৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১২

লেখকঃ নিজৰা ৰাজকুমাৰী • প্ৰকাশিতঃ ২৯ জুন, ২০২৫
৭ মিনিট পঠন • ১৫৬ বাৰ পঢ়া হৈছে

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)


নিজৰা ৰাজকুমাৰী


শ্বটটো আছিল–ছোৱালীজনী দৌৰ মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব লাগে৷ কিন্তু কেমেৰা চলাৰ লগে লগে ছোৱালীজনী চক খাইহে উঠিল৷ কেমেৰাৰ সৈতে প্ৰথম মুখামুখি হোৱাৰ ভয়-দ্বিধাৰে ভৰা সময় আছিল সেইখিনি৷ পাছলৈ অৱশ্যে এইগৰাকী অভিনেত্ৰী অসমীয়া চিনেমাপ্ৰেমীৰ মাজত জনপ্ৰিয় হ’ল, সুন্দৰ অভিনয়েৰে তেওঁ আমাক আকৃষ্ট কৰি গ’ল৷ তেওঁৰ নাম নিকুমণি বৰুৱা৷ এইমাত্ৰ যিখন চিনেমাৰ কথা ক’লো সেইখনৰ নাম ‘সূত্ৰপাত’৷ মৃদুল গুপ্তাই পৰিচালনা কৰা ‘সূত্ৰপাত’ আছিল নিকুমণি বৰুৱাৰ অভিনয় জীৱনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা৷ নিকুমণি বৰুৱাৰ বহু সাক্ষাৎকাৰত সেয়ে ‘সূত্ৰপাত’ৰ নাম শুনিছো বা পঢ়িছো৷ ‘সূত্ৰপাতে’ মুক্তি লাভ কৰিছিল ১৯৮৭ চনত৷ অসম আন্দোলনে ৰচনা কৰা পৰিৱেশ-পৰিস্থিতিৰে নিৰ্মিত হৈছিল ‘সূত্ৰপাত’৷ মৃদুল গুপ্তা আৰু এহছান মজিদৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য লিখিছিল দেৱীপ্ৰসাদ সিনহাই৷ সঙ্গীত দিছিল বিভূৰঞ্জন চৌধুৰীয়ে৷ ‘সূত্ৰপাত’ৰ গীতসমূহৰ লগত মই পৰিচিত নহওঁ, সেয়ে লেখাটোত গীতৰ কথা উল্লেখ কৰিব নোৱাৰিলোঁ৷ কেইবছৰমান আগেয়ে ‘সূত্ৰপাত’ৰ পৰিচালক মৃদুল গুপ্তাই পৰিচালনা কৰিলে ‘টি আৰ পি আৰু…’ শীৰ্ষক এখন চিনেমা৷      

‘তথাপিও নদী’– হেমন্ত বৰ্মনৰ চুটি গল্প সংকল্পৰ আধাৰত উত্তম দস্তিদাৰ আৰু হেমন্ত দাসে চিত্ৰনাট্য প্ৰস্তুত কৰা চিনেমাখন চাইছিলোঁ কিৰণ শংকৰ ৰায়ৰ ব্যক্তিগত সংগ্ৰহৰ পৰা আনি৷ হেমন্ত দাসে পৰিচালনা কৰা ‘তথাপিও নদী’ মুক্তি পাইছিল ১৯৯০ চনত৷ সংগীত আৰু চিত্ৰগ্ৰহণ ক্ৰমে তৰুণ দাস আৰু ইন্দুকল্প হাজৰিকাৰ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত লেখক-সমালোচক অপূৰ্ব শৰ্মাই ‘তথাপিও নদী’ সম্পৰ্কত লিখিছিল— “হেমন্ত দাসৰ ‘তথাপিও নদী’ এখন ব্যতিক্ৰমধৰ্মী অসমীয়া ছবিৰূপে চিহ্নিত হৈছে৷ কলা-কৌশলগত ত্ৰুটি আৰু চিত্ৰনাট্যৰ শিথিলতা সত্ত্বেও অনাটকীয় অকাহিনীধৰ্মী নতুন ধৰণৰ প্ৰয়াসৰূপে এই ছবিখনক সমালোচকসকলে আদৰণি জনোৱা দেখা গৈছে৷” 

