৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৩ মাৰ্চ, ২০২২
১০ মিনিট পঠন • ৩৫০৪ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

 অনুবাদ :  কৌস্তুভমণি শইকীয়া দত্ত 

||  ৰঘুবংশ : অধ্যয় ১||


৬১)

হে মন্ত্ৰকুশল!

আপোনাৰ অদৃশ্য শত্ৰুবিনাশন মন্ত্ৰই

নিৰন্তৰ বিনাশ কৰে মোৰ শতৰু সৰ্বত্ৰ ।

শত্ৰুবিনাশী মোৰ শৰে ভেদ কৰে মাথোঁ দেখা পাওঁ যাক

আপোনাৰ মন্ত্ৰশক্তিৰ বলত ভেদ কৰিছোঁ বহু অদৃশ্য লক্ষ্যক ।

তব মন্ত্ৰকৃতো মন্ত্ৰৈৰ্দূৰাৎপ্ৰশমিতাৰিভিঃ |

প্ৰত্যাদিশ্যন্ত ইব মে দৃষ্টলক্ষ্যভিদঃ শৰাঃ || ১-৬১||

৬২)

হে যজ্ঞকাৰী হোতা!

আপুনি যেতিয়া কৰে যজ্ঞত ঘৃতৰ আহুতি

বৰষুণৰ অভাৱত শুকোৱা শস্যও উঠে জী ।

হবিৰাবৰ্জিতং হোতস্ত্বয়া বিধিবদগ্নিষু |

বৃষ্টিৰ্ভবতি সস্যানামবগ্ৰহবিশোষিণাম্ || ১-৬২||

৬৩)

ৰাজ্যৰ প্ৰজাই কটাইছে নিশ্চিন্তে সুদীৰ্ঘ শতায়ু 

নিঃশংক আৰু নিৰুপদ্ৰৱ সবাৰে জীৱন

আপোনাৰ ব্ৰহ্মতেজৰ আশিসেই ইয়াৰ কাৰণ ।

পুৰুষায়ুষ্যজীবিন্যো নিৰাতঙ্কা নিৰীতয়ঃ |

যন্মদীয়াঃ প্ৰজাস্তস্য হেতুস্ত্বদ্ব্ৰহ্মবৰ্চসম্ || ১-৬৩||

৬৪)

হে ব্ৰহ্মপুত্ৰ গুৰুদেৱ!

আপোনাৰ দৰে গুৰুৱে কৰে মোৰ শুভচিন্তা

কিয়নো নাথাকিব ৰাজ্য-সম্পদৰ সদা নিৰাপত্তা ।

ত্বয়ৈবং চিন্ত্যমানস্য গুৰুণা ব্ৰহ্ময়োনিনা |

সানুবন্ধাঃ কথং ন স্যুঃ সংপদো মে নিৰাপদঃ || ১-৬৪||

৬৫)

কিন্তু শূন্য কোলাৰে এতিয়াও আপোনাৰ বোৱাৰী

জন্মা নাই আমাৰ পুত্ৰ সৰ্বগুণী 

যদিও অধীন সপ্তদ্বীপা ৰত্নপ্ৰসৱিনী পৃথিৱী

আমি হ'ব পৰা নাই সুখী ।

কিন্তু বধ্বাং তবৈতস্যামদৃষ্টসদৃশপ্ৰজম্ |

ন মামবতি সদ্বীপা ৰত্নসূৰপি মেদিনী || ১-৬৫||

৬৬)

শ্ৰাদ্ধত যেতিয়া মই অপুত্ৰকে কৰোঁ পিণ্ডদান

এনে লাগে যেন

পূৰ্বপুৰুষে মোৰ উদৰপূৰাই কৰা নাই পিণ্ডগ্ৰহণ

আশংকাত শ্ৰাদ্ধদ্ৰব্য সাঁচি থৈছে ভৱিষ্যতলৈ 

মোৰ পাছত কোনেনো কৰিব পিণ্ডদান । 

নূনং মত্তঃ পৰং বংশ্যাঃ পিণ্ডবিচ্ছেদদৰ্শিনঃ |

ন প্ৰকামভুজঃ শ্ৰাদ্ধে স্বধাসংগ্ৰহতৎপৰাঃ || ১-৬৬||

৬৭)

