৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জুবিন

লেখকঃ কুমুদ ঘোষ • প্ৰকাশিতঃ ২২ নৱেম্বৰ, ২০২৫
৩ মিনিট পঠন • ১৩১৫ বাৰ পঢ়া হৈছে

 মূলঃ সুবোধ সৰকাৰ

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী

তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷

ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷

জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷

তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা ফাগুন৷

 

তুমি আজি মায়াবিনী এখন অসম৷

 

পানীৰ তলত তুমি ভয়ঙ্কৰ চেষ্টা চলাই গৈছিলা

অলপমান উশাহ ল’ব বিচাৰিছিলা৷

কোনোৱে উশাহ নিদিয়ে‍

নিদিয়ে বিশ্বাস৷

পানীৰ পৰা তোমাৰ নিথৰ, নিৰ্বাক, নিৰীহ, নিৰ্ভীক

পানীৰে তিতা শৰীৰ যেতিয়া এই পৃথিৱীলৈ আহিল

তেতিয়া সমগ্ৰ অসমত ধুমুহা বলিল

সেই ধুমুহা ধুমুহা নহয়, কান্দোন৷

সিঁচৰতি হৈ পৰিল সেই কান্দোন

মেঘালয়ৰ পৰা অৰুণাচল৷

আগৰতলাৰ পৰা ইম্ফল৷

লামডিঙৰ পৰা নগালেণ্ড৷

সাতভনী বুলি যাক কওঁ

সেই সাতভনীৰ চকুত চকুলো৷

চকুলো নে গলিব ধৰা জুই?

 

জুবিন, তোমাৰ মৃত্যু এক বিৰাট ৰহস্য৷

 

তুমি কৈছিলা

মোৰ কোনো ধৰ্ম নাই৷

মোৰ কোনো জাতি নাই৷

মই কাঞ্চনজঙ্ঘা৷

গলিৰ ভিতৰৰ পদপথৰ শিশুসকলৰ হাতত, দেৱশিশুসকলৰ হাতত

সোণ দি দি তুমি‍

পাহাৰৰ টিঙলৈ‍ উঠি

লাভাৰ্চ পয়ণ্টত উঠি হৈ পৰিছিলা ৰডডেনড্ৰন৷

 

তোমাৰ সেই গান আজি জনগণমন৷

 

জুবিন, তোমাৰ মৃত্যু হ’বই নোৱাৰে৷

 

হ’ব নোৱাৰে দুটা কাৰণত, এক তোমাৰ গান

দুই তোমাৰ সাৱট৷

আৱেগে সাৱটি ধৰা চুলি‍

সিবোৰেই আছিল তোমাৰ অমৃত সন্তান৷

 

তোমাৰ শৰীৰে কৈছে এটা তাৰিখ৷

তোমাৰ মৃত্যু হৈছে৷

নহয়, তোমাৰ মৃত্যু নাই৷

যি গান তুমি গাইছিলা, সেই গানত কোনো

মৃত্যুৰ তাৰিখ লিপিৱদ্ধ নাই৷

সেই গান কেৱল গান নহয় যেন এক ভাৰত কান্দোন৷

 

জুবিন, তোমাৰ কোনো মৃত্যু হোৱা নাই৷

মৃত্যুৰ প্ৰমাণ-পত্ৰত কোনো চহী নাই

সাহস নহ’ল কাৰো

তোমাৰ প্ৰমাণ-পত্ৰ হাতত লৈ বহি আছে এজন

তেওঁকেই আমি অমৰত্ব বুলি কওঁ৷

 

বাটে‍-পথে, খালে‍-বিলে, ৰেলগাড়ীত উৰাজাহাজত

গাঁৱে‍-ভূঞে, বিপ্লৱৰ হাবি‍-বননিত

কেবিনেটত, কলতলত

মই কেতিয়াও কোনো গায়কৰ বাবে‍

এখন ভাৰতবৰ্ষক কন্দা দেখা নাছিলোঁ৷

 

গায়ক নাছিলা তুমি, তুমি আছিলা কাঞ্চনজঙ্ঘা৷  

কাঞ্চনজঙ্ঘা কেতিয়াও নমৰে৷

--------

ক
লেখকৰ পৰিচয়

কুমুদ ঘোষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)