৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিনিৰ্মাণবাদ

লেখকঃ মূল:ড° তপোধীৰ ভট্টাচাৰ্য • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২১
২৩ মিনিট পঠন • ১০১১ বাৰ পঢ়া হৈছে
বিনিৰ্মাণবাদ
ডাঙৰকৈ চাওক (Zoom)

 ড° তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদ : কুমুদ ঘোষ




(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷)

বিনিৰ্মাণবাদ (decontructionism) আকৰণোত্তৰ (post-structure) চেতনাৰে সৈতে গভীৰভাৱে জড়িত৷ তাত্ত্বিক বিশ্লেষণৰ অস্ত্ৰ হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম যদিও ইয়াক স্বতন্ত্ৰ দৰ্শন হিচাপে স্বীকৃতি দিবলৈ সকলো সন্মত নহয়৷ জীৱন আৰু জগতৰ অজস্ৰ পাঠ যিমানে ৰচিত হৈছে, জটিলতা আৰু পৰস্পৰ-সাপেক্ষতা সিমানে দ্ৰুত বাঢ়িছে৷ বাগ্‌ধাৰা (discourse)ৰ তাৎপৰ্য বুজাৰ বাবে সমগ্ৰৰ সৈতে অংশৰ সম্পৰ্ক কিমানখিনি গুৰুত্বপূৰ্ণ, সেইয়া পৰিমাপ কৰা জৰুৰী৷ আৰু ঠিক ইয়াতেই সামাজিক আৰু নান্দনিক অস্তিত্বৰ নিৰ্মিতিবিজ্ঞান (architectonics)ক  বুজাৰ বাবে কাৰ্যকৰী হৈ উঠে বিনিৰ্মাণৰ আকল্প (design)৷ এই বিষয়ত সৰ্বজনমান্য পথিকৃৎ হ’ল জাক ডেৰিডা৷ ১৯৬৬ চনত আমেৰিকাৰ জন্‌ছ হপকিঞ্চ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন আলোচনাচক্ৰত তেওঁ ‘Structure, Sign and Play in the Discourse of the Human Sciences’ শীৰ্ষক প্ৰবন্ধটি পাঠ কৰে৷ সৰ্বতোভাৱে এই প্ৰবন্ধটো আছিল যুগান্তকাৰী৷ কিয়নো ইয়াৰেই আঁত ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত নতুন ধৰণৰ তাত্ত্বিক ব্যাখ্যাৰ জন্ম হ’ল৷ প্লেটোৰ সময়ৰ পৰাই পাশ্চাত্য দৰ্শনত যিবোৰ আধিভৌতিক ভিত্তিক যথাপ্ৰাপ্ত ধাৰণাৰ মৰ্যাদা দি অহা হৈছিল, বিনিৰ্মাণবাদে সেইবোৰৰ সম্পৰ্কেই প্ৰশ্ন উত্থাপন কৰিলে৷ ডেৰিডাই কৈছে, আকৰণবাদী তত্ত্বৰ মাজতো আকৰণৰ ধাৰণাই কোনো নহয় কোনো তাৎপৰ্যৰ কেন্দ্ৰক সদায় পূৰ্বানুমান কৰিআহিছে৷ এই ‘কেন্দ্ৰ’ আকৰণৰ নিয়ন্তা কিন্তু নিজে কেতিয়াও আকৰণবাদী বিশ্লেষণৰ আধেয় নহয়৷ কেন্দ্ৰৰ আকৰণ যদি সন্ধান কৰিব বিচাৰোঁ, আমি অৱধাৰিতভাৱে আন এক কেন্দ্ৰৰ নিৰ্মিতিত গৈ উপনীত হ’ম৷ সৃষ্টি হ’ব অন্তহীন পৰম্পৰা৷ মানুহৰ চিন্তা কেতিয়াও কেন্দ্ৰহীন নহয়, নহয় আকৰণশূন্যও৷ আকৌ, প্ৰক্ৰিয়া যিহেতু গতিশীল, মুহূৰ্তৰ পাছতে মুহূৰ্ত, পৰিসৰৰ পিছতে পৰিসৰে গঢ়ি তোলে অনন্ত কেন্দ্ৰ, অনন্ত আকৰণ৷ মানুহে কেন্দ্ৰক আকাংক্ষা কৰে, কাৰণ তাত প্ৰতিটো সত্তাৰ উপস্থিতি অনুভৱগম্য হৈ উঠে৷ উদাহৰণস্বৰূপে ক’ব পাৰি, আমাৰ জীৱন-যাপনৰ কায়িক আৰু মানসিক অনুষঙ্গবোৰ সৰ্বদা ‘মই’ কেন্দ্ৰিক৷ মই আছোঁ সেয়ে জগত আছে, মই আছোঁ নিৰ্দিষ্ট সময়ৰ আকৰণত, পৰিসৰৰ বিশদ বিস্তাৰত৷ সময় আৰু পৰিসৰত প্ৰকট হোৱা সকলো ঠাঁচৰ মাজত অহং-কেন্দ্ৰিক ব্যক্তিত্ব অব্যক্ত হৈ ৰৈছে মূল ঐক্য-সূত্ৰ হিচাপে৷