এনে লাগে যেন

দুৰ্লভ হ'ব বুলি মোৰ মৃত্যৰ পাছত 

পান কৰোঁতে মই কৰা জল-তৰ্পণ 

উষ্ণ হৈ উঠিছে গভীৰ নিশ্বাসত ।

মৎপৰং দুৰ্লভং মৎবা নূনমাবৰ্জিতং ময়া |

পয়ঃ পূৰ্বৈঃ স্বনিঃশ্বাসৈঃ কবোষ্ণমুপভুজ্যতে || ১-৬৭||

৬৮)

আত্মশুদ্ধি কৰিছোঁ কৰি দেৱতাৰ অৰ্চনা

তথাপি দূৰ নহয় সন্তানহীনতাৰ বেদনা ।

লোকালোক পৰ্বতত যিদৰে 

একেলগে পোহৰ আৰু আন্ধাৰ সমবেত

ময়ো সিদৰে দেৱঋণ পৰিশোধ কৰি তৃপ্ত

পিতৃঋণ পৰিশোধ কৰিব নোৱাৰি বিষাদগ্ৰস্ত ।

সোঽহমিজ্যাবিশুদ্ধাত্মা প্ৰজালোপনিমীলিতঃ |

প্ৰকাশশ্চাপ্ৰকাশশ্চ লোকালোক ইবাচলঃ || ১-৬৮||

৬৯)

পৰলোকৰ সুখৰ কাৰণ তপ আৰু দান

ইহলোক-পৰলোকৰ পৰমসুখ শুদ্ধবংশজাত সন্তান ।

লোকান্তৰসুখং পুণ্যং তপোদানসমুদ্ভবম্ |

সংততিঃ শুদ্ধবংশ্যা হি পৰত্ৰেহ চ শৰ্মণে || ১-৬৯||

৭০)

হে বিধাতা !

আপুনি কিয় দুখী হোৱা নাই মোৰ দুখত

অতি শোকাতুৰ মই অপুত্ৰক ।

নিজ পানী দিয়া স্নেহপালিত পুলিত

ফল নধৰাৰ দৰে আপোনাৰ আশ্ৰমত।

তয়া হীনং বিধাতৰ্মাং কথং পশ্যন্ন দূয়সে |

সিক্তং স্বয়মিব স্নেহাদ্বন্ধ্যমাশ্ৰমবৃক্ষকম্ || ১-৭০||

৭১)

হে ভগৱন্ !

স্তম্ভত বান্ধি থোৱা হাতী যাৰ নাই যতন-স্নান 

শিকলিয়ে লগোৱা মৰ্মঘাতী ঘাৰ দৰে 

মোৰ পিতৃঋণৰো অসহ্যপীড়ণ।

অসহ্যপীডং ভগবনৃণমন্ত্যমবেহি মে |

অৰুন্তুদমিবালানমনিৰ্বাণস্য দন্তিনঃ || ১-৭১||

৭২)

হে গুৰুবৰ!

পিতৃঋণৰ পৰা কিদৰে মুক্ত হওঁ মই 

তাৰ বাবে কৰক উপায়।

ইক্ষ্বাকুবংশীয়ৰ সকলো দুষ্প্ৰাপ্য কামনাতে

সিদ্ধিদান আপুনিয়ে কৰায় ।

তস্মান্মুচ্যে যথা তাত সংবিধাতুং তথাৰ্হসি |

ইক্ষ্বাকূণাং দুৰাপেঽৰ্থে ত্বদধীনা হি সিদ্ধয়ঃ || ১-৭২||

৭৩)

ৰজাৰ প্ৰাৰ্থনাত দয়ালু ঋষিয়ে

ক্ষণিকৰ ধ্যানত দুচকু জপালে ।

যিদৰে সুস্থিৰ হয় ঢৌহীন পানী 

শুই থকা মাছৰ সৰোবৰৰ দৰে ।

ইতি বিজ্ঞাপিতো ৰাজ্ঞা ধ্যানস্তিমিতলোচনঃ |

ক্ষণমাত্ৰমৃষিস্তস্থৌ সুপ্তমীন ইব হ্ৰদঃ || ১-৭৩||

৭৪)

ধ্যানৰে জানিলে পৱিত্ৰপ্ৰাণ ঋষি

কিয় পুত্ৰহীন পৃথিৱীৰ অধিপতি।

সকলো কাৰণ জানি পুত্ৰহীনতাৰ 

ৰজাক কৰিলে অৱগত ।

সোঽপশ্যৎপ্ৰণিধানেন সন্ততেঃ স্তম্ভকাৰণম্ |

ভাবিতাত্মা ভুবো ভৰ্তুৰথৈনং প্ৰত্যবোধয়ৎ || ১-৭৪||

৭৫)

