৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

লেখকঃ ড০ৰক্তিম ৰঞ্জন শইকীয়া • প্ৰকাশিতঃ ১৮ অক্টোবৰ, ২০২৫
১২ মিনিট পঠন • ১১২৬ বাৰ পঢ়া হৈছে

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া

 

মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সংঘটন হ’ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধবোৰৰ ভিতৰত এখন অতি নিৰ্ণায়ক যুদ্ধ হৈছিল তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলত৷ ১৮০৩ চনৰ শেষ ভাগত হোৱা এই যুদ্ধতে আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত এৰা-ধৰাকৈ প্ৰায় ৫ টা বছৰ ৰাজত্ব কৰা মোৱামৰীয়া ৰজা ভৰত সিংহৰ মৃত্যু হয়৷ সেয়ে যুদ্ধনীতি আৰু কূটনীতিৰ দিশৰ পৰা ডাঙৰি যুদ্ধ অতি গুৰুত্বপূৰ্ণ আছিল৷ এই ডাঙৰি যুদ্ধৰ পটভূমি উপলব্ধি কৰিবলৈ আমি সময়ৰ নদীয়েদি কিছু উজাই যাব লাগিব৷ 

১৭৬৯ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহৰ পাছত ৰজাঘৰে মোৱামৰীয়া অধিকাৰ অষ্টভূজ দেৱ, ডেকা অধিকাৰ সপ্তভূজ দেৱক (গাগিনী ডেকা) প্ৰমূখ্য কৰি পৰিয়ালৰ সকলো ব্যক্তিকে হত্যা কৰাইছিল৷[1] তাৰপাছৰ পৰাই মায়ামৰা সত্ৰৰ অস্তিত্ব নোহোৱাৰ দৰেই হৈছিল৷ ১৭৮২ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ পাছত দেশ জুৰি মোৱামৰীয়া সত্ৰৰ লগত সামান্যতমো সম্পৰ্ক থকা সকলোকে হত্যা কৰা হৈছিল৷[2] এই সমূহীয়া হত্যাকাণ্ডৰ পাছত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মায়ামৰা সত্ৰৰ আদিগুৰু অনিৰূদ্ধদেৱৰ সৰু পুতেকৰ আজোনাতি পীতাম্বৰ দেৱক বিচাৰ-খোচাৰ কৰাই উত্তৰপাৰৰ ডফলা পৰ্বতৰ নামনিত পায়গৈ৷[3] তেওঁকে আনি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ১৭৮৪ খ্ৰীষ্টাব্দত মাজুলীৰ অগ্নিচাপৰি নামৰ ঠাইত এখন সত্ৰ পতাই নতুন মোৱামৰীয়া গুৰু হিচাপে সংস্থাপন দিয়ে৷[4] সেইবছৰেই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে হৰিহৰ তাঁতীৰ নেতৃত্বত ডফলাসকলৰ সহযোগত মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ আৰম্ভ কৰিলে৷ উত্তৰপাৰে জয়লাভ কৰাৰ পাছত বিদ্ৰোহীসকলে হৰিহৰ তাঁতীৰ নেতৃত্বত এটা শক্তিশালী বিদ্ৰোহী বাহিনীয়ে লোহিত সুঁতি অতিক্ৰম কৰি মাজুলীত ভৰি দিলে৷ লগেলগে পীতাম্বৰদেৱে বিদ্ৰোহীৰ লগত যোগ দি উত্তৰপাৰে দিখৌমুখৰ বিপৰীতে অৱস্থান ল’লে৷[5] তাৰপাছত পীতাম্বৰদেৱে এদিন ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি দিখৌমুখৰ কাষতে কোঠ মাৰিলে৷ ১৭৮৮ খ্ৰীষ্টাব্দৰ প্ৰথম ভাগত বিদ্ৰোহীসকলে ৰাজধানী অধিকাৰ কৰাৰ পাছত পীতাম্বৰ দেৱে ৰংপুৰতে অৱস্থান ল’লে৷ ৰংপুৰত হৰিহৰ তাঁতীয়ে যোগেন্দ্ৰ নাম লৈ ৰাজপাট ল’লে৷ ১৭৯১ চনত পীতাম্বৰদেৱে যোগেন্দ্ৰক অপসাৰণ কৰি তেওঁৰ সম্পৰ্কীয় (?) ডেকাঅধিকাৰ ভৰথীক সিংহাসনত বহুৱাবলৈ সক্ষম হৈছিল৷[6] ভৰথী ১৭৯১ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰি-মাৰ্চ মাহত (১৭১৩ শকৰ ফাগুণ মাহত) সিংহাসনত উঠে৷[7] ৰজা হৈ ভৰথীয়ে ভৰত সিংহ নাম লয়৷ কেপ্তেইন হেনেই (Captain S. O. Hannay, 40th Regiment, N.I. Assistant Commissioner in Assam) তেওঁৰ এটা টোকাত মোৱামৰীয়াসকলে পতা কেইবাজনো ৰজাৰ লগত কোনো এক বৰটীয়াৰ কথাও উল্লেখ কৰিছে৷[8] হেনেৰ মতে বৰটীয়াই ৰংপুৰ অধিকাৰ কৰি ৰাজত্ব কৰিছিল আৰু বৃটিছ সৈন্যৰ আগমনৰ পাছতে ৰংপুৰ এৰি পলায়ন কৰিছিল৷[9] ভৰত সিংহৰ ৰাজত্বকালৰ লগত বৰটীয়াৰ ৰাজত্বকাল মিলি যায়৷ গতিকে ‘বৰটীয়া’ শব্দটো ‘ভৰথী’ৰে অপভ্ৰংশ৷ বৰটীয়াই ভৰত সিংহ নাম লৈছিল৷[10]