প্ৰতীচ্যৰ চিন্তাবিদসকলে কেন্দ্ৰায়নৰ আদিম আকল্পক নানা ধৰণৰ পাৰিভাষিক পৰিচয় দাঙি দিছে : সত্তা, নিৰ্যাস, মুখ্য উপাদান, সত্য, প্ৰকৰণ, সূচনাবিন্দু, উপসংহাৰ-প্ৰতীতি, উদ্দেশ্য, চেতনা, মানৱস্বৰূপ, ঈশ্বৰ প্ৰভৃতি৷ এইবোৰ পাৰিভাষিক প্ৰয়োগৰ বাহিৰত কোনো সম্ভাৱ্য ভাববিশ্ব (Conceptual world)ৰ কথা দেৰিদাই কিন্তু ক’ব বিচৰা নাই৷ কিয়নো কোনো এক নিৰ্দিষ্ট ধাৰণাৰ আকৰণক ভাঙিবলৈ গৈ যদি আকৌ সেই ধাৰণাৰ সঞ্চালক ভিত্তিতে বন্দী হ’ব লগা হয় – তেনেহ’লে বিনিৰ্মাণপন্থা পিতনিত হেৰাই যাব৷ যেনে, ধৰা হওক, চেতনাৰ কেন্দ্ৰায়নপ্ৰৱণ ধাৰণাক প্ৰত্যাখ্যান কৰাৰ বাবে যদি অৱচেতনাৰ প্ৰতিস্ৰোতেৰে তাৰ নিৰৱচ্ছিন্নতাক ভাঙি দিব বিচাৰে – কাৰ্যত এক কেন্দ্ৰৰ সলনি আন এক কেন্দ্ৰৰ আশ্ৰয়লৈ গুছি যোৱাৰ বিপত্তিয়ে দেখা দিয়ে৷ চেতনা-অৱচেতনাৰ দ্বৈততাময় ভাববিশ্বক স্থানচ্যুত কৰিবলৈ গৈ আমি সিবিলাকৰ অনিবাৰ্য কথোপকথন (dialogue)ত প্ৰৱেশ কৰোঁ৷ বৰং শৰীৰযআত্মা, ভালযবেয়া, পোহৰযআন্ধাৰ, গুৰুযলঘু  জাতীয় দ্বিমেৰুবিষম বিভাজনে যি চিন্তা-পদ্ধতিৰ জন্ম দিয়ে, তাৰ প্ৰভাৱত কোনো এক মেৰুক কেন্দ্ৰ আৰু একমাত্ৰঅস্তিত্ব বুলি মানি লোৱাৰ সম্ভাৱ্য বিপদ সম্পৰ্কে আমি সচেতন হ’ব লগা হয়৷

ডেৰিডাই তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থ ‘Of Grammatology’-ত কেন্দ্ৰৰ আকাংক্ষাক ‘বাক্‌কেন্দ্ৰিকতা’ (logocentrism) বুলি কৈছিল৷ গ্ৰীক ভাষাত বাক্‌ হ’ল ‘logos’ আৰু ব্যঞ্জনাত তাক জ্ঞান বুলিবও পাৰি৷ ভাৰতীয় ঐতিহ্যত অনুৰূপ ঘটনাটো ঘটিছে ‘বেদ’ ৰ ক্ষেত্ৰত৷ ‘বেদ’ শব্দটোৰ উ¸ৎস-ধাতু হ’ল ‘বিদ্‌’, যাৰ অৰ্থ জ্ঞান৷ অৰ্থাৎ ‘বেদ’ হ’ল শব্দৰাশি, জ্ঞান, মহাগ্ৰন্থ, সমস্ত ভাবনাৰ আকৰ৷ ‘logos’ ৰ নিচিনাই৷ ভাৰতীয় ঐতিহ্যত বাক্‌ মন্ত্ৰদ্ৰষ্টা ঋষি, আকৌ স্বয়ং ঈশ্বৰ আৰু শব্দপুঞ্জ৷ ইউৰোপীয় সংস্কৃতিৰ আদিপৰ্বলৈ যদি দৃষ্টিপাত কৰোঁ, দেখা পাম, বাইবেলৰ নিউ টেষ্টামেণ্টত বাক্‌ বা শব্দক প্ৰভূত গুৰুত্ব দিয়া হৈছে৷ সমস্ত জাগতিক বস্তু বা অস্তিত্বৰ উৎস হিচাপে অৰ্থাৎ সাৰ্বিক উপস্থিতিৰ ৰূপক হিচাপে বাক্‌ক বৰ্ণনা কৰা হৈছে : ‘In the beginning was the word’৷ এটি মাত্ৰ আদি কাৰণৰ ‘কাৰ্য’ বা পৰিণতি হ’ল গোটেই জগত, এই মানৱবিশ্ব (human world)৷ আদিশব্দ সমস্ত পৰৱতীৰ্ উচ্চাৰণৰ নিয়ন্তা৷ এই কথাবোৰে আনিবাৰ্যভাৱে আমাক ভাৰতীয় সৃষ্টিতত্ত্বৰ কথা সোঁৱৰাই দিয়ে৷ ভাৰতীয় বিশ্বাসতো নাদব্ৰহ্ম বা ওঙ্কাৰ সমস্ত অস্তিত্বৰ উৎস আৰু নিয়ন্তা৷ বাক্‌ৰূপী ঈশ্বৰ অণোৰণীয়ান মহতো মহীয়ান৷ তাৰ পোহৰত সকলো আলোকিত, তাৰ গতিত সকলোবোৰ চলিষ্ণু : ‘তমেব ভান্তমনুভাতি সৰ্বং, তস্য ভাসা সৰ্বমিদং বিভাতি’৷  বেদ অপৌৰুষেয়, স্বয়ংপ্ৰকাশ; বাণী আগেয়ে ব্যক্ত হৈছে ত্ৰিকালদশ¹সকলৰ ওচৰত, বহুকাল পাছত সেয়াই লিখিত ৰূপ পাইছে৷ সেয়ে বাক্‌ বা বাচনিক (verbal)  উচ্ছাৰণৰ গুৰুত্ব ‘লেখা’তকৈয়ো বহুত বেছি৷ এই বিশ্বাস ডেৰিডাৰো; তেওঁৰ দ্বাৰা উত্থাপিত ‘বাক্‌কেন্দ্ৰিকতা’ বা ‘logocentrism’ৰ প্ৰধান বৈশিষ্ট্য হ’ল লেখাৰ তুলনাত কথনৰ শ্ৰেষ্ঠ¸ত্ব৷ ইয়াক তেওঁ কৈছিল, ‘phonocentrism’ বা ধবনিকেন্দ্ৰিকতা৷ ভাৰতীয়সকলৰ বাবে যিদৰে ‘বেদ’ তেনেকৈয়ে ইউৰোপীয়ানসকলৰ বাবে ‘বাইবেল’ বাক্‌কেন্দ্ৰিকতাৰ চমৎকাৰ দৃষ্টান্ত৷ বাইবেলৰ লিখিত ৰূপ আজি আমাৰ বাবে সুলভ  হ’লেও ঈশ্বৰৰ বাণী প্ৰাথমিকভাৱে কথ্য৷ সেয়ে মানৱবিশ্ব মানে কথন-বিশ্ব (narrative world) ৷ ভিন্‌ ভিন্‌ অনুপুঙ্খ (detail)ৰ মিলনৰ যোগেদি সমগ্ৰৰ প্ৰতীতি অহৰহ গঢ়ি উঠিছে৷ প্ৰকৃত তাৎপৰ্য যদি বুজিব বিচাৰোঁ, অংশ আৰু সমগ্ৰৰ পাৰস্পৰিক সম্পৰ্কৰ অন্বয়সূত্ৰ পূৰ্বে স্পষ্ট কৰি ল’ব লাগিব৷ আৰু, সেইয়া সম্ভৱ হ’ব পাৰে কেৱল কথন-বিশ্বৰ বিনিৰ্মাণত৷

