৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

যি বহু আঁতৰৰ পৰা আহিছে

লেখকঃ ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২৬
১ মিনিট পঠন • ২৯৫৮ বাৰ পঢ়া হৈছে

কবি : এন্দ্ৰি এডি, হাঙ্গেৰী

অনুবাদ : ড° ৰঞ্জিত দত্ত

আমি মানুহ

যি সদায়েই পলমকৈ চলোঁ,

আমি মানুহ

আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা।

আমাৰ খোজবোৰ 

সদায়েই  ক্লান্তিকৰ আৰু

চিৰদিনেই বেদনাক্লিষ্ট।

আমি এনে মানুহ

যি সদায় পলমকৈয়ে চলোঁ

শান্তিৰে কেনেকৈ মৰিব লাগে

তাকো যে আমি নাজানো,

মৃত্যুৰ মুখখনে যেতিয়া

মন  দাপোণত ভুমুকি মাৰে

দপদপাই জ্বলি থকা

একুৰা জুইত জঁপিয়াই পৰে 

আমাৰ আত্মা,

আমি শান্তিৰে

মৰিবও নেজানো,

আমি এনে মানুহ

যি চলোঁ সদায় পলমকৈ,

কোনোদিন  কেতিয়াও

সময় মতে নচলোঁ।

আমাৰ সপোন,

আমাৰ স্বৰ্গ,

কিম্বা

আমাৰ  আলিঙ্গন

সকলোতে যেন আমি

সদায়েই পিছ পৰি থাকোঁ।

ড
লেখকৰ পৰিচয়

ড° ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)