ভৰথীয়ে ১৭৯৪ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলচৰ আগমনৰ সময়ত সাময়িকভাৱে ৰংপুৰ এৰিবলগীয়া হৈছিল যদিও ৱেলচৰ প্ৰস্থানৰ পাছত আহোম ৰাজধানী যোৰহাটলৈ তুলি নিয়া হ’ল৷ সেই সুযোগতে পুনৰ ভৰত সিংহই ১৭৯৪ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ বা ১৭৯৫ খ্ৰীষ্টাব্দৰ জানুৱাৰিত ৰংপুৰ অধিকাৰ কৰে৷[11] ১৭৯৫ খ্ৰীষ্টাব্দৰ আগষ্টত ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত কমলেশ্বৰ সিংহ পাটত উঠে৷ ১৮০১ খ্ৰীষ্টাব্দত হোৱা যুদ্ধত ৰজাঘৰীয়া সৈন্যই ৰংপুৰ অধিকাৰ কৰে৷ পীতাম্বৰদেৱ বন্দী হয় আৰু ভৰথী ৰজা পলাই যায়৷[12]

 

এইবাৰ ভৰথী ৰজাই বুঢ়ী দিহিঙৰ উজনি অংশত চিংফৌসকলৰ গাঁৱত আশ্ৰয় গ্ৰহণ কৰিলে৷ চিংফৌ আৰু মোৱামৰীয়াসকলৰ সন্মিলিত বাহিনীৰ বিৰূদ্ধে স্বৰ্গদেৱে ১৭২৩ শকত (১৮০১ খ্ৰীষ্টাব্দ) অভিযান পঠাই চিংফৌসকলক পৰাস্ত কৰিলে৷[13] চিংফৌসকলে আহোম স্বৰ্গদেৱৰ ওচৰত আত্মসমৰ্পন কৰাত ভৰত সিংহই তেওঁৰ সহযোদ্ধাসকলক লৈ বেংমৰাৰ সৰ্বানন্দ সিংহৰ ৰাজ্যৰ একেবাৰে উত্তৰ দিশেদি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ডিব্ৰু-চৈখোৱাৰ মাজেৰে আগবাঢ়ি গৈ ডাঙৰি নদীৰ পাৰ পালেগৈ৷ তাৰপাছত বিদ্ৰোহী বাহিনীটোৱে ডাঙৰি নদীৰ পাৰে পাৰে পূৱদিশে কিছুদূৰ গমন কৰি ডাঙৰি অঞ্চলত এটা শক্তিশালী কোঠ নিৰ্মাণ কৰিলে৷[14]

