অভিজিত শৰ্মা বৰুৱা
প্ৰখ্যাত লেখক এইছ জি ৱেলছৰ এখন কল্পবিজ্ঞান উপন্যাসৰ নাম আছিল ‘দ্য ইনভিজিবল মেন’, মানে ‘অদৃশ্য মানুহজন’! কাহিনীৰ প্ৰটাগনিষ্টজনে এক বিশেষ প্ৰক্ৰিয়াৰে অদৃশ্য হোৱাৰ ক্ষমতা অৰ্জন কৰিছিল। তাৰ ফলত কিছুমান অদ্ভুত ঘটনা ঘটিছিল, কিন্তু শেষ পৰিণতি আছিল কৰুণ। পৌৰাণিক গ্ৰীক কাহিনীত উল্লেখ থকা এথেনা নামৰ দেৱীগৰাকীৰ এটা টুপী আছিল, যিটো পৰিধান কৰি তেওঁ অদৃশ্য হৈ যাব পাৰিছিল। পাছত সেই টুপীটো ব্যৱহাৰ কৰি অদৃশ্য হৈয়েই পাৰ্ছিয়াছ নামৰ অৰ্ধদেৱতাজনে মেডুছা নামৰ ৰাক্ষসীজনীৰ পৰা ৰক্ষা পাব পাৰিছিল (মেডুছাৰ দৃষ্টিত যি পৰে, সিয়েই শিল হৈ গৈছিল)। অৰ্থাৎ আনৰ চকুৰ পৰা অদৃশ্য হৈ কিবা অদ্ভুত বা ডাঙৰ কাম কৰাৰ কল্পনাই মানুহক সেই পুৰণি কালৰপৰাই আকৃষ্ট কৰি আহিছিল। অকল পৌৰাণিক কাহিনী বা কিছু কালৰ আগৰ কল্পবিজ্ঞান কাহিনীক নো কি দোষ দিম? আধুনিক যুগৰো প্ৰখ্যাত কাহিনী-চৰিত্ৰ হেৰী পটাৰে বন্ধু ৰণৰ লগ হৈ আনে কি কৰি আছে মনে মনে জানিবলৈ অদৃশ্য হৈ যাব পৰা বস্ত্ৰ পৰিধান কৰা নাছিল জানো? আমাৰ বলিউডৰ ‘মিঃ ইণ্ডিয়া’ ছবিখনত অনিল কাপুৰে মাজে মাজে অদৃশ্য হৈ মজাৰ কাম কিছুমান কৰি আছিল।
মানুহৰ বহুতো কল্পনাকে পাছত বিজ্ঞানীসকলে বাস্তৱত
পৰিণত কৰিছিল। পাছে এই অদৃশ্য হৈ যোৱাৰ ক্ষেত্ৰত বা তেওঁলোকে কি কৰিছে? বিজ্ঞানৰ তত্ত্ব মানিয়েই অদৃশ্য হৈ যোৱা বাৰু সম্ভৱনে?
অদৃশ্য কি?
অদৃশ্য হ’ল দৃশ্যৰ বিপৰীত। অৰ্থাৎ কোনো বস্তু যদি দৃশ্যমান নহয় বা আমাৰ
দৃষ্টিত ধৰা নপৰে, তেন্তে সেই বস্তুটোৰ বাস্তৱ অস্তিত্ব থাকিলেও সেইটো অদৃশ্য হ’ব। কিন্তু আমি এটা বস্তু দেখো
কেনেকৈ? কোনো বস্তুৱে আমাৰ চকুলৈ দৃশ্যমান পোহৰ প্ৰতিফলিত কৰিব পাৰিলে চকুৱে সেই
সংকেত মগজুলৈ প্ৰেৰণ কৰে, আৰু মগজুত সেই অনুভূতি বা ‘তথ্য’ৰ ‘প্ৰচেছ’ হোৱাৰ ফলত আমি সেই বস্তুটো দেখা পাওঁ। অন্ধকাৰ কোঠাত আমি টেবুলৰ
ওপৰতে থকা এটা কলম দেখা নোপোৱাৰ কাৰণ হ’ল - সেই কলমটোৱে তেতিয়া আমাৰ চকুলৈ কোনো দৃশ্যমান পোহৰ ৰশ্মি
প্ৰতিফলিত কৰিব নোৱাৰে। ঘোৰ আন্ধাৰত সকলো অদৃশ্য হৈ পৰে ঠিকেই, কিন্তু আমাৰ
এতিয়াৰ আলোচ্য সমস্যাটো হ’ল যে পোহৰো থাকিব লাগিব, আৰু তাৰ মাজতে কোনো মানুহ বা