৷৷ দুই৷৷

       আন ঠাইত লিখিছোঁ, মানুহৰ জগত আচলতে চিহ্নায়ক (signifier)-ৰ পৰম্পৰাৰে গ্ৰথিত জগত৷ তাৰ উপস্থিতি অমোঘ৷ তথাপি, অস্তিত্ব আৰু জ্ঞানৰ প্ৰক্ৰিয়াত কেতিয়াবা কেতিয়াবা সেই উপস্থিতি খণ্ডিত হৈ পৰে, ধূসৰিত হৈ উঠে প্ৰতীতি৷ নিঃসন্দেহে এই বিপ্ৰতীপতা বা খণ্ডায়নও তাৎপৰ্যশূন্য নহয়৷ এনে ঘটে কিয়, সেইয়া লৈ নানা মুনিৰ নানা মত৷ এইখিনিতে আপাততঃ ডেৰিডাৰ বিখ্যাত আৱিষ্কাৰ ‘পাৰ্থক্যবোধ’ৰ তত্ত্বটি উল্লেখ কৰিব পাৰি৷ ফৰাচী ভাষাত যাক ‘difference’ বোলা হৈছে, তাৰ মাজত আছে  দ্ব্যৰ্থবোধকতা অৰ্থাৎ দুটা অৰ্থৰ টনা-আজোৰা৷ এটা অৰ্থ হ’ল, দ্বিমত পোষণ কৰা আৰু দ্বিতীয়টো মুলতুবী কৰি থোৱা৷ প্ৰথমটো হ’ল পৰিসৰ সংশ্লিষ্ট ধাৰণা; চিহ্ন উদ্ভূত হয় পাৰ্থক্যবোধৰ পদ্ধতিৰ পৰা৷ কিয়নো কোনো পদ্ধতি ফোঁপোলা নহয়, জঁটলগাও নহয়; পৰিসৰৰ শৃঙ্খলাক পৰ্যবেক্ষণ কৰিলে বুজিব পাৰি, সেইয়া আচলতে পৰস্পৰ ভিন্নতাৰ সমাৱেশ৷ আনফালে, দ্বিতীয়টো সময়-সম্পৃক্ত, কিয়নো যেতিয়া আমি কিবা এটা মুলতুবী কৰি থোৱাৰ কথা কওঁ, তাৰ অৰ্থ হয়, কোনো উপস্থিতিক এক সময় পৰ্বৰ পৰা অন্য সময়পৰ্বলৈ সঞ্চালিত কৰা৷ আমাৰ প্ৰতীতিৰ জগতত চিহ্নায়কবোৰে কেতিয়াবা কেতিয়াবা উপস্থিতিৰ বোধক নিৰন্তৰ এক বিন্দুৰ পৰা আন বিন্দুলৈ  আঁতৰাই দিয়ে৷ ফলত জগতৰ বিভিন্ন অনুপুঙ্খৰ মাজত পাৰ্থক্যৰ উপলব্ধিও হৈ উঠে অনবৰত জায়মান এক প্ৰক্ৰিয়া৷ অলপ আগয়ে যি ধবনিকেন্দ্ৰিক চিন্তাৰ কথা কৈছিলোঁ অৰ্থ্যাৎ য’ত লিখনতকৈ কথনৰ গুৰুত্ব বেছি – সেয়াই সেই পাৰ্থক্যবোধক উপেক্ষা কৰিব বিচাৰে আৰু উচ্ছাৰিত বাক্‌ক স্বত-উপস্থিতি বুলি ধাৰণা কৰে৷ এই বিষয়ত দেৰিদাৰ চিন্তাকে অনুসৰণ কৰিলে দেখোঁ যে কথন তাৰ নিয়ামক চিন্তা-উৎসৰ ওচৰা-ওচৰি৷ আমি যেতিয়া কাৰোবাক কথা-কোৱা শুনো, এই কথা সুনিৰ্দিষ্ট উপস্থিতিৰ স্মাৰক বুলি বিবেচিত হয়৷ কিন্তু লেখাক আমি তেনে  বুলি ধাৰণা নকৰোঁ৷