পূৰ্বতে এদিন তুমি ঘূৰিছিলা ইন্দ্ৰৰ সেৱা কৰি

বাটতে শুই আছিল কল্পবৃক্ষৰ তলত কামধেনু সুৰভি ।

পুৰা শক্ৰমুপস্থায় তবোৰ্বীং প্ৰতি যাস্যতঃ |

আসীৎকল্পতৰুচ্ছায়ামাশ্ৰিতা সুৰভিঃ পথি || ১-৭৫||

৭৬)

সেই সময়ত ৰাণী আছিল ঋতুস্নাত

ধৰ্ম ৰক্ষাৰ্থে তুমি আছিলা ৰমণত ব্যস্ত ।

নকৰিলা কামধেনুক সৎকাৰ-প্ৰদক্ষিণ

সেই দোষতে তুমি হৈ আছা পুত্ৰহীন ।

ধৰ্মলোপভয়াদ্ৰাজ্ঞীমৃতুস্নাতামনুস্মৰন্ |

প্ৰদক্ষিণক্ৰিয়াৰ্হায়াং তস্যাং ত্বং সাধু নাচৰঃ || ১-৭৬||

৭৭)

সুৰভি গাভী হৈ বিতুষ্ট

কৰিলে ৰাজন তোমাক অভিশপ্ত -

যিহেতু কৰিলা তুমি মোক অৱজ্ঞা

সন্তান নজন্মে নকৰিলে মোৰ কন্যাৰ আৰাধনা । 

অবজানাসি মাং যস্মাদতস্তে নাভবিষ্যতি |

মৎপ্ৰসূতিমনাৰাধ্য প্ৰজেতি ত্বাং শশাপ সা || ১-৭৭||

৭৮)

সেই সময়ত মন্দাকিনীৰ পানীত

দিগ্গজসকল আছিল উদ্দাম জলক্ৰীড়াত ।

জলস্ৰোত আৰু প্ৰচণ্ড নিনাদত

সাৰথি বা তুমি কেউ নুশুনিলা সেই অভিশাপ ।

স শাপো ন ৎবয়া ৰাজন্ন চ সাৰথিনা শ্ৰুতঃ |

নদত্যাকাশগঙ্গায়াঃ স্ৰোতস্যুদ্দামদিগ্গজে || ১-৭৮||

৭৯)

অৱজ্ঞা কৰিছিলা বুলিয়ে সুৰভিক

অৱৰুদ্ধ হৈ আছে ইষ্টলাভৰ পথ ।

পূজনীয়ক নকৰিলে যথোচিত সন্মান

কেনেকৈ সাধন হ'ব তোমাৰ কল্যাণ ।

ঈপ্সিতং তদবজ্ঞানাদ্বিদ্ধি সাৰ্গলমাত্মনঃ |

প্ৰতিবধ্নাতি হি শ্ৰেয়ঃ পূজ্যপূজাব্যতিক্ৰমঃ || ১-৭৯||

৮০)

পাতালত বৰুণে কৰিছে যজ্ঞ দীৰ্ঘদিন ধৰি

যজ্ঞৰ বাবে অহৰহ লাগে  দধি ঘৃতাদি ।

সেই নিমিত্তে পাতালপুৰীত আছে আই সুৰভি

তেওঁৰ যে ঘাই-দুৱাৰ নাগেগণে আছে ৰখি ।

হবিষে দীৰ্ঘসত্ৰস্য সা চেদানীং প্ৰচেতসঃ |

ভুজঙ্গপিহিতদ্বাৰং পাতালমধিতিষ্ঠতি || ১-৮০||

৮১)

সেয়ে প্ৰতিনিধি কৰা তেওঁৰ জীয়ৰীক

শুদ্ধভাৱে যোৱা তুমি পত্নীৰ সহিত ।

তেওঁৰ কন্যা নন্দিনীৰ কৰা আৰাধনা

নন্দিনী প্ৰসন্ন হলে পূৰ্ণ হব অভিলাষা ।

সুতাং তদীয়াং সুৰভেঃ কৃৎবা প্ৰতিনিধিং শুচিঃ |

আৰাধয় সপত্নীকঃ প্ৰীতা কামদুঘা হি সা || ১-৮১||

৮২)

