৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰন্ধন কলা

লেখকঃ ইলোৰা শৰ্মা দত্ত • প্ৰকাশিতঃ ২ ছেপ্টেম্বৰ, ২০২০
৫ মিনিট পঠন • ৩৯৭৯ বাৰ পঢ়া হৈছে
ৰন্ধন কলা
ডাঙৰকৈ চাওক (Zoom)
ইলোৰা শৰ্মা দত্ত

চকলেট গাখীৰ ৰোল আৰু বেছনৰ লাড়ু



উপকৰণ
পাউদাৰ গাখীৰডেৰ কাপ
চেনিআধা কাপ
গাখীৰএকাপ
কক পাউদাৰ২ চামুচ
ইলাচি২টা
ঘিউ২ চামুচ


প্ৰণালী: প্ৰথমে পেন গৰম হ’লে ঘিউ দি গাখীৰখিনি দিব। অলপ উতল অহাত পাউদাৰ গাখীৰখিনি দি একেৰাহে লৰাই থাকিব। এইদৰে ৫ মিনিটমান লৰাই চেনি দিব। আকৌ লৰাই থাকিব। ১০ মিনিটমান ভজাৰ পাছত লাহে লাহে গোট মাৰি আহিব। গাখীৰ সম্পূৰ্ণ শুহি গ’লে নমাই দিব। এতিয়া অলপমান বেলেগে ৰাখি তাত কক পাউদাৰ মিলাব। বগা ভাগেৰে ৰোল বনাই ল’ব। ক’লা ভাগৰ মিহিকৈ ৰোল বনাই তাৰ ওপৰত দি মেৰিয়াই দিব। ১০ মিনিটৰ পাছত কাটি পৰিৱেশন কৰক।
বেছনৰ লাড়ু: ইয়াৰ বাবে প্ৰথমে কেৰাহী বা পেন গৰম হ’লে আধা কাপ ঘিউ দি একাপ বেছন দি কম জুইত ভাজিব। এইদৰে ১০ মিনিটমান ভজাৰ পাছত বেছনখিনিয়ে ঘিউ এৰিব আৰু লুপথুপীয়া হব। তেতিয়া নমাই দিব। বেলেগে ছছপেনত আধা কাপ চেনি আৰু আধা কাপতকৈ‍অলপ কম পানী দি সিজিবলৈ দিব। অলপ আঠা আঠা হ’লে নমাই দিব। অলপ ঠাণ্ডা কৰি ভাজি থোৱা বেছনখিনিৰ ওপৰত বাকী দিব আৰু লৰাই থাকিব। ভালদৰে মিহলাই লাৰু বনাওক। 


কোমোৰাৰে লোকেল মুৰ্গীৰ মাংস

 

প্ৰণালী: প্ৰথমে কেৰাহীত তেল গৰম হোৱাত এটিপা চেনি দি অলপ ৰঙা হোৱাত ৬, ৭ টামান মিথীগুটি দিব। এতিয়া পিহনাত পিহি লোৱা পিঁয়াজখিনি (ডাঙৰ পিঁয়াজ ৩ টা) দি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব। ২ চামুচমান আদা-নহৰুৰ পেষ্ট্ দিব। এতিয়া একেলগে কোমোৰা, মাংস আৰু আলুখিনি দি, লগতে জিৰা-ধনিয়াৰ পেষ্ট্ ১ চামুচ, জলকীয়া ৩ টা আৰু নিমখ দি ভালদৰে লৰাই ঢাকন মাৰি দিব। এটা সৰু বিলাহীও কাটি দিব। সিজাৰ পাছত নিজৰ জোখমতে পানী দি গ্ৰেভীটো বনাই নমোৱাৰ আগে আগে গৰম মচলা আৰু মিত মচলা দিব।

ক’লা তিল আৰু নাৰিকল দিয়া বিস্কুত



প্ৰণালী:  ইয়াৰ বাবে এটা ডাঙৰ বাটিত বাটাৰ ১০০ গ্ৰাম, পিহি লোৱা চেনি আধা বাটি ভালদৰে মিক্স কৰি ল’ব। এতিয়া মৈদা ২ কাপ লাহে লাহে দি ভালদৰে মিক্স কৰি থাকিব। একেলগে বাকী দিব নালাগে। আধা চামুচ বেকিং ছ’ডা দি আকৌ ভালদৰে মাৰিব। এতিয়া ক’লা তিল (ভজা) ৫০ গ্ৰাম আৰু শুকান নাৰিকলৰ গুড়ি‍ ৫০ গ্ৰাম দি আকৌ ভালদৰে মিহলাই ল’ব। ২ চামুচমান ৰিফাইন তেলো দিব।
এতিয়া বেক কৰিবলৈ এখন সৰু কাঁহীত বাটাৰপেপাৰ এখন পাৰি দি তাত নিজৰ পছন্দ মতে আকাৰ দি এটা এটাকৈ দি যাব। ওপৰত আকৌ অলপ তিল ছটিয়াই দিব। কুকাৰত সৰু বাটি এটাৰ ওপৰত কাঁহীখন দি হুইছেলটো খুলি ঢাকোন মাৰি প্ৰায় ৩০-ৰ পৰা ৪০ মিনিট ল’ ফ্লেইমত দিব। ঠাণ্ডা হোৱাত পৰিৱেশন কৰক।


কলডিলৰ কোফটা কাৰি



উপকৰণ:  কলডিল, বেছন, পিঁয়াজ, কাজু, বিলাহী, আদা, নহৰু, গোটা গৰম মচলা, গোটা জিৰা, ধনিয়াগুড়ি, জলকীয়াগুড়ি, গৰম মচলা, হালধি, নিমখ, কচুৰি মিথী
প্ৰণালী: প্ৰথমে কলডিল পিহনাত ৰুকি ল’লো। কলডিলখিনিত বেছন, কটা পিঁয়াজ আৰু নিমখ দি বৰা বনাই তেলত ভাজি ল’লোঁ। 
এতিয়া পেনত অলপমান তেল দি গোটা গৰম মচলা (লং, ইলাচি, ডালচেনি), ডাঙৰকৈ কটা পিঁয়াজ, বিলাহী আৰু কাজু ১০ টামান দি ৫ মিনিটমান লৰাই ঠাণ্ডা হোৱাত মিক্সিত পিচি পেষ্ট বনাই ল’লোঁ।
কেৰাহীত তেল গৰম হোৱাত, গোটা জিৰা আধা চামুচমান দি পেষ্ট্‌খিনি বাকী দিলোঁ, লগতে হালধি, ধনিয়া পাউদাৰ, গৰম মচলা, জলকীয়াগুড়ি আৰু নিমখ দি অলপ ভাজি কোফটাখিনি দিলোঁ। অলপ কচুৰি মিথী দি আকৌ লৰাই নমাই থ’লোঁ।

লেখিকাৰ ঠিকনা:
ইলোৰা শৰ্মা দত্ত
ৰঙিয়া, কামৰূপ
ভ্ৰাম্যভাষ: ৭০০২৯৬০৬৮২



ই
লেখকৰ পৰিচয়

ইলোৰা শৰ্মা দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অঁ সময়ত
নিতুপৰ্ণ ৰাজবংশী • ৩১ অক্টোবৰ, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ২ আগষ্ট, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)