৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চাংমাইশাল

লেখকঃ ‘তৃপ্তি’-ৰ সৌজন্যত • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২০
৪ মিনিট পঠন • ১১১২ বাৰ পঢ়া হৈছে
চাংমাইশাল
ডাঙৰকৈ চাওক (Zoom)

তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ

ইলিচ মাছ বুলি ক’লেই  সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি  আদি  ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন—


উপকৰণ
ইলিচ মাছ৬ টুকুৰা
সৰিয়হ২ চাহ-চামুচ
তেঁতেলী১/২ টেবুল-চামুচ
কেঁচা জলকীয়া৪টা
নিমখস্বাদ অনুসৰি
চেনি১ চাহ-চামুচ
গোটা সৰিয়হ১/২ চাহ-চামুচ
মিঠাতেল ২ টেবুল-চামুচ

প্ৰণালী: প্ৰথমে মাছকেইডোখৰ নিমখ আৰু হালধি সানি কিছু সময় মেৰিনেট কৰি ৰাখক৷ সেইখিনি সময়তে তেঁতেলীখিনি কাঁচৰ বাটি‍ এটাত একাপ পানীৰ স’তে মিহলাই লওক৷ তাৰ পাছত সৰিয়হখিনি দুটা কেঁচা জলকীয়া আৰু অকণমান নিমখেৰে সৈতে মিক্সিত পেষ্ট কৰি, এটা বাটিত পেষ্টখিনিৰ লগত হালধি আৰু এগিলাচ পানী মিহলাই  ৰাখক৷ এতিয়া এটা ফ্ৰায়িং পেনত মিঠাতেল দি গেছত তুলি দি, তেল গৰম হ’লে গোটা সৰিয়হকেইটা ফুটাই মাছ কেইচকল দি  কিছু সময় ইলুটি-সিলুটি কৰি সৰিয়হমিহলি পানীখিনি এখন চেকনীৰে চেকি দি দিয়ক৷ সেইখিনি উতল অহাৰ লগে লগে তেঁতে‍লীপানীখিনিও চেকি তাতে দি দিয়ক৷ স্বাদ অনুসৰি নিমখ দিয়াৰ লগতে অকণমান চেনি দি জোলখন ঘন হৈ অহিলে দুটামান কেঁচা জলকীয়া ফালি দি নমাই পৰিৱেশন কৰক৷

গুটিকচুৰে সৈতে মাছ

উপকৰণ
চেনিপুঠি মাছ৫০০ গ্ৰাম
কচু১টা (১৫০ গ্ৰাম)
মেথিগুটি১ চাহ-চামুচ
পিঁয়াজসৰু চাই ১টা
কেঁচা জলকীয়া২টা
গোলনেমুৰ ৰস২ চাহ-চামুচ
ধনি‍য়াপাত২ টেবুল-চামুচ
নিমখ স্বাদানুসাৰে‍


প্ৰণালী:
প্ৰথমে কচুটো গুচাই টুকুৰা-টুকুৰ কৰি সিজাই লৈ পিটিকি লওক৷ তাৰ পাছত ফ্ৰাইপেনত মাছকেইচকল আধা ভজা কৰি সেই তেলতে মেথিকেইটা ফুটাই, পিঁয়াজকেইচকল দিয়ক৷ পিঁয়াজ ভালদৰে ভজা হ’লে হালধি দি আগতে পিটিকি থোৱা কচুখিনি দি অকণমান লৰাই এগিলাচমান গৰম পানী দিয়ক৷  উতল অহাৰ লগে লগে মাছ দি,  মাছ সিজি জোলখন  ঘন হ’লে নেমুৰস দি, অকণমান চেনি আৰু কেঁচা জলকীয়াকেইটা ফালি দি শেষত ধনি‍য়াপাত দি নমাই পৰিৱেশন কৰক৷

এইমাহৰ চাংমাইশাল ‘তৃপ্তি’-ৰ সৌজন্যত

‘
লেখকৰ পৰিচয়

‘তৃপ্তি’-ৰ সৌজন্যত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অঁ সময়ত
নিতুপৰ্ণ ৰাজবংশী • ৩১ অক্টোবৰ, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ২ আগষ্ট, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)