৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৬
২ মিনিট পঠন • ৩৫৫৯ বাৰ পঢ়া হৈছে

মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ড

অনুবাদ : ড° ৰঞ্জিত দত্ত

মনটো আমাৰ বিবাহিত

কিন্তু আমি বহুত সৰু

মনটো আমাৰ বিবাহিত 

কিন্তু আমি বহুত সৰু

যুগৰ সামাজিক প্ৰথা মতে

অভিভাৱকসকলে আমাক 

বিয়াৰ বান্ধোনেৰে বান্ধি

এটি সৰু  পৃথক কোঠাত

আৱদ্ধ কৰি দিয়ে আৰু

নিশাৰ আহাৰৰ সময়তহে কেৱল

খোৱাৰ গীত গাওঁ একেলগে। 

সময়বোৰ পাৰ হৈ গ'ল,

মধ্যযুগত অৰণ্যবোৰ আছিল সেউজীয়া,

অতীজতে গুহাত বাস কৰা মানুহবোৰৰ

সতি-সন্ততিবোৰ আছিল বিবাহিত আৰু

সেই বিবাহ-বিচ্ছেদৰ ধ্যান-ধাৰণাৰেই 

প্ৰভাৱান্বিত হৈ  এতিয়াও

প্ৰেম আৰু যাতনাৰ সময়তে

সময়ত মনত পেলায় ৰোমিওক-

দুৰ্ভাগ্যগ্ৰস্ত প্ৰেমিক প্ৰেমিকাহালক-

জুলিয়েট আছিল মাথোঁ চৌধ বছৰীয়া।

সময়বোৰো পাৰ হৈ গ'ল,

গুহা-মানৱবোৰে নতুনকৈ

জ্বলাই লোৱা জুইকুৰাৰ ওচৰত 

প্ৰেয়সীক কাষত  লৈ 

জিৰণি লৈছিল নিশা

খৰিৰ ধোৱাঁৰ গোন্ধত।

আমিও আমাৰ নিজৰ

জুইকুৰাৰ কাষতেই পাৰ কৰিম 

হিয়াৰ আশা-আকাংক্ষাবোৰৰ স'তে 

আমাৰ পঞ্চাছটি বছৰ।

চুলিবোৰ যেতিয়া আমাৰ 

ৰূপালী হৈ পৰিব

মনত ৰাখিম আমিও তেতিয়া

উজলি উঠা সেই মেঘাচ্ছন্ন দিনবোৰৰ কথা।

অ
লেখকৰ পৰিচয়

অনুবাদ :ড° ৰঞ্জিত দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)