        প্ৰকৃতপক্ষে ধ্বনিকেন্দ্ৰিকতাই লিখনক কথনৰ অশুদ্ধ ৰূপ বুলি ধাৰণা কৰে৷ উদাহৰণ হিচাপে ক’ব পাৰি, কোনো বিখ্যাত অভিনেতা, বাগ্মী বা ৰাজনৈতিক নেতাৰ কথনৰ মাজত তাৰ উপস্থিতি তীব্ৰভাৱে স্পন্দিত হয়, কথনত বক্তাৰ বিশিষ্ট অস্তিত্ব অনুভৱগম্য হৈ উঠে৷ কিন্তু লেখাত লেখক সৰ্বদা পূৰ্বধাৰ্য কোনো পদ্ধতিৰ অনুষঙ্গত প্ৰকট হৈ থাকে৷ সেয়ে কথাৰ দৰে লেখাৰ মাজত মৌলিকতা দেখা নাযায় আৰু ব্যক্তিত্বৰ প্ৰকাশক নহৈ সেইয়া হৈ উঠে ব্যক্তিত্বৰ আচ্ছাদক৷ কথাত বক্তাৰ উপস্থিতি অৱশ্যম্ভাৱী কিন্তু লেখাত লেখকৰ উপস্থিতিৰ প্ৰয়োজন নাই৷ লেখাক ইচ্ছামতে পুনৰাবৃত্ত কৰিব পাৰি; ছপাশালৰ অনুগ্ৰহত বহুবাৰ ছপা হ’ব পাৰে, অনেক দূৰৱতীৰ্ প্ৰজন্মৰ কাষলৈকো লৈ যাব পাৰি৷ লেখাৰ এই পুনৰাবৃত্তিয়ে অনিবাৰ্যভাৱে বিশ্লেষণ আৰু পুনৰ্বিশ্লেষণৰ প্ৰক্ৰিয়াকে সম্ভৱ কৰি তুলিছে৷ কিন্তু কোনো কথা-বতৰাৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা নাই৷ যদি সেইয়া হয়ো, উচ্ছাৰণ মুহূৰ্তৰ মৌলিকতা ধবংস নকৰাকৈ কেতিয়াও বিশ্লেষণ আৰম্ভ নহয়৷ প্ৰত্যক্ষ কথন যেতিয়াই পৰোক্ষ কথনলৈ ৰূপান্তৰিত হ’ল, সেই মুহূৰ্তততে সেইয়া উদ্ভৱ-ক্ষণৰ সত্যতাৰ পৰা দূৰলৈ আঁতৰি গ’ল আৰু হৈ উঠিল নতুন অস্তিত্ব৷ কথনক যদি বিশ্লেষণৰ আধেয় কৰিব বিচাৰোঁ, তাক আগেয়ে লিখিত ৰূপত পুনৰ্বিন্যস্ত কৰি ল’ব লাগিব৷