এইখিনি সময়তে (১৯৯০) মুক্তি পাইছিল সীতাৰাণী হাজৰিকা, ডা০ হেমেন বৰ্মন, লক্ষ্মী বৰঠাকুৰ আদিয়ে অভিনয় কৰা হেমেন দাসৰ চিনেমা ‘যুঁজ’৷ ৰজত কমল বঁটাপ্ৰাপ্ত ‘যুঁজ’ৰ সঙ্গীত দিছিল খগেন মহন্ত আৰু ৰমেন চৌধুৰীয়ে৷ বিশিষ্ট চিনেমা সমালোচক অৰুণলোচন দাসে লিখিছিল —অসমৰ এটি থলুৱা সংস্কৃতি ম’হ যুঁজক এই ছবিৰে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰলৈ অনা হয়৷ 

১৯৮৯ চনত আহিছিল পূৰ্বাঞ্চল ফিল্ম কো-অপাৰেটিভ ছ’চাইটিয়ে প্ৰযোজনা কৰা জাহ্নু বৰুৱাৰ ‘বনানী’৷ ‘বনানী’ বনাঞ্চল সংৰক্ষণ বিষয়ক ডকু-ফীছাৰধৰ্মী ছবি৷ গছ থাকিলেহে মানুহ থাকিব বুলি বিশ্বাস কৰাসকললৈ উৎসৰ্গা কৰা চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য সুশীল গোস্বামীৰ৷ সংলাপ লিখিছিল জাহ্নু বৰুৱা আৰু সুশীল গোস্বামীয়ে৷ সঙ্গীত দিছিল সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈয়ে৷ অভিনয় কৰিছিল মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, সুশীল গোস্বামী, লক্ষী সিনহা, মুনীন শৰ্মা, বীৰেন দাস আদিয়ে৷ ‘বনানী’ৰ সম্পাদনা হিউ এন বৰুৱা৷ আমোদজনক কথাটো হ’ল বহু বছৰৰ পাছতহে মই জানিব পাৰিছিলোঁ যে ‘হিউ এন বৰুৱা’ আচলতে জাহ্নু বৰুৱাৰেই ছদ্মনাম৷ 

১৯৮৯ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াই তেওঁৰ গল্প ‘এন্দুৰ’ৰ কাহিনীৰে নিৰ্মাণ কৰিছিল তেখেতৰ চতুৰ্থখন চিনেমা ‘কোলাহল’৷ ৰজত কমলেৰে সন্মানিত তথা ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত ‘কোলাহল’ত অভিনয় কৰিছিল ৰুণু দেৱী, প্লাৱন বৰদলৈ, অৰুণ নাথ, বকুল ঘোষ আদিয়ে৷ বিশিষ্ট চিনেমা সমালোচক মনোজ বৰপূজাৰীয়ে ‘কোলাহল’ সম্পৰ্কত কৈছিল— লক্ষ্যণীয়ভাৱে এইখন ছবিত পৰিচালকগৰাকী পটভূমিৰ পাৰ্ছপেক্টিভ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগী, আনকি তেওঁৰ সচৰাচৰ চলচ্চিত্ৰ কাহিনীত মূলতঃ ব্যক্তিকেন্দ্ৰিক সুখ-দুখৰ ওপৰতে দৃষ্টি নিবদ্ধ কৰাৰ যিটো প্ৰৱণতা দেখা গৈছিল, সেইটো এই ছবিখনত তেওঁ সক্ৰিয়ভাৱে ত্যাগ কৰিছিল৷ সেইবাবে ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ দুখ-দাৰিদ্ৰ্য বস্তি অঞ্চলটোৰ প্ৰাত্যহিকতাৰ অংশ হিচাপেই প্ৰতিষ্ঠিত হয় আৰু ক’বলৈ গ’লে অসমৰ পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা ‘লোকেল’ৰ বিশ্বাসযোগ্য প্ৰতিৰূপ পূৰ্বেই অসমীয়া চলচ্চিত্ৰত পৰিলক্ষিত হোৱা নাছিল৷ 

