৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অপ্ট’মেট্ৰি (Optometry)

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৯ জুন, ২০২২
৫ মিনিট পঠন • ১৮০২ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই

 

অপ্ট’মেট্ৰি (Optometry) পাঠ্যক্ৰমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্ৰি পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্ৰিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা চশমা, লেঞ্চ আদি প্ৰদান কৰে। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে অপ্ট’মেট্ৰিষ্টসকলে চকুৰ অস্ত্ৰোপচাৰ নকৰে৷

অপ্ট’মেট্ৰিৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞানসহ উত্তীৰ্ণ হ’ব লাগে। অপ্ট’মেট্ৰিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ আৰু পি. এইচ. ডি. পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

অপ্ট’মেট্ৰিষ্টসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সহনশীলতা, আত্মবিশ্বাস, সুন্দৰ দৃষ্টিশক্তি, কৰ্ত্তব্যপৰায়ণতা, নিষ্ঠা, দায়িত্ববোধ, বৈজ্ঞানিক মানসিকতা, কষ্টসহিষ্ণুতা, অনুসন্ধিৎসু মন আদি।

অপ্ট’মেট্ৰিত শিক্ষা গ্ৰহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল– অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স,  নতুন দিল্লী (http://www.aiims.edu), ল’টাচ কলেজ অৱ অপ্ট’মেট্ৰি, মুম্বাই (http://www.lcoo.edu.in), এচ. আৰ. এম. য়ুনিভাৰ্চিটি’ (https://www.srmist.edu.in), এচ এন ডি টি ৱিমেনজ্ য়ুনিভাৰ্চিটি’(http://sndt.digitaluniversity.ac), ভাৰতী বিদ্যাপীঠ (http://optometry.bharatividyapeeth.edu), গান্ধী চকু চিকিৎসালয়, আলিগড় (http://www.gandhieyehospitalaligarh.in), সীতাপুৰ চকু চিকিৎসালয়, সীতাপুৰ (http://sitapureyehospital.org),এল ভি প্ৰসাদ আই ইনষ্টিটিউট, হায়দৰাবাদ (http://www.lvpei.org), বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী (http://www.bits-pilani.ac.in),মণিপাল বিশ্ববিদ্যালয় (http://manipal.edu) আদি।

      অসমৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় (www.ssuhs.in) অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী (http://www.gmchassam.gov.in) ত থকা  আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠান (Regional Institute of Ophthalmology, RIO), শ্ৰী শংকৰদেৱ নেত্ৰালয় (http://www.ssnguwahati.org),  অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in) আৰু যোৰহাট জিলাতো অপ্ট’মেট্ৰিত শিক্ষা গ্ৰহণ কৰিব এখন শিক্ষানুষ্ঠান (Ridley College of Optometry, http://ridleycollegeofoptometry.in )আছে।

এই শিক্ষানুষ্ঠানবোৰৰত অপ্ট’মেট্ৰিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বাবে প্ৰয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয়। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অসমত অপ্ট’মেট্ৰি বিভিন্ন পাঠ্যক্ৰমৰ সবিশেষ জানিবলৈ অসমৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইট (https://dme.assam.gov.in)-ত চাব পাৰে। লগতে অপ্ট’মেট্ৰিৰ বিভিন্ন পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰাসকলে ‘অপ্ট’মেট্ৰি কাউঞ্চিল অৱ ইণ্ডিয়া (https://optometrycouncilofindia.org)’ ত নাম পঞ্জীয়ন কৰিব পাৰে।

অপ্ট’মেট্ৰিৰ  শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে চকু চিকিৎসালয়ত নিযুক্তি লাভ কৰিব পাৰে। চশমা, লেঞ্চ আদি নিৰ্মাণ কৰা উদ্যোগ তথা চশমাৰ দোকানতো চাকৰি কৰিব পাৰে। ইয়াৰ উপৰি  অপ্ট’মেট্ৰিষ্টসকলে ক্লিনিক স্থাপন কৰি স্ব-নিয়োজনৰ ব্যৱস্থাও কৰিব পাৰে। চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

ঠিকনা ঃ

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল : buljit@gmail.com

www.buljit.com

 

বি.দ্ৰ.: কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ’ন(৯৪৩৫১৮৮৬৩০)কৰিব পাৰে।

 


ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)