৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৭ ডিচেম্বৰ, ২০২১
৯ মিনিট পঠন • ১৭৬৮ বাৰ পঢ়া হৈছে

ড° বুলজিৎ বুঢ়াগোহাঁই

 

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেব’ৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চিকিৎসকৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে।

চিকিৎসক হ’ব খোজাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– জীৱবিজ্ঞান বিষয়টিৰ প্ৰতি আকৰ্ষণ থাকিব লাগিব, মানুহৰ প্ৰতি মৰম আৰু আচৰণ বুজি পোৱাৰ ক্ষমতা, অনুসন্ধিৎসু মন, কষ্টসহিষ্ণু দায়িত্বশীল, সূক্ষ্মদৰ্শী, সকলো শ্ৰেণীৰ মানুহৰ লগত কাম কৰিব পৰা দক্ষতা আদি৷

চিকিৎসা বিজ্ঞানৰ এম. বি. বি. এছ. (Bachelor of Medicine and Bachelor of Surgery) পাঠ্যক্ৰমৰ উপৰি চিকিৎসা বিজ্ঞানৰ আন কেইবাটাও পাঠ্যক্ৰম আছে। সেইবোৰৰ ভিতৰত বি.ডি.এছ., আয়ুৰ্বেদিক, হ’মিঅ’পেথিক আদি উল্লেখযোগ্য৷

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম শিক্ষা গ্ৰহণ কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজী প্ৰধান বিষয়ত সৈতে ৫০% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয়। এই পৰীক্ষাটো নাম– ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (National Eligibility-cum-Entrance Test, NEET) । নীট (NEET) পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিদ্যা (প্ৰাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞান)ৰ প্ৰশ্নকাকতত মুঠ ১৮০টা প্ৰশ্ন থাকে৷ প্ৰতিখন প্ৰশ্ন কাকতত ৪৫ টাকৈ প্ৰশ্ন থাকে৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ জৰিয়তে দেশব্যাপী শিক্ষাৰ্থীসকলক বাছনি কৰা হয়৷ উল্লেখ্য যে এম. বি. বি. এছ. (M.B.B.S.) বি. ডি. এছ (Bachelor of Dental Sciences)-ৰ লগতে বি. এ. এম. এছ. (Bachelor of Ayurvedic Medicine and Surgery), বি. এছ. এম. এছ. (Bachelor of Siddha Medicine and Surgery), বি. ইউ. এম. এছ. (Bachelor of Unani  Medicine and Surgery) আৰু বি. এইচ. এম. এছ. (Bachelor of Homeopathic Medicine and Surgery) পাঠ্যক্ৰমতো  নীট পৰীক্ষাৰ যোগেদি নামভৰ্তিৰ বাবে বাছনি কৰা হয়। সৰ্বভাৰতীয় ১৫% আসন এই কেন্দ্ৰীয় প্ৰতিষ্ঠানবোৰৰ বাবে সংৰক্ষিত আৰু বাকী ৮৫% আসনত ৰাজ্যসমূহৰ চিকিৎসা মহাবিদ্যালয়য়বোৰত কাউন্সেলিঙৰ যোগেদি নামভৰ্তি হয়। নীট (NEET) পৰীক্ষাৰ সবিশেষ ৱেবছাইট (https://neet.nta.nic.in)-ত চাব পাৰে।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম (MBBS) পঢ়াৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী (http://www.gmchassam.gov.in); অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় (https://amch.edu.in); শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ(http://smcassam.gov.in); যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট (https://jorhatmedicalcollege.in/jmch) ; ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা (https://www.faamcassam.co.in); তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ (http://www.tmcassam.org), ডিফু চিকিৎসা মহাবিদ্যালয় (https://www.dmcassam.in) আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (https://lmchassam.org)।

চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ অধ্যয়নৰ সুবিধা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰত আছে। স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -Anaesthesiology, Anatomy, Bio-Chemistry, Dermatology, ENT, FSM, Medicine, Microbiology, Obst. & Gynae, Ophthalmology, Orthopaedics, Paediatrics, Pathology, Pharmacology, Physiology, Psychiatry, Radiology, Radiotherapy, SPM, Surgery আদি। স্নাতকোত্তৰ অধ্যয়নৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী; অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ আৰু  যোৰহাট চিকিৎসা মহাবিদ্যালয়,  যোৰহাট।

শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় (www.ssuhs.in) ৰ অধীনত চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত পি.এইচ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান,তেজপুৰ(https://www.lgbrimh.gov.in)-ত থকা তিনিবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমটো হ’ল –Psychiatry আৰু ইয়াত আসনৰ সংখ্যা ১১ খন।

অসমৰ ডিব্ৰুগড়ত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ(http://rmrcne.org.in)ত পি.এইচ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

অসমত বি.ডি.এছ. (B.D.S.) পাঠ্যক্ৰম পঢ়াৰ সুবিধা আছে । অসমৰ  দন্ত   চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল - আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী; চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ আৰু  ডিব্ৰুগড় দন্ত চিকিৎসা মহাবিদ্যালয় । আঞ্চলিক দন্ত মহাবিদ্যালয়ত স্নাতকোত্তৰ(M.D.S.) অধ্যয়নৰ সুবিধাও আছে।

অসমৰ গুৱাহাটীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়(https://gacassam.webs.com)-ত আয়ুৰ্বেদিকৰ স্নাতক পাঠ্যক্ৰম (B.A.M.S.) পঢ়াৰ সুবিধা আছে  আৰু ইয়াত আসনৰ সংখ্যা ৫০ খন । ইয়াত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়া সুবিধা আছে আৰু ইয়াত আসনৰ সংখ্যা ১২ খন।

হোমিঅ’পেথিকৰ স্নাতক (BHMS) পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিব  পৰা সুবিধা অসমত আছে । শিক্ষানুষ্ঠান কেইখন হ’ল : অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়,নগাঁও(http://ahmch.in); শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী ; ডাঃ জে. এন. শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়,যোৰহাট (http://www.hmcjorhat.in)।   তিনিওখন মহাবিদ্যালয়ৰ প্ৰত্যেকতে  আসনৰ সংখ্যা ৫০ খন।

ভাৰতৰ যি কোনো চিকিৎসা বিশ্ববিদ্যালয়/মহাবিদ্যালয়/শিক্ষানুষ্ঠানত নামভৰ্তি কৰা পূৰ্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্ৰীৰ মৰ্যাদা/ব্যৱস্থা/স্বীকৃতিপ্ৰাপ্তিৰ মৰ্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- নীট (https://neet.nta.nic.in), ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (https://www.nmc.org.in),স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (https://www.mohfw.gov.in),  চিকিৎসাৰ কাউন্সেলিং কমিটি (https://www.mcc.nic.in),ভাৰতীয় চিকিৎসা কেন্দ্ৰীয়  পৰিষদ (https://www.ccimindia.org), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in)আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্ৰাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব । অসমত বহুতো অস্বীকৃতিপ্ৰাপ্তি মেডিকেল শিক্ষানুষ্ঠান আছে  । বিদেশৰ ডাক্তৰী ডিগ্ৰী লোৱা সকলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Commission, https://www.nmc.org.in)ৰ স্ক্ৰিনিং পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ভাৰতত প্ৰেকটিচ কৰিব পাৰিব৷

ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অসমত চিকিৎসা বিজ্ঞানৰ বিভিন্ন  পাঠ্যক্ৰমৰ সবিশেষ জানিবলৈ অসমৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইট (https://dme.assam.gov.in)ত   চাব পাৰে।

চিকিৎসা বিজ্ঞানৰ  শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰিব পাৰে৷ চৰকাৰী চিকিৎসালয়, ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেবৰেটৰী, শিক্ষানুষ্ঠান, উদ্যোগ, অনাথাশ্ৰম, বৃদ্ধাশ্ৰম তথা চিকিৎসা বিষয়ৰ লগত জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ NGO বোৰেও চিকিৎসকক নিযুক্তি দিয়ে । চিকিৎসা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও চিকিৎসক এগৰাকীয়ে ইচ্ছা কৰিলে স্বাধীনভাবেও চিকিৎসা সেৱা আগবঢ়াব পাৰে। 


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)