ইমান ধুনীয়াকৈ কোনে সৰজিলে/ যেন সৰগৰে তৰা/ হয় নে নহয় আহচোন এইজনী/ চাওঁ মই কাষৰে পৰা/ তেনেকৈ নক’বা বেয়াকৈ নাচাবা/ নহওঁ সৰগৰে তৰা/ তোমাৰে মনৰে চিনাকি/ এইজনী ল’ৰালি কালৰে পৰা/ ইমান ধুনীয়াকৈ মুগা ৰিহাখনি/ দেহা কৰে শুৱনি ঐ… — মহানন্দ মজিন্দাৰ বৰুৱা আৰু অনিমা চৌধুৰীৰ দ্বৈত কণ্ঠৰ এইটি গীত সন্নিৱিষ্ট আছিল ১৯৯১ চনত মুক্তিপোৱা ‘প্ৰেম জনমে জনমে’ নামৰ চিনেমাখনত৷ যাদৱচন্দ্ৰ দাসে পৰিচালনা কৰা চিনেমাখনৰ সঙ্গীত দিছিল ৰিদীপ দত্তই৷ অভিনয় কৰিছিল বিদ্যা ৰাও, বিজয় শংকৰ আদিয়ে৷

 ১৯৯১ চনত আহিছিল জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’৷ স্বাধীনতাৰ চৈধ্য বছৰৰ পাছত কৰঙা নামৰ এখন অতি পিছপৰা, ৰাস্তা-ঘাট নথকা ঠাইত বিদ্যালয়ৰ পুনৰ প্ৰতিষ্ঠাৰে শিক্ষাৰ প্ৰসাৰৰ কাহিনী আছিল ‘ফিৰিঙতি’৷ এটা চৰিত্ৰৰ মুখৰ সংলাপ আছিল—দেশ স্বাধীনৰ ১৪ বছৰ হ’ল৷ কৰঙাৰ নিচিনা ঘোকোট গাঁৱতো স্কুল হৈছে যেতিয়া চৰকাৰে কিবা এটা কৰিছেই বুলিব লাগিব৷ পিছে আমোদজনক কথাটো হ’ল– শিক্ষয়িত্ৰী ৰিতু বৰুৱাই গাঁওখনত গৈ কোনো বিদ্যালয়-গৃহ নাপালেগৈ৷ বৰঞ্চ প্ৰথম অৱস্থাত তেওঁ ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালী গোটাই অনেক কষ্টৰে গছৰ তলতহে পাঠদান কৰিবলগীয়া হ’ল৷ সেউজীয়াৰ মাজেৰে ধোঁৱা উৰুৱাই গৈ থকা ৰে’লৰ দৃশ্যৰে আৰম্ভ হোৱা চিনেমাখনে বহুবছৰ আগতেই মোক আকৰ্ষিত কৰিছিল৷ দৃশ্যটো চলি থাকোঁতে বাজি থকা গীতটো আছিল—-আজি পুৱা সুৰুযে ধৰণী পোহৰায়/ ন-দিনৰ বাতৰি জনায়/ গ্ৰীষ্মকালৰ ইতিহাস পুৰণি হয়/ ৰিমঝিম ৰিমঝিম বৰষাই/ গীত গায়/ দিন বাগৰি যায়/ আজি পুৱা…/ বৰষাই গীত জোৰে টোপাল সৰাই/ শৰতৰ আকাশত শুকুলা চৰাই/ দোকমোকালিতে আহি হৈমন্তী পখীয়ে……৷ ‘ফিৰিঙতি’ৰ সঙ্গীত সত্য বৰুৱাৰ৷ প্ৰযোজনা শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাৰ৷

 

(ক্ৰমশঃ)



ন
লেখকৰ পৰিচয়

নিজৰা ৰাজকুমাৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)