৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পাগল ছোৱালীজনীৰ প্ৰেমগীত

লেখকঃ ড০ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৫
২ মিনিট পঠন • ৩৩৮৫ বাৰ পঢ়া হৈছে

মূল :  চিলভিয়া প্লাথ (ইং. Mad Girl's  Love Song, Sylvia Plath)

অনুবাদ : ড° ৰঞ্জিত দত্ত

চকুদুটি মুদি দিলোঁ

মৃত হৈ পৰিল

পৃথিৱীৰ  সকলো,

মেলি দিলোঁ চকুৰ-পতাদুখন

প্ৰাণ পাই উঠিল সকলো।

মই ভাবিছোঁ

জগাই তুলিলোঁ তোমাক

মোৰ মগজুৰ ভিতৰতে।

ৰঙা-নীলাৰ পৰিধি ভাঙি

বৃত্তাকাৰে নাচিছে  তৰাবোৰে,

ঢাপলি মেলি আহিছে

নিৰন্ধ্ৰ অবাধ এন্ধাৰে,

চকুযুৰি মুদি দিলোঁ

মৃত  হৈ পৰিল

পৃথিৱীৰ সকলো।

সপোনত দেখিছোঁ

মোৰ  মন ভুলাই  তুমি

লৈ গৈছা মোক বিচনাখনলৈ,

 উদভ্ৰান্ত কৰিছা পলকতে,

চুমা খাইছা উন্মাদৰ দৰে

মোক বাৰে বাৰে,

মই ভাবিছোঁ 

সুমুৱাই  ললোঁ তোমাক

মোৰ মগজুৰ ভিতৰতে।

ভগৱানেহে যেন বৰষিছে

আকাশৰ পৰা  এই সকলোবোৰ,

স্তিমিত হৈ পৰিছে

নৰকৰ জ্বলি থকা জুইকুৰা,

আঁতৰি   পলাইছে

সৰগৰ দেৱদূতবোৰ,

চকুদুটি মুদি দিলোঁ

মৃত হৈ পৰিল

পৃথিৱীৰ সকলো।

মই ভাবিছিলোঁ

কথা দিয়াৰ দৰেই তুমি

এদিন ঘূৰি আহিবা ।

কিন্তু বৃদ্ধ হলোঁ এতিয়া মই,

পাহৰিলোঁ তোমাৰ নামটোও ,

মই ভাবিছোঁ মাথোঁ

জগাই তুলিছোঁ তোমাক

মোৰ মগজুৰ ভিতৰতে।

ভাল পাব লাগিছিল মই

এটি নিনাদ পক্ষীক,

কিজানি সি কেতিয়াবা

 চিঞৰি উঠিল হয় বজ্ৰকণ্ঠে

বসন্ত অহাৰ সময়তে,

চকুদুটি মুদি দিলোঁ

মৃত হৈ পৰিল

পৃথিৱীৰ সকলো,

মই ভাবিছোঁ 

জগাই তুলিছোঁ তোমাক

মোৰ মগজুৰ ভিতৰতে।

ড
লেখকৰ পৰিচয়

ড০ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)