 

       ডাঙৰি অঞ্চলৰ বিদ্ৰোহীৰ শিৱিৰটোৰ বিষয়ে ৰাজকীয় চোৰাংচোৱাই সেইসময়ৰ আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত খবৰ দিলেগৈ৷ গতিকে ব্ৰহ্মপুত্ৰ নদীয়েদি ডেকাফুকনৰ নেতৃত্বত এটা সৈন্যবাহিনী ডাঙৰি অভিমুখে ৰাওনা কৰি দিয়া হ’ল৷ এই বাহিনীটো উজাই গৈ ধলা অঞ্চলত অৱতৰণ কৰি তাৰ পৰা স্থলপথেদি ডাঙৰিৰ ফালে আগবাঢ়িল৷ ডাঙৰি নদীৰ পাৰত মোৱামৰীয়াসকলে প্ৰতিৰোধ আৰম্ভ কৰিলে৷ কিন্তু ইংৰাজৰ পৰা আহৰণ কৰা উন্নত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি প্ৰথমৰ পৰাই ডেকাফুকনৰ সৈন্যবাহিনীয়ে যুদ্ধত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ল৷ প্ৰচণ্ড যুদ্ধৰ পাছত বিস্তৰ ক্ষতিৰ সন্মূখীন হৈ ৰজা ভৰত সিংহই তেওঁৰ অৱশিষ্ট বাহিনীটো লৈ ডাঙৰিৰ গভীৰ অৰণ্যলৈ সোমাই গ’ল৷ সেই কালত ডাঙৰিৰ অৰণ্য ডাঙৰি অঞ্চলত আৰম্ভ হৈ বৰ্তমানৰ অৰুণাচলৰ পাহাৰলৈকে বিস্তৃত আছিল৷[15]

       বোধহয় ভৰত সিংহই ডাঙৰিৰ অৰণ্যৰ মাজেৰে গৈ অৰুণাচলৰ পাহাৰত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু ৰাজকীয় সৈন্যদলেও অৰণ্যৰ মাজেৰে বিদ্ৰোহীসকলক অনুসৰণ কৰি এঠাইত তেওঁলোকক ঘেৰি ধৰিলে৷ অৱৰুদ্ধ হৈছে বুলি জানিব পাৰি ভৰত সিংহই নিজেই ওলাই আহি অৱৰোধত অংশ লোৱা সেনানায়ক নচিপ সিংহৰ দলটোক আক্ৰমণ কৰি এজন চিপাহীক যাঠীৰে আঘাত কৰিলে৷ সেই সময়তে আহোম সেনাদলটোৰ যোগী সিংহ নামৰ চিপাহীজনে ভৰত সিংহলৈ লক্ষ্য কৰি গুলীচালনা কৰাত গুলীয়ে গৈ ভৰত সিংহৰ কৰঙণত আঘাত কৰিলে৷ বীৰ ভৰত সিংহই কিন্তু আঘাতলৈ ভ্ৰুক্ষেপ নকৰি বন্দুকধাৰী চিপাহীজনৰ বন্দুকটোৰ নলীডালত ধৰি কাঢ়ি ল’বলৈ যত্ন কৰিলে৷ সেই সময়তে আন দুজন চিপাহীয়ে সঙ্গীনেৰে খুঁচি ভৰত সিংহক হত্যা কৰিলে৷[16]

