৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মোৰ নীলা কুকুৰা

লেখকঃ মূল : এন গ্ৰে • প্ৰকাশিতঃ ২৬ জুন, ২০২১
২ মিনিট পঠন • ২২৩০ বাৰ পঢ়া হৈছে
মূল :  এন গ্ৰে
ভাবানুবাদ :  যশোৱন্ত নিপুণ

মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন
মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল,
মনে মনে ৰুক্ষ  ঘাঁহবোৰৰ মাজেদি,
বৰষুণে ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ, ময়েই নীলা বগলী,
আৰু নীলা ভাটৌ৷  আমি অনুচ্চ সুৰত
ফৰাচী ভাষাত কথা পাতোঁ৷  মই তাইক কওঁ
ঘোঁৰা, ষাঁড়, আৰু সিংহ এই সকলোৱেই তৰাবোৰত আছিল
আমাৰ জীৱনৰ বেলেগে বেলেগ সময়ত৷  মই তাইক কওঁ আনকি
সাগৰেও কৰিব নোৱৰা বহুত কিবাকিবিয়েই আছে, যেনে ঘূৰি অহাটো
যেতিয়া সেয়া যোৱাৰ সময় ৷  মই তাইক কওঁ মোৰ হৃদয় প্ৰলয়
জলধিত এখন নাও, এটা কফিন, এখন পালতৰা জাহাজ ৷
মই তাইক কওঁ বৰ্তমান সময় বুলিবলৈ একোৱেই নাই,
কঁহুৱাৰ গোটেই পথাৰখনেই তাইক এহেজাৰ
ভিন্ন উত্তৰ দিব পাৰে৷ মই তাইক কওঁ এটা কুকুৰ
লাইটহাউছ এটা  হ’ব পাৰে, এটি ঘৰচিৰিকাই সপোন দেখিব পাৰে
তাৰ গানৰ, টোপনিত কঁপাই তুলিব পাৰে তাৰ কণ্ঠ ৷
মই তাইক কওঁ কেনেকৈ এজনী মায়াৱিনী ধাত্ৰীয়ে গীত গাই প্ৰত্যেক কেঁচুৱাকে তাৰ
নিজৰ নি:শংক গীতটোলৈ লৈ যাব পাৰে৷  এই নিশা, জোনটোৱে এন্ধাৰবোৰ
ঠেলি পঠিয়ায় ৷ মোৰ চুলি তাল গছবোৰত লাগি ধৰে৷  মই তাইক কওঁ মই এজোপা গছ
হ’ব পাৰিলোঁহেঁতেন,  তুমি যদি মোক ইয়াত অলপ বেছি সময় ধৰি ৰাখিলাহেঁতেন ৷
মই তাইৰ ডিঙিটো স্পৰ্শ কৰোঁ৷  তাই অস্পষ্ট শব্দ কৰে,
কণী আৰু পাখিৰ তাইৰ গান৷  মই তাইক কওঁ তুমি
এক উচ্ছল তৰংগ আছিলা, বৰ্ষাৰ বিজুলী চমকনিৰে  ধুমুহাৰ এজন পুৰুষ৷ 

ম
লেখকৰ পৰিচয়

মূল : এন গ্ৰে

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)