৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মোৰ ঠিকনা

লেখকঃ অনুবাদ : অংগনা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৯ এপ্ৰিল, ২০২৬
১ মিনিট পঠন • ৪৩৮ বাৰ পঢ়া হৈছে

মূলঃ অমৃতা প্ৰীতম (হিন্দী)

ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য

 

আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ

আৰু ইমানদিনে গোলাপৰ শিৰত 

উন্মুক্তকৈ আঁকি থোৱা

গোলাপৰ পাহিৰ নামো গুচাই দিলোঁ

প্ৰতিটো পথৰ উপপথবোৰৰ নাম মচি পেলালোঁ৷

যদি মোক বিচাৰিবলৈ ইচ্ছা কৰাঁ

তেন্তে প্ৰতিখন দেশৰ প্ৰতিখন চহৰৰ আলিবাটবোৰৰ দুৱাৰবোৰ খটখটাবা

এয়াই সেই নিভাঁজ চেতনা

সজাগ-সচেতন সংবেদনা, 

য’তেই এক

মুক্ত সত্ত্বাৰ প্ৰতিচ্ছবি দেখা পাবা 

বুজিবা সেয়াই মোৰ ঘৰ৷

 


অ
লেখকৰ পৰিচয়

অনুবাদ : অংগনা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)