        যন্ত্ৰগ্ৰাহকৰ সাহায্যত যদি সংৰক্ষিত নকৰোঁ, যিকোনো কথকৰ উচ্ছাৰিত ধবনি চিৰকালৰ বাবে শূন্যত মিলি যাব৷ তাক কোনোৱেই কেতিয়াও ওভতাই আনিব নোৱাৰিব, সেয়ে কথন অনন্য আৰু শূন্য৷ উৎস-চিন্তাৰ সৈতে সমান্তৰালভাৱে অভিব্যক্ত আৰু অপৰিৱৰ্তনীয় বাবে পৰৱতীৰ্ কোনো লিখন-মুহূৰ্তৰ দৰে তাক ৰূপান্তৰিত কৰাৰ লেখমানো সুযোগ নাই৷ ফলত কথনবিশ্বৰ প্ৰতিটো মুহূৰ্ত অনন্তত উপনীত হৈছে কিন্তু লিখনবিশ্ব (compositional world)ত প্ৰৱহমান কাল আৰু পৰিসৰ বিধৃত হৈছে একক মুহূৰ্তৰ দাপোণত৷ দাৰ্শনিকসকলে এইবাবেই প্ৰায়েই লেখাতকৈ  কথনক সত্যৰ বাগ্‌ধাৰা হিচাপে গঢ়ি তোলাৰ বাবে বেছি উপযোগী বুলি ভাবিছিল৷ তেওঁলোকৰ বক্তব্য হ’ল, লিখিত সন্দৰ্ভই মূল চিন্তা প্ৰৱাহক বহুখিনি সলনি কৰে, সেয়ে কাৰ্যত সিবিলাকে দাৰ্শনিক সত্যৰ স্বীকৃতিক বিনষ্ট কৰে৷ সত্য সদাই বিশুদ্ধ চিন্তাৰ ওপৰত নিৰ্ভৰশীল, সেয়ে লিখিত ৰূপান্তৰত সেইয়া নিৰ্মাণৰ উপকৰণৰ দ্বাৰা সংক্ৰমিত হৈ পৰে৷ উপকৰণ-বিন্যাস অনিবাৰ্যভাৱে বাহুল্যৰ ফালে হাউলি গৈ থাকে বাবেই চিন্তাৰ শুদ্ধতা আৰু পৰিচ্ছন্নতা লিখিতৰূপত শেষলৈ অস্পষ্টতাৰ মেঘ আৰু কুঁৱলিৰ আঁৰলৈ আঁতৰি যায়৷ এইবাবে লেখা আৰু কথাৰ সম্পৰ্ক বিষয়ক আলোচনা প্ৰসঙ্গত দেৰিদাই এই দুয়োৰে মাজত ‘violent hierarchy’ ৰ দৃষ্টান্ত দেখা পাইছিল৷ কথাক প্ৰধান আৰু লেখাক গৌণ বুলি ধৰি লোৱাৰ ফলত যি ওখ-চাপৰ পৰ্যায়ক্ৰমটি ইউৰোপীয় দাৰ্শনিক পৰম্পৰাত সৃষ্টি হৈছিল, তাৰ আদিম অন্বিষ্ট হ’ল, অস্তিত্বৰ উপস্থিতিক জাগ্ৰত কৰি ৰখা৷ কিন্তু এই ক্ৰম যদি অলৰ-অচৰ আৰু  আমোঘ হ’লহেঁতেন, তেনেহ’লে অৱধাৰিতভাৱে সত্যৰ প্ৰতীতিয়ো খণ্ডিত হৈ পৰিলহেঁতেন৷ সেয়ে ওখ-চাপৰ ধাৰণাটো যেতিয়া এক আকৰণত পৰিণত হয়, তাক অস্বীকাৰ কৰাৰ প্ৰৱণতাও দেখা দিয়ে৷ প্ৰকৃতপক্ষে ইয়াক বিনষ্ট কৰে আৰু বিপৰীতমুখী কৰি তোলে, শিল ফুটুৱাই নিজৰা বৈ অহাৰ দৰে প্ৰকাশিত হয় নতুন চিন্তা-প্ৰকৰণ৷ তেতিয়া দৃষ্টিৰ ৰৈখিকতাও ভাঙি যায়৷ আমি লক্ষ্য কৰোঁ, কিদৰে কথা আৰু লেখা – এই উভয়েই কিছুমান সুনিৰ্দিষ্ট বৈশিষ্ট্যৰ অংশীদাৰ৷ পূবৰ্ৰ অধ্যায়ত ইয়াক ‘writerly’ পাঠকৃতি (text) হিচাপে উল্লেখ কৰিছোঁ৷ যেতিয়া উভয়েই এনে চিহ্নায়ক প্ৰক্ৰিয়াৰ দৃষ্টান্ত হৈ উঠে তেতিয়া তাৰ মাজত অস্তিত্বৰ উপস্থিতি কিঞ্ছিৎ অস্পষ্ট৷ সেয়ে অলপ আগেয়ে যাক ওখ-চাপৰ পৰ্যায়ক্ৰম বুলি কৈছিলোঁ, তাৰ অস্বীকৃতি সম্পূৰ্ণ কৰিব লগা হয় সামূহিক বিপৰ্যায়ত, পৰিকল্পিত বিপ্ৰতীপতাত৷ তেতিয়া কথাক বৰ্ণনা কৰিব পাৰি লেখাৰেই এক বিশিষ্ট ধৰণ হিচাপে৷ দাৰ্শনিক ধাৰণাৰ ক্ষেত্ৰত এই যে মেৰু সলনি ঘটিল, সেয়া হ’ল ডেৰিডা উত্থাপিত বিনিৰ্মাণৰ প্ৰথম ঢাপ৷

৷৷ তিনি৷৷

 

        কথা/লেখা : এই যুগ্মকৰ পাৰস্পৰিক সম্পৰ্ক কিমানখিনি অস্থিৰ আৰু পৰিৱৰ্তনশীল, সেয়া বুজাবৰ বাবে ডেৰিডাই ‘পৰিপূৰক’ শব্দটো পাৰিভাষিক অৰ্থত ব্যৱহাৰ কৰিছিল৷ আমাৰ মনত পৰিব, ইয়াৰ পূৰ্বে ৰুছোৰ বাবে লেখা আছিল কেৱল মাত্ৰ কথাৰ সম্পূৰক; নিতান্ত কম গুৰুত্বপূৰ্ণ উপাদান কথাত যুক্ত হ’লে তাক লেখা বুলি কোৱা হয়৷ কিন্তু দেৰিদাই ঠিক এইদৰে কোৱা নাই; মূল ফৰাচী ভাষাত ‘suhpleer’-এ কেৱল পৰিপূৰক হোৱাকে নুবুজায়, আনৰ স্থান লোৱা অৰ্থাৎ বিকল্প হৈ উঠাকো বুজায়৷ দেৰিদাই এইদৰে ক’ব বিচাৰে যে, লেখা কথাৰ কেৱল মাত্ৰ পৰিপূৰক নহয, বিকল্পও হয়৷ ইয়াৰ কাৰণ কথন সৰ্বদা লেখাৰ মাজত পূৰ্বানুসৃত৷ প্ৰকৃপক্ষে ডেৰিডাৰ সিদ্ধান্ত হ’ল, সমস্ত মানৱিক ক্ৰিয়াৰ মাজত নিহিত হৈ আছে এই পৰিপূৰকত্ব অৰ্থাৎ একেলগে সংযোজন আৰু বিকল্পায়ন (precess of alternation); যিদৰে, আমি যেতিয়া কওঁ যে সভ্যতাৰ পূৰ্বসূৰি হ’ল প্ৰকৃতি, সেই সময়ত প্ৰাগুক্ত  ‘violent hierarchy’ ৰ দৃষ্টান্ত পাওঁ৷ প্ৰকৃতিৰ শুদ্ধ উপস্থিতি সভ্যতাৰ বীজৰ দ্বাৰা যেতিয়া সংক্ৰমিত হ’ল, সেই শুদ্ধতা আৰু বৰ্তি নাথাকিল৷ তাৰ মানে, এক নতুন সম্পূৰক উপাদান যুক্ত হৈ যথাপ্ৰাপ্ত স্থিতাৱস্থাকে সম্পূৰ্ণ সলাই দিলে৷ কোনো কোনোৱে অৱশ্যে এই কথা ক’ব পাৰে যে, কথা/লেখা যুগ্মকৰ দৰে, প্ৰকৃতিয়ো সৰ্বদা সভ্যতাৰ দ্বাৰা সংক্ৰামিত৷ সেই ক্ষেত্ৰত মৌলিক প্ৰকৃতি বুলি একো নাই, আমি কল্পিত শুদ্ধতাৰ কথা কৈ আচলতে এক প্ৰত্বকথাকে স্বীকৃতি দিব বিচাৰোঁ৷ মঙ্গল/অমঙ্গল কিংবা পাপ/পূণ্য অথবা ভাল/বেয়া এই জাতীয় সংযোজন/বিকল্পায়ন প্ৰক্ৰিয়া আমি বিশ্বসাহিত্যৰ নানা পাঠকৃতিত আৱিষ্কাৰ কৰিব পাৰোঁ৷ সিবিলাকত ডেৰিডাৰ বিনিৰ্মাণ তত্ত্ব সমৰ্থিত হয়৷