       এনেদৰেই ডাঙৰিৰ ৰণাঙ্গণত শেষ প্ৰতিৰোধ আগবঢ়াই ৰংপুৰৰ মোৱামৰীয়া ৰজা বীৰ ভৰত সিংহৰ বীৰগতি প্ৰাপ্তি হ’ল৷ ভৰত সিংহৰ মৃতদেহ যোৰহাটলৈ আনি খুটিয়াপোতাৰ মোৱামৰীয়া গাঁৱৰ মাজত পিঙত দি থোৱা হ’ল৷ ডাঙৰিত মোৱামৰীয়াসকল পৰাস্ত হ’ল যদিও ডাঙৰিৰ ৰণাঙ্গণৰ বাতৰিয়ে সদায়েই মুক্তিকামী কৃষক পাইক খাতিখোৱা জনতাক উদ্বুদ্ধ কৰি আহিছে৷ ডাঙৰি পৱিত্ৰভূমিত ভৰত সিংহৰ শেষ প্ৰতিৰোধৰ স্থানক চিনাক্ত কৰি সেই যুদ্ধৰ স্মৃতিক সংৰক্ষণ কৰাতো উত্তৰ পুৰুষৰ দায়িত্ব৷

তথ্যসূত্ৰ:

১. বৰা, ডাঃ ধ্ৰৱজ্যোতি (২০২২): কৃষক বিদ্ৰোহী সৈনিক ৰাজন, বনলতা, পানবজাৰ, গুৱাহাটী-১

২. ভূঞা, ডঃ সূৰ্য্য কুমাৰ (২০১৪): স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী অসম৷

৩. ভূঞা, সূৰ্য্য কুমাৰ (সম্পা)(১৯৯০): তুংখুঙ্গীয়া বুৰঞ্জী,, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

৪. শইকীয়া, ডঃ নগেন (সম্পা)(২০১৪): বেণুধৰ শৰ্মা ৰচনাৱলী, (দ্বিতীয় খণ্ড), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

৫. Hannay, Captain S.O. (1838): A short account of the Moa Month sect, and of the country at present occupied by the Bor Senaputtee, Journal of the Asiatic Society of Bengal, Vol. No. 80. pp. 671-679

৬. S K Bhuyan (1974): Anglo Assamese Relations 1771-1826, Lawyers Book Stall, Panbazar, Guwahati, 1974

 

লেখকৰ ঠিকনা:

মূৰব্বী অধ্যাপক, ভূতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

 

 

 



[1] “পাচে ডাঙ্গৰীয়াই ফন্দ-ফান্দ কৰি মহন্তক উলিয়াই আনি ধৰিলে৷ পাচে বাপেক-পুতেক দুইকো কাপৰৰ টোপোলা বান্ধি হাতীৰ ওপৰত দুফালকৈ দুটাক পেলাই দিবসৰ এক পৰ থকাত খুটীয়াপোতাৰ পৰা ৰাতিয়ে-দিনে আহি পৰদিনা তিনি পৰ মৰাত ৰংপুৰ পালেহি৷ পাচে ৺ত যোগালে, ৺ও মহাজনত সোধালে৷ পাচে মহাজনেও দায় বুলি গাত ললে৷ ৺ও দোষী হেন জানি বাপেক-পুতেক দুইকো ন-দুৱাৰৰ মুখৰ হাতীশালৰ মুৰৰ খলাত মৰালে”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৩৯, পৃষ্ঠা ৭১

[2] “এই আলচ হৈ সেই দিনাই বৰচৌৰাত ৺ৰ আজ্ঞা সকলোতো শুনাই ক’লে বোলে-মোৱামৰীয়াক যতে যেয়ে পায় ধৰি ধৰি সপুত্ৰা-বান্ধৱক মাৰক৷……………..৺ৰ এই ৰূপ প্ৰচণ্ড আজ্ঞা শুনি চহৰে চহৰে মোৱামৰীয়াক পুত্ৰ-ভাৰ্যা সমন্বিতে ধৰি ধৰি মাৰিলে৷”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৭৫, পৃষ্ঠা ৯০

[3] ভূঞা, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[4] ভূঞা, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[5] ভূঞা, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯৩

[6] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ২৯০

[7]  Bhuyan, Anglo Assamese Relation, p. 163

[8] “Their names were as follows, Duffla Bohoteea, Boora Phokan, his son Ugnee Kumwar and lastly Baroteea, who got rid of his predecessor by a by a trick of rather a ludicrous nature”--Hannay, 1838, A short account of the Moa Morah sect and of the country at present occupied by the Bor Senaputtee, P. 672