দ্ৰব্য বিজ্ঞানসন্মত পদ্ধতিৰে অদৃশ্য হৈও পৰিব লাগিব।
কাঁচ – অদৃশ্যতাৰ বাবে উৎকৃষ্ট দ্ৰব্য
এখন অতি চাফা কাঁচ সমুখত থাকিলে, কেতিয়াবা মানুহে সেইখন
দেখা নাপাই তাত খুন্দা মাৰি দিয়ে। কাৰণ সেই কাঁচখনে হয়তো তাত পৰা সকলো পোহৰ ৰশ্মিয়েই
প্ৰতিসৰিত কৰিছে, কোনো পোহৰ ৰশ্মি প্ৰতিফলিত কৰা নাই, আৰু লগতে তাৰ পিছফালে থকা
বস্তুবোৰৰ পৰা অহা পোহৰ ৰশ্মিৰ পথতো কোনো বাধাৰ সৃষ্টি কৰা নাই। কোনো বস্তু অদৃশ্য হোৱাৰ প্ৰাথমিক চৰ্ত হ’ল সি কোনো দৃশ্যমান পোহৰ ৰশ্মি
প্ৰতিফলিত কৰিব নোৱাৰিব আৰু তাৰ পিছফালৰ পৰা অহা আন পোহৰ ৰশ্মিৰ ক্ষেত্ৰতো কোনো
প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগিব।
কাঁচৰ প্ৰকৃতি অদৃশ্য হোৱাৰ বাবে বৰ উপযুক্ত। সমুখত থকা কাঁচ
এখন সাধাৰণতে আমি দেখা পোৱাৰ অন্যতম কাৰণ হ’ল কাঁচে অলপ নহয় অলপ পোহৰ ৰশ্মি প্ৰতিফলিত কৰেই,
আৰু তাত কিছুমান ধূলি বা আন দ্ৰব্যৰ কণিকা লাগি থাকিব পাৰে। সেইখিনি বাধা অতিক্ৰম
কৰিব পাৰিলে সমুখত থকা কাঁচখনো আমাৰ দৃষ্টিত অদৃশ্য হৈ যাব। কিন্তু আমি কাঁচৰ
অনুকৰণত আন বস্তুকো অদৃশ্য কৰি দিব খুজিলে আমি এই বস্তুবোৰক কাঁচৰ দৰে ধৰ্ম,
প্ৰতিসৰণাংক আদি প্ৰদান কৰিব লাগিব, যিটো প্ৰায় অসম্ভৱ। বিজ্ঞানৰ পৰীক্ষাগাৰত আমি কাঁচৰ পানীভৰা পাত্ৰত কাঁচৰ সৰু পাত্ৰ, টেষ্টটিউব
আদি ৰাখি, গ্লিচাৰিন বা আন দ্ৰব্য প্ৰয়োগ কৰি সেইবোৰক অদৃশ্য কৰি দিব পাৰোঁ। কিন্তু
সেই পৰিঘটনাবোৰৰ বিদ্যায়তনিক দিশৰ বাহিৰে
আন গুৰুত্ব নাই। গতিকে আমি অদৃশ্য হ’ব পৰাৰ এক বেলেগ পদ্ধতিৰ কথাকে আলোচনা
কৰো।
অদৃশ্য কৰি দিব পৰা চোলা
২০০৬ চনৰ মে’ মাহত এজন ব্ৰিটিছ পদাৰ্থবিজ্ঞানী জন পেণ্ড্ৰিয়ে দেখুৱালে ‘অদৃশ্য কৰি দিব পৰা চোলা’ এক অসম্ভৱ কল্পনা নহয়। একে
সময়তে এজন স্কটিছ পদাৰ্থবিজ্ঞানী উলফ লিয়নহাৰ্টেও সেই সম্পৰ্কত এখন গৱেষণাপত্ৰ
প্ৰকাশ কৰিলে। তেওঁলোক দুয়োজনৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০০৬ চনৰে অক্টোবৰ মাহত
ষ্টিভেন কিউমাৰ, ডেভিড স্মিথ আৰু ডেভিড স্কুৰিগৰ নেতৃত্বত এটা গৱেষক দলে এটা ডাঙৰ
