৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

তুমি, অমিতাভ

লেখকঃ কুমুদ ঘোষ • প্ৰকাশিতঃ ৩০ জুলাই, ২০২৫
১ মিনিট পঠন • ৫৩০ বাৰ পঢ়া হৈছে

মূলঃ ডঃ তপোধীৰ ভট্টাচাৰ্য (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা

সমতললৈ নামি আহিছিলা –

ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল?

নে তুমি সেই মুৰ্খ যুৱকৰ দৰে বিচাৰিছিলা

ভুল অভি‍জ্ঞান?

ঘাম আৰু তেজৰ দাগ তুমি বাৰু দেখা নাছিলা নেকি?

তুমি, অমিতাভ, দামী কাৰ্পেটৰ বুকুত ভৰি থৈ‍

থমকি ৰ’লা কিয়?

ব্যস্ত জনপদত তুমি বাৰু বিচাৰিছিলা নেকি‍ কোনো

গাঢ় প্ৰতিচ্ছবি?

তুমি বাৰু দেখা নাই নেকি গ্লানি আৰু থুইৰ দাগ? নে‍

সেই মুৰ্খ যুৱকৰ দৰে

বিচাৰিছিলা ভুল অভি‍জ্ঞান? ব্যস্ত জনপদত

কোনে বাৰু তোমাক চিনি পাইছিল?

স্থিতি নহয়, বিস্মৃতিও নহয় – কেৱল টোপনিৰ আৱেশ

কেৱল উটি যোৱাটোৱেই আছিল আমাৰ

বিশৃঙ্খল ভ্ৰমণ-পথত সেয়ে তুমি এৰি আহিছিলা

তোমাৰ কিৰীটি‍ –

পাহাৰ আৰু অৰণ্যতকৈয়ো অধিক বেছি ভুল পথত

আমাৰ সমতলত

অমিতাভ, তুমি নামি আহিছিলা৷

 

ক
লেখকৰ পৰিচয়

কুমুদ ঘোষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)