 

[9] “During the time that Baroteea had established himself at Rungpore, Gaureenath Sing, received the assistance of the British Government, and the Moa Mureeahs were dispersed”-- Hannay, 1838, A short account of the Moa Morah sect and of the country at present occupied by the Bor Senaputtee, P. 673

[10] শইকীয়া (সম্পা), ৰঙ্গিলী কুঁৱৰী, বুৰঞ্জীৰ সঁফুৰা, বেণুধৰ শৰ্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ. ১৪৬৪

[11]  বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃ. ৩৯২

[12] ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪১

[13] -“আতেপাচে ১৭২৩ শকত ৺এ বুঢ়াগোহাঁই-ফৈদীয়া ডেকাফুকনক উজনিৰ জঞ্জাল ভাঞ্গিবৰ নিমিত্তে আজ্ঞা কৰিলে৷ পাচে ফুকনে পাঁচ কোম্পানি চিপাহী লগত লৈ ৺ক সেৱা কৰি গৈ বেংমৰাতে মোৱামৰীয়াক খেদি ধৰিলে৷ তাতে মোৱামৰীয়া সৈতে কিছু ৰণ৷ পাচে মৰাণে ঠাওৰিব নোৱাৰি ভাগি উজাই গৈ নামৰূপত ৰৈ মটকত চিংফৌৰ সৈতে মিলি ৰ’ল৷ পাচে আমাৰবোৰে পুনৰ তাতে খেদি ধৰিলে৷ তাতে মৰাণ-চিংফৌ সৈতে প্ৰধান ৰণ হ’ল৷ আমাৰ চিপাহী পোন্ধৰটা পৰিল৷ পাচে আমাৰবোৰে টানকৈ ধৰিলে৷ পাচে মৰাণ-চিংফৌ দুই দুফৌজ হৈ দুফাললৈ ভাগিল৷ সেই ৰণত পালে মানুহ, আহিলা, ম’হ, গৰু, তাম, পিত্তল, কাপৰ৷ সেইবেলা চিংফৌ বৰাভাও হ’ল৷”—ভূঞা, তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪৪৷

[14] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ৪৩০

[15] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ৪৩১

[16] “পাচে ফুকনে ছয় কোম্পানি চিপাহী সৈতে গৈ ডাঙ্গৰীকোখতে মৰাণক খদি ধৰিলে, পাচে মৰাণে ঘৰ-বাৰী এৰি হাবি সোমাল৷ আমাৰ মানুহে বিচাৰি সেই হাবিতে লগ পালেগৈ৷ পাচে আমাৰ চিপাহীয়ে মৰাণক বেঢ়ি ধৰিলে৷ পাচে মৰাণৰ ৰজা ভৰথিয়ে পাঁচোটা মৰাণ লগত লৈ নচিপসিঙ্গৰ কোম্পানিত হাউহি মাৰি ধৰি চিপাহী এটা যাঠিএৰে খুঁচিলে৷ এনেতে যোগীসিং চিপাহীয়ে গুলী দিলে৷ ভৰথিৰ ৰকঙ্গনত লাগিল৷ তথাপি পাঁচমুখ নকৰি আহি হিলৈত খামোচ মাৰি ধৰিলে৷ এনেতে দুই চিপাহীয়ে চঙ্গিনেৰে খুঁচি মাৰিলে৷”- ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪৫

 

ড
লেখকৰ পৰিচয়

ড০ৰক্তিম ৰঞ্জন শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

যোৰহাট জিলাৰ জনগাঁথনি আৰু প্ৰব্ৰজনৰ ইতিহাস
ড° ৰক্তিম ৰঞ্জন শ‍ইকীয়া • ২২ জুলাই, ২০২৬
গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ : ৰাজনীতি আৰু সম্ভাৱনা
দেৱজিৎ ভৰালী • ২৯ জানুৱাৰী, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)