কাম কৰি দেখুৱালে। সেয়া হ’ল তেওঁলোকে এক পদ্ধতিৰ সহায়ত এটা চিলিণ্ডাৰৰ মাজেদি পাৰ হৈ যাবলগীয়া
মাইক্ৰ’ৱেভ তৰংগক (অতি কম কম্পনাংকৰ তৰংগ) তাৰ মাজেদি পাৰ হৈ যাবলৈ নিদি তাৰ
দুয়োফালেদি পাৰ কৰি দিলে আৰু তাৰ পাছত আকৌ
সেই তৰংগক লগ হৈ আগৰ দৰে যাবলৈ দিলে। তৰংগটোও এনে দৰে গুচি গ’ল যেন তাৰ বাটত সি একো পোৱাই
নাছিল! জুৰিৰ পানীয়ে মাজতে থকা শিল এটা অতিক্ৰম কৰি আকৌ যেনেকৈ একেটা সুঁতি হৈ গুচি যায়,
কথাটো ঠিক তেনেকুৱাই হ’ল।
তেওঁলোকৰ পদ্ধতিটো পিছে কোনো পধ্যেই ‘অদৃশ্য চোলা’ৰ দৰে নাছিল। সেই পৰীক্ষাটোত
তেওঁলোকে বিশেষ ধৰণৰে তৈয়াৰী কিছুমান গোলাকাৰ বেৰ ব্যৱহাৰ কৰিছিল। দেখাত চি ডিৰ দৰে
সেই বেৰবোৰ এখনৰ মাজত ইখন সোমাই থাকে। তাত কিছুমান ধাতুৰ বৃত্ত আৰু দণ্ডও থাকে।
সেই ক্ষুদ্ৰ গঠনবোৰেই আচলতে মূল কামটো কৰে আৰু মাইক্ৰ’ৱেভ তৰংগক চিলিণ্ডাৰৰ মাজেৰে যাবলৈ নিদি বিশেষ
দিশ প্ৰদান কৰে। সেয়াতো ‘অদৃশ্য চোলা’ৰ দৰে নাছিলেই, তদুপৰি সি কাকো অদৃশ্য কৰিব পৰাবিধৰো নাছিল।
কাৰণ সি যি কৰিছিল, সেয়া মাইক্ৰ’ৱেভ তৰংগক কৰিছিল, তেনে তৰংগতকৈ বহু বেছি কম্পনাংকৰ দৃশ্যমান
পোহৰৰ লগত এই পদ্ধতিটোৰ কোনো সম্পৰ্ক নাছিল।
অদৃশ্যতা সৃষ্টি কৰাত পদ্ধতিটোৰ গুৰুত্ব
এই পদ্ধতিটোৱে ইমানেই যদি একো কৰিব নোৱাৰে, তেন্তে আমি নো
সেই পদ্ধতিটোৰ কথা উল্লেখ কৰিলোঁ কিয়? তাৰ মূল কাৰণ হ’ল অদৃশ্যতা সৃষ্টিৰ ক্ষেত্ৰত ই এক তাত্পৰ্যপূৰ্ণ পদক্ষেপ আছিল। প্ৰতিটো গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰে আচলতে এনে ধৰণৰ কিছু সৰু কিন্তু তাত্পৰ্যপূৰ্ণ পৰীক্ষাৰ দ্বাৰাই শেষ পৰ্যন্ত
সাকাৰ ৰূপ পাইছিল। এই ক্ষেত্ৰত যদি চিলিণ্ডাৰটোৱে দৃশ্যমান পোহৰ তৰংগৰ ক্ষেত্ৰতো
একো কাট-কুট নকৰে, মানে সি একো পোহৰ প্ৰতিফলিত নকৰে আৰু পোহৰেও তাক আওকাণ কৰি তাৰ মাজেদি,
মানে আচলতে কাষেদি, পাৰ হৈ যায়; তদুপৰি সি ঢাকি ৰাখিবলগীয়া বস্তুৰ পৰা অহা পোহৰ বিকিৰণো
যদি কোনো বাধা নোপোৱাৰ দৰে তাৰ মাজেদি (আকৌ কৈছো, আচলতে কাষেদি) আহি আমাৰ চকুত পৰে
আৰু আমি সেই বস্তুটো দেখা পাওঁ, তেন্তে সেইটো, মানে চিলিণ্ডাৰটো দেখোন অদৃশ্য হৈ
যোৱাৰ দৰেই হ’ল। নহয়নে বাৰু?