বশিষ্ঠৰ আশ্ৰমত যত হোম-যজ্ঞ সুমংগল

যাৰ দধি-ঘৃতাদিৰে হয় আহুতি সাধন ।

সুৰভিৰ কন্যা আই নন্দিনী সুলক্ষণা 

ঘূৰিল বনৰ পৰা গুৰুৱে কওঁতেই তেওঁৰ কথা । 

ইতি বাদিন এবাস্য হোতুৰাহুতিসাধনম্ |

অনিন্দ্যা নংদিনী নাম ধেনুৰাববৃতে বনাৎ || ১-৮২||

৮৩)

কুঁহিপাতৰ দৰে উজ্জ্বল ৰঙা নন্দিনীৰ গাৰ ৰং

কপালত ধেনুভিৰীয়াকৈ আছে শুকুলা নোম ।

দেখি এনে লাগে যেন

সন্ধিয়াৰ আকাশত উদয় হৈছে ন-জোন ।

ললাটোদয়মাভুগ্নং পল্লবস্নিগ্ধপাটলা |

বিভ্ৰতী শ্বেতৰোমাঙ্কং সন্ধ্যেব শশিনং নবম্ || ১-৮৩||

৮৪)

ওলায় ঈষদুষ্ণ দুগ্ধ দেখিলেই দামুৰি

কলহৰ দৰে ওহাৰৰ পৰা নিগৰি ।

যদিও পবিত্ৰ যজ্ঞৰ শেষৰ শান্তিজল

তাতোকৈ পবিত্ৰ দুগ্ধই অভিষিক্ত কৰে ধৰাতল ।

ভুবং কোষ্ণেন কুণ্ডোধ্নী মেধ্যেনাবভৃথাদপি |

প্ৰস্ৰবেণাভিবৰ্ষন্তী বৎসালোকপ্ৰবৰ্তিনা || ১-৮৪||

৮৫)

নন্দিনীৰ খুৰাই উৰুওৱা ধূলি

মহাৰাজৰ গাত পৰি

দান কৰিলে ৰজাক তীৰ্থাভিষেকৰ শুদ্ধি ।

ৰজঃকণৈঃ খুৰোদ্ধূতৈঃ স্পৃশদ্ভিৰ্গাত্ৰমন্তিকাৎ |

তীৰ্থাভিষেকজাং শুদ্ধিমাদধানা মহীক্ষিতঃ || ১-৮৫||

৮৬)

পুণ্যদৰ্শনা নন্দিনীক দেখি বুজিলে মুনিয়ে

হ'ব ৰাজনৰ মনোৰথ পূৰণ ।

তপোনিধিয়ে ক'লে পুনৰাই দেখি শুভলক্ষণ । 

তাং পুণ্যদৰ্শনাং দৃষ্ট্বা নিমিত্তজ্ঞস্তপোনিধিঃ |

যাজ্যমাশংসিতাবন্ধ্যপ্ৰাৰ্থনং পুনৰব্ৰবীৎ || ১-৮৬||

৮৭)

হে ৰাজন !

তোমাৰ সিদ্ধিলাভ অচিৰেই হ'ব 

শুভনাম কৰোঁতেই স্মৰণ

কল্যাণী নন্দিনীৰ হ'ল আগমন ।

অদূৰবৰ্তিনীং সিদ্ধিং ৰাজন্ বিগণয়াত্মনঃ |

উপস্থিতেয়ং কল্যাণী নাম্নি কীৰ্তিত এব যৎ || ১-৮৭||

৮৮)

যিদৰে বিদ্যাক প্ৰসন্ন কৰিব পাৰি 

নিয়মিত অভ্যাসন কৰি ।

নন্দিনীৰ হোৱা তুমি ভক্তিভাৱে অনুগামী

বনবাসী হোৱা বনজাত ফলাহাৰ কৰি ।

বন্যবৃত্তিৰিমাং শশ্বদাত্মানুগমনেন গাম্ |

বিদ্যামভ্যসনেনেব প্ৰসাদয়িতুমৰ্হসি || ১-৮৮||

৮৯)

