৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৮ জানুৱাৰী, ২০২৩
৪ মিনিট পঠন • ৪৩৪৪ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই

 

বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত উপলব্ধ হোৱাটো নিশ্চিত কৰা। মেডিকেল ৰিপ্ৰিজেণ্টেটিভ হিচাপে কেৰিয়াৰ বাছি লোৱা ব্যক্তিসকল প্ৰকৃততে চিকিৎসা কোম্পানিবোৰৰ মেৰুদণ্ড। গ্ৰাহকৰ সম্মুখত কোম্পানিটোৰ কণ্ঠস্বৰ হিচাপে কাম কৰে, কোম্পানিটোৰ দৃষ্টিভংগীৰ অংশীদাৰ হয়, কোম্পানিটোৰ সামগ্ৰীৰ বিপণন কৰে, আৰু কোম্পানিটোৰ লক্ষ্যত উপনীত হয়, যিবোৰ তাৰ পিছত ৰাজহলৈ ৰূপান্তৰিত হয়।

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে সাধাৰণতে নিম্নতম শিক্ষাগত অৰ্হতা যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। কিন্তু কিছুমান ফাৰ্মাচীউটিকেল (Pharmaceutical) কোম্পানিয়ে এই চাকৰিৰ বাবে এম.বি.এ.(M.B.A.), বি.ফাৰ্ম.(B.Pharm.), বি.এচ.চি.(B.Sc.) ডিগ্ৰীধাৰী প্ৰাৰ্থী বিচাৰে। এই চাকৰিৰ বাবে প্ৰাৰ্থীৰ বয়স সাধাৰণতে ২৬ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগে, কিন্তু কোম্পানিলৈ বয়সৰ সীমা বেলেগ বেলেগ হয়। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয়। যেনে - “দি আছাম ট্ৰিবিউন (The Assam Tribune)”-ৰ সাধাৰণতে দ্বিতীয় পৃষ্ঠাত প্ৰকাশ হয়। তদুপৰি মেডিচিনৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ ৰেষ্ট হাউচ্ আৰু মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি কৰি থকা সকলৰ পৰা এই চাকৰিৰ তথ্য গোটাব পাৰে। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰিৰ বাবে প্ৰাৰ্থীৰ বাচনি সাক্ষাৎকাৰৰ জৰিয়তে কৰে। এই চাকৰি কৰিব বিচৰাসকলৰ কিছুমান গুণ থাকিব লাগিব। যেনে – ইংৰাজীকে ধৰি বিভিন্ন ভাষাত সুন্দৰ যোগাযোগ দক্ষতা থকা, সাংগঠনিক দক্ষতা, সক্ৰিয় শুনা দক্ষতা, আত্মপ্ৰেৰণা, কাৰিকৰী দক্ষতা, নমনীয়তা, ব্যক্তিত্ব আদি। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে - মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰিৰ বাবে বাচনি কৰা পাছত ফাৰ্মাচি কোম্পানিবোৰে প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দি ঔষধ বিক্ৰী কৰা কৌশলবোৰ শিকাই দিয়ে। এই চাকৰিত দৰমহাৰ ওপৰিও D.A., T.A. , Extra Allowance আৰু Incentive পোৱা যায়। আমাৰ ৰাজ্যখনৰ যুৱক-যুৱতীসকলে মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ কেৰিয়াৰ কথা ভাবিব পাৰে ।

 

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)