৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৪ ফেব্ৰুৱাৰী, ২০২২
৪ মিনিট পঠন • ৩৫৯৩ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত


(যোৱা সংখ্যাৰ পিছৰ পৰা)

প্ৰথম অধ্যায়

৩৬)

শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথত

গমন কৰিলে দুয়ো আশ্ৰমলৈ বুলি

দেখি এনে লাগে যেন বাৰিষাৰ মেঘমালাত 

ঐৰাৱত আৰু বিজুলী ।

স্নিগ্ধগম্ভীৰনিৰ্ঘোষমেকং স্যন্দনমাশ্ৰিতৌ |

প্ৰাবৃষেণ্যং পয়োবাহং বিদ্যুদৈৰাবতাবিব || ১-৩৬||

৩৭)

আশংকাত আশ্ৰমৰ শান্তিভংগ হোৱাৰ 

নিছিল নিজ পৰিচাৰক নিচেই তাকৰ ।

পিছে তেজস্বী গুণত লাগিছিল এনে যেন

আগবাঢ়িছে সৈন্যদলেৰে পূৰ্ণ পৰিৱেষ্টিত ৰাজন ।

মা ভূদাশ্ৰমপীডেতি পৰিমেয়পুৰস্সৰৌ |

অনুভাববিশেষাত্তু সেনাপৰিবৃতাবিব || ১-৩৭||

৩৮)

যাত্ৰাপথত মৃদু মৃদু সমীৰণে 

সুৱাস বৈ আনিছিল শালবনৰ

বতাহত ভাহি আহিছিল ফুলৰ ৰেণু

সুখস্পৰ্শৰে সেৱা কৰিছিল ৰাজদম্পতিৰ ।

সেব্যমানৌ সুখস্পৰ্শৈঃ শালনিৰ্যাসগন্ধিভিঃ |

পুষ্পৰেণূৎকিৰৈৰ্বাতৈৰাধূতবনৰাজিভিঃ || ১-৩৮||

৩৯)

ৰথৰ চকাৰ মেঘধ্বনি যেন গম্ভীৰ শব্দ শুনি

ময়ূৰৰ জাকে কৰিছিল 

মনোহৰ কোমল আৰু তীব্ৰ ধ্বনি 

ময়ূৰৰ গীত যেন ষড়জ স্বৰ সংবাদিনী ।

মনোভিৰামাঃ শৃণ্বন্তৌ ৰথনেমিস্বনোন্মুখৈঃ |

ষড্জসংবাদিনীঃ কেকা দ্বিধা ভিন্নাঃ শিখণ্ডিভিঃ || ১-৩৯||

৪০)

পথৰ কাষত থমকি ৰৈ হৰিণে চায় ৰথলৈ

হৰিণৰ চাৱনিৰে কিযে সাদৃশ্য় দুয়োৰে চকুৰ

মুগ্ধ হৈ চায় ৰাজনে দেখি মৃগনয়না ৰাণীলৈ

ৰাণীয়েও চাই ৰয় ৰজাৰ মৃগনয়নলৈ ।

পৰস্পৰাক্ষিসাদৃশ্যমদূৰোজ্ঝিতবৰ্ত্মসু |

মৃগদ্বন্দ্বেষু পশ্যন্তৌ স্যন্দনাবদ্ধদৃষ্টিষু || ১-৪০||

৪১)

অনেক ঠাইত দুয়ো মূৰ তুলি চায় আকাশলৈ

শুনি বগলীৰ কলৰৱ

শাৰী পাতি আকাশত সাজিছে যেন

স্তম্ভহীন তোৰণমালা ৰজা-ৰাণীক আদৰিবলৈ ।

শ্ৰেণীবন্ধাদ্বিতন্বদ্ভিৰস্তম্ভাং তোৰণস্ৰজম্ |

সাৰসৈঃ কলনিৰ্হ্ৰাদৈঃ ক্বচিদুন্নমিতাননৌ || ১-৪১||

৪২)