        মুঠ কথা হ’ল, পাঠৰ সূচনাত পাঠকে লক্ষ্য কৰে ওখ-চাপৰ পৰ্যায়টিক; পৰৱৰ্তী ঢাপত পাঠকে এই পৰ্যায়ৰ মাজত মেৰুসলনি কৰিবলৈ উৎসাহী হৈ উঠে আৰু চূড়ান্ত পৰ্বত নতুন কোনো বৰ্গীকৰণ প্ৰতিহত কৰাৰ বাবে বিকল্পায়নৰ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে৷ বিনিৰ্মাণবাদী পাঠত যথাপ্ৰাপ্ত বাগধাৰাক এক ধৰণৰ পৰিকল্পিত সন্ত্ৰাসৰ মাজেদি সম্পূৰ্ণ ৰূপান্তৰিত কৰি পেলোৱা হয়৷ এক মেৰুৱে আন এক মেৰুৰ স্থান লোৱাত আৰু নানা ধৰণৰ সম্ভাৱ্য বিকল্প প্ৰকট হোৱাত যথাপ্ৰাপ্ত পৰিসৰ সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ বিপ্ৰতীপতা আৰু অন্তৰ্বিপ্লৱৰ মাজেদি গ্ৰন্থনাৰ পুৰণি যুক্তি-শৃঙ্খলা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰে৷ পাঠকৃতি তেতিয়া কাৰ্যত টুকুৰা-টুকুৰ হৈ যায়৷ এই সম্পৰ্কে দুজন বিজ্ঞ সমালোচকে মন্তব্য কৰিছিল : ‘Deconstruction can begin when we locate the moment when a text transgresses the laws it appears to set up for itself’  (চেল্‌ডেন আৰু হ্বিড্ডোওচোন : ১৯৯৩ : ১৪৭)৷ নিজৰ বাবে সৃষ্টি কৰা নিয়মক পাঠকৃতিয়ে যেতিয়া নিজেই ভাঙি পেলাব বিচাৰে, তেতিয়া প্ৰতিটো বাগ্‌ধাৰাই কাৰ্যত এক ৰণক্ষেত্ৰৰ দ্যোতনা আনে৷

        এইবাবেই বিনিৰ্মাণবাদৰ দৰে ক্ৰিয়াত্মক তত্ত্ব নিঃসন্দেহে বিৰল৷ কেৱল যে আখ্যানৰ ক্ষেত্ৰতে সেয়া প্ৰযোজ্য এনে নহয়, কবিতাৰ বক্তব্য বিশ্লেষণৰ ক্ষেত্ৰতো সেয়া বিশেষ উপযোগী বিবেচিত হ’ব পাৰে৷ সাম্প্ৰতিক বাংলা সাহিত্যতো কিছু সংখ্যক বিনিৰ্মাণবাদী পাঠ সম্প্ৰতি লক্ষ্য কৰিছোঁ, যিয়ে সমালোচনাত্মক  বাগ্‌ধাৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ পট-পৰিৱৰ্তনৰ ইঙ্গিত কঢ়িয়াই আনিছে৷ কোনো কোনো সাম্প্ৰতিক তাত্ত্বিকে উপন্যাস, চুটিগল্প আৰু কবিতাৰ ক্ষেত্ৰত সাৰ্থক বিনিৰ্মাণবাদী পাঠ উপস্থাপন কৰিছে৷ প্ৰকৃপক্ষে এই সময়ত আৰু অধিক উদ্যম যুক্ত হ’লে বাংলা সাহিত্যৰ ইতিহাস পুনঃপঠিত আৰু পুনৰ্নিমিত হ’ব৷ সংযোজন/বিকল্পায়ন সম্পৰ্কে যি বক্তব্য অলপ আগেয়ে উপস্থাপন কৰা হৈছে, তাৰ সাৰ্থক প্ৰয়োগত বাঙালিৰ বিৱৰ্তনপ্ৰৱণ সাংস্কৃতিক পাঠকৃতিত সম্পূৰ্ণৰূপে নতুন চিহ্নায়ক পৰস্পৰা উন্মোচিত হ’ব৷

