈতে ভাৰতীয় চিন্তা-চেতনা, সৃজনীশক্তিৰ কিছুমান উমৈহতীয়া বিন্দু পোহৰলৈ অনাৰ ক্ষেত্ৰত লেখিকা সফল হৈছে। কেউটি আলোচনাতে সাধাৰণতে হৈ থকাৰ দৰে গতানু্গতিক তুলনাকে তুলনামূলক সাহিত্যৰ খোলাত সুমুৱাই পৰিবেশন নকৰি আলোচনাৰ বাবে লোৱা মূল বিষয়-ক্ষেত্ৰৰ লগত সঙ্গতি ৰাখি তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গীৰে অধ্যয়নৰ দিশত খোজ আগবঢ়োৱা  হৈছে।

          শেহতীয়াভাবে ২০১৯ চনত প্ৰকাশ পোৱা ড: নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক সাহিত্য : কি, কিয় কেনেকৈ’ নামৰ গ্ৰন্থখন একে আষাৰতে ক’বলৈ গ’লে তুলনামূলক সাহিত্য সম্পৰ্কীয় একে লেখিকাৰ আগতে প্ৰকাশিত চাৰিখন পুথি আৰু অন্য বিদ্বান লেখক-লেখিকাসকলৰদ্বাৰা প্ৰণীত পুথিসমূহত চৰ্চালৈ অনা প্ৰসঙ্গসমূহৰ সৰলীকৰণ তথা স্পষ্টীকৰণৰ প্ৰয়াস। অৱশ্যে কিছুমান ক্ষেত্ৰত পুথিখনে অসমীয়াত আগতে হোৱা তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চাৰ পৰিপূৰকৰ কামো কৰিছে। সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত বৈশিষ্ট্যপূৰ্ণ দৃষ্টিভঙ্গী, পৰিসৰ আৰু পদ্ধতিৰ এক ৰসায়নৰ ৰূপত তুলনামূলক সাহিত্যৰ পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰা পুথিখনিয়ে ‘সামৰণী মন্তব্য’ শীৰ্ষকত ‘নতুন তুলনামূলক সাহিত্য’ৰ আলোকত অসমীয়া সাহিত্যৰ লগত জড়িতভাবে উপযোগী আৰু কাৰ্যকৰী হোৱাকৈ তুলনামূলক সাহিত্যৰ পৰিসৰ-পদ্ধতিৰ দিশতো কিছু চিন্তা-চৰ্চা আগ বঢ়াইছে।  

          সামৰণি :

      তুলনামূলক সাহিত্য সম্পৰ্কে অসমীয়া ভাষাত গ্ৰন্থৰ ৰূপত হোৱা চৰ্চাৰ সম্পৰ্কতহে ওপৰত কিঞ্চিত পৰিচয়সূচক আলোচনা আগবঢ়োৱা হৈছে। এইখিনিৰ উপৰিও গৰীয়সীকে ধৰি বিভিন্ন আলোচনী আৰু সাহিত্য আলোচনা অথবা সাহিত্যতত্ত্ব সম্পৰ্কীয় বিভিন্ন গ্ৰন্থৰ অন্তৰ্গতভাৱেও বিষয়টোৰ বিভিন্ন দিশ সামৰি হোৱা ভালেসংখ্যক অধ্যয়ন-অন্বেষণ, পৰিচয়-বিৱৰণ প্ৰবন্ধৰ ৰূপত সন্নিবিষ্ট হৈছে। কিন্তু পূৰ্ণাঙ্গ গ্ৰন্থৰ ৰূপতে হওক বা গাইগুটীয়া লেখাৰ ৰূপতে প্ৰকাশ পাওক, এই সকলোৰে বিষয়ে সামগ্ৰিকভাৱে ক’বলৈ গ’লে সাহিত্যৰ ব্যতিক্ৰমী অধ্যয়নৰ ৰূপত তুলনামূলক সাহিত্যক স্পষ্ট কৰা কিম্বা অধ্যয়নকাৰীসকলক প্ৰায়োগিক ক্ষেত্ৰত দিগ্‌দৰ্শন কৰা- ইয়াৰ কোনোটো ক্ষেত্ৰতে এই অধ্যয়নসমূহ তেনেকৈ সমৰ্থ হ’ব পাৰিছে যেন নeলাগে। বহু সময়ত তুলনামূলক সাহিত্যৰ ব্যাৱহাৰিক প্ৰয়োগৰ ক্ষেত্ৰত লেখকসকল নিজেই বিবুধি বা বিভ্ৰান্ত যেনো লাগে। এনে কিছুমান কাৰণত তুলনামূলক সাহিত্যৰ তত্ত্ব আৰু পদ্ধতিৰ উপযুক্ত প্ৰয়োগেৰে অসমীয়া ভাষাৰ সাহিত্য অধ্যয়নক নতুন অৰ্থ আৰু শক্তি প্ৰদান কৰাৰ কথাটো হৈ উঠিব পৰা নাই। বাস্তৱ ক্ষেত্ৰত চাবলৈ গ’লে দেশ-বিদেশৰ অধ্যয়নকাৰীসকলৰ পৰা উদ্ধৃতিৰ ৰূপত বা অন্য ধৰণেৰেই হওক, তুলনামূলক সাহিত্যৰ তত্ত্ব আৰু পদ্ধতি সম্পৰ্কীয় প্ৰসঙ্গসমূহ আনি এঠাইত আৰু এইবিলাকৰ লগত সঙ্গতি নৰখাকৈয়ে তুলনামূলক সাহিত্যৰ প্ৰায়োগিক অধ্যয়নৰ নামত  সম্পাদিত অধ্যয়নসমূহ  আন এঠাইত ৰখাৰ বাবে আমাৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় চৰ্চা যেন এঠাইত তেল, আন এঠাইত পানীৰ দৰে মিল নোহোৱাকৈ ৰৈ গৈছে। এইদৰে তত্ত্ব নোহোৱাকৈ প্ৰয়োগ আৰু উদাহৰণ নোহোৱাকৈ তত্ত্ব আৰু পদ্ধতিৰ পৰিণাম স্বৰূপে বিষয়টো যেন অসমৰ বৌদ্ধিক জগতত উপযুক্তভাৱে ফট্‌ফটীয়াকৈ জিলিকি উঠিবগৈ পৰা নাই। অসমত বা অসমীয়া ভাষাত তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰায়োগিক উপযোগিতা লাভ কৰিবৰ বাবে বিষয়টোৰ বোধ আৰু প্ৰয়োগৰ ক্ষেত্ৰত পৰনিৰ্ভৰশীলতা (তুলনামূলক সাহিত্য সম্পৰ্কীয় বহিৰ্বিশ্বৰ পাণ্ডিত্য আৰু ধাৰণাৰ পুনৰাবৃত্তি)-তকৈ নিশ্চয় স্বকীয় ক্ষেত্ৰৰ লগত সঙ্গতি ৰাখি খোজ আগবঢ়োৱাৰ প্ৰয়োজন অধিক।