নন্দিনীয়ে গমন কৰিলে গমন কৰিবা

তেওঁ ক'ৰবাত ৰ'লে তুমিও ৰ'বা ।

তেওঁ বহিলেহে তুমিও বহিবা 

তেওঁ যেতিয়া খাব পানী

তাৰ পাছতহে তুমি পিয়াহ গুচাবা ।

প্ৰস্থিতায়াং প্ৰতিষ্ঠেথাঃ স্থিতায়াং স্থিতিমাচৰেঃ|

নিষণ্ণায়াং নিষীদাস্যাং পীতাম্ভসি পিবেৰপঃ || ১-৮৯||

৯০)

বোৱাৰী সুদক্ষিণায়ো সভক্তিৰে হৈ শুচিতা

পুৱা লগতে যাওক তপোবনৰ সীমা ।

সন্ধিয়া যেতিয়া আই আহিব বনৰ পৰা ঘূৰি

তাৰপৰাই ৰাণীয়ে সদায় আনিব আদৰি ।

বধূৰ্ভক্তিমতী চৈনামৰ্চিতামা তপোবনাৎ |

প্ৰয়তা প্ৰাতৰন্বেতু সায়ং প্ৰত্যুদ্ব্ৰজেদপি || ১-৯০||

৯১) 

যেতিয়ালৈকে প্ৰসন্ন নহয় নন্দিনী

তেতিয়ালৈকে এইদৰেই থাকাঁ সেৱা কৰি।

দূৰ হওক তোমাৰ সকলো বিঘিনি

পিতৃপুৰুষৰ দৰেই সুপুত্ৰৱান হ'বা তুমি । 

ইত্যাপ্ৰসাদাদস্যাস্ত্বং পৰিচৰ্যাপৰো ভব |

অবিঘ্নমস্তু তে স্থেয়াঃ পিতেব ধুৰি পুত্ৰিণাম্ || ১-৯১||

৯২)

দেশকালজ্ঞ শিষ্যই গুৰুৰ আদেশ শুনি

সন্তোষমনে পত্নীৰ সৈতে হৈ অতি বিনয়ী

পালিলে গুৰুবাক্য নতশিৰে গ্ৰহণ কৰি ।

তথেতি প্ৰতিজগ্ৰাহ প্ৰীতিমান্সপৰিগ্ৰহঃ |

আদেশং দেশকালজ্ঞঃ শিষ্যঃ শাসিতুৰানতঃ || ১-৯২||

৯৩)

এই আলোচনাৰ শেষত গভীৰ হ'ল নিশা 

মধুৰভাষী বিদ্বান সত্যবাদী ব্ৰহ্মাৰ পুত্ৰই

উজ্জ্বল সুশ্ৰী নৰপতিক শুবলৈ দিলে দিহা ।

অথ প্ৰদোষে দোষজ্ঞঃ সংবেশায় বিশাংপতিম্ |

সূনুঃ সূনৃতবাক্স্ৰষ্টুৰ্বিসসৰ্জোৰ্জিতশ্ৰিয়ম্ || ১-৯৩||

৯৪)

তপোবলে কৰিব পাৰে ৰাজসিক আয়োজন 

তথাপি ঋষিয়ে ৰজা-ৰাণীৰ বাবে কৰিলে 

ব্ৰতৰ নিয়মে ফল-মূল কুশশয্যাৰ উপকৰণ ।

সত্যামপি তপঃসিদ্ধৌ নিয়মাপেক্ষয়া মুনিঃ |

কল্পবিৎকল্পয়ামাস বন্যামেবাস্য সংবিধাম্ || ১-৯৪||

৯৫)

মুনিশ্ৰেষ্ঠৰ পৰ্ণশালাত মহাৰাজ দিলীপে

কুশশয্যাত শয়ন কৰিলে পবিত্ৰপ্ৰাণা ৰাণীৰ সৈতে । 

যেতিয়া ধ্বনিত হ'ল 

ঋষিৰ শিষ্যৰ সমবেত মন্ত্ৰোচাৰণ

সেই বিশেষ ৰাতিৰো হ'ল অৱসান ।

নিৰ্দিষ্টাং কুলপতিনা স পৰ্ণশালা-

মধ্যাস্য প্ৰয়তপৰিগ্ৰহদ্বিতীয়ঃ |

তচ্ছিষ্যাধ্যননিবেদিতাবসানাং

সংবিষ্টঃ কুশশয়নে নিশাং নিনায় || ১-৯৫||

(প্ৰথম অধ্যায় সমাপ্ত)

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)