মনোবাঞ্চাসিদ্ধিসূচক এজাক বতাহ বলিছে 

উৰুৱাই নিছে  অশ্বখুৰাই উৰুউৱা ধূলি

ধুসৰিত হোৱা নাই মহিষীৰ কেশৰাজি

আৰু মহাৰাজৰ সুশোভিত পাগুৰি ।

পবনস্যানুকূলৎবাৎপ্ৰাৰ্থনাসিদ্ধিশংসিনঃ |

ৰজোভিস্তুৰগোৎকীৰ্ণৈৰস্পৃষ্টালকবেষ্টনৌ || ১-৪২||

৪৩)

সৰোবৰৰ সুশীতল তৰংগ স্পৰ্শ কৰি অহা 

মলয়াছাটি পদুমৰ সুৱাস সনা 

দুয়োকে যেন মনত পেলাই দিছে

পৰস্পৰৰ সুৱাসিত নিশ্বাসৰ কথা । 

সৰসীষ্বৰবিন্দানাং বীচিবিক্ষোভশীতলম্ |

আমোদমুপজিঘ্ৰন্তৌ স্বনিঃশ্বাসানুকাৰিণম্ || ১-৪৩||

৪৪)

অতিক্ৰম কৰিছিল কাঠৰ বলিদণ্ডৰে চিহ্নিত 

নিজে দান কৰা গাঁওবোৰ।

সবাতেই অৰ্ঘদানৰ পিছত গ্ৰহণ কৰিলে 

যাজকৰ আশীৰ্বাদ অব্যৰ্থ ।

গ্ৰামেষ্বাত্মবিসৃষ্টেষু যূপচিহ্নেষু যজ্বনাম্ |

অমোঘাঃ প্ৰতিগৃহ্ণন্তাবৰ্ঘ্যানুপদমাশিষঃ || ১-৪৪||

৪৫)

সতেজ লৱণু উপহাৰ লৈ 

পথত সমবেত গোপবৃন্দ বৰ্ষীয়ান ।

আনন্দিত ৰজা-ৰাণীয়ে সোধে সিহঁতক

বনৰীয়া গছ-বিৰিখৰ নাম ।

হৈয়ঙ্গবীনমাদায় ঘোষবৃদ্ধানুপস্থিতান্ |

নামধেয়ানি পৃচ্ছন্তৌ বন্যানাং মাৰ্গশাখিনাম্ || ১-৪৫|

৪৬)

ৰাজ-দম্পতীৰ সুবেশ কিযে নিৰ্মল পবিত্ৰ

যেন বসন্তৰ প্ৰাৰম্ভত কুঁৱলীবিহীন আকাশত 

চন্দ্ৰসহ চিত্ৰা নক্ষত্ৰ ।

কাপ্যভিখ্যা তয়োৰাসীদ্ব্ৰজতোঃ শুদ্ধবেষয়োঃ |

হিমনিৰ্মুক্তয়োৰ্যোগে চিত্ৰাচন্দ্ৰমসোৰিব || ১-৪৬||

৪৭)

বুধৰ দৰে উজ্জ্বল সুদৰ্শন ভূপতি দিলীপে 

আশ্চৰ্যকৰ সুন্দৰ ইটো সিটো 

সুদক্ষিণাক দেখুৱাই গৈ থাকোঁতে

কেতিয়া অতিক্ৰম কৰিলে পথ নাপালে গমকে ।

তত্তদ্ভূমিপতিঃ পত্ন্যৈ দৰ্শয়ন্প্ৰিয়দৰ্শনঃ |

অপি লঙ্ঘিতমধ্বানং বুবুধে ন বুধোপমঃ || ১-৪৭||

৪৮)

মহিষীৰ সতে অতুলনীয় যশস্বী ৰাজন

সন্ধিয়া পালেগৈ সংযমী মহৰ্ষি বশিষ্ঠৰ আশ্ৰম ।

দীঘল বাট বাটকুৰি বাই ভাগৰুৱা সকলো বাহন ।

স দুষ্প্ৰাপয়শাঃ প্ৰাপদাশ্ৰমং শ্ৰান্তবাহনঃ |

সায়ং সংযমিনস্তস্য মহৰ্ষেৰ্মহিষীসখঃ || ১-৪৮||

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)