৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিমি–নৱসিদ্ধ সংবাদ

লেখকঃ অমৃত গোস্বামী • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৬
৪ মিনিট পঠন • ৩৮৩৪ বাৰ পঢ়া হৈছে

 অমৃত গোস্বামী

 

 

শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজৰ্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ পুৰুষৰ মাজত হোৱা এক আধ্যাত্মিক ভক্তি-তত্ত্বৰ আলোচনাধৰ্মী কথোপকথন৷ নিমি আৰু নৱসিদ্ধসকলৰ ব্ৰহ্মজ্ঞান সম্পৰ্কৰ  এই আলোচনাত  মানৱ জীৱনৰ ‘অন্তিম লক্ষ্য’ৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হৈছে৷ 

মিথিলাৰ ৰজা নিমি ক্ষমতাৰ মোহত মোহাচ্ছন্ন ৰজা বা শাসক নাছিল, বৰঞ্চ তেওঁ আছিল এজন সত্যসন্ধানী ৰাজৰ্ষি৷ সংসাৰত  থাকিও তেওঁ সদায় মুক্তিৰ পথ অন্বেষণ কৰি আছিল৷  

এবাৰ ৰজা নিমিয়ে এক বৃহৎ যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ সেই যজ্ঞ উপলক্ষ্যে বিষ্ণুৰ আংশিক অৱতাৰ ঋষভদেৱৰ নজন পুত্ৰ—কবি, হৰি, অন্তৰীক্ষ, প্ৰবুদ্ধ, পিপ্পলায়ন, অৱিৰহোত্ৰ, দ্ৰুমিল, চমস আৰু কৰভাজন যজ্ঞস্থলীত উপস্থিত হৈছিল৷ ঋষভদেৱৰ এই পুত্ৰসকলক নৱসিদ্ধ বুলি কোৱা হয় এই কাৰণেই যে তেওঁ লোক আছিল যথেষ্ট জ্ঞানী, সংসাৰৰ  প্ৰতি সম্পূৰ্ণ বৈৰাগ্য ভাবসম্পন্ন৷ তেওঁ লোক প্ৰত্যেকৰে জীৱনেই আছিল একো একোটা জীৱন্ত উপদেশ সদৃশ৷ 

ৰজা নিমিয়ে নৱসিদ্ধসকলক কিছুমান প্ৰশ্ন কৰিছিল৷ এই প্ৰশ্নসমূহ সাধাৰণ জ্ঞানৰ সীমাৰ বাহিৰৰ৷ তেওঁ ভক্তিৰ স্বৰূপ, ভগৱান উপলব্ধিৰ উপায়, সংসাৰৰ মায়া আৰু মুক্তিৰ পথ ইত্যাদিৰ বিষয়ে নৱসিদ্ধসকলৰ পৰা জানিব বিচাৰিছিল৷ ৰাজৰ্ষি নিমিৰ প্ৰশ্ন আৰু নৱসিদ্ধসকলৰ উত্তৰসমূহে শিকায় যায় যে সত্য অনুসন্ধানত ৰাজা-প্ৰজা, গৃহস্থ-সন্ন্যাসীৰ মাজত কোনো পাৰ্থক্য নাথাকে৷ 

নৱসিদ্ধসকলৰ উত্তৰত স্পষ্ট হয় যে ভক্তি কোনো আড়ম্বৰপূৰ্ণ আচাৰ-ব্যৱহাৰ নহয়, বৰঞ্চ হৃদয়ৰ এক সম্পূৰ্ণ সমৰ্পণ৷ তেওঁলোকে কৈছিল—জ্ঞানে অহংকাৰ জন্মাব পাৰে, কৰ্মই বন্ধন দৃঢ় কৰিব পাৰে, কিন্তু শুদ্ধ ভক্তিয়ে সদায় হৃদয় শুদ্ধ কৰে আৰু মানৱক ভগৱানৰ ওচৰ চপায়৷ ভক্তিৰ বাবে জাতি, বৰ্ণ বা আশ্ৰমৰ কোনো প্ৰয়োজন নাই; প্ৰয়োজন মাথোঁ একাগ্ৰতা আৰু ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা৷ 

এই সংবাদৰ এক গুৰুত্বপূৰ্ণ দাৰ্শনিক দিশ হ’ল—ভগৱান বাহিৰত নহয়, সকলো জীৱৰ অন্তৰতে ভগৱান বিৰাজমান৷ সেই বাবে প্ৰকৃত ভক্তই সকলো জীৱক ভগৱানৰ ৰূপত  দেখে, তেওঁৰ অন্তৰত বিদ্বেষ, হিংসা বা অহংকাৰ নাথাকে৷ এই দৃষ্টিভংগীয়ে ভক্তিক কেৱল আধ্যাত্মিক নহয়, সামাজিক আৰু নৈতিক আদৰ্শলৈ উন্নিত কৰিছে৷ 

নিমি–নৱসিদ্ধ সংবাদে আমাক শিক্ষা দিয়ে যে মুক্তি কোনো দূৰ গন্তব্য নহয়, ই এক অন্তৰৰ এক যাত্ৰা৷ সংসাৰৰ মাজতেই থাকি, কৰ্তব্য পালন কৰিও, ভগৱানত শৰণ লৈ মানুহে আত্মমুক্তি লাভ কৰিব পাৰে৷ এই কাৰণে এই সংবাদক কেৱল ধৰ্মীয় কাহিনী নহয়, মানৱ জীৱনৰ চিৰন্তন পথনিৰ্দেশক বুলিও ক’ব পাৰি৷ 

ভাগৱতৰ ‘নিমি নৱসিদ্ধ  সংবাদ’ আজিও প্ৰাসংগিক—কাৰণ আধুনিক মানুহৰ অস্থিৰ মন, ভোগবাদী জীৱন আৰু আত্মিক শূন্যতাৰ মাজত নিমি–নৱসিদ্ধ সংবাদে ভক্তি, সংযম আৰু অন্তৰাত্মাৰ অগ্ৰগতিৰ পথ দেখুৱাই দিয়ে৷

—

ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫

 

 

অ
লেখকৰ পৰিচয়

অমৃত গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)