        ডেৰিডাৰ  নিবন্ধ ‘Signature Event Context’-ক অনুসৰণ কৰি আমি লেখাৰ তিনিটা বৈশিষ্ট্য সম্পৰ্কে অৱগত হওঁ৷ প্ৰথমতে, কোনো লিখিত চিহ্নক তাৰ উত্থাপক লেখকৰ অনুপস্থিতিতো পুনৰাবৃত্ত কৰিব পাৰি৷ সাধাৰণতে, সুনিৰ্দিষ্ট এটি প্ৰসঙ্গ আৰু গ্ৰহীতাৰ উপস্থিতিত সেই চিহ্নই নিৰ্দিষ্ট ৰূপ অৰ্জন কৰে৷ কিন্তু প্ৰাগুক্ত লেখক আৰু সেই প্ৰসঙ্গই গ্ৰহীতাৰ সৈতে সম্পৰ্কহীনভাবেও চিহ্নক ব্যৱহাৰ কৰিব পাৰে৷ দ্বিতীয়তে, লিখিত চিহ্ন সাধাৰণতে এটি প্ৰকৃত প্ৰসঙ্গ আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে সম্পৃক্ত হৈ থাকে৷ কিন্তু পৰৱতীৰ্ কোনো সুযোগত সম্পূৰ্ণৰূপে ভিন্ন প্ৰসঙ্গত আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে নিঃসম্পৰ্কিতভাৱে, পাঠকে সেইয়া পাঠ কৰিব পাৰে৷ এইদৰে দেখা যায়, কোনো এক নিৰ্দিষ্ট বাগ্‌ধাৰাৰ চিহ্ন পৰম্পৰাক আন এক বাগ্‌ধাৰাত ভিন্ন অনুষঙ্গত উপস্থাপন কৰিব পাৰি৷ তৃতীয়তে, লিখিত চিহ্নক দুই ধৰণে পৰিসৰৰ সৈতে যুক্ত কৰিব পাৰি৷ এক, কোনো এক নিৰ্দিষ্ট চিহ্ন-পৰম্পৰাৰ পৰা বিচ্ছিন্ন কৰি তাক আন কোনো কালৰ পৰিধিত যুক্ত কৰিব পাৰি৷ এই তিনিটা সূত্ৰ অনুযায়ী লেখাক কথাৰ পৰা পৃথককৈ চাব পাৰি৷ এইখিনিতে অৱশ্যে এটা প্ৰশ্ন ৰৈ যায়৷ যদি প্ৰসঙ্গৰ পৰা বিচ্ছিন্ন কৰি চিহ্নায়কবোৰক ইচ্ছামতে পুনৰাবৃত্ত কৰা হয়, তেনেহ’লে সিবিলাকৰ মান্যতা থাকে কেনেকৈ? কিয়নো আমি ইতিমধ্যে জানিছোঁ, তাৎপৰ্য সকলো সময়ত প্ৰসঙ্গ-নিৰ্ভৰ৷ সেই ক্ষেত্ৰত লেখা অনেকখিনি দায়িত্বশূন্য হৈ যোৱা নাইনে বাৰু? দুৰ্বোধ্য প্ৰশ্ন বুলি ইয়াক এৰাই চলিব নোৱাৰি, কিয়নো, সামাজিক আৰু নান্দনিক ভাবাদৰ্শৰ অন্বয়-অনন্বয় কিংবা প্ৰাসঙ্গিকতা-অনিবাৰ্যতা সংক্ৰান্তীয় সমস্যাও সমাধান দাবী কৰিছে৷ ওখ-চাপৰ অৱস্থানৰ পৰ্যায়ক্ৰমক যেতিয়া বিনিৰ্মাণ কৰোঁ, কেনে ধৰণৰ চিহ্নায়ক পুনৰাবৃত্ত হ’ব আৰু কোনবোৰ স্থিৰ থাকিবঃ সেয়া মেৰু সলনিৰ পাছত ঠিক কৰিব লগা হয়৷ তেতিয়া কথাৰ অন্তৰালত অন্য কথা, ৰূপৰ অন্তৰালত অন্য ৰূপ, সম্পৰ্কৰ অন্তৰালত অন্য সম্পৰ্ক চকুত পৰে৷ আচলতে দৃষ্টিও সেই স্বেচ্ছাবৃত বিপৰ্যয়ৰ পাছত  সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ যি অ’তদিনে অন্ধকাৰত আছিল ৰুদ্ধ, তাত দেখা দিয়ে পোহৰৰ চিক্‌মিক্‌নি, পোহৰে কিন্তু চকু চাট মাৰি নধৰে, চোৱাৰ দিগন্তক বৃদ্ধি কৰে৷ পুৰণি পাঠৰ পৰা উজলি উঠে আশ্চৰ্য নতুন, এনেকি অভাৱনীয় পাঠকৃতিৰ ৰৌদ্ৰবলয়৷ বিনিৰ্মাণে পাঠকৃত্তিক নিষ্ক্ৰীয় নিৰাসক্ত হৈ থাকিবলৈ নিদিয়ে, তাক কৰি তোলে সক্ৰিয় প্ৰাণবান, জগত-জীৱনৰ স্পন্দন সম্পৰ্কে চিৰ-উৎসুক৷ প্ৰতীচ্যৰ তাত্ত্বিকে সেয়ে কাব্যিকতাৰ পৰশ সানি উচ্ছাৰণ কৰে : ‘Text is a performance’৷ এয়া শিল্পিত উপস্থাপনা হ’বই নোৱাৰে য’ত পৰে দেৰিদা কথিত চিহ্নায়কৰ পৰ্যায়ক্ৰম অন্য প্ৰেক্ষিতত পুনৰাবৃত্তিৰ উপযুক্ত বুলি বিবেচিত নহয়৷ ইয়াকেই ৰোলাবাৰ্তে কৈছিল ‘always already written’৷ তাৰ অৰ্থ, যি আছে সেইয়া পূৰ্বেই বাগ্‌ধাৰাৰ গভীৰত সম্ভাৱনা হিচাপে নিহিত আছিল৷ এই চিৰ-উপস্থিতিক সমস্ত অনুপস্থিতিৰ যৱনিকা আঁতৰাই বাঙ্ময় কৰি তুলিব লগা হয়৷ তেতিয়াই পুৰণি তটৰেখা জুৰি দেখা দিয়ে নবীন তাৎপৰ্যৰ জলোচ্ছ্বাস৷ চূড়ান্তভাৱে ৰূপান্তৰিত হৈ পৰে লিখনবিশ্ব (compositional world/ microcosm)’৷ কোৱা বাহুল্য, এই ৰূপান্তৰত সংযোজন-বিকল্পায়নৰ বিনিৰ্মাণবাদী প্ৰক্ৰিয়াই অতি সূক্ষ্ম আৰু সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰে৷

