ড° বুলজিৎ
বুঢ়াগোহাঁই
‘লাইব্ৰেৰি
এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যিকোনো শাখাত স্নাতক চূড়ান্ত
পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ‘লাইব্ৰেৰি
এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’-ৰ চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে৷ ইয়াৰ উপৰি ‘লাইব্ৰেৰি এণ্ড্ ইন্ফৰমেশ্বন ছায়েন্স’-ত এম.ফিল. আৰু পিএইছ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা আছে৷
দেশৰ বিভিন্ন
স্থানৰ লগতে অসমতো ‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’-ত
শিক্ষা গ্ৰহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়’ (http://www.gauhati.ac.in/)-ত
‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা
৩০ খন৷ এম.ফিল. পাঠ্যক্ৰমত আসনৰ সংখ্যা ৫ খন৷ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ বিষয়ত
পিএইছ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা আছে৷
ডিব্ৰুগড়
বিশ্ববিদ্যালয় (http://www.dibru.ac.in/)-ত
‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতক পাঠ্যক্ৰমত আসনৰ সংখ্যা ২৪ খন
আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা ২০ খন৷
অসম
বিশ্ববিদ্যালয় (http://www.aus.ac.in/)-ত
‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা
২৫ খন৷ ইয়াত ‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ
স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত ৪৫% নম্বৰৰ
সৈতে উত্তীৰ্ণ হ’ব লাগে৷ এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে এটা বাছনি পৰীক্ষা, গ্ৰুপ ডিছ্কাশ্বন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব
লাগে৷ অসম বিশ্ববিদ্যালয়ত ‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন
ছায়েন্স’ বিষয়ত এম.ফিল. আৰু পিএইছ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা আছে৷
‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন
ছায়েন্স’ বিষয়ৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান
শিক্ষানুষ্ঠান হ’ল— দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), অলাগপ্পা বিশ্ববিদ্যালয় (http://alagappauniversity.ac.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in), অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in), আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), বাংগালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in), মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in), দেৱী অহল্যা বিশ্ববিদ্যালয় (www.dauniv.ac.in), ড° বি.
আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয় (www.dbrau.ac.in), ড° হৰিসিং
গৌৰ বিশ্ববিদ্যালয় (http://www.dhsgsu.ac.in), গুজৰাট বিশ্ববিদ্যালয় (www.gujaratuniversity.org.in), গুলবাৰগা বিশ্ববিদ্যালয় (www.gulbargauniversity.kar.nic.in), গুৰু ঘাচিদাস বিশ্ববিদ্যালয় (www.ggu.ac.in), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in), যাদৱপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in), জামিয়া মিলিয়া
ইছলামিয়া (http://jmi.ac.in), কুৰুক্ষেত্ৰ
বিশ্ববিদ্যালয় (www.kuk.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in), এম. এছ. যুনিভাৰ্ছিটি অৱ বৰ’ডা (www.msubaroda.ac.in), উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in), অ’ছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), পাটনা বিশ্ববিদ্যালয় (www.patnauniversity.ac.in), হায়দৰাবাদ বিশ্ববিদ্যালয় (http://www.uohyd.ac.in/), জম্মু বিশ্ববিদ্যালয় (http://www.jammuuniversity.in), কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in), মাদ্ৰাছ বিশ্ববিদ্যালয় (www.unom.ac.in), মহীশূৰ
বিশ্ববিদ্যালয় (www.uni-mysore.ac.in), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in)৷ দূৰ শিক্ষা যোগেদিও ‘লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ পাঠ্যক্ৰম অধ্যয়ন
কৰিব পাৰি৷ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল— ইন্দিৰা গান্ধী
ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (www.ignou.ac.in)৷ এই শিক্ষানুষ্ঠানবোৰত ‘লাইব্ৰেৰি
এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’-ৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ
বাবে প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নামভৰ্তি প্ৰক্ৰিয়া শিক্ষানুষ্ঠান অনুযায়ী
বিভিন্ন হয়৷ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত
চাব পাৰে৷
‘লাইব্ৰেৰি
এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’-ৰ বিভিন্ন ডিপ্ল’মা আৰু ডিগ্ৰী লাভ কৰাসকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো
শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিভিন্ন গ্ৰন্থাগাৰত বিভিন্ন
পদত নিযুক্তি লাভ কৰিব পাৰে৷ যেনে— এচিচষ্টেণ্ট
লাইব্ৰেৰিয়ান ( Assistant Librarian), কেটেলগাৰ (Cataloguer),
টেক্নিকেল এছিছটেণ্ট (Technical
Assistant), ৰেকৰ্ড মেনেজাৰ (Records Manager), ৰেফাৰেন্স লাইব্ৰেৰিয়ান (Reference Librarian), ডেপুটি
লাইব্ৰেৰিয়ান (Deputy Librarian), ডকুমেণ্টেশ্বন অফিচাৰ (Documentation Officer), ইণ্ডেক্সাৰ (Indexer),
ইন্ফৰমেশ্বন এনালিষ্ট (Information Analyst), ইন্ফৰমেশ্বন
আৰ্কিটেক্ট (Information architect), ইন্ফৰমেশ্বন এক্সিকিউটিভ (Information Executive), ইন্ফৰমেশ্বন
অফিচাৰ (Information Officer), জুনিয়ৰ ইন্ফৰমেশ্বন এনালিষ্ট (Junior Information Analyst), জুনিয়ৰ
লাইব্ৰেৰিয়ান ( Junior Librarian), ল লাইব্ৰেৰিয়ান (Law
Librarian), লাইব্ৰেৰিয়ান (Librarian), চিফ্
লাইব্ৰেৰিয়ান (Chief Librarian), লাইব্ৰেৰি এণ্ড ইন্ফৰমেশ্বন অফিচাৰ (Library and Information Officer), লাইব্ৰেৰি
এছিছটেণ্ট (Library Assistant), ছিনিয়ৰ
ইন্ফৰমেশ্বন এনালিষ্ট (Senior Information Analyst), লাইব্ৰেৰি এছিছটেণ্ট (Senior Library Information Assistant ) আদি৷
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)