বাস্তৱত সেই সফল পৰীক্ষাটোৰ পাছত ইতিমধ্যে বিশ্বৰ বিভিন্ন গৱেষণাগাৰত
আন কিছুমান পৰীক্ষা আৰম্ভ হৈছেই। কিছু দিনৰ আগতে এই ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ
সংযোজন ঘটাই, বিজ্ঞানীৰ এটা দলে, দৃশ্যমান পোহৰৰ ক্ষেত্ৰতো এনে এক পৰীক্ষা সম্পন্ন
কৰিছে। তেওঁলোকে ব্যৱহাৰ কৰা সেই ‘তৰংগ বেৰ’ আছিল অৱশ্যে তেনেই ক্ষুদ্ৰ আৰু সেই ‘তৰংগ বেৰ’ৰ যোগেদি যাক অদৃশ্য কৰা গ’ল, সি তো আগৰ পৰাই সাধাৰণভাৱে অদৃশ্য! মানে খালী
চকুৰে তাক দেখা পোৱা নাযায়েই। কিন্তু মাইক্ৰ’স্কপৰ পৰাও অদৃশ্য কৰিব পৰাটোও তো সৰু কথা নহয়!
মেটাদ্ৰব্যৰ সহায়
এটা কথা ঠিক যে অদূৰ ভবিষ্যতে যদি এই ‘অদৃশ্য চোলা’ তৈয়াৰ কৰিব পৰা যায়, তেন্তে তাত মেটাদ্ৰব্যৰ (Meta materials) যথেষ্ট গুৰুত্ব থাকিব। মেটাদ্ৰব্য হ’ল প্ৰকৃতিত স্বাভাৱিকতে নথকা এনে কিছু পদাৰ্থ, যি কিছুমান অপ্ৰাকৃতিক বা নোহোৱা-নোপজা ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে। মেটাদ্ৰব্যৰ ডিজাইন আৰু সৃষ্টিৰ ক্ষেত্ৰত লগত জড়িত এজন বিজ্ঞানী, লুছিয়ানা টেকনিকেল বিশ্ববিদ্যালয়ৰ অভিযন্তা ডেণ্টকো জেনভে এই প্ৰসংগত উচ্ছ্বসিত হৈ কৈছে যে অদ্ভুত ধৰ্মসম্পন্ন মেটাদ্ৰব্য ডিজাইন কৰাটো সঁচাকৈয়ে এক শিহৰণকাৰী কাম। মেটাদ্ৰব্যই পোহৰ তৰংগক খেলিমেলি কৰি দিব পাৰে, আৰু তাৰ পাছত তাক আকৌ সুশৃংখলিতও কৰিব পাৰে (যি কাম এতিয়ালৈকে অসম্ভৱ!)। আনহাতে অদৃশ্যতা সৃষ্টিৰ ক্ষেত্ৰতো এনে ধৰ্মই বিশেষ বৰঙণি যোগাব পাৰে। কাৰণ বিকিৰিত পোহৰক খেলিমেলি দিশত পঠিয়াই, যথাস্থানত (অৰ্থাৎ চকুত) নেপেলালেই সি অদৃশ্য! তদুপৰি আন কিছুমান চমকপ্ৰদ কামতো - যেনে শব্দ তৰংগক ইচ্ছামতে ব্যৱহাৰ কৰাত, কোনো বুলেটৰ গতিপথত বাধা দি বুলেটটোক চুৰ্ণ-বিচূৰ্ণ কৰি দি তাক বেলেগ দিশেৰে পঠিয়াই (মানে এক অভিনৱ বুলেটপ্ৰুফ জেকেট!) পাছত তাক পুনৰ লগ লগাই নিৰ্দিষ্ট দিশলৈ যাবলৈ দিয়া আদি কামতো মেটাদ্ৰব্য ব্যৱহাৰ কৰিব পৰা যাব। এয়া আচলতে কথাৰ লাচতে কৈ থলোঁ। পাছত বাৰু কেতিয়াবা ভালকৈ কোৱা যাব।
মানে আমি যি বুজিলোঁ, বিজ্ঞানৰ সহায়ত অদৃশ্যতা সৃষ্টি কৰাটো প্ৰায় খাটাঙেই। পাছে কেতিয়া সেই কাম হৈ উঠিব, সেইটোহে খাটাং নহয়!
*****
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)