                                         ***


সংযোজন :

অসমীয়া ভাষাত প্ৰকাশিত তুলনামূলক সাহিত্য সম্পৰ্কীয় গ্ৰন্থৰ তালিকা *

১. তুলনামূলক সাহিত্য, ড: প্ৰফুল্ল কটকী, ১৯৮৯

২. তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪

৪. তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্ৰয়োগ, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪

৫. তুলনামূলক ভাৰতীয় সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৯

৬. পটভূমিকাত তুলনামূলক সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ২০০২

৭. তুলনামূলক সাহিত্য আৰু অনুবাদ কলা, ড: কৰবী ডেকা হাজৰিকা, ২০০৩

৮. তুলনাত্মক সাহিত্য, ড: দিলীপ বৰা, ২০০৩

৯. তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ, ড: প্ৰফুল্ল কুমাৰ নাথ, ২০০৫

১০. তুলনামূলক সাহিত্য : বিকাশ আৰু বিৱৰ্তন, ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০০৮

১১.  তুলনামূলক সাহিত্যতত্ত্ব, ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০১৩

১২. তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্ৰয়োগ, ড: প্ৰফুল্ল কুমাৰ নাথ, ২০১৫

১৩. তুলনামূলক সাহিত্য : পটভূমিকাত অসম, ড: ধ্ৰুৱজ্যোতি নাথ(সম্পা.), ২০১৭

১৪. তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ, ড: প্ৰাণজিৎ বৰা, ২০১৮

১৫. তুলনাত্মক ভাৰতীয় সাহিত্য : প্ৰকল্প আৰু প্ৰয়োগ, ড: অনুৰাধা শৰ্মা, ২০১৮

১৬. তুলনামূলক সাহিত্য : কি, কিয়, কেনেকৈ, ড: নীৰাজনা মহন্ত বেজবৰা, ২০১৯

* ২০১৯ চনলৈকে প্ৰকাশিত কিতাপৰ এই তালিকাখনে নিশ্চয় সম্পূৰ্ণতাৰ দাবী কৰিব নোৱাৰে। ক'ভিড পৰিস্থিতিৰ বাবে ইয়াৰ পাছত আৰু কিতাপ ছপা হৈছে যদিও আমাৰ হাতত পৰাহি নাই। তুলনামূলক সাহিত্য সম্পৰ্কীয় ইয়াত নথকা অসমীয়া ভাষাৰ যি কোনো কিতাপ আমাৰ হাতত পৰিলে বা কোনোবাই ?যোগান ধৰাৰ ব্যৱস্থা কৰিলে আমি এই আলোচনাত অতিৰিক্ত সংযোজন হিচাপে সেই চিন্তা-চৰ্চাখিনিও সামৰি ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিম। 

** লেখাটিত প্ৰকাশ পোৱা লেখিকাৰ মতামত সম্পৰ্কে বিজ্ঞজনে অমত প্ৰকাশ কৰিলে লেখিকাই নিজৰ ধাৰণা সলনি কৰাৰ সুযোগ লাভ কৰিব। সমান্তৰালভােৱ তেতিয়া ‘তুলনামূলক সাহিত্য’ নামৰ বিদ্যায়তনিক অনুশাসনটোৱে অসমীয়া ভাষাৰ সাহিত্য অধ্যয়নৰ ক্ষেত্ৰখনত উপযুক্ত গতি লাভ কৰাৰ বাটো অধিক সুগম হ’ব। 

ড
লেখকৰ পৰিচয়

ড° নীৰাজনা মহন্ত বেজবৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

নাটকীয়
নীলাভ সৌৰভ • ২৫ অক্টোবৰ, ২০২৬
চলচ্চিত্ৰ সমালোচনা : ‘তাৰে জমিন পৰ’
প্ৰণীতা কাকতি • ২৯ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)