        বিনিৰ্মাণ পন্থাৰ প্ৰচুৰ প্ৰভাৱত সমসাময়িক বেছ কিছু প্ৰধান বৌদ্ধিক ঐতিহ্যই নিজৰে কৃৎকৌশল আৰু আধেয় সম্পৰ্কে মৌলিক পুনৰ্মূল্যায়ন কৰিবলৈ বাধ্য হৈছে৷ সম্ভৱত ইয়াৰেই ফলত আপাতদৃষ্টিত বাঘে-ছাগে একে ঘাটত পানী খাইছে৷ যেনে, মাক্সৰ্বাদৰ সাম্প্ৰতিক আলোচকসকলে বিনিৰ্মাণবাদৰ সৈতে দাৰ্শনিক সাযুজ্যতা বিচাৰি পাইছে৷ আচলতে মানুহৰ পৃথিৱীত এতিয়া আৰু একোৱেই অসম্ভৱ নহয়৷ এফালে ভাঙিব ধৰিছে সমস্ত ৰৈখিকতা, আনফালে মচ খাই আহিছে আৰোপিত ঐক্যবোধ৷ এই সময়ৰ দাবী হৈছে, দৃষ্টিৰ বহুত্ব আৰু অনেকাৰ্থ দ্যোতক (heteroglossia)-ৰ প্ৰেৰণা৷ শৃঙ্খলা আৰু আকৰণৰ ওচৰত আৰু নিৰ্বিচাৰ আনুগত্য নহয়, এতিয়া কাম্য উদাৰ আৰু মুক্ত বিশ্লেষণী সমালোচনাৰ পাঠ, একাত্ম হোৱাৰ পৰিচয়সূত্ৰ নহয়, পাৰ্থক্যৰ প্ৰতীতি৷ আৰু সবাৰে ওপৰত, ভাববস্তু (theme) আৰু চিন্তাপ্ৰণালীৰ সাৰ্বভৌমত্ব আৰু সমগ্ৰায়ন (totalisation) সম্পৰ্কে সংশয়৷ শুদ্ধতাৰ নামত অনড়তা নহয়, এতিয়া কাম্য গতিৰ মূল্যত নিৰীক্ষা অৰ্জন৷ এই সকলোবোৰ সম্ভৱ হৈছে বিনিৰ্মাণৰ মনন আৰু আৱেগত৷ সেয়ে সময়ৰ প্ৰেৰণাত মাইকেল ৰিয়ানে তেওঁৰ বহু আলোচিত 'Marxism and Deconstruction' (১৯৮২) নামৰ কিতাপখন লিখি আমাক চিন্তাসূত্ৰ উপহাৰ দিছে৷ এইদৰে বিভিন্ন প্ৰচলিত দৰ্শন প্ৰস্থানে (School of Philosophy) বিনিৰ্মাণবাদলৈ আনিছে নতুন তৰঙ্গাভিঘাত৷ চিন্তাৰ ৰৈখিকতা ভাঙি গৈছে, সম্ভাৱনাৰ  নতুন নতুন দিগন্ত মুক্ত হোৱাত সাম্প্ৰতিক তাত্ত্বিকসকল কাৰ্যত হৈ উঠিছে অভিযাত্ৰী আৰু আৱিষ্কাৰক৷ ইউৰোপৰ  দেশে দেশে যিদৰে প্ৰসাৰিত হৈছে নতুন চিন্তাবলয়, তেনেকৈযে. আমেৰিকাতে তাৰ প্ৰচুৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে৷ ‘নব্য সমালোচক’ সকলৰ প্ৰকৰণবাদে দীৰ্ঘকাল ধৰি যি তাত্ত্বিক শৃঙ্খলৰ ক্ৰমাগত চৰ্চাৰ অভ্যাস গঢি. তুলিছিল, তাক ভাঙি পেলোৱাৰ বাবে মাৰ্কিন চিন্তাবিদসকলে চেষ্টা কৰিছিল৷ নথ্ৰপফ্ৰাইয়ৰ প্ৰত্নকথা সমালোচনা, লুকাছৰ হেগেলীয় মাক্সৰ্বাদ, ফৰাচী আকৰণবাদ : বিভিন্ন সময়ত বিপ্ৰতীপ ভাবনাৰ আয়ুধ হৈ উঠিছে৷ সিবিলাকত প্ৰাগুক্ত শৃঙ্খলটি কিঞ্ছিত পৰিমাণে শিথিল হ’লেও ইপ্সিত  মুক্তি অহা নাই৷ বিনিৰ্মাণবাদ যেতিয়া দেৰিদাৰ প্ৰাগুক্ত বিখ্যাত নিবন্ধ পাঠৰ সূত্ৰে আমেৰিকাৰ তত্ত্বজগতত উপস্থিত হ’ল, তেতিয়াই আহিল সেই কাঙ্ক্ষিত পৰ্বান্তৰৰ মুহূৰ্ত৷

(ক্ৰমশঃ)

ম
লেখকৰ পৰিচয়

মূল:ড° তপোধীৰ ভট্টাচাৰ্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)